অযোধ্যাত ৰামৰ প্ৰৱেশ
Bold text
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৫৪ অধ্যায় ।
অযোধ্যাত ৰামৰ প্ৰবেশ ।
- পদ ।
ৰামে চিনাইলন্ত সীতা দেখিলা অশেষ ।
পাছে ভৰদ্বাজ ঋষি আশ্ৰমে প্ৰবেশ ॥১
পুষ্পকৰ হন্তে পাছে সবহি নামিল ।
শ্ৰীৰাম লক্ষ্মণ সীতা ঋষিক নমিল ॥২
ভাল মতে আদৰিলা ঋষি ভৰদ্বাজে ।
সবেয়ো বসিল গৈয়া ঋষিৰ সমাজে ॥৩
অৱশেষ কথা যত কহিলা সমস্তে ।
ৰামে ৰাৱণক মাৰিলন্ত যেন মতে ॥৪
শ্ৰীৰামে বোলন্ত ঋষি পুছুহোঁ তোমাত ।
ভৰতৰ যত কথা কহিয়ো আমাত ॥৫
কুশলে কি আছে মোৰ ভাই শুদ্ধমতি ।
কৌশল্যা সুমিত্ৰা মাৱ ভালে কি আছন্তি ॥৬
ভৰদ্বাজে ৰাঘৱক দিলন্ত সিদ্ধান্ত ।
শুনিয়োক ভৰতৰ যি মত বৃত্তান্ত ॥৭
তোমাৰ সদৃশ তান পৰিধান চীৰ ।
অস্থি চৰ্ম্ম মাংস সাৰ পঙ্কিত শৰীৰ ॥৮
ভালে শুনি আছো ভৰতৰ যেন মত ।
ভৰত কুমাৰ বৰ তোমাতে ভকত ॥৯
নিতে পানৈ পূজন্ত ভোজন ফল মূলে ।
মাৱ ভাই সহিতে আছন্ত অনুকূলে ॥১০
তোমাৰ নিকাৰ যত শুনিয়া বনত ।
সীতাৰ হৰণ শুনি বিষাদ মনত ॥১১
সুগ্ৰীৱ সখিত্ব বালি বীৰ ভৈলা বধ ।
হনুমন্তে কৰিলেক লঙ্কাক দগধ ॥১২
নলে সেতু বান্ধিলন্ত তোমাৰ প্ৰবন্ধ ।
সমুদ্ৰ তৰিয়া বধিলন্ত দশকন্ধ ॥১৩
বিভীষণ ৰাজা ভৈলা সীতাৰ নিস্তাৰ ।
সব কথা শুনি আছোঁ বহল বিস্তাৰ ॥১৪
দেৱৰ ৰাজাত তুমি যেন বৰ পাইলা ।
অমৃত বৰিষি সব বানৰ জীৱাইলা ॥১৫
সন্তোষ মিলিলা বৰ আমাৰ মনৰ ।
যেন অভিমত প্ৰভু মোত লৈয়ো বৰ ॥১৬
অনুগ্ৰহ আছে যেবে মোক দিবা বৰ ।
সন্তোষ কৰায়ো মোৰ ভালুক বানৰ ॥১৭
অকালত সমস্ত বৃক্ষত ফল হৌক ।
মধু হোক কৰি সবে ভোজন কৰোক ॥১৮
ভৰদ্বাজ ঋষিয়ে বুলিলা এবমস্তু ।
সকল বৃক্ষত হৌক মধু ফল বস্তু ॥১৯
হৰিষে বানৰ বৰ বৰ গাছে চড়ি ।
অমৃত সমান ফলে লগাইলা দাদৰি ॥২০
কৌতূহলে ৰামে নিশা বঞ্চিলন্ত তয় ।
প্ৰভাত ভৈলন্ত ৰবি কিৰণ উদয় ॥২১
মনে বিমৰিষি ৰাম ত্ৰিজগত নাহা ।
বোলন্ত মাৰুতি তুমি অযোধ্যাক যাহাঁ ॥২২
গঙ্গা তীৰে শৃঙ্গবেৰ পুৰক দেখিবা ।
আমাৰ কুশল গুহ ৰাজাত কহিবা ॥২৩
পাছে তুমি নন্দিগ্ৰাম নগৰীক যাইবা ।
ভৰতৰ আগে সব কুশল জনাইবা ॥২৪
ৰামক প্ৰণামি হনুমন্ত গৈলা চলি ।
শৃঙ্গবেৰ পুৰে গুহ ৰাজাক আকলি ॥২৫
ব্ৰাহ্মণৰ বেশে কথা কইলা আদি অন্ত ।
ৰাৱণক মাৰি ৰাম লক্ষ্মণ আসন্ত ॥২৬
