সেনাপতি ব্ৰজদ্ৰংষ্ট
ৰামায়ণ বৃত্তান্ত |
---|
|
- ১৩ অধ্যায় ।
- সেনাপতি ব্ৰজদ্ৰংষ্ট ।
কৈৰা সেনাপতি বুলি আগক মতাইল ।
আশেষ ৰাক্ষস কুল ত্বৰিতে সাজাইল ॥১
ৰাৱণায়ে আদেশে কহিৰা অকম্পন ।
মোৰ উপকাৰী তই ত্ৰিদশত ৰণ ॥২
সব সাজ হুইয়া তই যুজিবাক চল ।
মাৰি আস গৈয়া মোৰ বৈৰক সকল ॥৩
চলি গৈলা বীৰ বৰ মঙ্গল আচৰি ।
ৰাজাক প্ৰণামি সমৰক দিলা ধাৰি ॥৪
আশেষ ৰাক্ষস সাজি গৈলা সুসম্ভৃতে ।
সুভক্ষণ কৰি গৈয়া চড়িলা ৰথতে ॥৫
ৰণক চলয় বীৰ মঙ্গল নপাৱে ।
বাম হাত পাৱ কাম্পে থিৰ নোহে গাৱে ॥৬
ধ্বজৰ উপৰে তাৰ পিৰ গৈল পেঁচ ।
ফুৰি ফুৰি ভাবুকি কৰয় কেছ কেছ ॥৭
বাধা সব নগণিয়া ৰণত প্ৰবেশ ।
শৰে হানি বানৰক মাৰিলা আশেষ ॥৮
সিংহক দেখিয়া যেন পলাই মৃগ যূথ ।
কতোহোঁ পৰিলা ৰণে পলাইলা বহুত ॥৯
সেনাগণ ভাগে দেখি মন নোহে থিৰ ।
মৈন্দ কুমুদ নল তিনি মহাবীৰ ॥১০
ৰাক্ষস বলত পৰি কৰয় কদন ।
লাঠি ভুকু চৱৰে আশেষ কৈলা ছন ॥১১
তিনি বীৰে কোবাৱন্তে যাই থিউ লাঞ্জে ।
ঠাস ঠোস কৰি ৰাক্ষসৰ মুণ্ড বাজে ॥১২
আশেষ ৰাক্ষস বল কৰিলা নিৰ্ম্মূল ।
ৰুধিৰে বহয় নদী মাংসে পঙ্কাকুল ॥১৩
অকম্পনে বোলয় সাৰথি ৰথ ডাক ।
সৈন্য সব আশ্বাসি বোলন্ত থাক থাক ॥১৪
আমি বীৰ থাকন্তে তোমাৰ ভয় কিক ।
শৰে হানি মাৰোঁ দেখাঁ বানৰ তিনিক ॥১৫
সাৰথি ডাকিয়া ৰথ অকম্পন বাকে ।
তিনিয়ো বীৰক শৰ মাৰে জাকে জাকে ॥১৬
মৈন্দ কুমুদে নলে হানিলা শিলায় ।
সবাহাঙ্কে অকম্পনে ভঙ্গাইলা লীলায়ে ॥১৭
বানৰৰ ভালুকৰ তেজে বহে গাঙ্গ ।
হনুমন্তে দেখয় তিনিৰো ভৈলা ভঙ্গ ॥১৮
ডাক দিয়া বোলে ওৰে থাক নপলাহাঁ ।
ৰাক্ষসৰ মোহোৰ ক্ষণেক যুদ্ধ চাহাঁ ॥১৯
তিনি বীৰ ৰৈলা মাৰুতিক সখা পাই ।
মাৰুতিক প্ৰতি অকম্পনে গৈলা ধাই ॥২০
শৰীৰত বিন্ধিলেক অসংখ্যাত শৰে ।
হনুমন্ত বীৰে তাক কটাক্ষ নকৰে ॥২১
বায়ুপুত্ৰে কতোদূৰে কৰিলা লৱৰ ।
উপৰিয়া আনিলন্ত শাল বৃক্ষবৰ ॥২২
লীলাৰূপে উচ্চায়া দক্ষিণ হাত তুলি ।
অকম্পন বীৰক হানিলা হুঃ বুলি ॥২৩
বিম্বাদ শবদে শাল বৃক্ষ আসে ছানি ।
অকম্পনে কাটিলন্ত অৰ্দ্ধচন্দ্ৰ হানি ॥২৪
