কুঁজীৰ বিলাই
ৰামায়ণ বৃত্তান্ত |
---|
|
- ২৭ অধ্যায়
- কুঁজীৰ বিলাই
শুনিলেক কুঁজীয়ে ভৰত আসি ভৈল ।
সত্ত্বৰ গমনে কৈকেয়ীৰ পাশে গৈল ॥১
পিন্ধিলেক হৰিষে বত্ৰিশ অলঙ্কাৰ ।
মুকুট কুণ্ডল গ্ৰীৱে সাতেশৰি হাৰ ॥২
বলয় কঙ্কন কাঞ্চি নূপুৰৰ সাজে ।
হংসী কেলি কৰে যেন সৰোবৰ মাজে ॥৩
সুবৰ্ণৰ খোল নিয়া কুঁজত চড়াইল ।
কটাক্ষ দৃষ্টিয়ে ভৰতৰ মুখ চাইল ॥৪
শৰীৰত পিন্ধিলেক অগুৰু চন্দন ।
কৈকেয়ীৰ গৃহ লাগি কৰিল গমন ॥৫
ৰাজ যোগ্য অলঙ্কাৰ পিন্ধি উৰি গাৱে ।
কপিলা থাকিলা যেন চণ্ডালৰ ঠাৱে ॥৬
বিমৰিষ কৰে কুঁজী আউৰ কিবা চাওঁ ।
ভৰতৰ সমীপক কিসক নযাওঁ ॥৭
মই বান্ধো ৰূপ বৰ হেনয় নোহয় ।
মোহোৰ স্বৰূপে দেখো আথান জ্বলয় ॥৮
বয়সত বৰ মই ভৰতত কৰি ।
কাম বশ ভৈলে সিটো দোষক নধৰি ॥৯
বিদিতে কুমাৰে যেবে লাজ কিছু কৰি ।
গুপ্তৰূপে তথাপিতো হৈবোঁ পটেশ্বৰী ॥১০
অনন্তৰে অন্তঃপুৰে ভৰতে চাহিল ।
সেহিবেলা কুঁজী আসি আগতে মিলিল ॥১১
দেখ ভাই সমস্তৰে বহ্নি কুণ্ড আইল ।
হেন বুলি কুঁজীক তাহন্তে সঙ্কটাইল ॥১২
সকল আপদ হেতু এইসে আশুধী ।
লাথি ভুকু চৱৰ মাৰস যথাবিধি ॥১৩
হেন শুনি শত্ৰুঘনে মন্থৰাক পাইল ।
যেন ক্ষুদ্ৰ মৃগী দেখি কেশৰী খঙ্গাইল ॥১৪
ঘাৰে ধৰি কুঁজীক ফুৰাইল বহুপাক ।
মন্থৰা ঘূৰয় যেন কুমাৰৰ চাক ॥১৫
কতো বেলি পেলাৱন্ত আচাৰি হাতৰ ।
হিয়া মাটি পাইল যেন কুৰ লাঙ্গলৰ ॥১৬
মাৰিলন্ত কুঁজত অনেক শত কীল ।
চিত কৰি হিয়াত ডাঙ্গৰ শিল দিল ॥১৭
দুই কোসে মাৰিলন্ত নিদাৰুণ লাঠি ।
ঘুকুচা ঘাৰত দিল বহু ঘৰাকাটি ॥১৮
পুনু পুনু কেশত ধৰিয়া আজুৰিল ।
কান্দন্তে মাৰিল ভুকু মুখে ধূলি দিল ॥১৯
বাৰে বাৰে তুলি তুলি ভূমিত আম্ফালি ।
চৱৰত ভাঙ্গি গৈল দন্ত দুই পাৰি ॥২০
কুঁজীৰ বিলাই দেখি তাইৰ বন্ধুজন ।
হাঁ বান্ধৈ বুলিয়া কান্দিল ঘনে ঘন ॥২১
মাৰিবেক আমাক দুৰ্ব্বাৰ শত্ৰুঘনে ।
কৌশল্যাত সবে গৈয়া পশিল শৰণে ॥২২
