চাৰি ভাইৰ বিবাহ
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৪৩ অধ্যায়
- চাৰি ভাইৰ বিবাহ
- পদ
নানা জয় মঙ্গল প্ৰজাৰ কোলাহল ।
বহুবিধ শবদে কৰ্ণত হানে তাল ॥১
ত্ৰৈলোক্যৰ লোক এক থান মিথিলাত ।
ব্ৰহ্মা আদি বসি আছা বিয়াৰ সভাত ॥২
মধুৰ মৃদঙ্গ ধৰি বিদ্যাধৰে বাজে ।
গন্ধৰ্ব্ব সকলে সুললিত গীত গাৱে ॥৩
মুখ্য মুখ্য বাছি অপেচৰা কৰে নাট ।
নানা ছন্দে বিছন্দে চপয়া পঢ়ে ভাট ॥৪
নানা থানে নানাৰঙ্গ নানা কৌতূহলে ।
নানা কুটি নাটি লোকে কৰয় সকলে ॥৫
প্ৰজায়ে জুৰিল হাট খাট বাট মানে ।
নানাবিধ ৰস মিলি আছে থানে থানে ॥৬
সৰ্ব্বজান জনক নৃপতি মহামতি ।
দেৱ পিতৃ কৰ্ম্ম যত কৰি সমাপতি ॥৭
দ্বিজ কন্যাগণ মাতি আনিয়া সমস্ত ।
মঙ্গল আচাৰ কৰাইলন্ত যত যত ॥৮
লৌকিক বৈদিক ব্যৱহাৰ নিৰন্তৰ ।
সমস্তে কৰাইলা ৰাজা বিধি বিদাম্বৰ ॥৯
আয়তী সকলে কৰি মঙ্গল বিধান ।
চাৰি বৰ চাৰি কন্যা কৰাইলন্ত স্নান ॥১০
দিব্য বস্ত্ৰ অলঙ্কাৰে কৰাইলা ভূষণ ।
হাতত দিলন্ত ফল কটাৰি দৰ্পণ ॥১১
মেনকা সুন্দৰী মহাদই জনকৰ ।
সঙ্গে লৈয়া দ্বিজ কন্যাগণ নিৰন্তৰ ॥১২
সীতা সতী ঊৰ্ম্মিলা মাণ্ডৱী শ্ৰুতকীৰ্ত্তি ।
চাৰিৰো মঙ্গল আচৰিলা ভিনি ভিনি ॥১৩
নানাবিধ বিভূষণে কৰাইলা ভূষিত ।
কপালে তিলক দিলা কৰি সুবলি ॥১৪
সিন্দুৰৰ মাজে দিলা চন্দন ধৱল ।
সুবিচিত্ৰ কৰি দিলা নয়নে কাজল ॥১৫
কুশধ্বজ মহামতি নৃপতি জনক ।
অৰ্চ্চিলন্ত বিধিৱতে চাৰি কুমাৰক ॥১৬
দিলন্ত চাৰিকো বিহা মণ্ডপৰ তলে ।
চাৰিৰ প্ৰকাশে সভাখান আতি জ্বলে ॥১৭
বিবাহৰ লগ্ন আসি ভৈল অনন্তৰে ।
জানি পাচে হৰিষে জনক নৃপবৰে ॥১৮
কন্যা সম্প্ৰদান কৰিবাক বসিলন্ত ।
ৰামে সমে দেৱতা সবাক অৰ্চ্চিলন্ত ॥১৯
বিশ্বামিত্ৰে বিধি পাঠ কৰন্ত হৰিষি ।
ৰঙ্গে হোম কৰন্ত বশিষ্ঠ মহাঋষি ॥২০
যেন অনুক্ৰমে বিধি আচৰিয়া তাক ।
ৰামৰ লগত নিয়া বসাইলা সীতাক ॥২১
তিল কূশ ধৰিয়া জনক নৰনাথে ।
উত্সৰ্গি সীতাক দিলা ৰাঘৱৰ হাতে ॥২২
সেহি সময়ত ভৈলা মহা মহোত্সৱ ।
উৰুলি জোকাৰ বহুবিধ জয় ৰৱ ॥২৩
দেৱ মনুষ্যৰ বাদ্য একত্ৰে বাজয় ।
