উনপঞ্চাশত বায়ুৰ উত্পত্তি
ৰামায়ণ বৃত্তান্ত |
---|
|
৩৭ অধ্যায় সম্পাদনা কৰক
উনপঞ্চাশত বায়ুৰ উত্পত্তি সম্পাদনা কৰক
পুনৰপি ৰামে কথা পুছিলা ঋষিত ।
এক লোকপাল বায়ু জগতে বিদিত ॥১
কিমতে পৱন ভৈলা উনপঞ্চাশত ।
শুনি বিশ্বামিত্ৰে কথা কহন্ত ৰামত ॥২
আছন্ত কাশ্যপ মৰীচিত হন্তে হুই ।
দিতি আৰু অদিতি তাহান ভাৰ্য্যা দুই ॥৩
কাশ্যপক সেৱা দুয়ো কৰে অনুক্ষণ ।
দুইত হন্তে উপজিল দেৱাসুৰগণ ॥৪
অদিতিত হন্তে দেৱগণ ভৈলাঁ জাত ।
দিতিত অসুৰ ভৈলা জগতে প্ৰখ্যাত ॥৫
সৰ্ব্বকালে দেৱাসুৰে কৰয় কন্দল ।
দেৱতাক জিনিলা অসুৰ মহাবল ॥৬
পাচে দেৱতাক শিক্ষা দিলা নাৰায়ণ ।
ভৈল সমৱন্তি যত দেৱাসুৰগণ ॥৭
কৰিলা যুকুতি দেৱাসুৰ নিৰন্তৰ ।
পাই দিব্য অমৃতক মথিয়া সাগৰ ॥৮
অজৰ অমৰ হৈবোঁ ভুঞ্জিয়া অমৃত ।
এহি বুলি দেৱাসুৰে কৰি এক চিত্ত ॥৯
মথিলন্ত গৈয়া পাচে ক্ষিৰোদ সাগৰ ।
কৰিলা মথনি দাণ্ডি পৰ্ব্বত মন্দৰ ॥১০
সৰ্পৰাজ বাসুকীক জৰী কৰিলন্ত ।
লাঙ্গুলৰ ভিতি দেৱগণে ধৰিলন্ত ॥১১
দৈত্যগণে টানে ধৰি সৰ্পৰ শিৰত ।
উপজিল কালকূট বিষ প্ৰথমত ॥১২
দেখি ভয় ভৈলা দেৱাসুৰ নিৰন্তৰে ।
তাক পান কৰি জীৰ্ণ কৰিলন্ত হৰে ॥১৩
দিব্য নাৰী অপেচৰাগণ ভৈলা জাত ।
তাৰে অনুচৰী উপজিলা অসংখ্যাত ॥১৪
অপেচৰী সমস্তক দেৱগণে নিল ।
দেখি দৈত্য সকলৰ অসুখ মিলিল ॥১৫
উপজিল উচ্চৈশ্ৰৱা ঘোঁড়া অনুপাম ।
ভৈলা জাত কল্পতৰু পাৰিজাত নাম ॥১৬
আঁঠ গোট দিগগজ ভৈলেক উপগত ।
উপজিল আসি গজৰাজ ঐৰাৱত ॥১৭
দিব্য মণি কৌস্ত্তভ জন্মিল তেজোময় ।
মাধৱৰ কণ্ঠ মাজে প্ৰকাশ কৰয় ॥১৮
জগত জননী লক্ষ্মী ভৈলন্ত বেকত ।
বিষ্ণুক বৰিয়া ৰহিলন্ত হৃদয়ত ॥১৯
লৈয়া মদ্য কলস বাৰুণী উপজিল ।
গন্ধ পায়া দানৱ সকলে তাক নিল ॥২০
অনন্তৰে আসি উপজিলা ধন্বন্তৰী ।
সম্পূৰ্ণ অমৃত ঘট আছে হাতে ধৰি ॥২১
দেখি দেৱ দানৱৰ হৰিষ মিলিল ।
দেৱতাক হেলি দৈত্যগণে তাক নিল ॥২২
পাচে নাৰায়ণে দুখ দেখি দেৱতাৰ ।
ধৰিলন্ত মাধৱে মোহিনী অৱতাৰ ॥২৩
কপটৰ ছলে বঞ্চি দৈত্য সমস্তক ।