গুহৰাজে বোলন্ত সাফল মোৰ দিন ।
হৰষিত ভৈলোঁ বৰ আনন্দৰ চিন ॥২৭
সাফল জীৱন্তে মই আছোঁ এতকাল ।
ৰামক দেখিবোঁ অযোধ্যাৰ মহীপাল ॥২৮
গুহ নৃপতিত কহি উত্ৰাৱল মনে ।
বায়ুসুত লৰি গৈলা সত্বৰ গমনে ॥২৯
নন্দিগ্ৰাম কোল পাই শিৰিমন্ত বন ।
ফলে ফুলে জ্যোতিষ্কাৰ দেখি সুশোভন ॥৩০
দণ্ড দুইৰ পন্থ হোৱে অযোধ্যাৰ হন্তে ।
নন্দি গ্ৰামে প্ৰবেশিলা বীৰ হনুমন্তে ॥৩১
সভাৰ মাজত বসি আছন্ত ভৰত ।
ধৌত দান্ত পান্তি জটা জুটক মুণ্ডত ॥৩২
হৰিঠা ভক্ষণ মাত্ৰ মলপঙ্কধাৰী ।
শুক্ল চিৰ পৰিধান যেন ব্ৰহ্মচাৰী ॥৩৩
চতুষ্পাৰ্শ্বে বেঢ়ি আছে মুখ্য মুথ্য পাত্ৰ ।
পাণৈ যুৰি থিত শুদ্ধ অস্থি চৰ্ম মাত্ৰ ॥৩৪
ব্ৰাহ্মণৰ বেশে হনুমন্ত উপগত ।
আশীৰ্ব্বাদ কৰি বোলে শুনিয়ো ভৰত ॥৩৫
ত্ৰিকূটক লাগি যাক আনিবাক গৈলা ।
ৰাৱণক মাৰি ৰাম সীতা সমে আইলা ॥৩৬
সকল ৰাক্ষস আৰ সব কপিগণ ।
সুগ্ৰীৱ আসিলা আসিলেক বিভীষণ ॥৩৭
ভৰদ্বাজ থানে ৰাম আছন্ত প্ৰয়োগে ।
আমাক পঠাইলা বাৰ্ত্তা কহিবাক আগে ॥৩৮
গাৱ চালি ভৰত উঠিলা কৌতূহলে ।
সাৱটিয়া ধৰিলন্ত ব্ৰাহ্মণৰ গলে ॥৩৯
হৰিষ ভৈলন্ত আতি কৈকেয়ীৰ পোৱে ।
সকল শৰীৰ তান তিয়াইলন্ত লোৱে ॥৪০
দেৱ কি মানুষ তুমি আসি ভৈলা কোন ।
সুজিবাক নপাৰোঁ তোমাৰ ইটো গুণ ॥৪১
ভাল মতে কহিয়োক শুনো সব কথা ।
হনুমন্তে কহিলন্ত সকল ব্যৱস্থা ॥৪২
অযোধ্যা অবধি যত পথৰ বৃত্তান্ত ।
চন্দ্ৰৰ মাতৃত সীতা বৰ লভিলন্ত ॥৪৩
বিৰাধৰ বধ শৰভঙ্গ আলাপৰ ।
অগস্তিত যেন মতে পাইলা ধনুশৰ ॥৪৪
শূৰ্পনখাৰ নাসা ছেদ খৰৰ মৰণ ।
মাৰীচৰ বধ যেন সীতাৰ হৰণ ॥৪৫
জটায়ুক ৰাৱণে মাৰিল যেন মতে ।
পাখা ছেদ ভৈলা ৰামে দহিলা পথতে ॥৪৬
কৱন্ধক মাৰিলন্ত শৰায়ু সন্নিত ।
সুগ্ৰীৱ সহিতে ৰাম ভৈলন্ত সখিত ॥৪৭
সুগ্ৰীৱৰ হেতু বালি বধ আসৰিশ ।
বানৰ বলক পাঞ্চি দিলা দশোদিশ ॥৪৮
সম্পাতিক দৰিশন সমুদ্ৰ তৰণ ।
আপুনি ভৈলন্তোঁ জানকীক দৰশন ॥৪৯
লঙ্কাপুৰী দহি পুনৰপি আগমন ।
ৰাম বিভীষণ যেন মত বিবৰণ ॥৫০
সাগৰত সেতু বান্ধি সসৈন্যে তৰিলা ।
যে যে ৰাক্ষসক যে যে বানৰে মাৰিলা ॥৫১
ইন্দ্ৰজিত পৰিলন্ত লক্ষ্মণৰ হাতে ।
ৰাৱণ মাৰিলা ৰামে জগতৰ তাতে ॥৫২
সীতাক কৰিল অগনিত পৰীক্ষণ ।
সিকালত আছিলা যতেক দেৱগণ ॥৫৩
লগে আসিলন্ত দশৰথ মহাৰাই ।
সীতা শুদ্ধ বুলিলা ত্ৰিদশ অৱগাই ॥৫৪
আপনি অগনি জানকীক কোলে তুলি ।