সিদ্ধ মুনি সকলে কুসুম বৰিষয় ॥২৪
বেদধ্বনি কৰন্ত সকলে দেৱগণ ।
নানা শুভ মঙ্গল ঘোষয় সৰ্ব্বজন ॥২৫
সমস্ত লোকৰ মহা মিলিল হৰিষ ।
জয় জয় ৰামধ্বনি শুনি দশোদিশ ॥২৬
জনক নৃপতি আতি পূৰি মনোৰথ ।
অনেক যৌতুক দিলা সীতাৰ লগত ॥২৭
হয় হস্তী ৰথ দোলা দাসী দাস দেশ ।
মুকুতা মাণিক ৰত্ন দিলন্ত অশেষ ॥২৮
দিব্য বস্ত্ৰ অলঙ্কাৰ সুবৰ্ণ ৰজত ।
ঘটস্ৰৱা ধেনু উত্সৰ্গিলা শতে শত ॥২৯
এহেন্তে ঈশ্বৰ বুলি মনত জানিলা ।
ৰাজ্যভাৰ সমস্তে ৰামত সমৰ্পিলা ॥৩০
আজিসে কৰিলোঁ সবে পুৰুষ উদ্ধাৰ ।
পৰম ঈশ্বৰ জোৱাঁই ভৈলন্ত আমাৰ ॥৩১
ভৈলোঁহো কৃতাৰ্থ বুলি আনন্দে নাচন্ত ।
অনন্তৰে ব্ৰহ্মা আদি যতেক আছন্ত ॥৩২
যাৰ যেন মত ইচ্ছা তাকে উত্সৰ্গিল ।
সুবৰ্ণ মাণিক ৰত্নে যেন বৰিষিল ॥৩৩
ত্ৰৈলোক্যেৰ লোক সবে উত্সৰ্গা কৰিল ।
যৌতুক সম্ভাৰে পুৰী মিথিলা ভৰিল ॥৩৪
অনন্তৰে লক্ষ্মণক জনক নৃপতি ।
ঊৰ্ম্মিলাক বিবাহ দিলন্ত মহামতি ॥৩৫
লক্ষ্মণকো যৌতুক দিলন্ত বহুতৰ ।
তাত পাচে কুশধ্বজ ভাতৃ জনকৰ ॥৩৬
নিজ জীউ মাণ্ডৱী সুন্দৰী মহাসতী ।
ভৰতক বিবাহ দিলন্ত মহামতি ॥৩৭
শ্ৰুতকীৰ্ত্তিক দিলা শত্ৰুঘনক উত্সুকে ।
অনেক যৌতুক দুইকো দিলন্ত কৌতুকে ॥৩৮
জনক নৃপতি কুশধ্বজ মহাসন্ত ।
দুই ভাইৰ চাৰি কন্যা চাৰিকো দিলন্ত ॥৩৯
বস্ত্ৰ অলঙ্কাৰ পুষ্প তাম্বুল চন্দনে ।
যাথা যোগ্য সমজ্যা ৰঞ্জিল ৰঙ্গ মনে ॥৪০
সতকাৰ লভিয়া সন্তোষ আতি ভৈলা ।
স্বকী স্বকী থানে ব্ৰহ্মা আদি চলি গৈলা ॥৪১
জনক নৃপতি বৰ কন্যা আঠজন ।
পৰমানে পঞ্চমৃতে কৰাইলা ভোজন ॥৪২
পুষ্প শয্যা মাজে পাচে কৰাইলা শয়ন ।
সুখে অনন্তৰে ভৈলা ৰজনী প্ৰসন্ন ॥৪৩
কৰিলন্ত স্নান দান উঠি প্ৰভাতত ।
কৰাইলন্ত বাসি বিহা হৰিষে মনত ॥৪৪
দশৰথে মাতিলন্ত জনক ৰাজাক ।
বৰ কন্যা সমে বিহাই পাঠায়ো আমাক ॥৪৫
ৰাজা হুয়া আসি আছোঁ পাট পৰিহৰি ।
শত্ৰু শঙ্কা লাগে চলি যাওঁ শীঘ্ৰ কৰি ॥৪৬
শুনি অন্তঃপুৰে গৈয়া জনক নৃপতি ।
সীতাক প্ৰবোধ বুলিলন্ত মহামতি ॥৪৭
অযোনিকা তোমাক লভিলোঁ যজ্ঞভূমি ।
পিতৃৰ মাতৃৰ প্ৰিয়তম জিউ তুমি ॥৪৮
ত্ৰিভুবনে নিৰুপমা তুমি মহাসতী ।
