শনিৰ দৃষ্টি
ৰামায়ণ বৃত্তান্ত |
---|
|
- ১২ অধ্যায়
- শনিৰ দৃষ্টি
ৰাজ্যভোগে ভূঞ্জে ভাৰ্য্যাসমূহ সহিত ।
ৰাজ্য চিন্তা নাহি ভৈলা ভাৰ্য্যাত মোহিত ॥১
স্ত্ৰীগণ লৈয়া ক্ৰীড়া কৰয় নৃপতি ।
হেন কালে আসিলা নাৰদ মহামতি ॥২
নাৰদক দেখি দশৰথ নৰেশ্বৰ ।
আথেবেথে গাৱ চালি উঠিলা সত্বৰ ॥৩
সুবৰ্ণ আসন দিলা কৰি নমস্কাৰ ।
পাদ্য অৰ্ঘ্য দিয়া কৰিলন্ত সতকাৰ ॥৪
আশীৰ্বাদ কৰি মুনি বসিলা আসনে ।
কৃতঞ্জলি কৰি ৰাজা মধুৰ বচনে ॥৫
পুছিলন্ত সাদৰে কুশল আগমন ।
কহিয়োক মুনি কিবা সাধোঁ প্ৰয়োজন ॥৬
শুনিয়া ৰাজাক বুলিলন্ত মুনিবৰ ।
ভাল মন্দ চিন্তা তুমি নকৰাঁ ৰাজ্যৰ ॥৭
সূৰ্য্যবংশে ভৈলা যত নৃপতি মহন্ত ।
পুত্ৰতে অধিক কৰি ৰাজ্য পালিলন্ত ॥৮
সেহি সূৰ্য্যবংশে তুমি নৃপতি প্ৰধান ।
স্ত্ৰীত ভৈলাহা বাউল চিন্তা নাহি আন ॥৯
যিতো ৰাজা নকৰে লোকক প্ৰতিপাল ।
হোৱয় অল্পায়ু ভোগ নাহি চিৰকাল ॥১০
তোমাৰ ৰাজ্যৰ লোকে পাৱে বৰ দুখ ।
নভৈল অপত্য নেদেখিলা পুত্ৰমুখ ॥১১
তুমি সুখে আছা দুখ পাৱে লোক যত ।
এহি পাপে পাচে পৰিবাহা নৰকত ॥ ১২
ৰাজা বোলে শুনা মুনি বচন আমাৰ ।
কৰিছোঁ লোকক আমি কিবা অপকাৰ ॥১৩
নাহি দণ্ড বন্ধ বলাবল বৈৰভয় ।
নাহি পাল পাঞ্চ লোক কুশলে আছয় ॥১৪
নাহি চোৰ চোঞ্চ শত্ৰুভয় অকালত ।
যেনে অপযশ মোক কৰয় লোকত ॥১৫
নাৰদে বোলন্ত শুনা নৃপতি মহন্ত ।
শনিৰ দৃষ্টিত পৰি ৰোহনী আছন্ত ॥১৬
সম্পূৰ্ণে শনিৰ দৃষ্টি ভৈল ৰোহিনীত ।
বৃষ্টি নাহি একো শষ্য নোপজে ভূমিত ॥১৭
সি কাৰণ অন্ন দুখ পাৱে লোক যত ।
আপুনি দেখিয়ো ৰাজা ফুৰিয়া ৰাজ্যত ॥১৮
লোকে যেন বোলে তাক শুনাহা আপুনি ।
ৰাজাক এতেক বুলি চলি গৈলা মুনি ॥১৯
নাৰদৰ বাণী শুনি পাচে দশৰথ ।
দক্ষিণ দিশক গৈলা চড়ি নিজ ৰথে ॥২০
প্ৰবেশিলা গৈয়া ৰাজা ঘোৰ অৰণ্যত ।
