ভৰদ্বাজ মুনিৰ আশ্ৰমত প্ৰৱেশ
ৰামায়ণ বৃত্তান্ত |
---|
|
- ২০ অধ্যায়
ভৰদ্বাজ মুনিৰ আশ্ৰমত প্ৰবেশ
- পদ
মাজ গঙ্গা পাইলা গৈয়া লইয়া নাওবাহী ।
হাতযোৰে বোলন্ত গঙ্গাক সীতা চাহি ॥১
শুনিয়ো গোসানী তুমি দেৱ নদী গঙ্গে ।
আমি যিটো বোলোঁ তাক শুনিয়োক সঙ্গে ॥২
প্ৰণামোহোঁ গঙ্গাদেবী কৰি যোৰ হাত ।
দশৰথ সুত ৰাম মোৰ প্ৰাণনাথ ॥৩
ৰক্ষা কৰাঁ মাৱ আঙ্ক দুৰ্গতি তৰন্ত ।
বনবাস খাটি আসি ৰাজ্যক কৰন্ত ॥৪
লক্ষ্মণকো পালিবাঁহা আমাৰ দেৱৰ ।
মোক ৰক্ষা কৰাঁ সবে তৰোহোঁ দুস্তৰ ॥৫
অযোধ্যাক আসিলে কৰিবোঁ বহুমান ।
তোমাৰ উদ্দেশ্যে দিবোঁ সহস্ৰ গোদান ॥৬
সীতা তুতি কৰন্তে গঙ্গাৰ ভৈলা পাৰ ।
প্ৰণামিয়া গঙ্গাক বনত পয়সাৰ ॥৭
সীতা আগে চলে লখাই ধনুশৰ ধৰি ।
পাচত চলন্ত ৰাম দুইকো ৰক্ষা কৰি ॥৮
তিনিও অনেক বন বিষম এৰাইলা ।
কতোদূৰ গৈয়া বৰ বৃক্ষ মূল পাইলা ॥৯
হৰিণেক মাৰিয়া ৰান্ধিয়া তৈতে খাইলা ।
বৃক্ষমূলে লখাই পত্ৰ শয্যাক বিছাইলা ॥১০
শ্ৰীৰামে বোলন্ত বাপ শুনিয়ো লখাই ।
তোৰ শয্যা কৰ মোৰ সন্নিত চপাই ॥১১
আজি ভালে জানিবি প্ৰথম পৰবাস ।
সুমন্ত্ৰে এৰিল দেখি তেজিলা নিশ্বাস ॥১২
কতো নিশা যাহন্তে উদিত ভৈল শশী ।
লক্ষ্মণক বুলিলা শয্যাতে ৰামে বসি ॥১৩
আজি জানো সাফলিলোঁ বাপৰ শপত ।
কৈকেয়ী মাৱৰ সিদ্ধি ভৈল মনোৰথ ॥১৪
হৰি হৰি বাপ দশৰথ মহীপাল ।
কৈকেয়ী তোমাৰ ভৈলন্ত নিজ কাল ॥১৫
ভৰত নৃপতি ভৈলে লখাই বুজ উলি ।
মাৰিবে কৈকেয়ী মোৰ মাৱ বাপ পুলি ॥১৬
এভোঁ তই লখাই দেশক চলি যাহা ।
অনাথিতি মাৱক বাপক ভালে চাহা ॥১৭
তোৰ দৰশনে কিছু সন্তাপ তেজিব ।
সীতা সমে আমি পিতৃ সত্যক পালিবোঁ ॥১৮
লক্ষ্মণে বোলন্ত শোকে তোমাক বাধয় ।
ইসব ক্ৰন্দনে আৰু কিছু নসাধয় ॥১৯
পুনু পুনু বোলাহাঁ দেশক লাগি চল ।
মই প্ৰাণ তেজিলে পাইবাহাঁ কোন ফল ॥২০
লক্ষ্মণৰ বোলে ভৈল শোক উপশাম ।
পুহাইল ৰজনী গাৱ চলিলন্ত ৰাম ॥২১
আগ ভৈলা লক্ষ্মণ সীতাক মাজ কৰি ।
চলি যান্ত ৰাম বৃক্ষমূল পৰিহৰি ॥২২
নদী নদ গহন পৰ্ব্বত মহাদেশ ।
সীতাক আপুনি বিনাৱন্ত হৃশীকেশ ॥২৩
দেখিয়োক সীতা গঙ্গা যমুনা সঙ্গম ।
পাইলোঁহো প্ৰয়াগ ভৰদ্বাজৰ আশ্ৰম ॥২৪
ভৰদ্বাজ ঋষিয়ে কৰন্ত হোম জাপ ।
ত্ৰিভুৱন দহিতে পাৰন্ত দিয়া শাপ ॥২৫
