কৈকেয়ীয়ে বৰ বিচাৰে
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৫ অধ্যায়
- কৈকেয়ীয়ে বৰ বিচাৰে
হেন শুনি কৈকেয়ীৰ বিহৰিল মন ।
বোলন্ত মন্থৰা তোৰ সাফল জীৱন ॥১
ৰামক গুছায়া ভৰতক দিবো দেশ ।
কোনবা উপায় ফলে বুলিয়ো বিশেষ ॥২
কুজী বোলে কৈকেয়ী হৰিষ কৰ মন ।
একে উপদেশে ৰাম চলি যাইব বন ॥৩
আলখনী কুজীত সুধিলে তই কাজ ।
আৰ বুদ্ধি বোলোঁহো ভৰতে পাইব ৰাজ ॥৪
এতেক বচন শুনি ভৰতৰ মাৱ ।
বুলিও উপায় বুলি চালিলেক গাৱ ॥৫
ভৰত নৃপতি ভৈলে তই হৈবি সুখী ।
অন্তেস পুৰত তোক কৰিব প্ৰমুখী ॥৬
ৰাজা ভৈলে ভৰত কীৰ্ত্তিক তোক নিবো ।
তোৰ কুজগুটী শুদ্ধ সুৱৰ্ণে বান্ধিবো ॥৭
বেটী শত দিবো আৰো ৰত্ন অলঙ্কাৰ ।
গ্ৰীৱাত তোহোৰ দিবো সাতে সৰি হাৰ ॥৮
পদ্মকেশৰৰ বৰ্ণ প্ৰিয় দৰিশন ।
উৰুস্থল লখি তোৰ আতি সুশোভন ॥৯
উন্নত নাসিকা মুখ দেখিয়া স্বভাৱ ।
কুজ গুচা দেখি হেন সুৱৰ্ণ সৰাৱ ॥১০
আন মব কুবুজীৰ হিয়া খন খাল ।
গ্ৰীৱা গোট নলখিয় পেচা হেন গাল ॥১১
পেট গোট খাল আতি আশোভন দেখি ।
ইসব দোষক তোৰ কিছুৱে নলখি ॥১২
তোহোৰ উদৰ কৃশ সৰস জঘন ।
শোভন যৌবন দেখি যুবত মোহন ॥১৩
আগত থাকিলে মন কৰয় উল্লাস ।
লীলা হংসী যেন কেলি কৰতেহি যাস ॥১৪
কুজী বোলে উপায় শুনিয়ো তোৰ হিত ।
যিমতে জিনিবি ৰাজা দশৰথ চিত ॥১৫
পুৰণি কথাক তই সুমৰন কৰ ।
ৰাজা বুলিয়াছে তোক দিবো দুই বৰ ॥১৬
দেৱাসুৰ ৰণ বৰ মিলিল পূৰ্ব্বত ।
জিনিলা দেৱক ৰণে অসুৰ সমস্ত ॥১৭
মহেন্দ্ৰৰ সখা ভৈলা দশৰথ ৰাই ।
ভঙ্গায়া অসুৰ বল খেদাইলা লীলাই ॥১৮
যুদ্ধ জিনি আসিয়া ভৈলন্ত তিৰপিতি ।
আগবাঢ়ি কৈলা তুমি ৰাজাত ভকতি ॥১৯
বৰ দুই দিবাক ৰাজাৰ ভৈল মন ।
তুমিও বুলিলা বৰ লৈবো আনখন ॥২০
ক্ৰোধ ঘৰে থাকিও মলিন বস্ত্ৰ লৈয়া ।
মাটীত কাপৰ পাৰি বিমন কৰিয়া ॥২১
কোপ কৰি থাকিবি মুকুত কৰি কেশ ।
ৰাজা আসি চাটু পাটু বুলিব অশেষ ॥২২
ৰত্ন মণি মানিৱন্ত নিধিৰ ভণ্ডাৰ ।
যতেক মানিব তাক নকৰিবি সাৰ ॥২৩
