ৰাৱণক সজউপদেশ
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৭ অধ্যায় ।
ৰাৱণক সজ-উপদেশ ।
বানৰৰ কোলাহল নাদয় ভালুক ।
নগৰত ৰাক্ষসৰ খলকিল বুক ॥১
ভেৰুৰ নিশান ৰোল সুনি লঙ্কেশ্বৰ ।
পাত্ৰক মিলাইলা ডৰে পাইলা চিন্তাজ্বৰ ॥২
সম্বুধিয়া বোলে ৰাজা অমাত্য সবক ।
ৰাম আসি ভৈলা হেৰা যুজিতে আমাক ॥৩
সৈন্যক মিলাইলা সিটো অৰণ্যৰ পশু ।
ৰাক্ষসৰ ভক্ষ্য শুনি কণ্ডুৱাইবে খসু ॥৪
সাগৰক তৰিলা কৰিয়া সেতু বন্ধ ।
মোহোঁৰ হাতত তাৰ পৰিবেক কন্ধ ॥৫
সৈন্য সাজিয়োক ঝাণ্টে নুজুয়াই হেলা ।
অল্প শত্ৰু মন্দ কৰে প্ৰস্তাৱৰ বেলা ॥৬
কিঞ্চিত কণ্টকে যদি বিন্ধায় পাৱত ।
উদবিগ্ন কৰে আতি সকল গাৱত ॥৭
ৰাজাৰ বচনে সবে মাথা চপৰাইলা ।
মৌনে থাকিলেক আৱৰ কাহাকো নচাইলা ॥৮
সাম্বুধি বুলিলা তাক বৃদ্ধ মাল্যৱন্ত ।
ৰাৱণৰ মাতামহ পাত্ৰ বুদ্ধিমন্ত ॥৯
শুনা কহোঁ দশস্কন্ধ যেন ৰাজনয় ।
তই নুসুধিলে মোৰ বুলিতে লাগয় ॥১০
আগ তল যাই যদি হাতীয়ো বুৰয় ।
তোৰ সব কুল ও মোহোৰ বংশ ক্ষয় ॥১১
শ্ৰেষ্ঠ পুৰুষে যে তোক ভালক নেদয় ।
সীতাক হৰিলি সেই অধৰ্ম্মে খেদয় ॥১২
সদবুদ্ধি নেখেলে কুবুদ্ধি অভ্যুদয় ।
ৰামধৰ্ম্ম উদয় লক্ষ্মীয়ে আলিঙ্গয় ॥১৩
সভাত থাকন্ত উচিতক নমাতয় ।
তাতে প্ৰবৰ্ত্তয় তাৰ অধৰ্ম্ম জ্বলয় ॥১৪
জানি নোবোলয় বিবুদ্ধিক আচৰয় ।
হেনয় জনত সবে কলুষ পশয় ॥১৫
ধৰ্ম্মকৰ্ম্ম সন্নাহা কৰি বৈৰক বধিবা ।
ধৰম সন্নাহা শুদ্ধ মুকুতি সাধিবা ॥১৬
ধৰ্ম্মপথ এৰি তুমি পাপক সাধিলা ।
অগনি সমান ঋষি সব ডৰুৱাইলা ॥১৭
লঙ্কাত অনিষ্ট ভৈলা তোমাৰ কাৰণে ।
পথে পথে শৃগালে আৰাৱ কৰে ঘনে ॥১৮
শূকৰ কুকুৰ সব ফুৰে পালে পাল ।
ৰাক্ষস কুলৰ ভৈলা প্ৰলয়ৰ কাল ॥১৯
গো সবে প্ৰসৱয় গৰ্দ্দভৰ ছাৱ ।
নেউলৰ গৰ্ভত ইন্দুৰৰ উদভাৱ ॥২০
কুকুৰে বানৰ হোৱে বিৰালত বাঘ ।
ইৰিকত উট হৱে মহিষত ছাগ ॥২১
স্বপনত নাৰী সব দিগম্বৰ বেশ ।
ৰাক্ষস সবক ধাইলা মুক্ত কৰি কেশ ॥২২
মেঘ সবে বৰিষয় পৰ্ব্বত শিখৰে ।
কাক সব বনাৱয় লঙ্কাৰ উপৰে ॥২৩
ঠাৱে ঠাৱে দেখিয়া পুৰুষ মুণ্ড লুণ্ডা ।
হস্তী মুণ্ডা দীৰ্ঘ তুণ্ডা খুবুণ্ডা চামুণ্ডা ॥২৪
