গুহকৰ সাহায্য দান
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৩৩ অধ্যায়
- গুহকৰ সাহায্য দান
গুহ নৃপতিক যেবে গৃহক পঠাইল ।
শত্ৰুঘন সমে শোকে নিদ্ৰাক নপাইল ॥১
যুগৰ সমান তান ৰজনী পোহাইল ।
ভৰতে মাতিয়া শত্ৰুঘনক জগাইল ॥২
প্ৰভাত সময় ভৈল কুলি তেজে ৰাৱ ।
গুহক বুলিয়ো ঝাণ্টে আনন্তোক নাৱ ॥৩
ভৰতে উঠিয়া পাছে মুখে দিলা জল ।
কৌশল্যা সুমিত্ৰা আদি জাগিলা সকল ॥৪
শত্ৰুঘনে বোলে কিয় জগাইলাহাঁ মোকে ।
জগায়া জগায়া মোক বাপ ভাইৰ শোকে ॥৫
গুহক আনিতে প্ৰতি দূতক পঠাইল ।
দূত নতো যান্তে গুহ আপুনি আইল ॥৬
গুহে বোলে উঠিয়োক ভৰত কুমাৰ ।
ভৰতে বোলন্ত ভৃত্য তইসে ৰামৰ ॥৭
অব্যাহতে সৈন্য মোৰ কৰায়োক পাৰ ।
তুৰিতে অনায়ো বাপ যতেক নৱাৰ ॥৮
হেন শুনি গুহ ৰাজা নথাকিল ৰহি ।
আপোনাৰ কটকক শীঘ্ৰে গৈলা বহি ॥৯
ভৰতৰ আজ্ঞা নিয়া শিৰত চড়াইল ।
তেতিক্ষণে শঞ্চশত নাৱৰা অনাইল ॥১০
নিৰন্তৰে নাৱৰা গঙ্গাত কেলি কৰে ।
কতো কতো নাৱত সহস্ৰ লোক ধৰে ॥১১
শঞ্চদশ শত লোক কাহাতো ধৰয় ।
কাহাতো ষোড়শ শত কাতো সতৰয় ॥১২
গৈলা লৰি ৰঙ্গে বৰ অশ্বগজ দলে ।
দিন গোটে পাৰ ভৈল কটক সকলে ॥১৩
পঞ্চিশে তিৰিশে চল্লিশে সে হাতী চড়ে ।
তথাপিতো নাৱ সব খানিকো নলৰে ॥১৪
পৰ্ব্বত সমান নাৱসৰ হাহি যাই ।
ছাপে ছাপে নাৱ যেন পৱন উড়াই ॥১৫
হস্তী ঘোড়া ৰথ পতি কটক অপাৰ ।
গুহৰ কিঙ্কৰ সবে কৰিলেক পাৰ ॥১৬
কতো হাণ্টি কতো ভুৰে কতো লোক ভেলে ।
কতো কতো সান্তৰিয়া পাৰহোৱে হেলে ॥১৭
গুহৰাজা যোৰহাতে সাকুত স্বভাজ ।
ভৰতৰ আগে গৈয়া যোগাইলেক নাৱ ॥১৮
ৰজতৰ পতা দিল সুবৰ্ণৰ ছাল ।
জমকে জমকে জ্বলে ৰতন পৱাল ॥১৯
বশিষ্ঠ প্ৰমুখ কৰি যত দ্বিজগণ ।
ৰাজভাৰ্য্যা যতেক ভৰত শত্ৰুঘন ॥২০
সেহি নাৱে ভৈলা গুহ আপুনি কাণ্ডাৰ ।
অব্যাহতে গঙ্গাৰ ভৈলন্ত সবে পাৰ ॥২১
পাৰহৈয়া ভৰতে গুহত শোধে কাজ ।
কোন পথে চলিবোঁ দেখিতে ভৰদ্বাজ ॥২২
নিষাদ নৃপতি পথ কৰিলা উদ্দেশ ।
সসৈন্য ভৰত ভৈলা বনত প্ৰবেশ ॥২৩
নদী নদ দুৰ্গ বন বহুত এৰাইল ।
প্ৰহৰ দেড়েকে গৈয়া প্ৰয়াগক পাইল ॥২৪
মহাক্ষেত্ৰ থান সিতো মুকুতি দুৱাৰ ।
সেনা সমন্বিতে সেহি থানে পয়সাৰ ॥২৫
শঙ্কৰক প্ৰণামি আসন ধৰিলন্ত ।
মাতৃগণ সমে প্ৰদক্ষিণ কৰিলন্ত ॥২৬
নিৰন্তৰে প্ৰজাক থৈলন্ত সেহি ঠাৱ ।
মন্ত্ৰীগণ সহিতে আৱৰ যত মাৱ ॥২৭
কুলগুৰু বশিষ্ঠক আগত লৈলন্ত ।
ভৰদ্বাজ থানে গৈয়া প্ৰবেশ ভৈলন্ত ॥২৮
বশিষ্ঠক দেখি ঋষি চালিলন্ত গাৱ ।
চমকিয়া আসনৰ নমাইলন্ত পাৱ ॥২৯
ভৰতক দেখি ভৈলা মনত উল্লাস ।
বশিষ্ঠ সহিতে ভৈল তত্তূল্য সম্ভাষ ॥৩০
মাৱে ভাই ভৰতেও প্ৰদক্ষিণ কৰি ।
কৰিলন্ত নমস্কাৰ ঋষিক সাদৰি ॥৩১
কৃতাঞ্জলি ধৰি পাছে আগে ভৈলা থিৱ ।
ঋষিয়ে বোলন্ত সবে হৈয়ো চিৰঞ্জীৱ ॥৩২
যথাযোগ্য ভৰদ্বাজে সবাকো অৰ্চ্চিল ।
বসিবাক লাগিয়া আসন অনাই দিল ॥৩৩
সাদৰ কৰিলা যেবে ঋষি ভৰদ্বাজে ।
সবহি বসিলা মুনি গণৰ সমাজে ॥৩৪