পাচ চাই পলাইল কুঁজীৰ চেড়ীগণ ।
কৈকেয়ীক চাহি বুলিলন্ত শত্ৰুঘন ॥২৩
তোৰ বাক্যে আমাৰ জ্বলিল বৰ শোক ।
কুল সংহাৰিনী আসি নৰাখয় তোক ॥২৪
এহি মুখে বুলিলি ৰাঘৱ বনে যাউক ।
আৰু বোল বুলিলি ভৰতে ৰাজ্যা পাউক ॥২৫
হেন বুলি কুমাৰৰ হৃদয় ভাগিল ।
আৱৰ কুঁজীক গৈয়া কিলাইবে লাগিল ॥২৬
ৰাম সীতা লক্ষ্মণ গৈলন্ত বনমাজে ।
ৰাজায়ো মৰিলা এই পাপিনীৰ কাজে ॥২৭
হেন বুলি গালত নিৰ্দ্দয় দিলা মুঠি ।
একো মতে কুবুজীৰ প্ৰাণ নযাই ফুটি ॥২৮
চিঙ্গি সিঞ্চিলন্ত কুবুজীৰ অলঙ্কাৰ ।
স্বৰ্গে যেন আতিশয় ঝিকমিক তাৰ ॥২৯
শত্ৰুঘৰ কোপ দেখি ভৰতৰ মাৱে ।
ভয়ে চমকিয়া গৈল ভৰতৰ ঠাৱে ॥৩০
অথিৰ নয়ন তাৰ মুখে নাহি পান ।
শত্ৰুঘ্নৰ হাতে আজি হৈবোহোঁ নিৰ্য্যাণ ॥৩১
ভয়ে তৰতৰি কাম্পে অধৰ শুকাইল ।
এক দোক্ কৰি ভৰতৰ কাষ পাইল ॥৩২
মোৰ প্ৰাণ ৰাখ বাপ তোহোঁত শৰণ ।
আসজ মিলিল দেখোঁ শুনিয়ো বচন ॥৩৩
মই তোক বোলোহোঁ অলপমতি ছোট ।
কুঁজীক মাৰিল নিদাৰুণ পুত্ৰগোট ॥৩৪
দুই গোটা ভায়েকত পৰি গৰ্ব্বি নাই ।
ঘনে ঘনে মোক চাৱৈ চক্ষুক পকাই ॥৩৫
নিদাৰুণ দেখোঁ বৰ সুমিত্ৰাৰ পোক ।
দুয়ো গোটা ভায়েকে মাৰিতে চাহে মোক ॥৩৬
লক্ষ্মণেও মোক মাৰিবাক সাজ ভৈল ।
ৰামৰ বচনে পাচে বাহুৰিয়া গৈল ॥৩৭
ভৰতে বোলন্ত শত্ৰুঘ্নৰ মুখ চাহি ।
মৰাকে মাৰিলে আৰু কিছুফল নাহি ॥৩৮
কুঁজী পৰা চেৰীসে নুহিকে স্বতন্তৰ ।
বোঝাৰ ওপৰে শাক যেন পটন্তৰ ॥৩৯
গুৰুতৰ বচন শুনিয়া শত্ৰুঘনে ।
হেম্পোচিয়া কুঁজীক পেলাইলা তেতিক্ষণে ॥৪০
চুঞ্চৰিয়া পাইল কুঁজী কৈকেয়ীৰ পাশ ।
ধীৰে ধীৰে কৈকেয়ীয়ে বুলিলা আশ্বাস ॥৪১
ভৰতে বুলিলা শত্ৰুঘন মুখ চাই ।
দৈবে বিমোহিত ভৈলা কৈকেয়ীয়ে আই ॥৪২
ৰামক বাসনা আনো মোতো অতিৰেক ।
দদাৰ বিপদ দৈবে কোনে বাধিবেক ॥৪৩
হৰি হৰি দুখুনী কৌশল্যা শত আই ।
কেনে সম্বুধিবোহোঁ তোমাৰ মুখ চাই ॥৪৪
বুলিতে নথৈল মোৰ কৈকেয়ী মাৱে ।
হেন বুলি তহিতে কান্দিলা দীৰ্ঘৰাৱে ॥৪৫