তাৰাৰ অভিশাপ
ৰামায়ণ বৃত্তান্ত |
---|
|
- ১৬ অধ্যায়
- তাৰাৰ অভিশাপ ।
- পদ ।
তাৰা বোলে চাহা ৰাম পৰম সাত্বিক ।
বিমুখ সমৰে স্বামী মাৰিলাহা কিক ॥১
জাজ্বল্য সমান ভৈলো স্বামীৰ সন্তাপে ।
তোমাক দহিতে পাৰো পতিব্ৰতা শাপে ॥২
তোমাক শপিলে যেবে জীৱে মোৰ স্বামী ।
তেবেসে তোমাক শপি ভস্ম কৰো আমি ॥৩
যেন আন বেলা নকৰাহা হেন পাপ ।
সীমা দণ্ড থৈয়া আনুৰূপে দিও শাপ ॥৪
বাহুৰ প্ৰতাপে তুমি সীতাক লভিবা ।
অগনিত পৰীক্ষিয়া অযোধ্যাক নিবা ॥৫
তযু জায়া সীতা দেবী হন্ত মহাশান্তী ।
তোমাক কিছুই অল্পকালে এৰিবন্তি ॥৬
মই যেন মৰো হেৰা স্বামীৰ বিয়োগে ।
তোমাক বঞ্চিত সীতা দেবীৰ সম্ভোগে ॥৭
বিচোহ লগাইয়া হৃদয়ত দিয়া শাল ।
কৰিবা কাতৰ তভো যাইবন্ত পাতাল ॥৮
পাছে কতোক্ষণে সন্ধুক্ষণ ভৈলা বালী ।
চক্ষু মেলি কুটুম্বক চাহিলা নিহালি ॥৯
দেখন্ত অঙ্গদ চৰণত পৰি আছে ।
সব বন্ধুজনে বেঢ়ি কান্দে আগে পাছে ॥১০
ডাইন হাতে অঙ্গদকো আলিঙ্গি ধৰিলা ।
বামহাতে ধৰিয়া তাৰাক বোধ দিলা ॥১১
পৰিচ্ছেদ কৰিয়া দেখোহোঁ ভাৰ্য্যাপোক ।
যম পুৰে গৈলে মোক নেৰিবেক শোক ॥১২
হৰি হৰি পুত্ৰ মোৰে তাৰা পটেশ্বৰী ।
বিচোহ লগায়া হেৰা মই যাওঁ মৰি ॥১৩
সন্তানক এৰিলো এৰিলো হৃদি খেদ ।
তোমাৰ আমাৰ ভৈল দৃষ্টি পৰিচ্ছেদ ॥১৪
ভৈয়াই সুগ্ৰীৱ তই মোৰ বাক্য শুন ।
মৃতক ভ্ৰাতৃৰ নধৰিবি দোষ গুণ ॥১৫
যুৱৰাজ কৰি অঙ্গদক ভালে ৰাখাঁ ।
মোৰ বল বীৰ্য্যে পুত্ৰ হৈব তোৰ সখা ॥১৬
খুৰতে ভাতিজা আদিত্যকো দিবি ধাৰ ।
ইন্দ্ৰ দেৱতাতো ভয় নুহিবে তোমাৰ ॥১৭
তোমাৰ বিপুল বলে কিছু নুহিবেক ।
মোৰ পুত্ৰে অনেক ৰাক্ষস মাৰিবেক ॥১৮
সুগ্ৰীৱক গ্ৰীৱে ধৰি মুখে চুমা দিল ।
অঙ্গদ পুত্ৰক হাতে হাতে সমৰ্পিল ॥১৯
মোৰ পুত্ৰ নোহে বাপ তোমাৰ তনয় ।
ভাল মতে অঙ্গদক পালিতে লাগয় ॥২০
কুলত থাকয় যদি একোদৰ ভাই ।
একৰ তনয় আছে আৰু কাৰো নাই ॥২১
সেহি পুত্ৰ গুটি সবাহাৰে হোৱে সাৰ ।
জল পিণ্ড দানে কৰে বংশক উদ্ধাৰ ॥২২
শুন বোলোঁ প্ৰাণ বাপ তনয় অঙ্গদ ।
তোহোৰ থুৰাত পাইলি সকলে সম্পদ ॥২৩
আতি সেৱা এৰি ধৰ্ম্মে কৰিবি সেৱলি ।
আতি সেৱা কৰিয়া পাতালে গৈলা বলি ॥২৪
প্ৰণামোহো ৰামচন্দ্ৰ কৰি হাত যোৰ ।
