সীতা স্বয়ম্বৰলৈ
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৩২ অধ্যায়
- সীতা স্বয়ম্বৰলৈ
এহি বুলি মনে গুণিলন্ত মুনিবৰ ।
উপজিয়া আছে লক্ষ্মী জনকৰ ঘৰ ॥১
যেহি যেহি ৰূপে অৱতাৰ হন্ত হৰি ।
ওপজন্ত লক্ষ্মী দেবী সেহিৰূপ ধৰি ॥২
ৰামৰূপে নাৰায়ণ আছন্ত সাম্প্ৰত ।
সীতাৰূপে লক্ষ্মী আছা জনক ঘৰত ॥৩
নিশ্চয়ে হৈবন্ত সীতা ভাৰ্য্যা ৰাঘৱৰ ।
জনক নৃপতি পাতি আছে স্বয়ম্বৰ ॥৪
ৰাম লক্ষ্মণক মিথিলাক লৈয়া যাওঁ ।
সীতা সমে ৰাঘৱৰ বিবাহ কৰাওঁ ॥৫
হেন মনে গুণি মুনি কৰিলন্ত সাৰ ।
ৰামক বোলন্ত শুনা বচন আমাৰ ॥৬
মিথিলা নগৰে আছে জনক নৃপতি ।
ৰাজঋষি ধৰ্ম্ম আচৰন্ত মহামতি ॥৭
পুত্ৰৱতে প্ৰজাক পালন্ত নৃপবৰ ।
সীতা নামে আছে তান দুহিতা স্নেহৰ ॥৮
অযোনিকাৰূপে আছে জনকৰ ঘৰে ।
যেন অমৃতৰ ঘট দুগুধ সাগৰে ॥৯
ত্ৰৈলোক্য মোহিনী কন্যা পৰম সুন্দৰী ।
কিবা লক্ষ্মী পাৰ্ব্বতী আছন্ত মূৰ্ত্তি ধৰি ॥১০
জানকীৰ ৰূপৰ নাহিকে পটন্তৰ ।
দেখি চূৰ হৱে যত দৰ্প কন্দৰ্পৰ ॥১১
মুনি মনমোহন বদন ৰুচিকৰ ।
দেখি লাজে থিৰ নথাকন্ত শশধৰ ॥১২
নয়নক দেখি আতিশয় পায়া লাজ ।
পলাই গৈয়া কমল থাকিল জলমাজ ॥১৩
ৰত্ন তিল ফুল জিনি নাসা কৰে কান্তি ।
প্ৰকাশে দশন জিনি মুকুতাৰ পান্তি ॥১৪
ভ্ৰুব সুবলিত মদনৰ ধনু সম ।
কপালত সুন্দৰ তিলক মনোৰম ॥১৫
হাস্যত বৰিষে যেন অমৃত প্ৰচুৰ ।
নয়নে কাজল জ্বলে শিৰত সিন্দুৰ ॥১৬
দীৰ্ঘ কেশচয় জিনি আছে চামৰক ।
ভ্ৰমৰাৰ শাৰি যেন কুটিল অলক ॥১৭
বিম্বফল অধিক অধৰ মনোহৰ ।
অমৃত সুৰস বাণী স্বৰ কোকিলৰ ॥১৮
নয়নৰ প্ৰান্তে যেন দলিত অঞ্জন ।
মদনৰ শৰ যেন কটাক্ষ ঈক্ষণ ॥১৯
সমান কৰ্ণৰ তলে কুণ্ডল জ্বলয় ।
উপৰত থাকি চিকিমিকি প্ৰকাশয় ॥২০
কুণ্ডলৰ কান্তি গণ্ডস্থলে প্ৰকাশিত ।
গলে গলপাতা মণিময় মনোনীত ॥২১
সুবলিত ভুজ যুগ দেখি লাজ পাই ।
থাকিল মৃণাল গৈয়া পঙ্কত লুকাই ॥২২
বাহুত বাহুতি শাঙ্খ দুয়ো হাতে আছে ।
ৰত্নময় বলয়া কঙ্কণ আগে পাচে ॥২৩
সুন্দৰ আঙ্গুলি পান্তি ললিত বলিত ।
সুবৰ্ণৰ আঙঠি প্ৰত্যেক আঙ্গুলিত ॥২৪
মণি চন্দ্ৰ সম নখ পৰম উজ্জ্বল ।
কৰ কিশলয় তুল ৰাতুল কমল ॥২৫
হৃদয়ত বাঢ়ে স্তন বদৰি প্ৰমাণ ।
দৰশনে যুবতৰ হৰয় পৰাণ ॥২৬
