বানৰ সৈন্যই মধুফল খায়
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৩১ অধ্যায়
বানৰ সৈন্যই মধুফল খায় ।
জম্বৱন্ত কুমুদ সুষেণ আদি কৰি ।
সবাৰে জিহ্বাৰ পানি পৰে সৰসৰি ॥১
সবে হন্তে মিসি হনুমন্তত সুধিল ।
বায়ুসুতে সবাৰো বচন নবাধিল ॥২
অঙ্গদ কুমাৰ বাপু বৰ যশ পাওঁ ।
মধু দিয়া গিয়াতিক তৃপিতি কৰাওঁ ॥৩
তাহান বচন বালীপু্ত্ৰে নবাধিল ।
সকলে জ্ঞাতিক মধুবনে মেলি দিল ॥৪
যাহাক যতেক লাগে স্বেচ্ছাৰূপে খাহাঁ ।
উদৰ ভৰায়া সবে তৃপিতিক পাহাঁ ॥৫
আজ্ঞা পায়া কপিগণে বৃক্ষে গৈয়া চড়ি ।
উত্তম মধুৰ বনে লগাইল দাদৰি ॥৬
দোনৰ সমান যত মধুবাস পাৱে ।
মুখ মেলি ধৰি নিয়া বানৰে চোবাৱে ॥৭
কেহো ডেৱ দিয়া আউৰ বৃক্ষত চড়িয়া ।
আঙ্কোয়ালে শাল বাংশ মুখত ধৰিয়া ॥৮
বিস্তাৰিত কৰিয়া মুখত চিপি নিয়া ।
পৰম সন্তোষ পাইল মুখে মধু দিয়া ॥৯
মধু খায়া খায়া বোলে নাণ্টিল নাণ্টিল ।
গণ্ডগোল কৰি সবে মধু বন পিল ॥১০
আউল ভৈল কপি ঢলোপৰো কৰে গাৱ ।
ফুৰনি দেখিয়া পৰে থিৰ নুহি পাৱ ॥১১
কতো কতো নিদ্ৰা গৈল ফলক বিছাই ।
ভূমিত পৰিল কেহো হামুকুৰি খাই ॥১২
থূথূ কৰে কেহোঁ কেহোঁ কৰে বান্তি ।
মধুয়ে পীড়িল কতো অচেতন আতি ॥১৩
বনৰক্ষা বানৰ সকলে বাৰ্ত্তা পাইল ।
হাতে বৃক্ষ ধৰি মাৰ মাৰ কৰি ধাইল ॥১৪
দুই ভিতিৰ লোকে সবে কোবা কুবি কৰে ।
কতো ধৰাধৰি কৰি মাটিত বাগৰে ॥১৫
অঙ্গদৰ লোকে ৰক্ষালোকক ভঙ্গাইল ।
সবে গৈয়া পাছে দধিমুখত জনাইল ॥১৬
ৰাজাৰ মাতুল সবাহাৰে গুৰুজন ।
অনেক বানৰ সমে ৰাখে মধুবন ॥১৭
বাৰ্ত্তা শুনি শাল বৃক্ষ লৈলন্ত উপাৰি ।
সেনাৰ মাজত পশি কোৱাৱন্ত বাৰি ॥১৮
দুইভিতি সেনাৰ কোবাকুবি আশৰিষ ।
ধূলা অন্ধকাৰে নাকলিয় দশোদিশ ॥১৯
মুণ্ডে মুণ্ডে হানে নখে নখে বক্ষঃস্থলে ।
চৱৰে চাপৰে অসংখ্যাত চোট ঘালে ॥২০
দুই দুইক ধৰি এক পিণ্ড হোৱে জৰি ।
ছন্দে বন্ধে যুদ্ধ কৰে ধৰণীত পৰি ॥২১
কতো কতো কপি গৈয়া বৃক্ষত চড়িয়া ।
উপহাস্য কৰে দধিমুখক চাহিয়া ॥২২
ৰাজাৰ মাতুল তোক ভাল মতে জানি ।
সিঞ্চৱয় গাৱে মুখে ধূলা মাটি আনি ॥২৩
কেহো কেহো বোলয় আপুনি বৰ লোক ।
সময়ৰ বেলা তুমি নিচিনাহা মোক ॥২৪
কেহো বোলে তুমি ওৱা কিসৰ পাতৰ ।
মিচা যুদ্ধ কৰি লাজ হোয়াসা মাতৰ ॥২৫
ৰাজাৰ মাতুল তুমি দেখি লাগে ডৰ ।
এহি বুলি হাত ফেৰি দৰশে পোকৰ ॥২৬
ৰাজাৰ মাতুল বৃদ্ধ বৰ পাইলা দুখ ।
এহি বুলি আপোনাৰ হাতে ঘসে মুখ ॥২৭
জাম্বৱন্ত প্ৰমুখে গবাক্ষ নল গয় ।
সমুখে যুজন্ত মুখ্য মুখ্য বীৰ চয় ॥২৮
অঙ্গদে ধৰিয়া দধিমুখক আফালি ।
দুই হাতে অনেক চৱৰ চোট ঘালি ॥২৯
ভূমিত পেলাই তাক ওপৰত বসি ।
ইভিতি সিভিত কৰি দুয়ো গাল ঘসি ॥৩০
