হনুমন্তই সীতাক বিচাৰি পায়
ৰামায়ণ বৃত্তান্ত |
---|
|
- ১৪ অধ্যায়
হনুমন্তই সীতাক বিচাৰি পায় ।
- পদ
হনুমন্তে বোলন্ত জনক জীউ সীতা ।
হেনসে বিপত্তি ৰাঘৱৰ বিবাহিতা ॥১
জনক জীউৰ অঙ্গ ৰাৱণৰ গাৱে ।
বিপ্ৰৰ কপিলা যেন চণ্ডালৰ ঠাৱে ॥২
হৰি হৰি আই তোৰ হেন ভৈল গতি ।
ৰাঘৱৰ ভাৰ্য্যাৰ অধম ভৈল পতি ॥৩
হনুমন্তে কান্দে লোহ মলছন্তে হাতে ।
হেনসে বিপত্তি ভৈল বিধিৰ বিঘাতে ॥৪
উত্তম কুলৰ বধু ৰাঘৱৰ নাৰী ।
অশোধনে হেন থলে বুলিতে নোৱাৰি ॥৫
চিত্ত দৃঢ় কৰি বীৰে আলোচন্ত কায ।
জনক নন্দিনী হেন নুহিব নিলাজ ॥৬
পুনৰপি মনত গুণন্ত হনুমান ।
কদাচিতো নকৰিবা অমদ্যক পান ॥৭
আউঠ হাতৰ বেণী শুনিয়াছো ভাল ।
কেশ জুখি মুখ সুঙ্গি লৈবোঁহো প্ৰমাণ ॥৮
এহি বুলি কেশ তাৰ মেলিয়া জুখিল ।
আউঠ হাতৰো এক বিগতে নান্তিল ॥৯
কেশ জুখি প্ৰমাণ নপাইল হনুমন্ত ।
ওচৰ চাপিয়া মুখ গোট সুঙ্গিলন্ত ॥১০
মুখ সুঙ্গি চাহন্তে মদ্যৰ পাইল ঘ্ৰাণ ।
বোলন্ত জানকী নুহিব হেন থান ॥১১
ৰাঘৱৰ বল্লভা জানন্ত ধৰ্ম্মাধৰ্ম্ম ।
প্ৰাণ যাহন্তেও নকৰিবা হেন কৰ্ম্ম ॥১২
শুনিয়াছো ৰাৱণৰ প্ৰিয়া পটেশ্বৰী ।
ময়দানবৰ জীউ এহি মন্দোদৰী ॥১৩
চিত্ত থিৰ কৰিলন্ত বীৰ হনুমন্তে ।
সচকিতে বাজ ভৈলা ওৱাৰিৰ হন্তে ॥১৪
পুষ্পক বিমানে চাহিলন্ত নিৰন্তৰে ।
হাণ্ডি শালে চাহিলন্ত মন্দীৰাৰ ঘৰে ॥১৫
প্ৰবেশিলা মাৰুতি খুজিয়া বহু দূৰ ।
বিত্ত বিত্ত কৰিয়া চাহিলা অন্তেষপুৰ ॥১৬
দুনাই মাৰুতি গৈয়া প্ৰাঞ্চীত চড়িয়া ।
বিলাপ কৰন্ত কপি সষ্টাঙ্গে পৰিয়া ॥১৭
হা বিধি কি কৰ্ম্ম কৰিলোঁ হৰি হৰি ।
লঙ্কাত নাহিকা ৰামদেৱৰ সুন্দৰী ॥১৮
হেন মতে চাহিলো মোহৰ প্ৰতিবন্ধে ।
জানিলো নিজীয়ৈ আই দেখি দশস্কন্ধে ॥১৯
ৰাৱণৰ আতাস বিতাস ৰূপে ডৰি ।
চমত্কাৰ দেখি আকাশতে গৈলা মৰি ॥২০
নুহিতে বা আনন্তে বা পৰিল সাগৰে ।
গোঁসানীক ভুঞ্জিলেক মত্স্য যে মগৰে ॥২১
নুহি তেবে লঙ্কাতে বা স্বামীত ভকতে ।
মৰিলা গোঁসানী মাৱ নিৰাহাৰ ব্ৰতে ॥২২
আশা ভঙ্গে কিবা আদেশিলেক ৰাৱণে ।
গোঁসানীক ভুঞ্জিলেক ৰাক্ষসিনীগণে ॥২৩
