লঙ্কাৰ বিৱৰণ
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৭ অধ্যায়
- লঙ্কাৰ বিৱৰণ ।
লঙ্কাপুৰী দেখিলন্ত ত্ৰিকূট উপৰে ।
দুতী অম্ৰাৱতী যেন সমুদ্ৰ ভিতৰে ॥১
সুবেল গিৰিৰ শৃঙ্গ আতি বিতোপন ।
তহিতে পৰিলা গৈয়া পৱন নন্দন ॥২
সুবেলত বসিয়া গুনন্ত মহাবীৰ ।
পয়াস নভৈল মোৰ সুস্থসে শৰীৰ ॥৩
মাগৰ তৰিয়া আইলো ইটো কোন গহা ।
কোটি যোজনক যাইবোঁ তাকো আছে সাহা ॥৪
শতেক যোজন আইলো ইটো কোন কায ।
ইসব কাহিনী কহিবাকো লাগে লাজ ॥৫
তৰিলন্ত বসিয়া বীৰে দেখিলন্ত শঙ্কা ।
সুবেলত বসিয়া বীৰে দেখিলন্ত লঙ্কা ॥৬
মাথা তুলি দেখন্ত আদিত্য অস্ত যান্ত ।
কৰ যোৰে হনুমন্তে দিলন্ত সিদ্ধান্ত ॥৭
জানু শিৰ কৰি যুৰিলন্ত যোৰহাত ।
ত্ৰৈলোক্যৰ দীপ বুলি নমিলন্ত মাথ ॥৮
খনিতেক তম্ভিয়োক ৰাম কাৰ্য্য সাওঁ ।
দিবাভাগে লঙ্কাৰ গড়ক ফুৰি চাওঁ ॥৯
হেন শুনি তুষ্ট ভৈলা কাশ্যপ নন্দন ।
দেখি হনুমন্তৰ হৰিষ ভৈল মন ॥১০
সুবেলৰ হন্তে বীৰ দৃষ্টি বলাই চান্ত ।
দিবা ভাগে লঙ্কাৰ গড়ক দেখিলন্ত ॥১১
সুবেলৰ নামি নগৰীক লাগি যান্ত ।
অনেক বনক হনুমন্তে দেখিলন্ত ॥১২
গুঞ্জৰিত শবদে ভ্ৰমৰা মধুপান ।
পদ্মিনী দীঘী জলাশয় ৰম্য থান ॥১৩
সৰল পিয়াল খৰ নিখৰ খৰ্জ্জুৰ ।
শাল তাল তমাল গমাৰি বিযপুৰ ॥১৪
অশ্বত্থ কপিত্থ বট নাৰঙ্গ বদৰ ।
তেন্তেলি কণ্টকি আম জাম নাগেশ্বৰ ॥১৫
খাজুৰি হাৰিঠা আমলখি ডহাফল ।
ছাতিয়াল গুৱা নাৰিকল যে শ্ৰীফল ॥১৬
সলঙ্গা মহৰি আৰু কমলা টেঙ্গৰা ।
কৰ্দ্দৈ পিচু মৰ্দ্দক যে সোলঙ্গা আমৰা ॥১৭
কদম্ব গুলাল পাৰিজাতক আশেষ ।
সেৱতী মালতী গুটিমালী যে বিশেষ ॥১৮
বাৰয় বসন্তে অনুকূলে বহে বাৱ ।
ষড়ঋতু নছাড়য় কোকিলৰ ৰাৱ ॥১৯
অনেক আছয় পশু চটক আশেষ ।
সুবৰ্ণ মাণিক মণি ৰতন বিশেষ ॥২০
সাগৰে উথাৰি থৈল মুকুতাৰ দাম ।
চিত্ৰ বিচিত্ৰ তাক দেখি অনুপাম ॥২১
লঙ্কাৰ সমীপ বনে দিন গোট নিল ।
গধুলিকা বেলা বীৰে পৰামৰি শিল ॥২২
ইসব শৰীৰ যেবে পেশওঁ নগৰ ।
ৰাক্ষসে বান্ধিয়া ফুৰাইবেক ঘৰে ঘৰ ॥২৩
বিৰাল সমান সঙ্কুচিত কলেৱৰে ।
হনুমন্তে চড়িলন্ত প্ৰাঞ্চিৰ উপৰে ॥২৪
