দশৰথৰ গৃহত নাৰায়ণৰ অংশৰ স্থিত
ৰামায়ণ বৃত্তান্ত |
---|
|
২১ অধ্যায়
দশৰথৰ গৃহত নাৰায়ণৰ অংশৰ স্থিতি
- দুলৰি ।
ৰাজা লঙ্কেশ্বৰে, উপদ্ৰবৱ কৰে,
জিনিয়া এ ত্ৰিভুবন ।
বলে পৰাক্ৰমে, ইতিনি লোকত,
সম নাহি একো জন ॥১
তাৰ পৰাভৱ, সহিতে নাপাৰি,
ত্ৰিদশ দেৱতাগণ ।
বাসৱে সহিত, একত্ৰে বসিয়া,
কৰিলন্ত আলোচন ॥২
ৰাৱণত হন্তে, নাহিক নিস্তাৰ,
বিনে দেৱ গদাধৰ ।
ব্ৰহ্মায়ে আমাৰ, মিলাইলা প্ৰমাদ,
ৰাৱণক দিয়া বৰ ॥৩
ইতিনি লোকত, ত্ৰিদশ দেৱত,
ৰাৱণ অবধ্য ভৈল ।
নৰ বানৰত, হৈব সিতো হত,
ব্ৰহ্মা বৰ ছিদ্ৰ থৈল ॥৪
পুত্ৰৰ নিমিত্তে, কৰে মহা যজ্ঞ,
দশৰথ নৃপবৰ ।
এহি সময়তে, ঈশ্বৰ বিষ্ণুক,
পঠাই দিওঁ তান ঘৰ ॥৫
হেন যুক্তি কৰি, ক্ষীৰোদধি তীৰে,
গৈলন্ত দেৱতাগণ ।
লক্ষ্মী সমন্বিতে, ক্ষীৰোদ সাগৰে,
আছা প্ৰভু নাৰায়ণ ॥৬
অব্যক্ত স্বৰূপে, আছন্ত ঈশ্বৰ,
নুহিকে কাৰো গোচৰ ।
জয় জয় হৰি, বুলি হুলস্থুল,
কৰে দেৱ নিৰন্তৰ ॥৭
নমো নাৰায়ণ, জগতকাৰণ,
সনাতন লক্ষ্মীপতি ।
হুয়োক সদায়, প্ৰভু কৃপাময়,
কৰোঁহো পাৱে প্ৰণতি ॥৮
তোমাৰ চৰণে, আমি দেৱগণে,
শৰণ লৈলোঁ সম্প্ৰতি ॥
তুমি সি ঈশ্বৰ, ইটো জগতৰ,
তুমি বিনে নাহি গতি ।৯
হুয়ো সুপ্ৰসন্ন, দিয়ো দৰশন,
গুচোক আমাৰ দুখ ।
ত্ৰিদশ সকলে, দেখোঁ কৌতূহলে,
তোমাৰ প্ৰসন্ন মুখ ॥১০
ক্ষীৰ সাগৰৰ, তীৰ জুৰি সবে,
হৰিক দেখিব মনে ।
জয় জয় হৰি, বুলি উচ্চ কৰি,
ডাকয় দেৱতা গণে ॥১১
দেৱৰ কল্লোল, জয় জয় বোল,
শুনিয়া কৃপা মিলিল ।
হুয়া দায়াযুত, ৰূপ অদভুত,
দেৱতাক দেখা দিল ॥১২
কোটি এক শশী, সূৰ্য্যতো কৰিয়া,
শৰীৰৰ জৌতি বলে ।
আসিল ৰামক, লাগিল চমক,
দেখিলা দেৱ সকলে ॥১৩
কৃষ্ণক আকোলি, ধৰি কৃতাঞ্জলি,
মাথাৰ উপৰ কৰি ।
কৃষ্ণৰ আগতে, পৰি দণ্ডবতে,
ৰৱে জয় জয় হৰি ॥১৪
সুপ্ৰসন্ন বিধি, ভৈল কাৰ্য্য সিদ্ধি,
দিলা দেখা নাৰায়ণ ।
শ্ৰীমুখ দেখি, ভৈলা সবে সুখী,
যতেক ত্ৰিদশগণ ॥১৫
যেনৰূপে দেখা, দিলন্ত দেৱক,
কহিব কাৰ শকতি ।
সৰ্পৰ ফণাত, চৰণ থাপিয়া,
আছা ত্ৰিজগত পতি ॥১৬
সৰ্পৰ ফণাত, মণি জৌতি কৰে,
অৰুণ চৰণ তলে ।
সুকোমল পদ্ম- কোষক জিনিয়া,
চৰণ যুগল জ্বলে ॥১৭
দশো আঙ্গুলিত, জ্বলে মনোনীত,
ৰত্নৰ উঢতিচয় ।
চন্দ্ৰৰ জৌতিক, জিনি আতিশয়,
নখ মণি প্ৰকাশয় ॥১৮
