ৰাৱণৰ ছলনা আৰু সীতাৰ বেজাৰ
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৬ অধ্যায়।
ৰাৱণৰ ছলনা আৰু সীতাৰ বেজাৰ।
- পদ।
ৰাৱণে বোলয় শুনি শাৰ্দ্দূলৰ বাক।
মুখ্য মুখ্য বীৰগণ চিনায়ো আমাক॥১
সংক্ষেপিয়া কহিবি বাহুল্য পৰিহৰি।
প্ৰতি প্ৰতি কৰি মোত কহ ঝাণ্টকৰি॥২
কতো কতো কহোঁ কোনে জানিব লিখিল।
সুগ্ৰীৱ অঙ্গদ হনুমন্ত নল নীল॥৩
দধিমুখ দৰিমুখ গৱয় কেশৰী।
জাম্বৱন্ত গৱাক্ষ সৰভ গজহৰি॥৪
তাৰক বিনোদ গন্ধ মাৰ্দ্দন যে নল।
সুমুখ দুৰ্ম্মুখ হৰি সুষেন প্ৰবল॥৫
বেগদসি মৈন্দ্য আৰো পনস দ্বিবিদ।
ধূম্ৰমুখ বলৱন্ত শ্ৰুতস কুমুদ॥৬
সাজিয়া আছয় বীৰবৰ বিভীষণে।
ত্ৰিভুবন চমক প্ৰখৰ লখমনে॥৭
মুখ্য মুখ্য চিনাইলোহোঁ জানিলো যতেক।
শতেক বত্সৰে কোনে লেখিব কতেক॥৮
বিৰাধ কৱন্ধ খৰ ত্ৰিশিৰাৰা কাল।
অবধিত শৰত ভেদিলা সাত তাল॥৯
বালীক মাৰিলা যিটো ঈষত্ সমৰে।
হেন ৰাম ধাৱে আইলা তোমাৰ উপৰে॥১০
ত্ৰৈলোক্যৰ নাৰীগণে নাটিল তোমাক।
ৰাম অগনিৰ হৰি আনিলা সীতাক॥১১
তোমাৰ আগত যত কহিলোঁ প্ৰমাণ।
আপনি চিন্তিয়ো যেন হৱয় কল্যাণ॥১২
ৰামৰ কাহিনী যত পাত্ৰ মুখে পায়া।
আলোচিলা কাৰ্য্য পাছে পাত্ৰগণ লৈয়া॥১৩
বলাবল আলোচি মন্ত্ৰীক বিসৰ্জ্জিয়া।
ওৱাৰি পশিলা সিটো চৰক গৰ্জ্জিয়া॥১৪
বিদ্যুত্ জিহ্বক আদেশয় লঙ্কেশ্বৰ।
মায়া ৰূপে স্ৰজিয়ো ৰামৰ ধনু শৰ॥১৫
সীতাৰ পাশক যাইবো দগধ শৰীৰ।
ৰেখৰূপে স্ৰজি আন ৰাঘৱৰ শিৰ॥১৬
বিদ্যুতজিহ্বে সাজি যোগাইলেক মায়াশিৰ।
সত্যে কাটীয়াছে যেন বহয় ৰুধিৰ॥১৭
তূণ বাণ ধনু ছিন্ন ৰামৰ সকলে।
ৰাৱণক সাজিয়া দিলেক মায়া বলে॥১৮
তাহাক প্ৰসাদ দিয়া নৃপতি ৰাৱণে।
অশোকা বনক গৈয়া পাইলা তেতিক্ষণে॥১৯
ৰাঘৱৰ শৰ ধনু আৰ কৰি থৈল।
সম্বুধি সীতাক পাছে বুলিবাক লৈল॥২০
সীতাক বেঢ়িয়া আছে ৰাক্ষসিনীগণে।
ৰাৱণক দেখি পিঠি দিলা তেতিক্ষণে॥২১
গোসাঁনীক সম্বুধি মাতন্ত লঙ্কেশ্বৰ।
বচন আকলি সীতা মোক স্বামী বৰ॥২২
তোমাৰ স্বামীয়ে খৰ ত্ৰিশিৰা মাৰিল।
সেহি কোপে তান আমি মানক সাৰিলো॥২৩
যি গৰ্ব্বত থাকি মোক কৰ অনাদৰ।