অল্পমতি তৰল বানৰ মুখপোৰ ॥২৫
শৰবিষে যতেক কৰিলো খিলিঙ্কাৰ ।
ইসব দোষক প্ৰভু ক্ষেমিবা আমাৰ ॥২৬
সুবৰ্ণৰ পঙ্কজ যতেক পদ্মমালা ।
যাক পৰিধানে শ্ৰীধৰ সমকালা ॥২৭
বাসৱে দিলন্ত মোক মাণিকে উজ্জ্বলা ।
গ্ৰীৱহন্তে কাঢ়িয়া দিলন্ত সেহিমালা ॥২৮
লক্ষ্মণক দিয়া বা আপুনি গ্ৰীৱে ধৰা ।
নুহি সুগ্ৰীৱক দিয়া ৰাজ্যক জোকাৰা ॥২৯
অঙ্গদ কুমাৰ মোৰ তাৰা পটেশ্বৰী ।
দুই হন্তকো প্ৰভু পালিবাহাঁ ভাল কৰি ॥৩০
বালীক প্ৰবোধি পাছে মাতিলন্ত ৰাম ।
ভাৰ্য্যাৰ পুত্ৰৰ শোক কৰাঁ উপশাম ॥৩১
তোমাত অধিক কৰি সুগ্ৰীৱে পালিব ।
অভিনন্দা ভাৱে ৰাজভোগে কাল নিব ॥৩২
শুনিয়ো সুগ্ৰীৱ মিত্ৰ মোৰ বোল কৰাঁ ।
বালী দেন্ত মালা আপোনাৰ গ্ৰীৱে ধৰা ॥৩৩
শ্ৰেষ্ঠ ভাইক লাগি কিছু নকৰিবা শোক ।
পুষ্প ৰথে চৰি যান্ত বালী স্বৰ্গ লোক ॥৩৪
লৈয়ো প্ৰাণ ভাই বুলি বালী মালা দিল ।
হৰিষ বিষাদ মনে সুগ্ৰীৱ পিন্ধিল ॥৩৫
আতিশয় শোভাকৰে দশগুণে কলা ।
দেখি যেন মেৰুৰ শিখৰে সূৰ্য্য জ্বালা ॥৩৬
ভৈয়াই সুগ্ৰীৱ মোৰ হেৰ প্ৰাণ যান্তি ।
আখৰেক মাতোহোঁ শুনিয়ো তাৰা শান্তি ॥৩৭
বিপাঙ্গে মৰিলো তোৰ বচন নুশুনি ।
পুত্ৰক পালিবি মোৰ দোষক নুগুনি ॥৩৮
আপদ কালত তোৰ একু বুধি তৰি ।
মই যমঘৰে যাওঁ বচন নকৰি ॥৩৯
এহি বুলি বালী ৰাজা ভৈলা নিশবদ ।
শৰ বিষে দুই চক্ষু ভৈলন্ত তবধ ॥৪০
থৰ মৰ ভৈল বালী ৰাইৰ হাত ভৰি ।
অচেতন ভাৱে থাকিলন্ত দান্ত তৰি ॥৪১
মুখ ভৈলা নিৰ্ব্বাণ নাসাত শ্বাস নাই ।
পালটিল চক্ষু দুই আদিত্যক চাই ॥৪২
নীলে দেখিলন্ত বালী ৰাজাৰ নিৰ্যান ।
আজুৰিয়া কাঢ়িলন্ত ৰাঘৱৰ বাণ ॥৪৩
ৰুধিৰে পুৰিত শৰ গৱৰ বজান্তি ।
চিকি মিকি কৰে যেন আদিত্যৰ কান্তি ॥৪৪
সাগৰত স্নান কৰি ৰুধিৰ গুচাই ।
ৰামৰ তূণত আসি পশিল দুনাই ॥৪৫
শৰীৰৰ বোম্বালে ৰুধিৰ বহি যান্তি ।
বিজুলী চটক যেন দেথি তাৰ কান্তি ॥৪৬
স্বামীক বেঢ়িয়া কান্দে পটেশ্বৰী লোকে ।
সুগ্ৰীৱ কাদন্ত আতি জ্যেষ্ঠভাইৰ শোকে ॥৪৭
ৰামচন্দ্ৰ লক্ষ্মণ কান্দন্ত হনুমন্ত ।
সৈন্যে সমে চাৰি পাত্ৰ আৰু জাম্বুৱন্ত ॥৪৮
তাৰা বোলে স্বামী তুমি গৈলা পৰলোক ।
যমৰ পুৰত প্ৰভু সুমৰিবা মোক ॥৪৯
যাৰ মুঠি প্ৰহাৰে মেদিনী মেলে চিৰ ।
হেন স্বামী ধৰণীত ত্যজিলা শৰীৰ ॥৫০