মণি ৰত্নময়, নূপুৰ জ্বলয়,
চৰণ কমল মাজে ।
জঙ্ঘা মনোহৰ, উৰু কৰিকৰ,
কটিত কিঙ্কিণি বাজে ॥১৯
পাট ভুনি পীত, ৰতনে ৰচিত,
কঙ্কালত কটিবন্ধ ।
জ্বলে মনোহৰ, নাভী সৰোবৰ,
উদৰ অতি সুচন্দ ॥২০
হৃদয়ে শ্ৰীবত্স, দেখি আতি স্বচ্ছ,
হাৰ গজ মুকুতাৰ ।
ৰত্ন মণিময়, জ্বলন্তে আছয়,
জিলিমিলি পেচন্দাৰ ॥২১
আপাদ লম্বিত, গলে বনমালা,
ভ্ৰমৰে বেঢ়িয়া ৰঞ্জে ।
কৌস্তুভ মণিৰ, প্ৰকাশে প্ৰভাত,
সূৰ্য্যৰ জৌতিক গঞ্জে ॥২২
নীল মোলানৰ, পাবক নিন্দিয়া,
শোভে বাহু চাৰি খান ।
সুবলি বলিত, অজানুলম্বিত,
দেখিতে অতি সুঠান ॥২৩
সুবৰ্ণৰ তাৰ, বলয়া কঙ্কণ,
সুন্দৰ আঙুল পান্তি ।
আতি সুবলিত, কুৰি আঙুলিত,
নখচন্দ্ৰ কৰে কান্তি ॥২৪
বাখৰে ৰচিত, আঙ্গঠি শোভিত,
কৰে যেন কিশলয় ।
শঙ্খ চক্ৰ গদা, পদ্ম চাৰি হাতে,
অনুক্ৰমে প্ৰকাশয় ॥২৫
উশাসতে আতি, চলন্তে আছয়,
উদৰত তিনি ৰেখা ।
কষিত সোণাৰ, ৰেখা যেন উৰে,
লক্ষ্মী দেবী দিলা দেখা ॥২৬
সিংহবন্ধ স্কন্ধ, চাৰু কম্বুকণ্ঠ,
চিবুক আতি সুন্দৰ ।
বন্দুলি পুষ্পকো, নিন্দি প্ৰকাশয়,
অৰুণ চাৰু অধৰ ॥২৭
শৰতৰ পূৰ্ণ- চন্দ্ৰকো গঞ্জিয়া,
প্ৰকাশে মুখমণ্ডল ।
ঈষত হাসিত, অমৃত বৰিষে,
দেখি মিলে কৌতূহল ॥২৮
মুকুতা সাৰি, জিনি দন্তপান্তি,
মুখকো আতি ৰঞ্জয় ।
শৰত সুজাত, প্ৰফুল্ল পদ্মকো,
নয়নযুগে গঞ্জয় ॥২৯
নাসা তিলফুল, যেন প্ৰকাশয়,
সুবালিত ভ্ৰুৰ দুই ।
সুসম কপালে, তিলক জ্বলয়,
পূৰ্ণচন্দ্ৰো সম নুই ॥৩০
চাৰু কম্বুকৰ্ণে, মকৰ কুণ্ডল,
কৰে আতি জলমল ।
ৰত্নে বিৰচিত, কিৰীটি শিৰত,
সূৰ্য্যৰ যেন মণ্ডল ॥৩১
কুটিল কুণ্ডল, অলকাৰ পংক্তি,
কান্তি কৰে কপালত ।
প্ৰমত্ত ভ্ৰমৰে, যেন মধু পান,
কৰে পৰি কমলত ॥৩২
শিৰৰ উপৰে, চূড়ামণি জ্বলে,
সূৰ্য্য যেন মূৰ্ত্তি ধৰি ।
শ্যাম শৰীৰক, সজল জলদ,
কদাচিতো নুহি সৰি ॥৩৩
পীত বস্ত্ৰ যেন, সজল মেঘত,
বিজুলী ভৈল সুথিৰ ।
কোটি কন্দৰ্পকো, দৰ্পচূৰ কৰি,
জ্বলন্তে আছে শৰীৰ ॥৩৪
পদ্মপত্ৰ সম, দুখানি চৰণ,
বচন অতি গম্ভীৰ ।
অমৃত কোটিত, কৰিয়া সন্তোষ,
সাগৰ কোটি গম্ভীৰ ॥৩৫
কোটি হেমৱন্ত, গিৰিত কৰিয়া,
দেখয় অতি সুথিৰ ।
কোটি কোটি মহা, মহেন্দ্ৰত কৰি,
শ্ৰী আতি চমত্কাৰ ॥৩৬
হেনয় ৰূপক, দেখিয়া দেৱৰ,
আনন্দৰ নাহি পাৰ ॥৩৭
নমো নাৰায়ণ, দেৱ সনাতন,
