লক্ষণৰ ক্ৰোধ আৰু ৰামৰ প্ৰবোধ
ৰামায়ণ বৃত্তান্ত |
---|
|
- ১০ অধ্যায়
লক্ষ্মণৰ ক্ৰোধ আৰু ৰামৰ প্ৰবোধ
শুনিয়া লক্ষ্মণে হেন বুলিলন্ত বাণী ।
উত্তম বুলিলা মাৱ জগত গোসাঁনী ॥১
স্ত্ৰীজিত বৃদ্ধ বাপ কপট চৰিত ।
তান বোলে বন যাইবা কিনো বিপৰীত ॥২
কৈকেয়ী পাপিষ্ঠী নৃপতিত ৰাজ্য মাগে ।
বৈৰিনীৰ বোলত মৰিতে কেন লাগে ॥৩
হেন বুলি ক্ৰোধিলন্ত লক্ষ্মণ প্ৰচণ্ড ।
বুঢ়াৰে আগতে কাটি কৰোঁ খণ্ড খণ্ড ॥৪
ভৰতক সাৰাইল তোমাক পৰিহৰি ।
নিৰ্ম্মল কৰিবো আজি অযোধ্যা নগৰী ॥৫
সমদলে সাজি আসন্তোক মহীপাল ।
লক্ষ্মণৰ হাতত সবাৰো হৈব কাল ॥৬
অশ্বদল গজদল নৰদল ছেদি ।
আজি মই শোণিতে বোৱাইবোঁ একনদী ॥৭
মাতুলে সহিতে যদি সাজিয়া আসয় ।
লক্ষক ভৰতো মোৰ লাহাৰি নসয় ॥৮
দেবগণ সমে ভৰতত অনুবলে ।
ইন্দ্ৰ দেৱো ধাৱ যদি কৰে সমদলে ॥৯
তাহাঙ্কো জিনিবোঁ আজি সমৰৰ মাজ ।
মই আজি তোমাক কৰিবোঁ যুবৰাজ ॥১০
ভৰতৰ পক্ষ যক্ষ ৰাক্ষস অসুৰ ।
ৰণমাজে সবাৰে কৰিবোঁ দৰ্পচূৰ ॥১১
নন্দী মহাকলক জিনিবোঁ গণপতি ।
কাৰ্ত্তিকক জিনিবোঁ দেৱৰ সেনাপতি ॥১২
তোমাৰ চৰণ ভালে কৰিবোহোঁ সেৱ ।
ৰণে সমসৰ মোৰ নুহিকয় কেৱ ॥১৩
কাম বশ বাপৰ বচন পৰিহৰি ।
ৰাজ্য ভাৰ লৈয়ো ঝাণ্টে অযোধ্যানগৰী ॥১৪
হেন শুনি কৌশল্যায়ো বুলিলা বচন ।
হিত উপদেশ বোলে সুমিত্ৰা নন্দন ॥১৫
অনুদিলে লখাই ভকতি তোত কৰে ।
তোমাৰ অনিষ্ট দেখি অনুশোচ কৰে ॥১৬
আন বোল কৰিয়োক জীৱন উপাই ।
আমাৰ বচন ভালে কৰিতে যুৱাই ॥১৭
মাৱত ভকতি আবে কৰি নিতে নিত ।
সিকাৰণে কাশ্যপৰ কৈলাসত থিত ॥১৮
মোৰ জীৱনক যেবে আছে অভিপ্ৰায় ।
বাপৰ বচনে বনে যাইতে নুযুৱাই ॥১৯
সাপত্ন্য ভাতৃক জিনি মাতৃৰ বচনে ।
ইন্দ্ৰে কাঢ়ি লৈলা অম্ৰাৱতী ৰঙ্গমনে ॥২০
হেন বুলি থাকিলা কৌশল ৰাজীঝৰ ।
হাত যোৰে ৰামচন্দ্ৰ আগে ভৈল থিৰ ॥২১
অনুজ্ঞা দিয়োক মাৱ চৰণত ধৰোঁ ।
বাপৰ আদেশ মই কেনে পৰিহৰোঁ ॥২২
বিনয়ে কাতৰ কৰোঁ কুখিধৰ মাৱ ।