হা স্বামী তুমি কোন কাৰ্য্যক সাধিলা ।
সুগ্ৰীৱক ডাকি ভ্ৰাতৃবধু সম্বৰিলা ॥৫১
ধৰ্ম্ম পথ এৰি পাপ কৰিলা সকল ।
অবিলম্বে পাইলা সেই অধৰ্ম্মৰ ফল ॥৫২
অঙ্গদ কান্দন্ত আতি বিয়াকুল চিত্ত ।
হৃদয়ত মুঠি হানি পৰিলা ভূমিত ॥৫৩
হা বাপ কি কৰি কৰিলা নিমাখিতি ।
মহা শান্তীমাৱ মোৰ ভৈলা অনাথিতি ॥৫৪
ৰাজাৰ কুমাৰ কান্দে ধৰণীত লুটি ।
হা বাপ বোলন্তে পৰাণ যাই ফুটি ॥৫৫
দীঘল গহন পথে চলিলা আপোনে ।
তযু ভাৰ্য্যা পুত্ৰ আবে পালিবেক কোনে ॥৫৬
ৰাঘৱে বোলন্ত মিত্ৰ শুনিয়ো উচিত ।
বিস্তৰ ক্ৰন্দন নুহি মৃতকক হিত ॥৫৭
ঝাণ্টে চিতা সাজিয়োক বহল বিস্তাৰ ।
তাতে তুলি কৰায়োক বালীক সংস্কাৰ ॥৫৮
ৰামৰ বচন যেবে ভৈলা অবসান ।
পাছে বীৰ লক্ষ্মণে দিলন্ত সমিধান ॥৫৯
শোক এৰি সুগ্ৰীৱ প্ৰেতৰ কাৰ্য্য চাহা ।
কৈৰা তাৰা দেবী তুমি কিষ্কিন্ধাক যাহা ॥৬০
চতুৰ্দ্দোল যানত বালীক নিয়া তোলা ।
গিৰি নদী সমীপত শীঘ্ৰে নিয়া পোৰা ॥৬১
অঙ্গদে পিতৃৰ দিবা পিণ্ড জলাঞ্জলি ।
হনুমন্ত আদি সবে কাৰ্য্যক সঙ্কলি ॥৬২
শিৰোগত কৰিলন্ত লক্ষ্মণৰ বোল ।
তেতিক্ষণে তাৰা আনাইলন্ত চতুৰ্দ্দোল ॥৬৩
অঙ্গদে সুগ্ৰীৱ দোলা তুলিয়া ধৰিল ।
খুৰতে ভাতিজে গিৰিনদী তীৰ নিল ॥৬৪
আনো বৰ বৰ বীৰ পৰ্ব্বত আকাৰ ।
হাতে কান্ধে বহিলন্ত মৃতকৰ ভাৰ ॥৬৫
কান্দন্তে কাটন্তে লৈয়া গৈয়া চতুৰ্দ্দোলে ।
বালীক পড়িলা গৈয়া গিৰি নদী কোলে ॥৬৬
দন্ত কাষ্ঠ কাকবলি আৰু স্নান বলি ।
অঙ্গদে পিতৃৰ দিলা পিণ্ড জলাঞ্জলি ॥৬৭
নিজ গুৰু ব্ৰাহ্মণে দিলন্ত স্বাহি পাহি ।
অঙ্গদে কৰিলা কৰ্ম্ম বিধিৱতে চাহি ॥৬৮
নানাবিধ দান কৰিলন্ত বৃষোত্সৰ্গ ।
হনুমন্ত সুগ্ৰীৱ সমস্তে জ্ঞাতিবৰ্গ ॥৬৯
দানে মানে সব জ্ঞাতি লোক তুষ্ট ভৈলা ।
পুষ্পৰথে চৰি বালী স্বৰ্গে চলি গৈয়া ॥৭০
সমস্তে বানৰগণে কাৰ্য্যক সঙ্কলি ।
ৰামৰ চৰণে আসি কৰিলা সেৱলি ॥৭১
হনুমন্তে ৰাম কৰিলা বহু স্তুতি ।
তোমাৰ প্ৰসাদে ভৈল বালীৰ মুকুতি ॥৭২
আসাৰেক বোলাঁ বুলিবাক লাগে ডৰ ।
ভৰি চাৰি পাঞ্চ যাইও কিষ্কিন্ধা নগৰ ॥৭৩
ৰাজ্য় ঝঙ্কাৰিয়ো সুগ্ৰীৱক তযু মিত্ৰ ।
ভূমি পৰশিলে হৈব আনৰ পৱিত্ৰ ॥৭৪
ৰামচন্দ্ৰে বোলন্ত শুনিয়ো বায়ুপুত্ৰ ।
আমাৰ মিত্ৰৰ অকল্যাণে আছে কৈত ॥৭৫
