দশৰথৰ মৃত্যুৰ বাতৰিত শোক-প্ৰকাশ
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৩৭ অধ্যায়
দশৰথৰ মৃত্যুৰ বাতৰিত শোক - প্ৰকাশ
- দুলৰি ।
ৰাম শত্ৰুঘন, ভৰত লক্ষ্মণ,
- আৱৰ সীতা গোসাঁনী ।
দাৰুণ শোকৰ, ঘাৱে পীড়িলেক,
- মুখে নসঞ্চৰে বাণী ॥১
ৰাঘৱে বোলন্ত, ভৈয়াই ভৰত,
- তই চিন্তা বৰ পাইলি ।
মোৰ বৃদ্ধ মাৱ, বাপক এৰিয়া,
- কি কাৰ্য্যে বনক আইলি ॥২
বশিষ্ঠ গুৰুৰ, বাৰ্ত্তা কহ বাপ,
- আৰো যত মুনি বৰ্গ ।
সব লোক মন্ত্ৰী, পাত্ৰ আছে যত,
- আৰো শত ম মাৱ বৰ্গ ॥৩
কৌশল্যা সুমিত্ৰা, আইৰ বাৰ্ত্তা কহ,
- যত অযোধ্যাৰ লোক ।
বৃদ্ধ দশৰথ, বাপে কোন দিন,
- কৰে যুৱৰাজ তোক ॥৪
ভেদ দণ্ড সাম, দানৰ উপাই,
- বুজিলা তাক বিচাৰি ।
দেৱ দ্বিজ গুৰু, পিতৃৰ চৰণ,
- ভালে তুষিবাক পাৰি ॥৫
মুখ্য মুখ্য লোক, মাহুত ৰাহুত,
- তাক পাল ভাল কৰি ।
সকল দেশক, মাৱ বাপ এৰি,
- কেনে আইলি জটা ধৰি ॥৬
ৰামক প্ৰণাম, কৰিয়া ভৰতে,
- নমিলা পাচে সীতাক ।
কান্দো কান্দো মুখ, কৰি বুলিলন্ত,
- কিয় হেন বোলা মোক ॥৭
শ্মশান - শালীৰ, পোৰা ছাইক যেন,
- দেখিতে নুহিকে ভাল ।
কৈকেয়ীৰ গৰ্ভে, উপজিলোঁ আমি,
- অধম যেন চণ্ডাল ॥৮
তোৰা তিনি যেবে, বনক আসিলা,
- পূৰ্ণ ছয় দিল ভৈল ।
মধ্য ৰাত্ৰি ভৈলে, তোমাৰ শোকত,
- বাপৰ পৰাণ গৈল ॥৯
বশিষ্ঠ গুৰুৱে, নাৰাণ তেলতত,
- মৃতক দেহক থৈয়া ।
অযোধ্যাক লাগি, শীঘ্ৰ বেগে দূতে,
- আমাক আনিলে গৈয়া ॥১০
শত্ৰুঘনে সমে, দুইহান্তে আসিয়া,
- দুৱাৰ পাইলোঁ বাপৰ ।
পিতৃৰ গৃহক, শূন্য দেখি পাচে,
- ঠাৱক গৈলোঁ মাৱৰ ॥১১
বাপৰ মৰণ, তযু বনবাস,
- কহিলা দাৰুণী মাৱে ।
হৃদয় বিকল, ভৈল আতি মোৰ,
- দাৰুণ বচন ঘাৱে ॥১২
শব সতকাৰ, কৰিলোঁ বাপৰ,
- দিলোহোঁ দান দক্ষিণা ।
এক দণ্ড যেন, যুগ যাই মোৰ,
- তোমাৰ চৰণ বিনা ॥১৩
আসি ভৈলোঁ বন, তোমাৰ চৰণ,
- দেখিয়া এৰাইলোঁ শোক ।
বোলোঁ প্ৰভু কায, আসিলৈয়োঁ ৰাজ,
- অনুগ্ৰহ কৰাঁ মোক ॥১৪
আপাত মধুৰ, শুনিয়া প্ৰচুৰ,
- স্বাদত পাচে কাঞ্জি ।
সউৰা বৃক্ষক, ৰুইল মোৰ মাৱে,
- উত্তম বট উভাঞ্জি ॥১৫
তোমাত নৈৰাশ, কৰি বন বাস,
- দিয়াই ৰাজ্য লৈলা মাগি ।
হেনয় কৈকেয়ী, মাৱ আছে আসি,
- তোমাক নিবাক লাগি ॥১৬
ইটো বনাশ্ৰম, তোমাৰ নিয়ম,
- কাৰ্য্যক আমি গঞ্জাইবোঁ ।
কৰিয়া হৰিষ, চৌধয় বৰিষ,
- বনে ফলমূল খাইবোঁ ॥১৭
শাস্ত্ৰৰ বিধানে, জ্যেষ্ঠ বিদ্যমানে,
- কনিষ্ঠৰ নোহে ৰাজ ।
ৰাজ্যক চলিয়ো, আপুনি কৰিয়ো,
- পিতৃৰ অঞ্জলি কায ॥১৮
বাপৰ মৰণ, শুনিয়া বচন,
- ৰাঘৱৰ পোৰে গাৱে ।
অলপ জলত, মত্স যেন মত,
- দহৱৈ সূৰ্য্য - প্ৰভাৱে ॥১৯
শোক কালমেঘ, ভৈল যেন আতি,
- মুখ যেন ভৈল শশী ।
নদীৰ তীৰত, বৃক্ষ যেন মত,
- পৰিলন্ত ৰাম খসি ॥২০
কৰন্ত সন্তাপ, হাঁ হাঁ বৃদ্ধ বাপ,
- দশৰথ মহীপাল ।
জানিলোহোঁ নিষ্ঠে, আমিসে পাপিষ্ঠে,
- তোমাৰ কৰিলোঁ কাল ॥২১
পাপে তল গৈলোঁ, জ্যেষ্ঠ পুত্ৰ ভৈলোঁ,
- পৃথিবীৰ মহাভাৰ ।
বাপ গৈলা কহি, নিজ কান্ধে বহি,
- নকৰিলোঁ সংস্কাৰ ॥২২
ধন্য ধন্য তযু, তনয় ভৰত,
- ধন্য শত্ৰুঘন বীৰ ।
নিজ কান্ধে বহি, দহিল আপুনি,
- পিতৃৰ সিটো শৰীৰ ॥২৩
শুন শুন সতী, প্ৰাণেশ্বৰী সীতা,
- বিধি কৈল এত দূৰ ।
দুখে দহে মোক, পীড়ি পুত্ৰ শোকে,
- মৰিলা তযু শ্বশুৰ ॥২৪
ৰামৰ চৰিত্ৰ, পৰম অমৃত,
- শুনা সামাজিক জন ।
ধৰ্ম্ম শিৰোমণি, সংসাৰ তৰণী,
- ইসে ভকতৰ ধন ॥২৫
ৰাম গুণ গান, মুক্তি বিত্ত মূল,
- সকলো শাস্ত্ৰৰ সাৰ ।
এহি মুখ্য কাম, বোলা ৰাম ৰাম,
- গুচোক দুখ নিকাৰ ॥২৬