গোধুলিকা বেলা শ্ৰী দেখিলা লঙ্কাৰ ।
দূতী অম্ৰাৱতী যেন জগততে সাৰ ॥২৫
অনেক প্ৰবন্ধে বিশ্বকৰ্ম্মেসে নিৰ্ম্মিল ।
লঙ্কা বেঢ়ি সুৱৰ্ণৰ গড় প্ৰাঞ্চি দিল ॥২৬
অনেক যোজন পথ গগনে উধাৱ ।
সুবৰ্ণ মাণিক জ্বলে ঠাৱে ঠাৱ ॥২৭
থাই খান দেখিলন্ত বহল বিস্তাৰ ।
গড়গোটে বেঢ়ি আছে সকলে লঙ্কাৰ ॥২৮
নানা যন্ত্ৰ সাজি তাত আছে সাৰি সাৰি ।
দেৱাসুৰ সবে তাক লঙ্ঘিতে নপাৰি ॥২৯
বিষম সঙ্কট আতি দুৰ্গবৰ থান ।
দেখি চিন্তাবিষ্ট ভৈলা বীৰ হনুমান ॥৩০
অঙ্গদ সুগ্ৰীৱ নীল আমি সমে চাৰি ।
এতেকেসে সাগৰক তৰিবাক পাৰি ॥৩১
শতেক যোজন পথ সাগৰক তৰি ।
ইঠাৱক বানৰ আসিবে কেন কৰি ॥৩২
বানৰ বৰ্গৰ ইঠাৱত কোন কাম ।
কিবা কৰিবন্ত আসি দশৰথি ৰাম ॥৩৩
ৰাম লক্ষ্মণ যাতো অচিন্ত্য প্ৰভাৱ ।
সি কাৰণে মনত কিঞ্চিত দিও ঠাৱ ॥৩৪
- ৮ অধ্যায়
- হনুমন্তৰ লঙ্কা দৰ্শন ।
পাছ কাৰ্য্য থাকোক চিন্তিবোঁ আগ কায ।
ডেৱ দিয়া পৰিলন্ত নগৰৰ মাজ ॥১
ঠাৱে ঠাৱে দেখন্ত ৰাক্ষসে পঢ়ৈ বেদ ।
শাস্ত্ৰসব পঢ়ন্ত শুনন্ত অবিচ্ছেদ ॥২
সুবৰ্ণৰ হংস লাড়ু আলি চক্ৰবাক ।
সুবৰ্ণৰ শৰালি উৰয় জাকে জাক ॥৩
সুবৰ্ণৰ ময়না ভাটৌ চুটিয়া শালিক ।
সুবৰ্ণৰ কপৱতি ফিঞ্চা পুণ্ডৰীক ॥৪
ৰঙ্গথানে কৌতুহলে ৰাক্ষস মিলিলা ।
কৌতূহলে খেলাৱয় সুবৰ্ণৰ ঘিলা ॥৫
ভণ্টা খেড়ি খেলাবয় কতো খেলৈ ঝুণ্টি ।
ঠাৱে ঠাৱে ক্ৰীড়া কৰে আকুটি ভ্ৰুকুটি ॥৬
ছৱাল মেলেক সবে কৰে হাতাহাতি ।
মাল বান্ধে যুজয় দেখিতে ভাল আতি ॥৭
ঢোপ খেড়ি খেলাৱয় কতো লুনি লুনি ।
গুৱাল গুৱালী খেলে আনন্দিত শুনি ॥৮
ফল ফুল টোকৰা আৱৰ জুৱা পাশ ।
দলি যুজ খেলে কতো লৱৰি হতাশ ॥৯
ৰাক্ষস যূথক দেখিলন্ত হনুমন্তে ।
ৰাৱণক সেৱা কৰি ঠাৱক আসন্তে ॥১০
কতোহো সুন্দৰ দেহা কামৰ সমান ।
কতো শিৰ দীঘল লম্বিত দুই কাণ ॥১১
হাণ্ডি চিঙ্গালিৰ বৰ্ণ বিহাড়া সোগড়া ।
বিকৃত খসুৱা লালি গণ্ডা কুজা খোৰা ॥১২
অন্ধলাৰ কান্দত পেঙ্গুৱা যাই চড়ি ।
পেঙ্গুৱাৰ উদ্দেশে অন্ধলা কাঢ়ে ভৰি ॥১৩
কতো কুজা কতো খোৰা কতো গোটকলা ।
কতোহোঁ নাৰঙ্গা সোভাকুণ্ডলীয়া শোলা ॥১৪
