ৰামচন্দ্ৰৰ ৰাজ্যাভিষেক
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৫৫ অধ্যায় ।
ৰামচন্দ্ৰৰ ৰাজ্যাভিষেক ।
- দুলৰি ।
বশিষ্ঠ গৌতম, ক্ষত্ৰি বিশ্বামিত্ৰ,
- বিতিহোত্ৰ পৰাশৰ ।
কাত্যায়ন ভৰ-, দ্বাজ ৰামদেৱ,
- আদি মুনি নিৰন্তৰ ॥১
বহু বিধ ফলে, নানা তীৰ্থ জলে,
- ৰাঘৱ সীতা স্নানিল ।
বিধি ব্যৱহাৰে, অগনি জ্বালিয়া,
- অশেষ আহুতি দিল ॥২
ৰাজ্যৰ যতেক, মুখ্য মুখ্যতৰ,
- ব্ৰাহ্মণ পাত্ৰ সকলে ।
শ্ৰীৰাম সীতাক, ৰাজ্য জোকাৰিলা,
- চাৰি সাগৰৰ জলে ॥৩
নৃত্য গীত বাদ্য, ভণ্ডৰ শবদে,
- মিলি গৈলা কোলাহল ।
ৰামৰ যি বেটা, অনিষ্ট চিন্তিলে,
- সিটো গৈলা ৰসাতল ॥৪
সকল আকাশ, পূৰিয়া আনন্দ,
- ইন্দ্ৰাদি দেৱ সকলে ।
সব নদী জল, সৰ্ব্বৌষধিগণ,
- দূৰ্ব্বাক্ষত ফুলে জলে ॥৫
স্বৰ্গে দেৱবাদ্য, বজাৱে গন্ধৰ্ব্বে,
- গাৱয় বাৱয় তাল ।
পৃথিবী গগন, স্বৰ্গৰ ভুবন,
- ৰিঙ্গ জৌতি কোলাহল ॥৬
ধৱল ছত্ৰেক, তুলিয়া ধৰিল,
- সুবিনীত শত্ৰুঘণে ।
শুক্ল যে চামৰে, ঢুলিতে লাগিল,
- সুগ্ৰীৱয়ে হনুমানে ॥৭
চন্দ্ৰৰ সদৃশ, ধৱল চামৰে,
- বিঞ্চে আৰো বিভীষণে ।
ভৰতে আপনি, ৰাজ্য জোকাৰিলা,
- নানাবিধ পাত্ৰগণে ॥৮
ৰতনে মণ্ডিত, শুদ্ধ সুৱৰ্ণৰ,
- শতেক পদ্মৰ মালা ।
বায়ুত কৰিয়া, ইন্দ্ৰে পঠাইলন্ত,
- ৰামক ভূষিয়া কালা ॥৯
মাণিকে ৰচিত, গ্ৰীৱক লাগিয়া,
- মালা গজ মুকুতাৰ ।
কুবেৰে আনিয়া, ৰামক দিলন্ত,
- দেখি বৰ জ্যোতিষ্কাৰ ॥১০
কৰ্ম্মাগতে ৰাজ্য, ৰাঘৱে পাইলন্ত
- হৰিষ বৰ মিলিল ।
হৃষ্ট পুষ্ট বাছি, এক লক্ষ ধেনু,
- ব্ৰাহ্মণক দান দিল ॥১১
অযুত বলধ, ত্ৰিশ কোটি তোলা,
- দিলন্ত শুদ্ধ সুবৰ্ণ ।
অযুতেক গ্ৰাম, দিলা ধনে জনে,
- সকল শস্যে সম্পূৰ্ণ ॥১২
সূৰ্য্যৰ সদৃশ, কিৰীটি জ্বলয়,
- সুবৰ্ণ ৰত্নে খচিত ।
আতি সুশোভিত, বিচিত্ৰ মালাক,
- পিন্ধিলা সুগ্ৰীৱ মিত্ৰ ॥১৩
বালিপুত্ৰ বুলি, অঙ্গদক ৰামে,
- আগক লাগি মতাইল ।
কনকে ৰচিত, মনিময় দুই,
- কুণ্ডল তুলি পিন্ধাইল ॥১৪
ছিকি মিকি কৰে, ৰতন মাণিক,
- নিৰমল আতি তাৰ ।
সীতাৰ গলত, ৰাঘৱে পিন্ধাইলা,
- শুদ্ধ মুকুতাৰ হাৰ ॥১৫
দেৱাঙ্গ বস্ত্ৰক, গাৱত চড়াইলা,
- সব অলঙ্কাৰে মণ্ডি ।
নাৰায়ণ পাশে, যেন লক্ষ্মী দেবী,
- হৰৰ কোলত চণ্ডী ॥১৬
যতেক সুন্দৰী, তথাতে মিলিলা,
- সুমণ্ডিত অলঙ্কাৰে ।
কানি আঙ্গুলিৰ, ৰূপৰ সদৃশ,
- নভৈলে কেহোঁ সীতাৰে ॥১৭
নব নগৰৰ, সুন্দৰী মিলিল,
- সুবিনীত বৰবালা ।
শৰত কালৰ, চন্দ্ৰক যেহেন,
- বেঢ়িলা নক্ষত্ৰ মালা ॥১৮
লক্ষ কৌটি কৌটি, ধন তাৰ মূল্য,
- স্বৰ্গ গজমতী হাৰ ।
সীতা দেবী তাক, হাতত লৈলন্ত,
- কাঢ়িয়া আনি গলৰ ॥১৯
মাৰুতিক লক্ষে, দেবী সহৰিষে,
- হাস্যমনে মনে চাই ।
হাসিয়া সীতাক, ৰাঘৱে বোলন্ত,
- দিয়ো যাক অভিপ্ৰায় ॥২০
স্বামীৰ বচন, শুনিয়া জানকী,
- আনন্দ হৰিষ পাইল ।
বায়ুৰ পুত্ৰক, লাগি আপনাৰ,
- কণ্ঠৰ হাৰ পেলাইল ॥২১
হনুমন্ত বীৰে, হৰিষে পিন্ধিলা,
- মনোময় গজমতি ।
মেৰু পৰ্ব্বতৰ, উপৰে শোভয়,
- চন্দ্ৰৰ যেন জেউতি ॥২২
যত যত সব, মুখ্য কপিগণ,
- নল নীল দধি তাৰ ।
সবাৰ মনক, পুৰিয়া ৰাঘৱে,
- পিন্ধাইলন্ত অলঙ্কাৰ ॥২৩
সকল সম্পত্তি, দেখিয়া ৰাঘৱে,
- হৰিষ পাইলা আশেষ ।
মাস দিল তৈত, সুখতে আছিলা,
- চলিলা আপন দেশ ॥২৪