স্তন মধ্যে শোভা কৰে সাতসৰি হাৰ ।
কাঞ্চনে ৰচিত মণি মালা মুকুতাৰ ॥২৭
সুবিপুল নিতম্বক দেখিতে সুবেশ ।
হৰৰ ডম্বৰু যেন ক্ষীণ মধ্য দেশ ॥২৮
কুন্দত কুন্দলা যেন মুঠিতে লুকায় ।
বতাসতে হালে ভাগি পৰিল পৰায় ॥২৯
ৰত্নৰ মেখলা জ্বলে খোঞ্চাৰ ওপৰ ।
সুবলিত ঊৰু ৰামকল সমসৰ ॥৩০
যাক দেখি স্তম্ভি ৰহে মদনৰ মন ।
নৱ পদ্মকোষ যেন দুখানি চৰণ ॥৩১
মাণিক মঞ্জীৰ ৰুণজুন কৰি বাজে ।
সুবৰ্ণ উজটি দশ আঙ্গুলিৰ মাজে ॥৩২
পদতল ৰাতুল কমল আতিশয় ।
ফুটি যেন সাক্ষাতে ৰুধিৰ বাজ হয় ॥৩৩
প্ৰথম যৌবনী ৰাজ হংসৰ গমনী ।
সৰ্ব্বাঙ্গ সুন্দৰী কন্যা আতি বিতোপনী ॥৩৪
ত্ৰৈলোক্যৰ ৰূপ হুয়া আছে এক থান ।
অনেক যতনে বিধি কৰিলা নিৰ্ম্মাণ ॥৩৫
আতি শুভান্বিতা জনকৰ জীউ সীতা ।
বিষ্ণুত ভকতা সৰ্ব্ব গুণে আনন্দিতা ॥৩৬
আন একো নাহি তান হৰিচিন্তা বিনে ।
যেন চন্দ্ৰকলা বাঢ়ি যান্ত দিনে দিনে ॥৩৭
ৰুপগুণ সীতাৰ কৰিবে কোনে সীমা ।
স্ৰজিয়া থৈলন্ত বিধি মোহন প্ৰতিমা ॥৩৮
গুণন্ত মনত বসি জনক নৃপতি ।
কমন বৰত বিহা দিবোঁ সীতা সতী ।৩৯
সৰ্ব্ব সুলক্ষণী কন্যা পৰম সুন্দৰী ।
ইহান সমান বৰ পাইবোঁ কেনে কৰি ॥৪০
গুণি গুণি ৰাজা পাচে কৰিলন্ত সাৰ ।
মৃগ মাৰি মহাদেৱে দ্বাৰত আমাৰ ॥৪১
ধনু এৰি পূৰ্ব্বকালে গৈলা মহাশয় ।
তাতে যিতো জনে গুণ দিবাক পাৰয় ॥৪২
ইতো লক্ষ্মীসমা কন্যা বিহা দিবোঁ তাত ।
এহি অঙ্গীকাৰ ৰাজা কৰিলা সাক্ষাত ॥৪৩
আলচিয়া মনে জানকীৰ স্বয়ম্বৰ ।
মিথিলাত সভা পাতিলন্ত নৃপবৰ ॥৪৪
বিশ্বকৰ্ম্মা সম শিল্পী আমি সৰ্ব্বজন ।
কৰাইলন্ত পুৰ চিত্ৰ মন্দিৰ নিৰ্ম্মাণ ॥৪৫
অনেক উচ্ছ্ৰিত গৃহ বহল বিস্তৰ ।
প্ৰকাশ কৰয় যেন কৈলাস শিখৰ ॥৪৬
সুবৰ্ণ ৰজত ৰত্নে কৰিলা আৰম্ভ ।
অনেক সহস্ৰ ফটিকৰ দিলা স্তম্ভ ॥৪৭
হীৰা মণি মাণিক লগাইলা থানে থানে ।
কৰিলা অনেক শিল্পী জানিলেক মানে ॥৪৮
নানা ৰত্নে চিকিমিকি কৰে ঠাই ঠাই ।
সূৰ্য্যৰ জৌতিক যেন চাহন নযায় ॥৪৯
সুবৰ্ণ ৰজতে বিৰচিল স্থলী যত ।
থানে থানে মঞ্চ সজাইলন্ত নানা মত ॥৫০
ৰাজাক উচিত সিংহাসন থৈলা পাৰি ।
নানা বিধ আসন থাপিলা সাৰি সাৰি ॥৫১
ৰাজাগণ ৰহিবাক প্ৰতি নৃপবৰ ।
নানা স্থানে সজাইলন্ত যত বাসাঘৰ ॥৫২
