হনুমন্ত আৰু জম্বুমালীৰ যুদ্ধ
ৰামায়ণ বৃত্তান্ত |
---|
|
- ২২ অধ্যায়
হনুমন্ত আৰু জম্বুমালীৰ যুদ্ধ ।
প্ৰহস্তৰ পুত্ৰক কৰিল সনমান ।
চল জাম্বুমালী বানৰাক বান্ধি আন ॥১
প্ৰহস্তৰ পুত্ৰ জম্বুমালী বীৰবৰ ।
বিকট দশন যেন আটাইল গড় ॥২
কাল মেঘ সম দেহা বীৰ মহাবল ।
মাথা গোট থূল যেন পৰ্ব্বত সচ্চল ॥৩
আৰকত পুষ্পমালা তাৰ মাথে দিল ।
ৰঙ্গনীয়া বস্ত্ৰে তাৰ গাৱ আবৰিল ॥৪
গৰ্দ্দভ যুগুত ৰথ খান চলি যাই ।
আতি মদ গৰ্ব্বত কাহাকো ডৰ নাই ॥৫
বজ্ৰৰ সদৃশ তাৰ ধনুৰ টঙ্কাৰ ।
গগনৰ অন্তক শবদ গৈল যাৰ ॥৬
দেখিলেক বানৰক তোৰণ উপৰে ।
বাহু দুইত প্ৰহাৰিল তীক্ষ্ণ দশ শৰে ॥৭
মাথাত বিন্ধিল একগোটা কনিয়ানি ।
অৰ্দ্ধচন্দ্ৰে বদনক পেলাইলেক ছানি ॥৮
জধিৰে পৱনসুত দেখিতে বিড়িঙ্গ ।
ৰণক হৰিষে হনুমন্তে দিলা ৰিঙ্গ ॥৯
তন দুতয়ৰ মাজে দশ শৰে ঠাসি ।
খল খলি কৰি বীৰে তুলিলেক হাসি ॥১০
এবে যেবে জীৱস মোহোৰ শৰঘাত ।
আনো যেন ধসমসি নকৰে লঙ্কাত ॥১১
শৰ পায়া হনুমন্তে ক্ৰোধে বৰ জ্বলে ।
পৰ্ব্বতেক মাৰিলন্ত শৰীৰৰ বলে ॥১২
জম্বুমালী দেখে ধাই আসে বৰ টানে ।
পৰ্ব্বতক কাটিলেক দশ গোটা বাণে ॥১৩
গিৰি মিছা ভৈল দেখি ক্ৰোধে হনুমন্ত ।
আতি বৰ শাল বৃক্ষ উপাৰি লৈলন্ত ॥১৪
কুমাৰৰ চাক যেন ফুৰাইলন্ত ধৰি ।
জম্বুমালী বীৰৰ শিৰক লক্ষ্য কৰি ॥১৫
বৃক্ষগোট ফুৰি আসে দেখি নিশাচৰে ।
সিয়ো বৃক্ষ কাটিল দাৰুণ ছয় শৰে ॥১৬
বাহু দুইত বিন্ধিল নিশিত দশবানে ।
কপালত এক গোটা বিন্ধিল সন্ধানে ॥১৭
শৰঘাৱে মাৰুতিয়ো ক্ৰোধ বৰ কৰি ।
সদৃঢ় পৰিঘ গোট হাতে তুলি ধৰি ॥১৮
দুইহাতে কোবেক বৈসাইলা কপিৰাজে ।
জম্বুমালী ৰাক্ষসৰ হৃদয়ৰ মাজে ॥১৯
হিয়াত পৰিল যেবে পৰিঘৰ বাৰি ।
তেতিক্ষণে তাহাৰ পৰাণ গৈল ছাৰি ॥২০
যতেক আছিল তাৰ যুদ্ধৰ সম্ভাৰ ।
চূৰ্ণীকৃত ভৈল নেদেখিল তাক আৰ ॥২১
জম্বুমালী বীৰ যেবে ৰণত পৰিল ।
শুনিয়া ৰাৱণ ৰাজা ক্ৰোধত জ্বলিল ॥২২
মন্ত্ৰী পুত্ৰগণ সবে আদেশ কৰিয়া ।
সবে মিলি বানৰাক আনিয়ো ধৰিয়া ॥২৩
আদেশ কৰিলা যেবে ৰাক্ষসৰ নাথে ।
বায়ু সম ঘোঁড়াক জুৰিল আথে বেথে ॥২৪
মন্ত্ৰীপুত্ৰ সবে চলি গৈল একেবাৰে ।
দশোদিশ পুৰিলেক ধনুৰ টঙ্কাৰে ॥২৫
মাথা সব থুলন্তৰ পৰ্ব্বত সচ্চল ।
কাল মেঘদল যেন ৰাক্ষসৰ বল ॥২৬
সকলে মন্ত্ৰীৰ পুত্ৰ বিমৰিষ কৰি ।
অস্ত্ৰৰ প্ৰহাৰ দিল চৌভিতি আবৰি ॥২৭
কৌতূহলে আটাসেক দিল হনুমন্তে ।
আকাশক ডেৱা দিলা তোৰণৰ হন্তে ॥২৮
কাণ্ডে হানি যত মান দূৰক নপাই ।
তহিতে থাকিলা বীৰে অস্ত্ৰক এৰাই ॥২৯
সেনামাজে মাৰুতি পৰিলা বেগ টানি ।
হস্তী ঘোঁড়া সেনা মাৰে মুণ্ডে মুণ্ডে হানি ॥৩০
মন্ত্ৰী পুত্ৰগণ বীৰে বিগুটি মাৰিয়া ।
কাৰো বজ্ৰ নখে চিৰি টেটু ভসাৰিয়া ॥৩১
কাহাকো লাঙ্গুলবাৰি কাকো লাথি গোৰে ।
কাহাকো টোকৰে আন্থু মুকুতি কামোৰে ॥৩২
কিল ভুকু ঘৰাকাতি কঙ্কালত কোবে ।
কাকো তুলি আছাৰন্ত বস্ত্ৰ যেন ধোবে ॥৩৩
মন্ত্ৰী পুত্ৰ সকলকো পাছে ধৰি আনি ।
কপালে কপালে সবে ঠেকাঠেকি হানি ॥৩৪
সাগৰত যেন মত্স মাৰিল মগৰে ।
সব সেনা মাৰিলেক পৱন কুমাৰে ॥৩৫
শোণিতৰ নদী বহে সমৰ ভূমিত ।
অগম্য ভৈগৈল অস্থি মাংসে পঙ্কাবৃত ॥৩৬
হস্তীসব উটে ঘোড়া সব যাই ভাসি ।
তোৰণত বসি বীৰে তুলিলেক হাসি ॥৩৭
মন্ত্ৰী পুত্ৰ বধ শুনি ৰাৱণৰ ভয় ।
মনত বিষাদে ৰাজা পৰম বিস্ময় ॥৩৮
কিনো আপদেক আসি মিলিল লঙ্কাৰ ।
আৱে পাতি মলছিল দুষ্ট বানৰাৰ ॥৩৯