তুমি অনাথৰ নাথ ।
কৰাঁ মোক দায়া, কৃপা দৃষ্টি চায়া,
মায়া এৰা জগন্নাথ ॥৩৮
নামৰ আভাস, মাত্ৰকে তাৰিলা,
মহাপাপী অজামিল ।
ভক্তৰসে মাত্ৰে, পুতনাকো মোক্ষ,
দিলা দেৱ দয়াশীল ॥৩৯
এতেক জানিয়া, তোমাৰ চৰণে,
শৰণ কৰিলোঁ সাৰ ।
কেৱলে তোমাৰ, চৰণ পঙ্কজে,
থাকোক ৰতি আমাৰ ॥৪০
তোমাৰ ভৃত্যৰ, ভৃত্যৰ ভৃত্যৰ
ভৃত্য বুলি ধৰাঁ মোক ।
তেজি আন কাম, বোলাঁ ৰাম ৰাম,
যত সামাজিক লোক ॥৪১
- ২২ অধ্যায়
- পদ ।
- ২২ অধ্যায়
অনন্তৰে সৰ্পৰ নামিলা নাৰায়ণ ।
দেৱক সমুখে বসিলন্ত পদ্মাসন ॥১
হাতৰ পদ্মক লক্ষ্মী থৈলন্ত কোলাত ।
তাহাৰ উপৰে থাপিলন্ত দুই হাত ॥২
দুই পাদপদ্ম তাতে থাপিলন্ত হৰি ।
স্বামীৰ চৰণে দেবী ধৰিলা সাদৰি ॥৩
লক্ষ্মীৰ হাতৰ শাঁখা জৌতি আতি কৰে ।
প্ৰকাশে চৰণ সেই শাঁখাৰ উপৰে ॥৪
অব্যক্ত ঈশ্বৰ হৰি ভৈলন্ত সাক্ষাত ।
দেখি ব্ৰহ্মা আদি দেৱে কৰি যোৰহাত ॥৫
অৱনত মাথে স্তুতি কৰে দেৱগণ ।
ত্ৰাহি ত্ৰাহি হৰি লৈলোঁ তোমাত শৰণ ॥৬
তুমি বিনে আমাৰ নাহিক আন গতি ।
চৰাচৰ জগতৰ তুমি এক পতি ॥৭
সৃষ্টিৰ আদিতে থাকাঁ তুমিসে কেৱল ।
পুনু স্ৰজিবাক যেবে ভৈলা কৌতূহল ॥৮
কটাক্ষে কৰিয়া প্ৰকৃতিক সচেতন ।
কোটি কোটি ব্ৰহ্মাণ্ড স্ৰজাঁহা নাৰায়ণ ॥৯
অন্তৰ্য্যামীৰূপে তাতে প্ৰবেশিয়া হৰি ।
কৰাঁহা বিহাৰ নানাবিধ ৰূপ ধৰি ॥১০
ব্ৰহ্মাৰূপ ধৰি স্ৰজী ইতিনি ভুবন ।
বিষ্ণুৰূপ ধৰি কৰাঁ সৃষ্টিক পালন ॥১১
ৰুদ্ৰৰূপ ধৰি কৰাঁ আপুনি সংহাৰ ।
এহি মহা মোক্ষ লীলা কৌতুক তোমাৰ ॥১২
মায়াৰ অধীন আমি জীৱ নিৰন্তৰ ।
তুমিসে কেৱল মাত্ৰ মায়াৰ ঈশ্বৰ ॥১৩
মায়ায়ে মোহিত হুয়া আমি জীৱ যত ।
তোমাৰ মূৰ্ত্তিৰ কেহো নজানোহো তত্ত্ব ॥১৪
কেৱলে তোমাৰ পাৱে পশিয়া শৰণ ।
তযু গুণ নাম কৰে শ্ৰৱণ কীৰ্ত্তন ॥১৫
সেহিসে মহন্তে জানে তযু ব্যৱহাৰ ।
মোক্ষকো এৰিয়া ভজে চৰণ তোমাৰ ॥১৬
কোন বেলা কোন ৰূপে কৰাঁ কোন কৰ্ম্ম ।
ব্ৰহ্মায়ো বুজিবে নপাৰন্ত তাৰ মৰ্ম্ম ॥১৭
আন কোনে বুজিবেক তোমাৰ লীলাক ।
বেদে নপাৰন্ত কহি সীমা কৰিবাক ॥১৮
নিত্য নিৰঞ্জন তুমি অনাদি অনন্ত ।
কালমায়াদিৰো তুমি প্ৰভু ভগৱন্ত ॥১৯
অনন্ত বিভূতিপতি মুকুতিদায়ক ।
বেদবিধায়ক এক জগতনায়ক ॥২০
সুখ দুখ দাতা দীন দৰিদ্ৰ বত্সল ।
তুমিসে সমস্তে জগতৰে সুমঙ্গল ॥২১