আজ্ঞা দিয়ো চলোঁবনে তেজি নিজ ঠাই ॥২৩
কৈকেয়ীৰ বোলে বন আদেশিলা ৰাই ।
সমত দিয়োক বাধিবাক নুযুৱাই ॥২৪
যামদগ্নি ৰামে যত বুলিলন্ত গৰ্ব্ব ।
মোৰ বাহুবলে তাক হৰিলেক সৰ্ব্ব ॥২৫
আমি হেন মহা বীৰ পিতৃক ভকত ।
আজ্ঞা ভৈল ত্ৰিভুবন জিনিবে শকত ॥২৬
সত্য পাশে কৈকেয়ী ৰাজাক বন্দী কৈলা ।
পলৱৰ চাবত দিগ্গজ বন্দী ভৈলা ॥২৭
অনুমতি দিয়োক বাধিতে নুযুৱাই ।
এহিসে কৰিতে আদেশিলা মহাৰাই ॥২৮
মোৰ বিধি লিখিতক বাধিতে নোৱাৰি ।
ৰাজ্য শ্ৰী এৰিলোহোঁ আপোন ওৱাৰি ॥২৯
মোৰ শোকে দগধ বাপক ভালে চাহাঁ ।
তাহাক নিষ্ঠুৰ বোলাঁ মোৰ মাথা খাবাঁ ॥৩০
পৰশু ৰামক কোপে বাপে আদেশিল ।
কাটিয়া মাৱৰ মাথা পিতৃ আগে দিল ॥৩১
গণ্ডু নামে ঋষি পিতৃ আজ্ঞাক ধৰিল ।
অদভুত কৰ্ম্ম তেবে গোবধ কৰিল ॥৩২
স্বৰূপ বুলিলি বাপ লখাই মহাবীৰ ।
তোহোৰ আগত কোনে হৈবে পাৰে থিৰ ॥৩৩
অসাৰ জীৱন ৰাজ্য দিন কতিপয় ।
তাকে লাগি চিন্তিবোহোঁ গোত্ৰৰ প্ৰলয় ॥৩৪
ভালে জানোঁ লখাই তোৰ আমাত ভকতি ।
মোৰ অৰ্থে প্ৰাণ দিতে আছয় শকতি ॥৩৫
শুন শুন বোলোহোঁ লক্ষ্মণ বিদ্যমান ।
পিতৃশোকে মৰোঁ হৃদয়ত দেস হান ॥৩৬
তই জান কৈকেয়ীৰ নিকৰুণ কায়া ।
ভৰতত অতিষেক মোত বৰ দায়া ॥৩৭
মোৰ দৈবে চিত পৰিৱৰ্ত্ত ভৈল তান ।
অন্যথা নুহিকে বাপ সত্যে সত্যে জান ॥৩৮
ৰাজবংশে উতপতি স্বভাৱে কল্যাণী ।
দৈব বশে তান চিত হৈল হেন জানি ॥৩৯
মোৰ কৰ্ম্মে অভিষেকে মিলিল বিঘাত ।
মন পৰিতাপ পৰিহৰিয়ো ইহাত ॥৪০
সুখ দুখ দুই ভুঞ্জিলেহে যাই ক্ষয় ।
তুলা ধৰিয়াছে বিধি ভাগ্যেসে মিলয় ॥৪১
দৈবে সমে যুজে কোলে কহতো কাহিনী ।
কৈকেয়ীক দোষ কেন দিয়স নজানি ॥৪২
হেন শুনি ক্ৰোধিলন্ত লক্ষ্মণ প্ৰধান ।
খাণ্ডাক ঝঙ্কাৰি কম্পে তৰতৰি মান ॥৪৩
তাৰা যেন ৰকত নয়ন দুই ফুৰে ।
অবিৰল ধাৰে যেন মেঘজল ঝুৰে ॥৪৪
আকাশ নিৰ্ম্মল যেন খাণ্ডা তুলি লৈলা ।
কৈকেয়ীক ধাৱে যমদূত সাজ ভৈলা ॥৪৫