হোম ধূম পকঁতি দেখিয়ো সীতা আগ ।
মুক্তি ক্ষেত্ৰ আসি আমি পাইলোঁহো প্ৰয়াগ ॥২৬
গধূলি সময়ে যেবে আদিত্য নামিলা ।
ঋষিৰ দুৱাৰে গৈয়া তিনিও মিলিলা ॥২৭
ৰাম আসিবাৰ পাচে ঋষি বাৰ্ত্তা পাইলা ।
শিষ্যক পঠাইয়া ঋষি ৰামক আনাইলা ॥২৮
সৰ্ব্বে মুনিগণে ভৰদ্বাজক আবৰি ।
বাঘ ঘোঙ ভালুকে আছয় সেৱা কৰি ॥২৯
ভৈল যজ্ঞ সবে মুনি তপে উপশাম ।
নমিলন্ত মুনিক লক্ষ্মণ সীতা ৰাম ॥৩০
ঋষিয়ে ৰামক কৰিলন্ত আশীৰ্ব্বাদ ।
বেদধ্বনি উথলিল ব্ৰাহ্মণৰ নাদ ॥৩১
আসনে বসিলা ৰাম ঋষি সভা মাজে ।
ফলে মূলে জলে অৰ্চ্চিলন্ত ভৰদ্বাজে ॥৩২
কমন কাৰণে ৰাম অথিৰ চৰিত ।
ঋষিয়ে সুধিলা তব কিবা অপেক্ষিত ॥৩৩
ৰাঘৱে বোলন্ত শুনিয়োক ঋষিৰাজ ।
আদি অন্তে সংক্ষেপে কহিবোঁ সবেকাজ ॥৩৪
কৈকেয়ী মাৱে বৰ লৈলন্ত ৰাজাত ।
ভৰতক ৰাজা পাতিবন্ত অযোধ্যাত ॥৩৫
চৌধ বৰিষক মোক পঠাইলন্ত বন ।
তুলত লৰিল সীতা ভৈয়াই লক্ষ্মণ ॥৩৬
তোমাৰ চৰণ আসি দেখিলোঁ বনত ।
এৰাইলোঁহো শোক কিছু হৰিষ মনত ॥৩৭
কমন থানত আসি হৈবোঁ উপস্থিত ।
উপদেশ বুলিয়োক আমাক উচিত ॥৩৮
সসম্ভ্ৰম ৰূপে ঋষি বুলিলা বচন ।
ত্ৰিভুবনে সাৰ ইটো মোৰ তপোধন ॥৩৯
প্ৰয়াগ সুতীৰ্থ গঙ্গা যমুনা সঙ্গমে ।
আমি সমে সয়ো থিত এহিতো আশ্ৰমে ॥৪০
ৰাঘৱে বোলন্ত শুনিয়োক ঋষি ৰত্ন ।
ইথানে থাকিতে মোক নকৰিবা যত্ন ॥৪১
মোক দেখিবাক আসিবন্ত বন্ধুজন ।
নিৰজন থানে উপদেশিয়োক বন ॥৪২
ঋষিয়ে বোলন্ত আমি বিমৰিষি চাইলোঁ ।
অনুৰূপে তোমাৰ থানক খুজি পাইলোঁ ॥৪৩
তৃতীয় প্ৰহৰ পছে আছে গুপ্ত দেশ ।
চিত্ৰকূট পৰ্ব্বতত হুয়োত প্ৰবেশ ॥৪৪
মুনিগণ দেখিবাঁহা বহু ফল মূল ।
ভালুক বানৰ সম গোদা গোলাঙ্গুল ॥৪৫
কতো কতো ঋষি তাতে স্বৰ্গপথ চাইলা ।
কেহোঁ কেহোঁ মুনিগণ মুকুতিক পাইলা ॥৪৬
ঋষি সমে কথা মতে ৰজনী প্ৰভাত ।
মুনি সমে পাইলা গৈয়া যমুনা সাক্ষাত ॥৪৭
পথ উপদেশি মুনি বাহুৰি আসিলা ।
ভেল বান্ধি তিনিহন্তে যমুনা তৰিলা ॥৪৮
শাম নামে বটবৃক্ষ পাইলা কতোদূৰে ।
ভাল ৰূপে তাহাক জানয় দেৱাসুৰে ॥৪৯
মুনি উপদেশে সীতা বৃক্ষক আৰাধি ।
চলি গৈলা তিনিও অনেক বৰ সাধি ॥৫০
দণ্ডদুইৰ পথে পাইলা নীল নামে বন ।
মৃগ মাৰি ৰান্ধি তৈতে কৰিলা ভোজন ॥৫১
