ৰামক বিচাৰি ভৰতৰ যাত্ৰা
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৩১ অধ্যায়
ৰামক বিচাৰি ভৰতৰ যাত্ৰা
- দুলৰি ।
চড়িয়া ৰথত, লৰিলা ভৰত,
- ৰক্ষণ বিহি ৰাজ্যত ।
কৌশল্যা সুমিত্ৰা, কৈকেয়ী চলিলা,
- ৰথত চড়ি পাচত ॥১
নিজ কুল গুৰু, বশিষ্ঠ প্ৰমুখ্য,
- ব্ৰাহ্মণ আছন্ত যত ।
ভৰতৰ আগ, হৈয়া চলিলন্ত,
- চড়িয়া নিজ ৰথত ॥২
ক্ষত্ৰী বৈশ্যগণ, কায়স্থ সজ্জন,
- নট ভাট তেলি তান্তি ।
ঠঠাৰি সোণাৰি, কঁসাৰ শঙ্খাৰি
- ভৰতৰ লগে যান্তি ॥৩
বনিয়া চমাৰ, কমাৰ সুতাৰ,
- ধোবা আৰু কুম্ভকাৰ ।
ইসব প্ৰমুখ্যে, চলিল যতেক,
- আদি অন্ত নাহি তাৰ ॥৪
মনত উত্সুকে, নাৰীগণে বোলে,
- স্বামী আৰু কিবা চাহাঁ ?
চলিয়ো সত্বৰে, ভৰতৰ লগে,
- ৰামক আনিবে যাহাঁ ॥৫
বিলম্ব নকৰাঁ, হেৰা দিওঁ ধৰা,
- কৰ্পূৰ তাম্বুল খাহাঁ ।
ৰামক দেখিবোঁ, শোক পাসৰিবোঁ,
- সত্বৰে গৈয়া আনাহা ॥৬
শুনি চলিলন্ত, নাহি আদি অন্ত,
- লৰিল পদাতি যত ।
পাৱৰ প্ৰহাৰে, পৃথিবী কম্পায়া,
- চলে হস্তী ময়মত্ত ॥৭
বেগে বায়ু জিনি, তেজিয়া হেসনি,
- চলিল যত ঘোটক ।
আড়ম্বৰ কৰি, খাণ্ডা বাৰু ধৰি,
- অসংখ্য চলে কটক ॥৮
বাৱে ঢাক ঢোল, শবদৰ বোল,
- যেহেন মেঘে গৰ্জ্জয় ।
চমক মনত, গিৰি গহ্বৰত,
- নিৰ্ঘাত যেন পৰয় ॥৯
এহিমতে চলি, গৈয়া নিৰন্তৰে,
- পাইল পাচে গঙ্গাতীৰ ।
পথ শ্ৰম যত, এৰাইল সমস্ত,
- পান কৰি গঙ্গা নীৰ ॥১০
ভৰতে বোলন্ত, সম্প্ৰতি ৰহোক,
- সবে প্ৰজা এহি থান ।
সুৰ নদী জলে, আমি কৌতূহলে,
- কৰোহোঁ অঞ্জলি দান ॥১১
ভৰতৰ বাণী, নিৰন্তৰে প্ৰজা,
- শিৰোগত কৰি লৈল ।
কটক অপাৰ, সবে আপোনাৰ,
- থানে থানে থিত ভৈল ॥১২
অনন্তৰে শৃঙ্গ বেৰ অধিপতি,
- দেখিলন্ত গুহ ৰাজ ।
মুখ্য মুখ্য পাত্ৰ, গণক বোলন্ত,
- মিলিল দেখোঁ অকাজ ॥১৩
দশো দিশে পৰ, দলে বেড়িলেক,
- সমুদ্ৰ যেন অপাৰ ।
পক্ষী পৰিবাৰো, নাহিকয় থল,
- ধূলায়ে ভৈল আন্ধাৰ ॥১৪
দিশক ব্যাপিল, অকাৰ্য্য মিলিল,
- মোৰ অন্তৰ্গতে ভয় ।
ইক্ষ্বাকু বংশৰ, সেনা নিৰন্তৰ,
- নাহিকে তাত সংশয় ॥১৫
ইটো ধ্বজ দণ্ড, পতাকা দেখিয়া,