নিজানন্দ লাভে পূৰ্ণ সত্য সনাতন ।
কাৰণৰো কাৰণ তুমিসে অকাৰণ ॥২২
নাহিকে কাহাতো প্ৰভু প্ৰাৰ্থনা তোমাৰ ।
তুমি পুনু কৰাঁ জগতকে উপকাৰ ॥২৩
সংসাৰত নাহিকে তোমাৰ অবিদিত ।
জগতৰে হিত তুমি চিন্তা প্ৰতিনিত ॥২৪
নলৱয় জীৱে যেবে তোমাত শৰণ ।
তাৱত নেৰাৱে জীৱে উত্পতি মৰণ ॥২৫
নানা পাপ পুণ্য কৰি নানা দেহ ধৰি ।
ফুৰে নানা সুখ দুখ ফল ভোগ কৰি ॥২৬
তুমি অজ নাহি দেৱ জনম তোমাৰ ।
লীলায়ে ধৰাঁহা নানাবিধ অৱতাৰ ॥২৭
মহন্তক পালাঁ ধৰ্ম্মপথ ৰক্ষা কৰি ।
কৰাঁহা বিনাশ দুষ্ট দুৰ্জ্জনক হৰি ॥২৮
তুমি কাল মূৰ্ত্তি সৰ্ব্ব সংহাৰ কাৰণ ।
তুমি চৰাচৰ গুৰু জগত তাৰণ ॥২৯
ধৰ্ম্ম অৰ্থ কাম মোক্ষ দাতা তুমি দেৱ ।
তুমি বিনে সংসাৰত সাৰ নাহি কেৱ ॥৩০
নিজ যোগবলে প্ৰকৃচিৰ গুণ তিনি ।
আপোনাতে আপোনাক স্ৰজাঁহা আপুনি ॥৩১
আপুনি পালাঁহা কৰা আপুনি সংহাৰ ।
আপুনি ঈশ্বৰ তুমি আপুনি সংহাৰ ॥ ৩২
কালৰ হাতত ৰক্ষাকৰ্ত্তা নাহি আন ।
তুমিসে কেবল মাত্ৰ বিশ্ৰামৰ থান ॥৩৩
এক মূৰ্ত্তি নানা মূৰ্ত্তি নানা মূৰ্ত্তি এক ।
তোমাত জগত তুমি তাত ব্যতিৰেক ॥৩৪
তুমি প্ৰাণ মন মুখ চক্ষু কৰ্ণ নাসা ।
তোমাতেসে সকল জগতে বাসা ॥৩৫
অন্তৰ্য্যামী ৰূপে তুমি জগত আধাৰ ।
প্ৰবৰ্ত্তায়া যতেক জীৱৰ ব্যৱহাৰ ॥৩৬
তোমাৰ মুখত চাৰি বেদ উপজিল ।
ব্ৰহ্মা আদি দেৱৰ নিয়ম নিয়োজিল ॥৩৭
তোমাত উপজি বেদে তোমাকেসে কয় ।
মায়ায়ে মোহিত জীৱে তাক নেদেখয় ॥৩৮
নানা কাৰ্য্য কৰ্ম্ম ধৰ্ম্ম কৰয় প্ৰবন্ধি ।
ফুৰি সংসাৰত সেহি কামে হুয়া বন্দী ॥৩৯
সাধুসঙ্গ লৈয়া যাৱে নভজে তোমাক ।
তাৱত নপাৰে কৰ্ম্ম বন্ধ এৰাইবাক ॥৪০
এতেকেসে এক চিত্ত কৰি দেৱগণে ।
তোমাৰ চৰণে আসি পশিলোঁ শৰণে ॥৪১
কৰিয়ো কৰুণা মাত্ৰ এক লেশ মান ।
ত্ৰিদশ দেৱৰ হৌক দুখ পৰিত্ৰাণ ॥৪২
নমো নাৰায়ণ সৰ্ব্বজন অধিপতি ।
নমো দায়াশীল দেৱ অগতিৰ গতি ॥৪৩
নমো দামোদৰ ব্ৰহ্মময় কলেৱৰ ।
নমো বিঘ্নহৰ নমো কৃপাৰ সাগৰ ॥৪৪
নমো নমো ত্ৰিভুবন পতি মহা দেৱ ।
নমো নমো সদা ত্ৰিজগতে কৰে সেৱ ॥৪৫
নমো বাসুদেৱ নমো সৰ্ব্ব ৰূপধৰ ।
প্ৰকৃতিত পৰ নমো নমো যোগেশ্বৰ ॥৪৬
নমো শুদ্ধ বুদ্ধ নিত্য নিৰঞ্জন কায়া ।
হুয়ো সুপ্ৰসন্ন ত্ৰিদশক কৰাঁ দায়া ॥৪৭
নাজানোহো স্তুতি নতি প্ৰণতি তোমাৰ ।.
