অত্ৰি ঋষিৰ আশ্ৰমত ৰাম সীতা
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৰামায়ণ ।
- অৰণ্যকাণ্ড ।
============================
সম্পাদনা কৰক- ১ অধ্যায়
ওঁ নমঃ শ্ৰীকৃষ্ণায় ॥
অত্ৰি ঋষিৰ আশ্ৰমত ৰাম সীতা
জয় নমো ৰামচন্দ্ৰ প্ৰভু ভগৱন্ত ।
যাহাৰ লীলাৰ কেহোঁ নপাৱন্ত অন্ত ॥১
ইচ্ছামাত্ৰে হোৱে সৃষ্টি পালন সংহাৰ ।
হেন ৰামপদে কৰোঁ কোটি নমস্কাৰ ॥২
যাক স্মৰি তৰে মহা মহাপাপী চয় ।
ভজোহোঁ সাদৰে হেন ৰাম কৃপাময় ॥৩
যাৰ কৃপালেশে সিদ্ধি হোৱে মনস্কাম ।
মহাপুৰুষাৰ্থ ৰূপ যাৰ গুণনাম ॥৪
যাহাৰ কিঙ্কৰ হৰ পুৰন্দৰ বিধি ।
হেন ৰাম স্মৰণে আৰম্ভ হৌক সিদ্ধি ॥৫
কৰি শিৰোগত ৰাম দেৱৰ চৰণ ।
মাধৱ কন্দলী বিৰচিলা ৰামায়ণ ॥৬
শুনিলাহা যত সামাজিক নিৰন্তৰ ।
ৰামৰ অমৃত কথা অযোধ্যা কাণ্ডৰ ॥৭
শুনিয়োক আৰ ৰাম চৰিত্ৰ উত্তম ।
অৰণ্য কাণ্ডত যেন ভৈল অনুক্ৰম ॥৮
ৰামৰ পাদুকাযুৰি পূজি নিৰন্তৰ ।
নন্দিগ্ৰামে স্থিতি ভৈলা ভৰত কুমাৰ ॥৯
অযোধ্যা নগৰে ৰহিলন্ত শত্ৰুঘন ।
ৰামৰ আদেশ শিৰে ধৰি দুয়োজন ॥১০
পৰম সাদৰে প্ৰজা পালন্ত সকল ।
পূৰুব কালৰ মতে নাই কৌতূহল ॥১১
সুমৰিয়া সিটো ৰাঘৱৰ বনবাস ।
হাঁ ৰাম বুলি সদা তেজন্ত নিশ্বাস ॥১২
অহৰ্নিশে ৰামৰ চৰণ যুগ স্মৰি ।
নাহিকে হৰিষ সদা থাকে মন্যুকৰি ॥১৩
চৌধয় বৰিষ বহি যাইব কেতিক্ষণ ।
হুইবোহোঁ হৰিষ দেখি ৰামৰ চৰণ ॥১৪
কৌশল্যা প্ৰমুখ্যে আছে যত মাতৃগণ ।
ৰামক সুমৰি সদা কৰন্ত ক্ৰন্দন ॥১৫
কৃষ্ণপক্ষে চন্দ্ৰ যেন টুটে প্ৰতিদিন ।
পুত্ৰশোকে সবাৰে শৰীৰ ভৈল ক্ষীণ ॥১৬
ৰাম সীতা লক্ষ্মণৰ কল্যাণ সাধন্ত ।
কৌশল্যা সুমিত্ৰা দুয়ো বিষ্ণুক পূজন্ত ॥১৭
শোক জুৰাৱন্ত আশ্বাসিয়া শত্ৰুঘনে ।
ৰামক সুমৰি মাত্ৰ থাকে অনুক্ষণে ॥১৮
অযোধ্যাত আছে নৰ নাৰী যত মান ।
ধৰ্ম্ম আচৰিয়া সাধে ৰামৰ কল্যাণ ॥১৯
ৰাম সুমৰিয়া বঞ্চে দুঃখশোক যত ।
ৰামৰ চৰিত্ৰ আবে শুনিয়ো সাম্প্ৰত ॥২০
ৰামক তেজিয়া যেবে আসিলা ভৰত ।
