বালীপুত্ৰ অঙ্গদৰ দ্ধাৰা ৰাক্ষস বধ
ৰামায়ণ বৃত্তান্ত |
---|
|
- ২২ অধ্যায়
- অঙ্গদৰ দ্বাৰা ৰাক্ষস বধ ।
সকলে দিশত চাই ফুৰা থানে থান ।
অসুৰেক দেখিলন্ত পৰ্ব্বত সমান ॥১
শৰীৰৰ বৰ্ণ যেন মেঘ কৰে কান্তি ।
দশন ভীষণ আতিশয়ে চলি যান্তি ॥২
অঙ্গদে বোলন্ত জানো এহি সে ৰাৱণ ।
যুদ্ধক প্ৰবন্ধ কৰিলন্ত তেতিক্ষণ ॥৩
মহাক্ৰোধে অসুৰেও কৰিল আম্ফাল ।
দুই হাতে অঙ্গদে ধৰিলা দুই শাল ॥৪
বালিপুত্ৰে দুই শাল হানিলা প্ৰচণ্ড ।
মুঠি হানি অসুৰে কৰিলা খণ্ড খণ্ড ॥৫
পৰ্ব্বতৰ শিখৰক হানিলা অসুৰ ।
লাথি হানি অঙ্গদে কৰিলা তাক চূৰ ॥৬
মহা ক্ৰোধে দুইয়ো বীৰে কৰিলা হাম্ফোল ।
মাল বান্ধে জুৰিয়া ধৰিয়া কোলে কোল ॥৭
সন্নিপাত বান্ধে বান্ধি অসুৰে ধৰিল ।
চক্ৰবাত বান্ধে বান্ধি অঙ্গদে পাৰিল ॥৮
ঠিৱ হইয়া অসুৰে ধৰিলা চক্ৰবান্ধ ।
ঢালিল অঙ্গদ নলখিয়া শিলকন্ধ ॥৯
বলে আতি কুশল অঙ্গদ মহাবলী ।
মুঠি বান্ধে জুৰিয়া হাসন্ত খলখলি ॥১০
উপৰত চড়িয়া ধৰিলা হাতে হাতে ।
মাথা মুৰি অসুৰৰ ধৰিলা হিয়াতে ॥১১
মুঠি বান্ধ এৰিলন্ত কৰিয়া উপায় ।
হেসনি কৰিয়া অঙ্গদক খেদি যাই ॥১২
অসুৰক বালিপুত্ৰে খেদি লগ পাইল ।
লাঠী হানি কতো দূৰ ক্ষেপিয়া পঠাইল ॥১৩
অঙ্গদ বোলন্ত কিবা চাহি আছো আৰ ।
মুঠী হানি অসুৰক পঠাও যমদ্বাৰ ॥১৪
এহি বুলি হিয়াত বসাইলা বজ্ৰমুঠী ।
হিয়া চূড় হৈয়া তাৰ প্ৰাণ গৈল ফুটি ॥১৫
ঘোৰ আৰ্ত্তনাদ কৰি অসুৰ পৰিল ।
বজ্ৰৰ পতনে যেন পৃথিৱী লৰিল ॥১৬
দেখি ৰাম সেনা ঘূষিলন্ত জয় জয় ।
ধন্য যুবৰাজ ধন্য বালিৰ তনয় ॥১৭
অসুৰ পৰিলে অনন্তৰে কপিগণে ।
সীতাক বিচাৰি ফুৰে অনেক যতনে ॥১৮
বৰ বৰ পৰ্ব্বতত চাহিলা সকলে ।
অনেক গহনে বিচাৰিলা জলে স্থলে ॥১৯
পৰ্ব্বতেক দেখিলা মেৰুৰ সমসৰ ।
উটিলা তাহাত গৈয়া ভালুক বানৰ ॥২০
আকাশ লঙ্ঘিয়া আছে একৈক উঠান ।
পৃথিবীক দেখিয় সৰাৱ পৰমান ॥২১
তাতে চড়ি কপিগণ ভৈগৈল বিহ্বল ।
সাগৰক দেখি যেন গোখোজৰ জল ॥২২
পূৰ্ব্বত দেখিলা ৰবি প্ৰচণ্ড উদয় ।
উত্তৰ দিশত দেখি গিৰি হিমালয় ॥২৩
দক্ষিণত যমপুৰ দেখি তমোময় ।
পশ্চিম দিশত অস্ত গিৰিক দেখয় ॥২৪
পৰম বিস্ময় হুয়া অঙ্গদে পুছয় ।
কিবুদ্ধি কৰিব আবে বায়ুৰ তনয় ॥২৫
মাৰুতি বোলয় বুদ্ধি নধৰয় আৰ ।
পৰম সঙ্কট গিৰি উঠিলোঁ দুৰ্ব্বাৰ ॥২৬
সীতাক নপাইয়া একে মনত অসুখ ।
ভাগৰে পীড়িল আতি শুকাই গৈল মুখ ॥২৭
সূৰ্য্যৰ কিৰণে বৰ তাপে গাৱ পোৰে ।
পিয়াসিল বানৰে আকুল জল নোৰে ॥২৮
গল তালু শুকাই গৈল মুখে নাহি পান ।
জল নপাই বোলে ভৈল প্ৰাণৰ নিৰ্য্যান ॥২৯
হতাশে বসিলা সবে দক্ষিণক লক্ষি ।
কত দূৰে উৰে দেখ জলচৰ পক্ষী ॥৩০
ৰাজহংস চক্ৰবাক উৰয় সাৰঙ্গ ।
দাউক সৰালী কোঢ়া চটক বিহঙ্গ ॥৩১
লৰুআলি,ভেলা,ঘোগ,আৰু উৰিকঙ্ক ।
পাতি কাউৰ,পানী কাউৰ আৰু মত্স্যৰঙ্গ ॥৩২