বাৰ্ত্তা কহোঁ শুন তোৰ স্বামী দেৱৰৰ॥২৪
সুগ্ৰীৱ সহিতে ৰাম সখিত্ত্ব কৰিয়া।
সুবেল পৰ্ব্বতে আইল সাগৰ তৰিয়া॥২৫
দুৰ্ঘোৰ ভাগৰে বৰ প্ৰয়াসিত ভৈলা।
সৈন্য সমে ৰামচন্দ্ৰ পৰি নিদ্ৰা গৈলা॥২৬
আগ ধৰি আমাৰ চৰিয়া লাগি আছে।
নিশ্চেষ্ট সৈন্যক মোক জান দিলা পাছে॥২৭
সেনাপতি প্ৰহস্তক আনিলোঁ হাঙ্কাৰি।
বানৰক ৰামক নিদ্ৰাত আসা মাৰি॥২৮
আশেষ ৰাক্ষস লৈয়া সকলে সঙ্কাতে।
প্ৰহস্তে দেখিলা গৈয়া সুবেল পৰ্ব্বতে॥২৯
নিশ্চেষ্ট সৈন্যৰ মাজে ৰাম আছে শুয়া।
প্ৰহস্তে কাটিলা মাথা হাতে খাণ্ডা লৈয়া॥৩০
লক্ষ্মণৰ পিঠিত প্ৰহস্তে দিলা বাৰি।
পূৰ্ব্ব দিশে পলাইলা ৰামৰ পাশ ছাৰি॥৩১
বিভীষণ ভয়াইক মাৰিল শিৰগুৰি।
সুগ্ৰীৱক মাৰিলেক গল গোট মুৰি॥৩২
হনুমন্ত পৰিল ভাঙ্গিল তাৰ হনু।
জানু ভঙ্গে পৰিলন্ত বীৰ ইন্দ্ৰজানু॥৩৩
মৈন্দ্য দ্বিবিদক মাৰিলন্ত ইন্দ্ৰজিতে।
দধিমুখ মাথা কাতি পেলাইলা ত্বৰিতে॥৩৪
অঙ্গদক মাৰিলা অনেক নিশাচৰে।
কুমুদক পুষ্পমালী কৰিলা বিদৰে॥৩৫
সুষেণ পৰিল সুগ্ৰীৱৰ যে শ্বশুৰ।
জাম্বৱন্ত পৰিল যে বুদ্ধি ভৈলা চূৰ॥৩৬
গদা মুদ্গৰ ঘোৰ পৰিঘাৰ বাৰি।
অসংখ্যাত সেনা পৰিলন্ত প্ৰাণ ছাৰি॥৩৭
গৰকাই মাৰিলন্ত হস্তী ঘোড়া ৰথে।
সাগৰে পৰিল কতো গিৰি গহ্বৰতে॥৩৮
বিপাকে পৰিল যত ভালুক বানৰ।
যিবা জীল পলাই গৈলা দ্বীপ দ্বীপান্তৰ॥৩৯
হেন মতে তোৰ স্বামী গৈলা যমপুৰ।
ৰাঘৱৰ আশা বন্ধ কৰিয়োক দূৰ॥৪০
আবুধী বিবুধী সীতা কিছু নজানস।
মূঢ় হইয়া আপোনাক পণ্ডিত মানস॥৪১
এভো মোত ভজ মোৰ যত মহাদই।
সবে থাকিবেক তোৰ চৰণক সেই॥৪২
কৈৰা বিদ্যুজিহ্ব ৰাঘৱৰ শিৰ আন।
মোহৰ বচন সীতা দেখোক প্ৰমাণ॥৪৩
সীতাৰ আগত থৈলা ৰাঘৱৰ শিৰ।
সত্যে কাটিলেক যেন বহয় ৰুধিৰ॥৪৪
সীতায়ে দেখন্ত মুখ চন্দ্ৰমা বদন।
নীল আকুঞ্চিত কেশ কমল লোচন॥৪৫
চাৰু যে নিবিড় জ্বলে দশন পঙ্কতি।
হাসো হাসো কৰে যে চন্দ্ৰৰ জেউতি॥৪৬
সুশোভন নাসিকা লুলয় দুই কৰ্ণ।
উত্তম শৰীৰ মুখ দেখি শ্যাম বৰ্ণ॥৪৭
সত্যে কাটিয়াছে যেন বহয় ৰুধিৰ।
প্ৰত্যক্ষে দেখিলা সীতা ৰাঘৱৰ শিৰ॥৪৮
