জটায়ুৰ মৃত্যুত সম্পাতিৰ শোক
ৰামায়ণ বৃত্তান্ত |
---|
|
- ২৫ অধ্যায়
জটায়ুৰ মৃত্যুত সম্পাতিৰ শোক ।
- দুলৰি ।
এহি মতে পাছে, কান্দিয়া সম্পাতি,
- কিছু সন্ধুক্ষণ ভৈলা ।
অঙ্গদ প্ৰমুখ্যে, বানৰ গণত,
- কথা কহিবাক লৈলা ॥১
জানিলো আমাৰ, মহাভাগ্য ভৈল,
- দেখিলোঁ ৰামসেনাক ।
আমাৰ পূৰ্ব্বৰ, কাহিনী কহওঁ,
- শুনিয়োক সবে তাক ॥২
গৰুড়ৰ পুত্ৰ, জটায়ু সম্পাতি,
- সহোদৰ দুই ভাই ।
জানিবা স্বৰূপে, এক খান দ্বীপে,
- দুয়োহন্তে লৈলোঁ ঠাই ॥৩
দ্বীপৰ নিমিত্তে, দুহানো দুৰ্ঘোৰ,
- কন্দল ভৈল অপাৰ ।
পূৰ্ব্বে নুগুনিলোঁ, আপুনি চিন্তিলোঁ,
- দুয়ো আপোনাৰ মাৰ ৪
বসিয়া অজস্ৰ, আঠাইশ সহস্ৰ,
- ঋষি তপ কৰে যথা ।
অনন্তৰে দুয়ো, ভাই দন্দ কৰি,
- লৰিয়া গৈলোঁহো তথা ॥৫
দুভায়ো বচন, বুলিলোঁ তেখন,
- শুনিয়োক ঋষিগণ ।
শীৰ্ঘ্ৰে কহিয়োক, দুভাইৰ মাজত,
- বলৱন্ত কোন জন ॥৬
হেন বাণী শুনি, যত মহামুনি,
- সবাৰে মনত ভয় ।
যাক ছোট কৰোঁ, সেহিজনে আসি,
- ধৰিয়া খাইবে নিশ্চয় ॥৭
সবেও বোলন্ত, তেবেসে কহিবোঁ,
- দুইৰো পৰাক্ৰম জানি ।
এহি মতে মনে, গুণি সাৰ কৰি,
- সবে বুলিলন্ত বাণী ॥৮
ওপৰক হাত, তুলি ঋষিসবে,
- আমৰা দুইক দেখান্ত ।
দেখিয়োক দুয়ো- ভাই সূৰ্য্য দেৱ,
- ৰথে চড়ি লৰি যান্ত ॥৯
আগ হুয়া গৈয়া, ইহান ৰথক,
- পাৰহ যদি ছুইবাক ।
দুহানো মাজত, বলতো অধিক,
- সবহি বোলোহোঁ তাক ॥১০
হেন শুনি তেতি- ক্ষণে দুয়ো ভাই,
- কৰিলোঁ শীঘ্ৰে উৰাৱ ।
বৃক্ষ ছন্ন হয়, শিখৰ খসয়,
- লাগিয়া পাখাৰ ৰাৱ ॥১১
আতি ঋষাঋষি, কৰি হিসাহিসি,
- চলি যাওঁ দুই ভাই ।
আমাক দেখিয়া, আদিত্য দেৱতা,
- থাকিলা ৰথ ৰহাই ॥১২
কহিৰ পৰম, দুষ্ট দুই পক্ষী,
- আসে মোৰ অপঘাতে ।
কৰিয়া ক্ৰোধক, অগ্নিৰ শৰক,
- হানিলন্ত ধৰি হাতে ॥১৩
তিলেকো নাপেক্ষি, অগ্নিশৰ দেখি,
- জটায়ু গৈলেক ডৰি ।
ভয়ে তৰসিল, শৰনে পশিল,
- মোৰ চৰণত ধৰি ॥১৪
অনেক কাৰ্পণ্য, কৰিয়া আমাক,
- বুলিলেক প্ৰিয় ভাৱ ।
সোদৰক মহা- আতুৰ দেখিয়া,
- মোৰ নসহিল গাৱ ॥১৫
শুনিয়োক প্ৰাণ, দাদা হেৰ মই,
- বোলোঁ কৰি অঙ্গীকাৰ ।
