ইন্দ্ৰজিত আৰু হনুমন্তৰ যুদ্ধ
ৰামায়ণ বৃত্তান্ত |
---|
|
২৫ অধ্যায়
সম্পাদনা কৰকইন্দ্ৰজিত আৰু হনুমন্তৰ যুদ্ধ
সম্পাদনা কৰকত্ৰিকণ্টক ভুষণ্ডী বিপাট মুদ্গৰ ।
শতঘ্নী নাগ পাশ খুৰ ধনুশৰ ॥১
চাৰি গোটা নাগে তাৰ ৰথ খান বহে ।
দেৱাসুৰ নৰে তাৰ লাহাৰি নসহে ॥২
তুণে শৰ ভৰিয়া যুদ্ধক ভৈল সাজ ।
পতাকা সুবৰ্ণময় মনুষ্যৰ ধ্বজ ॥৩
ইন্দ্ৰজিত বীৰ গৈয়া প্ৰবেশ ৰণত ।
মাৰুতিক দেখিল তোৰণ উপৰত ॥৪
তোৰণত বসিয়া চাহন্ত ঘনে ঘনে ।
হৰিষ বদনে থিত যুজিবাক মনে ॥৫
হেন দেখি ইন্দ্ৰজিত ক্ৰোধে জ্বলি গৈল ।
বচন প্ৰহাৰে আগে গৰ্জ্জিবাক লৈল ॥৬
কোথেৰ বানৰ তই আসি ভৈলে লঙ্কা ।
ৰাৱণৰ বংশক তোহোৰ নাহি শঙ্কা ॥৭
তাহাৰ প্ৰতাপে ত্ৰিজগত ভয়ভীত ।
তোৰ কালান্তক আসি ভৈলোঁ ইন্দ্ৰজিত ॥৮
উদ্যান ভাঙ্গিয়া সব সেনাক মাৰিলে ।
মোৰ ভাইক মাৰিয়া সশক বৰ পাইলে ॥৯
জম্বুমালী বীৰকো মাৰিলি তাতো আছে ।
মোহোৰ হাতত এৰাই যাইবে কত ভাগে ॥১০
কথা কহ বানৰা কাহাত তোৰ গহ ।
আটি মুটি ভাঙ্গো আজি খানিতেক সহ ॥১১
মোহোৰ ক্ৰোধত তোক ৰাখিবেক কোনে ।
নপালাইবে মাৰি পেলোঁ যমৰ সদনে ॥১২
কোপে হনুমন্তে ইন্দ্ৰজিতক বোলন্ত ।
গৰ্ব্ব নকৰিবি আজি কৰিবোহোঁ অন্ত ॥১৩
যত সব আছে মোৰ হান শৰীৰত ।
গৰ্জ্জি কত দেখাৱস লোকত মহত্ব ॥১৪
কপিৰ বচনে ক্ৰোধ জ্বলিল তাহাৰ ।
মাৰুতিক বেঢ়ি দিল অস্ত্ৰৰ প্ৰহাৰ ॥১৫
ৰাৱণৰ তনয়ে পৱন তনয়ৰ ।
জৰ্জ্জৰিত কৃতে ভেদিলেক কলেৱৰ ॥১৬
হনুমন্তে উপাৰি লৈলন্ত তৰুশালে ।
ইন্দ্ৰজিতে কাটিলেক দশ কনিয়ালে ॥১৭
দুনাই মাৰুতি প্ৰহাৰিল তৰু জাক ।
শৰে হানি মেঘনাদে কাটিলন্ত তাক ॥১৮
আকাশতে ঘোৰ যুদ্ধ কৰিলন্ত দুই ।
ইন্দ্ৰজিতে বোলে অক্ষে আক সম নুই ॥১৯
মোক ভঙ্গাইলেক ৰণে আন কৈতে থাকে ।
লঙ্কাত নাহিকে বীৰ যুজন্তা ইহাকে ॥২০
ভালেতো উদ্যান মোৰ ছন্ন কৰিলেক ।
মনত গুণয় কিনো বীৰ আতিৰেক ॥২১
যত যত অস্ত্ৰ আক কৰিলোঁ প্ৰহাৰ ।
অনুমাত্ৰো নিবিন্ধিল শৰীৰত আৰ ॥২২