হনুমন্ত হাতে দিয়া পঠাইলা আপুনি।
শিৰত আছয় দেখিলন্ত সেহি মণি॥৪৯
দেখিলন্ত আৱৰ ৰামৰ ধনু বাণ।
শোক অগনিৰ তাপে নসহে পৰাণ॥৫০
ৰামৰ শিৰক দেখি তেজে তোলবোল।
হা প্ৰভু বুলি সীতা চপাইলন্ত কোল॥৫১
ক্ষণো হৃদয়ত বান্ধে ক্ষণো বান্ধে গলে।
লুটিয়া কান্দন্ত দেবী হাকলে বিকলে॥৫২
হা হা কৈকেয়ী মোৰ পৰাণ নসহে।
সৰ্ব্বনাশ কৰিলেক তোহোৰ কলহে॥৫৩
কিনো বিধি বিপাকত ৰাজ্যক খণ্ডিলে।
কিবা অপৰাধে আন প্ৰাণক দণ্ডিলে॥৫৪
হৰি হৰি ৰাঘৱ মোহোৰ প্ৰাণেশ্বৰ।
গুণৰ মন্দিৰ ধীৰ প্ৰকৃতি সুন্দৰ॥৫৫
এতকাল আছোহোঁ তোমাক সুমৰন্তে।
তুমি মৰিলাহা আমি নতোহোঁ মৰন্তে॥৫৬
তোমাৰ সমান বীৰ নাহি সাঙ্গে সাঙ্গে।
নিদ্ৰা মৰণত কিনো মৰিলা বিপাঙ্গে॥৫৭
ৰাজনীতি শাস্ত্ৰ তুমি পঢ়িলা বিশেষ।
কি কাৰণে নিদ্ৰা আসি গৈলা পৰদেশ॥৫৮
আসন্ন কালত পণ্ডিতৰ বু্দ্ধি নাশ।
ৰক্ষা নিচিন্তিয়া প্ৰভু ভৈলা সৰ্ব্বনাশ॥৫৯
আগৰ চন্দনে ভুষিলোহোঁ সৰ্ব্বক্ষণে।
সিটো শৰীৰক খাইব শৃগাল শগুণে॥৬০
শুনহ ৰাৱণ আমি পতিব্ৰতা নাৰী।
প্ৰমত্ত বচন তোৰ সহিতে নপাৰি॥৬১
তোহোৰ প্ৰসাদে যেৱে স্বামী শিৰ পাওঁ।
প্ৰভুৰ লগতে তেবে অনুগামী যাওঁ॥৬২
হা হা ৰাম সুমৰন্তে সঙ্কলোক জীৱ।
তযু প্ৰাণেশ্বৰী মৰোঁ জনকৰ জীৱ॥৬৩
বনবাসে যান্তে প্ৰভু মোক নেৰিলাঁহা।
তুমি মৰিলাহা প্ৰভু মোক লৈয়া যাহাঁ॥৬৪
গদাবাৰি লক্ষ্মণৰ ভাঙ্গিলন্ত পাশু।
একেশ্বৰে গৈলে তান্ত সুধিলন্ত শ্বাশু॥৬৫
মোহোৰ হৰণ ৰাঘৱৰ বাৰ্ত্তা শুনি।
কেনমতে জীৱ তৈত কৌশল্যা গোসাঁনী॥৬৬
আগম বিচাৰি কহিলন্ত গুৰুজনে।
সিয়ো বোল মিছা ভৈলা ৰাম মৰণে॥৬৭
চিৰকাল ৰামে ভুঞ্জিবন্ত ৰাজ্য ভোগ।
আলখনী সীতা নোহে বিধবাৰ যোগ॥৬৮
বিলাপ কৰন্ত সীতা জনকৰ জীউ।
হাতযোৰে দুৱাৰি আগত ভৈলা থিউ॥৬৯
ধীৰে ধীৰে বোলে প্ৰভু ভৈলা বিসঙ্গতি।
পাত্ৰসমে আসিলা প্ৰহস্ত সেনাপতি॥৭০
আথে বেথে গৈলা ৰাজা কথা শুনি মাত্ৰ।
দেখে দুৱাৰতে বহি আছে সবে পাত্ৰ॥৭১
হাতযোৰ কৰিয়া প্ৰহস্তে বিনাৱয়।
ৰামসেনা প্ৰভুদেৱ ছানিয়া আসয়॥৭২
ৰাৱণে বোলয় নুহি কথাৰ প্ৰস্তাৱ।