তোমাৰ গাৱৰ, পাখা যেবে নাসে,
- যোগাইবোঁ আমি আধাৰ ॥১৬
হেন শুনি জটা- য়ুক পাছ কৰি,
- মেলি দিলোঁ দুই পাখা ।
অগ্নিশৰে মোৰ, পাখা পুৰি গৈল,
- ভৈয়াই ভৈগৈল ৰক্ষা ॥১৭
পাথি দগ্ধ হই, অনন্তৰে মই,
- পৰিলোহোঁ পৰ্ব্বতত ।
শৰীৰত বৰ, পীড়াক লভিলোঁ,
- মোৰ শ্ৰুতি ভৈল হত ॥১৮
পাছে কতো দিনে, সন্ধুক্ষণ হুয়া,
- পৰ্ব্বতে বসিয়া ৰৈলোঁ ।
কত ভাগ্য বশে, অগস্তি ঋষিক,
- মই দৰশন ভৈলোঁ ॥১৯
কাৰুণ্য কৰিয়া, বুলিলোঁ মোহোৰ,
- বচন শুনিয়ো ঋষি ।
তুমি সৰ্ব্বজান, জীৱন মৰণ,
- কৈয়ো মোৰ বিমৰিষি ॥২০
শুনি হাসি পাছে, অগস্তি বুলিলা,
- মোহোৰ মুখক চাই ।
গৰুড়ৰ পুত্ৰ, শুনিয়ো সম্পাতি,
- তোমাৰ মৰণ নাই ॥২১
এতিক্ষণে এহি, স্থানে থাকা বসি,
- হাজাৰ মান বত্সৰ ।
যতকালে পাখা, নতো গজে মানে,
- তোমাৰ ইটো গাৱৰ ॥২২
দশৰথ গৃহে, অযোধ্যাত হৰি,
- হুয়া ৰাম অৱতাৰ ।
সন্তক পালিবা, দুষ্টক নাশিবা,
- খণ্ডিবা ভূমিৰ ভাৰ ॥২৩
তাহানে ভাৰ্য্যাকে, সীতাক হৰিয়া,
- নিবেক ৰাজা ৰাৱণে ।
সীতাক খুজিতে, ৰাম সেনাগণে,
- আসিবেক এহি থানে ॥২৪
বালীৰ তনয়, অঙ্গদ কুমাৰ,
- বীৰ গনিতাতো সাৰ ।
যতেক কটক, ভালুক বানৰ,
- তেন্তে পাইবে অধিকাৰ ॥২৫
তাসম্বাৰ আগে, কহিবি সকলে,
- তোহোঁৰ বৃত্তান্ত কথা ।
তেক্ষণে খণ্ডিব, তোহোঁৰ যতেক,
- শৰীৰ দুঃখ ব্যথা ॥২৬
তোহোৰ যতেক, নব্বৈ কোটি পাখা,
- গজিয়া হৈব সম্পূৰ্ণ ।
এহি বুলি মোক, মহা ঋষি পাছে,
- গৈলা চলি তপোবন ॥২৭
ঋষিৰ বচনে, জানিলোঁ নিশ্চয়,
- মোহোৰ মৰণ নাই ।
কিন্তু বৰ দুখ, হৈল আসি মোৰ,
- আহাৰ পানী নপাই ॥২৮
ভাইয়ো এৰি মোক, কৈকবা গৈলেক,
- পুত্ৰো মোৰ নজানয় ।
অনন্তৰে মুণ্ড, তুলিয়া দেখিলোঁ,
- আসিল মোৰ তনয় ॥২৯
মোহোৰ অৱস্থা, দেখি পুত্ৰে পাছে,
- কৰিল বৰ বিলাপ ।
স্বস্থ হুয়া বোলে, আহাৰক লাগি,
- চিন্তা নকৰিবা বাপ ॥৩০
তোমাৰ আগত, স্বৰূপ বচন,
- বোলোঁ কৰি অঙ্গীকাৰ ।
নিতে সাত ঘটি, বেলা হৈলে পিতৃ,
- যোগাইবোঁ আনি আধাৰ ॥৩১
পুত্ৰ ভৈলে তাৰ, পিতৃৰ সুশ্ৰূষা,
- অৱশ্যে কৰিব লাগে ।
এতেকে তোমাক, আধাৰ যোগাইবে,
- পাইলোঁ আসি বৰ ভাগে ॥৩২