ৰামচন্দ্ৰৰ অযোধ্যালৈ আগমন
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৰামায়ণ ।
- অযোধ্যাকাণ্ড ।
============================
সম্পাদনা কৰক- ১ অধ্যায়
- ৰামচন্দ্ৰৰ অযোধ্যালৈ আগমন
জয় জয় ৰামচন্দ্ৰ জগত আধাৰ ।
ব্ৰহ্মা হৰ পুৰন্দৰ সেৱক যাহাৰ ॥১
সৃষ্টি স্থিতি লয় যাৰ লীলা অনুপাম ।
হেন ৰাম পদে কৰোঁ সদায় প্ৰণাম ॥২
স্বৰূপ আৱৰি নিজা মায়া বশ্য কৰি ।
দশৰথ গৃহে লীলাৰূপে অৱতৰি ॥৩
মনুষ্যৰ নয় কৰ্ম্ম কৰিলা অপাৰ ।
যাহাৰ শ্ৰবণে মহাপাপীৰো উদ্ধাৰ ॥৪
লক্ষ্মণ সহিতে বিশ্বামিত্ৰ সঙ্গে আসি ।
ৰাখিলা তাহান যজ্ঞ ৰাক্ষস বিনাশি ॥৫
ঋষি সমন্নিতে ৰঙ্গে গৈয়া মিথিলাক ।
ধনুৰ্ভঙ্গ কৰি বিহা কৰিলা সীতাক ॥৬
পৰম সুন্দৰী ভাৰ্য্যা পায়া হৃষীকেশ ।
পৰম উত্সুকে ভৈলা অযোধ্যা প্ৰবেশ ॥৭
চন্দ্ৰৰ উদয়ে যেন কুমুদ প্ৰকাশ ।
ৰামক দেখিয়া সৰ্ব্ব জনৰ উল্লাস ॥৮
সুৰভি শীতল বহে মলয়া পবন ।
পুষ্পবন সুগন্ধে আমোদ কৰে মন ॥৯
ধনে জনে বিচিত্ৰ মণ্ডিত সৰ্ব্বজন ।
ৰাজ্যৰ পাতন যেন স্বৰ্গৰ ভুবন ॥১০
সুপক্ক কদলী ৰুইল বাহিৰে তোৰণ ।
কনকে ৰচিত ধ্বজ ভূষিত বসন ॥১১
জমকে জমকে জ্বলে মাণিক অপাৰ ।
শেতেনেতে মণ্ডিত নগৰী জাতিষ্কাৰ ॥১২
পুৰুষ ৰমণী তৈত ভৈল উসমিশ ।
নগৰৰ পথত যাইবাক নাই দিশ ॥১৩
শঙ্খপট হৰিষ ৰমাদলৰ জাক ।
নন্দিনী নিনাদ বাদ্য বাৱে বীৰ ঢাক ॥১৪
ৰমণীৰ বদন নিৰ্ম্মল শশধৰ ।
কুণ্ডল যুগল সুবলিত দিনকৰ ॥১৫
তাৰাগণ সদৃশ মাণিক সব জ্বলে ।
অযোধ্যা নগৰী দেৱ ভুবনতো বলে ॥১৬
ঘণ্টাৰ শবদে হস্তী চলে সংহৰিষে ।
আগে পাচে চলন্তে তুৰঙ্গ সব হ্ৰেঁষে ॥১৭
চতুৰঙ্গ দলত শবদ কোলাহল ।
পূৰ্ব্বৰ কালত যেন স্বৰ্গৰ আম্ফাল ॥১৮
বিমান সদৃশ ৰথ চতুৰ্দ্দিশে চলে ।
নেমিৰ সন্ধানে সবে নাগলোক টলে ॥১৯
উপৰে শকতি ধনু নৰাচ কটাৰ ।
নয়নত চমক খৰশ জাতিষ্কাৰ ॥২০
বিদ্গধ জন তৈত মিলিলা অশেষ ।
বালবৃদ্ধ তৰুণ আসিল দেশ দেশ ॥২১
বন্দিগণে তুতি পঢ়ে ব্ৰাহ্মণে আশীষ ।
জয় জয় শবদে পূৰিল দশোদিশ ॥২২
ৰাম আগমন শুনি কৌতূহল মনে ।
কুন্দৰুখ জালে চাহে কেহো নাৰীগণে ॥২৩
ধৌলিৱৰ উপৰত চড়িল যুবতী ।
কৈলাস শিখৰে শোভে যেহেন পাৰ্ব্বতী ॥২৪
সখীগণ সম্বুধি বোলয় বৰনাৰী ।
ৰামৰ স্বৰূপে চিত ধৰিতে নপাৰি ॥২৫
ৰাম মুখ পদ্ম মোৰ নয়ন ভ্ৰমৰ ।
বাৰিতে নপাৰোঁ ভোগ কৰে নিৰন্তৰ ॥২৬