ভ্ৰুকুটি কুটিল আখি ভৈগৈল বদন ।
ৰামক বুলিলা মহা কোপ কৰি মন ॥৪৬
ক্ষত্ৰ কুলে উপজিলা ভৈলা বুদ্ধিনাশ ।
প্ৰিয় বাক্য বুলিয়া বৈৰক দিলা আশ ॥৪৭
পৌৰুষ এৰিয়া দৈব কৰিলাহা সাৰ ।
নপুংসক বৃত্তি সব ভৈগৈল তোমাৰ ॥৪৮
ভৈল দৈৱ তোমাৰ কুঞ্জৰ ময়মত্ত ।
পৌৰুষ অঙ্কুশে আজি কৰোঁ পৰিৱৰ্ত্ত ॥৪৯
তুমি ৰাজা হৈবাক যাহাৰ নাহি মন ।
মাৰিয়া পঠাইবোঁ তাক যমৰ কৰণ ॥৫০
ৰাজ ধৰ্ম্ম এৰি হৈবা তাপসৰ বেশ ।
কেমন মুগুধে হেন দিল উপদেশ ॥৫১
কিনো পাপ কৰিলোঁ বচন নুশুনাহা ।
মাৱৰ সতিনী বোলে মৰিবাক যাহা ॥৫২
কিসক তোমাৰ ভৈল হেন বুদ্ধি মোস ।
সকলো লোকক কৰাইলাহা অসন্তোষ ॥৫৩
লোকৰ বিদ্বেষ কৰিবাক নুযুৱাই ।
ৰাজ্য ধৰ্ম্ম ধৰি দৃঢ় কৰিয়োক কায় ॥৫৪
দাব সুহায়ন মোৰ নোহে চন্দ্ৰহাস ।
টোন হাত সুহায়ন নোহে বনবাস ॥৫৫
শৰীৰ শোভন মোৰ নোহে দুই বাহু ।
জিনিবোঁহো শত্ৰুক চন্দ্ৰক যেন ৰাহু ॥৫৬
খৰতৰ লক্ষ্মণক ত্ৰিভুবনে জানি ।
বীৰগণে তাত তযু পাচত বখানি ॥৫৭
কদলী বনক যেন গুৰিত ছেদিবোঁ ।
বিপক্ষক মাৰি যম সদন পূৰিবোঁ ॥৫৮
কৈকেয়ীক নৃপতিক কোপ কৰি মনে ।
মেলানি দিয়োক বুলি ধৰিলা চৰণে ॥৫৯
সত্যে সত্যে পালিবোহোঁ তোমাৰ আদেশ ।
আজ্ঞা দিয়ো পৰিৱত্ত কৰিবোঁ নিশেষ ॥৬০
সকল ৰাজ্যৰ লোক ভৈলোহোঁ অসাৰ ।
বাপকৰ গোসাঁনীক কৰিলেক সাৰ ॥৬১
আজ্ঞা দিয়ো প্ৰভু মোক বোলোঁ বাৰেবাৰ ।
বুঢ়াৰে আগতে কাটি কৰিবোঁ দোহাৰ ॥৬২
বাপক কৰন্ত কোপ লখাই মহাবীৰ ।
নিৰন্তৰে কম্পে আতি সকল শৰীৰ ॥৬৩
ক্ৰোধ দেখি ৰামে লক্ষ্মণৰ হাতে ধৰি ।
বিনয় বচন জনে চিত্ত শান্ত কৰি ॥৬৪
ভালে জানোঁ লখাই মোত ভকতি কৰস ।
ব্যসনে মগন ভৈলোঁ তাৰিতে পাৰস ॥৬৫
যদি স্নেহ আছে কৰাঁ আমাৰ সন্মত ।
পৰিহৰ বাপ ইটো ক্ৰোধ ভাৰ যত ॥৬৬
যদি প্ৰিয় হৱ মোৰ বাক্য কৰ হিত ।
বাপৰ চৰণ সেৱা কৰ নিতে নিত ॥৬৭
মই বন গৈলে পালাঁ মাতৃক সকলে ।
ৰাজ্য ভাৰ বহিবে ভৰত অনুবলে ॥৬৮
