মাৰীচ বধ
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৩১ অধ্যায়
- মাৰীচ বধ
অনন্তৰে ঋষি ৰাম লক্ষ্মণক লৈয়া ।
ৰঙ্গমনে তপোবনে প্ৰবেশিলা গৈয়া ॥১
বিশ্বামিত্ৰে বুলিলন্ত শুনিয়োক ৰাম ।
এহি তপোবনে মোৰ সিদ্ধাশ্ৰম নাম ॥২
মাৰীচ সুবাহু এহি বনৰ ভিতৰ ।
আছে দুইৰো লগে চৌধ কোটি নিশাচৰ ॥৩
ৰাখিয়া আমাৰ যজ্ঞ তাক মাৰি ৰণে ।
আনিলোঁ তোমাক মই এহিসে কাৰণে ॥৪
ৰাক্ষসক মাৰি দিয়ো আমাক নিৰ্ভয় ।
তোমাৰ প্ৰসাদে হৌক যজ্ঞৰ উদয় ॥৫
শুনি ৰামচন্দ্ৰে বুলিলন্ত এহি হৌক ।
মাৰিবোঁ ৰাক্ষস সুখে যজ্ঞ কৰিয়োক ॥৬
শুনি মুনিৰাজৰ হৰিষ ভৈল মনে ।
ৰামক দেখিলা আসি যত মুনিগণে ॥৭
ফলে মুলে দুয়ো ভাইক কৰাইলা ভোজন ।
পাচে তৃণশয্যাত শুতিলা দুয়ো জন ॥৮
ৰজনী প্ৰভাতে উঠি মুনিগণ যত ।
স্নান সন্ধ্যা তৰ্পণ কৰিয়া সমাপত ॥৯
যজ্ঞৰ সম্ভাৰ মানে একত্ৰ কৰিল ।
শুভক্ষণে মুনিগণ যজ্ঞ আৰম্ভিল ॥১০
ৰামক বুলিলা বিশ্বামিত্ৰ মুনিবৰ ।
স্নান কৰি নিয়মে ধৰিয়ো ধনুশৰ ॥১১
শুনি ৰাম লক্ষ্মণে কৰিলা গৈয়া স্নান ।
দুয়ো ভাই নিয়মে ধৰিলা ধনুৰ্ব্বাণ ॥১২
অনন্তৰে ঋষিৰাজে কৰিয়া সুবেশ ।
মন্ত্ৰে ৰাম লক্ষ্মণৰ বান্ধিলন্ত কেশ ॥১৩
মণিৰত্ন কণ্ঠা দিা দুয়ো ভাইৰো গলে ।
ঋষিক পুছিলা ৰামচন্দ্ৰ কৌতূহলে ॥১৪
কেতিক্ষণে আসিবেক ৰাক্ষস দুৰ্জ্জন ।
ঋষিয়ো বোলন্ত ৰাম শুনিয়া বচন ॥১৫
ৰাত্ৰি দিনে মৌন ব্ৰত দিন ছয় মানে ।
শৰ ধনু ধৰি দুয়ো থাকাঁ সাৱধানে ॥১৬
আসিব ৰাক্ষস ছয় দিন অনন্তৰে ।
দুয়ো ভাই শৰ কৰি মাৰিবা সত্বৰে ॥১৭
শুনি ধনু ধৰি ৰাক্ষসক বাট চাই ।
উজাগৰে ৰৈলা সাৱধানে দুয়ো ভাই ॥১৮
বিশ্বামিত্ৰ মুনি যজ্ঞ কৰিবাক লৈল ।
আচাৰ্য্য ব্ৰাহ্মণ তিনি সহস্ৰেক হৈল ॥১৯
মণ্ডল নিয়মে বেদ মন্ত্ৰ উচ্চাৰিলা ।
সাঙ্গোপাঙ্গে ঈশ্বৰক পূজিবৈ লাগিলা ॥২০
নিৰন্তৰে পূজিলেক ছয় দিনমান ।
অগ্নি থাপিলন্ত কুণ্ড কৰিয়া নিৰ্ম্মাণ ॥২১
দিলন্ত আহুতি আতি কৰে বেদধ্বনি ।
ঘৃতৰ সুৰভী ঘ্ৰাণ উঠি গৈল ছানি ॥২২
অৰণ্যৰ পৰা নিশাচৰ গন্ধ পাইল ।