আনি দিলা আপনি সীতাক শুদ্ধ বুলি ॥৫৫
ত্ৰিদশ দেৱতা জানকীক প্ৰশংসিলা ।
ত্ৰিদশৰ হন্তে ৰামে যশক লভিলা ॥৫৬
ৰাঘৱক বাসৱে কৰিলা বৰ দান ।
মৰিলা বানৰ যত লভিলা পৰাণ ॥৫৭
আন দেৱ সবে ৰাঘৱক দিলা বৰ ।
পুষ্পকত চড়ি আসে জগত ঈশ্বৰ ॥৫৮
পুছিলন্ত ভৰতে তোমাৰ কিবা নাম ।
তুমি সমে একত্ৰ ভৈলন্ত কেনে ৰাম ॥৫৯
তেহোঁ জ্যেষ্ঠ ভাই মোৰ পিতৃ সমসৰ ।
হেন শুনি হনুমন্তে দিলত উত্তৰ ॥৬০
বায়ুসুত হনুমন্ত জানিবা আমাক ।
লঙ্কেশ্বৰে হৰি নিল জানকী সীতাক ॥৬১
তাহাঙ্ক খোজন্তে দুই ৰাম লখমণ ।
তেহোঁ দুই সমে মই ভৈলোঁ দৰশন ॥৬২
পাছে মই তাসম্বাত পুছিলোঁ বাৰ্ত্তাক ।
কি কাৰণে বনে খুজি ফুৰাহা কাহাক ॥৬৩
তোমৰা যে কোন দুই হৱে কিবা নাম ।
স্বৰূপে কহিয়ো ঐত আছে কোন কাম ॥৬৪
অনন্তৰে লক্ষ্মণে যে বুলিলা বচন ।
ইহাঙ্ক বোলয় ৰাম আমাক লক্ষ্মণ ॥৬৫
ইহান ভাৰ্য্যাক হৰি নিলেক ৰাৱণে ।
তাহাঙ্ক খোজন্তে আমি ফুৰো বনে বনে ॥৬৬
মোৰ বৰ ভাই এহোঁ বৰ ধনুৰ্ধাৰী ।
শতেক ৰাৱণ ভৈলে মাৰিবাক পাৰি ॥৬৭
ৰাৱণক এন্তে যদি পান্ত দৰশন ।
মাৰি পঠাইবাক পাৰে যমৰ সদন ॥৬৮
লক্ষ্মণে পুছিলা পাছে আমাৰ বাৰ্ত্তাক ।
তুমি এথা ভূমি কিক,কি বোলে তোমাক ॥৬৯
কি কাৰণে নিৰ্জ্জন বনত আগমন ।
আমাত কহিয়ো তুমি স্বৰূপ বচন ॥৭০
হেন জানি আমি যথা যোগ্য সমুচিত ।
ৰাম লক্ষ্মণৰ আগে কৰিলোঁ বিদিত ॥৭১
ইন্দ্ৰৰ তনয় বালি, নামে বীৰ বৰ ।
সূৰ্য্য সুত সুগ্ৰীৱ তাহান সহোদৰ ॥৭২
দুইৰ বিবাদ ভৈলা ভাৰ্য্যাৰ নিমিত্ত ।
দুয়োৰে মধ্যত মই সুগ্ৰীৱৰ হিত ॥৭৩
সুগ্ৰীৱক নিকলিল বালি মহাৰাজে ।
পালায়া থাকন্ত তেহে নগৰৰ বাজে ॥৭৪
সুগ্ৰীৱৰ লগত আমাৰ বনবাস ।
স্বৰূপ কাহিনী আমি কৰিলোঁ প্ৰকাশ ॥৭৫
দুয়োৰ ভাৰ্য্যাক হৰি নিলে দুই জন ।
দুয়োৰ মিত্ৰতা শোভে শুনিয়ো লক্ষ্মণ ॥৭৬
হেন শুনি ৰাম দেৱে বুলিলন্ত বাণী ।
মিত্ৰতা যে কৰিব মিত্ৰৰ মন জানি ॥৭৭
সুগ্ৰীৱ সহিত ৰাম ভৈলা এক থান ।
দুয়ো দুইৰ মিত্ৰ পাছে ভৈলা পৰমান ॥৭৮
বালিক মাৰিয়া সুগ্ৰীৱক দিলা ৰাজ ।
সুগ্ৰীৱয়ে কৰিলা মিত্ৰৰ যত কায ॥৭৯
সসৈন্যে ৰাঘৱ প্ৰয়াগত জিৰাৱন্ত ।
ব্ৰাহ্মণৰ বেশে আইলোঁ মই হনুমন্ত ॥৮০
ৰামে পঠাইলন্ত বাৰ্ত্তা জনাইবাক লাগি ।
সাফলিয়ো নয়ন তুমিসে পুণ্যভাগী ॥৮১
এতেক জানিয়া যেন কাৰ্য্য হৱে যোগ ।