মই লৰি গৈলে বৰ মিলিবে বৃতান্ত ।
সীতাৰ নপায়া বাৰ্ত্তা ৰামো নিজীৱন্ত ॥২৪
অনন্তৰে লক্ষ্মণেয়ো এৰিৱন্ত জীৱ ।
মিত্ৰৰ কাৰ্য্যত থাকি মৰিবা সুগ্ৰীৱ ॥২৫
ভৰতে শুনিবে প্ৰাণ সঙ্কলিল ৰামে ।
পানৈ শিৰে ধৰিয়া মৰিব নন্দিগ্ৰামে ॥২৬
বিকলে মৰিব সবে অযোধ্যাৰ লোকে ।
কৌশল্যা সুমিত্ৰা মৰিবন্ত পুত্ৰশোকে ॥২৭
স্বামীৰ সন্তাপে বিকলিত কৰি হিয় ।
তাৰা লোমা মৰিবন্ত সুষেনৰ জীৱ ॥২৮
মাৱৰ বাপৰ শোকে দগ্ধ কলেৱৰ ।
পাছে প্ৰাণ এৰিবন্ত অঙ্গদ কুমাৰ ॥২৯
ৰাজ্যত বাঢ়িব সবে লটক তস্কৰ ।
উপজিলো পৃথিবীত ভাৰ বিপৰীত ॥৩০
উপজিলো পৃথিবীত ভাৰ বিপৰীত ।
কিসক নযাই প্ৰাণ লঙ্কা নগৰীত ॥৩১
মই উপজিলোহোঁ অধম পাপাচাৰ ।
সদ্গতি নভৈল মোৰ জ্ঞাতি দ্ৰোহীয়াৰ ॥৩২
সাগৰ তীৰত নিয়া সঞ্জালোহোঁ বুলি ।
বহ্নিকুণ্ড জ্বালো মই মৰিবাক বুলি ॥৩৩
সাগৰত জাম্প দেওঁ খাউক জলজন্তু ।
বাৰ্ত্তাক নপায়া ৰাম আশা তেজিবন্তু ॥৩৪
এহি বুলি মাৰুতিয়ে মাথা তুলি চাইল ।
অশোকা বণিকা খান দৰশন পাইল ॥৩৫
সম্পাতিৰ বচনক পৰিল মনত ।
গোঁসানী আছন্ত এহি অশোকা বনত ॥৩৬
কৌতুকত মাৰুতি নাচন্ত ছেৱে ছেৱ ।
অশোকা বনক লাগি কৰিলন্ত ডেৱ ॥৩৭
মহাবেগে পৰিলা শবদ গৈল ঠাট ।
সাগৰ মাজত যেন পৰিল নিৰ্ঘাত ॥৩৮
ত্ৰাসত চটক সব বাস পৰিহৰি ।
চিওঁ চিওঁ ঢপ ঢপ কতো গৈলা মৰি ॥৩৯
বনজন্তু সবত লগিল কোলাহল ।
আই বাপু বুলিয়া পলাই বনপাল ॥৪০
বিশ্ৰুতি ভৈলেক লঙ্কাৰ যত জন ।
তবধ কৰিল চক্ষু ৰাক্ষসিনীগণ ॥৪১
কতো বৃক্ষ আগ ভাগি গুচিল আৰম্ভ ।
উঝৰা ভিঠিত যেন থাকি গৈল স্তম্ভ ॥৪২
কতো বৃক্ষ ভাগি গৈল শৰীৰৰ ৰাৱে ।
বিম্বা শবদ শুনি আকাশে উৰাৱে ॥৪৩
অশোক চম্পক পুষ্প নাগেশ্বৰ সিৰি ।
হনুমন্ত ভৈলা যেন পুষ্পময় গিৰি ॥৪৪
বনৰ কুসুম সব পৰৈ খসি খসি ।
ধূলি ধূসৰিত কপি সাক্ষাতে তপসি ॥৪৫
সুচকিত হুয়া চান্ত ধুমি ধুমি ।
বৃক্ষতলে দেখিলন্ত সুবৰ্ণৰ ভূমি ॥৪৬
সুবৰ্ণৰ ভূমি কতো কতোহো ৰূপাৰ ।
পোৱাল মুকুতা মণি জ্বলে জাতিকাৰ ॥৪৭
নন্দন বনত আছে সুবিচিত্ৰ কাম ।
অশোকা বনিকা খানো তাতো অনুপাম ॥৪৮