বাক্যে ছান্দি নৃপতিক শপত কৰাইবি ।
হেন বুদ্ধি কৈলে তই দুয়ো বৰ পাইবি ॥২৪
এক বৰ মাগি ভৰতক দিবি ৰাজ ।
ৰাম বন যাইবাক বুলিবি আৰ কাজ ॥২৫
বৃদ্ধৰ তৰুণী ভাৰ্য্যা আতি বৰ ৰতি ।
তোৰ বোল বাধিবাক নুহিবে শকতি ॥২৬
চলিলা কুজীৰ বোলে হৰষিত মনে ।
ৰামৰ লিখিত বিধি বাধিব কেমনে ॥২৭
কুজী তোৰ বচনে ভূমিত থাকোঁ লুটি ।
হা ৰাম বোলন্তে পৰাণ যায় ফুটি ॥২৮
পাপিষ্ঠী কুবুজী মোৰ ভেদিলি হৃদয় ।
জিনিলি কথাক কহি অনেক সংশয় ॥২৯
তোহোৰ বোলত আবে কৰোঁ মন্দ যত্ন ।
ভৰত কাচক লাগি হৰাওঁ ৰাম ৰত্ন ॥৩০
মোৰ বোলে ৰামাই বন যাইবে হেনজানি ।
মৰিবো কটাৰ হানি নখাই ভাত পানি ॥৩১
মনত বিষাদ কৰি ভৰতৰ মাৱ ।
ক্ৰোধঘৰে থাকিলন্ত বিমল স্বভাৱ ॥৩২
ৰাঘৱক ৰাজ্য দিবোঁ বুলি আইলা ঠাৱে ।
কৈকেয়ীক খোজে ৰাজা হৰষিত ভাৱে ॥৩৩
স্ত্ৰীগণ লৈয়া খুজি ফুৰা নৃপবৰে ।
দেখন্ত কৈকেয়ী শুতি আছে ক্ৰোধঘৰে ॥৩৪
হস্তিনী আছয় যেন পৰিয়া নৈৰাশ ।
মহাগজ সম ৰাজা চাপিলন্ত পাষ ॥৩৫
কৰে কৰ ধৰি ৰাজা বুলিলন্ত ভাৱ ।
ৰাম অভিষেক কালি শীঘ্ৰে চাল গাৱ ॥৩৬
উঠ প্ৰাণেশ্বৰি অৱসান ভৈল বেলা ।
তোক যি অনিষ্ট চিন্তে মোক কৰে হেলা ॥৩৭
নাৰীজন হোৱে অনুৰূপ কৰোঁ দণ্ড ।
পুৰুষৰ নামে কাটি কৰোঁ নৱ খণ্ড ॥৩৮
মই মন্দ কৰিলোহো নলখোঁহো হেন ।
বৃদ্ধৰ তৰুণী ভাৰ্য্যা দেখোঁ প্ৰাণ যেন ॥৩৯
কোনে মন্দ চিন্তিলেক পাইবে পাপফল ।
সপুত্ৰ বান্ধৱ সমে যাইব ৰসাতল ॥৪০
নিৰ্ধনী হৈবেক ধনী ধনীয়ে নৰ্ধন ।
কাহাক দণ্ডিবোঁ বোল তোৰ যাক মন ॥৪১
যত ৰত্নভাণ্ডাৰ আছয় এথা মোৰ ।
যেই লাগে লৈয়োক হৰিষ মনে তোৰ ॥৪২
উঠ উঠ প্ৰাণে প্ৰাণেশ্বৰি নতু শুন কাজ ।
পুণ্যযোগে কালি শ্ৰীৰামক দিবো ৰাজ ॥৪৩
এতেক বচন শুনি ভৰতৰ মাৱ ।
নৃপতিক দুঃখ দিবে চালিলন্ত গাৱ ॥৪৪
কৈকেয়ী বোলন্ত প্ৰভু বচন ধৰিয়ো ।
যি কাৰ্য্যক বোলোঁ তাক শপত কৰিয়ো ॥৪৫
হেন শুনি দশৰথ স্ত্ৰীবশ ভৈলা ।
আপোন বধক লাগি গলপাশ লৈলা ॥৪৬
