ঋষি আৰু মাতৃসকলৰ লগত ৰামৰ সাক্ষাত্
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৩৯ অধ্যায়
ঋষি আৰু মাতৃসকলৰ লগত ৰামৰ সাক্ষাত্
প্ৰজা সবে শুনিলেক ক্ৰন্দনৰ ৰাৱ ।
নিৰন্তৰে লোক সবে চালিলেক গাৱ ॥১
ৰাঘৱক দেখি ক্ৰন্দনৰ কোলাহল ।
প্ৰলয় কালত যেন সাগৰ আম্ফাল ॥২
যাক যেন যোগ্য ৰামে আশ্বাস কৰিল ।
কাহাকো হিয়াত কোলে সাৱটি ধৰিল ॥৩
দশৰথ ৰাজাৰ যতেক পটেশ্বৰী ।
ধীৰে ধীৰে দ্বিজে নেন্ত প্ৰতিপাল কৰি ॥৪
কতোবেলি গৈয়া মন্দাকিনী কূল পাইল ।
কৌশল্যায়ে সুমিত্ৰাক মাত পৰুজাইল ॥৫
দেখতো সুমিত্ৰা ৰাম নাহিবাৰ ঘাট ।
হেৰ দেখ লখাই পানী বহিবাৰ বাট ॥৬
কিনো সুদুষ্কৰ কৰ্ম্ম লক্ষ্মণে কৰিল ।
ৰামত ভকতি ৰাজ্য ভোগক এৰিল ॥৭
কুশৰ উপৰে দেখিলন্ত নানা ফল ।
ৰামেসে কৰিল পিতৃ কৰ্ম্মক সকল ॥৮
হাঁ কিনো প্ৰভু ভৈল বিপত্তি তোমাৰ ।
ৰাজভোগ এৰি বনফল ভৈল সাৰ ॥৯
মহাদই সবো শোক পাইল বহুতৰ ।
বহুত কান্দিয়া পাশ পাইলন্ত ৰামৰ ॥১০
ৰামচন্দ্ৰ আছন্ত সভাৰ মাজে বসি ।
স্বৰ্গহন্তে যেন ইন্দ্ৰদেৱ আইলা খসি ॥১১
ৰাম সীতা লক্ষ্মণৰ অৱস্থা দেখিল ।
মহাশোকে উথলিয়া সবাকো পীড়িল ॥১২
কৌশল্যা সুমিত্ৰা আদি মহাদই যত ।
গুণক বৰ্ণায়া ধৰি কান্দন্ত শোকত ॥১৩
হাঁ সীতা সতী আই জনকৰ ঝীৱ ।
তোৰ দুখ দেখি আই কেনে ধৰোঁ জীৱ ॥১৪
সুন্দৰ বদনশ্ৰী হৰিল সকল ।
শিশিৰে বিনষ্ট যেন শোভিত কমল ॥১৫
হৰি হৰি ৰাম দশৰথৰ তনয় ।
লখাইৰ বিপত্তি দেখি দহৱে হৃদয় ॥১৬
চক্ষু চল চল কৰি প্ৰণামিল ৰাম ।
দেখি ৰাম মুখ শোক ভৈল উপশাম ॥১৭
সূৰ্য্যৰ তাপত দেহা দহিল সকল ।
চন্দ্ৰৰ ৰশ্মিয়ে যেন কৰিলে শীতল ॥১৮
ৰামক দেখিয়া লোক ভৈল আনন্দিত ।
পাসৰিল দুখ যেন পীয়া পঞ্চামৃত ॥১৯
চতুৰঙ্গ দলে ৰঙ্গে বেঢ়িয়া থাকিল ।
পাত্ৰ সবে ৰাঘৱৰ সমীপ চাপিল ॥২০
শত্ৰুঘন ভৰত সুমন্ত্ৰ গুহৰাজ ।
ইন্দ্ৰক বেঢ়িয়া যেন দেৱতা সমাজ ॥২১
নমাতি আছন্ত বসি ৰঘুবংশনাথ ।
গাৱ চালি ভৰতে যুৰিলা যোৰহাত ॥২২
শুনিয়োক প্ৰাণ দাদা মন্যু পৰিহৰি ।
লৈয়ো আপোনাৰ ৰাজ্য অযোধ্যা নগৰী ॥২৩
আমি নথাকন্তে মাৱ কৰিলন্ত দোষ ।
চৰণত ধৰোঁ এৰিয়োক অসন্তোষ ॥২৪
পিতৃসম ভাই তুমি মোৰ গুৰুদেৱ ।
তোমাৰ চৰণ ছাৰি গতি নাহিকেৱ ॥২৫
ধৰ্ম্মত থাকিয়া আমি নকৰোহোঁ দণ্ড ।
মাতৃকাযে কাটিয়া নকৰোঁ খণ্ড খণ্ড ॥২৬
নিষ্ফল জীৱন মোৰ কৈকেয়ী আই ।
যেন কাক জীৱয় বলিৰ ভাত খাই ॥২৭
তোমাৰ দ্ৰোহত মাতৃ দৈবে পাইলে ফল ।