- জানিলোহোঁ স্বৰূপত ।
আনহেতু নাই, ৰামক মাৰিতে,
- আসিলা সাজি ভৰত ॥১৬
কৈকেয়ী মাৱৰ, হাতে ৰাঘৱৰ,
- কৰিলা ৰাজ্য নৈৰাশ ।
বাপেকৰ হাতে, কপটে ৰামক,
- দিয়াইলেক বন বাস ॥১৭
ৰাজ্য ভাৰ লৈয়া, বনবাস দিয়া,
- তথাপিতো ক্ষমা নাই ।
সবাকে হানিয়া, মাৰিবোঁ সেন্থৰে,
- এৰাইয়া আজি নযাই ॥১৮
মোৰ প্ৰভুৰাম, আছে বনমাঝে,
- তেবে মোৰ মহাভাগ ।
ধিক ধিক মোৰ, জীৱন নিষ্ফল,
- মোহোৰ ইটো অযোগ ॥১৯
হৃদয়ৰ যত, আছে গুল গুলি,
- ভৰতত সবে সাৰোঁ ।
হস্তী ঘোড়া যত, পদাতি সমস্ত,
- মুণ্ডে মুণ্ডে হানি মাৰোঁ ॥২০
ৰামসে মোহোৰ, নিজ অধিকাৰী,
- মই ভৃত্য ৰাঘৱৰ ।
যত সেনা বল, চতুৰঙ্গ দল,
- সজায়ো মোৰ সত্বৰ ॥২১
ইটো পৰদল, সেনাৰ সকলে,
- লগাইবোঁহোঁ হৃদিকম্প ।
অতি আড়ম্বৰে, গৰুড়ে সাগৰে,
- যেন কৰিবোহোঁ ঝাম্প ॥২২
ভৰতে আগতে, চাহিয়া দেখোক,
- মোহোৰ বল বিক্ৰম ।
বীৰ সৈন্য মাৰি, হৃদয় বিদাৰি,
- শোণিতে কৰোঁ কৰ্দ্দম ॥২৩
আউৰ কিবা চাৱ, কোটি সংখ্যা নাৱ,
- সজায়ো ঝাণ্টে আমাৰ ।
নকৰিবা দৈন্য, যেন পৰ সৈন্য,
- গঙ্গাত নুহিকে পাৰ ॥২৪
শুনিয়া আশেষ, ৰাজাৰ আদেশ,
- পৰি তৈতে তল পাইল ।
সেনাপতি সবে, অশেষ সেনাক,
- সাজিয়া আনি মিলাইল ॥২৫
হাঁতী ঘোড়া ৰথ, সাজিয়া বজাইল,
- চণ্ডাল সেনা সকল ।
দেবতাক ধাৰে, যেন চমত্কাৰে,
- চলে অসুৰৰ দল ॥২৬
সেনা ভৈলা সাজ, দেখি গুহৰাজ,
- হৰিষ কৰে মনত ।
আতি খৰতৰ, সেনা ভৰতৰ,
- দেখিল কত দূৰত ॥২৭
হাঙ্কাৰ কৰিল, সেনা ঝিঙ্কৰিল,
- ডেৱ দাম্ফি আতি কৰে ।
গৰ্ব্বে ছাড়ে ডাক, জোকাৰে খাণ্ডাক,
- পৃথিবী কাম্পয় ভৰে ॥২৮
উভয় সেনাৰ, আৰাৱে অপাৰ,
- লাগি গৈল ধসমসি ।
পায়া পয়োভৰ, খলকে সাগৰ,
- পৰ্ব্বতো পৰয় খসি ॥২৯
কৰয় আম্ফাল, কম্পয় পাতাল,
- সৰ্পগণ তলবল ।
ভৰ সহিবাক, নপাৰি পৃথিবী,
- যেন যান্ত ৰসাতল ॥৩০
শুনা ৰামায়ণ, সভাসদ গণ,
- শৰণ লৈয়ো ৰামত ।
ৰাম গুণ নাম, গোৱাঁ অবিশ্ৰাম,
- তৰাঁ সুখে সংসাৰত ॥৩১
ভকত জনৰ, জানা নিজধন,
- ৰামৰ চৰণ দুই ।
মুখ ভৰি ভৰি, বোলা ৰাম হৰি,
- লনোক পাপত জুই ॥৩২