তৰুতলে লখাই পত্ৰশয্যাক বিছাইলা ।
প্ৰয়াস তেজিয়া সুখে নিদ্ৰা তাতে পাইলা ॥৫২
লখাইক জগাইলা ৰামে জানিয়া প্ৰভাত ।
হাত মুখ ধুইয়া সন্ধ্যা কৰিলা তথাত ॥৫৩
অবিলম্বে চিত্ৰকূট বন পাচে পাইলা ।
হৰিষ বদনে ৰামে সীতা মুখ চাইলা ॥৫৪
দেখা দেখা জানকী হৰিষ কৰি মন ।
ফল মূল যুকুত বিবিধ তৰুবন ॥৫৫
জাঁই যুতি বকুল বন্দুলি কণিকাৰ ।
কাঞ্চন টগৰ কুন্দ শেৱালি মন্দাৰ ॥৫৬
অশোক পলাশ ফুলি গৈল হিংসা হিসি ।
নাগেশ্বৰ চম্পক ফুলিল অহৰ্নিশি ॥৫৭
পীণ্ড তগৰ বক ফুলিল সেৱতি ।
ধুন্দুৰ কনৌৰ আৰু ফুলিল মালতি ॥৫৮
ওড় পুষ্প মালি গুৱামালি আৰু মালি ।
তমাল তুলসী মাধৈ মৰুৱা শেৱালি ॥৫৯
বসন্ত সময়ে কাম ৰাজাৰ পয়ান ।
পুষ্পৰ ধনুত আৰোহিয়া পাঞ্চবান ॥৬০
ভাৰ্য্যা পুৰুষৰ কাম বাণে কৰে লখ ।
বিৰহী জনৰ ভৈল সহন আসখ ॥৬১
সেনাপতি লৰি ভৈল মলয়ৰ বাৱ ।
মহাবীৰ নাদ ভৈল কোকিলৰ ৰাৱ ॥৬২
পক্ষীগণ ৰাৱে যেন বাৱে বাদ্যভাণ্ড ।
নাগেশ্বৰ ফুল কাম নৃপতিৰ দণ্ড ॥৬৩
গুঞ্জৰিত ৰাৱে সৱে ভ্ৰমৰ লৰিল ।
কেতকী কুসুমে যেন কোণ্ডক গঢ়িল ॥৬৪
কোকিল ভ্ৰমৰ পক্ষী ময়ূৰৰ ৰাৱে ।
কাম ব্যাধি পীড়িয়া নসহে মোৰ গাৱে ॥৬৫
শুনি মন মোহিত পাৱয় নিৰন্তৰে ।
ভালেসে ক্ৰোধত কাম দহিলা ঈশ্বৰে ॥৬৬
দেখ দেখ সীতা আম জাম পনিয়াল ।
তাম্বুল কণ্ঠাল নাৰিকল নানা ফল ॥৬৭
কমলা মোহৰি শ্ৰীফলৰ গন্ধ বহে ।
নানা ফুল ফলৰ সুৰভি বায়ু বহে ॥৬৮
সব বৃক্ষে বাহ্ৰয় মাসৰ ফল ধৰে ।
আশেষ চটকে পৰি পৰি ৰোল কৰে ॥৬৯
জলচৰ থলচৰ জাকে জাকে পক্ষী ।
সীতাক বিনান্তে চলি যান্ত লেখি লেখি ॥৭০
কঙ্ক বঙ্ক মউপিয়া পক্ষী মনোনীত ।
নানাবিধ চিত্ৰ পক্ষী দেখিতে শোভিত ॥৭১
কোকিলৰ ৰাৱ পেচা ফিঞ্চা শুকসাৰি ।
মনোহৰ পক্ষী যত বৰ্ণাইতে নপাৰি ॥৭২
মন্দাকিনী নদীত দেখিয়া পক্ষীগণ ।
সীতাক সম্বুধি ৰামে বুলিলা বচন ॥৭৩
ৰাজহংস দেখা সীতা তোমাৰ গমন ।
চক্ৰবাক যুগল তোমাৰ দুই তন ॥৭৪
কল হংস ৰাৱ কাঞ্চি নূপুৰৰ নাদ ।
বদন কমল তোৰ দেখন্তে আহ্লাদ ॥৭৫
বদন উপৰে তোৰ নয়ন যুগলে ।
খঞ্জন দুতয় যেন চলয় কমলে ॥৭৬
জনকৰ জীৱ দেখ নদী মন্দাকিনী ।
তোমাৰ সদৃশ সুশোভিত মধ্যখনি ॥৭৭
বিদূৰ গমনে যেন মিলিল প্ৰয়াস ।
কৃশ ভৈল শৰীৰ ঈষত ফেন হাস ॥৭৮
চিত্ৰকূট পৰ্ব্বতক দেখিয়োক সীতা ।
