ৰামচন্দ্ৰৰ বাকলি বস্ত্ৰ পৰিধাণ
ৰামায়ণ বৃত্তান্ত |
---|
|
- ১৫ অধ্যায়
ৰামচন্দ্ৰৰ বাকলি বস্ত্ৰ পৰিধান
শুনিয়া কৈকেয়ী আতি সহৰিষ মনে ।
তিনিকো বাকলি বস্ত্ৰ দিলা তেতিখনে ॥১
লাজ এৰি বোলয় নিষ্ঠুৰ মন কৰি ।
চীৰ পিন্ধি চল ঝাণ্টে দেশ পৰিহৰি ॥২
ভৰতে আসিয়া লৌক এহি দণ্ডপাট ।
চৌধয় বৰিষ লাগি বনবাস খাট ॥৩
দেৱাঙ্গ বস্ত্ৰক তেজিলন্ত তেতিক্ষণে ।
পিন্ধিলা বাকলি বস্ত্ৰ শ্ৰীৰাম লক্ষ্মণে ॥৪
সীতাদেৱী থৈলন্ত গলত চীৰবাস ।
মৃগী যেন দেখিয়া গলত লৈল পাশ ॥৫
লাজে নমাইলন্ত মাথ জনকৰ জীৱ ।
স্বামীৰ পাশত ধীৰে ধীৰে ভৈলা থিয় ॥৬
শুনিয়োক প্ৰভুৰাম মোৰ নিজপতি ।
কেন মতে চীৰ পিন্ধো কহিয়ো সম্প্ৰতি ॥৭
হেন বুলি চীৰ নেত্ৰ উপৰে ধৰিল ।
মহাদই লোকে দেখি ক্ৰন্দন কৰিল ॥৮
হা বিধি বুলি ৰোল উথলিল জাৰি ।
সীতা গোঁসানীক লাগি নাহি পাট সাৰি ॥৯
ৰাজাবোলে পাপিষ্ঠী অখ্যাতি বৰ থৈলে ।
একে ৰামে বনে যাইতে বৰ মাগি লৈলে ॥১০
কিনো নিদাৰুণী তোৰ পাপৰ শৰীৰ ।
লক্ষ্মণ সীতাক কেনে পিন্ধাৱস চীৰ ॥১১
ৰাঘৱে বোলন্ত বাপ তযু পাৱে ধৰোঁ ।
একুটীৰ পুত্ৰ মই আইক পৰিহৰোঁ ॥১২
মোহোৰ বিয়োগে আইৰ জীৱন সংশয় ।
হেন কাজ কৰা যেন তান প্ৰাণ ৰয় ॥১৩
পৰিলা কৌশল্যা মাৱ শোকৰ সাগৰে ।
ইহাৰ শৰীৰ ৰক্ষা কৰাঁ নিৰন্তৰে ॥১৪
হেন শুনি নৃপতি বিহ্বল আতি ভৈলা ।
ভূমিত পৰিয়া তেতিখনে মূৰ্চ্ছা গৈলা ॥১৫
কতোক্ষণে চেতন লভিয়া মহাৰাই ।
কৰিলা আদেশ ৰাজা সুমন্ত্ৰক চাই ॥১৬
মোৰ ৰথখান আন শীঘ্ৰে ঘোড়া সাজি ।
ৰামে বনে যাহন্তে সাৰথি হুয়ো আজি ॥১৭
ৰাজাৰ আদেশ মন্ত্ৰী মাথে তুলি লৈয়া ।
সব সাজে ৰথ সাজি আনিলন্ত গৈয়া ॥১৮
ভণ্ডাৰীক নৃপতিয়ে কৰিলা হাঙ্কাৰ ।
সীতাক দিয়োক ৰাজ যোগ অলঙ্কাৰ ॥১৯
ৰাজাৰ বচন মন্ত্ৰী শিৰোগতে লৈয়া ।
