সীতাৰ আগত ৰাৱণৰ আত্ম পৰিচয়
ৰামায়ণ বৃত্তান্ত |
---|
|
- ১৩ অধ্যায় ।
সীতা আগত ৰাৱণৰ আত্ম পৰিচয় ।
বদন জ্বলয় যেন পূৰ্ণিমাৰ শশী ।
দেখি যুৱজন মৰে কামশৰ পশি ॥১
সীতায়ে বোলন্ত শুনিয়োক তপোধন ।
মৃগমাৰিবাক গৈলা শ্ৰীৰাম লক্ষ্মণ ॥২
খানিতেক ঋষিৰাজ কৰিয়ো বিশ্ৰাম ।
এতিক্ষণে আসিৱন্ত লক্ষ্মণ শ্ৰীৰাম ॥৩
তুমি হেন ঋষিক দেখিব কৌতুহলে ।
পূজিৱন্ত আসি যথাযোগ্য ফলে জলে ॥৪
দশস্কন্ধে বোলে বাক্য শুনাঁ মোৰ সীতা ।
মই লঙ্কেশ্বৰ আসি ভৈলোঁ তযু ভিতা ॥৫
দেশতে আছন্তে সৱে কাহিনী শুনিলোঁ ।
সাক্ষাতে দেখিয়া বৰ কৌতুক লভিলোঁ ॥৬
পাতালৰ নাগ লোকে মোকে কৰে সেৱা ।
স্বৰ্গ গৈয়া জিনিলোঁ ত্ৰিদশ কোটি দেৱ ॥৭
হৰি শঙ্কৰক আৱে মোৰ নাহি শঙ্কা ।
সাগৰ মধ্যত মোৰ স্বৰ্ণপুৰী লঙ্কা ॥৮
চৌষষ্টি কলাক জানোঁ চৌধ শাস্ত্ৰ নয় ।
যভেক পঞ্চিশ তত্ত্ব আমাত আছয় ॥৯
অৰি বীৰ দমন ৰাৱণ মত্ত গজ ।
মানুষ ৰামক এৰি সীতা মোক ভজ ॥১০
আন সব ৰাজাক যতেক পটেশ্বৰী ।
জিনি আনি দিবোঁহোঁ তোমাৰ চেড়ী কৰি ॥১১
ইহাত অধিক কিনো কৰিবোঁহোঁ তোক ।
ইন্দ্ৰৰ শচীয়ো আসি তোমাতে খাটোক ॥১২
দশদিকপালৰ নাৰীক সৱে জিনি ।
তাকো দিবোঁ আদি কৰি তোৰ সেৱকিনী ॥১৩
মন্দোদৰী মোহোৰ প্ৰধান পটেশ্বৰী ।
সবে কন্যা লৈয়া তোতে থাকোঁ সেৱা কৰি ॥১৪
আজি হন্তে দূৰ হৈব তোহোৰ দুৰ্গতি ।
কোটি কোটি ৰাক্ষসৰ মইসে অধিপতি ॥১৫
মোহোৰ বদন সীতা মাথা তুলি চাহা ।
বনফল এৰি ত্ৰিভুৱন ফল খাহা ॥১৬
তিনিয়ো ভুৱন মাজে যতেক সুন্দৰী ।
স্বামীক মাৰিয়া সবে আনি আছোঁ হৰি ॥১৭
তোকে সেৱা কৰি সবে থাকোক হৰিষি ।
তাৰাগণ মাজে তই পূৰ্ণিমাৰ শশী ॥১৮
ব্ৰহ্মাৰ বৰত কামদেৱ ৰূপ ধৰোঁ ।
তুমি আমি লঙ্কাত বসিয়া ৰাজ্য কৰোঁ ॥১৯
পৰিহৰ মানুষক মোত কৰ ভাৱ ।
গাৱ চাল সীতা ঝাণ্টে যাওঁ নিজ ঠাৱ ॥২০
মদনে দগধে মোৰ নসহে অন্তৰ ।