শুনি লক্ষ্মণৰ কোপ উপশাম ভৈল ।
হস্তীমদ যেহেন হস্তীতে অন্ত গৈল ॥৬৯
যেহেন সৰ্পৰ বিষ শিখাগ্ৰক গৈল ।
নমাই আনি গাৰুড়ি নিষ্প্ৰভ কৰি থৈল ॥৭০
একো পক্ষে ৰাঘৱৰ চিত্ত নলৰিল ।
হাত যোৰে লখাই গৈয়া চৰণে পৰিল ॥৭১
শুনিয়োক দদাদেৱ কৃপাময় মতি ।
ৰাজ্য ভোগ শতেক তোমাৰ পাৱে গতি ॥৭২
দুখৰ সহায় হৈবোঁ যোগাইবোহোঁ ফল ।
সেৱা কৰি থাকিবোহোঁ চৰণ যুগল ॥৭৩
তোমাৰ সঙ্গতি হৈবোঁ মোৰ এহি সাৰ ।
বনবাসে পৰিচৰ্য্যা কৰিবোঁ তোমাৰ ॥৭৪
ৰাঘৱে বোলন্ত শুন সুমিত্ৰা নন্দন ।
বন্ধু জন এৰি তুমি নজাইবাহাঁ বন ॥৭৫
কৌশল্যা মাৱৰ শোক হৈব অনুপাম ।
তোৰ দৰশনে কিছু হৈব উপশাম ॥৭৬
একুটীৰ পুত্ৰ মই বনবাসে যাইবোঁ ।
সি কাৰণে মাৱ মোৰ বৰ দুখ পাইব ॥৭৭
আশ্বাসিবি ইহাঙ্ক সুমিত্ৰা আৰ তই ।
কেন বনে যাইবে তই লক্ষ্মণ ভৈয়াই ॥৭৮
বনবাসে গৈলে বৰ নিকাৰ পাইব ।
চৌধ বৰিষক লাগি অন্নকে নখাইব ॥৭৯
ফল মূল এৰিয়া ভণ নাহি আন ।
বৃক্ষৰ বাকলি মাত্ৰ হৈবে পৰিধান ॥৮০
বাপৰ আজ্ঞাক আমি শিৰোগত কৰি ।
চলি যাইবো আজি অযোধ্যাক পৰিহৰি ॥৮১
ৰাজ্যৰ ভোগত আমি ভৈলোহোঁ নৈৰাশ ।
আতি বৰ দুখে খপিবোহোঁ বনবাস ॥৮২
জটাৰ ভিতৰে পশি ওকনিয়ে খাইব ।
হাতৰ পাৱৰ নখ বাঢ়ি বাঢ়ি যাইব ॥৮৩
বৰিষা কালত আমি বৰ দুখ পাইব ।
একো একো ৰজনী বৰিষ সম যাইব ॥৮৪
কিশলয় সম তোৰ কুশল স্বভাৱ ।
আদিত্যৰ ৰশ্মি ভালে নসহয় গাৱ ॥৮৫
বাহুৰিয়া চল ভৈয়াই আপোনাৰ ঠাৱ ।
মৰিবন্ত কান্দিয়া সুমিত্ৰা তোৰ মাৱ ॥৮৬
আগবাঢ়ি লক্ষ্মণে যুৰিলা দুই হাত ।
প্ৰাণদাদা ৰাম বুলি নমিলন্ত মাথ ॥৮৭
তুমি এৰি গৈলে মই যাইবো দেশান্তৰ ।
নুহি আজি কটাৰত কৰিবোহোঁ ভৰ ॥৮৮
হেন শুনি ৰামৰ কৌতুক বৰ ভৈল ।
বনক যাইবাক লক্ষ্মণক লগে লৈল ॥৮৯
শুন শুন বোলোঁ তোক ভৈয়াই লক্ষ্মণ ।
আমাৰ লগত বাপ তই যাইবি বন ॥৯০
আদি অন্ত কথা শুনি আপোনাৰ ঠাৱে ।
আথে বেথে আসিলা সুমিত্ৰা নিজমাৱে ॥৯১
দুই বাহু মেলি দোহান্তৰ গলে ধৰি ।