তেখনে আনিলা দিব্য অলঙ্কাৰ গৈয়া ॥২০
নৃপতি বোলন্ত কুল বোহাৰী আমাৰ ।
পৰিচ্ছেদা দেখোঁ পিন্ধিয়োক অলঙ্কাৰ ॥২১
তেতিক্ষণে সীতা বল্কলক তেজিলন্ত ।
সুনিৰ্ম্মল বস্ত্ৰ পৰিধান কৰিলন্ত ॥২২
শাশু পাঞ্চশতে পিন্ধাইলন্ত অলঙ্কাৰ ।
মুকুট কুণ্ডল গ্ৰীৱে সাতেসৰি হাৰ ॥২৩
নেপুৰ পগৰি আনো অলঙ্কাৰ যত ।
থানে থানে প্ৰতি প্ৰতি পিন্ধাইলা সমস্ত ॥২৪
কঙ্কণ কুণ্ডল ৰত্নাঙ্গুলী আৰো কাঞ্চী ।
সমস্ত শৰীৰ অলঙ্কাৰে নিলা খাঞ্চি ॥২৫
মঙ্গল কৰিলা ভালে জনকৰ জীৱে ।
গাৱচালি কৌশল্যায়ো ধৰিলন্ত গ্ৰীৱে ॥২৬
মাৱে জীৱে যেন ধৰিলন্ত গলে গলে ।
লোহো মলচিলা সীতা নেত্ৰৰ অঞ্চলে ॥২৭
মাথাত চুম্বন দিয়া ৰামৰ জননী ।
বোলন্ত শুনিয়ো মাৱ জনক নন্দিনী ॥২৮
নিৰ্গুণ সুস্বামী তোৰ দুৰ্গতি পতিত ।
আৰ মান নাসাধিয়া কৰিবাহাঁ হিত ॥২৯
সীতায়ে বোলন্ত মাৱ তেজা চিন্তা শোক ।
ইতৰ নাৰীৰ সম নেদেখিবা মোক ॥৩০
সুস্বামী থাকন্তে শোভে সবে অলঙ্কাৰ ।
স্বামী হীন হৈলে হোৱে সবে ছাৰখাৰ ॥৩১
পৰিমিত ধন মাত্ৰ দেন বাপ ভাই ।
পুত্ৰত থাকিলে ধন হাততো নাপাই ॥৩২
স্বামীৰ ধনক সুখভোগে কৰে দান ।
কোন নাৰী কৰাৱে স্বামীক অপমান ॥৩৩
কোকিল শোভন হোৱে সুশোভন ৰাৱে ।
নাৰীগণ শোভে পতিব্ৰতা ধৰ্ম্মভাৱে ॥৩৪
পুৰুষ শোভন গুণ সদা বিদ্যাভাৰে ।
তাপস শোভন হোৱে ক্ষমা অলঙ্কাৰে ॥৩৫
শুনিয়ো গোঁসানী বোলোঁ সীতা পৰবাসু ।
জন্মে জন্মে ৰাম স্বামী তুমি হৈবা শাশু ॥৩৬
কৌশল্যা শুনিলা হেন বচন কুশল ।
হৰিষ বিষাদে পৰে নয়নৰ জল ॥৩৭
ৰামৰ গলত ধৰি বুলিলা বিশেষ ।
সীতাক ৰাখিয়া যত্নে দিলা উপদেশ ॥৩৮
সুকুমাৰ বাপ মোৰ লক্ষ্মণ কুমাৰ ।
তাহাঙ্কো দেখিবা যেন নিজ কলেৱৰ ॥৩৯
ৰাঘৱে বোলন্ত মাৱ তেজিয়োক চিন্তা ।
লক্ষ্মণ ডাহিন বাহু ছায়াঁ মোৰ সীতা ॥৪০
আঙ্ক পৰাভৱে পশে হৰত শৰণে ।