নানা মৃগ পক্ষীগণ দেখিলা বনত ॥২১
দিব্য সৰোবৰ দেখিলন্ত মহাবলে ।
কৌতুকে বসিলা ৰাজা এক বৃক্ষতলে ॥২২
সেহি বৃক্ষডালত শালিকা দুই আছে ।
তাহাৰ বচন ৰাজা শুনিলন্ত পাচে ॥২৩
শালিকা বোলয় শুনা শালিকী বচন ।
ই বন এৰিয়া আসাঁ যাওঁ আন বন ॥২৪
শালিকী বোলয় দেখা ই বৰ অকাজ ।
সপত পুৰুষ বঞ্চো এহি বন মাজ ॥২৫
ইহাক এৰিতে বৰ দুখ লাগে মনে ।
ই বন এৰিয়া কেনে যাইবোঁ আন বনে ॥২৬
শালিকা বোলয় শুনা গুচোঁ যি কাৰণ ।
সূৰ্য্যৰ বংশত যত ৰাজা মহাজন ॥২৭
নাজানিলো একো দুখ বঞ্চি সিতো ৰাজে ।
নিমিলে আধাৰ এবে এত কাল বাজে ॥২৮
জানা দশৰথ ৰাজা অধৰ্ম্ম কৰয় ।
স্ত্ৰী লৈয়া ক্ৰীড়ে ৰাজা প্ৰজা নাপালয় ॥২৯
ৰাজ্যভোগ কৰে চিন্তা নকৰে ৰাজ্যৰ ।
সংসাৰতো নতো দেখোঁ হেন নৃপবৰ ॥৩০
ইহাৰ ৰাজ্যত আমি মৰিবোঁ পৰাণে ।
ই বন এৰিয়া আস যাওঁ আন বনে ॥৩১
আছিলোঁ সুখত একো নাছিল প্ৰমাদ ।
নানা ফল ফুল পাইলোঁ সুৰস সুস্বাদ ॥৩২
একোনো আধাৰ এবে নাপাওঁ বনত ।
নাহি বৰিষণ পঞ্চ বত্সৰ ৰাজ্যত ॥৩৩
সুখ দুখ দশৰথে নাজানে ৰাজ্যৰ ।
ঝাণ্টে গুচি যাওঁ আমি আনো বনান্তৰ ॥৩৪
এহি বুলি শালিকা তলক নিৰখিল ।
বৃক্ষৰ মূলত দশৰথক দেখিল ॥৩৫
ভৈল ভয় ৰাজাক দেখিয়া বিদ্যমানে ।
বুলিলোঁ ৰাজাক মন্দ মাৰিব পৰাণে ॥৩৬
পক্ষীৰ দেখিয়া ডৰ হাসি মহাশয় ।
নকৰ তৰাস বুলি দিলন্ত অভয় ॥৩৭
কৰ অধিকাৰ ইতো বন দিলোঁ তোক ।
সুখে থাক পক্ষী ভয় নকৰিবি মোক ॥৩৮
এহি বুলি নৃপতি স্বৰ্গক গৈলা লৰি ।
ইন্দ্ৰৰ ভুবন গৈয়া পাইলা দৰদৰি ॥৩৯
মহা কোপে বুলিলন্ত দেৱতাগণক ।
জান দেহ আমি যুদ্ধ কৰিবোঁ ইন্দ্ৰক ॥৪০
দেৱগণে বোলে কোপ এৰা মহাৰথ ।
নকৰিবে যুদ্ধ ইন্দ্ৰে তোমাৰ লগত ॥৪১
হেন শুনি নৰনাথে বুলিলা বচন ।
ইন্দ্ৰ অধীন ইতো যত মেঘগণ ॥ ৪২
মোহোৰ ৰাজ্যত বৃষ্টি কিসক নকৰে ।
অনাবৃষ্টি নষ্ট ভৈল ৰাজ্য নিৰন্তৰে ॥৪৩