ৰঘু বংশ দীপ তুমি কৰিয়ো উদযোগ ॥৮২
ভৰতে বোলন্ত এবে খণ্ডিলা বিষাদ ।
প্ৰিয় বাৰ্ত্তা কহিলা যে,কিদিব প্ৰসাদ ॥৮৩
তযু উপকাৰ ইটো সুজু অনু এক ।
হৃষ্ট পুষ্ট বাচি লৈয়ো ধেনু অযুতেক ॥৮৪
অলঙ্কাৰে মণ্ডিত কুণ্ডলে শোভে কৰ্ণ ।
তেহোঁ শত কন্যা নিয়ো আৰ বহু ধন ॥৮৫
গ্ৰাম সহস্ৰেক লৈয়ো আৰ শত দাসী ।
দুই সহস্ৰেক দিলা সুবৰ্ণৰ বাঁশী ॥৮৬
শত্ৰুঘ্নক আদেশিলা ভৰত কুমাৰে ।
শ্বেত নেত পতাকা বিবিধ অলঙ্কাৰে ॥৮৭
মাঙ্গল্য বিধান বাদ্য কৰায়ো অপাৰ ।
প্ৰাণত অধিক ৰাম আসন্ত আমাৰ ॥৮৮
তিনিয়ো মাতৃত কহ হেনয় বাৰ্ত্তাক ।
কালি প্ৰবেশিব ৰাম আসি অযোধ্যাক ॥৮৯
ভৰতৰ বাণী শুনি কৌতূহল পাইল ।
তেতিক্ষণে শত্ৰুঘণে নগৰী সাঞ্জিল ॥৯০
সাঞ্জি মাঞ্জি পদুলী পদুলী ৰুইলা কল ।
ৰত্ন দীপ দিলা সুবৰ্ণৰ ঘটে জল ॥৯১
লৱঙ্গ মালতী মালা সুগন্ধক কহে ।
সুৰভি শীতল অনুকূলে বায়ু বহে ॥৯২
সুগন্ধ চন্দনে সুবাসিত দশোদিশ ।
কৌতূহলে লোকৰ লাগিল উসমিস্ ॥৯৩
আনন্দ বধাই বৰ কৰি কুমৰ্থলি ।
পতাকা সোণাৰ ধ্বজ ধৰে তুলি তুলি ॥৯৪
সোণা ৰূপা সিঞ্চে কতো মুকুতাৰ বৰি ।
ইভিতি সিভিতি প্ৰজা লৱৰা লৱৰি ॥৯৫
যেই যেন মতে আছে দিলেক লৱৰ ।
ছৱালে কান্দন্তে মাৰে নিসন্ধি চাপৰ ॥৯৬
নাৰী সবে লৰি ভৈলা হৰষে ফৰষে ।
কতো বিমুকুত কেশে কাখত কলসে ॥৯৭
সকল নগৰী সুমণ্ডিত অলঙ্কাৰে ।
ৰতন মাণিক জ্যোতি অতি জ্যোতিষ্কাৰে ॥৯৮
লাস বেশ কৰি নৰ নাৰী সমুদাই ।
ৰাম আসিবাৰ শুনি আথে বেথে যাই ॥৯৯
চিৰকালে দেখিবোঁ চাহিবোঁ নেত্ৰ ভৰি ।
নানা বাদ্য বাৱে,নাচে ভঙ্গি ভাৱ কৰি ॥১০০
ৰাম দৰশন অভিলাষে নৰ নাৰী ।
মহা কৌতূহলে আতি অযোধ্যা নগৰী ॥১০১
অনেক সহস্ৰ চলি যাই মত্ত গজ ।
সাক্ষাততে ভাৰ্গৱ মাহুত সব সজ ॥১০২
মেঘত বিদ্যুত যেন বিভূষিত কালা ।
সাক্ষাতে দেখিয়া যেন পৰ্ব্বতৰ মালা ॥১০৩
অনেক সহস্ৰ কৌটি চলে দিব্য ঘোড় ।
পক্ষী সম সঞ্চাৰে পৱন সম জোৰ ॥১০৪
সুশিক্ষিত বাহুতে চলাৱে জাম্পে জাম্পে ।
খুৰাৰ শবদে ভূমি ঘনে ঘনে কাম্পে ॥১০৫
ভৰত চলিলা পানৈ যুৰি ধৰি মাথে ।
অতি শুক্ল চামৰ যুগল ধৰি হাতে ॥১০৬
ৰাঘৱক লাগি লৈলা ধৱল ছত্ৰেক ।
যেন পূৰ্ণিমাৰ চান্দ উদিত প্ৰত্যেক ॥১০৭
অযোধ্যাত শুনিলেক ৰাজ মন্ত্ৰী লোকে ।
আগ বাঢ়িবাক গৈলা মনত উৎসুকে ॥১০৮