ভোজন সম্ভাৰ বহুবিধ উপহাৰ ।
ভৰাই থৈলন্ত ৰাজা অনেক ভণ্ডাৰ ॥৫৩
অনন্তৰে মাতি আনি দূত বহুতৰ ।
সমস্তকে বচন বুলিলা নৃপবৰ ॥৫৪
দেশে দেশে যত ৰাজা আছে নিৰন্তৰ ।
সমস্তকে কহ জানকীৰ স্বয়ম্বৰ ॥৫৫
শুনি দশো দিশে দূত গৈল অসংখ্যাত ।
ঘোষিলেক স্বয়ম্বৰ সমস্তে ৰাজাত ॥৫৬
জানকীৰ স্বয়ম্বৰ শুনি ৰাজা যত ।
অমৃত পিলেক যেন হৰিষ মনত ॥৫৭
বস্ত্ৰ অলঙ্কাৰ দিয়া দূতক সাদৰি ।
পুছয় সীতাৰ কথা কহ ভাল কৰি ॥৫৮
শুনি দূতে ৰূপ গুণ বৰ্ণাৱে সবাৰ ।
কথাতে হৰয় মন সকলে ৰাজাৰ ॥৫৯
মনে গুণে কেন মতে পাইবোঁ জানকীক ।
তান্ত বিনে জীৱন যৌৱন ধিক ধিক ॥৬০
এহি বুলি ৰাজ্যভাৰ ভাৰ্য্যা পৰিহৰি ।
চতুৰঙ্গ সেনা সমে চলে শীঘ্ৰ কৰি ॥৬১
যাহন্তে গুণয় পথে মনে অৱগাই ।
জানো আগে বিহা কৰে মোত আগে পাই ॥৬২
মই আগে পাওঁ যেবে নতু পাৱে আনে ।
মোৰ আগে সীতাক নিবেক কাৰ প্ৰাণে ॥৬৩
ৰূপে গুণে সমস্তে ৰাজাত মই চাৰ ।
মোতে বৰিবেক ভাগ্য আছয় আমাৰ ॥৬৪
জনক নৃপতি ভালে জানন্ত আমাক ।
অৱশ্যে মোতেসে বিহা দিবন্ত সীতাক ॥৬৫
এহি গুণি ৰাত্ৰি দিনে পথ বহি যায় ।
উগুল থুগুল মনে সুখ শান্তি নাই ॥৬৬
হস্তী ঘোঁড়া ৰথে ৰাজাগণে নিৰন্তৰে ।
মিথিলা পশিল গৈয়া মহা আড়ম্বৰে ॥৬৭
জনকে দেখইয়া ৰাজাগণ আসিবাৰ ।
পাদ্য অৰ্ঘে পূজি কৰিলন্ত সতকাৰ ॥৬৮
বসিবাক প্ৰতি ৰাজা দিলা সিংহাসন ।
প্ৰিয় বাক্যে পুছন্ত কুশল আগমন ॥৬৯
বুলিলা সবাৰ প্ৰতি মধুৰ বচনে ।
আজি সুপ্ৰভাত তোমাসাৰ দৰশনে ॥৭০
যাৰ যাৰ কথা কৰ্ণে শুনিয়া আছিলোঁ ।
কিনো ভাগ্য তোমাসাক চক্ষুৰে দেখিলোঁ ॥৭১
এহি মতে চাটুপটু অনেক বুলিলা ।
ৰহিবাৰ প্ৰতি দিব্য বাসাঘৰ দিলা ॥৭২
অন্নপান যড়ৰস ভোজন সম্ভৃত ।
সমস্তকে দিলা যাক যেন সমুচিত ॥৭৩
এক এক ৰাজা আইল যেন দিগপতি ।
সন্তোষিলা সবাকে জনক নৰপতি ॥৭৪
পাত্ৰ মন্ত্ৰী সেনাগণ হয় হস্তী ৰথ ।
নাহি তাৰ সীমা সংখ্যা আসি আছে যত ॥৭৫
সবাকে নৃপতি ৰহিবাৰ স্থান দিলা ।
অন্নে পানে সমস্তৰে চিত্ত সন্তোষিলা ॥৭৬
এক গোটা পদ্ম ফুলি আছে সৰোবৰে ।
তাৰ মধু আশে ধাৱে ভ্ৰমৰ বিস্তৰে ॥৭৭
সেহি মতে পৃথিৱীৰ ৰাজা নিৰন্তৰ ।
জানকীক আশে আইল মিথিলা নগৰ ॥৭৮
ভৈলা এক থান ৰাজা বৰিষেক মান ।
সবাকো জনক কৰিলেক বহু মান ॥৭৯