পৰম দুৰ্ল্লভ আতি লভিলা সুপতি ॥৪৯
সতী স্ত্ৰী সকলৰ স্বামীস ভূষণ ।
কদাচিতো নলঙ্ঘিবা ৰামৰ বচন ॥৫০
একচিত্তে সেৱা কৰিবাহা সৰ্ব্বক্ষণে ।
কৰিবা শুশ্ৰূষা শাশু শশুৰ চৰণে ॥৫১
অৱহেলা নকৰিবা দেৱৰ সৱক ।
কৰিবাহা দায়া আতি সমস্তে জনক ॥৫২
তেবে তযু শুদ্ধ যশে জুৰিব সংসাৰ ।
ইহ পৰলোকে সুখ মিলিবে তোমাৰ ॥৫৩
নালাগে শিখাবে সবে জানাহা আপোনে ।
তোমাৰ সদৃশ আৰু নাহি একো গুণে ॥৫৪
পাচে আসি মেনকা জনক পটেশ্বৰী ।
কৰন্ত ক্ৰন্দন জানকীৰ গলে ধৰি ॥৫৫
কাক লাগি এতমান কৰিয়ো জীয়াই ।
ঘৰ শুৱনীয়া কৈক যাইবে সীতা আই ॥৫৬
সীতা সীতা বুলি নাম লৈবোহো কাহাৰ ।
তই গৈলে প্ৰাণ কেনে ৰহিব আমাৰ ॥৫৭
আজি সৰ্ব্বশূন্য কৰি যাইবে মোৰ ঘৰ ।
আনেসে আপোন ভৈল মই ভৈলোঁ পৰ ॥৫৮
মোৰ বুকু শূন্য কৰি কোনে লৈয়া যায় ।
থাকিবি কাহাৰ গৈয়া ঘৰক শুৱাই ॥৫৯
কৌশল্যা বিহণী আছা কত তপসাই ।
আজি তান বুকু জুৰাইবেক তোক পাই ॥৬০
সীতায়ো কান্দয় মেনকাৰ ধৰি গলে ।
কৰয় ক্ৰন্দন আৰ সুহৃদ সকলে ॥৬১
একত্ৰে কান্দয় মিথিলাৰ নাৰীনৰ ।
আতিশয় ঊৰ্ম্ম উথলিলা ক্ৰন্দনৰ ॥৬২
কৈক যাহা সীতা সতী জীউ জনকৰ ।
আজি শূন্য কৰিলাহা মিথিলা নগৰ ॥৬৩
তই বিনে দুখত মৰিলোঁ সৰ্ব্বজন ।
অযোধ্যাপুৰীৰ বিধি ভৈলা সুপ্ৰসন ॥৬৪
চক্ষুৰ লোতক মুছি জনক নৃপতি ।
কৰিলন্ত দশৰথ ৰাজাত ভকতি ॥৬৫
বুলিলন্ত বিনয় ধৰিয়া তান হাতে ।
সীতা জীউ খানি মোৰ সৰ্পিলোঁ তোমাতে ॥৬৬
জীউ বুলি প্ৰতিপাল কৰিবা বিহাই ।
বিহণীক বুলিবাহা আপুনি বুজাই ॥৬৭
তুলিতালি বৰ কৰি দিলোঁ জানকীক ।
আপুনি পালিবা কিবা বুলিবোঁ অধিক ॥৬৮
অনন্তৰে দশৰথ উত্সুকে মনত ।
চাৰি পুত্ৰ চাৰি বধূ তুলি বিমানত ॥৬৯
সুমন্ত্ৰ যোগাইলা ৰথ তাতে চড়িলন্ত ।
অযোধ্যাক প্ৰতি শুভ ক্ষণে লৰিলন্ত ॥৭০
আগে পাচে বজাৱয় ব্যাল্লিশ বাজন ।
চমত্কাৰে সাজিয়া চলিল সেনাগণ ॥৭১
ধ্বজ দণ্ড তুলি প্ৰজা কৰে জয় জয় ।
অসংখ্য প্ৰমাণ ৰথপতি হস্তীচয় ॥৭২
চানিলেক দিশ পাশ শবদ কল্লোলে ।
প্ৰজাৰ আন্দোলে মহীমণ্ডল হিন্দোলে ॥৭৩
চলিল আনন্দে দশৰথ মহামতি ।