সবাহাঙ্কে শোক দিয়া গৈল ৰসাতল ॥২৮
গুচায়োক বল্কল তেজিয়া জটাভাৰ ।
সকালে পিন্ধিয়ো ৰাজযোগ্য অলঙ্কাৰ ॥২৯
মোত যেবে দয়া দাদা আছয় তোমাৰ ।
ঝাণ্টে গৈয়া লৈয়োক অযোধ্যা ৰাজ্যভাৰ ॥৩০
কৰিলন্ত নৃপতিয়ে পাত্ৰক আদেশ ।
ভৰতে বনত গৈয়া হৈবেক প্ৰবেশ ॥৩১
শ্ৰীৰামক বাপসম দেখয় ভৰত ।
বনবাস খাটি মোৰ পালিব শপত ॥৩২
ৰাঘৱক আনিয়া দেবেক সব দেশ ।
হেনয় বুলিয়া ভৈল প্ৰাণ অৱশেষ ॥৩৩
শ্ৰীৰামে বোলন্ত শুনা ভৰত কুমাৰ ।
তোমাৰ মুখত আসে অধৰ্ম্ম উত্তৰ ॥৩৪
হুয়া তুমি কনিষ্ঠ ভাণ্ডিতে মোক চাহা ।
চাপচুপে এৰিয়া দেশক চলি যাহা ॥৩৫
সাফল ভৰত ভাই স্বৰ্গপথ সায় ।
পিতৃ আজ্ঞা বোলায়া ৰামক নিতে চায় ॥৩৬
ইসব বচনে আৰ আমাত নোশোভে ।
পিতৃসত্য বাধিবোহোঁ ৰাজ্যভোগ লোভে ॥৩৭
আছিলেক মান্ধাতা ইন্দ্ৰকো দিল ধাৰ ।
কৰিলেক কাল সৰ্পে তাহাঙ্কো সংহাৰ ॥৩৮
সগৰ নৃপতি তেহোঁ খনাইল সাগৰ ।
যমৰ এৰাইতে ধাৰ নভৈল নাগৰ ॥৩৯
হিৰণ্যকশিপু সম নাছিলেক কেৱ ।
বাহিলেক সকলে ত্ৰিদশ কোচি দেৱ ॥৪০
নৰসিংহ ৰূপে তাকো কৰিল সংহাৰ ।
কমন মুগুধে জীৱনক দেখে সাৰ ॥৪১
হেন বুলি ৰামদেৱ ৰৈলা মৌন হুই ।
থাকিলন্ত ভৰত জাণ্টিয়া পদ দুই ॥৪২
বাপ এৰি গৈলা তুমি খাটিবাহাঁ বন ।
এবেসে জানিলো মোৰ মিলিল মৰণ ॥৪৩
ভৰত থাকিলা যেবে বিষাদিত মনে ।
ৰামক মাতিলা পাচে জাবালি ব্ৰাহ্মণে ॥৪৪
ইটো ৰঘুবংশত তুমিসে ভৈলা সাৰ ।
সত্য পালি কৰিবাহাঁ বংশক উদ্ধাৰ ॥৪৫
শুনিয়োক ৰাঘৱ তোমাত বোলে কায ।
সত্যে সত্যে কৈকেয়ী তোমাক দিল ৰাজ ॥৪৬
পালিলা নিশ্চয়ে তুমি বাপৰ বচন ।
দেশ চলাঁ ভৰতে খাটিব সত্যে বন ॥৪৭
তুমি যেবে হেন সত্য ধৰ্ম্মক এৰিবা ।
ৰহিব দুষ্কীৰ্ত্তি তাক কমনে খণ্ডিবা ॥৪৮
জ্যেষ্ঠৰেসে ৰাজ্য কনিষ্ঠৰ নোহে যোগ ।
এৰিয়োক মন্যু কৰিয়োক ৰাজ্যভোগ ॥৪৯
কুলগুৰু পুৰোহিত বোলন্ত বশিষ্ঠ ।
কি কাৰণে ৰাঘৱ কৰাহাঁ মনে নিষ্ঠ ॥৫০
নিৰ্দ্দয় উচিত নোহে ক্ষমা কৰিয়োক ।
মন্যু পৰিহৰিয়া দেশক চলিয়োক ॥৫১
তোমাৰ শোকত ৰাজা তেজিল শৰীৰ ।
ৰাত্ৰি দিন শোক মাত্ৰ তোমাৰ মাতৃৰ ॥৫২
সকলে ৰাজ্যৰ লোকে হৰিষ কৰন্ত ।
তোমাক দেখিয়া সবে শোক পাসৰন্ত ॥৫৩
কৌশল্যা বোলন্ত ৰাম বচন বাধস ।
হেন গ্ৰহ কৰি কোন কাৰ্য্যক সাধস ॥৫৪
ৰঘুবংশে হুয়া মোক বধিসে খোজস ।
গঙ্গাজল এৰি কূপজলত নাৱস ॥৫৫
সকল প্ৰজায়ে বেঢ়ি বুলিলেক বাক ।
যায়োক যায়োক বুলি কোলাহল ডাক ॥৫৬
তথাপিতো ৰামৰ বনেসে বিমৰিষ ।
কৌটিয়েক নদী সাগৰক কৰে কিস ॥৫৭