অনন্তৰে শুভ দিন তিথি বাৰ চাই ।
জনক আনিলা সবে ৰাজাক মতাই ॥৮০
বোলন্ত নৃপতি শুনা ৰাজা নিৰন্তৰ ।
আজি পাতিবোঁহো জানকীৰ স্বয়ম্বৰ ॥৮১
এহি কাজে তুমি সব আইলা মোৰ ঠাই ।
বহু দিন প্ৰবাসত আছা দুখ পাই ॥৮২
আশা বা নিৰাশা আজি পৰিচ্ছেদা হৌক ।
বোলাঁ ৰাম ৰাম সবে সভাসদ লোক ॥৮৩
- ৩৩ অধ্যায়
- দুলৰি ।
জনকৰ বাণী, ৰাজাগণে শুনি,
মহত হৰিষ ভৈল ।
কৰিয়া সত্বৰ, আসি বাসাঘৰ,
কাছিবাক সবে লৈল ॥১
অগৰু চন্দন , কস্তুৰি কুম্কুম,
ভূষিলেক সবে গাৱে ।
নানাবিধ দিব্য, ৰত্ন অলঙ্কাৰ,
পিন্ধিলেক ঠাৱে ঠাৱে ॥২
পাট পটোৰণে, বিচিত্ৰ বসনে,
ভৈল আতি জাতিষ্কাৰ ।
সুবৰ্ণৰ মালা, শিৰত চৰায়া,
হৰিষৰ নাহি পাৰ ॥৩
দৰ্পণ ধৰিয়া, মুখ চায়া বোলে,
বিধি ভৈল সুপ্ৰসন ।
মোক সমৰূপে, ইতিনি ভূবনে,
নাহি আৰু একজন ॥৪
ধনে জনে মান্যে, গুণে কুলে শীলে,
দেখিয়া মোক বিশিষ্ট ।
জনক নন্দিনী, সীতা সুবদনী,
মোকেসে বৰিব নিষ্ট ॥৫
এহি বুলি আতি-, শয় ৰঙ্গমনে,
ৰাজাগণ অসংখ্যাত ।
কাছি লাসে বেশে, পৰম সুবেশে,
বসিল গৈয়া সভাত ॥৬
ৰত্ন সিংহাসনে, প্ৰকাশ কৰয়,
ৰাজাগণ ভাল ভাল ।
মেৰুৰ ওপৰে, যেন জৌতি কৰে,
বসি দশ দিকপাল ॥৭
পাত্ৰ মন্ত্ৰী যত, ৰাজাৰ পিচত,
বসিলা গৈয়া উত্সুকে ।
আন যত জন, মঞ্চত বসিল,
মনত মহা কৌতুকে ॥৮
নটী নাচে গাৱে, মৃদঙ্গ বজাৱে,
বাৱে নানা বাদ্য তাল ।
ভাটে চাটুপাটু, বোলে মাল সবে,
যুজয় কৰি আষ্ফাল ॥৯
নানাবাদ্য ভণ্ডে , শবদ প্ৰচণ্ডে,
কৰ্ণত হানয় তাল ।
ৰঙ্গ ঢঙ্গ বোলে , প্ৰজাৰ আন্দোলে,
সাগৰ যেন উল্লাল ॥১০
- ৩৪ অধ্যায়
- ছবি ।
এহি মতে নৃপগণে, জানকী সীতাক মনে,
দিব্য সভা মাজে বসি আছে ।
মিথিলাৰ অধিপতি, সভাক নিবাক প্ৰতি
কছাইল সীতাক দিব্য কাছে ॥১
আগত সীতাক লৈয়া, সমাজক চলি গৈলা,
নানা বাদ্য শুভ সুমঙ্গলে ।
অনেক যুবতী নাৰী, চলি যায় কাছি পাৰি,
সীতাৰ সঙ্গত কৌতূহলে ॥২
যত ইষ্ট বন্ধু জন, পাত্ৰ মন্ত্ৰী পুত্ৰগণ,
চলি যান্ত মহা ৰঙ্গ মনে ।
হাতে দিব্য ঘট ধৰি, নানা লাসবেস কৰি,
গাৱন্ত মঙ্গল নাৰীগণে ॥৩
ব্ৰাহ্মণ সকলে বেদ, পঢ়ি যানন্ত অবিচ্ছেদ,
আতিশয় হৰিষে মনত ।
চপয়া পঢ়য় ভাট, নটী সবে কৰে নাট,
কৰি লয়লাস নানা মত ॥৪
মিথিলাৰ নৃপবৰে, এহিমতে অনন্তৰে,