বালীপুত্ৰে মাৰিলা হাতৰ বৰ সুখে ।
ৰাজাৰ আগক গৈল ভিণ্ডাকাৰ মুখে ॥৩১
আছন্ত সুগ্ৰীৱ ৰাম লক্ষ্মণে সহিত ।
দধিমুখ সসৈন্য গৈ মিলিল তহিত ॥৩২
নৃপতিৰ বচনক শিৰোগত কৰি ।
ভূমিত পৰিল লোহ পৰৈ সৰসৰি ॥৩৩
মুখত নাহিকে মাত উৰ্ম্মি বৰ ধাইল ।
ৰাজাত ইঙ্গিত ভাৱে গোচৰ জনাইল ॥৩৪
সুগ্ৰীৱে বোলন্ত ওৱা মমা দধিমুখ ।
আমাৰ মাতুল তুমি কোনে দিলে দুখ ॥৩৫
মধুবন কিবা ভৈল কহিয়োক কথা ।
তোমাৰ কিমতে ভৈল ইমত অৱস্থা ॥৩৬
দধিমুখে বোলে বাপু সবে বাৰ্ত্তা ভাল ।
তোমাৰ মাতুল মোৰ চাহিয়োক গাল ॥৩৭
তোমাৰ অঙ্গদ বীৰ কোথা হন্তে আইল ।
সসৈন্য আসিয়া মোৰ বনখান খাইল ॥৩৮
শুনিয়া সসৈন্য গৈয়া দেখিলোহো তাক ।
প্ৰণতি বুলিলো মুগ্ধ নুশুনিলে বাক ॥৩৯
বচন নুশুনে দেখি মইয়ো খঙ্গ ধাইলো ।
প্ৰথমতে গৈয়া সবে বানৰ ভঙ্গাইলো ॥৪০
আগ বাঢ়ি অঙ্গদে আমাৰ ধৰি নিল ।
ভূমিত পেলায়া মোক হিয়াত বসিল ॥৪১
চৱৰৰ চোটে মোৰ গাল ভাঙ্গিলন্ত ।
হেৰা চাহিয়োক গোটে গোটে সবে দান্ত ॥৪২
তুমি বিদ্যমানে মোৰ মিলয় অকায ।
অবিবেক ভৈলেক কিষ্কিন্ধা মহাৰাজ ॥৪৩
অনীতি বাঢ়িল সবে হৈব ৰণ্ড ভণ্ড ।
মধুবন নষ্ট ভৈল কৰিয়োক দণ্ড ॥৪৪
দূৰহন্তে দেখিয়া সোধন্ত লখমন ।
তোমাৰ পাশত ইটো কৈৰ কপিগণ ॥৪৫
আসিল কোথেৰ পৰা কি কথা কহয় ।
হেটমাথ কৰি দেখোঁ লোহো মলচয় ॥৪৬
সুগ্ৰীৱ বোলন্ত দেখাঁ বিধি অনুকূল ।
দধিমুখ নাম এন্ত আমাৰ মাতুল ॥৪৭
কথা কন্ত অঙ্গদ দক্ষিণ হন্তে আইল ।
সেনাগণ লৈয়া মোৰ মধুফল খাইল ॥৪৮
বাৰ্ত্তা ভাল জানকীৰ ইঙ্গিতে জানিল ।
দোষ নাহি কিছু মোৰ মধুবন পিল ॥৪৯
হাস্য কৰি বোলন্ত আমাৰ হোৱা মাউল ।
সব কথা এৰি মোষলিত ভৈল আউল ॥৫০
উসসা দেখিয়া গাল তুলিলন্ত হাসি ।
সবে সবাহাকে চান্ত বদন প্ৰকাশি ॥৫১
হাসন্ত লক্ষণ ৰাম মুচুক মুচুক ।
সলজ্জিতে দধিমুখ ভৈলন্ত নিচুক ॥৫২
সুগ্ৰীৱে বোলন্ত মমা নকৰিবা ৰোষ ।
আমাক দিয়োক সবে অঙ্গদৰ দোষ ॥৫৩
দধিমুখ মাতুল সত্বৰ কৰি যাহাঁ ।
সব সৈন্যে অঙ্গদক শীঘ্ৰে পঠাৱাহা ॥৫৪
বিলম্ব নকৰি তুমি লৱৰি যায়োক ।
ৰামৰ আদেশ অঙ্গদক জনায়োক ॥৫৫
নৃপতিৰ বচনক শিৰোগত কৰি ।
দধিমুখ লৰি গৈল আস্ত বেস্ত কৰি ॥৫৬
অঙ্গদৰ আগে যুৰিলেক যোৰহাত ।
যুবৰাজ কথা শুনা কহওঁ তোমাত ॥৫৭
সুগ্ৰীৱ যেহেন মোৰ তুমিয়ো তেনয় ।
তাহান্তো অধিক আবে তোমাকেসে ভয় ॥৫৮
যত কণ্টকিলো মানে কিছুয়ে নভৈল ।
মোহোৰ বচন যেন তুলা উৰি গৈল ॥৫৯
শ্ৰীৰাম লক্ষ্মণ তথা আছন্ত দোভাই ।
অনেক হাসিলা সবে মোৰ মুখ চাই ॥৬০
ৰামৰ আদেশ ভৈল তোমাক যাইবাক ।
শীঘ্ৰে চলি যাইয়ো বাপ খানিকো নথাক ॥৬১
দধিমুখ বচনক অঙ্গদে শুনিল ।
বালীপু্ত্ৰে তাঙ্ক পাছে আশ্বাস কৰিল ॥৬২