জয় জয় হৰি হেৰা গোচৰ আমাৰ ॥৪৮
এহিমতে দেৱে স্তুতি কৰিলা বিস্তৰ ।
শুনিয়া সন্তুষ্ট ভৈলা ত্ৰৈলোক্য ঈশ্বৰ ॥৪৯
ত্ৰিদশ দেৱৰ দুখ দেখি বিপৰীত ।
দায়া ৰসে পৰম প্ৰসন্ন ভৈলা চিত ॥৫০
মেঘেৰ গম্ভীৰ ধ্বনি মাতিলা হৰিষে ।
দেৱৰ শৰীৰে যেন অমৃত বৰিষে ॥৫১
হে ব্ৰহ্মা শুনিয়োক বচন আমাৰ ।
কেনে এত বৰ দুঃখ মিলিল তোমাৰ ॥৫২
মিলিল পৰম দুখ তোমাৰ বাসৱ ।
শুনা যম তযু কেনে ভৈল পৰাভৱ ॥৫৩
বৰুণ তোমাৰ নাগপাশ কোলে নিল ।
শুনা সূৰ্য্য তযু তেজ কেমনে হৰিল ॥৫৪
কেনে শশধৰ তুমি ভৈলা কান্তিহীন ।
ধৰ্ম্ম কেনে তোমাৰ শৰীৰ ভৈল ক্ষীণ ॥৫৫
কি শোকে সুথিৰ গতি ভৈলা হুতাশন ।
ভৈলা মন্দগতি তুমি কিমতে পৱন ॥৫৬
কিয় বসুমতী সতী কৰাঁহা বিলাপ ।
কমন দুৰ্জ্জনে দিলে তোমাক সন্তাপ ॥৫৭
সাগৰ সুথিৰ বেগ ভৈলা কি কাৰণ ।
কুবেৰ দৰিদ্ৰ ভৈলা কোনে নিলে ধন ॥৫৮
ষড় ঋতু কিবা হেতু ভৈলা বিপৰ্য্যয় ।
কেমনে বিৰূপ ভৈলা বিদ্যাধৰচয় ॥৫৯
স্বৰহীন গন্ধৰ্ব ভৈলাহা কি কাৰণ ।
কি হেতু কাতৰ ভৈলা নৱগ্ৰহগণ ॥৬০
ভৈলাহা স্বতন্ত্ৰ পূজা এৰি কিবা কাজ ।
কমনে প্ৰমাদ ভৈলা ত্ৰিদশৰ মাজ ॥৬১
কহিয়োক সবে মোত স্বৰূপ বচন ।
তোমাসাৰ বৰ কিবা সাধোঁ প্ৰয়োজন ॥৬২
বিষ্ণুৰ বচন শুনি হৰিষ মিলিল ।
সবে দেৱগণে বৃহস্পতিক বুলিল ॥৬৩
ৰাৱণৰ চৰিত্ৰ কহিয়ো বৃহস্পতি ।
মিলাই আছে জগতৰ যিমত বিপত্তি ॥৬৪
শুনি দেৱ গুৰু ত্ৰিদশৰ বচনক ।
কৃতাঞ্জলি হুয়া চাহি কৃষ্ণ চৰণক ॥৬৫
বুলিবাক লৈলা কৰি সুমধুৰ বাণী ।
শুনিয়োক পৰম ঈশ্বৰ চক্ৰপাণি ॥৬৬
ত্ৰিভুবনে নাহিকে তোমাৰ অবিদিত ।
তথাপিতো তযু আগে কহিবে সুচিত ॥৬৭
তোমাত জনাইলে দুখ হৈবে নিবাৰণ ।
এহি হেতুতেসে যত যত মহাজন ॥৬৮
আপোনাৰ সুখ দুখ তোমাত অৰ্পন্ত ।
সৰ্ব্ব কৰ্ত্তা বুলি মনে তোমাক ভাবন্ত ॥৬৯
এতেকে কহিবোঁ যেনে দেৱৰ দুৰ্গতি ।
বেদ বিশ্বশ্ৰবা পুত্ৰ ৰাৱণ দুৰ্ম্মতি ॥৭০
ৰাক্ষসৰ কুলে নিকষাত জাত ভৈল ।
ঘোৰ তপ কৰিয়া ব্ৰহ্মাত বৰ লৈল ॥৭১
সুৰাসুৰ লোকত অবধ্য কলেৱৰ ।
ত্ৰিভুবন জিনি পীড়া কৰে লঙ্কেশ্বৰ ॥৭২
সি কাৰণে দেৱে দুখ পাৱে বিপৰীত ।
নানা ৰত্ন সাগৰে যোগাৱে প্ৰতি নিত ॥৭৩
পুষ্পক বিমান কাঢ়ি আনি কুবেৰৰ ।