ত্ৰৈলোক্যৰ নাথ ৰাৱণক স্বামী বৰ ॥২১
ৰাৱণৰ বোল শুনি অন্তৰ্গতে ভয় ।
ৰাক্ষস জানিয়া তান শৰীৰ কম্পয় ॥২২
দাৰুণ বচন শুনি সীতা কুপিলন্ত ।
নিষ্ঠুৰ বচন তাক বুলিবে লৈলন্ত ॥২৩
হাওঁৰে ৰাৱণ বৰ্ব্বৰ নিশাচৰ ।
অবিলম্বে যাইবাক চাহা যমঘৰ ॥২৪
ৰামৰ ঘৰণী মোক ভজিবাক চাস ।
মৰিবাক লাগি কালকূট বিষ খাস ॥২৫
ত্ৰিশূলৰ উপৰত নাচিবাক চাস ।
মহাপাপী হুয়া তই স্বৰ্গে কৰ আশ ॥২৬
হুয়া জুই আঙনী চন্দ্ৰক ধাৰ দেস ।
জলন্ত অগ্নিক বেটা বস্ত্ৰে বান্ধি নেস ॥২৭
তিখান খাণ্ডাত জিহ্বা ঘষিবাক চাস ।
বহ্নিকুণ্ড মাজে যেন পতঙ্গৰ ঝাস ॥২৮
ৰামৰ ভাৰ্য্যাক নীচ ৰাক্ষসে বাঞ্ছস ।
শুচীৰ মুখত দিয়া নয়ন জান্তস ॥২৯
গলে শিলা বান্ধি তই তৰ সমুদ্ৰক ।
ক্ষুদ্ৰপক্ষী হুয়া ধাৰ দেহ গৰুড়ক ॥৩০
বেঙ্গ হুয়া তেৰঞ্চৰ আগত মিলস ।
এণি সাপ হুইয়া তই পৰ্ব্বত গিলস ॥৩১
বিৰাইল বাঘিনি সমে কৰ পৰিহাস ।
পৃথিবীৰ জন্তু আদিত্যৰ ধাৰে যাস ॥৩২
সিংহৰ ভাৰ্য্যাক শৃগালৰ অভিলাষ ।
শান্তী সীতা মোক তই ভজিবাক চাস ॥৩৩
সুখৰ ভিতৰে তোৰ মতি ভৈল মন্দ ।
অবিলম্বে ৰাঘৱে ছেদিবে দশ স্কন্ধ ॥৩৪
গৰুড়ৰে কাকৰে যেহেন পটন্তৰ ।
শিয়াল সিংহৰ হোৱে যেহেন অন্তৰ ॥৩৫
গিৰি নদী সমুদ্ৰে অন্তৰ হোৱে যত ।
ৰাম দেৱে তোহোৰ দেখয় সেহি মত ॥৩৬
ৰাঘৱক এৰি কেনে তোহোক ভজিবোঁ ।
গঙ্গাক এৰিয়া কেনে কুপত মজিবোঁ ॥৩৭
গাধক ভজিবোঁ কেনে সিংহক এৰিয়া ।
শুকুতাক খাইবোঁ কেনে অমৃত তেজিয়া ॥৩৮
আমাৰ আগত কিক লঘু বোল মাতি ।
আমাক জানিবি পতিব্ৰতা মহাশান্তী ॥৩৯
স্বপ্নে জ্ঞানে মনে ৰাঘৱত দৃঢ় কায়া ।
চৰণে নুচুইবোঁ পৰ পুৰুষৰ ছায়া ॥৪০
ঘৃত পৰিহৰিয়া কিসক ঘোল পিবোঁ ।
ৰামৰ আপচু কাচু তোৰ মুণ্ডে দিবোঁ ॥৪১
ৰাঘৱৰ শৰে তোৰ জিহ্বা ছিৰিবেক ।
ৰাক্ষস সকলে তোৰ কিবা কৰিবেক ॥৪২