নিশানত বাৰি দিয়া কটক জৰাৱ॥৭৩
ৰাজাৰ আদেশ ভৈলা প্ৰহস্তৰ বোল।
বাদ্যভাণ্ড কোলাহল তমকিলা ৰোল॥৭৪
সব সাজে ৰাক্ষসৰ সেনা সব আইল।
প্ৰহস্তে ত্বৰিতে গৈয়া ৰাজাত জনাইল॥৭৫
মাধৱে বোলন্ত আক এহি মানে থওঁ।
জানকীৰ তহিতে প্ৰবোধ কথা কওঁ॥৭৬
যেতিক্ষণে ৰাৱণ সিথান ছাৰি গৈলা।
তেতিক্ষণে মায়া শিৰ অন্তৰ্দ্ধান ভৈলা॥৭৭
আৱৰ নেদেখিলা সীতা স্বামী শিৰধেনু।
সৰমা বোলন্ত সীতা সখী মৰে জুনু॥৭৮
শীঘ্ৰ গমনে আইল চিত্ত নুহি থিৰ।
সীতাৰ বিলাপ দেখি নসহে শৰীৰ॥৭৯
নকান্দা নকান্দা সখী জনকৰ জীউ।
তোৰ দুখ দেখি মোৰ সঙ্কলয় জীউ॥৮০
ৰাৱণে যতেক বুলিলন্ত মন্দ বাক।
বৃক্ষৰ আৰত শুনি আছিলোহোঁ তাক॥৮১
নিৰন্তৰে শুনিয়া আছিলো কাণ পাতি।
যুগে যুগে থাকি গৈল তোহোৰ খিয়াতি॥৮২
মই কথা কৰোঁ সখী পৰিহৰাঁ শোক।
আথে বেথে গৈলা ৰাজা নসম্বুধি তোক॥৮৩
হেন দেখিলোহোঁ কাৰ্য্য ভৈলা আথান্তৰ।
মনে জানো চিত্ত থিৰ নুহি ৰাৱণৰ॥৮৪
ৰাম শিৰ ছেদিলেক প্ৰহস্ত ৰাক্ষসে।
হেন পতিয়াস সিংহ মাৰিলন্ত মশে॥৮৫
হেন কি জানস ৰাম পৰদেশে গৈয়া।
সব সৈন্য নিদ্ৰা গৈলা নিশ্চেষ্ট পৰিয়া॥৮৬
যেন তেন প্ৰাণী যদি পৰদেশে যাই।
তাৰ নিদ্ৰা নাসে চিন্তে ৰক্ষাৰ উপায়॥৮৭
আপুনি জানস তোৰ যেন প্ৰাণপতি।
ইয়ো বোল পতিয়াস কিনো মন্দমতি॥৮৮
স্বামী তোৰ গুণৱন্ত শ্ৰীমন্ত মহন্ত।
সন্তক পালন্ত যত অসন্ত নাশন্ত॥৮৯
বুদ্ধিৱন্ত যশৱন্ত তেজৱন্ত সন্ত।
ধৃতিমন্ত লজ্জ্বাৱন্ত ৰূপৱন্ত কান্ত॥৯০
বলৱন্ত বৈৰ যত শৰণ পৈশন্ত।
হাসন্তে পালন্তে তাকো ৰাখিয়া খাকন্ত॥৯১
বৈৰৰ অন্তক বীৰ সমৰ কৰন্ত।
তৃণ সম বিনাশন্ত কাটন্ত মাৰন্ত॥৯২
শত্ৰু মিত্ৰ উদাসীন যাৰ গুণ গান্ত।
শোক পৰিহৰাঁ তোৰ সুস্বামী জীৱন্ত॥৯৩
আয়তা লক্ষণ দেখোঁ তোৰ জ্বলে কান্তি।
অবিলম্বে স্বামীকোল পাইবি মহাশান্তী॥৯৪
সত্য কথা কহোঁ মোৰ তোক বৰ দয়া।
ৰামশিৰ যি দেখিলা ৰাক্ষসৰ মায়া॥৯৫
বিদ্যুজিহ্ব নামে এক আছে নিশাচৰ।
ৰাজাৰ আদেশে সাজিলেক ধনুশৰ॥৯৬
মোহোৰ বোলত যেবে পতিয়ন নাই।
এখনে আসিবোঁ গৈয়া তোৰ স্বামী চাই॥৯৭