সেহি ৰথে চঢ়ি ফুৰে বীৰ লঙ্কেশ্বৰ ॥৭৪
হুয়া বিপৰ্য্যয় ষড় ঋতু নিৰন্তৰে ।
সঙ্কুচিত ভাৱে ৰাৱণক সেৱা কৰে ॥৭৫
ৰাৱণত হন্তে আতি পায়া পৰাভৱ ।
বিদ্যাধৰী অপেস্বৰী যোগান্ত বাসৱ ॥৭৬
থান মাঞ্জি থাকন্ত পৱন মহাভাগে ।
চন্দ্ৰে ছত্ৰ ধৰি যান্ত ৰাৱণৰ আগে ॥৭৭
নপান্ত কৰিবে যজ্ঞ মুনি নিৰন্তৰে ।
ৰাক্ষসক পঠাই ৰুধিৰ বৃষ্টি কৰে ॥৭৮
ভয়ে নৱগ্ৰহে ভোগ তেজিলেক সৰ্ব্ব ।
নৃত্য গীত কৰি তথা থাকয় গন্ধৰ্ব্ব ॥৭৯
কতেক কহিবোঁ প্ৰভু তোমাৰ আগত ।
কোন দেৱে লাজ নাহি পানে ৰাৱণত ॥৮০
হৰি নিলে ৰাৱণে পাইলেক যাৰ যত ।
কাহাৰো নাহিকে আৰ কাৰ্য্য বিষয়ত ॥৮১
সমস্তৰে সম্পত্তি ৰাৱণে হৰি নিল ।
অধম ৰাক্ষসে দেৱতাক বিড়ম্বিল ॥৮২
নীচ জনে উত্তমক পীড় অধিক ।
আমাৰ উত্তম জন্ম আছো ধিক ধিক ॥৮৩
শুনি বৃহস্পতিৰ বচন দামোদৰ ।
কৃপায় হাসিয়া হৰি দিলন্ত উত্তৰ ॥৮৪
হে বৃহস্পতি কহ কহ ভাল কৰি ।
এহি বুলি পুনু মাতিলন্ত দেৱহৰি ॥৮৫
মোৰ পাৰিষদ বুলি কেহো নজানয় ।
নীচ বুলি আতিশয় গৰিহা কৰয় ॥৮৬
কোটি এক দেৱে ৰাৱণক নোহে সম ।
সেহি ভৈল অধম কোন আছয় উত্তম ॥৮৭
এতেকেসে উচ্চ কৰি হাসিলা ঈশ্বৰে ।
সাগৰৰ উৰ্ম্মিক ঢাকিলা সেহি স্বৰে ॥৮৮
হৰিষ হাসিত শোভা কৰিল বদন ।
মুকুতাৰ জ্যোতি জিনি প্ৰকাশে দশন ॥৮৯
বুলিলন্ত বচন শবদ অনুপাম ।
সেহি শব্দে চাৰি পদে ভৈলা শ্লোক নাম ॥৯০
জানিলোঁহো বৃহস্পতি দুখ তোমাসাৰ ।
ৰাক্ষস ৰাৱণে দুখ দিলেক অপাৰ ॥৯১
নীচ হুয়া উত্তম দেৱক পীড়িলেক ।
অধমৰ পৰাভৱ লভিয়া অনেক ॥৯২
প্ৰজ্বলিত হুয়া আছে ৰাৱণ প্ৰখৰ ।
পৰম আকুল চিত্ত কৰিলা দেৱৰ ॥৯৩
শুক্ৰে সমে উপায় কৰিয়া বলিৰাই ।
পূৰ্ব্বে স্বৰ্গপদ লৈলা ইন্দ্ৰক খেদাই ॥৯৪
সিকালে আপুনি ভৈলোঁ সহায় ইন্দ্ৰৰ ।
বলিক পাতালে নিলোঁ খেদায়া স্বৰ্গৰ ॥৯৫
ইবাৰ ইন্দ্ৰক পীড়া কৰে লঙ্কানাথ ।
অস্ত্ৰে হানি তাহাৰ কাটিবোঁ দশমাথ ॥৯৬
হুয়াছে প্ৰচণ্ড বৰ লভিয়া ব্ৰহ্মাত ।
ত্ৰিদশ দেৱক মোৰ কৰে উত্পাত ॥৯৭
কাটিবোঁহো শিৰ কৰি দাৰুণ প্ৰহাৰ ।
তেবে গুলগুলি মোৰ গুচিব হিয়াৰ ॥৯৮
দশ দিগপালৰ সাধিবোঁ প্ৰতিকাৰ ।
ত্ৰিভুবন লোকক পীড়িল দুৰাচাৰ ॥৯৯