সীতাৰ বচনে তাৰ ক্ৰোধ সম্পজিল ।
অগনিত নিয়া যেন ঘৃত দান দিল ॥৪৩
মোহোৰ বীৰত্ব সীতা তই নজানস ।
সিকাৰণে ৰামক মুনিষ বখানস ॥৪৪
নুহি ধনুৰ্দ্ধৰ ৰাম তেজবল হীন ।
নজানয় শাস্ত্ৰ নয় ধৰ্ম্মতো বিহীন ॥৪৫
এতেকেসে ৰাম পিতৃ বাক্যত থাকিল ।
নীচ জানি দশৰথে দেশৰ ডাকিল ॥৪৬
গুণৱন্ত ভৰতক দিলা সবে ৰাজ ।
নিৰ্গুণ ৰামক পঠাইলন্ত বন মাজ ॥৪৭
তোৰ স্বামী ৰাম যেৱে মুনিষ হোৱয় ।
ভায়েকক মাৰি কেনে ৰাজ্য নলৱয় ॥৪৮
ক্ষত্ৰিজাতি হুয়া বহে শিৰে জটাভাৰ ।
হেন দেখি হাস্য বৰ উঠয় আমাৰ ॥৪৯
তোৰ স্বামী মানুষ জীৱেক কত দিন ।
অলপ কালেতে তাৰ আয়ু হুইবে ক্ষীণ ॥৫০
মৃতক স্বামীৰ সীতা গৃহ পৰিহৰ ।
লঙ্কাত পশিয়া যুগে যুগে ৰাজ্য কৰ ॥৫১
ব্ৰহ্মাৰ বৰত মোৰ অবধ্য শৰীৰ ।
স্বৰ্গ মৰ্ত্ত পাতালতো মোক নাহি বীৰ ॥৫২
ত্ৰিদশক জিনিলোঁ আৱৰ নাহি শঙ্কা ।
জ্যেষ্ঠ ভাই কুবেৰৰ কাঢ়ি লৈলোঁ শঙ্কা ॥৫৩
আৰু লৈলোঁ ধন জন পুষ্পক বিমান ।
সব দেশ চলৈ সিটো মহা দিব্য যান ॥৫৪
কৈলাসক গৈয়া লৈল হৰত শৰণ ।
সিকাৰণে কুবেৰৰ নভৈল মৰণ ॥৫৫
বাসৱক জিনি লৈলোঁ বীৰত্ব মোৰ শুন ।
যমক জিনিয়া আৰু জিনিলোঁ বৰুণ ॥৫৬
সুৰগণ জিনিলোঁ জিনিলো ৰুদ্ৰগণ ।
মোক সম বীৰ নাহি ই তিনি ভুৱন ॥৫৭
লঙ্কাত খাটন্ত আসি সব দেৱলোক ।
তাক দেখি সীতা তোৰ কৌতূহল হোক ॥৫৮
ভুঞ্জিবি মানুষ হুয়া ৰাক্ষসৰ ভোগ ।
বনবাস নিকাৰ তোহোৰ নুহি যোগ ॥৫৯
আপুনি আসিয়া তোত পশিলোঁ শৰণ ।
নুহিবি সুন্দৰি তই নিকাৰুণ মন ॥৬০
এতিক্ষণ মোক যেবে স্বামী নবৰিবি ।
পাচ কালে সীতা মোক সুমৰি মৰিবি ॥৬১
পৃথিৱীৰ ৰাজা সব যুজি বশ্য কৈলোঁ ।
মহাদেৱে সহিতে কৈলাস তুলি লৈলোঁ ॥৬২
জগততে সাৰ যত আমাকেসে যোগ ।
লঙ্কাত পশিয়া সীতা কৰিয়োক ভোগ ॥৬৩
ত্ৰিভুৱন নৃপতি তোহোঁৰ ভৈলোঁ দাস ।
অনুগন্ত জন পৰিহৰিবাক চাস ॥৬৪
মোহোৰ বচন যেৱে নৈৰাশ কৰিব ।