ৰাজা বোলে প্ৰাণেশ্বৰি গুণিয়ো মনত ।
ৰামত তোমাত পৰে প্ৰিয় আছে কত ॥৪৭
ৰামক তেজিয়া আন যত মাগ বৰ ।
হৃদয় কাটিয়া দিবোঁ পুণ্য নিৰন্তৰ ॥৪৮
হেন সে আবুধি তই মিছা কৰ গ্ৰহ ।
কিনো মোত সাধিবি বেকত কৰি কহ ॥৪৯
কৈকেয়ী বোলয় আপোনাৰ মত ৰাখি ।
চন্দ্ৰ সূৰ্য্য বায়ু বসুমতী হৈবা সাখী ॥৫০
সত্য এৰিলতে যিবা আছে দোষ তাত ।
তুমি সৱ দৃষ্ট দেৱ দেখাহা সাক্ষাত ॥৫১
পূৰ্ব্বত নৃপতি মোক দুই বৰ দিল ।
সুমৰিয়ো প্ৰভু তাৰ সময় মিলিল ॥৫২
শুনিয়ো গোসাঁই দশৰথ মহাৰাজ ।
এই সব সাজে ভৰতক দিয়ো ৰাজ ॥৫৩
ৰামত সম্প্ৰতি তুমি হৈয়োক নৈৰাশ ।
চৌধ বৰিষক লাগি দিয়ো বনবাস ॥৫৪
ৰাজ্য এৰি গৈয়া ৰামে বঞ্চোক বনত ।
কৰি যুৱৰাজ ৰাজ্যে থাপিয়ো ভৰত ॥৫৫
এই দুই বৰ মোক দিয়া প্ৰভু যেবে ।
পূৰ্ব্ব অঙ্গীকাৰ তব সত্য হোৱে তেবে ॥৫৬
এতেকে আমাৰ হোৱে চিত্তত সন্তোষ ।
সত্যক এৰিলে জানা যেন হৱে দোষ ॥৫৭
কৈকেয়ীৰ বচনত হৃদয় ভেদিল ।
বাঘিনীক দেখি যেন মৃগ চমকিল ॥৫৮
ভয় সন্তে নৃপতিৰ শিহৰিল গাৱ ।
মৃতক স্বভাৱ ভৈলা কম্পে হাত পাৱ ॥৫৯
শোকে দুঃখে ৰাজাৰ মোহিত ভৈল চিত ।
বিমূৰ্চ্ছিত হুয়া ৰাজা পৰিলা ভূমিত ॥৬০
বিহ্বল ভৈলন্ত ৰাজা কম্পে কলেৱৰ ।
পৰিলা অনাথ যেন ৰাজ ৰাজেশ্বৰ ॥৬১
কতোবেলি দশৰথে পাইলন্ত চেতন ।
মহাক্ৰোধে কৈকেয়ীক বুলিলা বচন ॥৬২
শুন বোলোঁ পাপিষ্ঠী বধিতে ভৈলি মোক ।
কুল বিনাশক লাগি বিহাইলোহো তোক ॥৬৩
ৰাঘবে বা মন্দ তোক কৰিলেক কিস ।
বা পুত্ৰক বধিতে বুনিলি বাক্য বিষ ॥৬৪
ৰাম হেন পুত্ৰ মোৰ আতি শুদ্ধ মতি ।
কৌশল্যাতোধিক তোত কৰয় ভকতি ॥৬৫
ৰাম গুণে তুষি সৰ্ব্বে জনৰ উল্লাস ।
কোন অপৰাধে তাঙ্ক দিবোঁ বনবাস ॥ ৬৬
শুদ্ধ চিত্ত ৰামৰ অনিষ্ট চিন্ত কিক ।
মহা বৈৰী ভাৰ্য্যা আছে কোন ততোধিক ॥৬৭
চৰণত ধৰোঁ তোৰ কৃপা কৰ মোক ।
নকৰিবি দ্ৰোহ দায়া কৰ ৰাম পোক ॥৬৮
মোৰ চিত পৰীক্ষা কৰিলি পৰিহাস ।
কৃপা কৰ মোক চৰণৰ ভৈলোঁ দাস ॥৬৯
হেন বুলি চৰণত পৰিলা নৃপতি ।