পকা আমে গৌৰবৰ্ণ কৰিল চৌভিতা ॥৭৯
ওপৰত মেঘ যেন দেখিয় শোভন ।
বাঢ়িলি নিকলি যেন পৃথিবীৰ তন ॥৮০
শিখৰী ওপৰে মন্দাকিনী শুক্ল জল ।
তনক ঢাকিয়া যেন বস্ত্ৰৰ আঞ্চল ॥৮১
সুৰভি শীতল বায়ু বহে বৃক্ষ তলে ।
উপভোগ কৰিও অমৃত সম ফলে ॥৮২
সুশোভন গৈৰিক বিচিত্ৰ ধাতু ভাল ।
সুবৰ্ণৰ তন মণি ৰতন পোৱাল ॥৮৩
পাৰিজাত মন্দাৰ চম্পক শাল তাল ।
আশেষ ৰমন সুখে বঞ্চিয়োক কাল ॥৮৪
তুমি সমে চিত্ৰকূট হৈবোঁ আমি থিত ।
গৌৰী মহাদেৱে যেন কৈলাস গিৰিত ॥৮৫
মৃগ সব মাৰিয়া ভুঞ্জিবোঁ নিতে নিত ।
অযোধ্যাৰ জন এবে ভৈলা অবিদিত ॥৮৬
এহি মতে নানা বন পৰ্ব্বত এৰাইলা ।
কথামাতে জানকীৰ পথ পাসৰাইলা ॥৮৭
শিথিল গমনে ৰাম জানকী লক্ষ্মণে ।
পৰ্ব্বত নিকট গৈয়া পাইলা কতোক্ষণে ॥৮৮
দুয়ো ভাই তেতিক্ষণে পৰ্ব্বত মূলত ।
আশ্ৰম নিৰ্ম্মিলা মন্দাকিনীৰ কূলত ॥৮৯
বাসা দুই সাজিলা লক্ষ্মণে ৰঘুনাথে ।
মাটি জল লৈয়া সীতা লিপিলন্ত হাতে ॥৯০
ৰাঘৱে বোলন্ত যজ্ঞ কৰিবো এখন ।
কৃষ্ণসাৰ মৃগ মাৰি আনিও লক্ষ্মণ ॥৯১
জ্যেষ্ঠ ভাইৰ আদেশক শিৰে তুলি লৈয়া ।
তেতিক্ষণে মৃগমাৰি আনিলন্ত গৈয়া ॥৯২
সীতায়ে ৰান্ধিলা ৰামে হুনি বহ্নি মুখে ।
যজ্ঞ সমাপিয়া তিনি ভুঞ্জিলন্ত সুখে ॥৯৩
ফল মূল ভুঞ্জিয়া ৰহিলা সেহি থানে ।
ৰাম লক্ষ্মণৰ কথা আছো এহি মানে ॥৯৪
গঙ্গা পাৰ হৈয়া ৰামে বনত পশিলা ।
দেখি গুহ সুমন্ত্ৰৰ শোক উথলিলা ॥৯৫
দুইহান্তকো দুই পাচে ধৰি গলে বান্ধি ।
হা ৰাম বুলিয়া বিহ্বল ভৈলা কান্দি ॥৯৬
ৰাম সীতা লক্ষ্মণৰ শোকে দেহা দহে ।
নেত্ৰৰ লোতক দুইৰো অবিচ্ছেদে বহে ॥৯৭
সুমন্ত্ৰ বোলন্ত গুহ কৰোঁ কোন কাম ।
দশৰথে দিলন্ত তেজিলা মোক ৰাম ॥৯৮
ৰথ লৈয়া অযোধ্যাক যাইবোঁ কেন মতে ।
এভো বনে গৈয়া থাকোঁ ৰামৰ লগতে ॥৯৯
পাচে গুহে সুমন্ত্ৰক বুলিলা বচন ।
তেজিয়া সন্তাপ মন্ত্ৰী থিৰ কৰাঁ মন ॥১০০
আপুনি বুজায়া ৰামে তেজিলে তোমাক ।
তান আজ্ঞা শিৰে লৈয়া চলা অযোধ্যাক ॥১০১
অনেক যুকুতি গুহে মন্ত্ৰীক বুজাইল ।
ৰাম শোকে পোৰা দেহা কিঞ্চিত জুৰাইল ॥১০২
গুহক সম্বুধি মন্ত্ৰী ৰথে চড়িলন্ত ।
মনত অসুখে অযোধ্যাক লৰিলন্ত ॥১০৩
ৰামক তেজিয়া মন্ত্ৰী নিবৰ্ত্তিয়া আইলা ।
গোধূলিৰ সময়ে অযোধ্যাপুৰ পাইলা ॥১০৪