চালিয়া বিলুনিয়া পিহ্ণৈয়া কতো গোধা ।
গলণ্ডীয়া কতোহো সুনিয়া জোলা জোধা ॥১৫
যাৰ মহা প্ৰতাপে স্বৰ্গত লাগে চাঙ্গ ।
ধনুৰ্ধৰ বীৰ কোন্তক ৰণ ৰঙ্গ ॥১৬
কতো নিশা যান্তে ভৈল চন্দ্ৰমা উদয় ।
দশোদিশ প্ৰসন্ন খণ্ডিল তমোময় ॥১৭
সহায় ভৈলন্ত চন্দ্ৰ বায়ুৰ পুত্ৰৰ ।
হনুমন্তে কৌতুকে ফুৰন্ত ঘৰে ঘৰ ॥১৮
শুনা সভাসদ পদ কথা ৰামায়ণ ।
অমৃততোহধিক ইসে কৰয় নিস্তাৰ ॥১৯
সংসাৰ তাপত ইসি কৰয় নিস্তাৰ ।
বোলাঁ ৰাম ৰাম হৌক পুৰুষ উদ্ধাৰ ॥২০
- ১০ অধ্যায়
- ছবি ।
শঙ্খিনী চিত্ৰিনী নাৰী, পদ্মিনী হস্তিনী আদি,
- ত্ৰিভুবনে যতেক সুন্দৰী ।
দিগ বিজয়ত সাজি, দেৱাসুৰ ৰণে জিনি,
- লঙ্কেশ্বৰে আনিলেক হৰি ॥১
মন্ত্ৰী পাত্ৰ সমস্তত, সমৰ্পিয়া ৰাজ্য ভাৰ,
- তেসম্বে সহিতে কৰে ক্ৰীড়া ।
নাকত আঙ্গুলি দিয়া, বোলন্ত পৱন সুত,
- কিনো ভৈল জগতৰে পীড়া ॥২
হৰি হৰি গোঁসানীক, পৰিচয় নতৈলোহোঁ,
- খুজি পাইবো কমন প্ৰকাৰে ।
দেৱ দেবী প্ৰসাদত, ইঙ্গিতে জানিবোঁ মই,
- পতিব্ৰতা ধৰ্ম্ম ব্যৱহাৰে ॥৩
এহি বিমৰিষ কৰি, ডেৱ দিয়া পৰিলন্ত,
- সেনাপতি প্ৰহস্তৰ ঠাৱে ।
তাত পাছে মহাপাৰ্শ্ব, ওৱাৰি পশিল গৈয়া,
- শব্দ নকৰে যেন পাৱে ॥৪
কুন্তকৰ্ণ বীৰৰ যে, ওৱাৰি পশিল বীৰ,
- আতি বৰ বহল বিস্তাৰ ।
তৈতো সীতা গোঁসানীক, খুজিল বিনপাইলন্ত,
- বিভীষণ থানে পয়সাৰ ॥৫
লোমকৰ্ণ অশ্বকৰ্ণ, সঙ্গুকৰ্ণ ৰাক্ষসৰ,
- বিদ্যুজিহ্ব হস্তীৰ বদন ।
অৰ্দ্ধকেতু অৰ্দ্ধগ্ৰীৱ, মত্তগ্ৰীৱ নিৰন্তৰ,
- কুম্ভৰ যে যতেক ভৱন ॥৬
সবাহাৰে চাহিলন্ত, পিগু বাড়ি কয়ণ্টাএ,
- খুজি লুৰি নপাইলা উদ্যানে ।
খুপিৰ ভিতৰে পশি, ৰন্ধন শালাৰ ঘৰে,
- খুজিলন্ত নানাবিধ থানে ॥৭
মাদ নাম নিশাচৰে, শোণিতাক্ষ ওৱাৰিত,
- খুজিলন্ত আতিশয় যত্নে ।
তাত পশি ৰাৱণৰ, ওৱাৰি পশিলা গৈয়া,
- চতুৰ্ভিতি বেঢ়ি জ্বলে ৰত্নে ॥৮
আতি প্ৰতিবন্ধে তাক, বিশ্বকৰ্ম্মে নিৰ্ম্মিলন্ত,
- সুবৰ্ণ মাণিক থানে থানে ।
চন্দ্ৰ আদিত্যতোহধিক, আতিবিতোপনজ্বলে,
- দেখিলন্ত বীৰ হনুমানে ॥৯
ওৱাৰি মধ্যত দিব্য, থান থান দেখিলন্ত,
- আতি বৰ বিস্তাৰ গহন ।