কৈকেয়ী নিষ্ঠুৰ বোলে নিকৰুণ মতি ॥৭০
ত্ৰৈলোক্যত জানে দৃঢ় চিত্ত দশৰথ ।
আল জাল এৰি তুমি পালিয়ো শপথ ॥৭১
শিৱি ৰাজা কপোতক অভয় দিলন্ত ।
আপোনাৰ মাংস কাটি সেন তুষিলন্ত ॥৭২
সত্য পালি ৰামক সত্বৰে পঠাও বন ।
নুহিবা তোমাৰ আগে তেজিবো জীবন ॥৭৩
হা বুলি দশৰথ পৃথিবীত লুটি ।
হা ৰাম পুত্ৰ বুলি প্ৰাণ যাওক ফুটি ॥৭৪
আতি সুচৰিত ৰাম বন যাইবি তই ।
কেনে প্ৰাণ ধৰিবো কৌশল্যা সমে মই ॥৭৫
যদি মোত সোধে লোক বৃদ্ধ গুৰুজন ।
কেনে ৰাজা ৰাঘৱক পঠাইলন্ত বন ॥৭৬
সত্যে বোলোঁ প্ৰাণেশ্বৰি এৰা ই বচন ।
কৰিবে গৰিহা মোক আনো দশী জন ॥৭৭
স্ত্ৰীজিত ক্ৰুৰ ৰাজা নিকৰুণ মন ।
শোক জ্বালি ৰাঘৱক পঠাইলন্ত বন ॥৭৮
পৰম দুষ্কীৰ্ত্তি মোৰ ৰৈল দেশ দেশ ।
হেন জনবাদে মোৰ প্ৰাণ ভৈল শেষ ॥৭৯
শিশুকালে ৰাঘৱৰ বৰ দুঃখ ভৈল ।
ব্ৰহ্মচৰ্য্য আচৰন্তে কতো কাল গৈল ॥৮০
যেবে আসি মিলিল ৰাজ্যত উপভোগ ।
বনবাস খাটিবেক কিলো বিধি যোগ ॥৮১
ছল পাশে কৰিলেক নৃপতিক বন্দি ।
বামনে বলিক যেন নানা বোলে ছান্দি ॥৮২
খনো মূৰ্চ্ছা যান্ত খনো চেতনক পাইল ।
অনেক বিষাদে তান ৰজনী পুহাইল ॥৮৩
মন্ত্ৰী পুৰোহিত যত ৰামত ভকত ।
অভিষেক সাজে মিলিলন্ত দুৱাৰত ॥৮৪
সিংহাসন আদি কৰি সুমঙ্গল যত ।
আভৰণে আঠ কন্যা ভৈল উপগত ॥৮৫
শুকুল চামৰ ফল পুষ্প দধি ক্ষীৰ ।
সুবৰ্ণ ঘটত সাত সাগৰৰ নীৰ ॥৮৬
গঙ্গা যমুনাক আদি যত তীৰ্থজল ।
শ্বেত ছত্ৰ জ্বলে যেন চন্দ্ৰৰ মণ্ডল ॥৮৭
সুবৰ্ণৰ কুম্ভত সুগন্ধ ভৰি জল ।
সুবৰ্ণ পতাকা ধ্বজ ৰচিল বিৰল ॥৮৮
নিৰন্তৰে লৈয়া অভিষেক সাজ যত ।
সবহি মিলিল আহি সিংহ দুৱাৰত ॥৮৯
মন্ত্ৰী পুৰোহিত মিলি আলোচিল কাজ ।
সুমন্ত্ৰক বুলিল জনায়ো মহাৰাজ ॥৯০
ৰবিৰ উদয় ভৈল নুযুয়াই হেলা ।
ৰাম অভিষেকৰ লগ্নৰ হৈল বেলা ॥৯১
শুনিল সুমন্ত্ৰ হেন বচন বিশেষ ।
অন্তেষপুৰ দুৱাৰত ভৈলন্ত প্ৰবেশ ॥৯২
জাগিয়োক প্ৰভু মন্ত্ৰীগণে পাৰে ৰাৱ ।
ৰবিৰ উদয় ভৈল চালিয়োক গাৱ ॥৯৩
ৰজনী প্ৰভাত ভৈল ৰাজা দশৰথ ।