মন্ত্ৰী বোলে মনত আসজ ভৈল কাজ ।
ৰাম শোকে দগধ ভৈলন্ত মহাৰাজ ॥১০৫
নগৰত দেখোঁ প্ৰজাগণ আতি দিন ।
দিবসৰ তৰা যেন দীপিতি বিহীন ॥১০৬
শূন্য দেখোঁ প্ৰজাগণ নিশবদ ভৈল ।
কমল সঙ্কোচ যেন সূৰ্য্য অস্ত গৈল ॥১০৭
কুমুদ মলিন যেন দিব্য সৰোবৰে ।
হৰিষ নকৰে প্ৰজা অযোধ্যা নগৰে ॥১০৮
কুন্দৰুখে নাৰীগণে মন্ত্ৰীক চাহাৱে ।
বেঢ়াৰ ওপৰে কত গভুৰা বাঢ়াৱে ॥১০৯
শূন্য ৰথ দেখি সবে কান্দিবাক লৈলা ।
হা ৰাম লখাই সীতা এৰি কৈক গৈলা ॥১১০
নিৰন্তৰে বেঢ়িয়া মন্ত্ৰীক পাৰে গালি ।
এৰি আইলি ৰামক চণ্ডাল পাপশালী ॥১১১
কিনো হিয়াখান তোৰ বজ্ৰেসে গঢ়িল ।
ৰামক এৰিতে কেনে মনত ফলিল ॥১১২
জানিলোঁহো ইটো ভৰতৰ ভাৰি খাইলে ।
ছলে নিয়া ৰামক বনত এৰি আইলে ॥১১৩
নগৰৰ বাজ কৰি খেদাওঁ ইহাক ।
মাৰ ধৰ বুলিয়া গালিৰ দেই জাক ॥১১৪
কৰে হুলস্থূল বহু ক্ৰন্দনৰ বোল ।
অন্তষপুৰত গৈয়া সঞ্চৰিল ৰোল ॥১১৫
নিৰন্তৰে যতেক ৰাজাৰ মহাদই ।
ধৌলিৱৰ শিখৰত চড়িলন্ত গই ॥১১৬
হাঁ ৰাম আমাক অনাথ কৰি গৈলি ।
দুখ নদী কৈকেয়ী তৰিয়া বাজ ভৈলি ॥১১৭
সুহৃদয়ত তোহোঁৰ গুচিল অনুৰাগ ।
আমি ভৈলোঁ কৈকেয়ীৰ অষ্টমীৰ ছাগ ॥১১৮
আমি আপুতীৰ আন্ধলীৰ লাঠি তই ।
জল শূন্য তৰু যেন পৰিবোঁহো জঁই ॥১১৯
কৈক গৈলি বাপু তই আমাক বিছুই ।
আমাক মাৰয় পুৰি তোৰ শোক জুই ॥১২০
পাচে সুমন্ত্ৰত সবে সুধিলন্ত কথা ।
কহিলা সুমন্ত্ৰ সবে বনৰ ব্যৱস্থা ॥১২১
নাৰীগণ পৰাভৱ শুনন্তে আশেষ ।
কান্দন্তে সুমন্ত্ৰ সাত বেবন্ধা প্ৰবেশ ॥১২২
ছটফট কৰে ৰাজা বসি আসনত ।
আসুই অশান্তি সুস্থা নাহিকে মনত ॥১২৩
শূন্য ৰথ দেখি ভৈলা বিয়াকুল চিত ।
আসনৰ হন্তে শোকে পৰিলা ভূমিত ॥১২৪
কৌশল্যা সুমিত্ৰা দুয়ো ৰাজা পটেশ্বৰী ।
ক্ৰন্দন কৰন্তে হাতে তুলিলন্ত ধৰি ॥১২৫
উঠাঁ উঠাঁ প্ৰভু তুমি চিন্তা তেজিয়োক ।
ৰাম সীতা লক্ষ্মণৰ বাৰ্ত্তা পুছিয়োক ॥১২৬
শুনি পুত্ৰ পুত্ৰ বুলি বিমোহিত ভৈলা ।
বাতুল চৰিত্ৰ যেন পৰি মূৰ্চ্ছা গৈলা ॥১২৭
দেখিয়া কৌশল্যা পৰিলন্ত স্বামী কোলে ।
ওৱাৰি পূৰিলা সব ক্ৰন্দনৰ ৰোলে ॥১২৮
চিৰকালে দশৰথ চেতনক পাইল ।
পটেশ্বৰী কৌশল্যাৰ পাচে প্ৰাণ আইল ॥১২৯
প্ৰথমে ধৰিল যেন অৰণ্যৰ হাঁতী ।
নিশ্বাস ফোঁকাৰে যেন ঠাঠাৰিৰ ভাটি ॥১৩০