কৌশল্যা সুমিত্ৰা উঠিলেক এক যানে ।
হৰ্ষিত লোতক জৰে সজল নয়নে ॥১০৯
দেখিবওঁ মুখ আতি পুত্ৰ মহাবীৰ ।
মনত বিষাদ বৰ ভৈলা কৈকেয়ীৰ ॥১১০
মুখত মধুৰ মনে মনে গুণি আছে ।
হৃদয়ত খুৰ চলি ভৈলা পাছে পাছে ॥১১১
হয় হস্তী ৰথ পদাতিৰ ঘন ৰোল ।
আনন্দ অপাৰ শঙ্খ ভেৰী ঢাক ঢোল ॥১১২
সমস্ত নগৰী নন্দিগ্ৰামক চলিল ।
দল দোপ কৰি সব পৃথিবী লৰিল ॥১১৩
যেতিক্ষণে আসিবাৰ কৈলা হনুমন্ত ।
তেতিক্ষণে দেখে ৰামদেৱে নাসিলন্ত ॥১১৪
ভৰতে বুলিলা পাছে বায়ুৰ পুত্ৰক ।
হনুমন্তে কি কাৰণে নেদেখোঁ ৰামক ॥১১৫
বানৰ জাতিৰ কিবা হেনয় স্বভাৱ ।
চঞ্চল চৰিত্ৰ গতি দেখি ঠাৱে ঠাৱ ॥১১৬
ৰাঘৱ আসন্ত বুলি মোত জনাইলাহা ।
হেন মতে মোক তুমি ভাণ্ডিবাক চাহাঁ ॥১১৭
আসিব নাসিব ৰাম বোলাঁ ঝাণ্ট কৰি ।
এতিক্ষণে কিসক নাসিলা ৰামহৰি ॥১১৮
হনুমন্তে বোলন্ত আসিব ৰামদেৱ ।
এহি বুলি আকাশক কৰিলন্ত ডেৱ ॥১১৯
বায়ুপথে চলিয়া দেখন্ত হনুমান ।
কপিসেনা ফল খাই ৰামে অপেক্ষন্ত ॥১২০
আকাশৰ হন্তে নাহি পৱনৰ সুত ।
ভৰতৰ আগে যাই কহিলা প্ৰস্তুত ॥১২১
অকালত ভৰদ্বাজ ঋষি বৰ আছে ।
নিৰন্তৰে বৃক্ষ সবে ফল ধৰে গাছে ॥১২২
কপিসেনা বৃক্ষত চড়িয়া ফল খাই ।
ৰামদেৱ আছন্ত সেনাৰ ৰঙ্গ চাই ॥১২৩
সেনাক অপেক্ষি ৰাম আছন্ত তহিত ।
কতো কতো কপি পাৰ হোৱে গোমতীত ॥১২৪
কৰ্ণ পাতি শবদ শুনিয়ো বানৰৰ ।
আকাশ ছানিলা দেখাঁ ধূলায়ে পাৱৰ ॥১২৫
আকৰ্ণ শবদ সবে কৰ্ণপথ ভেদি ।
বানৰে এৰাইলা জানো মন্দাকিনী নদী ॥১২৬
কিঙ্কিনী শবদ বাদ্য শুনা ৰুণ ৰুণ ।
প্ৰসন্ন দেখিয় যেন ৰবিৰ কিৰণ ॥১২৭
চক্ষু বলাই চাহাঁ তুমি কুমাৰ ভৰত ।
গগন মণ্ডিয়া আসে দিব্য পুষ্পৰথ ॥১২৮
অলঙ্কাৰে সুমণ্ডিত দীপিতি অনেক ।
খসিয়া আসয় যেন সূৰ্য্য খণ্ড এক ॥১২৯
উপৰে দেখিয়ো সীতা ৰাম লখমণ ।
বিভীষণ প্ৰমুখ্যে যতেক কপিগণ ॥১৩০
ৰাঘৱে আছন্ত বসি ৰথৰ উপৰে ।
সূৰ্য্য প্ৰকাশন্ত যেন সুমেৰু শিখৰে ॥১৩১
সকল প্ৰজাৰ ৰিঙ্গ কোলাহল ৰোল ।
জয় জয় ৰাম ধ্বনি পাইলা স্বৰ্গ কোল ॥১৩২
আকাশৰ হন্তে ৰামদেৱে দেখিলন্ত ।
বশিষ্ঠক আদি কৰি ভৰত আসন্ত ॥১৩৩
ৰামে পুষ্পক চাই বুলিলা বচন ।
দ্ৰুত আসে দেখাঁ ভৰতৰ সেনাগণ ॥১৩৪
ৰাঘৱৰ বচনে পুষ্পক ৰথবৰ ।
ক্ষণেকেতে আসি পাইলা সবাৰ ওচৰ ॥১৩৫
ৰথবৰে পাইলেক ধৰণী মণ্ডলক ।
কৰযোৰে সব প্ৰজা নমিলা ৰামক ॥১৩৬