দীৰ্ঘ ৰাৱে কান্দিলা অনেক মন্যু কৰি ॥৯২
কিনো পাপ কৰিলোহো কৌশল্যায়ে বাই ।
দুই আন্ধলীৰ লাটি কহি লাগি যাই ॥৯৩
এত হন্তে তান দুই চৰণত ধৰি ।
আগে সবিনয়ে কোপ উপশাম কৰি ॥৯৪
হেন দেবি কৌশল্যা হৃদয়ে মুঠি হানি ।
মুথ চাই ৰামক বুলিলা দেৱী বাণী ॥৯৫
জপে তপে পাইলোহোঁ তোমাক গৰ্ভে ধৰি ।
পৰম আশায়ে তুলিলোহোঁ বৰ কৰি ॥৯৬
কৈকেয়ী প্ৰচণ্ড সূৰ্য্য জনিল তৰাস ।
পুত্ৰ তৰু ছায়াত কৰিলোঁ বৰ আশ ॥৯৭
ফল ধৰিবাৰ যেবে হৈগৈল সময় ।
মোৰ কৰ্ম্ম বায়ু উৰে বিধি বিৰম্বয় ॥৯৮
সতিনীৰ পৰাভৱ কতক সহিবোঁ ।
সত্যে সত্যে কহিলোহোঁ জীৱন ত্যজিবোঁ ॥৯৯
বৈৰিণীৰ বোলে ৰাম দেশৰ বজাস ।
ৰাজ ধৰ্ম্ম দেখ বাপু নজা বনবাস ॥১০০
নুশুনিলি বাপু তই মনুৰ বচন ।
আমি কহোঁ শুন ৰাম ভালে দিয়া মন ॥১০১
কাম কাৰ্য্য নুবুজস বাতুল চৰিত ।
হেন গুৰু বচন বাধিব নিতে নিত ॥১০২
দশ বিপ্ৰ অধিক গৌৰৱ উপাধ্যায় ।
তাতো দশগুণ পিতা দেখিতে যুৱাই ॥১০৩
বাপত অধিক দশগুণ হোৱে মাৱ ।
পৃথিবীত গুৰুতৰ দেখিব সুভাৱ ॥১০৪
হেন মনু বাক্য তুমি নকৰিবা বাধা ।
পাপ এৰি বাপু তুমি ধৰ্ম্ম পথা সাধা ॥১০৫
মোত পৰে তোৰ আৰ নাই গুৰুতৰ ।
কাম বশ বাপৰ বচন পৰিহৰ ॥১০৬
হৰি হৰি ৰাম তই দহিবাক ভৈলে ।
নিৰ্বাণ কালৰ বাতি জ্বালিয়া নিভাইলে ॥১০৭
দুই পুত্ৰ হৰুয়াইলোঁ কি কাম কৰিলোঁ ।
এবেসে জানিলোঁ মই জীৱন্তে মৰিলোঁ ॥১০৮
প্ৰাণ প্ৰভু স্বামী দশৰথ মহীপাল ।
জানিলোহোঁ এবেসে তোমাৰ ভৈল কাল ॥১০৯
কৈক যাইবে ৰাম মোৰ একুটীৰ পো ।
তোক সুমৰন্তে সদা ঝৰিবেক লো ॥১১০
নৃপতিৰ বাক্য বাধি কৰ মোক মত্ত ।
ৰাজাৰো হৰিষ হৈব জানিয়োক তত্ত্ব ॥১১১
কৈকেয়ীক বাক্য বুলিবন্ত মহাৰাজ ।
বুলিলোহোঁ ৰামক যাইবাক বনমাজ ॥১১২
বচন নকৰে পুত্ৰ আবচন কৰ ।
যেন অভিমত আবে লৈয়ো আন বৰ ॥১১৩
মোৰ বাক্য কৰিলো সবাৰো হোৱেহিত ।
জ্যেষ্ঠ পুত্ৰক ৰাজ্য দিবাক উচিত ॥১১৪
কাম বশ বাপৰ বচন পৰিহৰ ।
