ৰাম বনলৈ যাবলৈ ওলায়
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৯ অধ্যায়
ৰাম বনলৈ যাবলৈ ওলায়
অন্তেষপুৰে যতেক ৰামৰ শত মাৱ ।
শুনি সন্তাপিত ভৈল উৰ বেশ ভাৱ ॥১
কৈকেয়ীক ভয়ে সবে সঙ্কুচিত মতি ।
কৌশল্যাত জনাইবাক নভৈল শকতি ॥২
উদবেগে বিকলে ভ্ৰমন্ত মন্যু কৰি ।
হা হা অনাথ ভৈলা অযোধ্যা নগৰী ॥৩
পাপিষ্ঠী কৈকেয়ীৰ কিনো মন্দমতি ।
ভৰতক ৰাজ্য দেই ৰামৰ বিপতি ॥৪
এহি কাজে পাপিষ্ঠী ভৈগৈল সুভাগিনী ।
ৰামৰ ৰাজ্যত বহু পাতিল বিঘিনি ॥৫
হা ৰাম বাপু তুমি আপুতিৰ পো ।
সুমৰন্তে তোমাক চক্ষুৰ বহে লো ॥৬
কান্দন্তে থাকিলা কেহো ধৰণীত লুটি ।
হা ৰাম বোলন্তে পৰাণ যাওক ফুটি ॥৭
কৈকেয়ীৰ বোলে চিত ৰামৰ ভাগিল ।
বনক চলিতে ৰামে অনুজ্ঞা মাগিল ॥৮
অচেতন পিতৃ পাৱ শিৰে ধৰিলন্ত ।
কুটিলা কৈকেয়ীক নমস্কাৰ কৰিলন্ত ॥৯
বাপৰ মাৱৰ আগে পুটাঞ্জলি ধৰি ।
চলি গৈলা ৰাম মন আনন্দিত কৰি ॥১০
গুৰুতৰ বিষাদে দগধ কৰে মন ।
নেত্ৰ জলে দেখিলন্ত পাচত লক্ষ্মণ ॥১১
নুগুচাইল মুখশ্ৰীক হুয়া ৰাজ্য হীন ।
ৰাত্ৰি যেন চন্দ্ৰ কান্তি নকৰে মলিন ॥১২
ধন জন ৰাজ্য ভাৰে ভৈলন্ত বৈৰাগ ।
যতী যেন ত্যজিল গৃহৰ অনুৰাগ ॥১৩
প্ৰদক্ষিণ কৰিয়া সেৱক সব সজ ।
লীলা গতি চলি গৈলা যেন মত্ত গজ ॥১৪
অসন্তোষ ৰাঘৱৰ নলখিলা জনে ।
সৰ্ব্বলোকে সন্তোষিলা হৰষিত মনে ॥১৫
মনত বিষাদ মুখ হৰিষ লক্ষ্মণ ।
কৌশল্যাৰ থান পাইলা পাচত লক্ষ্মণ ॥১৬
ব্ৰাহ্মণক দেখিলা দুৱাৰ পৰিহৰি ।
দেৱতাক পূজি আছে স্বস্ত্যয়ন কৰি ॥১৭
তাসম্বাক প্ৰণাম কৰিলা বিদ্যমান ।
পাচে প্ৰবেশিলা গৈয়া কৌশল্যাৰ থান ॥১৮
বিষ্ণুক পূজন্তে দেখিলন্ত নিজ মাৱ ।
দুই ভাই মিলি প্ৰণমিলা তান পাৱ ॥১৯
প্ৰণামোহোঁ হেৰা ৰাম আৱৰ লখাই ।
কল্যাণে বঞ্চিয়ো কুখিধৰ মোৰ আই ॥২০
হেন শুনি কৌশল্যা ৰামৰ গলে ধৰি ।
কুলৰ নন্দন বুলি অভিনন্দা কৰি ॥২১
হাতে গাৱ মাজিলন্ত দিলন্ত আশীষ ।
ধেনু বত্স পায়া যেন বিবিধ হৰিষ ॥২২
শুন বাপ ৰাম মোৰ হৃদয় নন্দন ।
দেৱৰ নিৰ্ম্মাল্য হেৰা পিন্ধিয়ো চন্দন ॥২৩
বাপৰ আজ্ঞায়ে তুমি হৈবা যুবৰাজ ।
জনক পালিবা বুঝিবাহা ৰাজকাজ ॥২৪
আৱৰ পালিবা তুমি যত দ্বিজগণ ।
পুত্ৰৱতে প্ৰজাক পালিবা সৰ্ব্বক্ষণ ॥২৫