প্ৰৱেশিলা স্বয়ম্বৰ শালা ।
সীতাও লগত গৈলা, মেৰুত উদয় ভৈলা
যেন অভিনৱ চন্দ্ৰকলা ॥৫
সীতাৰ মুখৰ কান্তি, দশো দিশে প্ৰকাশন্তি,
যেন পূৰ্ণচন্দ্ৰৰ উদয় ।
আছে যত ৰাজাগণ, সবাৰে হৰিষ মন,
দেখি আতি ভৈল তমোময় ॥৬
সীতাৰ কমল মুখ, দেখিতে পৰম সুখ,
সমস্তে এৰিল ধৈৰ্য্যভাৱ ।
লাজকাজ পৰিহৰি, চাহয় নয়ন ভৰি,
মদনে কম্পিত সৰ্ব্ব গাৱ ॥৭
নভাসয় নেত্ৰে আতি, কৰয় মদনে সাতি,
আস ইস কৰে উসমিস ।
জ্বলে আতি কামানল, কৰে চিত টলবল,
মনে একো নপাৱে উদ্দিশ ॥৮
হৃদয়ত কামশৰে, পশি মহা পীড়া কৰে,
কাহাৰো নুহিকে মন থিৰ ।
চেতন হৰিয়া গৈল, বৃদ্ধ সবো যুবা ভৈল,
দেখি ৰূপ সীতা গোসানীৰ ॥৯
নমো নমো ৰঘুনাথ, চৰণত থৈয়া মাথ,
মন মোৰ ৰহোক তোমাত ।
সমজ্যাৰ যত লোক, ৰাম হৰি বুলিয়োক,
তেবে দুখ তৰিবা সাক্ষাত ॥১০
- ৩৫ অধ্যায়
- পদ ।
বিশ্বামিত্ৰ বদতি শুনিয়ো ৰঘুবৰ ।
সভাত আছিল যত লোক নিৰন্তৰ ॥১
দেখিয়া সীতাৰ আতি ৰূপ বিপৰীত ।
কামবাণে সবাৰো মোহিত ভৈল চিত ॥২
যেহি অঙ্গে সীতাৰ পৰিল দৃষ্টি যাৰ ।
তাৰ হস্তে পুনৰপি নপলটে আৰ ॥৩
সবাৰে হৰিল মন সীতাৰ ৰূপত ।
নিসিজিল মন যেন যোগীৰ ব্ৰহ্মত ॥৪
জানকীৰ মুখ চন্দ্ৰমাক নিৰন্তৰে ।
সুন্দৰ অমৃত পিয়ে নয়ন চকোৰে ॥৫
অমৃতক দেখি যেন লুভীয়া বিস্তৰে ।
নতু পুৰে মন যেন লটপট কৰে ॥৬
সেহি মতে জানকীক দেখি ৰাজাগণ ।
কেন মতে পাইবোঁ বুলি নসম্বৰে মন ॥৭
কেহো ৰাজাগণে বসি গুণয় মনত ।
বোলোঁ গৈয়া ধৰি জনকৰ চৰণত ॥৮
তোমাৰ দুহিতা সীতা আমাক দিওক ।
ভৃত্য বুলি প্ৰভু মোকে কিনিয়া থৈয়োক ॥৯
সেৱা কৰি তোমাক থাকিবোঁ অহৰ্নিশ ।
নপাইবাহা জোৱাঁই আন আমাৰ সদৃশ ॥১০
কেহো জনে বোলয় মন্ত্ৰীৰ চাপোঁ পাশ ।
কত লক্ষ ধন দিয়া বুজোঁ তান আশ ॥১১
মন্ত্ৰীৰ অধীন ৰাজাগণ নিৰন্তৰ ।
তান বোলে কন্যা মোক দিব নৃপবৰ ॥১২
কেহো বোলে ধৰোঁ লাগ ৰাজাৰ পুত্ৰৰ ।
শাকুতি কাকুতি তাৰ কৰিবোঁ বিস্তৰ ॥১৩
হাতত ধৰিয়া বাক্য বুলিবোঁ বিনয় ।
তোমাৰ ভগিনী মোক দিয়ো মহাশয় ॥১৪
তযু ভগিনীৰ বৰ আমিসে উত্তম ।
পুছি চাৱাঁ আন কোন আছে মোৰ সম ॥১৫
শুনি ৰাজপুত্ৰে কন্যা আমাকেসে দিব ।
ৰাজায়ো পুত্ৰৰ বাক্য অৱশ্য কৰিব ॥১৬
কেহো বুলে চাটুবাণী বোলোঁহো কন্যাক ।