যিহেতু সহিছোঁ উপদ্ৰৱ ৰাৱণৰ ।
শুনা বৃহস্পতি তাৰ স্বৰূপ উত্তৰ ॥১০০
মহাদুখে হৰক আৰাধি লঙ্কেশ্বৰ ।
আপোন ইচ্ছায়ে মাগি লৈয়া আছে বৰ ॥১০১
সুৰাসুৰে জিনিবাক নপাৰয় আনে ।
অজৰ অমৰ মহেশ্বৰ বৰ দানে ॥১০২
ব্ৰহ্মাক আৰাধি সিটে আৰু বৰ লৈল ।
মানুষে মাৰিবে ব্ৰহ্মা বৰ ছিদ্ৰ থৈল ॥১০৩
তাৰ বধ হেতু মানুষত হৈবোঁ জাত ।
দশৰথ ৰাজা সূৰ্য্য বংশত প্ৰখ্যাত ॥১০৪
দেৱতাৰ প্ৰয়োজনে চাৰি ৰূপ ধৰি ।
দশৰথ গৃহে উপজিবোঁ নিষ্ঠ কৰি ॥১০৫
তপস্বীৰ বেশে দেৱকাৰ্য্যক সাধিবোঁ ।
দুৰাচাৰ ৰাৱণক সবংশে বধিবোঁ ॥১০৬
ৰাৱণৰ দশ মাথ কাটিবোঁ উত্সুকে ।
আকাশতে থাকি সবে দেখিবা কৌতুকে ॥১০৭
মোৰ ক্ৰীড়া হেতু দেৱগণ আছা যত ।
ছদ্মৰূপে উতপতি হৈবা বানৰত ॥১০৮
শুনি ত্ৰিদশৰ মহা হৰিষ মিনিল ।
বাজায়া দুন্দভি নৃত্য কৰিবে লাগিল ॥১০৯
মাধৱে বোলন্ত সবে লৈয়ো পৰমাণ ।
দশৰথ নৃপতিৰ যাহাঁ যজ্ঞথান ॥ ১১০
অদ্ভুত পুৰুষ সাজি দিলা নাৰায়ণ ।
হাতে ধৰি পায়স সকলে দেৱগণ ॥১১১
ভৈলোঁ পৰিত্ৰাণ মনে আনন্দ মিলিল ।
হৰিক প্ৰণামি যজ্ঞ থানক চলিল ॥১১২
সেই সময়ত লক্ষ্মী বুলিলন্ত বাণী ।
মোক কিবা আজ্ঞা হয় প্ৰভু চক্ৰপাণি ॥১১৩
দশৰথ গৃহে তুমি হৈবা উতপন ।
আমি কৈত উপজিবোঁ বুলিয়ো বচন ॥১১৪
শুনিয়া কৌতুকে বুলিলন্ত দামোদৰ ।
আছন্ত জনক ৰাজা মিথিলা নগৰ ॥১১৫
আচৰন্ত ৰাজা ঋষি ধৰ্ম্ম নিৰন্তৰে ।
আযোনিকা হুয়া থাকিবাহা তান ঘৰে ॥১১৬
এহি বুলি অন্তৰ্দ্ধান ভৈলা দেৱহৰি ।
দেৱগণে মাধৱৰ আজ্ঞা শিৰে ধৰি ॥১১৭
দশৰথ ৰাজাৰ যজ্ঞৰ থানে গৈলা ।
ব্ৰহ্মা সমন্বিতে সবে আকাশতে ৰৈলা ॥১১৮
কৰে যজ্ঞ নৃপতি পুত্ৰক একচিতে ।
মহা পুষ্প বৃষ্টি আসি ভৈলা আচম্বিতে ॥১১৯
তাক দেখি হৰিষ ভৈলন্ত সৰ্ব্বজন ।
ৰাজাৰ দক্ষিণ বাহু স্পন্দে ঘনে ঘন ॥১২০
দক্ষিণ নয়ন স্পন্দে দক্ষিণ হৃদয় ।
পুত্ৰ হৈব হেন নৃপতিৰ মনে লয় ॥১২১
পৰম আনন্দ ভৈল হৃদয়ত জাত ।
সুগন্ধ চম্পক মালা পিন্ধিয়া মাথাত ॥১২২
অগৰু চন্দন শুক্ল বস্ত্ৰ পিন্ধি গাৱে ।
নানা দ্ৰব্যে দেৱক পূজন্ত সৰ্ব্বভাৱে ॥১২৩
নানা সুমঙ্গল বাদ্য বাজন বাৱয় ।
শুভ হেতু সৰ্ব্বজনে কৰে জয় জয় ॥১২৪
পুত্ৰ মন্ত্ৰ জপ ৰাজা কৰে মনে মন ।