প্ৰণমিয়া সুমন্ত্ৰে যুৰিলা দুই হাত ।
ধীৰে ধীৰে সুধিলন্ত অযোধ্যাৰ নাথ ॥১৩১
মোহোৰ তনয় ৰাম পিতৃ পিতামহ ।
কোথা এৰি আসিলি প্ৰস্তুত কথা কহ ॥১৩২
হস্তী ঘোড়া ৰথে যাক আগ পাচ কৰি ।
হেন পুত্ৰ বনে আছে ৰাজ্য পৰিহৰি ॥১৩৩
বুলিতে না পাৰে সীতা কোমল থানত ।
হেন মাৱ হাণ্ঠে কেনে কণ্টক বনত ॥১৩৪
কুমাৰ লক্ষ্মণ যাত মোৰ বৰ স্নেহ ।
কেনে বনবাস খাটে সুকুমাৰ দেহ ॥১৩৫
ৰাজাৰ বচন শুনি পাচে মন্ত্ৰীবৰ ।
লোতক মলছি দিলা ৰাজাক উত্তৰ ॥১৩৬
শুনিয়ো গোঁসাই মোৰ বচন সন্দেশ ।
প্ৰণাম অঞ্জলি হেৰা ৰামৰ আদেশ ॥১৩৭
প্ৰদক্ষিণে ভূমিত থাপিলা পাতে মাথ ।
কৃতাঞ্জলি বোলে শুনা পৃথিবীৰ নাথ ॥১৩৮
ৰামে বুলিলন্ত মোৰ ধৰিয়া গ্ৰীৱত ।
জানাইবা আমাৰ বাৰ্ত্তা বাপৰ পাৱত ॥১৩৯
শোক দুখ এৰি পালন্তোক নিজ শত ।
আতি শীঘ্ৰে ৰাজ্যে আনি থাপন্তো ভৰত ॥১৪০
লক্ষ্মণে বুলিলা পাচে তোমাক সিদ্ধান্ত ।
থিৰ মন কৰি শুনা সিসব বৃত্তান্ত ॥১৪১
সৰ্ব্বজন হিতে ৰত ৰাম মহা ভাগ ।
বনক পাঠাইলা ৰাজা কৰি পৰিত্যাগ ॥১৪২
ভৰতে তাহাঙ্ক বৰ কৰিবেক হিত ।
কান্ধে কৰি কৈকেয়ীক ফুৰান্তোক নিত ॥১৪৩
ভৰতক বুলিলন্ত নিদাৰুণ বাক ।
গৰ্ব্বমান এৰিয়া অৱস্থা ৰাখি আক ॥১৪৪
দেখিবে সমস্তে মাৱ কৈকেয়ীৰ সমে ।
নুহি অবিলম্বে পাতি মলছিল যমে ॥১৪৫
কৌশল্যাক বুলিলন্ত তেজিয়োক শোক ।
বনবাস তৰি যাইবোঁ দেখিলন্ত মোক ॥১৪৬
মন কষ্টে ৰামে বাক্য বুলি পঠাইলন্ত ।
দুই ভায়ে বড় আঠে জটা নিৰ্ম্মিলন্ত ॥১৪৭
আগত লক্ষ্মণ জানকীক মাজ কৰি ।
তিনিহন্তে চলি গৈলা গঙ্গানদী তৰি ॥১৪৮
গুহ ৰাজা সমে চাহি থাকিলোঁ সন্তাপে ।
মোক এৰি গৈলা ৰাম জগতৰ বাপে ॥১৪৯
বনে প্ৰবেশিলা তিনি ভৈলোঁহো উদাস ।
নৰকৰ পলুৰ স্বৰ্গত নাহি আশ ॥১৫০
হুয়া আতি নৈৰাশ আছোঁহো হাতযোৰে ।
আৰ পানী তেজিয়া কান্দয় চাৰি ঘোড়ে ॥১৫১
চিহৰিতে লাগিল ৰামৰ দিশ চাই ।
গুহৰ মোহোৰ দেখি প্ৰাণ ফুটি যাই ॥১৫২
শীঘ্ৰ বেগে আসি মই পাইলোঁহো চিয়ালি ।
শূন্য় ৰথ দেখি লোকে মোক পাৰে গালি ॥১৫৩
কেহোঁ দেই মাৰঘোৰ কেহো তোলে লাথি ।
কেহোঁ বোলে মাৰকিলে কেহো ঘড়াকাতি ॥১৫৪
কেহোঁ বোলে ইটো ভৰতৰ আইঠা খাইলে ।
সিকাৰণে চণ্ডালে ৰামক এৰি আইলে ॥১৫৫
