বালীয়ে ৰামক তিৰস্কাৰ কৰে
ৰামায়ণ বৃত্তান্ত |
---|
|
- ১৪ অধ্যায়
বালীয়ে ৰামক তিৰস্কাৰ কৰে ।
মাথা পালটাই বালী পাঞ্জৰাক চাইল ।
বন হন্তে আসন্তে ৰামক ভেট পাইল ॥১
গুঞ্জ হেন চক্ষু ফুৰাই পাৰিলন্ত গালি ।
ধিক ধিক ৰাঘৱ অধম পাপ শালী ॥২
পাপময় ৰাম তুমি পাপৰ আচাৰ ।
পাপ বুদ্ধি ৰাম ইটো শৰীৰ তোমাৰ ॥৩
নুবুলিয়া শৰ তুমি কৰিলাহা কিক ।
তোমাৰ বীৰত্ব ৰাম আছো ধিক ধিক ॥৪
ক্ষত্ৰি জাতি বীৰ তুমি নুহিকা গহণ ।
নুবুলিয়া শৰ কৰিলাহা কি কাৰণ ॥৫
বুলিয়া আমাক কৰিলাহা হন্তে ৰণ ।
পৰিৱৰ্ত্তি ভৈল হন্তে তোমাৰ মৰণ ॥৬
লাজ এৰি ৰাম তুমি মাথা তুলি চাহা ।
হৃদয় বিদাৰি মোৰ শোণিত পিয়াহা ॥৭
কোন কাযে বনৰ বানৰ মাৰিলাহা ।
দোখৰা দোখৰ কৰি মাংস কাটি খাহাঁ ॥৮
আমাক মাৰিলা আসি কোন কাযে ভাল ।
মাংস নখাইবাহা তেবে নিপিন্ধিবা চাল ॥৯
নুভুঞ্জে উত্তম জাতি আমাৰ মাংসক ।
যজ্ঞত নলাগে বানৰৰ পঞ্চনখ ॥১০
শুনি আছোঁ ৰাম সৰ্ব্ব কাৰ্য্যত গৰিষ্ঠ ।
দেৱ গুৰু পিতৃ যত সবাহাতে ইষ্ট ॥১১
জানিলোঁ তোমাক সবে তপস্বীতে বৰ্জ্য ।
যেন ধৰি আছা বিৰালৰ ব্ৰহ্মচৰ্য্য ॥১২
পৃথিৱীৰ পতি তুমি ভৈলা অকাৰণ ।
উত্তম নাৰীৰ স্বামী যেহেন তেণ্টন ॥১৩
হা কিনো ভৈল তযু গতি বসুমতী ।
অধম আচাৰ ৰাম ভৈল তব পতি ॥১৪
সুমৰণে পাপ হৰে আদিত্যৰ বংশ ।
তোমাৰ উপৰি যত সবে ধৰ্ম্ম অংশ ॥১৫
সূৰ্য্যবংশ সমস্তৰ শিৰৰ মুকুট ।
নিৰ্ম্মল কুলত তুমি ভৈলা কালকূট ॥১৬
দশৰথ নৃপতিক ভালে জানোঁ আমি ।
অদ্ভুত ক্ষত্ৰিয় তেহোঁ যুগুত সংগ্ৰামী ॥১৭
তানে পুত্ৰ দুই ভৈলা অধম আচাৰ ।
বিমুখে মাৰিয়া পাইলা কুল কিলিঙ্কাৰ ॥১৮
মোক বুলিলাহা হন্তে সীতাৰ কাৰ্য্যক ।
আজি বান্ধি আনি দিবে পাৰোঁ ৰাৱণক ॥১৯
আমাক এৰিয়া সুগ্ৰীৱক কৈলা সাৰ ।
সিংহ এৰি শৃগালত আশিকা তোমাৰ ॥২০
সুগ্ৰীৱে সাধিবে কাৰ্য্য নোৱাৰিবে ভালে ।
যদিবা সাধিবে কাৰ্য্য আতি চিৰকালে ॥২১
ৰাৱণক সুগ্ৰীৱে পাৰয় কি কৰিতে ।
আনি দিবে পাৰোঁ ৰাৱণক তিলিকিতে ॥২২
পূৰ্ব্বকালে ৰাৱণে ব্ৰহ্মাত বৰ পাই ।