সুমঙ্গল জপন্ত সকল মুনিগণ ॥১২৫
মুখ্য মুখ্য মুনিগণে বহ্নিত হবন্ত ।
পিঙ্গল আকৃতি বহ্নি কুণ্ডত জ্বলন্ত ॥১২৬
অদ্ভুত পুৰুষ হাতে পায়স লৈলন্ত ।
যজ্ঞৰ কুণ্ডৰ গৈয়া ভিতৰ ভৈলন্ত ॥১২৭
আকাশত থাকি ব্ৰহ্মা বুলিলা বচন ।
ৰাজাৰ বাঞ্চিত সিদ্ধি হৈব মুনিগণ ॥১২৮
কৰিয়োক পূৰ্ণাহুতি কুণ্ডৰ বহ্নিত ।
উঠিবেক আতি দিব্য পায়স অমৃত ॥১২৯
পৰম সাদৰে দশৰথে তাঙ্ক নিব ।
মহাদই সমস্তক বিবৰ্ত্তিয়া দিব ॥১৩০
তেবে চাৰি পুত্ৰ হৈব বিষ্ণু অৱতাৰ ।
কৰিবন্ত বংশ সমে ৰাজাক উদ্ধাৰ ॥১৩১
এহি বুলি ব্ৰহ্মা নিজ থানে চলি গৈলা ।
অদ্ভুত শুনিয়া মুনিগণ ৰঙ্গ ভৈলা ॥১৩২
ঋষ্যশৃঙ্গে পূৰ্ণাহুতি বহ্নিত দিলন্ত ।
কুণ্ড মধ্য হন্তে পুৰুষেক উঠিলন্ত ॥১৩৩
সুন্দৰ আকৃতি আতি বিষ্ণু সমসৰ ।
দিব্য বস্ত্ৰ অলঙ্কাৰে শোভে কলেৱৰ ॥১৩৪
মাথাত পীঙ্গট জট শৰীৰ পিঙ্গল ।
শবদ গম্ভীৰ তনু প্ৰকাশে উজ্জ্বল ॥১৩৫
সম্পূৰ্ণ পায়স পাত্ৰ হাতে আছে ধৰি ।
ঋষ্যশৃঙ্গ হাতে পাচে দিলন্ত সাদৰি ॥১৩৬
ৰঙ্গে ঋষ্যশৃঙ্গে লৈলা দুই হাত পাতি ।
অদ্ভুত পুৰুষে বাক্য বুলিলন্ত মাতি ॥১৩৭
সুবৰ্ণৰ পাত্ৰত পায়স থৈব ভৰি ।
তিনি মহাদই ভুঞ্জিবন্ত ভাগ কৰি ॥১৩৮
তিনিত হৈবেক চাৰি তনয় ৰাজাৰ ।
সাক্ষাতে হৈবন্ত নাৰায়ণ অৱতাৰ ॥১৩৯
সাধিবন্ত জগতৰ পৰম কল্যাণ ।
এহি বুলি অদ্ভুত ভৈলন্ত অন্তৰ্দ্ধান ॥১৪০
অদ্ভুতৰ কথা শুনি মহামুনিগণে ।
বসিলা পায়স লৈয়া হৰিষ বদনে ॥১৪১
ঋষ্যশৃঙ্গ মুনি মহাযজ্ঞ সমাপিল ।
দশৰথ ৰাজা ঋষিগণক অৰ্চ্চিল ॥১৪২
বস্ত্ৰ অলঙ্কাৰ পুষ্প চন্দনে ভূষিলা ।
বহুবিধ ৰত্ন দিয়া মন সন্তোষিলা ॥১৪৩
দিলা ৰাজা দক্ষিণা সুবৰ্ণ এক কোটি ।
মুনি সবে আশীৰ্ব্বাদ দিলা মনতুষ্টি ॥১৪৪
ৰজত বত্ৰিছ কোটি দিলা দশৰথ ।
আশীৰ্ব্বাদ পায়া পূৰ্ণ ভৈল মনোৰথ ॥১৪৫
ৰাজা প্ৰজা দুখী ভিক্ষু যতেক আছিল ।
অন্নে পানে নানা দানে সবাকো তুষিল ॥১৪৬
ৰাজাক যজ্ঞক কৰি প্ৰশংসা অশেষ ।
ৰাজা প্ৰজা মুনিগণ চলি গৈলা দেশ ॥১৪৭
পাচে ঋষ্যশৃঙ্গ মুনিৰাজক নৃপতি ।
অনেক প্ৰকাৰে পূজি কৰিলা ভকতি ॥১৪৮
স্তুতি নতি প্ৰণতি কৰিয়া বহুমান ।
শান্তা সমন্বিতে পঠাই দিলা নিজ থান ॥১৪৯