পাতি মলছিল তাৰ যমৰ কৰণে ॥৪১
মোৰ লগে শোভন লক্ষ্মণ বীৰবৰ ।
ৰবিতলে নাহিকে আমাক সমসৰ ॥৪২
একে আৰো অগ্নি মই লক্ষ্মণ পৱন ।
ৰিপু অৰণ্যক কৰিবোহোঁ পুৰি ছন ॥৪৩
কৌশল্যা মুঠিক ধৰি হানিলন্ত হিয়ে ।
চাপিয়া ধৰিলা গৈয়া লক্ষ্মণৰ গ্ৰীৱে ॥৪৪
শুন শুন বাপু মোৰ লক্ষ্মণ কুমাৰ ।
সীতাক ৰাখিবা ভালে বনৰ ভিতৰ ॥৪৫
লক্ষ্মণে বুলিলা বাণী যোৰ হাত কৰি ।
চিন্তা তেজিয়োক শোক মন্যু পৰিহৰি ॥৪৬
সীতাৰ নিমিত্তে মাৱ নকৰিবা ভয় ।
ধনু ধৰি ৰাখিবোহোঁ লক্ষ্মণ দুৰ্জ্জয় ॥৪৭
অশ্বিনীকুমাৰো মোক নুহিবন্ত সম ।
হাতে ধনুশৰ ধৰি জিনিবোহোঁ যম ॥৪৮
কাল বিকালক জিনি কীৰ্ত্তি বৰ থৈবোঁ ।
মহেশৰ হাতৰ ত্ৰিশূল কাঢ়ি লৈবোঁ ॥৪৯
একেশ্বৰে জিনিবোঁ সকলে দেৱাসুৰ ।
মুঠিতে কৰিবোঁ বাসৱৰ বজ্ৰ চূৰ ॥৫০
হাতে ধৰি ছিণ্ডিবোহোঁ বৰুণৰ পাশ ।
গদা ভাঙ্গি কুবেৰক কৰিবোঁ উদাস ॥৫১
শ্ৰীৰামে বোলন্ত মাৱ তেজিয়োক তাপ ।
আশ্বাসিয়ো ভালে মোৰ দশৰথ বাপ ॥৫২
ভক্তিভাৱে তুষিয়ো শঙ্কৰ দেৱ হৰি ।
সত্ত্বৰে আসিবোঁ মই বনবাস তৰি ॥৫৩
সুবিনয় সুৰূপ পুত্ৰৰ শুনি বোল ।
স্ত্ৰীসব মাজে ভৈল ক্ৰন্দনৰ ৰোল ॥৫৪
ক্ৰৌঞ্চ সমূহে যেন নাদয় আকাশে ।
ক্ৰন্দনৰ উৰ্ম্মি দশৰথৰ আবাসে ॥৫৫
ৰাম সীতা লক্ষ্মণ ৰাজাক নমিলন্ত ।
পুনু পুনু পাৱে ধৰি ধূলিক লৈলন্ত ॥৫৬
বন্দিলন্ত পাচত কৌশল্যা দেৱী মাৱ ।
অনন্তৰে নমিলন্ত সুমিত্ৰাৰ পাৱ ॥৫৭
চৰণ বন্দিলা লখাই বিনয় স্বভাৱে ।
বসাইলন্ত কোলাত সুমিত্ৰা নিজ মাৱে ॥৫৮
সাফল জীৱন মোৰ কল্যাণ সাধিলোঁ ।
কত জন্ম পুণ্যে মই হেন পুত্ৰ পাইলোঁ ॥৫৯
উদ্ধাৰিলি বংশক সাম্ফল উতপতি ।
জ্যেষ্ঠ ভাইত ভৈল তোৰ ইমত ভকতি ॥৬০
সীতা তোৰ মই সম ৰাম দশৰথ ।
অবিৰোধে চল বাপ কল্যাণৰ পথ ॥৬১
শুনা ৰামায়ণ মন সাৱধান কৰি ।
ভকতিক ইচ্ছা যাৰ ডাকি বোলাঁ হৰি ॥৬২