কাটন ফুটন শৰ প্ৰহাৰিলো যত ।
পৰিসেক নিবিন্ধিল ইহাৰ গাৱত ॥২৩
কিনো তোক অবধ্য কৰি ব্ৰহ্মা দিলা বৰ ।
কিছুকো নোৱাৰে পৰি বৰ বৰ শৰ ॥২৪
শীঘ্ৰে বন্দী কৰোঁ আক মাৰণ নযাই ।
শত্ৰুবল বাঢ়ে বিলম্বক নুযুৱাই ॥২৫
প্ৰথম ৰোগত যেবে নেদয় আসুদ্ধি ।
ব্যাধি বাঢ়ি গৈলে পাছে হত হোৱে বুদ্ধি ॥২৬
ৰাক্ষসৰ বচন বানৰে আছে ছন্দি ।
নাগপাশ হানি মোক কৰিবেক বন্দী ॥২৭
বন্দী কৰি নিয়া কৰিবেক ৰণ্ড ভণ্ড ।
ৰাজাৰ আগক নিলে কৰিবেক দণ্ড ॥২৮
হানিলে ব্ৰহ্মাৰ পাশ হনুৰ গাৱত ।
বাণ পৰি ছিৰিল হনুৰ শৰীৰত ॥২৯
ব্ৰহ্মাদেৱে কৰিল আমাক উপহাস ।
দুনাই আনি বান্ধিবো বানৰা কৈক যাস ॥৩০
চলি গৈল ইন্দ্ৰজিত ব্ৰহ্মাৰ পাশক ।
হেন থলে কোপ ঘোৰ কৰিলা কিসক ॥৩১
বান্ধন নযাই যে কিসৰ নাগপাশ ।
হেন দেখি ব্ৰহ্মা দেৱে তুলিলন্ত হাস ॥৩২
মনে মনে গুণন্ত আসজ ভৈল কায ।
কপি বন্দি নভৈলেয়ো মোহোৰেসে লাজ ॥৩৩
পৱনৰ তনয় অবধ্য হনুমন্ত ।
ৰামদূত হুয়া যে লঙ্কাত আছিলন্ত ॥৩৪
সীতাকো দেখিল কাৰ্য্য কৰিল বিশেষ ।
বন্দী ছলে দেখন্তোক লঙ্কা যেন যেন দেশ ॥৩৫
গুৰু নুসুমৰি তই অকাৰ্য্য কৰিলি ।
গুৰুক নাৰাধি ব্ৰহ্ম অস্ত্ৰক হানিলি ॥৩৬
হেন মন্দ কাৰ্য্যক কিসক আচৰিলি ।
গুৰু পাৱ নবন্দিয়া পাপক সঞ্চিলি ॥৩৭
অধৰ্ম্মক আশে গুৰু মনত নলৈলি ।
মুগুধ ৰাক্ষস ভাল মন্দ নাজানিলি ॥৩৮
অৱলেপ কৰি তই কপিক হানিলি ।
পকা কল থৈয়া কঞ্চা ফলক পাৰিলি ॥৩৯
আপুনিও লাজ ভৈলে কুযশক পাইলি ।
ৰাক্ষস কুলৰ বৰ কীৰ্ত্তিক অনাইলি ॥৪০
কিছুক নোৱাৰি তই এবে আসি ভৈলি ।
আগ পাছ নুশুনিয়া কোন কাৰ্য্য কৈলি ॥৪১
গুৰুসে পৰম বন্ধু গুৰু আদিদেৱ ।
গুৰু বিনে ত্ৰিজগতে আন নাই কেৱ ॥৪২
গুৰুক সুমৰি যেবে কৰয় সন্ধান ।
হানিৱয় তেবেসে ব্ৰহ্মাৰ নাগবান ॥৪৩
তই নুসুমৰিলে গুৰুৰ চৰণক ।
নাগপাশ কিসক হানিলে বানৰক ॥৪৪
গুৰুক সুমৰি যেবে তই হান শৰ ।
তেতিখনে মাৰিয়া পেশিবি যমঘৰ ॥৪৫
গুৰুক সুমৰি গৈয়া ঝাণ্টে বাণ হান ।