ভৰতেয়ো নমিলা ৰামৰ দুই পাৱে ।
জানকীক প্ৰণামিলা তৰ্ত্তুল্য স্বভাৱে ॥১৩৭
গদগদ বাক্যে ৰাম প্ৰাণ ভাই বুলি ।
পুষ্পক ৰথত নিয়া ভৰতক তুলি ॥১৩৮
সুগ্ৰীৱ অঙ্গদ হনুমন্ত নল নীল ।
সবাৰ ভৰত বীৰে কুশল পুছিল ॥১৩৯
তাৰা সৱে স্বৰূপ ধৰিয়া মানুষৰ ।
আৰোগ্য কুশল পুছিলন্ত ভৰতৰ ॥১৪০
ভৰতেয়ো বিভীষণ গলত ধৰিলা ।
তোমাৰ প্ৰসাদে দাদা দুঃখক তৰিলা ॥১৪১
মাৰুতিক ভৰতে কৰিলা বহুমান ।
তুমিসে দিলাহা লক্ষ্মণক প্ৰাণদান ॥১৪২
শত্ৰুঘনে নমিলন্ত দুয়ো ভাইৰ পাৱে ।
জানকীক প্ৰণামিলা সাদৰিত ভাৱে ॥১৪৩
আন বীৰ সকলক কৰিলা আশ্বাস ।
কাকো গলে বান্ধি কাৰো মুখ চাই হাস ॥১৪৪
ৰামদেৱে বশিষ্ঠক কৰিলা প্ৰণাম ।
আশীৰ্ব্বাদ দিলা দুইয়ো চিৰঞ্জীৱ ৰাম ॥১৪৫
কৌশল্যা মাৱক দেখিলন্ত ৰঘুনাথে ।
চৰণত পৰি ধৰি জান্তিলন্ত মাথে ॥১৪৬
পাৱহন্তে কৌশল্যায়ে সাবটিলা গলে ।
হৰিষে লোতক বহে নয়ন যুগলে ॥১৪৭
সুমিত্ৰাক নমিয়া নমিলা কৈকেয়ীক ।
দশৰথ ৰাজাৰ তিনিয়ো মহাদৈইক ॥১৪৮
সকল প্ৰজায়ে বোলে আমি ভালে জীলোঁ ।
আৰকা আসিলা প্ৰভু আনন্দ মিলিল ॥১৪৯
অনেক ভকতি স্তুতি বাণী কৰি কেলি ।
সবাক ৰাঘৱে আদৰিলা হাত মেলি ॥১৫০
ভৰতে দুখানি পানৈ শিৰৰ নমাইল ।
ৰামৰ পাৱত নিয়া আপনি পিন্ধাইল ॥১৫১
দাদা অনুমতি হেৰা আছয় আমাত ।
আপনি আসিলা মোৰ অনাথৰ নাথ ॥১৫২
ৰাজ্যক লৈয়োক দাদা তোমাৰ আপন ।
মই অনাথক ধৰ্ম্ম কৰা শতগুণ ॥১৫৩
ভৰতৰ মন জানি ভকত বৎসল ।
সকল বানৰ ভৈল নয়ন সজল ॥১৫৪
ৰামে আনি ভৰতক কোলাত বৈসাইল ।
বিমানে চড়িয়া ভৰতৰ ঠাৱে আইল ॥১৫৫
ৰথ হন্তে নামিয়া বসিলা আসনত ।
বান্ধব বৰ্গক দেখি হৰিষ মনত ॥১৫৬
ৰাঘৱে বোলন্ত শুনিয়োক পুষ্পযান ।
কৰিলা আমাক তুমি বৰ বহুমান ॥১৫৭
আজি হন্তে কুবেৰৰ হৈয়ো গৈয়ো ৰথ ।
আমাৰ কাহিনী তান্ত কহিবা সমস্ত ॥১৫৮
ৰামক প্ৰণামি গৈলা দিব্য পুষ্পৰথ ।
কুবেৰ দেৱৰ আগে কহিলা সমস্ত ॥১৫৯
শুনিয়ো গোসাঁই ৰামে পঠাইলা আমাক ।
বহু মান্য কৰিয়া তোমাক বহিবাক ॥১৬০
কুবেৰে বোলন্ত শুনা বিমান পুষ্পক ।
ৰামে পঠাইলন্ত তোক আমাৰ পাশক ॥১৬১
সনমানে তুষ্ট ভৈলোঁ তান্ত গৈয়া কহ ।
যাবে ৰাম পৃথিবীত তাৱে তাঙ্ক বহ ॥১৬২
ৰাম পাশে গৈলন্ত পুষ্পক মহাৰথ ।
কুবেৰৰ সতকাৰ কহিলা সমস্ত ॥১৬৩
হৰিষে থাকিলা ৰাম সহৰষ হুয়া ।
পুষ্পক থাকিলা ৰঘুনাথক বহিয়া ॥১৬৪