ব্ৰহ্মা বিষ্ণু শঙ্কৰে পুৰন্তো মনোৰথ ॥৯৪
মন্ত্ৰীৰ বচন ৰাজা শুনিলা শ্ৰবণে ।
সুমন্ত্ৰ সমীপ চাপি বুলিলা সঘনে ॥৯৫
কৈকেয়ীৰ বাক্য বহ্নি দহে কলেৱৰ ।
তোৰ বাক্য অমৃতে জুৰাইয়ো নিৰন্তৰ ॥৯৬
ৰাম মুখ দেখিলে হৈবেক নিৰ্ব্বান ।
ৰাম গুণ সাগৰক শীঘ্ৰ কৰি আন ॥৯৭
ৰাজাৰ আজ্ঞাক মন্ত্ৰী মাথে কৰি লৈল ।
ৰামক আনিবে প্ৰতি শীঘ্ৰে চলি গৈল ॥৯৮
হাট বাট এৰাইয়া ৰামৰ পাইল থান ।
ৰঙ্গকৰে সৰ্ব্বজনে দেখি বিদ্যমান ॥৯৯
যুবা জন ক্ৰীড়া কৰে ধৰি হাতে হাত ।
গ্ৰীৱে গ্ৰীৱে জড়িল লাগিল মাথে মাথ ॥১০০
দাদা ভাই মিতা বুলি ধৰি কোলে কোল ।
বাহুত চাপৰ মাৰি কৰয় অষ্ফাল ॥১০১
আউৰে আউৰক কেহো সাৱটি ধৰিল ।
মুখ চাই কেহো কেহো বিগুটি কৰিল ॥১০২
ৰাম ৰাজা হৈব আজি জীৱন সাফল ।
হেন বুলি প্ৰজাসবে কৰে কৌতূহল ॥১০৩
নগৰী জনৰ হেন লখিল স্বভাৱ ।
পাইলন্ত সুমন্ত্ৰ গৈয়া ৰাঘৱৰ ঠাৱ ॥১০৪
ৰামৰ প্ৰাসাদ শোভে কৈলাস সমান ।
বিদ্যুতৰ কান্তি যেন জ্বলে থানে থান ॥১০৫
সুবৰ্ণৰ মাণ্ডলি চালত বলিয়াইল ।
বৈদুৰ্য্য ৰুৱলি শুদ্ধ ৰজতে হিছাইল ॥১০৬
শতেক শতেক হাত চৌধয় মাণ্ডলি ।
পঞ্চাশ পঞ্চাশ হাত একৈক ৰুৱলি ॥১০৭
চৌসষ্টি তম্ভত তাক কৰিল নিবেশ ।
বৈজয়ন্ত সমসৰ দেখিতে সুবেশ ॥১০৮
ৰতনে খসিয়া সুবৰ্ণৰ পতা দিল ।
সূচি কামি সমন্বিতে একত্ৰ কৰিল ॥১০৯
ৰামৰ ওৱাৰি সব জগতে বখানি ।
প্ৰবেশিলে দিন ৰাতি একোকে নজানি ॥১১০
হস্তীদন্তে বাৰ দিলা হিঙ্গুলৰ কাম ।
কুন্দৰুখ জ্বলা থৈলা দেখি অনুপাম ॥১১১
হিৰণ্য মাণিক জ্বলে মৰকত মোতি ।
জ্বলে বাস হৰে পূৰ্ণ চন্দ্ৰমাৰ জৌতি ॥১১২
প্ৰাসাদ উপৰে দিল মাণিকৰ কান্তি ।
ইন্দ্ৰনীল মণি দিল থানে থানে জান্তি ॥১১৩
বিদ্যুত মণিৰ ভালে লাগি গৈল কাপ ।
শুক্ল মেঘখনে যেন জ্বলে শত্ৰু চাপ ॥১১৪
শঙ্কৰক লেখিল আছন্ত বৃষ যানে ।
পাৰ্ব্বতিক লেখি আছে সিংহৰ বাহনে ॥১১৫
মুষৰ পিঠিত লেখি আছে গণপতি ।
ময়ূৰৰ উপৰে কাৰ্ত্তিক সেনাপতি ॥১১৬