তেবে বন্দি নভৈলে কৰিবে অপমান ॥৪৬
ব্ৰহ্মাৰ বচনে হৰষিত বৰ মনে ।
ৰণভূমি পাইল আসি সত্বৰ গমনে ॥৪৭
গুৰুক প্ৰণামি বাণ ধৰি দুই হাতে ।
যুদ্ধক প্ৰবন্ধি থিত অশোকা বনতে ॥৪৮
এবে তোক মাৰিবো বানৰা কৈক যাস ।
ব্ৰহ্মাৰ অস্ত্ৰ কৰি আছ উপহাস ॥৪৯
ইন্দ্ৰজিতে ৰণমাজে ব্ৰহ্মাক নমিল ।
মাৰুতিক লাগি ব্ৰহ্ম অস্ত্ৰক হানিল ॥৫০
ব্ৰহ্ম অস্ত্ৰ দেখি কপি ভৈল হৰিষিত ।
বন্ধন নভৈলে ব্ৰহ্মা হোৱয় লজ্জিত ॥৫১
বন্দি হুয়া কৌতুকে ৰাৱণা আগে যাইব ।
নগৰৰ নৰনাৰী মোক বেঢি চাইব ॥৫২
তেবেসে কৌতুক আমি পাইবোহো বিস্তৰ ।
এহি বুলি বন্ধন লৈলন্ত কপিবৰ ॥৫৩
চেতন হৰিলা কপি ভৈলা আকুলিত ।
গিৰিসিত কৰি আসি পৰিলা ভূমিত ॥৫৪
বন্ধনক লৈয়া বীৰে গুণে মনে মন ।
চাৰিয়ো জাতিত কৰি অকুলীন জন ॥৫৫
মদ্য মাংস শোণিতক খাই দিনে ৰাতি ।
ব্ৰহ্ম অস্ত্ৰ হানি মোক পাইলেক খিয়াতি ॥৫৬
বান্ধ এৰাইবাক পাৰোঁ আপোনাৰ বলে ।
লঙ্কা খান দেখোঁ গৈয়া বন্ধনৰ ছলে ॥৫৭
ত্ৰিদশৰ বৰত অবধ্য তিনি লোকে ।
পাপিষ্ঠ ৰাক্ষসে কি কৰিতে পাৰে মোকে ॥৫৮
হনুমন্ত বৰ বীৰ ইন্দ্ৰজিতে জানি ।
আপুনিয়ে মাৰুতিক বান্ধিলেক টানি ॥৫৯
ৰাক্ষস লোকক বোলে আৰ কিবা চাহা ।
ঝাণ্টে সাঙ্গি বান্ধি নিয়া ৰাজাত ভেটাহা ॥৬০
ইন্দ্ৰজিত বাণী শুনি ৰাক্ষসৰ গণে ।
দৃঢ়কৰি আনি সাঙ্গি বান্ধিলা তেখনে ॥৬১
দেখিলে বানৰ বৰ অচেতন ভৈল ।
ইন্দ্ৰজিতে হৰিষে অস্ত্ৰক লৈয়া গৈল ॥৬২
মাৰুতিক দেখিয়া ৰাক্ষস ক্ৰোধ কৰি ।
মাৰৈ কিল মুকুক চৱৰ হাতগৰি ॥৬৩
লাথি ভুকু মাৰৈ সবে কৰে গিৰগিৰি ।
মৰা যেন হনুমন্তে আছে দান্ততৰি ॥৬৪
কোহো বোলে বানৰা মাৰিলে মোৰ ভাই ।
কেহো বোলে মাৰিলেক খুৰত মোমাই ॥৬৫
কৈৰ পৰা আসিলে লঙ্কাৰ অগ্নিকুণ্ডে ।
এহি বুলি পৰিঘে কোবাৱে আসি মুণ্ডে ॥৬৬
ঘসায়া পিসায়া লোটায়া থেথলায়া ।
সাঙ্গি বাৰি বান্ধিয়া কান্দত তুলি লৈয়া ॥৬৭
বহন্তে বহন্তে প্ৰজা হতাশ নভৈল ।
কতো দূৰ নিয়া পাছে গিৰিসাই থৈল ॥৬৮