শুনিয়ো সুন্দৰী তুমি বৰিয়ো আমাক ॥১৭
যত ৰাজ্যভাৰ ভাৰ্য্যা আছয় আমাৰ ।
আজি ধৰি সকলো তোমাৰ অধিকাপ ॥১৮
থাকিবোঁহো আমিও তোমাৰ পালি আশ ।
কৰোঁহো শপত যদি সঞ্জাত নযাস ॥১৯
আমাক মহন্ত বুলি জানে সৰ্ব্ব লোক ।
জানিলোঁ নিশ্চয় সীতা বৰিব আমাক ॥২০
হেটমাথে বসি আলোচয় কতো জন ।
সীতাৰ সখীক বোলোঁ কাকুতি বচন ॥২১
বুজাইয়োক সীতা সতী বৰোক আমাক ।
যেহি চাহাঁ তাকে মই দিবোঁহো তোমাক ॥২২
স্ত্ৰীৰ উতলে আতি চিত্ত লোভ পাই ।
অৱশঅযে বুলিবে তেবে সীতাক বুজাই ॥২৩
নিশ্চয় ধৰিব সীতা সখীৰ বচন ।
এহি মতে আলোচে সকলে ৰাজাগণ ॥২৪
শুনিয়োক কথা আবে আত অনন্তৰ ।
সমজ্যাত উঠিয়া জনক নৃপবৰ ॥২৫
কৃতাঞ্জলি হুয়া ৰাজা বুলিলা বচন ।
সাৱধান হুয়া শুনিয়োক ৰাজাগণ ॥২৬
মহা মহা ৰাজা বহু দিন মোৰ ঠাই ।
সীতাৰ নিমিত্তে ৰহি আছা দুঃখ পাই ॥২৭
আজি সবাহানে এক পৰিচ্ছেদা হৌক ।
যিমতে কন্যাক পায় তাক শুনিয়োক ॥২৮
পূৰ্ব্বকালে হৰে মৃগ মাৰিয়া বনত ।
এৰি গৈলা ধনুখান মোৰ দুৱাৰত ॥২৯
পৰম সুদৃঢ় ধনু যেন ব্ৰজসাৰ ।
ঘৰে আনি থৈয়া কৰিলোঁহো অঙ্গীকাৰ ॥৩০
পাৰয় ধনুত যেহি গুণ লগাইবাক ।
সুচন্দ্ৰবয়নী সীতা দিবোঁহো তাহাক ॥৩১
আছোঁহো পূৰ্ব্বত এহি অঙ্গীকাৰ কৰি ।
এবে যেহি গুণ দিবে পাৰে ধনু ধৰি ॥৩২
তাহাকে বৰিব সীতা বুলিলোঁ নিশ্চয় ।
এহি বুলি লোক পাঞ্চি দিলা মহাশয় ॥৩৩
বৰ ঘৰ মাজে থৈয়া আছে ধনুখান ।
সাঙ্গি বান্ধি সমজ্যাক লাগি গৈয়া আন ॥৩৪
ৰাজাৰ বচন শুনি তেতিক্ষণে গৈল ।
অব্বুদেক লোকে ধনু সাঙ্গি কৰি লৈল ॥৩৫
কুজি মুজি হুয়া সবে আনে বল দিয়া ।
আদখান ধনু আসে মাটিতে লুটীয়া ॥৩৬
যেনে তেনে আনি সমাজৰ মাজে থৈল ।
দেখিয়া ধনুক ৰাজাগণ ভয় ভৈল ॥৩৭
আছো গুণ দিব ডাঙিবাকো নাই সাস ।
জানকীৰ মুথ চাই তেজয় নিশ্বাস ॥৩৮
সমজ্যাত ধনু থৈয়া জনক নৃপতি ।
সীতাক বোলন্ত শুনিয়োক মহাসতী ॥৩৯
তোক আশা কৰি মহা মহা ৰাজাচয় ।
ৰাজ্য এৰি বৰিষেক প্ৰবাস খাটয় ॥৪০
এক এক ৰাজা সুৰপতিৰ সমান ।
তোমাৰ কাৰণে আসি আছে মোৰ থান ॥৪১
সুবৰ্ণৰ মালা গাচি ধৰিয়া হাতত ।
এতিক্ষণে থাকাঁ গৈয়া সভাৰ মাজত ॥৪২
ধনুত লগাইবে গুণ যিজনে পাৰয় ।
সেহি নিজ পতি তযু জানিবা নিশ্চয় ॥৪৩