বামনক লেখিল কান্ধত দিব্য ছাতি ।
বলি ৰাইৰ আগত আছন্ত হাত পাতি ॥১১৭
তিনি পাৱ ভূমিক মাগন্ত বোলে ছান্দি ।
পাতালত বলিক থাপিলা কৰি বন্দি ॥১১৮
বিষ্ণুক লেখিলা গৰুড়ৰ স্কন্ধে আতি ।
ডাহিনত লক্ষ্মী বাম পাশে সৰস্বতী ॥১১৯
লেখিয়াছে ব্ৰহ্মাক কুবেৰ দেৱৰাজ ।
বায়ু বৰুণক আদি দেবতা সমাজ ॥১২০
ভূমিত পাৰিল নেত বস্ত্ৰ অহৰ্নিশ ।
শুকুল চামৰে সুমণ্ডিত চতুৰ্দ্দিশ ॥১২১
পুষ্পমালা সুগন্ধে আমোদ সৰ্ব্বক্ষণ ।
ৰত্ন সব জ্বলে আতি দেখি সুশোভন ॥১২২
পূৰ্ণ ঘট পঁকতি মুখত ৰঞ্জি ফলে ।
সুগন্ধি পূৰিত ভৈল সৰযুৰ জলে ॥১২৩
সুমণ্ডিত সিন্দুৰে সৰ্ব্বাঙ্গে কলেবৰ ।
ঐৰাৱত সমসৰ ৰামৰ কুঞ্জৰ ॥১২৪
ময়মত গজক মাহুতে আছে জান্তি ।
আকাশক লাগি যেন কৰয় আক্ৰান্তি ॥১২৫
ৰথ খান সাজিল বিচিত্ৰ অনুপাম ।
মাণিক ৰচিল শুদ্ধ সুবৰ্ণৰ কাম ॥১২৬
আঠ গোট তুৰঙ্গম ধৱল যুৰিল ।
দিব্য বিমানেক যেন ভূমিত পাৰিল ॥১২৭
ওৱাৰিৰ লোকে বৰ আনন্দ কৰন্ত ।
থানে থানে অনেক মাঙ্গল্য নিৰ্ম্মিলন্ত ॥১২৮
হেন দেখি সুমন্ত্ৰ আনন্দ কৰি মনে ।
ৰামৰ সমীপ চাপিলন্ত তেতিক্ষণে ॥১২৯
সুবৰ্ণ খাটত ৰাম আছা ৰঙ্গ কৰি ।
সমীপত সীতা শ্বেত চামৰক ধৰি ॥১৩০
মেৰু গিৰি শিখৰত যেন বাসুদেৱ ।
ধৱল কমল ধৰি লক্ষ্মী কৰে সেৱ ॥১৩১
ৰূপে ৰতি কামদেৱ দেখি সমসৰ ।
অলঙ্কাৰে মণ্ডিত দোহানো কলেৱৰ ॥১৩২
কৃতাঞ্জলি ধৰিয়া সুমন্ত্ৰ মন্ত্ৰীবৰ ।
নন্দি বন্দিলন্ত যেন পাৰ্ব্বতি শঙ্কৰ ॥১৩৩
সুমন্ত্ৰ বুলিলা পাচে বচন বিশেষ ।
দশৰথ নৃপতিৰ তোমাক আদেশ ॥১৩৪
বুলিলন্ত যাইবাক কৈকেয়ী সতমাৱ ।
ৰথত চড়িয়া ঝাণ্টে চালিয়োক গাৱ ॥১৩৫
সুমন্ত্ৰ বচনামৃতে সহৰিষ মনে ।
সীতাক সম্বুধি ৰামে বুলিলা তেক্ষণে ॥১৩৬
শুনা ৰামায়ণ সভাসদ নিৰন্তৰ ।
শ্ৰবণতে তৰি সুখে সংসাৰ সাগৰ ॥১৩৭
পৰম মঙ্গল ৰূপ মাধবৰ নাম ।
তাঙ্ক মনে ধৰি ডাকি বোলাঁ ৰাম ৰাম ॥১৩৮
- ৩৯ অধ্যায়
- দুলৰি ।
ৰাঘৱে বোলন্ত, শুনিয়ো জানকী,
তোমাত বলোহোঁ কাজ ।
নিচয় কৰিয়া, আবেসে জানিলোঁ,