ৰাক্ষসৰ কান্ধে কপি বন্দী হুয়া যান্ত ।
মাথা তুলি দিব্য সভাখান দেখিলন্ত ॥৬৯
সভাৰ মাজত বৰ দিব্য সিংহাসনে ।
চতুৰ্দ্দিশে বেঢ়ি আছে মন্ত্ৰী পাত্ৰগণে ॥৭০
প্ৰহস্ত নিকুম্ভ মহাপাৰ্শ্ব সহোদৰ ।
পৃথিবীক বেঢ়ি যেন চাৰিয়ো সাগৰ ॥৭১
আনো যত বীৰগণ যাই আগে পাছে ।
অস্ত্ৰ শস্ত্ৰ ধৰিয়া যুজৰ সব কাছে ॥৭২
সেহি সিংহাসনে বসি আছে লঙ্কেশ্বৰ ।
দশশিৰ কুৰি বাহু দেখি ভয়ঙ্কৰ ॥৭৩
মাৰুতিৰ দেখি আতি মনত বিস্ময় ।
ভালেতো ৰাৱণে কাকো ভয় নকৰয় ॥৭৪
আক সম সুখী ৰাজা নাহি ৰবিতলে ।
সীতাক হৰিলে আক কোন বিধি ছলে ॥৭৫
পুনৰপি নিশাচৰে সাঙ্গি বান্ধি লৈল ।
ৰাজাৰ আগত নিয়া গিৰিসাই থৈল ॥৭৬
বন্দী বানৰক দেখিলেক লঙ্কেশ্বৰ ।
প্ৰহস্তক বোলে পুছ কোথেৰ বানৰ ॥৭৭
কি কাৰ্য্যক মাৰিলে আমাৰ নিশাচৰ ।
জম্বুমালী বীৰ আৰু অক্ষ যে কুমাৰ ॥৭৮
প্ৰহস্ত বোলয় অৰে কোথেৰ বানৰ ।
মিছা নুবুলিবি তই কিছু নাই ডৰ ॥৭৯
তোক মাৰি আমৰা কমন যশ পাইবো ।
স্বৰূপ কহিলে তোক মেলিয়া পঠাইবো ॥৮০
ৰাজাৰ বিচিত্ৰ থান ক্ৰীড়াৰ ভুবন ।
অশোকা বনিকা কেনে কৰিলিহি ছন ॥৮১
কোনেবা পঠাইলে তোক আইলিকি কাৰণে ।
ইন্দ্ৰৰ চৰিয়া পঠাইলন্ত নাৰায়ণে ॥৮২
কিবা যমে পঠাইলন্ত কিবা দিনকৰে ।
কিবা ৰামদূত আইলে লঙ্কাৰ ভিতৰে ॥৮৩
হনুমন্তে বোলন্ত শুনিয়ো মোৰ বাণী ।
লঙ্কা ৰাজ্য দেখিবাক আইলোঁ আপুনি ॥৮৪
ইন্দ্ৰে নপঠাইল নপঠাইল নাৰায়ণে ।
ৰামদূত হেন মোক জানে কোন জনে ॥৮৫
যমৰাজে দিনকৰে পঠাইবন্ত কেনে ।
তৰল বানৰজাতি আসি ভৈলো হেনে ॥৮৬
ৰাজাৰ শ্ৰীমুখ অতি দেখিবাক স্বাদ ।
সি কাৰণে আমাৰ দাৰুণ অপৰাধ ॥৮৭
আপোনাৰ প্ৰাণ ৰক্ষা নপৰে কাৰণে ।
ৰাক্ষসগণক মই মাৰিলোহোঁ ৰণে ॥৮৮
কুমাৰক মাৰিবাক নুদুষিবা মোকে ।
শাস্ত্ৰে বিহি আছৈ ই পণ্ডিত সব লোকে ॥৮৯
একোয়ে প্ৰকাৰে যেবে এৰাইতে নোৱাৰি ।
আততায়ী ভৈলে পাছে ব্ৰাহ্মণকো মাৰি ॥৯০
প্ৰহস্তে বোলয় তোৰ কথা নোহে সঞ্চা ।