বনবাস খাটো পালি পিতৃৰ আদেশ ।
চৌধয় বত্সৰ নাহি নগৰে প্ৰবেশ ॥৭৬
শুনিয়োক হনুমন্ত গৱাক্ষ গৱয় ।
মন্দ দ্বিবিদ শুনা বীৰ সমস্তয় ॥৭৭
নল গন্ধ মাদন সুযেন নৰহৰি ।
ব্ৰহ্মাৰ তনয় ওৰা শুনিয়ো কেশৰী ॥৭৮
তাৰবীৰ পনস শুনিয়ো জম্বুৱন্ত ।
দধিমুখ যুথপতি আৱৰ আছন্ত ॥৭৯
ইন্দ্ৰ জানু সুজানু শুনিয়ো বীৰ নীল ।
ঋষভ শৰভ আৰু শুনিয়ো সুশীল ॥৮০
সতানু সম্পাতি সৰ্ব্বভক্ষ শুনিয়োক ।
গোলাঙ্গুল জাতি কপি আছ যত লোক ॥৮১
সবে মহাবীৰ যেন দেৱৰ সমাজ ।
সবে মিলি সুগ্ৰীৱক জোকাৰিয়ো ৰাজ ॥৮২
বালী সুত মহাবীৰ আছন্ত অঙ্গদ ।
সবে মিলি দিবা তাঙ্ক যুবৰাজ পদ ॥৮৩
আমাৰ বচনে সবে হেলা পৰিহৰি ।
সমস্তে বানৰে যাইও কিষ্কিন্ধা নগৰী ॥৮৪
চলিয়ো সুগ্ৰীৱ মিত্ৰ লোৱা দণ্ডপাট ।
প্ৰজাপতি পালি আজ্ঞা কৰিবাহা ছাট ॥৮৫
নটে ভাটে ব্ৰাহ্মণে মঙ্গল কৰন্তোক ।
সম্পিলো তোমাতে তাৰাদেবী আতন্তোক ॥৮৬
শ্ৰাৱণাদি মাস মুখ্য বাৰিষাৰ কাল ।
দিনতে আন্ধাৰ মহা মেঘৰ ঘঞ্চাল ॥৮৭
বানৰ লোকৰ আতো কিছু নাহি কায ।
ইটো চাৰি মাস মহা সুখে কৰাঁ ৰাজ ॥৮৮
আমি থিত হৈবো প্ৰশ্ৰৱণ গিৰিবৰে ।
সীতাৰ নিমিত্তে চিত্ত উত্ৰাৱল কৰে ॥৮৯
কাৰ্ত্তিক নিবৃত্তি গৈলে আগ্ৰহণ মাসা ।
সীতাক খুজিবে যেন নমাতিলে আসা ॥৯০
সুগ্ৰীৱে বোলন্ত আবে ভৈল প্ৰতিকাৰ ।
ভাৰ্য্যাক লভিলোঁ অকণ্টক ৰাজ্যভাৰ ॥৯১
সীতাক খুজিবোঁ আমি চাৰি মাস পাছে ।
ধাৰ লাগি মিত্ৰৰ আমাৰ গাৱে আছে ॥৯২
ৰামক প্ৰণাম কৰি ভালুক বানৰে ।
নগৰীত প্ৰবেশ ভৈগৈল চপ কৰে ॥৯৩
চতুৰ্দ্দোলে সুগ্ৰীব ওৱাৰি পয়োসাৰ ।
সুগ্ৰীৱে বোলন্ত বিধি প্ৰসন্ন আমাৰ ॥৯৪
ওৱাৰি ভিতৰে পাঞ্চ ৰত্নৰ ভাণ্ডাৰ ।
শুভ শুভ জয় জয় ভৈগৈল জোকাৰ ॥৯৫
দণ্ড ছত্ৰ পতাকা বিচিত্ৰ নৃত্য গীত ।
সুগন্ধ শীতল ৰাতে প্ৰসোদিত চিত ॥৯৬
নানাবিধ চিত্ৰ খান আতি বিতোপন ।
দেখি সুগ্ৰীৱৰ উল্লসিয়া গৈল মন ॥৯৭
পদূলী পদূলী সবে পুতিলা তোৰণ ।
সুবৰ্ণৰ দীপ ঘট সুগন্ধ চন্দন ॥৯৮
দূৰ্ব্বাক্ষত পঞ্চৰত্ন থৈলা নিৰন্তৰে ।
পশিলন্ত সুগ্ৰীৱ শ্ৰীমন্ত বাস ঘৰে ॥৯৯
শুনাঁ ৰামায়ণ পদ যত সভাসদ ।
শুনন্তে মঙ্গল মিলে গুচয় আপদ ॥১০০
যাৰ যেন মনৰ বাঞ্ছিত পূৰে কাম ।
নিৰন্তৰে নৰে ডাকি বোলাঁ ৰাম ৰাম ॥১০১