সুগ্ৰীৱ প্ৰমুখ্যে ঋক্ষ বানৰ যতেক ।
সবাকো ভৰত বীৰে বিনাৱে অনেক ॥১৬৫
সভাৰ মাজত বসি কৈকেয়ীৰ সুতে ।
ৰামক অঞ্জলি যুৰি বুলিলা কাকুতে ॥১৬৬
আমাৰ মাৱৰ তুমি পালিয়া বচন ।
মোক ৰাজ্য দিয়া দাদা তুমি গৈলা বন ॥১৬৭
বহিবাক নপাৰোহোঁ গুৰুতৰ ভাৰ ।
মই ৰাজ্য দিলোঁ দাদা লৈয়োক তোমাৰ ॥১৬৮
অশ্বৰ কি গতিক গাধৱে পাৰে যাইতে ।
কাকে কি পাৰয় হংস গমন আনাইতে ॥১৬৯
মুষ গোৱে বহিতে নোৱাৰে একে ধুৰে ।
গৰুড়ৰ বেগক কি শকত ময়ুৰে ॥১৭০
যত দূৰ চন্দ্ৰ সূৰ্য্য কিৰণ প্ৰকাশ ।
সকল দেশৰ ৰাজা তোমাৰেসে দাস ॥১৭১
তোমাৰেসে আজ্ঞাকাৰী আছিলোঁহোঁ আমি ।
আজি হন্তে ৰাজ্যক লৈয়োক আবে স্বামী ॥১৭২
কত ভাগ্য কৰিয়া তোমাৰ পাইলো সঙ্গ ।
আৰকা মিলিলা মোৰ আসৰিশ সঙ্গ ॥১৭৩
তোমাৰ চৰণ দেখি এৰাইলোঁ সন্তাপ ।
আজিসে জানিলোঁ মোৰ নমৰিল বাপ ॥১৭৪
ৰামে আকলিলা ভৰতৰ হেন কায ।
সম্বুধি বোলন্ত বাপ এবে লৈবোঁ ৰাজ ॥১৭৫
গলে ছাপি ধৰিলন্ত হৰিষ মনত ।
শ্ৰীসিংহাসনে ৰাম দেৱে বসিলন্ত ॥১৭৬
নন্দিগ্ৰামে তিনি ভাই কৰি জটা ছেদ ।
ভৰতে এৰাইলি নিদাৰুণ হৃদি খেদ ॥১৭৭
লক্ষ্মণো সকলে কৰিলন্ত পৰিত্যাগ ।
ভৰতক স্নান কৰাইলন্ত সব আগ ॥১৭৮
লক্ষ্মণে স্নানিলা শত্ৰুঘনে স্নানিলন্ত ।
অনন্তৰে ৰামচন্দ্ৰে স্নান কৰিলন্ত ॥১৭৯
বিভীষণে স্নানিলন্ত তাসম্বায়ো ছাৰি ।
পাছে ৰঙ্গ স্নানিলন্ত ৰাঘৱ মুৰাৰি ॥১৮০
কৌশল্যাক প্ৰমুখ্যে সকল শ্বাশুগণে ।
সীতা গোসাঁনীক স্নান কৰাইলা যতনে ॥১৮১
অঙ্গৰাগ উজলিলা অলঙ্কাৰে মণ্ডি ।
কৈলাসত দীপিতি কৰন্ত যেন চণ্ডী ॥১৮২
ৰামক পিন্ধাইলা দেৱ যোগ্য অলঙ্কাৰ ।
ৰামদেৱ অধিক দেখয় জ্যোতিষ্কাৰ ॥১৮৩
সৰ্ব্বজনে সুমণ্ডিত দীপিতি কৰয় ।
দেৱ সভাখান যেন ভূমিত জ্বলয় ॥১৮৪
ভৰতে যে বোলন্ত সুমন্ত্ৰ শুন বাক ।
ঝাণ্টে ৰথ সাজি আন যাওঁ অযোধ্যাক ॥১৮৫
ভৰতৰ বচনক কৰি শিৰোগত ।
তেখনে সুমন্ত্ৰ সাজি আনিলেক ৰথ ॥১৮৬
শ্ৰীৰামে চড়িয়া যাই ৰথৰ উপৰে ।
আপন বসিলা ৰথে ভৰত কুমাৰে ॥১৮৭
ধৱল ছত্ৰেক তুলি ধৰিলা লক্ষ্মণে ।
ঢোলে শ্বেত চামৰ সুগ্ৰীৱ বিভীষণে ॥১৮৮
শত্ৰুঞ্জয় নাগ পৃষ্ঠে সুগ্ৰীৱ চড়িলা ।
অনেক হাজাৰ গজে বেঢ়িয়া লৰিলা ॥১৮৯
ৰাম আসে দেখি অযোধ্যায় ৰঙ্গ ভৈলা ।
সাগৰৰ ঢৌ যেন উথলিয়া গৈলা ॥১৯০
ষোড়শ সহস্ৰ নাৰী ধৰি ফুল ফল ।