শোকাকুল হুয়া ৰাম থাকিলা মনত ॥২১
চিত্ৰকূট বনে সীতা লক্ষ্মণ সহিত ।
কতোদিন আছে প্ৰভু স্থিৰ নুহি চিত্ত ॥২২
লক্ষ্মণক সম্বোধি মাতিলা ৰঘুবৰে ।
নপাৰোঁ ধৰিতে চিত্ত উতপাত কৰে ॥২৩
মহাদুঃখ দিলে আসি ভৰত ভৈয়াই ।
নুমাইল অগনি যেন জ্বালিল দুনাই ॥২৪
আমাক সুমৰি মনে সুখ নাই তাৰ ।
এই স্থানে খেদি জানো আসে আৰোবাৰ ॥২৫
মহাদুঃখ দিলে মোৰ আনি প্ৰজাগণ ।
দেখি ভৰতৰ দুঃখ পোৰে মোৰ মন ॥২৬
ভৰত ভৈয়াই যাৱে আসি নতো পাৱে ।
ইথানক চাৰি আনদেশে যাওঁ তাৱে ॥২৭
এহি হৌক বুলিয়া লক্ষ্মণ ভৈলা আগ ।
পাচত চলন্ত ৰামচন্দ্ৰ মহাভাগ ॥২৮
লাসে লাসে সীতা সতী মাজত চলন্ত ।
কতোক্ষণে চিত্ৰকূট বন ত্যজিলন্ত ॥২৯
নদীনদ গহন বিশেষ বন দেশ ।
দল বিল এৰাইলন্ত নিকুঞ্জ অশেষ ॥৩০
নাহিকে প্ৰয়াস ৰাম হৰিষে চলন্ত ।
দণ্ডকবনত গৈয়া প্ৰবেশ ভৈলন্ত ॥৩১
পাইলন্ত প্ৰথমে অত্ৰি ঋষিৰ আথান ।
প্ৰণামিলা তিনিয়ো ঋষিক কৰি মান ॥৩২
অত্ৰি বৰ হৰিষ দেখিয়া ৰাঘৱক ।
পৰম ঈশ্বৰ মোৰ আইলা আশ্ৰমক ॥৩৩
আজিসি জানিলোঁ মই জন্ম সাফলিলোঁ ।
ঈশ্বৰৰ পাদপদ্ম সাক্ষাতে দেখিলোঁ ॥৩৪
বিধিৱতে ফলে জলে পূজিয়া ৰামক ।
পৰম সাদৰে পুছিলন্ত কুশলক ॥৩৫
ব্ৰহ্মাৰ নন্দনে যেবে কুশল পুছিল ।
শুনি ৰাঘৱৰ মনে হৰিষ মিলিল ॥৩৬
ঋষিত কহিলা ৰামে আপোন কুশল ।
শুনিয়া ঋষিৰ মনে ভৈল কৌতুহল ॥৩৭
পাচে অভ্যন্তৰে ঋষি সীতাক পঠাইল ।
মুনিৰ ভাৰ্য্যাক গোসাঁনীয়ে লাগ পাইলা ॥৩৮
অত্ৰিৱৰ ভাৰ্য্যা তান অনসূয়া নাম ।
ৰূপে গুণে ত্ৰিভুৱনে নাহিকে উপাম ॥৩৯
চন্দ্ৰৰ জননী পতিব্ৰতা শুদ্ধভাৱ ।
হৰ্ষিত বদনে সীতা নমিন্ত পাৱ ॥৪০
বিনয়ে থাকিলা দেৱী জনক নন্দনী ।
আসন বঢ়ায়া দিলা চন্দ্ৰৰ জননী ॥৪১
অনসূয়া বুলিলন্ত প্ৰফুল্ল বদনে ।
ৰামৰ লগত কেনে আসি ভৈলাঁ বনে ॥৪২
বাপৰ আদেশে ৰাম আইলা বনবাসে ।
তুমি কেনে নথাকিলাঁ শ্বাশুৰীৰ পাশে ॥৪৩
দাৰুণ বনত মাৱ বৰ দুঃখ পাইবাঁ ।
তৃণৰ শয্যাত শুইবাঁ ফলমূল খাইবাঁ ॥৪৪