ৰাৱণে বা যিবা কৰে জানিবো সকলে ।
মোক কেহোঁ চিনিতে নপাৰে মায়াবলে॥৯৮
সৰমাৰ বোলে শোক গুচিল সকলে ।
খৰ লাগা ধান যেন বৰিষণ জলে॥৯৯
সম্বুধি বোলন্ত তাইক জানকী গোসাঁনী ।
দুৰ্গতি তাৰিণী সখী সুমধুৰ বাণী॥১০০
আকালৰ বন্ধু যেন সোদৰ বহিনী ।
মোৰ হিত চিন্তি বিধি মিলাইলেক আনি ॥১০১
ইহেন কালত মোৰ তুমি প্ৰাণসখী ।
ঝাণ্টে গৈয়া আসা ৰাৱণৰ কাৰ্য্য লখি ॥১০২
নিতে নিতে সিটো মোক থাকয় গৰ্জ্জন্তে ।
প্ৰাণ ফুটি যায় মোক ৰাৱণা তৰ্জ্জন্তে ॥১০৩
হা বিধি মই কি কৰিলো হৰি হৰি ।
বিধিয়ে নিৰ্ম্মিলা ৰাক্ষসৰ ভক্ষ্য কৰি ॥১০৪
ৰাৱণৰ বোলে সবে ৰাক্ষসিনীলোক ।
আতাস ভাবুকি সবে উৰুৱাৱে মোক ॥১০৫
কতো বেলি সখী বাত চাহিবোহোঁ তোকে ।
ৰামৰ মৰণে প্ৰাণ ত্যজিবোহোঁ শোকে ॥১০৬
সৰমায়ে সীতাক আশ্বাস আতি কৰি ।
অন্তৰীক্ষে চলিলা চিলনী বেশ ধৰি ॥১০৭
ৰাৱণেও পাত্ৰ সমে আলোচিলা যত ।
প্ৰত্যেকে জানিয়া তাক ধৰিলা মনত ॥১০৮
যুদ্ধ কৰিবাক লাগি সুসম্ভৰ ভৈলা ।
ইসবক আকলি ৰামৰ পাশে গৈলা ॥১০৯
শ্ৰীৰাম লক্ষ্মণ আছে হৰষিত মনে ।
অশোকা বনক গৈয়া পাইল তেতিক্ষণে ॥১১০
উত্ৰাৱল মনে সীতা আছিলন্ত বসি ।
সৰমা আসিলা দেখি গৈলন্ত উল্লাসি ॥১১১
প্ৰাণসখী আইল বুলি ধৰিলন্ত গলে ।
আপোনাৰ আসনক দিলা কৌতূহলে ॥১১২
বাৰ্ত্তা পুছিলন্ত সীতা গুণে অনুপমা ।
সবিশেষ সব কথা কহিলা সৰমা ॥১১৩
ৰাৱণৰ আলোচক শুনা প্ৰাণসখী ।
অবিলম্বে স্বামী কোল পাইবাহা জানকী ॥১১৪
বৃদ্ধ মন্ত্ৰী এক বোল বুলিলে তাহাক ।
তোমাক আমাক নিয়া ৰামক দিবাক ॥১১৫
তাহাকো ভৰ্ত্সিলে নলৱয় সদবুদ্ধি ।
মৰন্তাক নলাগয় জীৱাৰ ঔষধি ॥১১৬
জানিলোহোঁ তোমাক ৰাৱণে নসম্পিব ।
ৰামক যুজিয়া সিটো কত কাল জীৱ ॥১১৭
নিষ্টে নিষ্টে তোমাৰ নিৰ্ম্মল হৈবে কুষ্টি ।
ৰাম কোলে তোমাক দেখিয়া হৈবো তুষ্টি ॥১১৮
বিৰলতো অনেক বুলিলা মাৱথানে ।
বিনা যুদ্ধে তোমাক নিদিবে দশাননে ॥১১৯
নিশ্চয় জানিবা কথা কহিলো সকলো ।
ৰামৰ কুশল সিটো যাইব ৰসাতলে ॥১২০
সীতায়ে জুৰাইলা শুনি সৰমাৰ বাক ।
এতহন্তে ৰাম সেনা শৰদৰ জাক ॥১২১