লখাই সমে বিমৰিষ কৰি ৰাজ্য কৰ ॥১১৫
তুমি এৰি গৈলে শূন্য দেখোঁ দশোদিশ ।
অগনিত প্ৰবেশোঁ নুহিবা খাওঁ বিষ ॥১১৬
যদি বন যাইবে বাপু মোকো লইয়া চল ।
তোহোৰ লগতে মইও খাইবোঁ বনফল ॥১১৭
শ্ৰীৰাম বোলন্ত মাৱ কোশল জীয়াৰী ।
তোমাৰ আমাৰ নৃপতিসে অধিকাৰী ॥১১৮
তাহাৰ বচন বাধি কত ফল পাইব ।
গৃহ এৰা ত্ৰিভুবনে কুখিয়াতি যাইব ॥১১৯
নাৰীৰ পতিসে গতি আন দেৱ নাই ।
তান বোল হেলা কৰি পাপকেসে পাই ॥১২০
ব্ৰতে দানে তুষিলা দেৱতা ব্ৰাহ্মণ ।
মোহোৰ দায়াত তাক বিনাশিবে মন ॥১২১
কৈকেয়ীক দেখিবা ভগিনী সম হিত ।
প্ৰবলে সহিতে দ্বন্দ্ব নুহিকে উচিত ॥১২২
যাবত তোমাৰ আছা স্বামী দৃঢ়কায় ।
আমাৰ তুলত বন যাইবে নুযুৱাই ॥১২৩
ৰাজা বৰ দিলা লৈলা কৈকেয়ী সাদৰি ।
তান অপৰাধ আচৰিবোঁ কেন কৰি ॥১২৪
কৈকেয়ীক নৃপতি পূৰ্ব্বত দিলা বৰ ।
আত কিছু দোষ মই নেদেখোঁ বাপৰ ॥১২৫
তোমাৰ স্বামীসে দেৱ শুশ্ৰুষা কৰিবা ।
তাহান বচন মাৱ শিৰত ধৰিবা ॥১২৬
পতিব্ৰতা ধৰ্ম্মে আই স্বৰ্গ চলি যাইবা ।
তান বাক্য হেলা কৰি অধৰ্ম্মক পাইবা ॥১২৭
দশৰথ বাপ মোৰ তুমি নিজ মাৱ ।
জগতে বিদিত ৰঘুকুলে যাৰ ঠাৱ ॥১২৮
ৰামৰ বচন শুনি কৌশল্যা কান্দত ।
পুত্ৰশোকে দুখৰ কমনে পাইবোঁ অন্ত ॥১২৯
যাহাৰ কিঙ্কৰে সবে হস্তী ৰথ ৰাই ।
বিধিৰ বিপাকে ৰাম বন চলি যাই ॥১৩০
ওৱাৰ শ্মশানশাল চিন্তা আম গাণ্ডি ।
কৈকেয়ীৰ বচনে খোচনি ভৈল দাণ্ডি ॥১৩১
শোক বহ্নি শ্বাস ধুম বিয়োগ তোমাৰ ।
নিৰন্তৰে শৱ দাহ কৰিবে আমাৰ ॥১৩২
তুমি এৰিলেতো মই শোক দুঃখ পাইবোঁ ।
নিহৰে নলিনী যেন ঠাৰতে শুকাইবোঁ ॥১৩৩
ধেনু যেন বত্সৰ পাচত কৰে গতি ।
তোমাৰ লগতে যাইবোঁ হেন মোৰ মতি ॥১৩৪
কৈকেয়ীক দেখিয়া শৰীৰ মোৰ কম্পে ।
হৰিণীক নিতে যেন বাঘিনীয়ে জাম্পে ॥১৩৫
সৰ্পিনীৰ আগে যেন মণ্ডুকীৰ গতি ।
সেনীৰ আগত যেন কম্পে কপোৱতী ॥১৩৬
কৈকেয়ীৰ দাস ৰাজা মই যাইবোঁ বন ।
তুমি এৰি গৈলে মোৰ নাহিকে জীৱন ॥১৩৭
