ৰামৰ আগত মাণ্ডকৰ্ণি মুনিৰ বৃত্তান্ত
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৪ অধ্যায়
ৰামৰ আগত মাণ্ডকৰ্ণি মুনিৰ বৃত্তান্ত
- পদ ।
আপোনাৰ কৃপা গুণ বৃদ্ধিৰ কাৰণে ।
ভাৰ্য্যা ভ্ৰাতৃ সমে ৰাম ঘূৰে বনে বনে ॥১
নিস্তাৰোক লোক মোৰ এহি গুণ গাই ।
ফল মূল সহিতে দেখিল তৰুবৰ ।
সৰোবৰ দেখিলা বিবিধ জলচৰ ॥৩
হৰিণ চোঁয়াৰি পশু দেখিলা বিস্তৰ ।
শূকৰ গৱয় শশা ভালুক কুঞ্জৰ ॥৪
যেবে আসি তথা অস্ত যান্ত দিবাকৰ ।
প্ৰহৰ মানত দেখিলন্ত সৰোবৰ ॥৫
কাহাকো নেদেখি তৈত শুনৈ নৃত্যগীত ।
ধৰ্ম্মভূত ঋষিৰ গৈ চাপিলা সন্নিত ॥৬
প্ৰণামিয়া ৰাঘৱে পুছিলা সেহি কায ।
কিবা বাদ্য ভণ্ড শুনোঁ সৰোবৰ মাজ ॥৭
ৰামক সম্বোধি ঋষি সহৰিষ মনে ।
আদি অন্তে কহিবাক লাগিলা তেখনে ॥৮
মাণ্ডকৰ্ণি নামে আছিলন্ত মুনিবৰ ।
তপৰ প্ৰভাৱে নিৰ্ম্মিলন্ত সৰোবৰ ॥৯
উগ্ৰ তপস্যাক তান ভৈল বিমৰিষ ।
বায়ু ভক্ষিলন্ত দশ হাজাৰ বৰিষ ॥১০
তপ দেখি ইন্দ্ৰৰ ব্যাকুল ভৈল মন ।
আমাক খেদায়া জানো লৱে ত্ৰিভুৱন ॥১১
সবে দেৱে মিলি পাচে বিমৰিষ কৰি ।
ঋষিক মুহিতে পঠাইলন্ত অপেস্বৰী ॥১২
ইন্দ্ৰৰ আজ্ঞাক অপেস্বৰী গৈয়া লৈল ।
তপ ভঙ্গ কৰিবাক লাগি চলি গৈল ॥১৩
ভঙ্গী ভাৱে লয়লাসে কৰে নৃত্যগীত ।
হাতে তাল ধৰি গাৱে গীত সুললিত ॥১৪
বিচিত্ৰ ভাষন বোলাৱয় তান সনে ।
শুনি মোহ ভৈল ঋষি ভাগিল ধিয়ানে ॥১৫
পঞ্চ অপেস্বৰা নাম এহি সৰোবৰ ।
পঞ্চ কন্যা লৈয়া ঋষি আছন্ত ভিতৰ ॥১৬
পুণ্য বলে জলে স্থিত মাণ্ডকৰ্ণি ঋষি ।
পঞ্চকন্যা লৈয়া আছে সৰোবৰে পশি ॥১৭
হেন শুনি হৰিষ লক্ষ্মণ ৰাম সীতা ।
মুনিৰ আশ্ৰম চাই ফুৰে চতুৰ্ভিতা ॥১৮
ঋষিগণে ৰামক আৰাধে অহৰ্নিশ ।
বিবিধ বিনোদে গৈল এদশ বৰিষ ॥১৯
দশম বৰিষ যেবে ভৈল নিবৰ্ত্তন ।
পুনৰপি সুতীক্ষ্ণ মুনিক দৰিশন ॥২০
সুতীক্ষ্ণ মুনিত ৰামে পুছিলন্ত কায ।
কোন দিশে আছন্ত অগস্তি ঋষিৰাজ ॥২১
ঋষিয়ে ৰামক ৰঙ্গে অৰ্চ্চনা কৰিল ।
অগস্তিৰ ভাইৰ ঠাইক পন্থ উদ্দেশিল ॥২২