নাহি পঞ্চ বত্সৰ ৰাজ্যত বৰিষণ ।
মোৰ অপযশ, দুখ পাৱে প্ৰজাগণ ॥৪৪
বৃষ্টি কৰি কৰন্তোক ৰাজ্য মোৰ ৰক্ষা ।
নুহি অম্ৰাৱতী জিনি লৈবোঁ মোৰ কক্ষা ॥৪৫
শুনি নৃপতিৰ দৰ্পযুকুত বচন ।
বাসৱৰ আগে জান দিলা দেৱগণ ॥৪৬
কৃতাঞ্জলি বোলে শুনা ত্ৰিদিশৰ ৰাই ।
দশৰথ ৰাজা আসি আছে তযু ঠাই ॥৪৭
অপমানে গৰ্ব্ববাক্য বোলয় কৰ্কশ ।
অনাবৃষ্টি দেখি দেন্ত তোমাক দুৰ্যশ ॥৪৮
বাসৱে বোলন্ত হুয়া আপুনি মানুষ ।
মোক মন্দ বাণী বুলি দেখাৱে পৌৰুষ ॥৪৯
নকৰিবা অহঙ্কাৰ বোলে দেৱগণ ।
পাদ্য অৰ্ঘ্য দিয়া তাঙ্ক কৰিয়ো পূজন ॥৫০
তাঙ্ক কোন জনে জিনিবেক সমৰত ।
পৰম বিক্ৰমী নানা অস্ত্ৰত পাৰ্গত ॥৫১
কৰাহা আলাপ তাঙ্ক মধুৰ বচনে ।
সতকাৰ পাইলে তাপ নাবাঢ়িব মনে ॥৫২
মনে অনুমানি ইন্দ্ৰ দেৱতাৰ বাক ।
পাদ্য অৰ্ঘ্য দিয়া পূজা কৰিলা ৰাজাক ॥৫৩
সতকাৰ পায়া দশৰথ নৃপবৰ ।
ইন্দ্ৰক বোলন্ত শুনিয়োক পুৰন্দৰ ॥৫৪
মোহোৰ ৰাজ্যত কেনে নাহি বৰিষণ ।
অনাহাৰে মৰে লোক কহিয়ো কাৰণ ॥৫৫
ইন্দ্ৰে বোলে শুনা ৰাজা কৰি থিৰ চিত ।
সম্পূৰ্ণে শনিৰ দৃষ্টি ভৈল ৰোহিনীত ॥৫৬
সিহেতু নাহিকে বৃষ্টি তোমাৰ ৰাজ্যত ।
শনিৰ পাশক তুমি যাহা মহাৰথ ॥৫৭
বুলিবা ছাৰোক শনি ৰোহিনীৰ দৃষ্টি ।
তেবেসে তোমাৰ ৰাজ্যে হৈবে জানা বৃষ্টি ॥৫৮
শুনি দশৰথে বাসৱৰ বচনক ।
ৰথে চড়ি লৰি গৈলা শনিৰ পাশক ॥৫৯
দশৰথ নৃপতিক দেখিয়া আগত ।
চাহিলেক শনি কোপ কৰিয়া মনত ॥৬০
ছিণ্ডিল ৰথৰ জোৰা শনিৰ দৃষ্টিত ।
ঘোঁৰা সমে পৰে ৰাজা হুয়া বিমোহিত ॥৬১
পাকে পাকে পৰে ৰাজা হুয়া অচেতন ।
কৰে তাঙ্ক ৰক্ষা হেন নাহি একো জন ॥৬২
গৰুড় তনয় পক্ষী জটায়ু মহন্ত ।
পৰে দশৰথ ৰাজা তাঙ্ক দেখিলন্ত ॥৬৩
পৰম পূজনী ৰাজা লোকত বিদিত ।
ভূমিত পৰিলে হাৰ হোৱে চূৰ্ণাকৃত ॥৬৪
ধৰোঁ পিঠি পাতি দশৰথ মহাৰাজ ।