স্বৰ্গ মৰ্ত্ত পাতালক ফুৰাৱে কম্পাই ॥২৩
ভঙ্গ মানিলন্ত ইন্দ্ৰ আসি দেৱগণ ।
কিষ্কিন্ধাত আসি মোত মাগিলেক ৰণ ॥২৪
মই বোলোঁ ৰাৱণ বসিয়া থাক ঘৰে ।
স্নান কৰি আসোঁ মই চাৰিও সাগৰে ॥২৫
ৰাৱণে বোলয় ভালে কৰ আটি মুটি ।
জীৱ যেবে বানৰা কৰিবি সাটি সুটি ॥২৬
লাঘৱ বচনে মই ক্ৰোধ বৰ পাইলোঁ ।
কাখত নি দাৱতিয়া তুলি আলগাইলোঁ ॥২৭
দশমুখ ৰাৱণক ধৰি বাহু মেলি ।
দোঙ্কা দোঙ্কি পাৰে বুড়া হাতৰ চেঙ্গেলি ॥২৮
সৰ্পক ধৰিয়া যেন গৰুড় উৰান্ত ।
ৰাৱণক লইয়া মই গৈলোঁ সাগৰান্ত ॥২৯
নাকে মুখে ৰাৱণৰ ধৰিলোঁ জপাই ।
উসলিল পেট তাৰ হৃদি সিধি নাই ॥৩০
পূৰ্ব্ব দিশ দক্ষিণ পশ্চিম উত্তৰত ।
সন্ধ্যা কৰি ফুৰিলোঁহোঁ চাৰি সাগৰত ॥৩১
দণ্ড দুইৰ ভিতৰে সমুদ্ৰে সন্ধ্যা কৰি ।
ত্বৰিতে আসিয়া ভৈলোঁ কিষ্কিন্ধা নগৰী ॥৩২
দুৱাৰত থৈয়া বোলোঁ আনে দেহ ৰণ ।
হাৰিলোঁ হাৰিলোঁ বুলি ধৰিল চৰণ ॥৩৩
মিনতি কাতৰ বাণী বুলিল আশেষ ।
ভঙ্গ মানি চলি যাই আপোনাৰ দেশ ॥৩৪
বাট ভেণ্টি পাছে তাক অঙ্গদে ধৰিল ।
কঙ্কালত লাঙ্গুলে শতেক পাক দিল ॥৩৫
সাগৰত নিয়া পাছে জোবৰাইবে লইল ।
টোপনা বাহন্তে কলা ধাতু মাত্ৰ ৰৈল ॥৩৬
হেন দেখি অঙ্গদক বুলিলোঁ বচন ।
ছাৰ পুত্ৰ ইটো মোৰ শৰণীয়া জন ॥৩৭
মোৰ বাক্যে এৰি দিলা অঙ্গদকুমাৰ ।
লাঞ্ছনা লভিয়া গৈল লঙ্কাৰ ভিতৰ ॥৩৮
হেন ৰাৱণক ৰাম তুমি কৰা ডৰ ।
ৰণচেৰ যেন মোৰ ঘৰৰ ডিঙ্গৰ ॥৩৯
পঠায়া দিলোহোঁ হন্তে মাত্ৰ আজ্ঞাবাণী ।
মাথে কৰি সীতাক দিলেক হন্তে আনি ॥৪০
তাকে লাগি সুগ্ৰীৱক আশ্ৰয় কৰিলা ।
আমাক বিমুখে বধি অধৰ্ম্ম কৰিলা ॥৪১
অধিক নিন্দিবে ৰাম মোৰ নাহি কায ।
আচাৰত হীন ৰাম ধৰ্ম্মে ভৈলা বাজ ॥৪২
শুনি ৰামে বোলন্ত বানৰ গঞ্জাকাৰী ।
মোক গৰিহস আগ পাছ নিবিচাৰি ॥৪৩
দুৰ্জ্জন চঞ্চল মন্দ তৰল বানৰ ।
শুনি যি কাৰণে তোক কৰিলোঁহো শৰ ॥৪৪
ইক্ষ্বাকু বংশৰ ৰাজ্য সকলে আমাৰ ।
অৱশ্য খণ্ডিবে লাগে পৃথিবীৰ ভাৰ ॥৪৫
খণ্ট চোৰ মচ্চল যতেক দুৰাচাৰ ।
যাক যেন অনুৰূপে কৰয় সংহাৰ ॥৪৬