ৰাঘবে বোলন্ত মাৱ শোক এৰিয়োক ।
চলিবোঁহো বনক মাঙ্গল্য কৰিয়োক ॥১৩৮
ত্ৰিভুবনে বিদিত নৃপতি দশৰথ ।
সত্যক এৰিবা কেনে তেজি ধৰ্ম্মপথ ॥১৩৯
মোৰ কৰ্ম্মে আসিলা ভৈলন্ত উদভাৱ ।
চৰণত ধৰোঁ মোক আজ্ঞা দিয়ো মাৱ ॥১৪০
যুগুত বচনে ৰামে মাৱক জুৰাইল ।
অনিচ্ছায়ে মাৱৰ অনুজ্ঞা ৰামে পাইলা ॥১৪১
আখি মুখ পখালিলা ৰামে দিলা জল ।
শিশিৰে প্ৰকাশে যেন ৰকত কমল ॥১৪২
দেৱতা পূজিয়া দেবী কৰি সমাপতি ।
মঙ্গল কৰিলা মন্ত্ৰ জপিয়া সম্প্ৰতি ॥১৪৩
ৰক্ষা বান্ধিলন্ত মাথে ৰাম লক্ষ্মণৰ ।
ৰক্ষা কৰন্তোক পথে দেৱ নিৰন্তৰ ॥১৪৪
ৰক্ষা ঔষধক পিন্ধাইলন্ত দুইৰো হাতে ।
দেৱেৰ নিৰ্ম্মাল্য পিন্ধাইলন্ত দুইৰো মাথে ॥১৪৫
ধৃতি স্মৃতি কীৰ্ত্তি সতী সৰস্বতী ।
গতি মতি শান্তী আদি কৰি তুতি নতি ॥১৪৬
অসংখ্য ৰহস্য শাস্ত্ৰ নিগম পুৰাণ ।
ইতিহাস আদি কৰি কৰন্তো কল্যাণ ॥১৪৭
সিংহ বাঘ ঘোঙ আদি কুঞ্জৰ মহিষ ।
ৰাক্ষস পিশাচ সৰ্পগণ মহাবিষ ॥১৪৮
বৰাহ ভালুক গণ্ড গৱয় সকল ।
ঋষভ প্ৰভুতি কৰি কৰন্ত মঙ্গল ॥১৪৯
ধাতা বিধাতাক আদি ইন্দ্ৰ দেৱৰাজ ।
কুবেৰ বৰুণ আদি দেৱতা সমাজ ॥১৫০
স্বৰ্গ মৰ্ত্ত্য ৰসাতল অনিল অনল ।
চন্দ্ৰ সূৰ্য্য দিন ৰাতি নক্ষত্ৰ সকল ॥১৫১
জলচৰ থলচৰ বনচৰ জন্তু ।
ত্ৰিভুবনে থিত যত মঙ্গল কৰন্ত ॥১৫২
পুত্ৰ দুইকো কৌশল্যা কোলাক লাগি নিলা ।
আপোন পাৱৰ ধূলি দুইৰো মাথে দিলা ॥১৫৩
চৌধয় বৰিষ সুখে বনে যাওক কাল ।
অবিৰোধে তৰিবাহা বিপিন বিশাল ॥১৫৪
আকাশ পৱন যেন থাকে নিৰন্তৰে ।
এক প্ৰাণে দুয়ো ভাই বঞ্চিবা দুস্তৰে ॥১৫৫
দুয়ো ভাই মাৱ দুইকো প্ৰদক্ষিণ কৰি ।
মাৱ দুইৰো পদধূলি শিৰে আনি ধৰি ॥১৫৬
জনমন হৰন্তে চলিলা দুই ভাই ।
লীলাগতি পাইলা গৈয়া আপোনাৰ ঠাই ॥১৫৭
নমোঁ নমোঁ ৰঘুকুল কমল দীনেশ ।
ব্ৰহ্মা হৰ আদি পালে যাহাৰ আদেশ ॥১৫৮
ভৱ দুথ দূৰ হোৱে যাৰ লৈলে নাম ।
তান কৈত দুঃখ আছে জানি বোলোঁ ৰাম ॥১৫৯