সুধে দুঃখে তোক আজি অৱশ্য হৰিব ॥৬৫
ৰাৱণৰ বোল শুনি উৰি গৈল জীউ ।
কোপে ভয় বুলিলন্ত জনকৰ জীউ ॥৬৬
মোহোক হৰিয়া যেৱে পাতালক যাস ।
তহিতো ৰাঘৱে তোৰ চিন্তিব বিনাশ ॥৬৭
হাড়ী জাতি হুয়া পঢ়িবাক চাস বেদ ।
অবিলম্বে ৰাঘৱে কৰিব স্কন্ধ ছেদ ॥৬৮
হৰৰ ঘৰিণী হৰি জীৱাক আশস ।
ইন্দ্ৰৰ শচীক হৰি মৰণক লখ ॥৬৯
হৰিবাক পাৰস চন্দ্ৰৰ ৰোহিণীক ।
সত্যবন্ত ভাৰ্য্যা নিবে পাৰ সাবিত্ৰীক ॥৭০
বশিষ্ঠৰ অৰুন্ধতী পাৰ হৰিবাক ।
তথাপিতো নোৱাৰিবি ৰামৰ সীতাক ॥৭১
লঙ্কাৰ অগনি কুণ্ড মোক যেৱে নিবি ।
ৰামৰ হাতত মূঢ় অৱশ্য মৰিবি ॥৭২
মুনিষৰ বেটা হোস ক্ষণিক বিথান ।
প্ৰভুৰ হাতৰ সহ একগোটা বাণ ॥৭৩
কি তই সহিবি শ্ৰীৰামৰ বাণ টান ।
লক্ষ্মণৰ শৰ চোটে তেজিবি পৰাণ ॥৭৪
স্ত্ৰীৰ আগত মুনিষাই বখানস ।
মোহোৰ প্ৰভুৰ তই কথা নজানস ॥৭৫
অপকাৰ কৰিলি যতেক দেৱাসুৰ ।
ৰাঘৱৰ হাতত সকলে হুইব চুৰ ॥৭৬
কুপিল ৰাৱণ বাক্য শুনিয়া সীতাৰ ।
ঋষি বেশ এৰি ৰূপ ভৈলা আপোনাৰ ॥৭৭
কুৰি কাণ দশ নাক কুৰি খান হাত ।
ডাঙ্গৰ কপালে চিত্ৰ দশ গোটা মাথ ॥৭৮
দশমুখ মাজে কুৰি নয়ন বলয় ।
যেন কুৰি কুণ্ডা বহ্নি পৰ্ব্বতে জ্বলয় ॥৭৯
কালবৰ্ণ দেহা যেন অঞ্জন পৰ্ব্বত ।
ভয়ঙ্কৰ বেশে থিৱ ভৈ গৈল আগত ॥৮০
কৰকৰি চোবাৱয় কুৰি পাৰি দান্ত ।
একে বেলে তানে যেন কুৰি খান জান্ত ॥৮১
ক্ৰোধিয়া ৰাৱণে বোলে খৰতৰ বাক ।
হৰিবোঁ পাপিষ্ঠী ! ত্ৰিভুৱনে নাহি ৰাখ ॥৮২
হাঞোঁৰে পাপিষ্ঠী ! মোক হেনয় সিদ্ধান্ত ।
চৱৰৰ চোটে তোৰ সাৰি এৰোঁ দান্ত ॥৮৩
মোক নজানস তই ৰাৱণ বিশাল ।
অগনিৰোঁ অগনি যমৰ যমকাল ॥৮৪
ৰামক বখান মোৰ আগত মুনিষ ।
সহস্ৰেক ৰামে মোৰ কৰিবেক কিস ॥৮৫
শুনিয়োক সভাসদ ৰামৰ চৰিত ।
আত পৰে নাহি ধৰ্ম্ম দুৰ্ঘোৰ কলিত ॥৮৬
ৰাম হেন নাম ইটো সংসাৰতে সাৰ ।
বোলাঁ ৰাম ৰাম পোৰাঁ পাপৰ ভাণ্ডাৰ ॥৮৭