দশৰথ ৰজাৰ প্ৰেতকাৰ্য্য
ৰামায়ণ বৃত্তান্ত |
---|
|
- ২৯ অধ্যায়
- দশৰথ ৰজাৰ প্ৰেতকাৰ্য্য
সূৰ্য্য অস্ত গৈল নিশা দুঃখ বৰ পাইল ।
বৰিষ সমান তান ৰজনী পোহাইল ॥১
প্ৰভাতে বশিষ্ঠ গুৰু চালিলন্ত গাৱ ।
মন্ত্ৰী পাত্ৰ লৈয়া গৈলা ভৰতৰ ঠাৱ ॥২
দশৰথ ৰাজাৰ দেখিলা বাসঘৰ ।
ইন্দ্ৰ নাহিকন্ত যেন স্বৰ্গৰ ভিতৰ ॥৩
পাত্ৰ সব দেখিলা ৰাজ্যৰ মহাহিতে ।
ভৰতে বোলন্ত আইলা আমাক দেখিতে ॥৪
বাপ ভাইৰ দ্ৰোহিয়া আমাৰ নাহি গতি ।
কৈকেয়ী মাৱে কৈলা চাণ্ডাল সঙ্গতি ॥৫
তেজিলোহোঁ ৰাজ্যধন সবে বন্ধুজন ।
বিনে বাপ ভাই মোৰ নিষ্ফল জীৱন ॥৬
হেন বুলি ভৰত ভূমিত পৰিলন্ত ।
পাত্ৰ সবে দেখিয়া ক্ৰন্দন কৰিলন্ত ॥৭
বশিষ্ঠ বোলন্ত দশৰথৰ তনয় ।
তোমাৰ কিসক ইটো সন্তাপ জ্বলয় ॥৮
পিতৃকাৰ্য্য কৰিয়া লৈয়োক ৰাজপাট ।
খণ্ডোক লোকৰ দুঃখ দুৰ্গতি ললাট ॥৯
আছিলন্ত ভুবিদ্যুম্ন ৰাজা ৰবিতলে ।
গৈলন্ত স্বৰ্গক আপোনাৰ কৰ্ম্মফলে ॥১০
সকলে কুটুম্বে পাচে শোকে কান্দিলন্ত ।
সিকাৰণে পুণ্য ক্ষয় হৈয়া পৰিলন্ত ॥১১
হেন জানি শোক তুমি কৰা উপশাম ।
তুৰিতে দেখিবা সীতা লক্ষ্মণ শ্ৰীৰাম ॥১২
স্বৰ্গে গৈল দশৰথ ৰাজা শুদ্ধভাৱ ।
ক্ৰন্দন কৰিয়া তাঙ্ক পেলাইবাক চাৱ ॥১৩
ভৰতে বোলন্ত হেন কিয় বোলাঁ মোক ।
মাৱে থৈলা অপযশ কিমতে গুছোক ॥১৪
পিতৃৰ কৰিবোঁ আমি দশ পিণ্ড কায ।
কৰিবোঁ ৰামক সেৱা নলাগয় ৰাজ ॥১৫
হেন শুনি বশিষ্ঠ মনত ৰঙ্গ ভৈলা ।
ভৰতক লৈয়া মৰাশৰ পাশে গৈলা ॥১৬
মৰা বাপ দেখিলন্ত কৈকেয়ীৰ সুত ।
দুই ভাই লুটি পৰি কান্দিলা বহুত ॥১৭
তৈল হন্তে নৃপতিক তুলিলন্ত কোলে ।
দুই ভাই নিয়া থাপিলন্ত চতুৰ্দ্দোলে ॥১৮
অগুৰু চন্দনে দেহা ভূষিত কৰাইল ।
সব অলঙ্কাৰ নিয়া গাৱত চড়াইল ॥১৯
আগে পাচে বহন্ত ভৰত শত্ৰুঘনে ।
দুইপাশে ধৰিলা ৰাজাৰ বন্ধুজনে ॥২০
মুখ্য মুখ্য নৃপতিৰ যত বন্ধুলোকে ।
ৰাজাক দহিতে লাগি চলি গৈলা শোকে ॥২১
