মন্থৰাৰ কুমন্ত্ৰণা
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৪ অধ্যায়
- মন্থৰাৰ কু মন্ত্ৰণা
কৈকেয়ীৰ কুবুজী মন্থৰা তাৰ নাম ।
প্ৰাসাদ উপৰে চড়ি দেখে অনুপাম ॥১
হাট বাট নগৰী পূৰিল সৰ্ব্বজনে ।
দেৱগণে ক্ৰীড়ে যেন স্বৰ্গৰ ভুবনে ॥২
কেহো গাৱে কেহো বাৱে কেহো কৰে ৰোল ।
আউৰে আউৰ হৰিষে ধৰিয়া কোলে কোল ॥৩
নৃত্য গীত শবদ বাজয় বাদ্য ভাণ্ড ।
পতাকা তোৰণ ধ্বজ চিন চোণ্ডাদণ্ড ॥৪
ভৰতৰ ধাইত কুজীয়ে পুছে কাজ ।
বিপৰীত ৰঙ্গ দেখোঁ ব্ৰাহ্মণ সমাজ ॥৫
আনন্দ উচাহ নগৰীত ভৈল জনে ।
জয় নন্দি ঘোষে লোকে সহৰিষ মনে ॥৬
কৌশল্যা ৰাজাৰ মাৱ ৰাজাত বিনয় ।
যেন স্বৰ্গ জনৰ আনন্দ জয় জয় ॥৭
ধাই বোলে কুজী তই নলক্ষিলি কাজ ।
দশৰথে ৰামক কৰন্ত যুবৰাজ ॥৮
এতেকে কৌশল্যা ভৈলা আনন্দিত চিত ।
তনয়ৰ আনন্দ দেখিবা নিতে নিত ॥৯
ধাইৰ বচন শুনি কুজীয়ে খঙ্গাইল ।
আথে বেথে গৈয়া কৈকেয়ীৰ পাশ পাইল ॥১০
উঠ উঠ দুহা শয়নক পৰিহৰ ।
তোহোৰ উপৰে কথা বৰ আথান্তৰ ॥১১
সচকিত মনে শয্যা হন্তে চালি গাৱ ।
কুজীত সোধয় কথা ভৰতৰ মাৱ ॥১২
শুন বোলোঁ কুজী তোৰ কেনে দেখোঁ মন ।
কিনো আথান্তৰ কথা কহ এতিক্ষণ ॥১৩
কৈকেয়ীক মন্থৰা বুলিল পাচে বাণী ।
মিলিল তোমাৰ ক্ষয় কিসক নাজানি ॥১৪
তুমি যেন সুভাগিনী জানিলোঁহো কাজ ।
দশৰথে ৰামক কৰন্ত যুবৰাজ ॥১৫
অকল্যাণ বৰ আসি মিলিল দুৰ্ঘোৰ ।
ইতো দুঃখ সাগৰে উদ্ধাৰ নাহি তোৰ ॥১৬
কিনো পাপ কৰিলো যৌতুকে দিল মোক ।
সতিনীৰ চেড়ী হৈবি দেখিবোহো তোক ॥১৭
ৰাম অভিষেক শুনি সহৰিষ মনে ।
গ্ৰীৱাৰ কাঢ়িয়া হাৰ দিলা তেতিক্ষণে ॥১৮
ৰাজ্য দেওক ৰামক নৃপতি দশৰথ ।
লও কুজী প্ৰসাদ ফলিল মনোৰথ ॥১৯
ক্ৰোধত খঙ্গিল কুজী জাজ্জ্বল্য সমান ।
আছাৰিয়া পেলাইলেক কৈকেয়ীৰ দান ॥২০
হাতে হাতে পিষয় বজায়া দান্তে দান্তে ।
আসজ শুনিয়া যেন তেলীয়াৰ জান্ত ॥২১
সাপে খায়া মাৰোক গৰল নোহে খাহা ।
গলে হাণ্ডি বান্ধি নোহে মৰিবাক যাহা ॥২২
আবে জানোঁ ভৈল তোৰ অধম বিপতি ।
আপদ কালত তোৰ হেন ভৈল মতি ॥২৩
প্ৰলয়ে হৰিষ তোৰ পাচ নমনস ।
ছান্দেবাসে তল যাস পাৱক গিলস ॥২৪
যেবে তোৰ জীবেক স্বপুত্ৰ পৰিবাৰ ।
ৰাঘৱক ৰাজ্য দিতে ৰাজাক নিবাৰ ॥২৫
দশৰথ সাগৰ তৰঙ্গী নদী তই ।
অলপতে শুকাই যাইবি জানিলোঁহো মই ॥২৬
প্ৰিয়া গঙ্গা কৌশল্যা গম্ভীৰ বেগে বহে ।
ৰাম অভিষেকক বেকত কৰি কহে ॥২৭
কৈকেয়ী বোলে কুজী হেন সে দাৰুণ ।
মোহোৰ আগত আসি বোল নিদাৰুণ ॥২৮
ৰাম ৰাজা ভৈলে মন্দ নলখোহোঁ আন ।
ভাতৃক দেখিব ৰামে পুত্ৰৰ সমান ॥২৯
গুণৰ সাগৰ ৰাম দেখিলি তই কিস্ ।
অমৃত কুণ্ডত কুজা তই ঢাল বিষ ॥৩০
জ্যেষ্ঠ পুত্ৰক দিব ৰাজ্য ধন কোষ ।
দশৰথ ৰাজাৰ নেদেখোঁ কিছু দোষ ॥৩১
গুণৰ মন্দিৰ ৰাম বাপ শুদ্ধমতি ।
কৌশল্যাতোধিক মোত কৰয় ভকতি ॥৩২
সত্যে সত্যে বোলোঁ কিছু নাই অন্যয়থা ।
ভৰততোধিক মোৰ ৰামকেসে বেথা ॥৩৩
কতোকাল ৰাজ্য ভুঞ্জি সহৰিষ মনে ।
ভৰতত ৰামে ৰাজ্য সম্পিব আপনে ॥৩৪
কুজী বোলে ভাল তুমি ৰামক বখান ।
ৰাজ বংশে উতপতি কিছুৱে নজান ॥৩৫
ৰাম ৰাজা ভৈলে পাচে তাহাৰ তনয় ।
পুত্ৰ পৌত্ৰ বংশে ৰাজা হৈবেক নিশ্চয় ॥৩৬
দুয়োকুলে ৰাজা তাৰ নাজানস কাজ ।
কহিত শুনিলি ভায়েকক দিয়ে ৰাজ ॥৩৭
তোহোৰ বাপৰ ভাই জগত বিদিত ।
তাঙ্ক ৰাজ্য নেদিয়া থাপিলা যুদ্ধাজিত ॥৩৮
হেন সব জানি তোৰ মতি বিপৰীত ।
বুদ্ধি হত ভৈলে বোলোঁ নুশুনস হিত ॥৩৯
সতিনীৰ পোৰ গুণ বখানস কিস ।
মুখত অমৃত তাৰ হৃদয়ত বিষ ॥৪০
অঙ্গাকৰ দুগ্ধে কৰে শতেক প্ৰক্ষাল ।
তথাপিতো নেৰয় স্বভাব বৰ্ণ কাল ॥৪১
ৰাজা ভৈলে ৰাঘৱ ভৰত বনে যাইব ।
ৰামৰ হাতত নুহি প্ৰাণ সুঝাইব ॥৪২
মোৰ বোল নুশুনস নুবুঝস কাজ ।
সকুটুম্বে জানিলোঁ দেশৰ ভৈলে বাজ ॥৪৩