থাকিবেক কীৰ্ত্তি মোৰ ত্ৰিভুবন মাজ ॥৬৫
বিষ্ণু সমসৰ ৰাজা ধৰ্ম্ম অৱতাৰ ।
পিঠি পাতি লৈয়া আজি কৰোঁ উপকাৰ ॥৬৭
এহি বুলি পাখা পাতিলন্ত পক্ষীবৰ ।
পৰিলন্ত ৰাজা তান পাখাৰ উপৰ ॥৬৮
ঘোঁৰায়ে সহিতে পৰি নমৰিলা প্ৰাণে ।
ৰহিলা নৃপতি পক্ষীৰাজৰ নিদানে ॥৬৯
ভৈলন্ত সুস্থিৰ নৰনাথ কতোক্ষণে ।
মৰি উপজিলা হেন নৃপতিৰ মনে ॥৭০
নাহিকে বান্ধৱ আন পক্ষীৰ সমান ।
এহি বুলি কৰিলন্ত পক্ষীক সন্মান ॥৭১
নানা স্তুতি কৰি ৰাজা বুলিলা বচন ।
মহাবলৱন্ত পক্ষী তুমি মহাজন ।৭২
আকাশৰ হন্তে পৰি যাওঁ যমঘৰ ।
পিঠি পাতি আমাক ৰাখিলা পক্ষীবৰ ॥৭৩
এৰাইলোঁ দুৰ্গতি প্ৰাণ ৰাখিলা আমাৰ ।
নাহি ত্ৰৈলোক্যত হেন কৰে উপকাৰ ॥৭৪
কিবা পিতামহ ৰঘু অজ পিতৃ মোৰ ।
তযু উপকাৰ কথা কহি নাপাওঁ ওৰ ॥৭৫
মহাবলবীৰ্য্যে তুমি বিষ্ণু অৱতাৰ ।
তযু্ প্ৰসাদেসে প্ৰাণ ৰহিল আমাৰ ॥৭৬
কোন কুলে জাত তুমি কাহাৰ তনয় ।
কিবা নাম তোমাৰ দিয়োক পৰিচয় ॥৭৭
শুনি বুলিলন্ত পক্ষীৰাজ মহামতি ।
আমাৰ জটায়ু নাম জানিবা নৃপতি ॥ ৭৮
জেষ্ঠ ভাই সম্পাতি আছন্ত পক্ষীবৰ ।
দুয়ো সহোদৰ আমি পুত্ৰ গৰুড়ৰ ॥৭৯
পক্ষীৰ উপৰে ৰাজা ভৈলোঁ দুয়ো ভাই ।
জানিলোঁ বুলিয়া মাতিলন্ত মহাৰাই ॥৮০
ভৈলা মহামিত্ৰ পক্ষীৰাজ মহাশয় ।
কৰিলাহা হিত মোৰ প্ৰাণৰ সংশয় ॥৮১
তুমি বিনে আন মহামিত্ৰ নাহি মোৰ ।
তোমাৰ প্ৰসাদে বৰ এৰাইলোঁ দুৰ্ঘোৰ ॥৮২
কাষ্ঠ আনি অগ্নি জ্বালি দুইকো দুয়ো ধৰি ।
কৰিলন্ত মিত্ৰ দুয়ো অগ্নি সাক্ষী কৰি ॥৮৩
জটায়ুৰ হেতু প্ৰাণ ৰহিল আমাৰ ।
তাঙ্ক মিত্ৰ কৰি পাইলা হৰিষ অপাৰ ॥৮৪
জটায়ুৰ আতি বৰ কৌতুক মনত ।
ভৈলা পক্ষী সুখী মিত্ৰ পায়া দশৰথ ॥৮৫
কৰিয়া জটায়ু নৃপতিক বহু মান ।
মেলানি মাগিয়া গৈলা আপোনাৰ থান ॥৮৬
জটায়ু প্ৰসাদে ৰাজা এৰাইলা সংশয় ।
বোলা ৰাম ৰাম যত সামাজিকচয় ॥৮৭