নিৰ্ম্মল কমল সব, পৰিমল বৃক্ষচয়,
- সুগন্ধিত বহয় পৱন ॥১২
- ১১ অধ্যায়
- পদ ।
তৈতো খুজি লুৰি নপাই সীতাক হতাশ ।
ধৌলিৱৰে পশিলন্ত দ্বিতীয় কৈলাস ॥১
সুবৰ্ণৰ সূৰ্য্য দিন ৰজতৰ শশি ।
দিন ৰাতি নজানিয় ওৱাৰিত পশি ॥২
সুবৰ্ণৰ যত কাম মাণিকে টহক ।
ৰাতি দিন নজানয় জ্বলে ভক ভক ॥৩
নাগৰ ভবন লিখি আছে সমুদায় ।
হাসো হাসো কৰে যেন মাতিলে পৰাই ॥৪
বৈজয়ন্তী নামে আছে ইন্দ্ৰৰ ওৱাৰি ।
তাতো উপাধিক আক বুলিবাক পাৰি ॥৫
কান্তা মণ্ডপত সবে দেখিলা অশেষ ।
সুনিৰ্ম্মল জল তাত পুখুৰি বিশেষ ॥৬
সৰ্ব্বাঙ্গ দৰ্পণ থৈয়া আছে ঠাৱে ঠাৱে ।
কৌতূহলে লঙ্কানাথে চাহিৱাক পাৱে ॥৭
সহস্ৰ সংখ্যাত ঘোড়া অনেক লাখৰ ।
ৰাতি দিনে কছাই থাকে সোণাৰ পাখৰ ॥৮
ৰাউত সব সুশিক্ষিত ৰৈৱত পৰাই ।
হেন দেখি লম্ফ দিয়া গগনে উৰাই ॥৯
হস্তীসবক চায়া থাকয় সচকিতে ।
ভাৰ্গৱৰ সদৃশ মাহুত সসম্ভৃতে ॥১০
উত্তম সিন্দুৰে সুমণ্ডিত গণ্ডস্থলে ।
ঐৰাৱত হস্তীকো জিনিতে পাৰে বলে ॥১১
সৰ্ব্ব গাৱ সুমণ্ডিত শোভন গণ্ডস্থল ।
পৰ্ব্বত কন্দৰ যেন কপাল বহল ॥১২
তূণে কাণ্ড ভৰি সবে আছে ধনুৰ্দ্ধৰ ।
সচকিত থিত খাণ্ডাইত কোন্তকৰ ॥১৩
কতেক বৰ্ণাইবো তাৰ সৈন্যক অপাৰ ।
স্বৰ্গৰ দেৱক জিনি আছে বাৰে বাৰ ॥১৪
একেথানে আছে সাপে নেউলে ছাগে বাঘে ।
মূষকে চাচৰি কৰে বিড়ালৰ আগে ॥১৫
ঘোটকে মহিষে সিংহে গজে একে ঠাৱে ।
কাকো কেৱে নাঘালয় ৰাৱণ প্ৰভাৱে ॥১৬
হেন অদভূত যেবে হনুমন্তে দেখি ।
কতো দূৰে দেখিলন্ত বিদগ্ধ পখি ॥১৭
মনুষ্যৰ ৰাৱ কাঢ়ে সকল কালীক ।
ময়না ঘৰৱা ভাটৌ চুটীয়া শালিক ॥১৮
কতো কতো অন্তেপুৰে বড়ে ঢোণ্ডাকাক ।
সম্যকে ভষাবৈ যেন মনুষ্যৰ বাক ॥১৯
কন্যাসবে বচন শুনন্ত কৌতূহলে ।
সৰ্ব্বদায়ে ভুঞ্জাৱে পায়স মনুফলে ॥২০
সীতাক খোজন্ত বীৰে নিৰ্জ্জন থানত ।
একোৱে প্ৰকাৰে নপাই বিকল মনত ॥২১
চিন্তা কৰে হনুমন্ত বিকল স্বভাৱ ।
কতে দূৰে শুনিলন্ত আনন্দৰ ধাৱ ॥২২
কিঙ্কিনীৰ শবদ শুনি ৰিনি ৰিনি ।
সক্ষাততে লক্ষ্মী অৱতৰিলন্ত যেনি ॥২৩
পুষ্পক বিমান তিনি ত্ৰৈলোক্য প্ৰখ্যাত ।
ডেৱ দিয়া হনুমন্তে চড়িলন্ত তাত ॥২৪
