কৱদ্ধৰ লগত সাক্ষাত্
ৰামায়ণ বৃত্তান্ত |
---|
|
- ২১ অধ্যায় ।
কবন্ধৰ লগত সাক্ষাত ।
পায়া দুইকো কৱন্ধে ধৰিলে কুতূহলে ।
গিলিবাক লাগি কোল চপাইলেক বলে ॥১
ৰাঘৱে বোলন্ত সিদ্ধি কৈকেয়ীৰ কায ।
পাপিষ্ঠীৰ কাযে প্ৰাণ যাইব বন মাজ ॥২
ভৰতে কৰোক ৰাজ্য কৰি ৰঙ্গ মন ।
ধিক ধিক মোহোৰ জীৱন অকাৰণ ॥৩
লক্ষ্মণে বোলন্ত নুই অনুশোচ বেলা ।
দুৰ্ঘোৰ আপদে পাইলে নুজুৱাই হেলা ॥৪
ঝাণ্ট কৰি আসা দুয়ো খড্গক ধৰিয়ো ।
দুৰাচাৰ ৰাক্ষসৰ বাহুক ছেদিয়ো ॥৫
কৱন্ধে বোলন্ত তোৰা দুইজন কহিৰ ।
হাতে ধৰি জানিলোঁ ক্ষত্ৰিয় মহাবীৰ ॥৬
ত্ৰিভুৱনে নাহি হেন মুনিষ অচল ।
তোৰা দুই টানন্তে টুটুল মোৰ বল ॥৭
দেৱাসুৰ মাঝে যত মুনিষ দেখিলোঁ ।
সবাতো অধিক তোৰা সবক দেখিলোঁ ॥৮
মোৰ হাতে পৰিয়া নভৈল এভো কাল ।
কিনো নিদাৰুণ এভো মুনিষ বিশাল ॥৯
বিধিয়ে আহাৰ মোৰ মিলাইলেক আনি ।
বাৱে লৈয়ো মাৰোঁ বোলা আপোনক হানি ॥১০
কৱন্ধ ৰাক্ষস পাছে বলত ঘটিল ।
দুই ভাই খাণ্ডা লৈয়া দুই হাত কাটিল ॥১১
বাহুছেদ ভৈলা দেখি ৰঙ্গবৰ পাইল ।
ৰাম লক্ষ্মণক জানি মাত পুৰুজাইল ॥১২
কৈৰ পৰা আসি ভৈলা তোমাৰ কি নাম ।
ত্ৰিভুৱনে নাহি বীৰ তোমাৰ উপাম ॥১৩
লক্ষ্মণে কহিলা আপোনাৰ যত কায ।
আমাসাৰ পিতৃ দশৰথ মহাৰাজ ॥১৪
কৈকেয়ীৰ বোলে বনে পঠাইলন্ত বাপে ।
আপোনো মৰিলা পাছে আমাৰ সন্তাপে ॥১৫
এহেন্তেসে ৰাম বৰ নিকাৰক পাইলা ।
ইহান ঘৰণী বন মাঝত হৰাইলা ॥১৬
তাহাঙ্ক খোজন্তে ফুৰোঁ আতি দুঃখ মন ।
তুমি কোন হেন বেশে কহা এতিক্ষণ ॥১৭
কৱন্ধে বোলয় ভৈলা ৰাম অৱতাৰ ।
আমাৰ ভৈলেক আৱে শাপৰ উদ্ধাৰ ॥১৮
পূৰ্ব্বত আছিলোঁ আমি গন্ধৰ্ব্বৰ বেশ ।
ৰাক্ষস স্বৰূপ ধৰি আইলোঁ বন দেশ ॥১৯
ঋষি সকলক পাই অন্যায় কৰিল ।
স্থূলশিৰা নামে ঋষি আমাক শাপিল ॥২০
আমি মহা ঋষিৰ জনিলি তই ভয় ।
বিকৃত ৰাক্ষস হুইবে নাহিকে সংশয় ॥২১
হাত যোড়ে পাছে মই কৰিলোঁ কাতৰ ।