সীতায়ে বোলন্ত কেনে লঘুবোলাঁ মাতি ।
আমাক জানিবা শান্তি পতিব্ৰতা আতি ॥৪৫
দেশত থাকিলে আমি কোন ফল পাইবোঁ ।
স্বামী ভকতিত স্বৰ্গ মুকুতিক পাইবোঁ ॥৪৬
সত্যৱতী ৰমণী সাৱিত্ৰী যেন সতী ।
চন্দ্ৰৰ ৰোহিণী বশিষ্ঠৰ অৰুন্ধতী ॥৪৭
অত্ৰিৱৰ তুমি যেন শঙ্কৰৰ মায়া ।
আমাৰো ৰামত জানা তেহ্ন দৃঢ়কায়া ॥৪৮
তোমৰা সবৰো যেন স্বামী আদিদেৱ ।
আমাৰো ৰামত পৰে আন নাই কেৱ ॥৪৯
বাপ মাৱ সুহৃদৰ বাসন বিষয় ।
স্বামীত ভকতি স্বৰ্গ মুকুতি সাধয় ॥৫০
অনুসূয়া শুনিলন্ত সীতাৰ বচন ।
গ্ৰীৱে চাপি ধৰিলন্ত হষিত বদন ॥৫১
মনত সন্তোষ স্বৰূপে দিলা কণ্ঠহাৰ ।
অঙ্গৰাগ দিলন্ত বত্ৰিশ অলঙ্কাৰ ॥৫২
পতিব্ৰতা নাৰীত মোহোৰ অনুৰাগ ।
হৰিষ কৰাইলা মাৱ মোত বৰমাগ ॥৫৩
সীতায়ে বোলন্ত মাৱ দায়া দৃষ্টি চাইল ।
এতেকতে আমিও সকল বৰ পাইল ॥৫৪
অনসূয়া বোলে যত দিলোঁ অলঙ্কাৰ ।
সিন্দুৰ চন্দন তোৰ নুগুচোক আৰ ॥৫৫
কদাচিতো ভাঠি তোৰ নুহিব যৌৱন ।
মহাসুখে ৰামে সমে কৰিবা ৰমণ ॥৫৬
বৰদিয়া আৰো বুলিলন্ত অনুসূয়া ।
স্বামীত ভকতি কৰ পতিব্ৰতা হুয়া ॥৫৭
তযু স্বয়ম্বৰৰ শুনিছোঁ কিছু কথা ।
কহিয়োক মিথিলাৰ যিমত ব্যৱস্থা ॥৫৮
হেন শুনি সীতা সতী বুলিলন্ত বাণী ।
উতপতি ধৰি মোৰ শুনিয়ো কাহিনী ॥৫৯
বাপ মোৰ ৰাজা ভৈল মিথিলা নগৰে ।
যাহাৰ প্ৰসিদ্ধি গৈল দেৱাসুৰ নৰে ॥৬০
জনক মোহৰ বাপ অপুত্ৰক ভৈলা ।
ভাৰ্য্যাসমে যজ্ঞভূমি চাহিবাক গৈলা ॥৬১
মনৰ কৌতুকে বাপে মাথা তুলি চাইলা ।
ত্ৰৈলোক্য মোহিনী কন্যা এক ভেট পাইলা ॥৬২
নামত মেনকা তেহেঁ দেৱ অপেশ্বৰী ।
ৰূপে গুণে ত্ৰিভুৱনে নাহি পটন্তৰী ॥৬৩
দেখিয়া বাপৰ বৰ বাঢ় গৈল মন ।
বিমৰিষি তথাতে আছিলা কতোক্ষণ ॥৬৪
এতেহন্তে আকাশত শুনিলন্ত বাণী ।
তোমাৰ কুশল দেৱে মিলাইলেক আনি ॥৬৫
পাইবোঁ মনোৰথ হাল বাহাঁ এহি থান ।
লভিবাঁ অপত্য তুমি ইহানে সমান ॥৬৬
হেন শুনি পিতৃ মোৰ মনে ৰঙ্গ কৰি ।
যজ্ঞ ভূমি বাহিলন্ত হাতে হালধৰি ॥৬৭