ৰাৱণৰ আদেশে নিৰ্ম্মিলা বিশ্বকৰ্ম্মে ।
ক্ৰীড়াৰ ভুবন মণি মুকুতাৰ কৰ্ম্মে ॥৪৯
শিংশপা বৃক্ষক দেখিলন্ত কতোক্ষণে ।
গুৰি গোট বেঢ়ি আছে ৰাক্ষসিনীগণে ॥৫০
বিকৃত বিভাস কতো পেচাৰ স্বভাৱ ।
ভেঙ্গুৰা স্বভাৱ কতো দেখিতে কুভাৱ ॥৫১
কতো উৰ্দ্ধনাসিকা হস্তীৰ যেন শুণ্ড ।
গাৱ গোট কৃশ দেখি টোলৰিয়া মুণ্ড ॥৫২
কতো নাক চেপেটা পতিলা গোটমান ।
গাৱত পৰয় হালি কুলা হেন কাণ ॥৫৩
অজমুখী গোমুখী শূকৰ স্বান মুখী ।
গোলৈপেটি উৰু হাতে নপাৱয় ঢুকি ॥৫৪
বিহৰিয়া আছয় হস্তীৰ যেন দান্ত ।
ছাগলৰ হেন মুখ সিংহৰ আক্ৰান্ত ॥৫৫
কেহোঁ জনীৰ মুণ্ড কেশাইল যেন দল ।
দুই তন লম্বিত সাক্ষাতে যেন ঢোল ॥৫৬
ওলমিল ওঁঠ যেন নেৱঠিনি শিল ।
ৰুধিৰ মাংসক খাই কৰে কিল কিল ॥৫৭
আলতাৰ বৰ্ণ কেহোঁ পিঙ্গলীয়া কালী ।
কতোহো কপিলী বগা হাণ্ডিযে চিঙ্গালী ॥৫৮
কতো কাণী কতো খুৰী কতোহো গলণ্ডী ।
কনৈয়াৰী গঞ্জকাৰী প্ৰচণ্ডী চামুণ্ডী ॥৫৯
আগ গুৰি সৰু যেন শিলিখাৰ ভাঞ্জ ।
হাসন্তে দেখিয় যেন দশনৰ মাঞ্জ ॥৬০
আলখনী পিশাচনী কুলক্ষনী ছাৰী ।
একৈক শোষতে পীয়ে মদ্য একো জাৰি ॥৬১
এক পাৱ দুই পাৱ তিনি পাৱ চাৰি ।
জিহ্বাখান মেলি থাকে শৰীৰ আবৰি ॥৬২
এক আখি দুই আখি কাৰো তিনি আখি ।
দুই কাণ হালৈ যেন চটকৰ পাখী ॥৬৩
তাসম্বাৰ মাজে দেৱী সংসাৰতে সাৰা ।
মেঘে যেন ঢাকি আছে সৰ্ব্বোত্তম তাৰা ॥৬৪
কেশে যেন ঢাকি আছে চম্পক মল্লিকা ।
ভস্মে যেন ঢাকি আছে অগনিৰ শিখা ॥৬৫
থূলন্তৰ মলিন বসন পৰিধানে ।
বৃক্ষৰ মূলত আছা স্বামীক ধিয়ানে ॥৬৬
এক গোটা চেলাৰি ভূমিত লুটি আছে ।
চকিতা হৰিণী যেন চান্ত আগে পাছে ॥৬৭
হনুমন্তে দেখিয়া চকিত ভৈল মন ।
মনে আলোচন্ত কিনো ৰূপ বিতোপন ॥৬৮
সীতা হৰি যেতিখন আনিল ৰাৱণে ।
ঋষ্যমুখে দেখিলোঁ বানৰ পাঞ্চজনে ॥৬৯
সেহি ঠান ৰূপ গুণ সেহিসি লক্ষণী ।
আউঠ হাতৰ কেশ এক গোটা বেণী ॥৭০
ইহাৰ কাৰণে মৰিলন্ত নিশাচৰ ।
বিৰাধ ত্ৰিশিৰা খৰ দূষণ অপৰ ॥৭১
কৱন্ধক মাৰিলেক বিকৃত পুৰুষেক ।
শূৰ্পণখাৰ নাক কাণ কাটিলা প্ৰত্যেক ॥৭২
বালী বধ কৰিলন্ত কৰি একশৰ ।
সুগ্ৰীৱক কৰিলন্ত ৰায় ৰাজেশ্বৰ ॥৭৩
