কান্যকুজ্বৰ বিৱৰণ
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৩৬ অধ্যায়
- কন্যাকুব্জৰ বিবৰণ
ঋষিত পুছিলা ৰামে কৰিয়া সাদৰ ।
কাৰ ইতো ৰাজ্য কহিয়োক মুনিবৰ ॥১
মুনিয়ে বোলন্ত ৰাম শুনিয়ো হৰিষি ।
কুশধ্বজ নামে আছিলন্ত ৰাজ ঋষি ॥২
উপজিল তান ঘৰে কন্যা এক শত ।
বিদ্যাধৰী সবে সম নুহিকে ৰূপত ॥৩
নৃত্য গীত কৰি সদা থাকে পুষ্পবনে ।
দেখি কামে বিমোহিত ভৈলন্ত পৱনে ॥৪
আসিলন্ত বায়ু পাচে তাসম্বাৰ পাশ ।
কৰিলন্ত কন্যাগণে তাহাঙ্ক নৈৰাশ ॥৫
দেখি কোপ কৰি বায়ু উনপঞ্চাশত ।
ভাঙ্গিলন্ত মধ্যদেহ পশি শৰীৰত ॥৬
কান্যকুব্জ নাম দেশ ভৈল সেহি ধৰি ।
কুশধ্বজে মনত আছন্ত চিন্তা কৰি ॥৭
তাহান পাশক আইল ঋষি ব্ৰহ্মদত্ত ।
তাহাঙ্ক দিলন্ত দান কন্যা এক শত ॥৮
তুষ্ট ভৈলা ব্ৰহ্মদত্ত পায়া কন্যাগণ ।
হৰিষে বুলিলা কুশধ্বজৰ বচন ॥৯
হৈবেক তোমাৰ এক তনয় উত্তম ।
এহি বুলি গৈলা ঋষি আপোন আশ্ৰম ॥১০
হৰিষে আছন্ত কুশধ্বজ মহাশয় ।
ভৈলন্ত সুপাশু নামে তাহান তনয় ॥১১
কুশনাভ নামে পুত্ৰ ভৈল সুপাশুৰ ।
ভৈলন্ত তাহান গাধি নামে পুত্ৰবৰ ॥১২
আমাৰ জনক গাধি জানা মহাশয় ।
বিশ্বামিত্ৰ নামে আমি গাধিৰ তনয় ॥১৩
বংশাৱলী কথা ৰাম কহিলোঁ নিশেষ ।
কান্যকুব্জ নামে আমাসাৰ নিজ দেশ ॥১৪