যতেক কহিলি মানে সব তোৰ মিছা ॥৯১
এখন স্বৰূপ কহ অধম বানৰ ।
প্ৰাণ খানি ৰক্ষা কৰ মিছাত নমৰ ॥৯২
মাৰুতি বোলয় শুন কথাৰ প্ৰস্তুত ।
জম্বুদ্বীপ হন্তে আইলো ৰাঘৱৰ দূত ॥৯৩
সীতাকো দেখিলো সাগৰতে ভৈলো পাৰ ।
স্বৰূপ বচন ৰাজা শুনিয়ো আমাৰ ॥৯৪
বালী ৰাজা আছিল তোমাৰ বৰ ইষ্ট ।
বানৰৰ ৰাজা তান সুগ্ৰীৱ কনিষ্ঠ ॥৯৫
তেহেন্তে সন্দেশ কথা পঠাইলে তোমাক ।
সকলে কহিবো কৰ্ণ পাতি শুন তাক ॥৯৬
অবধ্য দুৰ্জ্জয় বীৰ ৰাম হেন জানি ।
মাথে তুলি সীতাদেবী সমৰ্পিয়ো আনি ॥৯৭
আমাৰ বচন শীঘ্ৰে কৰিয়ো প্ৰবন্ধ ।
তেবেসে জানিবা নিষ্ঠে ৰক্ষা পৰৈ কন্ধ ॥৯৮
এতেক বচন শুনি নৃপতি ৰাৱণ ।
ক্ৰোধ কৰি বোলে অৰে শুন পা্ত্ৰগণ ॥৯৯
সবে বানৰক কিল বাৰি দেস জাক ।
কৌটি কৌটি ধাইল শুনি নৃপতিৰ বাক ॥১০০
গদা মুদ্গৰে কোবাৱয় ভিন্দিপালে ।
পৰিঘে কোবাৱে কেহো চৰ ডাৱে গালে ॥১০১
ৰাক্ষসৰ বলে যত পৰাভৱ দেন্ত ।
হনুমন্তে কপটে কৰন্ত কেন্ত কেন্ত ॥১০২
শুনা ৰামায়ণ সভাসদ যত লোক ।
ৰামৰ সেৱাৰ দেখাঁ পৰম মহত্ব ॥১০৩
ত্ৰৈলোক্য সম্পদ যিটো ৰাজা লঙ্কেশ্বৰ ।
ৰামদূত হনুমন্ত বনৰ বানৰ ॥১০৪
একেশ্বৰে লঙ্কাত লগাইলে খলমলি ।
ৰাৱণক চমক দেখাইলা মহাবলী ॥১০৫
শ্ৰীৰাম চৰণ সেৱাৰ দেখাঁ বল ।
জানি ভজাঁ ৰাঘৱৰ চৰণ কমল ॥১০৬
পৰম যতনে নিতে সন্তৰ সঙ্গত ।
শ্ৰৱণ কীৰ্ত্তন মাত্ৰ কৰিয়ো মনত ॥১০৭
এতেকে সংসাৰ তাপ তৰিবাহাঁ সুখে ।
পলাওক পাতক ৰাম ৰাম বোলাঁ মুখে ॥১০৮
২৬ অধ্যায়
সম্পাদনা কৰকদুলৰি
সম্পাদনা কৰকহসিত বদন, পৱন নন্দন,
হাওঁৰে দুষ্ট ৰাৱণা ।
লঙ্কাত নৃপতি, তই যোগ্য নোহস,
পাপিষ্ঠ মুগুধ জনা ॥১
ভাল বোলন্ত যে, বসিতি ভাগয়,
হিতক দেখহ মন্দ ।
সুগ্ৰীৱ ৰাজাৰ, মুঠিৰ প্ৰহাৰে,
তোৰ পৰিবেক কন্ধ ॥২
মোহোৰ সমান, ভালুক বানৰ,
কতো মোত কৰি চাৰ ।
ৰামৰ আদেশে, সীতাক খোজই,
সাতো সাগৰৰ পাৰ ॥৩
হেন কি ৰামক, ঠেস নকৰস,
কটকটাই তোৰ ঘাঁৰ ।
ৰামৰ ভাৰ্য্যাক, সীতাক হৰিলে,
যমৰাইক দিলে ধাৰ ॥৪