কি কাৰ্য্য কৰিলি তই সীতাক হৰিলি ।
মন্দ আচৰিলি ধৰ্ম্ম পথ নাভবিলি ॥২৫
শ্ৰীৰাম লক্ষ্মণ নাৰায়ণ অৱতাৰ ।
সাগৰত সেতু বান্ধে শকতি কাহাৰ ॥২৬
তোক টঙ্ক দেখাইলেক যিটো বালীৰাই ।
সিয়ো বীৰ পৰিলা ৰামৰ শৰ ঘাই ॥২৭
বলহীন প্ৰাণীৰ শৰণে হৱে যোগ ।
ৰামত শৰণ পশাঁ কৰিয়া উদ্যোগ ॥২৮
মাথাত কৰিয়া নিয়া সীতাক সমৰ্প ।
পুত্ৰ পৰিবাৰ ৰাখ এৰ মান দৰ্প ॥২৯
মাল্যৱন্ত মৌন ভৈলা ৰাজনয় বুলি ।
সক্ৰোধ নয়নে ৰাজা চাৱে মাথা তুলি ॥৩০
ভ্ৰূকুটি কুটিল মুখ আৰকত খঙ্গে ।
ইঠাৱক লাগি কোনে মাতিলা ইহাঙ্কে ॥৩১
ৰামক শকত দেখাঁ মোক অশকত ।
তোমাৰ বচন মোৰ নপসে কাণত ॥৩২
নজানা নুশুনা তুমি থাকাহা নমাতি ।
বৃদ্ধ ঘাগিৰ বোল গলি খসি যান্তি ॥৩৩
তোৰ বোলে সীতা দিব চেপে কোন কাঠে ।
ৰামক মুনিষ দেখা ৰাৱণেসে ঘাটে ॥৩৪
বাপখানে ডকাইলা আসিলা বনবাসে ।
মোহোঁক যুজিবে খোজে বানৰত আশে ॥৩৫
নুপুছিলে উপসন্ন হোৱাহা আপনে ।
ইসব কাৰ্য্যক তোমাসাক সোধে কোনে ॥৩৬
জানিলোহোঁ তুমিয়ো ৰামৰ ভাৰি খাহা ।
কি কৰাহা ইঠাইত ঘৰক চলি যাহাঁ ॥৩৭
অনন্তৰে মাল্যবন্ত চলে ধীৰে ধীৰে ।
ৰাজাক গৰ্জ্জিয়া বুঢ়া চলিলা মন্দিৰে ॥৩৮
গৰ্ব্বত থাকিয়া তই নেদেখহ দিশ ।
ৰামশৰে ফুটিয়া কৰিবে থিসমিস ॥৩৯
অলপ পানীৰ শল দদৰা দদৰি ।
ৰামশৰ ঘাৱে থাকিবিহি দান্ত তৰি ॥৪০
এহি বুলি মাল্যবন্ত গৈলা দৰদৰি ।
লোথৰা বুঢ়াৰ বোলে পাইবাহা চেঞ্ছেৰি ॥৪১
ৰাৱণ ৰাজায়ে পাছে সিংহাসনে বসি ।
পাত্ৰ মন্ত্ৰী মিলায়া কাৰ্য্যক বিমৰিষি ॥৪২
নিশ্চয় স্বৰূপে সমৰক কৰি সাৰ ।
প্ৰহস্তক পাঞ্চিলেক পূৰ্ব্বৰ দুৱাৰ ॥৪৩
দক্ষিণ দুৱাৰে মহাপাৰ্শ্ব মহোদৰ ।
পশ্চিম দুৱাৰে ইন্দ্ৰজিত যে কুমাৰ ॥৪৪
শুক সাৰনক আদেশয় লঙ্কানাথ ।
উত্তৰ দুৱাৰে লাগে তোমাক আমাত ॥৪৫
মধ্য থানত বিৰূপাক্ষক বিহিল ।
সবাহাৰে লগত অপাৰ সেনা দিল ॥৪৬
পাত্ৰ বিসৰ্জ্জিয়া ৰাজা সবাক মণ্ডিল ।
কৃতাৰ্থ মানিয়া অন্তঃপুৰক চলিল ॥৪৭
ৰামচন্দ্ৰ লক্ষ্মণ সুগ্ৰীৱ জাম্বৱন্ত ।
বিভীষণ অঙ্গদ আৱৰ হনুমন্ত ॥৪৮
মুখ্য মুখ্য পাত্ৰগণ গৱাক্ষ গৱয় ।
মিলিয়া কৰন্ত সবে মন্ত্ৰণা নিশ্চয় ॥৪৯
সাগৰক তৰিলোঁ পৰ্ব্বতে বান্ধি সেতু ।