ৰাজাক থাপিলা নিয়া নদীৰ তীৰত ।
বেঢ়িয়া কান্দন্ত মহাদই লোক যত ॥২২
হাঁ প্ৰভু আমাৰ টিকৰ নিজ নাহা ।
আমাক তেজিয়া তুমি কৈক লাগি যাহা ॥২৩
মুকুট কুণ্ডল শোভে বিবিধ মণ্ডল ।
হাসোঁ হাসোঁ কৰে আতি ৰাজাৰ বদন ॥২৪
মহাদেই সকলে ক্ৰন্দন কৰে আগে ।
উত্তৰ নেদন্ত যেন মনত বৈৰাগে ॥২৫
অগুৰু চন্দন দাৰু নিৰ্ম্মিলন্ত চিতা ।
বন্ধুজনে কান্দন্ত ৰাজাৰ চতুৰ্ভিতা ॥২৬
চিতাত থাপিলা নিয়া উত্তৰ শিথানে ।
ওপৰতে যজ্ঞ পাত্ৰ থৈল থানে থানে ॥২৭
ওহিক ব্ৰাহ্মণে তিনি অগনি থাপিয়া ।
ঘৃতাহুতি দিলন্ত হাতত শ্ৰুব দিয়া ॥২৮
উডুখল মুষলকো থাপিলন্ত নিয়া ।
অগ্নিত হুমিলা পশু গোটক মাৰিয়া ॥২৯
সবত্সা অনেক ধেনু প্ৰদান কৰিল ।
বিধিৰ নিয়মে পাচে মুখাগ্নি কৰিল ॥৩০
কলসে কলসে ঘৃত অনেক ঢালিল ।
জাজ্জ্বল্য সমান চিতা অগনি জ্বলিল ॥৩১
অগনি লাগিল যেবে নৃপতিৰ গাৱে ।
প্ৰণমিল কুমাৰে ৰাজাৰ দুই পাৱে ॥৩২
আৰ্ত্তনাদ কৰি কান্দিলন্ত দুই ভাই ।
হাঁ বাপ কৈক যাহা আমাক পেলাই ॥৩৩
মোৰ এৰি কৈক যাহা দশৰথ বাপ ।
লবিকে নপাৰোঁ আৰু হৃদয়ৰ তাপ ॥৩৪
অনুদিনে বাপ যাত সমৰ্পণা কৰি ।
পিতৃ সম ৰাম গৈলা দেশ পৰিহৰি ॥৩৫
হাঁ ৰাম দাদা মই কত পাপ কৈলোঁ ।
তুমি হেন ভাতৃক বঞ্চিত মই ভৈলোঁ ॥৩৬
বশিষ্ঠে বোলন্ত সবে অৱশ্যে মৰিব ।
মৃতক পৰাণ পুনৰপি উপজিব ॥৩৭
অনুশোচ এৰিও সংসাৰ বিধি বক্ৰ ।
সংহাৰিব সবাকো দুৰ্ব্বাৰ কালচক্ৰ ॥৩৮
তুমি আমি প্ৰমুখ্যে আৱৰ যত জন ।
দিন কতিপয় থাকি সবে হৈবোঁ ছন্ন ॥৩৯
পদ্মৰ পত্ৰৰ যেন নীৰ বহি যাইব ।
শোক এৰাঁ সবে হন্তে প্ৰাণ হৰুৱাইব ॥৪০
দুই ভাইক বশিষ্ঠে তুলিলা হাতে ধৰি ।
গুৰুৰ বচন শুনি শোক পৰিহৰি ॥৪১
লোতকে তিন্তিল দুইৰো শৰীৰ সকলে ।
শুক্ৰধ্বজ যুগ যেন বৰিষণ জলে ॥৪২
নিশএষ দগধ ভৈলা দশৰথ ৰাজ ।
সৰযুত বুৰ দিয়া প্ৰেতাঞ্জলি কায ॥৪৩
জলদান কৰিতে ভৰত লৰি গৈলা ।
নিৰন্তৰে তীৰ্থ যত তৈতে আসি ভৈলা ॥৪৪