মাৰীচ সুবাহু যজ্ঞ বিধ্বংসিব আইল ॥২৩
চৌধ কোটি নিশাচৰ আসিল লগত ।
মাৰীচ ৰাক্ষস আইল সবাৰো আগত ॥২৪
পিচত সুবাহু আসি ৰৈল মহাবল ।
আকাশ ব্যাপিল যেন ঘোৰ মেঘদল ॥২৫
যেন ব্ৰজ পৰে ৰাৱ তেজে ভয়ঙ্কৰ ।
দেখি নিৰন্তৰে ঋষি ভয় ভৈলা বৰ ॥২৬
পাচে ৰাম লক্ষ্মণে ঋষিৰ দেখি ডৰ ।
নাহি ভয় বুলি আশ্বাসিলা ৰঘুবৰ ॥২৭
মন্ত্ৰ পঢ়ি ৰামে শৰ যুৰিলা ধনুত ।
দেখিয়া ৰাক্ষস ভয় ভৈল অদভুত ॥২৮
বায়ু বেগে ৰামচন্দ্ৰে প্ৰহাৰন্ত শৰ ।
দাৰুণ সন্ধানে ফুটি মৰে নিশাচৰ ॥২৯
ব্ৰজতো অধিক আতি ৰামৰ সন্ধান ।
একছোটে ৰাক্ষস চলয় যমস্থান ॥৩০
লক্ষ্মণে ধৰিয়া ধনুশৰ প্ৰহাৰন্ত ।
যম যেন খেদি খেদি ৰাক্ষস মাৰন্ত ॥৩১
শাণত শনাইল শৰ যেন খুৰধাৰ ।
কৰন্ত লক্ষ্মণে ৰাক্ষসক বুন্দামাৰ ॥৩২
নিদাৰুণ ছোটে মৰি গৈল যমঘৰ ।
লক্ষ্মণে মাৰিলা আঠ কোটি নিশাচৰ ॥৩৩
ৰামৰ শৰত মৰি গৈল ছয় কোটি ।
দুই ভাই ৰাক্ষসক কৰিলা নিগুটি ॥৩৪
হেন দেখি সুবাহু ৰাক্ষস ভয়ঙ্কৰ ।
লক্ষ্মণক খেদি গৈল যম সমসৰ ॥৩৫
দেখি ভল্লশৰ যুৰি লক্ষ্মণে গুণত ।
সন্ধানে হানিলা সুবাহুৰ হৃদয়ত ॥৩৬
মহা ছোটে ফুটিয়া মৰিল দুৰাচাৰ ।
পৰিল ভূমিত সিটো পৰ্ব্বত আকাৰ ॥৩৭
দেখি মাৰীচৰ আতি ক্ৰোধ বৰ ভৈল ।
ভয়ঙ্কৰ আটাসে ৰামক খেদি গৈল ॥৩৮
হাসি ৰামে পঞ্চ শৰে ভেদি হৃদয়ক ।
বায়ুবাণ হানি উড়ুৱাইলা মাৰীচক ॥৩৯
উৰ্দ্ধমুখ কৰি চাহি আছে মুনিগণে ।
শুকান তৃণক যেন লৈ যান্ত পৱনে ॥৪০
ৰাম শৰে ৰাক্ষসক লৈ যান্ত আকাশে ।
দেখিয়া ত্ৰিদশ দেৱে খলখলি হাসে ॥৪১
মহাবেগে গৈয়া সিতো ছেৰায়া সাগৰ ।
হেট মাথে লঙ্কাত পৰিল নিশাচৰ ॥৪২
ভাঙ্গি গৈল ঘাৰ মূৰ ভৈল চিৰাচিৰ ।
ভৈল অচেতন বহে বোম্বালে ৰুধিৰ ॥৪৩
নপাৱে উশাস তেজ বহে নাকে মুখে ।
নমৰিল কথমপি জীল বৰ দুখে ॥৪৪
বাণ বিষে ক্ষণে ক্ষণে হোৱে শ্ৰুতিহত ।
ৰামময় মাত্ৰ দেখে সকলে জগত ॥৪৫
ৰামে পাইলে বুলি ভয় হোৱে স্বপনত ।
ৰাঘৱৰ শৰে লৈয়া ফুৰে আকাশত ॥৪৬
স্বপনে সচিতে সিটো ৰাম বিনে আন ।
নেদেখয় ৰামত লাগিল যেন ধ্যান ॥৪৭
নযায় নুপুহায় তাৰ ৰামৰ ভয়ত ।