- আমি হৈবো যুবৰাজ ॥১
কৌশল্যা মাৱৰ, সদৃশ দেখোহোঁ,
- কৈকেয়ী শত মাৱক ।
মোক ৰাজ্য দিতে, পুছিতে নৃপতি,
- আসিছে তান ঠাৱক ॥২
আমি হেন মনে, বুজোহোঁ ৰাজাত,
- বুলিলন্ত মাৱে কাজ ।
বিলম্ব নকৰি, সত্বৰে আনিয়া,
- ৰামক দিয়োক ৰাজ ॥৩
জানা প্ৰাণেশ্বৰী, যুবৰাজ হুয়া,
- আমি আছো যেতিক্ষণ ।
মোৰ সঙ্গে চলি, আসিবেক সবে,
- যত পাত্ৰ মন্ত্ৰীগণ ॥৪
তাসম্বাক অৰ্চ্চা, কৰিতে জানকী,
- মই যেন নোহো লাজ ।
জানিবা নিশ্চয়, তোমাতে লাগিল,
- ইঠায়ৰ যত কাজ ॥৫
স্বামীৰ বচন, শুনি সীতা দেবী,
- বুলিলা হৰিষ মনে ।
ইঠানৰ কাৰ্য্য, চৰ্চ্চিবোহো আমি,
- চলিয়ো তুমি এক্ষণে ॥৬
এহি বুলি দ্বাৰ, মানে আগ বঢ়াই,
- থৈলা জগতৰ মাৱ ।
স্বামীক সম্বুধি, পাচে সীতা সতী,
- আসিলন্ত নিজ ঠাৱ ॥৭
আপোনাৰ নিজ, ধৱলি ঘৰৰ,
- বাজ ভৈলা ৰঘুবৰ ।
তিমিৰ ফাৰিয়া, শ্বেত মেঘ হন্তে,
- যেন পূৰ্ণ শশধৰ ॥৮
ৰত্নে বিৰচিত, সুবৰ্ণ ৰথত,
- চড়িলা তেতিক্ষণ ।
চামৰ ছত্ৰক, ধৰিয়া পাশত,
- চড়িলা গৈয়া লক্ষ্মণ ॥৯
মনত পৰম, আনন্দে পাচত,
- সুমন্ত্ৰ চড়িলা যাই ।
হাতত চাবুক, ধৰিয়া ৰথক,
- ডাকিলা যেন যুৱাই ॥১০
শ্ৰীৰাম লক্ষ্মণ, ইন্দ্ৰ বিষ্ণু যেন,
- যান্ত দুই মহাৰথী ।
সুমন্ত্ৰ মন্ত্ৰীক, দেখিয়া সাক্ষাত,
- মাতলি যেন সাৰথি ॥১১
নয়ন আনন্দে, কুন্দৰুখ জালে,
- চাৱে যত নাৰীগণে ।
মুখ ভৰি ভৰি, ৰামৰ গুণক,
- বখানন্ত নাৰীগণে ॥১২
জনমে জনমে, প্ৰয়াগ বটত,
- সীতা তেজি কলেৱৰ ।
সিকাৰণে গুণ, সাগৰ ৰামক,
- পাইলা মনোনীত বৰ ॥১৩
অৱশ্যে তোমাক, দিবন্ত ৰাজ্যক,
- মহাৰাজা দশৰথে ।
শুনিয়ো গোসাই, আমাক পালিবা,
- তুমি প্ৰভু পুত্ৰৱতে ॥১৪
সাফলা কৌশল্যা, গোঁসানী তোমাক,
- গৰ্ভত ভালে ধৰিলা ।
কি ভৈল আনন্দ, কৰ্ম্মাগত লক্ষ্মী,
- আপুনি যাক বৰিলা ॥১৫
অন্যে অন্যে বোলে, ৰাম ৰাজা ভৈলে,
- বহুতৰ হৈবে সুখ ।
নিশ্চয়ে জানিলোঁ, বিস্তৰ কালক,
- লাগি পলাইবেক দুখ ॥১৬
এহি মতে ৰামে, নগৰী জনৰ,