যাত ভেৰু নিশা নবাজয় বীৰ ঢাক ।
হেন অযোধ্যাত শুনু ক্ৰন্দনৰ জাক ॥১৫৬
হাঁহাঁকাৰে কান্দে সবে শত্ৰু মিত্ৰবৰ্গ ।
জীৱন্ততে ৰামৰ মিলিল মহা স্বৰ্গ ॥১৫৭
কৰিয়ো শৰীৰ থিৰ মন্যু পৰিহৰি ।
সত্বৰে আসিবা ৰাম বনবাস তৰি ॥১৫৮
ৰাজা বোলে সুমন্ত্ৰ বিকল কৰে গাৱ ।
আজি গৈয়া সত্বৰে ৰামক বাহুৰাৱ ॥১৫৯
যাহন্তে আসন্তে চিৰকাল দেখোঁ তই ।
ঝাণ্টে নিয়ো মোক তথা প্ৰাণ সঞ্চলয় ॥১৬০
যদিবা সুমন্ত্ৰ তোক কৰি আছোঁ হিত ।
এতিক্ষণে থৈয়ো নিয়া ৰামৰ সন্নিত ॥১৬১
কণ্ঠাগত প্ৰাণ মোৰ প্ৰমাণক পাইল ।
হৃদয় লৰিল মোৰ জিহ্বায়ো শুকাইল ॥১৬২
সিংহ বন্ধ স্কন্ধ ৰাম দীৰ্ঘবাহু দুই ।
দেৱাসুৰ মাজে যাক কেহোঁ সম নুই ॥১৬৩
আয়ত আয়ন চন্দ্ৰ সমান বদন ।
পুত্ৰ নেদেখিলে যাইবোঁ যমৰ সদন ॥১৬৪
হা ৰাম লখাই সীতা জনকৰ ঝীৱ ।
পৰিত্ৰাণ কৰ মোৰ সঙ্কলয় জীৱ ॥১৬৫
আশেষ মিনতি কৰি মতিহীন ভৈলা ।
পুনৰপি ধৰণীক পৰি মূৰ্চ্ছা গৈলা ॥১৬৬
স্বামীক দেখিলা যেবে ভূমিত পতন ।
কৌশল্যায়ে সুমিত্ৰায়ে বুলিলা বচন ॥১৬৭
আমাকো বনত মন্ত্ৰী থৈয়া আস গৈয়া ।
গলে বান্ধি তিনিকো ধৰিবোঁ কোলেলৈয়া ॥১৬৮
শুনা বোলোঁ মন্ত্ৰী মোৰ প্ৰাণখনি যাই ।
ঘোৰ বনে তিনি জনে বন ফল খাই ॥১৬৯
কণ্টক ভাঙ্গিয়া ঘোৰ বনমধ্যে থিত ।
বাপৰ মাৱৰ শোকে অধীৰ চৰিত ॥১৭০
মন্ত্ৰী বোলে মাৱ শোক কৰাঁ উপশাম ।
দেখিবাহা সত্বৰে লক্ষ্মণ সীতা ৰাম ॥১৭১
স্বামীৰ তুলত থিত সীতা বনবাসে ।
লক্ষ্মী দেবী ক্ৰীড়ন্ত যেহেন বিষ্ণুপাশে ॥১৭২
শ্ৰীৰাম লক্ষ্মণ দুয়ো দুইহন্তৰ হিত ।
দুইকো দুই ৰাখন্তে বনত ভৈলা থিত ॥১৭৩
মধুময় ফল তিনি ভক্ষণ কৰন্ত ।
তিনিকো তিনিয়ো দেখি দুঃখ পাসৰন্ত ॥১৭৪
বাপ মাৱ বন্ধুজন সবাকো পাসৰি ।
তিনি জনে বনত আছন্ত ক্ৰীড়া কৰি ॥১৭৫
তাহান নিমিত্তে শোক দুঃখ পৰিহৰি ।
অবিকলে থাকিয়োক স্বামী সেৱা কৰি ॥১৭৬
সুমন্ত্ৰৰ বাক্যে তান শৰীৰ জুৰাইল ।
সন্ধুকিয়া আগতে ৰাজাক ভেট পাইল ॥১৭৭
কৌশল্যা বোলন্ত শুনা পৃথিবীৰ নাথ ।
মৰিবাৰ বেলা সত্য বোল হেৰাইলাঁহা ॥১৭৮
একশত অশ্বমেধ একভিতি কৰি ।
আউৰ দিকে সত্যদিয়া দুইকো তুলি ধৰি ॥১৭৯
মহা যজ্ঞ শততো কৰিয়া সত্য বলে ।
হেন সত্য এৰিলাঁ তোমাৰ দৈব ছলে ॥১৮০
ৰাম অভিষেক লাগি সম্ভাৰ মিলাইলা ।