এৰিলে মাৰীচে বিষয়ৰ ভোগ যত ॥৪৮
সেহি ধৰি বিদায় লইয়া ৰাৱণত ।
তপ হেতু চলি গৈয়া ৰহিল বনত ॥৪৯
ৰাম লক্ষ্মণৰ দেখি বিক্ৰম সাক্ষাত ।
পুষ্প বৰিষিলা দেৱে দুইৰো মাথাত ॥৫০
অদ্ভুত মহিমা দেখি ৰাম লক্ষ্মণৰ ।
ভৈলন্ত বিস্ময় মুনিগণ নিৰন্তৰ ॥৫১
দুই ভাইক প্ৰশংসা কৰিলা বহুতৰ ।
ধন্য ৰাম লক্ষ্মণ সাৰ্থক ধনুৰ্দ্ধৰ ॥৫২
ঈষত কটাক্ষে দুয়ো কৰি মহালীলা ।
চৌধ কোটি ৰাক্ষস ক্ষণেকে সংহৰিলা ॥৫৩
কৰ্ম্ম দেখি জানিলোঁহো নুহিকা মানুষ ।
ভৈলা অৱতাৰ হৰি পৰম পুৰুষ ॥৫৪
ৰাক্ষস মাৰিয়া ভাৰ কৰিবা নিৰ্যাণ ।
সাধিবাহা জগতৰ পৰম কল্যাণ ॥৫৫
যাৰ নামে সাঙ্গ হোৱে ধৰ্ম্ম কৰ্ম্ম হত ।
হেন তুমি ভৈলা আসি সহায় যজ্ঞত ॥৫৬
জানিলোঁহো আমাৰ ভাগ্যৰ নাহি সীমা ।
এহি মতে দুহান্তৰো বখানি মহিমা ॥৫৭
মুনিগণে সমে বিশ্বামিত্ৰ মহাঋষি ।
পূৰ্ণা দিয়া যজ্ঞ সাঙ্গ কৰিলা হৰিষি ॥৫৮
অগ্নি বিসৰ্জ্জিয়া পাচে দক্ষিণা কৰিলা ।
ৰাম লক্ষ্মণক সবে আশীৰ্ব্বাদ দিলা ॥৫৯
বিশ্বামিত্ৰ মুনিৰ হৰিষ আতি মন ।
পৰমানে ভোজন কৰাইলা মুনিগণ ॥৬০
দানে মানে সমস্তৰে মন সন্তোষিলা ।
সুবৰ্ণ ৰজত বস্ত্ৰ গায়ে গায়ে দিলা ॥৬১
ভৈলন্ত সন্তুষ্ট মুনিগণ নিৰন্তৰ ।
ৰঙ্গমনে চলি গৈলা আপোনাৰ ঘৰ ॥৬২
ৰামৰ প্ৰসাদে বিশ্বামিত্ৰ মুনিবৰ ।
যজ্ঞ সাঙ্গ কৰি ভৈলা হৰিষ বিস্তৰ ॥৬৩
হাতে লুণ্ডি ঘুণ্ডি আতি দুইহন্তৰ গাৱে ।
আশীৰ্ব্বাদ কৰি বুলিলন্ত বহু ভাৱে ॥৬৪
তুমি নাৰায়ণ দেৱ অনাদি অনন্ত ।
তুমি সে যজ্ঞৰ ফলদাতা ভগৱন্ত ॥৬৫
তুমিসে আপুনি ধৰ্ম্ম কৰ্ম্ম যজ্ঞ যত ।
জানি সমৰ্পিলোঁ যজ্ঞ তযু চৰণত ॥৬৬
তুমিসে কেৱল সত্য বোলোঁ পৰমাৰ্থ ।
তোমাৰ প্ৰসাদে ৰাম ভৈলোঁহো কৃতাৰ্থ ॥৬৭
তোমাত বিনাই আন সবে ব্যৱহাৰ ।
তাকে প্ৰবৰ্ত্তাইবে প্ৰতি ভৈলা অৱতাৰ ॥৬৮
আপুনি আচাৰাঁ ধৰ্ম্ম মনুষ্যৰ নয় ।
তোমাক ঈশ্বৰ বুলি কেহো নজানয় ॥৬৯
যোগবলে ছদ্ম হুয়া আছা মহাশয় ।
ব্যৱহাৰ পালিবাক আমাৰ লাগয় ॥৭০
যজ্ঞ ৰক্ষা কৰি হিত কৰিলা আমাক ।
উচিত প্ৰসাদ আবে কি দিবোঁ তোমাক ॥৭১