তান মাথে মালা দিয়া কৰি নমস্কাৰ ।
বৰিবাহা গই একো নকৰি বিচাৰ ॥৪৪
শুনিয়া জানকী পাচে পিতৃৰ বচন ।
সখীৰ মাজক চলি গৈলা তেতিক্ষণ ॥৪৫
সুবৰ্ণৰ মালা মাৱ হাতে তুলি লই ।
পৃথিৱীক নিৰক্ষীয়া থাকিলন্ত ৰই ॥৪৬
জনকে বুলিলা ৰাজাগণক বচন ।
লগায়ো পচাৰ জানকীক যাৰ মন ॥৪৭
জনকৰ বাণী শুনি কতোহো নৃপতি ।
কৰন্ত যতন গুণ লগাইবোক প্ৰতি ॥৪৮
কৰে উসমিস উঠে বসে কতো জন ।
আগে পাচে চাৱে কতো চোবাৱে দশন ॥৪৯
বাহু নিৰখীয়া কতো ফোফয় যেন নাগে ।
ভাঙ্গো ধনু আজি কোন বস্তু মোৰ আগে ॥৫০
দেখোক সকলে বাহুবলৰ মহত ।
প্ৰথমত উঠি গৈলা ৰাজা শুভদত্ত ॥৫১
ওচৰ চাপিয়া গৈয়া আষ্ফোট কৰিল ।
বাহু দাম্ফি মাৰি বীৰে ধনুক ধৰিল ॥৫২
অনেক যতনে ধনু ধৰি বল দিল ।
গুণ দিবে ছাৰি লাৰিবাকো নপাৰিল ॥৫৩
শুভদত্ত ৰাজাৰ ভাগিল চটীমটী ।
লাজ হুয়া আসনত বসিলা পালটী ॥৫৪
অতি অনন্তৰে শতধনু নৃপবৰ ।
মই গুণ দিবো বুলি চাপিলা ওচৰ ॥৫৫
দশন কামুৰি শৰীৰৰ বলে ধৰি ।
কতো বেলি চাহিলেক দঙ্গাদঙ্গি কৰি ॥৫৬
বল দিয়া চাইল ৰাজা অনেক প্ৰকাৰে ।
আছো গুণ দিব ধনু লাৰিবে নপাৰে ॥৫৭
তাক দেখি হাসিলন্ত সকল সমাজ ।
বসিল উলটি শতধনু হুয়া লাজ ॥৫৮
তাত অনন্তৰে মগধৰ নৰেশ্বৰ ।
আতি বৰ বলবন্ত পৰম প্ৰখৰ ॥৫৯
মই গুণ দিবোঁ বুলি হাম্ফোলিয়া গৈল ।
উলটি বসিল আতি মৰা হেন ভৈল ॥৬০
লাৰিবে নপাৰে ধনু অনেক যতনে ।
তাক দেখি ৰিঙ পাৰি হাসে সৰ্ব্ব জনে ॥৬১
মগধ ৰাজাৰ মহা গৰ্ব্ব ভাঙ্গি গৈল ।
উলটি বসিল আতিশয় লাজ ভৈল ॥৬২
ক্ষীৰোদধি তীৰে বসে উত্তৰ দিশত ।
সনাতন নামে ৰাজা অনন্ত ভকত ॥৬৩
হুঙ্কাৰতে সমস্তে ৰাজাৰ মান লয় ।
লক্ষ্মী সৰস্বতী যেবে কন্দল কৰয় ॥৬৪
দুইকো বুজাই ৰাজা ভাঙ্গয় কন্দল ।
পৰম বিক্ৰমী আতিশয় মহাবল ॥৬৫
হেন ৰাজা গুণ দিবে গৈলা বলে ৰাগি ।
ডাঙ্গিবাকো নপাৰি বসিল গৰ্ব্ব ভাগি ॥৬৬
বৰ বৰ ৰাজা লাজ ভৈল বিপৰীত ।
দেখি সবে নৃপতিৰ চমকিল চিত ॥৬৭
বলহীন মন ভৈল মুণ্ড নলাৰয় ।
পৰিল নিজম হুমনিশ্বাস তেজয় ॥৬৮
নোতোলয় মাথা মনে মিলে মহাদুখ ।
কেৰ চকু কৰি জানকীৰ চাৱে মুখ ॥৬৯
ধনুক দেখিয়া পুনু চপৰাৱে মাথ ।
বিবৰ্ণ বদনে গুণে গালে দিয়া হাত ॥৭০
হৰি হৰি আজি বিধি কি কাম কৰিলোঁ ।