কাঞ্চিৰ শবদ নূপুৰৰ ৰুন ঝুন ।
বৰ্ণাইবেক কেমনে ৰামৰ ৰূপ গুণ ॥২৭
ৰম্ভা তিলোত্তমা আৰু উৰ্ব্বশী সুন্দৰী ।
সীতাৰ ৰূপক কেহো নুহি সৰিবৰি ॥২৮
ৰাম সীতা আগমন দেখি সৰ্ব্বলোকে ।
থানে থানে উৰুলি পাৰয় ঝোকে ঝোকে ॥২৯
কেঁহো নৃত্য কৰে কেঁহো আনন্দ বধাৱ ।
নটীসবে নাচয় কৰিয়া ভঙ্গীভাৱ ॥৩০
ৰামক সীতাক দেখি গৈলা থানে থানে ।
নগৰীৰ লোকক তুষিলা দানে মানে ॥৩১
সুবৰ্ণ ৰজতৰত্ন যতেক সম্ভাৰ ।
ৰামক সীতাক দিলা যৌতুক অপাৰ ॥৩২
ৰাম সীতা ৰথে থিত ভৈলন্ত চৌপথে ।
উৰ্ম্মিলা লক্ষ্মণ থিত ভৈলা একে ৰথে ॥৩৩
হাট বাট এৰাই গৈলা জঙ্গাল চৌপথ ।
কৌশল্যাৰ ঘৰে চলি গৈলা দশৰথ ॥৩৪
কৌশল্যা গৃহত কৈলা বিবিধ আচাৰ ।
কহিলা সুমন্ত্ৰ শুন আমাৰ বচন আমাৰ ॥৩৫
আগবাঢ়ি সুমন্ত্ৰ যুৰিলা যোৰহাত ।
ৰাজ ৰাজেশ্বৰ বুলি নমিলন্ত মাথ ॥৩৬
দশৰথে আজ্ঞা কৰিলন্ত সুমন্ত্ৰক ।
শীঘ্ৰে গৈয়া আন কুল নন্দন ৰামক ॥৩৭
মাথে ধৰি মন্ত্ৰী নৃপতিৰ আজ্ঞা বাণী ।
ৰাম সীতা লক্ষ্মণক মিলাইলন্ত আনি ॥৩৮
থাপিলন্ত গৃহত সুবৰ্ণময় ঘট ।
কন্যা সবে পাৰিল বাটত নেতপট ॥৩৯
আপোনাৰ আচাৰ কৰিল নাৰীগণে ।
দশৰথ থিত ভৈলা সহৰিষ মনে ॥৪০
ৰামসীতা প্ৰবেশিলা ৰাজাৰ মন্দিৰি ।
ভাৰ্য্যা সমে সূৰ্য্য যেন থিত অস্তগিৰি ॥৪১
নমিলন্ত বাপক আৱৰ নিজ মাৱ ।
কৈকেয়ীৰ সুমিত্ৰাৰ নমিলন্ত পাৱ ॥৪২
ছয় শত মাৱ আৰ পঞ্চাশ বেকতি ।
একে একে সবাহাক কৰিলা প্ৰণতি ॥৪৩
শ্ৰীৰাম লক্ষ্মণ আদি কৰি চাৰি ভাই ।
চাৰি কন্যা লৈয়া চলি গৈলা নিজ ঠাই ॥৪৪
নাৰী মিলিলন্ত যত কৌশল্যাৰ ঘৰ ।
সীতাৰ ৰূপক কেহো নোহে সমসৰ ॥৪৫
সীতাৰ প্ৰভাৱে মুখ মলিন সবাৰ ।
পূৰ্ণচন্দ্ৰ উদয়ে নজ্বলে যেন তাৰ ॥৪৬
কাশ্যপক অদিতিক যেন সুৰপতি ।
বাপক মাৱক নিতে কৰিলা ভকতি ॥৪৭
দেৱ দ্বিজ আৰাধিয়া সন্তোষণ কৰি ।
নিজগুণে ৰঞ্জিলন্ত সমস্তে নগৰী ॥৪৮
চাৰি ভাই মিলি ধৰ্ম্মপথ অনুসৰি ।
হৰিষে আছন্ত নানাবিধ ভোগ কৰি ॥৪৯
মাতুলক দেখো ভৰতৰ ভৈলা মন ।
তুলত লৈলন্ত প্ৰাণ ভাই শত্ৰুঘন ॥৫০
ৰামৰ চৰণ দুই নমস্কাৰ কৰি ।
অনুজ্ঞা মাগিলা পাচে পুটাঞ্জলি ধৰি ॥৫১
প্ৰণমিলা বাপক আৱৰ নিজ মাৱ ।
পাইলন্ত ভৰত গৈয়া যুদ্ধাজিত ঠাৱ ॥৫২
ৰাজা যুদ্ধাজিতে তাঙ্ক ভালে সাদৰিল ।
মাস কতিপয় তথা ভৰতে বঞ্চিল ॥৫৩
বিবিধ সম্বাদ তথা মিলিল বহুত ।
ৰামৰ কাহিনী আবে শুনিয়ো প্ৰস্ত্তত ॥৫৪