দেখিবা সকলো মাৱ মোহোৰ সমান ।
শ্ৰাদ্ধ যজ্ঞ কৰিবা দিবাহা মহাদান ॥২৬
শুনি ৰামে বোলন্ত মাৱৰ মুখ চাই ।
আথান্তৰ ভৈল বৰ নতু শুনা আই ॥২৭
উলট পালট ভৈল আমাসাৰ কাজ ।
কৈকেয়ীৰ বোলে ভৰতক দিলা ৰাজ ॥২৮
বাক্য বান্ধি নৃপতিক দুই বৰ মাগি ।
আমি বন যাইবো চৌধ বৰিষক লাগি ॥২৯
আউৰ এক বৰ ভৰতক দিল দেশ ।
আমাক নিষ্ঠুৰ বাণী বুলিল আশেষ ॥৩০
ভৰতক লাগি তেজিলোহোঁ ধন জন ।
ৰাজাৰ আদেশে আজি চলি যাইবো বন ॥৩১
ৰাজ্য ভোগ তেজিলোহোঁ কুটুম্ব সকল ।
চিৰ জটা ধৰিবো ভুঞ্জিবো বনফল ॥৩২
হেন শুনি কৌশল্যাৰ মোহ ভৈল মন ।
গুৰিত ছেদিলে যেন বৃক্ষ হোৱে চন ॥৩৩
ভূমিত পৰিল গাৱ সন্তাপিত ভাৱ ।
পৰম বিকলে বিমূৰ্চ্ছিত ভৈলা মাৱ ॥৩৪
সন্তাপে পোৰন্ত যেন তুলাত অগনি ।
অচেতনে পৰিলন্ত ৰামৰ জননী ॥৩৫
আথে বেথে দুই ভাই তুলি ধৰি হাতে ।
সুশীতল জল আনি ঢালিলন্ত মাথে ॥৩৬
কদাচিতো মাৱৰ শৰীৰ নোহে থিৰ ।
দুভাইৰো দেখিয়া নয়নৰ ঝৰে নীৰ ॥৩৭
শ্ৰীৰামে বোলন্ত লখাই শুন মোৰ বাণী ।
আবেসে নিজিবে মাৱ জগত গোসাঁনী ॥৩৮
অগণি দহৱে পিম্পলিৰ দিয়া পথ ।
আৰ মোৰ শোকত নিজিবে দশৰথ ॥৩৯
সিংহৰ ভাৰ্য্যায়ে ছাগ প্ৰসবিল মোক ।
মোহোৰ কাৰণে কৌশল্যাৰ এত শোক ॥৪০
কৈকেয়ী মাৱে আতি পৰ পাপ পাইল ।
পাচে কতোক্ষণে কৌশল্যাৰ প্ৰাণ আইল ॥৪১
সন্ধুক্ষণ হুয়া মাৱে মাথা তুলি চাইল ।
দুই পু্ত্ৰ কান্দে তাক দৰশন পাইল ॥৪২
উঠি বসি কৌশল্যা ৰামৰ গলে ধৰি ।
মৰিলোহোঁ বুলিয়া অনেক মন্যু কৰি ॥৪৩
হা বিধি মোৰ কোন কাৰ্য্যক কৰিলে ।
আগে নিধি দিয়া কেন পাচত হৰিলে ॥৪৪
মোহোৰ হৃদয় বক্ৰ লোহায় গঢ়িল ।
তোৰ বনবাস শুনি প্ৰাণ নছাৰিল ॥৪৫
জানিলো কৈকেয়ী আবে স্বামীক বধিল ।
তোমাৰ আগত বিধি মৰিবে নিদিল ॥৪৬
হাত যোৰ কৰি বোলে প্ৰেত মহীপাল ।
সব দুখ এৰাই সত্বৰে কৰাঁ কাল ॥৪৭
চিত্ৰ গুপ্ত তুমি কেনে পাসৰিলা মোক ।
পাঁজি মোচ সত্বৰে কাতৰ কৰোঁ তোক ॥৪৮
অপায় মিলিল কিনো অযোধ্যা নগৰ ।
শুচি মুখে কৈকেয়ীয়ে শুষিল সাগৰ ॥৪৯
টীপছিৰ বাৱে মেৰু পৰ্ব্বত উৰিল ।
তুনি সাপে সব নাগপুৰীক গিলিল ॥৫০
তোমাক পঠাইব বন দশৰথ ৰাই ।
তান্তোধিক মোৰ বাক্য পালিতে যুৱাই ॥৫১
স্ত্ৰীজিত পিতৃৰ নকৰি তুমি বাক ।
বনক নযাইবে বাপ মোৰ পাশে থাক ॥৫২