শুনিয়োক অনসূয়া আমাৰ সঙ্গতি ।
ভূমি ভেদি সীৰলত ভৈলোঁ উতপতি ॥৬৮
ধূলিয়ে ধূসৰ মই কৰোহোঁ ঘঞ্চাল ।
বিস্ময় স্বৰূপে চাহি আছা মহীপাল ॥৬৯
কোলে কৰি গৈলা নিজ মহিষীৰ ভিটা ।
সীৰলত উপজিলোঁ নাম ভৈল সীতা ॥৭০
জনক ৰাজাৰ যত মুখ্য পটেশ্বৰী ।
তাসম্বাত সুম্পিলা আমাক জীউ কৰি ॥৭১
সুখে বৰ ভৈলোঁ তাসম্বাৰো নাহি আন ।
আমাক দেখন্ত শত পুত্ৰৰ সমান ॥৭২
ত্ৰৈলোক্য মোহিনী মই ভৈলোঁ বৰবালা ।
বাঢ়িলো তাহান ঘৰে যেন চন্দ্ৰকলা ॥৭৩
দিনমানে মোহোৰ যৌৱন ভৈল ভেদ ।
বৰ নপাই সদৃশ বাপৰ হৃদিখেদ ॥৭৪
চিন্তা অগ্নি সদায়ে দহৱৈ কলেৱৰ ।
বিমৰিষি পাতিলা আমাৰ স্বয়ম্বৰ ॥৭৫
পূৰ্ব্বকালে যজ্ঞভূমি বাহিলন্ত বাপ ।
সেহিকালে মহাদেৱে দিলা নিজ চাপ ॥৭৬
ৰাজাসব মতাইলা জনক মহীপালে ।
নৃপতি সমাজ ভৈল স্বয়ম্বৰ শালে ॥৭৭
অনেক সহস্ৰ লোকে ধনু তুলি লৈল ।
সবাৰো আগত মহেশৰ ধনু থৈল ॥৭৮
সবাকে সম্বুধি বুলিলন্ত নৃপবৰে ।
সবে আসি আছাঁ মোৰ জীউৰ অন্তৰে ॥৭৯
যিটো দিতে পাৰে এই ধনুত পচাৰ ।
সিসি মোৰ জমাই বৰ হৈবেক সীতাৰ ॥৮০
হেন শুনি যতেক নৃপতি আসি ভৈল ।
ধনুক প্ৰণামি সবে দিশাদিশি গৈল ॥৮১
জোৰ দিবে লাগি কতো চাপিল সন্নিত ।
আছো জোৰ দিবে ধনু দেখি ভৈল ভীত ॥৮২
ৰাজাসব গৈল যেবে মনত বিৰঙ্গে ।
বাপৰ বিষাদ ভৈল স্বয়ম্বৰ ভঙ্গে ॥৮৩
বিশ্বামিত্ৰে পাচে ৰাম লক্ষ্মণক নিল ।
ভালমতে জনকে তিনিকো সাদৰিল ॥৮৪
ৰঙ্গমেন বাপৰ চাপিলোঁ গৈয়া কোল ।
ৰূপদেখি ৰামৰ ভৈলোহোঁ আতি ভোল ॥৮৫
সুন্দৰ ৰূপক দেখি সন্তোষ মিলয় ।
মনে মনে গুণো জানো বিধিয়ে চলয় ॥৮৬
সবহি গৈলন্ত পাচে স্বয়ম্বৰ শালে ।
ধনু উপদেশিলা জনক মহীপালে ॥৮৭
ধনু দেখি ৰাঘৱে ঈষত হাঁস কৰি ।
লীলাৰূপে বামহাতে ধনু তুলি ধৰি ॥৮৮
নিমিষেকে ৰাঘৱে ধনুত গুণ দিল ।
টঙ্কাৰ কৰিলা তিনি ভুবন কম্পিল ॥৮৯
অল্প হাঁস্য কৰিয়া ধনুত বল দিল ।
প্ৰচণ্ড শবদে ধনু মাজতে ভাগিল ॥৯০
শিলাৰ উপৰে যেন নিৰ্ঘাত পৰিল ।
সসাগৰা সাতোদ্বীপা পৃথিবী লৰিল ॥৯১