পুষ্পকযে নাম সিটো উত্তম বিমান ।
তাত পৰে নাহি আন স্বৰ্গে দিব্যযান ॥২৫
পূৰব পছিম এক প্ৰহৰৰ পথ ।
উত্তৰে দক্ষিণে বিস্তাৰিত সেহিমত ॥২৬
তাহাৰ সমীপে আছে উত্তম ওৱাৰি ।
তাৰ গুণ বৰ্ণাইবাক প্ৰবন্ধেসে পাৰি ॥২৭
তাহাক বুলিয় চিত্ৰকূট বাসহৰ ।
ক্ৰীড়াৰ ভুবন থান মুখ্য ৰাৱণৰ ॥২৮
স্বৰ্গ মৰ্ত্ত পাতালৰ যতেক সুন্দৰী ।
সাৰ কৰা কৰি থৈল এক থান কৰি ॥২৯
হনুমন্তে খোজে দুই প্ৰহৰ নিশাত ।
দেখিলন্ত কন্যাগণ ৰত্নৰ শয্যাত ॥৩০
লঙ্কেশ্বৰে যাক যেন নিয়মিয়া থৈল ।
নৃত্য গীত কৰিয়া প্ৰয়াসে নিদ্ৰা গৈল ॥৩১
কতো নাৰী নৃত্য কৰি শুতিল ভাগৰে ।
হাতত কেন্দৰা পাৱে সোণাৰ ঘাগৰে ॥৩২
কামে নিদ্ৰা গৈলক মৃদঙ্গ ধৰি কোলে ।
স্বামী বুলি বুলি তাকে নিদ্ৰাত সম্ভোলে ॥৩৩
কৰো কতো সুন্দৰী শয্যাত নিদ্ৰা গৈলি ।
কালিনী খোপাৰ মাজে বিহৰিল বেণী ॥৩৪
কাহাৰো শয্যাত লুলে সাতেসৰি হাৰ ।
স্বৰ্গত যেহেন জিকিমিকি কৰে তাৰ ॥৩৫
বদন কমল যেন পূৰ্ণ শশীকলা ।
গান্থিবাৰ আছে যেন পঙ্কজৰ মালা ॥৩৬
আউৰৰ গাৱত আউৰে তুলিলেক ভৰি ।
কতোজনী অচেতন পাৱয় ঘোঙ্ঘৰি ॥৩৭
কতোজনী শুতিল কাহাকো কেৱে জড়ি ।
সিথানৰ হন্তে মাথা থাকিল বিহৰি ॥৩৮
বক্ৰভাৱে শুতিলেক ৰঞ্জাইত কটি ।
ভঙ্গিভাৱ কৰি যেন ৰঙ্গে নাচে নটি ॥৩৯
বীণা বাম কৰে ধৰি শুতিলা সুন্দৰী ।
কতোজনী শুতিল মৰুত কোলে ধৰি ॥৪০
কতোজনী নিদ্ৰা গৈল মৃদঙ্গ সাৱটি ।
স্বামী বুলি ধৰে তাক সাবটি সাবটি ॥৪১
ৰত্নৰ শয্যাত কেহো শুইল মহাসুখে ।
আগে পাছে দুই হাত পিঠি কৰি মুখে ॥৪২
হনুমন্তে বিচাৰি ফুৰন্ত সাৰি সাৰি ।
কন্যা সকলৰ সবে ৰূপক বিচাৰি ॥৪৩
তত্তুল্য সমান সবে ৰূপক আকলি ।
সবাতো কৰিয়া সীতা ৰূপত আগলী ॥৪৪
সীতা যেবে ৰূপে গুণে নোহন্ত অধিক ।
ৰাৱণ নৃপতি হৰি আনিবেক কিক ॥৪৫
কতো বেলি আছিলন্ত কৰি বিমৰিষ ।
মধ্য ওৱাৰিক কপি ধৰিলন্ত দিশ ॥৪৬
জয় ৰামচন্দ্ৰ দেৱ প্ৰভু মহেশ্বৰ ।
ৰঘুকুল কমল প্ৰকাশ দিনকৰ ॥৪৭
জন্মে জন্মে মোৰ তযু পদে ৰতি হৌক ।
বোলোঁ ৰাম ৰাম যত সভাসদ লোক ॥৪৮
- ১২ অধ্যায়
- ছবি ।
ওৱাৰি মধ্যত দিব্য, ভিণ্টি এক দেখিলন্ত,