সকলো লোকত হেন কাৰ্য্যক জনাইলা ॥১৮১
গৰ্ভৰ পুত্ৰৰ ভৈলা এনুৱা নাদৰ ।
ৰাজ্য নেদি দিলা তুমি অৰণ্য সাগৰ ॥১৮২
অজ্ঞানত বুৰাইলা তোমাৰ নাহি লাজ ।
মোক হিংসি সাধিলাঁহা কৈকেয়ীৰ কাষ ॥১৮৩
ৰামক দেখুৱা হেন আশে প্ৰাণ ধৰোঁ ।
নুহি আজি আগতে কটাৰ হানি মৰোঁ ॥১৮৪
সুমিত্ৰায়ে বোলন্ত কৌশল্যা শুনা বাই ।
হাঁ ৰাম বোলন্তে ৰজাৰ প্ৰাণ যাই ॥১৮৫
ইটো দোষ পৰিহৰাঁ স্বামীৰ সকল ।
মৰন্তাক মাৰিলে নাহিকে কিছু ফল ॥১৮৬
ছোট হন্তে ৰামে পিতৃ আজ্ঞা নবাধিল ।
বনবাস কৰি ৰামে কল্যাণ সাধিল ॥১৮৭
হেনয় পুত্ৰক একো নকৰিবাঁ চিন্তা ।
দেখিবাঁহা সত্বৰে লক্ষ্মণ ৰাম সীতা ॥১৮৮
সুমিত্ৰাৰ বোলে শান্ত চিত্ত কৌশল্যাৰ ।
স্বামীক নিষ্ঠুৰ বলি ভৈলা চমত্কাৰ ॥১৮৯
ক্ষমিয়োক প্ৰভু বুলি চৰণে ধৰিল ।
প্ৰবোঝ বচনে তেওঁক কাতৰ কৰিল ॥১৯০
পুত্ৰৰ শোকত বিমোহিত মোৰ মন ।
প্ৰভুক বুলিলোঁ তাতে লাঘৱ বচন ॥১৯১
পাঞ্চদিন ভৈল ৰাম বনবাসে গৈল ।
আতে মোৰ শত বৰিষৰ সম ভৈল ॥১৯২
হেন শুনি দশৰথ শান্ত কিছু ভৈলা ।
অনন্তৰে সুমন্ত্ৰয়ো বুলিবাক লৈলা ॥১৯৩
ছোট হন্তে সেৱা কৰোঁ তোমাৰ চৰণ ।
একোকালে নবাধিলাঁ আমাৰ বচন ॥১৯৪
মৃত্যুকালে পাইলে আসি তোমাক বিবুধি ।
কৈকেয়ীক বৰ দিলাঁ আমাক নুসুধি ॥১৯৫
বৃদ্ধৰ তৰুণী ভাৰ্য্যা লোকত শুনিল ।
সি সব সকলো কথা তোমাত মিলিল ॥১৯৬
ৰাম অমৃতক তুমি তেজিলাঁ তৰল ।
মৰিবাৰ বেলা খাইলা কৈকেয়ী গৰল ॥১৯৭
গুৰু বন্ধু জন কিছু নভৈল তোমাৰ ।
বংশক বিনাশি কৈলাঁ কৈকেয়ীক সাৰ ॥১৯৮
সাৰ্থক বুলিলা বাক্য কৌশল্যা গোসাঁনী ।
কেনে মতে তোমাৰ ৰহিল সত্য বাণী ॥১৯৯
সমস্ত লোকত শুনাই বুলিলাঁহা কায ।
কালি আনি ৰামক পাতিবোঁ যুবৰাজ ॥২০০
সিসৱ বচন কেনে পৰিবৰ্ত্ত ভৈলা ।
গুণি চোৱাঁ তযু সত্য কেন মতে ৰৈলা ॥২০১
কোন ফল পাইলাঁ তুমি অসতীক সেৱি ।
কৈকেয়ী তোমাৰ মাত্ৰ ভৈল মুখ্যদেবী ॥২০২
তাহাক কান্ধত লৈয়া ফুৰিয়ো ৰাজ্যত ।
তেৱে পৰিপূৰ্ণ হৈবে তোমাৰ শপত ॥২০৩
কৌশল্যা বোলন্ত মন্ত্ৰী নোবোলাঁ অধিক ।
পুত্ৰ শোকে মৰিছে আউৰ মাৰা কিক ॥২০৪
কৌশল্যাৰ বোলে মন্ত্ৰী কিছু শান্ত ভৈলা ।
বিদায় কৰিয়া নিজস্থানে চলি গৈলা ॥২০৫
অনন্তৰে আসিয়া ৰজনী উপগত ।
শোকে দুঃখে পীড়ি নিদ্ৰা গৈলা দশৰথ ॥২০৬