মন্ত্ৰী সুনম্তক বিদায়
ৰামায়ণ বৃত্তান্ত |
---|
|
- ১৯ অধ্যায়
- মন্ত্ৰী সুমন্ত্ৰক বিদায়
- দুলৰি ।
আমাৰ বাপৰ, তুমি প্ৰিয়মন্ত্ৰী,
- বচন মোৰ শুনহ ।
দুখৰ ভাজন, বাপৰ আগত,
- কুশল বাৰ্ত্তাক কহ ॥১
জীৱন্তে আছন্ত, দুখৰ ভাজনী,
- কৌশল্যা সুমিত্ৰা আই ।
কৈবে দুইৰো আগে, সুখে জীৱে তিনি,
- স্বাদু বনফল খাই ॥২
কৈকেয়ী প্ৰমুখ্যে, মাৱক প্ৰণামি,
- জনাইবাহা পাচে মোক ।
ৰামে বুলিলন্ত, ভালে মই আছোঁ,
- তুমি সব তেজা শোক ॥৩
বাপৰ চৰণ, বলিয়া বুলিবি,
- তোমাত ৰাম ভকত ।
আছো বনবাস, তযু সত্য পালি,
- নৰক যাইতে শকত ॥৪
ভৰতক ঝাণ্টে, ৰাজ্যে থাপিয়োক,
- তেজিয়োক সব শোক ।
অবিৰোধে বন, তেজিয়া যাইবো,
- ত্বৰিতে দেখিবা মোক ॥৫
ভৰতক মোৰ, বচন বুলিবি,
- শুভাষিত মোৰ ভাই ।
কৈকেয়ী সদৃশ, দেখিবে মোহৰ,
- কৌশল্যা সুমিত্ৰা আই ॥৬
লক্ষ্মণে বোলন্ত, বাপক বুলিবি,
- গুচিল তোমাৰ ছলি ।
কৈকেয়ীৰ হিত, চিন্তিয়া আমাক,
- বনক পঠাইলা বুলি ॥৭
লোক পতিয়ান, বিষাদ এৰিয়া,
- হৰিষে কৈকেয়ীক চাহা ।
সাত পুৰুষৰ, তোমাৰ গোঁসানী,
- কান্ধত কৰি বুলাহা ॥৮
তুমি হেন ৰাজা, স্ত্ৰীবশ হৈয়া,
- বৰ ইটো ধৰ্ম্ম পাইলা ।
দেশে দেশে খ্যাতি, থাকিল তোমাৰ,
- ৰামক বনে পঠাইলা ॥৯
সকলে লোকক, অসাৰ দেখিলা,
- কৈলা কৈকেয়ীৰ সাৰ ।
মৰিবাৰ কালে, কামবশ্য হুয়া,
- ধৰ্ম্ম ঘট আপোনাৰ ॥১০
লক্ষ্মণক বাধি, ৰামে বুলিলন্ত,
- মন্ত্ৰী শুনা পৰিমাণ ।
লক্ষ্মণৰ বোল, ৰাজাক জনাইলে,
- তেখনে তেজিব প্ৰাণ ॥১১
শোক দুখ এৰি, কিছু নুবুলিবি,
- হৰিষে অযোধ্যা যাহা ।
আমাৰ কুশল, সবে বাৰ্ত্তা কহি,
- নৃপতিক ভালে চাহা ॥১২
গুহ নৃপতিক, ৰামে বুলিলন্ত,
- আঠ আন এতিক্ষণ ।
মাথে জটা ধৰি, তাপসৰ বেশে,
- দুভায়ে চলিবোঁ বন ॥১৩
আজ্ঞা শিৰে ধৰি, তেতিক্ষণে গুহে,
- আনি দিলা বড় আঠ ।
জটা নিৰ্ম্মি শিৰে, দুভায়ে গঙ্গাৰ,
- পাৰ হৈতে লৈলা বাট ॥১৪
গঙ্গাতীৰ চাহি, গুহয়ে সুমন্ত্ৰে,
- আছয় বিকল ভাৱে ।
সীতাৰ হাতত, ধৰিলা লক্ষ্মণে,
- ৰামে চড়িলন্ত নাৱে ॥১৫
ৰাম সীতা লখাই, গুহ সুমন্ত্ৰৰ,
- নয়ন লোতক বহে ।
দুইহাঙ্কো সম্বুধি, ৰামে চলি গৈলা,
- শৰীৰে কাৰো নসহে ॥১৬
পৰম অমৃত, ৰামৰ চৰিত্ৰ,
- শুনা সমাজিক যত ।
অসাৰ সংসাৰ, আৰ আশা এৰি,
- কৰিয়ো ৰতি ৰামত ॥১৭
ৰামৰ ভকতি, এহি সে সম্পত্তি,
- সমস্তে শাস্ত্ৰ সন্মত ।
থিৰ মন কৰি, বোলোঁ হৰি হৰি,
- লাগকো জুই পাপত ॥১৮