- সুবৰ্ণ মাণিক ৰত্ন কৰ্ম্মে ।
দিব্য কন্যা এক আছে, ক্ৰীড়াৰভুনণীতাই,
- শুইল গৈয়া পিন্ধি নেত ক্ষৌম্যে ॥১
অনেক সুন্দৰী সবে, ৰাজাৰ গাৱত ধৰি,
- শুতিলেক আতি মনৰঙ্গে ।
ডাঙ্গৰ বৃক্ষক যেন, নানা ভাৱে বেঢ়ি আছে,
- কোমল মাধবীলতা সঙ্গে ॥২
- ১৩ অধ্যায়
- দুলৰি ।
একৈক সুন্দৰী, ৰূপক দেখন্তে,
- সূৰ্য্যেয়ো ৰথ নৰাই ।
আন দিশি চক্ষু, বলাইতে নোৱাৰি,
- একৈক কন্যাক চাই ॥১
হৰি হৰি কেনে, প্ৰাণ ধৰি আছে,
- আসম্বাৰ নিজ স্বামী ।
কতেক নৰক, সঞ্চিলে পাপিষ্ঠে,
- সাৱণায়ে অধোগামী ॥২
সুন্দৰী গণৰ, অঙ্গ পৰশনে,
- অধিক ঘুমটি চৰে ।
ঘোঙ্ঘৰি শবদ, যেহেন শুনিয়,
- নিসানত বাৰি পৰে ॥৩
কুৰি খন বাহু, শয্যাত লুলেই,
- বিপক্ষৰ হৰে দৰ্প ।
পাঞ্চ পাঞ্চ শিৰে, যেহেন দেখিয়,
- কুৰি গোটা কালসৰ্প ॥৪
যতেক যতেক, প্ৰহাৰ কৰিল,
- ঐৰাৱত দন্ত ঘাৱে ।
বামস বান্ধিয়া, পালপি আছই,
- ৰাৱণ ৰাজাৰ গাৱে ॥৫
ত্ৰৈলোক্য মোহিণী, দিব্য কন্যাজনী,
- কুণ্ডলে মণ্ডিত মৰ্ণ ।
উন্নত জঘণী, গজেন্দ্ৰ গমনী,
- নুহি সুবৰ্ণৰ বৰ্ণ ॥৬
বদন কমল, আতি সুনিৰ্ম্মল,
- উন্নত কঠিন তন ।
নাভি সুগভীৰ, ত্ৰিৰলী বলীত,
- উদৰ পীন জঘন ॥৭
উৰুযে যুগল, সুবৰ্ণৰ তুল,
- সাক্ষাতে ৰাম কদলী ।
ত্ৰৈলোক্য মোহিনী, দিব্য কন্যাজনী,
- সোণাৰ যেন পুতলী ॥৮
সোণাৰ আৰোহে, ৰহি হনুমন্ত,
- বীৰে ভাল মতে চাইল ।
ত্ৰৈলোক্য মোহিনী, দিব্য কন্যাজনী,
- মাৰুতিয়ে ভেট পাইল ॥৯
আতি ৰূপ গঢ়, দেখি হনুমন্ত,
- নামিলা তাহাৰ হন্তে ।
সিথানে পোথানে, ফুৰি কুৰি বীৰে,
- চাহিলন্ত ভাল মতে ॥১০
ৰাৱন ৰাজাৰ, হৃদয়ে চাপিয়া,
- ধৰিয়া আছয় গলে ।
কাল পৰ্ব্বতক, বেঢ়ি যেন মতে,
- বিজুলি আচাৰে জ্বলে ॥১১
আতি ৰূপৱতী, দেখি হনুমন্তে,
- বিস্ময় ভৈল অদ্ভুত ।
ইহান ৰূপেসে, নিতে মূৰ্চ্ছা যান্ত,
- দশৰথ নৃপসুত ॥১২
নমোঁ ৰঘুপতি, অগতিৰ গতি,
- তুমি দেৱ কৃপাময় ।
তোমাৰ চৰিত, পৰম অমৃত,
- মুকুতিকো বিড়ম্বয় ॥১৩
হেনয় তোমাৰ, চৰণ পঙ্কজে,
- নুগুছোক মোৰ মতি ।
সমস্ত সমাজে, ডাকি ৰাম বোলোঁ,
- পাপ যাউক অধোগতি ॥১৪