সুবৰ্ণৰ ঘট ধৰি কৰে সুমঙ্গল ॥১৯১
পদূলী পদূলী শুনি উৰুলীৰ ধ্বনি ।
অলঙ্কৃত প্ৰদীপ থাকিলা পুৰী ছানি ॥১৯২
বাঁশীক বজাৱে কতো বজাৱে মৰ্দ্দল ।
খুমুচি ভেমচি বাদ্য ডগৰ কাঁহাল ॥১৯৩
থানে থানে শুভ শুভ পাৰৈ জয় জয় ।
ভাট সবে নানা ছন্দে চপয়া পঢ়য় ॥১৯৪
নৃত্য গীত আনন্দে বাজয় কৰতাল ।
নানাবিধ মাঙ্গল্য শবদ কোলাহল ॥১৯৫
বন্দীজনে বেঢ়িয়া চৌদিশে স্তুতি নাদ ।
ব্ৰাহ্মণ সবৰ বেদধ্বনি আশীৰ্ব্বাদ ॥১৯৬
সব জন মনোৰথ পূৰিলা অশেষ ।
অযোধ্যা পুৰীত ৰাম ভৈলন্ত প্ৰবেশ ॥১৯৭
প্ৰথমে কৌশল্যা আগ বাঢ়িল সম্ভৃত ।
সন্তাপ এৰাইয়া সতী ভৈলা আনন্দিত ॥১৯৮
কৌশল্যাৰ চৰণে তিনিয়ো প্ৰণামিল ।
পাৱহন্তে কৌশল্যায়ে সাৱটি ধৰিল ॥১৯৯
পৰিয়া আছিলো ৰাম বৰ সন্তাপতে ।
এতকাল আছিলাহা পুতাই বনতে ॥২০০
পুত্ৰ শোক এৰাইলোঁ দেখিলোঁ আবে তোকে ।
অন্তৰ্গতে দহে মোৰ সুস্বামীৰ শোকে ॥২০১
হাহাতো টীকৰ স্বামী গোসাঁই আমাৰ ।
বনবাস খাটি আইলা সুপুত্ৰ তোমাৰ ॥২০২
হৰি হৰি প্ৰভু কৰিলাহা বন্ধু ছেদ ।
তোমাক সুমৰি অহৰ্নিশে হৃদি খেদ ॥২০৩
শ্ৰীৰাম লক্ষ্মণ সীতা মনত বিকলে ।
কৌশল্যাক প্ৰবোধিলা নয়ন সজলে ॥২০৪
সকল কথাক ৰামে কহিলা মাৱত ।
আপনাৰ কথা যত লঙ্কাত বনত ॥২০৫
আপদ তৰিলোঁ সবে দেৱৰ প্ৰসাদে ।
নিতে নিতে তোমাৰ আৱৰ আশীৰ্ব্বাদে ॥২০৬
বুলিলন্ত ভৰতে সুগ্ৰীৱ শুনা কায ।
পুণ্য যোগে ৰামক দিয়োক সবে ৰাজ ॥২০৭
পৃথিবী মধ্যত তীৰ্থ আছয় বহুত ।
চাৰি সাগৰক লাগি পঠায়োক দূত ॥২০৮
ভৰতৰ বচন আদৰ কৰি লৈল ।
পাঞ্চশত তীৰ্থ জল আনিবাক গৈল ॥২০৯
চাৰি সুবৰ্ণৰ ঘট চাৰি বীৰে দিল ।
চাৰি সাগৰৰ জল আনিতে পেশিল ॥২১০
সুগ্ৰীৱৰ আদেশে ঋষভ মহাবীৰ ।
দক্ষিণৰ সাগৰৰ মিলাইলন্ত নীৰ ॥২১১
পশ্চিমক গৈলন্ত জাম্বৱ মহাবল ।
সুবৰ্ণ কুম্ভত কৰি আনিলন্ত জল ॥২১২
বেগদসি বীৰ বল কাৰ্য্যত বখানি ।
উত্তৰ সাগৰে গৈয়া আনিলন্ত পানী ॥২১৩
বীৰবৰ বশিষ্ঠ সুষেণ মহাবল ।
যোগাইলন্ত পুব সাগৰৰ হন্তে জল ॥২১৪
শাস্ত্ৰত বিহিত যত বস্তু সবিশেষ ।
অভিষেক মানে যত কৰিলা প্ৰবেস ॥২১৫
সুবৰ্ণ পাটত ৰাম জানকীক থৈল ।
সুমঙ্গল আভৰণ শৰীৰত ভৈল ॥২১৬
শুনা নিৰন্তৰে ইটো ৰামায়ণ কথা ।
ইহেন মানৱী জন্ম নকৰিয়ো বৃথা ॥২১৭
ৰামৰ চৰিত্ৰ ইটো শুনা সভাসদ ।
বোলাঁ ৰাম ৰাম পাইবা পৰম সম্পদ ॥২১৮