বিশ্বামিত্ৰ জনকেয়ো থাকিলন্ত চাই ।
লক্ষ্মণ ৰামৰ কটাক্ষও কিছু নাই ॥৯২
আনসব নৃপতি যতেক আসি ভৈলা ।
ৰাম লক্ষ্মণত হাৰি নিজ স্থানে গৈলা ॥৯৩
বাপৰ আজ্ঞাক মই শিৰত ধৰিলো ।
পদ্মৰ মালাক দিয়া ৰামক বৰিলোঁ ॥৯৪
পাচে দশৰথক জনক ৰাজা নিল ।
তাহানে আগত মোক বাপে বিহা দিল ॥৯৫
আপোনাৰ জীউ আছে জনক ৰাজাৰ ।
কনিষ্ঠা উৰ্ম্মিলা নামে বহিনী আমাৰ ॥৯৬
ত্ৰৈলোক্য মোহিনী কন্যা মহাৰূপৱতী ।
সুন্দৰ নাসিকা দন্ত মুকুতাৰ পান্তি ॥৯৭
মৃণাল যুগল বাহু কৃশ মধ্যদেশ ।
কমল নয়নী আকুঞ্চিত কেশ ॥৯৮
বন্দুলিকো জিনিয়া অধৰ ৰুচি কৰ ।
পূৰ্ণচন্দ্ৰ জিনি মুখ পদ্ম সমসৰ ॥৯৯
কৰ্ণত কুণ্ডল কম্বুকণ্ঠ মনোহৰ ।
উন্নত কঠিন স্তন ত্ৰিবলি উদৰ ॥১০০
গলে গজমুক্তা শোভে সাতেসৰি হাৰ ।
বাহুত কঙ্কন টাড় বলয়া সোণাৰ ॥১০১
ৰত্নৰ শলকা সম আঙ্গুলিৰ পান্তি ।
আঙ্গুঠি উজ্জ্বল নখচন্দ্ৰে কৰে কান্তি ॥১০২
জঙ্ঘা মনোহৰ উৰু যেন ৰামকল ।
ৰত্নৰ নূপুৰে শোভে চৰণ যুগল ॥১০৩
চম্পাৰ পাকৰি সম আঙ্গুলিৰ পান্তি ।
উজটি উজ্জ্বল নখ মণি কৰে কান্তি ॥১০৪
আৰকত পদ হন্তে প্ৰকাশে কমলে ।
শৰীৰৰ কান্তিএ চন্দ্ৰতো কৰি বলে ॥১০৫
চন্দ্ৰকলা সম বাঢ়ে গজেন্দ্ৰ গমন ।
লক্ষ্মী সম ৰূপে গুণে মোহে মুনিগণ ॥১০৬
পৰম সুন্দৰ কন্যা জনকৰ ঘৰে ।
কটাক্ষতে ত্ৰিভুৱন মোহিবাক পাৰে ॥১০৭
উৰ্ম্মিলা বহিনী পাচে জনকে মতাইল ।
সব অলঙ্কাৰে তাঙ্ক লক্ষ্মণে বিহাইল ॥১০৮
পূৰ্ব্ব জন্মে অনেক তপস্যা কৈলোঁ আমি ।
তাৰ প্ৰতিফলে ৰাঘৱক পাইলো স্বামী ॥১০৯
মোৰ মনে ৰাঘৱ স্বামীসে নিজ দেৱ ।
ৰামক এৰিয়া আন নজানোহো কেৱ ॥১১০
হেন শুনি অনুসূয়া আনন্দক পাইলা ।
ৰামৰ পাসক লাগি সীতাক পঠাইলা ॥১১১
দেখি ৰাম লক্ষ্মণে কৌতুক বৰ পাইলা ।
কথা কহি অলঙ্কাৰ আগত যোগাইলা ॥১১২
সীতাৰ সম্পত্তি দেথি শ্ৰীৰাম লক্ষ্মণে ।
ৰাত্ৰি গোট বঞ্চিলন্ত হৰিষিত মনে ॥১১৩
প্ৰভাততে ঋষিক কৰিয়া নমস্কাৰ ।
তিনিহন্তে দণ্ডকা বনত পয়সাৰ ॥১১৪