খণ্ড খণ্ড হুয়া যেবে পৰি গৈলা শাল ।
মাৰুতি বোলয় কিনো মুনিষ বিশাল ॥২৫
অশ্বকৰ্ণ নামে বৃক্ষ লৈলন্ত উপাৰি ।
আশেষ ৰাক্ষস মাৰিলন্ত বৃক্ষ বাৰি ॥২৬
দেখি কুপিলন্ত অকম্পন নিশাচৰ ।
মাৰুতি বোলন্ত কিনো মুনিষ ডাঙ্গৰ ॥২৭
ক্ৰোধিলন্ত হনুমন্ত বীৰ বলীয়াৰ ।
বৃক্ষ ফুৰাৱন্তে কোল চাপিলা তাহাৰ ॥২৮
গাৱৰ সন্ধানে কোব বৈসাইলেক তুলি ।
অকম্পন পৰিলা ভাঙ্গিলা শিৰখুলি ॥২৯
অকম্পন বীৰক মাৰিলা কপিসিংহ ।
কৌতুকতে ভালুক বানৰে দিলা ৰিঙ্গ ॥৩০
ৰাক্ষসক বানৰে মাৰয় যূথে যূথে ।
কতোহোঁ মৰিলা লঙ্কা গৈলেক বহুতে ॥৩১
ৰম জয় ভৈলন্ত শ্ৰীমন্ত মুখ জ্বলে ।
ৰামৰ পাশক চলি গৈলা কৌতূহলে ॥৩২
শ্ৰীৰাম যে লক্ষ্মণ সুগ্ৰীৱ বিভীষণ ।
তেজ বুদ্ধি বঢ়াইলা প্ৰশংসি ঘনে ঘন ॥৩৩
ৰাৱণে শুনয় মাৰুতিৰ জয় জয় ।
অকম্পন পৰিলা শুনিয়া ভৈলা ভয় ॥৩৪
কতোক্ষণে বিমৰিষি থিৰ কৰি চাইলা ।
বজ্ৰদংষ্ট্ৰ ৰাক্ষসক আগক মতাইলা ॥৩৫
বজ্ৰদংষ্ট্ৰ তই যে মাৰিয়ো ৰামক ।
তইসে সহায়ে মই জানিলো যমক ॥৩৬
দেবাসুৰ লোকে যেবে হাৰিলন্ত তোক ।
ঘোৰ আপদত তই তাৰিএৰ মোক ॥৩৭
বজ্ৰদংষ্ট্ৰে বোলে তুমি মন কৰাঁ থিৰ ।
ৰামৰ বলত মোক সম নাই বীৰ ॥৩৮
তপস্বীয়া দোগোটাৰ ছৰাওঁ আজি প্ৰাণ ।
ত্ৰিশূল সদৃশ মোৰ দেখিয়োক বাণ ॥৩৯
ৰাজাক প্ৰণামি চতুৰঙ্গ দলে সাজি ।
সমৰক চলিলা ধনুক গুণ মাজি ॥৪০
ৰণচণ্ডী সুমৰি শিৰত হাতযোৰে ।
ঝাণ্টি খাই পৰিল ৰথৰ চাৰি ঘোড়ে ॥৪১
বাহুৰিয়া দেখিল মুকুত কেশ মুণ্ড ।
আকাশৰ হন্তে পৰি গৈলা অগ্নিকুণ্ড ॥৪২
কাক সবে কাঢ়ে ৰাৱ তাৰ মুখ চাই ।
ছৱালকো হাঞ্চাৰে নাকত সালা বাই ॥৪৩
বাধা নব নগণিয়া ৰণক হৰ্ষিত ।
তেতিক্ষণে বীৰ গৈয়া আণ্টাইলা ত্বৰিত ॥৪৪
ৰাক্ষস বানৰে ভৈলা দুৰ্ঘোৰি সমৰ ।
ইভিতিৰ সেনা পৰি গৈলা যম ঘৰ ॥৪৫
ৰাক্ষসক ভঙ্গাইলেক বানৰৰ বলে ।
হেন দেখি বজ্ৰদংষ্ট্ৰে হাসে খলখলে ॥৪৬
তৃণত অগণি যেন ক্ৰোধে বৰ চণ্ড ।
শৰে হানি বানৰক কৰে ৰণ্ড ভণ্ড ॥৪৭
নদী বহে বানৰৰ ভালুক ৰুধিৰে ।
দেখি আতি কুপিলা সুগ্ৰীৱ মহাবীৰে ॥৪৮
ডেৱ দিয়া সৈন্যৰ মাজত গৈয়া পৰি ।
আশেষ মাৰিলা লাঠি ভুকু লাঞ্জ বাৰি ॥৪৯