জগতৰ দ্ৰোহ, আচৰিয়া সুখে,
লঙ্কাত বহিলে ভালে ।
সীতাক আনিয়া, আবেসে নশিলে,
গ্ৰসিলেক তোক কালে ॥৫
সমস্তে ৰাক্ষস, কুলৰ পাপিষ্ঠ,
তই ভৈলে অধোগামী ।
এতিখনে তোক, মাৰিবাক পাৰোঁ,
ধৰ্ম্মক নেৰোহোঁ আমি ॥৬
মাটিত চাপৰ, মাৰিয়া ৰাঘৱে,
কৰিয়াছা অঙ্গীকাৰ ।
মোহোৰ ভাৰ্য্যাৰ, বৈৰৰ নিচয়ে,
মইসে চিন্তিবো মাৰ ॥৭
প্ৰভু ৰাঘৱৰ, অঙ্গীকাৰ ছন,
যিহেতু নকৰোঁ মই ।
তাতেসে মোহোৰ, হাতত ৰাৱণা,
জীৱন্তে ৰহিলে তই ॥৮
তই আছ উত্তম, সিংহাসনে বসি,
মই আছো পৰি ভূমিত ।
এতিখনে তোক, নমাইবাক পাৰোঁ,
বামহাতে ধৰি চুলিত ॥৯
যতেক ৰাক্ষসে, মোক কোবাৱয়,
তোহোৰ ৰঙ্গ বঢ়াৱে ।
তই আসি মোৰ, পাৱক মৰ্দ্দস,
ধূতি হৌক মোৰ গাৱে ॥১০
জাজ্জ্বল্য সমান, ক্ৰোধে জ্বলি বোলে,
বানৰক কৰ দণ্ড ।
মোহোৰ আগত, এতিখনে আক,
কাটি কৰ খণ্ড খণ্ড ॥১১
পশুজাতি হুয়া, মোক বিগুতয়,
অধম আতি বৰ্ব্বৰ ।
কহিৰা প্ৰহস্ত, আৰ কিবা চাস,
ঝাণ্টে খাণ্ডা তুলি ধৰ ॥১২
হেন বাণী শুনি, বিষ্ণুত ভকত,
বিভীষণে চালি গাৱ ।
কাতৰ কৰোহো, দাদা লঙ্কেশ্বৰ,
ইটো কোপ বাহুৰাৱ ॥১৩
চৌধয় শাস্ত্ৰত, আপুনি পাৰ্গত,
ধৰ্ম্মক এৰিয় কিক ।
কোননো শাস্ত্ৰত, দেখিয়া আছৱ,
দূতৰ এ প্ৰাণান্তিক ॥১৪
যেহেন শুনয়, তেহেন বোলয়,
দূতৰ হেনসে নয় ।
প্ৰাণান্তিক ভৈলে, দূতে কদাচিতো,
মিছা বাণী নোবোলয় ॥১৫
মাথা মুণ্ডি পাঞ্চ, চিৰলা কৰিয়ো,
গালে দিয়া কালি চূণ ।
দূতৰ শাস্তিযে, প্ৰাণান্তিক নুহি,
গাৱে কৰ কিছু খুন ॥১৬
উচিত বচন, বুলিলে বপাই,
পণ্ডিত আমাৰ ভাই ।
ক্ৰোধৰ বেগত, দূতক দণ্ডিয়া,
ক্ষেণে অপযশ পাই ॥১৭
কমন অঙ্গত, খুন কৰিবোহোঁ,
যেন হোৱে ৰণ্ড ভণ্ড ।
যি গোটে পঠাইল, অপমান পাওক,
দূতৰ দেখিয়া দণ্ড ॥১৮
বানৰ জাতিৰ, লাঞ্জেসে ভূষণ,
সব শৰীৰৰ মূল ।
আমাত আবেসে, স্ববুদ্ধি ফড়িল,
পঠায়ো পুৰি লাঙ্গুল ॥১৯
যিগোটে ইহাক, দূত পঠাইলেক,
তাৰ প্ৰতিফল পাওক ।
ৰাম লখমনে, সুগ্ৰীৱে দেখোক,
ছেঞ্চা পোৰা হুয়া যাওক ॥২০