মিথিলাৰ লোক সমে জনক নৃপতি ॥৭৪
আগ বঢ়াইবাক প্ৰতি গৈলা নৰেশ্বৰ ।
হৰিষে চলিলা বিশ্বামিত্ৰ মুনিবৰ ॥৭৫
সীতাসমে ৰামচন্দ্ৰ যান্ত বিমানত ।
ৰোহিনী সহিতে যেন চন্দ্ৰ আকাশত ॥৭৬
দুৰ্ব্বাদল শ্যাম ৰাম দেৱৰ শৰীৰ ।
সুবৰ্ণ গৌৰাঙ্গ তনু সীতা গোসানীৰ ॥৭৭
দুইহন্তৰো ৰূপে দশোদিশ প্ৰকাশয় ।
পথিক লোকৰ আতি মনক হৰয় ॥৭৮
ঊৰ্দ্ধমুখ হুয়া চাহি আছে সৰ্ব্বজনে ।
যেন অমৃতক পান কৰয় নয়নে ॥৭৯
নখণ্ডয় তৃপিতি চাহয় নেত্ৰ ভৰি ।
ৰামৰ ৰূপক যেন পিয়ে চলু কৰি ॥৮০
জলকুম্ভ কাখে লৈয়া যৱতী সকলে ।
ৰামৰ ৰূপক চাহি থাকে কৌতূহলে ॥৮১
চিত্ৰৰ পুতুলি যেন নভাসে নয়ন ।
ৰামৰ সীতাৰ ৰূপে হৰিলেক মন ॥৮২
পৰম তৃপিতি হুয়া যত নাৰী নৰে ।
ৰামক সীতাক প্ৰশংসয় নিৰন্তৰে ॥৮৩
ধন্য ৰামচন্দ্ৰ ধন্য সীতা বৰ নাৰী ।
দুইহন্তৰ পটন্তৰ দিবাক নপাৰি ॥৮৪
পুৰুষ ৰতন ৰাম ত্ৰিভুবনে সাৰ ।
নাহিকে সমান আন জানকী সীতাৰ ॥৮৫
প্ৰবন্ধে স্ৰজিলা বিধি দুইহানো ৰূপক ।
ধন্য মাৱ বাপ তুলিলেক দুইজনক ॥৮৬
এহিমতে প্ৰশংসয় পথিক সকলে ।
দশৰথ ৰাজা চলি যান্ত কৌতূহলে ॥৮৭
গৈলন্ত জনক কতোদূৰ আনন্দতে ।
বুলি মাতি পলটাই পঠাইলা দশৰথে ॥৮৮
পাত্ৰ পুৰোহিত চাৰি পুত্ৰ লৈয়া সঙ্গে ।
অযোধ্যাক যান্ত চলি দশৰথ ৰঙ্গে ॥৮৯
সেহি বেলা বাত বৃষ্টি ভৈলা আকাশত ।
ৰাজাৰ আগত আসি ভৈলা বজ্ৰপাত ॥৯০
নমনয় দিশপাশ ভৈল অন্ধকাৰ ।
কৰে মৰমৰ চক্ৰ ৰথৰ ৰাজাৰ ॥৯১
ঘোৰ শিলা সম্পা বায়ু বহে বিপৰীত ।
হস্তী ঘোড়া সেনা যত ভৈল ভয়ে ভীত ॥৯২
শীতে পীড়িলেক থিৰ নোহে হাত ভৰি ।
নাসে মুখে মাত বুকু কাম্পে তৰবাৰি ॥৯৩
যিবা যৈত আছিল তহিতে তম্ভি ৰৈল ।
ৰাজাৰ আগত ৰক্তময় বৃষ্টি ভৈল ॥৯৪
নানাবিধ বিমঙ্গল দেখি আতিশয় ।
বশিষ্ঠত নৃপে পুছিলন্ত হুয়া ভয় ॥৯৫
ইহাৰ কাৰণ কহিয়োক মুনিবৰ ।
কি কাৰণে পথত এতেক অথান্তৰ ॥৯৬
কোন বা বিঘিনি ভৈল আমাৰ ৰাজ্যত ।
অন্ধকাৰ শাপ জানো ভৈল উপগত ॥৯৭
গুচিল আমাৰ জানো ৰাজ্য ভাৰ যত ।
কিবা মোৰ আয়ু আসি ভৈল সমাপত ॥৯৮
শুনিয়া ৰাজাক দিলা প্ৰবোধ বশিষ্ঠে ।
নাহি কিছু শঙ্কা ৰাজা জানিবাহা নিষ্ঠে ॥৯৯