ৰাক্ষস শুকান বন সুগ্ৰীৱ অগনি ।
অসংখ্যাত সংহৰিলা ৰমভূমি ছানি ॥৫০
কতো বৃক্ষ হানে কতো শিখৰ প্ৰচণ্ড ।
ৰাক্ষসক পিশাচক কৈলা খণ্ড খণ্ড ॥৫১
ৰুধিৰৰ গম্ভীৰ সম্পূৰ্ণ নদী বহে ।
বজ্ৰদংষ্ট্ৰৰ দেখি শৰীৰ নসহে ॥৫২
আগ ভেণ্টি বোলয় বানৰা থাক থাক ।
চতুৰ্দ্দিশে বেঢ়িয়া দিলেক অস্ত্ৰজাক ॥৫৩
প্ৰহাৰক নগণি সুগ্ৰীৱ মহাবীৰ ।
চৱৰে চিণ্ডিল তাৰ ঘোটকৰ শিৰ ॥৫৪
ডালে মূলে শাল বৃক্ষ ধৰিলন্ত তুলি ।
বজ্ৰদংষ্ট্ৰ বীৰক হানিলা হুঃ বুলি ॥৫৫
শাল বৃক্ষ আইসে দেখি ঘোৰ নিশাচৰে ।
বৃক্ষ কাটি পেলাইলা দাৰুণ ছয় শৰে ॥৫৬
তৰু চূৰ্ণ ভৈলা দেখি ৰাক্ষসৰ বলে ।
বজ্ৰদংষ্ট্ৰক প্ৰশংসন্ত আতি কৌতূহলে ॥৫৭
সূৰ্য্যৰ তনয় ৰিঙ্গ শুনিয়া খঙ্গিলা ।
আউৰ হাতে উপাৰিয়া আনিলন্ত শিলা ॥৫৮
বিম্বাদ শবদে যেবে শিলা বহি যাই ।
বজ্ৰদংষ্ট্ৰ ডেৱ দিলা হাতে গদা লৈ ॥৫৯
ৰথৰ উপৰে তাৰ পৰি গৈলা শিৰ ।
সাৰথি ঘোটক ৰথ চাপিয়া পিশিল ॥৬০
দুই হাতে আশেষ বৃক্ষ আজুৰিয়া থাকে ।
হানি হানি মাৰয় ৰাক্ষস জাকে জাকে ॥৬১
বজ্ৰদংষ্ট্ৰে ৰথ ভঙ্গে যুজয় পয়দা ।
বলে হানিলেক বীৰে ভয়ঙ্কৰ গদা ॥৬২
শিলাত পৰিয়া চূৰ্ণ যেন পৰমণ্ড ।
সুগ্ৰীৱৰ হৃদয়ত ভৈলা খণ্ড খণ্ড ॥৬৩
প্ৰহাৰক নগণি সুগ্ৰীৱ মত্তসিংহ ।
লাঞ্জে উপাৰিয়া লৈলা পৰ্ব্বতৰ শৃঙ্গ ॥৬৪
মুণ্ডত হানিলা নিয়া ঠাটকাৰ কৰি ।
বজ্ৰদংষ্ট্ৰ ভূমিত পৰিয়া গৈলা মৰি ॥৬৫
ৰাক্ষসৰ সেনাগণ পলাইল বিভঙ্গে ।
বানৰে খেদিয়া মাৰে আতি বৰ ৰঙ্গে ॥৬৬
লঙ্কাত পশিলা গৈয়া যিবা কিছু জীল ।
সুগ্ৰীৱ বীৰক ৰামচন্দ্ৰে প্ৰশংসিল ॥৬৭
বজ্ৰদংষ্ট্ৰ পৰিলেক শুনিয়া ৰাৱণে ।
মহামৰ্ম্মে বিষাদ কৰয় ঘনে ঘনে ॥৬৮
মন্ত্ৰীগণ সমন্বিতে আলোচয় কায ।
এবে কেন মতে থিৰ কৰিবোহোঁ ৰাজ ॥৬৯
পাত্ৰ সমন্বিতে ৰাজা সবে ছপকাৰে ।
চতুৰ্দ্দিশে ফুৰি সৈন্য চাহিলা লঙ্কাৰে ॥৭০
সব দিশ আকলিলা চাৰিয়ো দুৱাৰে ।
দেৱাসুৰ নৰে কেহোঁ লঙ্ঘিতে নপাৰে ॥৭১
বোলন্ত কন্দলী শুনা সভাসদ গণ ।
পৰম অমৃত ইটো কথা ৰামায়ণ ॥৭২
কৰ্ণ ভৰি শুনা আক কৰা দুখ দূৰ ।
বোলোঁ ৰাম ৰাম হৌক পাপ মষিমূৰ ॥৭৩