মান্য হেৰুৱাইলোঁ আউৰ লাজতে মৰিলোঁ ॥৭১
ধনুত লগাইবে গুণ গৰ্ব্ব কৰি গৈলোঁ ।
আছোক লগাইবোঁ গুণ লঘু মাত্ৰ ভৈলোঁ ॥৭২
আগে জানো নপাৰিবোঁ উঠি গৈলোঁ কিক ।
সমাজত লঘু ভৈলোঁ মৰণতোধিক ॥৭৩
আসিলোঁহো যত ৰাজ্য ভোগ পৰিহৰি ।
বৰিষেক আছোঁ জানকীক আশা কৰি ॥৭৪
সীতাক নপাইলোঁ আৰু গৰ্ব্ব ভৈল ছণ ।
ধনু ৰূপে বিধাতা কৰিলে বিড়ম্বন ॥৭৫
আপোনাৰ নিজ ভাৰ্য্যা কৰি পৰিহাৰ ।
জানকীৰ আশা মাত্ৰ কৰিলোঁ অপাৰ ॥৭৬
নপাইলোঁহো সীতাক লভিলোঁ বৰ দুখ ।
কিমতে চাহিবোঁ পূৰ্ব্ব কামিনীৰ মুখ ॥৭৭
আমাক এৰিয়া বিহা কৰিবাক গৈলা ।
কি কাৰ্য্যক আমাৰ পাশক আহি ভৈলা ॥৭৮
যি জনীক ৰাজা আনি আছা বিহা কৰি ।
হৈবেক সিজনী জানো পৰম সুন্দৰী ॥৭৯
তাইৰ পাশত থাকাঁ কৰি সুখভোগ ।
আমি পুনু নৃপতি তোমাৰ নোহোঁ যোগ ॥৮০
এহি মতে বিস্তৰ কৰিব পৰিহাস ।
চাপিবোঁ কিমতে আবে তাসম্বাৰ পাশ ॥৮১
কিসক আসিলোঁ মই কি কাম কৰিলোঁ ।
সীতাৰ আশায়ে নিজ ভাৰ্য্যাতো নৰৈলোঁ ॥৮২
এক বাস চাহন্তে হেৰুইলোঁ দুয়ো বাস ।
এহি বুলি ঘনে ঘনে তেজয় নিশ্বাস ॥৮৩
দিবে পাৰোঁ ধন জন যতেক খোজয় ।
ধনুত লগাইবো গুণ কিসক বোলয় ॥৮৪
নভৈল সুবুদ্ধি ইটো জনক ৰাজাৰ ।
কিসক কৰিল হেন মত অঙ্গীকাৰ ॥৮৫
ধনুত লগাইবে গুণ নপাৰিলে কেৱে ।
জানিলোঁহো জীয়াৰী নিবে মহাদেৱে ॥৮৬
আমি সবে গৃহক নযাইবোঁ এতিক্ষণ ।
ধনুত লগাইবে গুণ চাহোঁ কোন জন ॥৮৭
এহি বুলি গোষ্টি কৰি যতেক নৃপতি ।
সয়ম্বৰ সভা মাঝে আছন্ত সম্প্ৰতি ॥৮৮
আমি চলি যাওঁ আসা সেই সমজ্যাক ।
পাৰিবা ধনুত তুমি গুণ লগাইবাক ॥৮৯
তোমাৰ বিক্ৰম ৰাম কহিবোঁহো কিক ।
ধনু ভাঙ্গি বিবাহ কৰিয়ো জানকীক ॥৯০
জানকীৰ স্বয়ম্বৰ শুনি অনুপাম ।
হাসিয়া ঋষিক পাচে বুলিলন্ত ৰাম ॥৯১
শুনা ঋষিৰাজ মই কহোঁ স্বৰূপত ।
পিতৃয়ে পঠাই আছে তোমাৰ লগত ॥৯২
যি কাৰ্য্যক লাগি তুমি পাঞ্চাহা আমাক ।
অৱশ্যকে লাগে মোৰ তাকে কৰিবাক ॥৯৩
বুলিলাহা যাওঁ তযু সঙ্গে মিথিলাক ।
কেন মত ধনুখান দেখিবোঁহো তাক ॥৯৪
ৰামৰ বচনে বিশ্বামিত্ৰ ৰঙ্গ ভৈলা ।
ৰাম লক্ষ্মণক ঋষিৰাজ লগে লৈলা ॥৯৫
কুতূহলে মিথিলাক কৰিলা গমন ।
পিচত চলিলা অসংখ্যাত শিষ্যগণ ॥৯৬
কতো দূৰ যান্তে ভৈলা সূৰ্য্য অস্তগত ।
বহিলন্ত গৈয়া এক নদীৰ কুলত ॥৯৭