চম্পা সৰোবৰত ৰাম-লক্ষণ
ৰামায়ণ বৃত্তান্ত |
---|
|
- ২২ অধ্যায় ।
চম্পা সৰোবৰত ৰাম - লক্ষ্মণ ।
দুই ভাই পাইলা গৈয়া চম্পা সৰোৱৰ ।
কঙ্কৰক চক্ৰবাক দেখিলা বিস্তৰ ॥১
জলচৰ অনেক দেখিলা জাতিস্কাৰ ।
কুমুদ কমল পুষ্প দেখিলা অপাৰ ॥২
চম্পাৰ ভিতৰে বসি আছে এক সিদ্ধা ।
নামত শৱৰী তাই আতি বৰ বৃদ্ধা ॥৩
ৰাম লক্ষ্মণক জানি বিনয় স্বভাৱে ।
নাৰায়ণ জানিয়া নমিলা দুইৰো পাৱে ॥৪
আউৰে আউৰ কাহিনী কহিলা সেহি থাৱ ।
কৌতুকতে শৱৰীয়ে চালিলেক গাৱ ॥৫
ইন্দ্ৰে পঠাই দিলা তাইক দিব্য এক যান ।
তাতে চৰি সৱৰীয়ে ভৈলা অন্তৰ্দ্ধ্যান ॥৬
শ্ৰীৰামে লক্ষ্মণে চান্ত সৰোৱৰ চম্পা ।
চতুৰ্দ্দিশে বেঢ়ি আছে নাগেশ্বৰ চম্পা ॥৭
দেৱ নাগ ৰুৱা জাতি কনৌৰ ধুন্ধুৰ ।
লৰঙ্গ মালতি গন্ধ সঞ্চকয় দূৰ ॥৮
গুটি মালী টগৰ ৰায়তি জুতি কুন্দ ।
পাৰিজাত সন্তান চন্দন বুঁন্দা বুন্দ ॥৯
মনৰ দৰ্পণ যেন সুনিৰ্ম্মল জল ।
সূৰ্য্যৰ কিৰণ যেন ৰকত কমল ॥১০
সুগন্ধ পৱন বহে মনত উল্লাস ।
কুমুদ প্ৰকাশে চম্পা সৰোৱৰ পাশ ॥১১
জলপদ্ম স্থলপদ্ম দেখি জাতিস্কাৰ ।
শেৱালী নেৱালী পুষ্প দেখিলা অপাৰ ॥১২
মধুপায়ী চটক থাকয় ভৰি পুৰি ।
শবদতে মধু পান কৰৈ ফুৰি ফুৰি ॥১৩
ৰাঘৱে বোলন্ত লখাই কমৰ পয়ান ।
শৰীৰ ভেদিল মোৰ কাম পঞ্চ বাণ ॥১৪
চম্পা সৰোৱৰ দেখি ৰামৰ হৰিষ ।
কতক্ষণ তহিত কৰিলা বিমৰিষ ॥১৫
লক্ষ্মণে বোলন্ত দদা কৰিয়ো গমন ।
কৱন্ধৰ বোল হৈব সকলে শোভন ॥১৬
দুই ভাই লৰি গৈলা সুস্থিৰ গমনে ।
পৰ্ব্বতৰ কোল গৈয়া পাইলা তেতিক্ষণে ॥১৭
পৰ্ব্বতৰ নিকটত পন্থ বহি যান্ত ।
নানা সব গুল্ম লতা বৃক্ষ দেখিলন্ত ॥১৯
নানা সব মৃগপক্ষী দেখিলন্ত তথা ।
পাঞ্চগুটী বানৰ বসিয়া আছে তথা ॥২০
এতেকে অৰণ্য কাণ্ড ভৈলা সমাপতি ।
মাধৱে ভণন্ত মহামানিকে শুনন্তি ॥২১
- ২৩ অধ্যায় ।
- দুলৰি ।
নমো নমো ৰাম, দুৰ্ব্বাদল শ্যাম,
- তনু আতি অনুপম ।
সৰ্ব্ব পুৰুষাৰ্থ, শিৰত প্ৰকাশ,
- কৰে যাৰ গুণ নাম ॥১
সৰ্ব্ব শ্ৰুতি ৰত্ন, শিৰত বিৰাজ,
- যাহাৰ পদ কমল ।
সৰ্ব্ব ধৰ্ম্ম সাৰ, যাৰ যশোৰাশি,
- মঙ্গলৰো সুমঙ্গল ॥২
হেনয় পৰম, ঈশ্বৰ আপুনি,
- ৰাম ৰূপে অৱতৰি ।
গৃহস্থৰ যত, ধৰ্ম্মক প্ৰকাশ,
- কৰিলন্ত মহাহৰি ॥৩
ধৰ্ম্মৱন্ত শান্ত, শীতল স্বভাৱ,
- সমস্তে গুণ আলয় ।
সৰ্ব্ব ধৰ্ম্ম ময়, নিজ যশচয়,
- প্ৰচাৰিলা কৃপাময় ॥৪
মহন্ত সবৰ, কৰ্ণৰ ভূষণ,
- পৰম অমৃত ময় ।
ইহাৰ শ্ৰৱণ, কীৰ্ত্তনে তৰয়,
- মহা মহা পাপীচয় ॥৫
জানিয়া ৰামৰ, চৰিত্ৰ শুনিয়োঁ,
- সমাজিক যত যত ।
পৰম সুগম, ইসে মহাধৰ্ম্ম,
- দুৰ্ঘোৰ কলি যুগত ॥৬
ঘোৰ কলি কালে, সবাকো ব্যাপিলে,
- দেখা কৰি স্থিত বুদ্ধি ।
যত চিত্ত বিত্ত, অপৱিত্ৰ ভৈল,
- নাহি শৰীৰৰ শুদ্ধি ॥৭
মলিন জনৰ, ধৰ্ম্মত কৰ্ম্মত,
- জানা নাহি অধিকাৰ ।
দুই দুটি অক্ষৰ, ৰাম নাম লৈয়া,
- তৰিয়ো সুখে সংসাৰ ॥৮
ব্ৰহ্মা আদি দেৱে, বাঞ্ছিয়ো ন পাৱে,
- ভাৰত তনুৰ কায়া ।
হেনয় পৰম, দুৰ্ল্লভ শৰীৰ,
- কিবা ভাগ্য আছা পায়া ॥৯
হেন জানি জন্ম, জীৱন সাফলি,
- ধৰা মাধৱৰ নাম ।
ডাকি মুখ ভৰি, বোলা উচ্চ কৰি,
- নিৰন্তৰে ৰাম ৰাম ॥১০