পিয়াইলা অমৃত হৰি দেৱতা সবক ॥২৪
অজৰ অমৰ দেৱ ভৈলা সেহি ধৰি ।
দৈত্যক বধিলা দেৱে ঘোৰ ৰণ কৰি ॥২৫
শুনি দিতি ধৰি কাশ্যপৰ চৰণত ।
কৰন্ত ক্ৰন্দন দেবী পৰম শোকত ॥২৬
কিসক কান্দস দেৱী কাশ্যপে পুছিলা ।
পাচে দিতি কাশ্যপত দুখ নিবেদিলা ॥২৭
মোৰ পুত্ৰগণক মাৰিলা পুৰন্দৰ ।
অমৃতক খায়া ভৈল অজৰ অমৰ ॥২৮
নুগুচয় মোৰ হৃদয়ৰ পুত্ৰশোক ।
মোৰ পুত্ৰ ইন্দ্ৰ হৌক বৰ দিয়াঁ মোক ॥২৯
বৰ দিয়া কাশ্যপে বুলিলা হাস্য কৰি ।
শুচি হুয়া গৰ্ভ তুমি ধৰিবা সুন্দৰি ॥৩১
নিয়মে থাকিবে পাৰা দ্বাদশ বত্সৰ ।
হৈবে তযু পুত্ৰ ইন্দ্ৰ দিলোঁ মই বৰ ॥৩১
শুনি দিতি কাশ্যপ ঋষিক সেৱা কৰি ।
শুচি হুয়া গৰ্ভ পাচে ধৰিলা সুন্দৰী ॥৩২
হেন দেখি পুৰন্দৰ ত্ৰাস আতি ভৈলা ।
কপটে দিতিক সেৱা কৰিবাক লৈলা ॥৩৩
ছিদ্ৰ পাইলে আন গৰ্ভ কৰিবোঁ বিনাশ ।
অহৰ্নিশি দিতিৰ নাছাৰে ইন্দ্ৰে পাশ ॥৩৪
যেতিক্ষণ যেহি লাগে যোগান্ত সকল ।
গৰ্ভ নষ্ট কৰিবাক নপাৱন্ত ছল ॥৩৫
গৰ্ভভৰে দিতি নিয়মক পাসৰিলা ।
মুক্তকেশে সন্ধ্যা বেলা শয়ন কৰিলা ॥৩৬
শীয়ৰে চৰণ দিয়া চৰণকে শিৰ ।
হেন ছিদ্ৰ পায়া হাসিলন্ত পুৰন্দৰ ॥৩৭
মায়া বলে গৰ্ভত পশিলা বজ্ৰ ধৰি ।
কাটিলন্ত ছৱালক সাতখান কৰি ॥৩৮
তাকো সাত সাত খান কৰিলা গৰ্ভত ।
কান্দয় ছৱাল হুয়া উনপঞ্চাশত ॥৩৯
চেতন লভিয়া দিতি দেখিলা বিস্ময় ।
কিসক মাৰস ছাৱা ইন্দ্ৰক বোলয় ॥৪০
শুনি ইন্দ্ৰে বুলিলন্ত দিতিক বচন ।
যি কাৰণে অনিয়মে কৰিলা শয়ন ॥৪১
সি কাৰণে গৰ্ভ নষ্ট কৰিলোঁ তোমাৰ ।
দেৱ হুয়া থাকিবেক লগত আমাৰ ॥৪২
বিশ্বামিত্ৰে বোলে ৰাম কহিলোঁ বেকত ।
উনপঞ্চাশত বায়ু ভৈলা এহি মতে ॥৪৩
বঞ্চিলা ৰজনী ৰাম হেন কথা মাতে ।
তৈৰ পৰা চলি গৈলা ৰজনী প্ৰভাতে ॥৪৪
গৌতমৰ আশ্ৰমক দেখি অনুপাম ।
কৌতুক ঋষিত কথা পুছিলন্ত ৰাম ॥৪৫
কাৰ ইতো আশ্ৰম কহিয়ো তপোধন ।
নানা ফল ফুলে দেখিবাক সুশোভন ॥৪৬
সৰ্ব্ব শূন্য আশ্ৰম নেদেখোঁ একো প্ৰাণী ।
ঋষিয়ে বোলন্ত ৰাম শুনিয়োক বাণী ॥৪৭
ভাল সুমৰাইলা ৰাম কমললোচন ।
ই ঠাইত তোমাৰ কিছু আছে প্ৰয়োজন ॥৪৮