অচলা লক্ষ্মীক দিলা কিষ্কিন্ধা নগৰী ।
আৰা লোমা মালা দিলা তিনি পটেশ্বৰী ॥৭৪
মইও লঙ্কা আসিলোঁ সাগৰ ভৈলোঁ পাৰ ।
ইহান কাৰণে ধন্য জীৱন আমাৰ ॥৭৫
কিনোটো অশক্য কৰ্ম্ম ৰাঘৱে কৰন্ত ।
সীতা ব্যতিৰেকে কেনে প্ৰাণক এৰন্ত ॥৭৬
কেন মতে ৰাঘৱৰ হিত পৰি যাওঁ ।
সীতা দেৱী শান্তী মই কেনে বাৰ্ত্তা পাওঁ ॥৭৭
পূৰ্ব্বদিকে ধৱল কোকিল কাক ৰড়ৈ ।
দিন গোটা বঞ্চোঁ কৈত কোন কাৰ্য্য পৰৈ ॥৭৮
হনুমন্ত আৰ ভৈলা পৰশিলা ঝাওঁ ।
ৰাৱণ প্ৰবোধ ওৱাৰিত বাজৈ চাওঁ ॥৭৯
পৰবাসী লোকে জাগি কৰে কোলাহল ।
হাত মুখ পখালি পন্থত পালে পাল ॥৮০
প্ৰাতঃকাল সঙ্কলিল ৰাৱণ ৰজাই ।
একোয়ে প্ৰকাৰে সীতা মনৰ নযাই ॥৮১
শৰীৰ ভেদিল দৃঢ়তৰ পঞ্চবাণে ।
সন্ধিত পঞ্চম বাণ হানিল পৱনে ॥৮২
সীতাক সুমৰি তাৰ মদন বিশাল ।
বিচিত্ৰ থানৰ হন্তে আসিল সকাল ॥৮৩
কৰ্পূৰ তাম্বুল খাইল মদন মাদক ।
সীতাক সুমৰি তাৰ মনত খলক ॥৮৪
জানেকীক স্মৰি তাৰ নসখয় মন ।
অশোকা বনক লাগি কৰিল গমন ॥৮৫
একেশ্বৰে ঠাৱ হন্তে লৰি সাতো আগ ।
কন্যা সহস্ৰেকে শীঘ্ৰে বেগে লৈল লাগ ॥৮৬
সুগন্ধ ধূপক ধৰি চাপিল সমীপ ।
কেহোজনী ধৰি যায় ৰত্নৰ প্ৰদীপ ॥৮৭
আগৰ কস্তুৰী লৈয়া কনক ভৃঙ্গাৰি ।
কৰ্পূৰ তাম্বুল যোগাৱয় কতো নাৰী ॥৮৮
তাৰাহেন ঝাকি পাৰে একৈক সুন্দৰী ।
কৰি হাত লোহাৰি চাপিল মন্দোদৰী ॥৮৯
সেৱা কৰি চলিল কামিনী কন্যাজন ।
অশোকা বনিকা গৈয়া পাইলা তেতিক্ষণ ॥৯০
অলঙ্কাৰ শবদ শুনিলা হনুমন্তে ।
মাথা তুলি দেখিলন্ত ৰাৱণ আসন্তে ॥৯১
লাম্ফ দিয়া উজাইলন্ত হ্ৰস্ব দেহা কৰি ।
শিংশপা বৃক্ষত থিত পত্ৰহি আবৰি ॥৯২
ৰাৱণ আসয় দেখি জানিল ইঙ্গিতে ।
বায়ু পায়া কদলী কাম্পয় যেন মতে ॥৯৩
ঢাকি উৰি উদৰ বসিলা তৰুতলে ।
স্তন দুই ঢাকিলন্ত বাহুযে যুগলে ॥৯৪
লাজে ভয়ে দেবীৰ চক্ষুৰ বহে লোহ ।
সীতাক দেখিয়া ৰাৱণৰ বিয়ামোহ ॥৯৫
জয় জয় ৰঘুবংশ তিলক ৰাঘৱ ।
যাৰ নাম লৈয়া তৰে ভৱ পৰাভৱ ॥৯৬
হেন ৰাম নাম যিটো সুমৰে সতত ।
কোনে কহিবেক পাৰে তাহাৰ মহত ॥৯৭
হেন ৰাম চৰণত পশিলোঁ শৰণে ।
বোলাঁ ৰাম ৰাম যত সভাসদগণে ॥৯৮