শাপ অনন্তৰে ঋষি মোক দিলা বৰ ॥২২
যিকালত ৰামচন্দ্ৰ হোন্ত অৱতাৰ ।
তেহেঁ গৈয়া বাহুছেদ কৰিবে তোমাৰ ॥২৩
তৈসানি আপোন দেহ পাইবা মহাবীৰ ।
এহি বুলি অন্তৰ্দ্ধান ভৈলা স্থূলশিৰ ॥২৪
দনু নামে ভৈলোঁ আমি ৰাক্ষস বিশাল ।
আৰাধিলোঁ ব্ৰহ্মাক জপিলো চিৰকাল ॥২৫
মহাযত্ন কৰিয়া ব্ৰহ্মাক আৰাধিলোঁ ।
চিৰকাল জীবাক তেহেন্তে বৰ দিল ॥২৬
ব্ৰহ্মাৰ বৰত মৰিবাক নাহি ডৰ ।
ইন্দ্ৰক সমৰ কৰিলোহোঁ একেশ্বৰ ॥২৭
লক্ষিলন্ত সুৰপতি আমাৰ প্ৰৱন্ধ ।
বজ্ৰ হানি শৰীৰে বৈসাইলা মোৰ স্কন্ধ ॥২৮
দেখিয়োক শিৰ মোৰ নাহিকে গলত ।
শৰীৰে পশিয়া ৰৈল বজ্ৰৰ ঘাৱত ॥২৯
দেৱৰাজ আমাক কৰিলা হেন দান ।
বৰৰ প্ৰভাৱে তভো নগৈল পৰাণ ॥৩০
স্তুতি কৰি বুলিলোঁ শুনিয়ো দেৱৰাই ।
চক্ষু মুখ নাহি দিয়ো জীবাৰ উপায় ॥৩১
হেন শুনি ইন্দ্ৰৰ পলাই মনোদুঃখ ।
দীৰ্ঘ দুই বাহু দিলা হৃদয়ত মুখ ॥৩২
প্ৰহৰেক পথমানে হাত মেলি পাওঁ ।
পশু সব মাৰি আনি গোটহি ছোবাওঁ ॥৩৩
তোমাৰ প্ৰসাদে আৱে পাইলোঁ নিজথান ।
ঝাণ্টে কৰি পোৰা মোক হৌক দিব্যজ্ঞান ॥৩৪
গাত খানি কৱন্ধক চিতাত তুলিল ।
অনেক প্ৰৱন্ধে তাক দোভায়ো পুৰিল ॥৩৫
জগতৰ নাথে সতকাৰক কৰিল ।
ৰাক্ষস গুচিয়া দিব্য ৰূপক ধৰিল ॥৩৬
আকাশত থাকি ভৈল গন্ধৰ্ব্বৰ বেশ ।
ৰথে চৰি ৰামক বোলয় উপদেশ ॥৩৭
শুনিয়োক ৰাম তিনি ভুবনৰ নাহা ।
উপায় বোলোহোঁ তুমি পূৰ্ব্বদিশে যাহা ॥৩৮
চম্পানামে সৰোবৰ কতোদূৰে থিত ।
ঋষ্যমুখ গিৰি আছে তাৰ সন্নিহিত ॥৩৯
সুগ্ৰীৱ বানৰ আছে তাহাতে লুকাই ।
বালিৰাজা গুচাইলেক দেশৰ ডকাই ॥৪০
বালিৰাজা জিনিল সুগ্ৰীব হাৰি দুঃখে ।
পাঞ্চগুটী বানৰ আছয় ঋষ্যমুখে ॥৪১
ঝাণ্ট কৰি আপুনি চলিয়ো আগবাঢ়ি ।
জ্যেষ্ঠভাই বালি তান ভাৰ্য্যা নিলে কাঢ়ি ॥৪২
তেহেঁ সমে গৈয়া তুমি কৰাহা সখিত্ব ।
মাৰিব ৰাৱণে তেহেঁ হৈব উপস্থিত ॥৪৩
হেন বুলি কৱন্ঝ স্বৰ্গক চলি গৈলা ।
ৰঙ্গে ৰাম লক্ষ্মণ তথাত চল গৈলা ॥৪৪