পয়স্বিনী গঙ্গা দেৱী যমুনা গোমতী ।
চন্দ্ৰভাগা কাবেৰী লৌহিত্য সৰস্বতী ॥৪৫
নৰ্ম্মদা সুৰেষা সোন নদী হীম্মতী ।
গোদাৱৰী কৃতমালা নদী ভানুমতী ॥৪৬
সব তীৰ্থ আসি ভৈলা সৰযুৰ জলে ।
কুমাৰে তৰ্পণ কৈলা কুটুম্ব সকলে ॥৪৭
নিৰন্তৰে জ্ঞাতীয়ে কৰিল জলদান ।
তেতিক্ষণে আসি ভৈলা ইন্দ্ৰৰ বিমান ॥৪৮
তীৰ্থজল পান কৰি তৃপিতি ভৈলন্ত ।
ৰথে চড়ি দশৰথ স্বৰ্গক গৈলন্ত ॥৪৯
ইন্দ্ৰে আসি কতো দূৰ আগ বঢ়াই নিলা ।
আপোনাৰ অৰ্দ্ধাসন তাঙ্ক এৰি দালা ॥৫০
পাচে প্ৰজা সব উঠি চালিলন্ত গাৱ ।
পিণ্ড দিয়া ভৰত লৰিলা নিজ ঠাৱ ॥৫১
আগে পিছে গৈল প্ৰজা পীড়িলেক শোকে ।
ইন্দ্ৰক পীড়িল যেন অসুৰৰ লোকে ॥৫২
দূৰতে ভৰতে দেখি অযোধ্যা নগৰী ।
প্ৰজাক সম্বুধি মাতিলন্ত মন্যু কৰি ॥৫৩
ৰাম দশৰথে শূন্য গ্ৰাম দেখা জনে ।
নাৰীক নোশোভে যেন স্বামী অবিহনে ॥৫৪
তেজিলোঁহো সবেদেশ যত বন্ধুজন ।
বিনা বাপ ভাই মোৰ নিষ্ফল জীৱন ॥৫৫
ভৰতক বুলিলা ব্ৰাহ্মণ মহাপাত্ৰ ।
ধৰ্ম্মপাল নামে নৃপতিৰ পূৰ্ব্বপাত্ৰ ॥৫৬
অনুশোচ পৰিহৰা ভৰত কুমাৰ ।
কান্দিলেকি আসে আউৰ জনক তোমাৰ ॥৫৭
স্বৰ্গে গৈলা দশৰথ ৰজা মহাজন ।
ক্ৰন্দন কৰিয়া তাঙ্ক পেলাইবাক মন ॥৫৮
কান্দিলে বাহুড়ে যেবে মৰাৰ জীৱন ।
আজি কান্দি জীয়াইব সকলে বন্ধুজন ॥৫৯
শুনিয়া ভৰতে পাছে তেজিলন্ত শ্বাস ।
অযোধ্যা পশিলা পাচে বাপৰ আবাস ॥৬০
শূন্য থান দেখিয়া সবাৰে মন ঝিন ।
তৃণ শয্যা দোভায়ে কৰিলা দশদিন ॥৬১
দশ পিণ্ড দিলন্ত আৱৰ দশ কৰ্ম্ম ।
ত্ৰিদশা কৰিলা যতেক কুল ধৰ্ম্ম ॥৬২
একদশা দোৱা দশা শ্ৰাদ্ধ নিবৰ্ত্তিল ।
নানাবিধ দান পাচে ব্ৰাহ্মণক দিল ॥৬৩
হাঁতী ঘোড়া ৰথ যত চতুৰ্দ্দোল যান ।
দাসী দাস ৰূপা সোণা গৃহ বস্ত্ৰদান ॥৬৪
তাম্বুল ভোজন মাল্য আৰু বৰবস্ত্ৰ ।
শয্যা ধেনু বৃষভ দিলন্ত বৰছত্ৰ ॥ ৬৫
ইসব পূৰ্ব্বকে যত বাপৰ উদ্দেশ্যে ।
দিলা দান কৰ্ম্মকাণ্ড কৰিলা নিশেষে ॥৬৬