- শুনন্তে বোল আশেষ ।
মধুৰ বচনে, প্ৰজাক সম্বুধি,
- ওৱাৰি ভৈলা প্ৰবেশ ॥১৭
কৈকেয়ীৰ ঘৰে, মিলিলন্ত গৈয়া,
- শ্ৰীৰাম চন্দ্ৰ লক্ষ্মণ ।
আসনত বসি, আছন্ত নৃপতি,
- পাইলা দুয়ো দৰিশন ॥১৮
পৰম নিশ্ৰীক, দেখিলন্ত ৰামে,
- বদন দশৰথৰ ।
ৰাহু গ্ৰস্ত হৈলে, নজ্বলয় আতি,
- কিৰণ যেন সূৰ্য্যৰ ॥১৯
প্ৰথমতে নম্ৰ, ভাৱে নমিলন্ত,
- নৃপতিৰ দুয়ো পাৱ ।
ৰাম লক্ষ্মণক, আশীৰ্ব্বাদ পাচে,
- দিলন্ত কৈকেয়ী মাৱ ॥২০
পৰম বিকল, স্বৰূপ বাপক,
- দেখিলন্ত দুই ভাই ।
কৰ যোৰে নম্ৰ, ভাৱে থাকিলন্ত,
- পিতৃৰ চৰণ চাই ॥২১
পিতৃৰ আগত, আছে ৰামচন্দ্ৰ,
- কৰিয়া আতি ভকতি ।
ৰামক নিষ্ঠুৰ, বুলিতে ৰাজাৰ,
- নভৈল কিছু শকতি ॥২২
একো অপৰাধ, নাহিকে ৰামৰ,
- চাইলা কৰি বিমৰিষ ।
কেন মতে আবে, সুপুত্ৰ ৰামক,
- বুলিবোহোঁ বাক্য বিষ ॥২৩
কতোক্ষণে ৰাজা, ৰাম হেন বুলি,
- বিমন্যু আতি কৰিল ।
মহামন দুখে, কিছু নবুলিল,
- কণ্ঠত শোক ধৰিল ॥২৪
আতিশয় শোকে, অথাকে নয়নে,
- লোতক বহে ৰাজাৰ ।
ৰাহু গ্ৰস্ত হুয়া, যেন পূৰ্ণ চন্দ্ৰে,
- অমৃত তেজে দুধাৰ ॥২৫
ৰাজাৰ বিষাদ, দুখক দেখিয়া,
- ৰামৰ চিত্ত লৰিল ।
কৰা বিমৰিষ, যেন সূৰ্য্যদেৱ,
- ভূমিত আসি পৰিল ॥২৬
ভূমি পৰিৱৰ্ত্ত, যেন ভৈল আতি,
- সাগৰ যেন শুকাইল ।
হৰিষতে আতি, ৰাজা দশৰথ,
- বিষাদক বৰ পাইল ॥২৭
মই জানোঁ একো, দোষ নয়ো কৰোঁ,
- কায়ে বা বাক্যে বা মনে ।
তথাপিতো মাথা, তুলি নচাৱন্ত,
- মোক বিষাদিত মনে ॥২৮
এক বাৰ মোক, ৰাম হেন বুলি,
- কিছু ন বুলিলা আন ।
একো নজানিলোঁ, কি কাৰ্য্যে বাপৰ,
- মিলি গৈল অপমান ॥২৯
ৰাঘবে বোলন্ত, শুনিয়োক মাৱ,
- কোনবা মিলিল দোষ ।
কহিওক তুমি, কি কাৰণে ইটো,
- কৰে বাপ অসন্তোষ ॥৩০
পৰম অমৃত, ৰামৰ চৰিত্ৰ,
- শুনা সমাজিক জনে ।
দশৰথ হেন, ৰাজায়ো আপদ,
- এৰাইব আৰ কেমনে ॥৩১
আতি দুখময়, বিষয়ক জানি,
- কৰাঁ মন উপসাম ।
পৰম মঙ্গল, মিলোক সবাৰো,
- ডাকি বোলাঁ ৰাম ৰাম ॥৩২