কাৰ্য্য আলোচিয়ো আসি ভৈলোঁ যিবা হেতু ॥৫০
লঙ্কাৰ গড়ক দেখোঁ ত্ৰৈলোক্য বিজয় ।
ৰাৱণে সাজয় তৈত নিশান বাজয় ॥৫১
হেন শুনি বিভীষণ শাস্ত্ৰত পণ্ডিত ।
কৰযোৰ কৰিয়া ৰামৰ আগে থিত ॥৫২
লঙ্কা গৈয়া আসিলা মোহোৰ চাৰিপাত্ৰ ।
ক্ষণিতেক ভৈলা সুধি আসিলেক মাত্ৰ ॥৫৩
অনল সুনল বীৰ সম্পাতি প্ৰঘস ।
পক্ষীৰূপ ধৰি আইলা চাৰিয়ো ৰাক্ষস ॥৫৪
যুজিতে সম্ভৃত ৰাজা বল চতুৰঙ্গে ।
হেন দেখি আসি মোত কহিলন্ত খঙ্গে ॥৫৫
পূৰব দুৱাৰ বীৰ প্ৰহস্তক দিল ।
মহাপাত্ৰ মহোদৰ দক্ষিণে থাকিল ॥৫৬
পশ্চিম দুৱাৰে বীৰ ই্ন্দ্ৰজিতক থাপিল ।
মধ্য স্থানত বিৰুপাক্ষক বিহিল ॥৫৭
হস্তী ঘোড়া ৰথ যত সাজি সমস্তয় ।
ৰাজভোগী সেনা যত ৰাজাৰ আছয় ॥৫৮
শুক যে সাৰণ সমে উত্তৰ দুৱাৰে ।
আপনি ৰাৱণ থিত ভৈলা ছপকাৰে ॥৫৯
ৰাৱণে সাজিয়া কুবেৰক যাই ধাৰে ।
ষাঠি লক্ষ কৌটি লক্ষ যাই একেবাৰে ॥৬০
আন সৈন্য কতক লেখিয়া পাইবে উহু ।
পৰদল জিনয় সত্বৰে পাত বেহু ॥৬১
বিভীষণ মুখত লঙ্কাৰ বাৰ্ত্তা পাইল ।
যুদ্ধৰ বীৰক সবে ৰাঘৱে মতাইল ॥৬২
সেনাপতি কহিৰা আগত মোৰ মিল ।
প্ৰহস্তক সন্মুখ হইবা তুমি নীল ॥৬৩
অসংখ্য পদাতি কিবা কৰিবেক আসি ।
ভাল সৈন্য ভুলত লৈয়ো বাছি বাছি ॥৬৪
সেনাপতি সেনাপতি লাগা ধুমাজম ।
পূব দুৱাৰৰ কাৰ্য্য তোমাত লাগয় ॥৬৫
বালীপুত্ৰ অঙ্গদ বচন মোৰ পাল ।
মহাপাৰ্শ্ব মহোদৰ সমৰত ঢাল ॥৬৬
বীৰ গণনাত তুমি বোপাহাৰ সম ।
দক্ষিণ দুৱাৰে ৰাক্ষসৰ হোৱা যম ॥৬৭
হনুমন্ত কিকৰা নিচিন্ত মনে আছি ।
ভাল ভাল সৈন্যক তুলত লোৱা বাছি ॥৬৮
ইন্দ্ৰজিতে ৰক্ষা কৰে পশ্চিম দুৱাৰে ।
তাক ধাৰে যাহাঁ তুমি আটোপ টঙ্কাৰে ॥৬৯
উত্তৰ দুৱাৰে ৰাজা ৰাজে লঙ্কাৰাজে ।
তাক যুজিবাক মই চলি যাওঁ সাজে ॥৭০
চাৰি গোটা পাত্ৰ লৈয়া যাইব বিভীষণ ।
আপুনি চলিবোঁ আৰু ভৈয়াই লক্ষ্মণ ॥৭১
মধ্যৰ থানত ৰাজা সুগ্ৰীৱ থাকন্ত ।
জাম্বৱন্ত আদি যত সেনায়ে ৰাখন্ত ॥৭২
মানুষৰ বুদ্ধি যত বানৰে ধৰন্ত ।
সাৱধানে যুজন্ত বলৰ নাই অ্ন্ত ॥৭৩
জয়তি শ্ৰীৰাম দেৱতাৰ আদিদেৱ ।
ব্ৰহ্মাহৰে যাহাৰ চৰণে কৰে সেৱ ॥৭৪
হেন ৰামপদে মোৰ থাকোক প্ৰণাম ।
বোলন্ত কন্দলি ডাকি বোলা ৰাম ৰাম ॥৭৫