ভৰত ভৈলন্ত ৰাজা সোদৰ আমাৰ ।
অনুচিতে পিম্পৰাৰো নিচিন্তয় মাৰ ॥৪৭
দুষ্টক কৰোহোঁ দণ্ড তানে বাক্য পালি ।
কোন কাৰ্য্যে আমাক নিন্দস দুষ্ট বালী ॥৪৮
যি বুলিলি বিমুখত মাৰিলোহোঁ শৰ ।
ইহাৰ উত্তৰ শুন পাপিষ্ঠ বানৰ ॥৪৯
পূৰ্ব্বে যত ৰাজা গণে ধৰ্ম্ম আচৰিলা ।
যেনে তেনে পশু মত্স্য কচ্ছপ মাৰিলা ॥৫০
জাল পাতি মাৰয় পাছত খেদি শৰে ।
বনে আৰ হুয়া মাৰে পলাইবাক ডৰে ॥৫১
জাঠি জোঙ্গে মাৰে কতো কুৰফান্দ পাতি ।
নানা মতে মাৰয় বনৰ পশু জাতি ॥৫২
কাৰ্য্যত লখিলোঁ তই পাপীষ্ঠ বানৰ ।
কনিষ্ঠৰ ভাৰ্য্যাক কৰিয়া আছ ঘৰ ॥৫৩
সুগ্ৰীৱ হেনয় ভাইক দেশৰ ডাকিলি ।
ভ্ৰাতৃবধু সম্বৰিয়া বৰ যশ পাইলি ॥৫৪
প্ৰতিজ্ঞা সাফলি সুগ্ৰীৱক দিবোঁ ৰাজ ।
তোক মাৰি পঠাওঁ আজি যমৰ সমাজ ॥৫৫
সাফলিল অঙ্গীকাৰ পালিলোঁ সত্যক ।
অকাৰ্য্যে নিন্দস মোক বানৰ লটক ॥৫৬
ঘোৰ ঘোৰ পাপ তই যত আচৰিলি ।
সংগ্ৰামত পৰি প্ৰায়শ্চিত্তক কৰিলি ॥৫৭
তোৰ গতি ভৈল বালী মোৰ হাতে পৰি ।
স্বৰ্গে চলি যাহাঁ দিব্য বিমানত চৰি ॥৫৮
বালী বোলে ৰামচন্দ্ৰ কৰোঁ নমস্কাৰ ।
তোমাৰ ৰচনা ইটো সকলে সংসাৰ ॥৫৯
নিচিনিয়া তোমাক বুলিলোঁ গৰ্ব্ব বাক ।
পশিলো শৰণ প্ৰভু ক্ষমিয়োক তাক ॥৬০
তোমাৰ শৰত মোৰ ভৈল সদগতি ।
অঙ্গদক অনুশোচ কৰোহোঁ সম্প্ৰতি ॥৬১
নিতে নিতে পুত্ৰ মোৰ কোলে চাপি ক্ৰীড়ে ।
ৰামৰ শৰত কৰি পুত্ৰ শোকে পীড়ে ॥৬২
আচম্বিতে শোক মোৰ মিলিল বিশাল ।
কাহাত শৰণে পুতাই বঞ্চিবেক কাল ॥৬৩
হা অঙ্গদাই মোৰ প্ৰাণ সমসৰ ।
একো দুঃখ নজানিলি সুখিয়া কুমাৰ ॥৬৪
মই মৰি যাওঁ হেৰা অঙ্গদাই বাপি ।
বাপ বুলি থাকিবি কাহাৰ কোল চাপি ॥৬৫
হৰি হৰি বিদগদ সুবলিত দেহা ।
সব কুটুম্বত কৰি তাতে বৰ নেহা ॥৬৬
আথে বেথে ৰামে মোক দেশৰ ডাকিল ।
সুজিবে নপাইলি ধাৰ লাগিয়া থাকিল ॥৬৭
শুন শুন বোলোঁ মোৰ সুগ্ৰীৱ সোদৰ ।
মন্যু পৰিহৰি মোক কোলে চাপি ধৰ ॥৬৮
গৰ্ভত আছিলো দুই ভাই একে ঠাই ।
কোন দৈব বিধিয়ে পেলাইলে বিহৰাই ॥৬৯
তোমাৰ আমাৰ কপালত নাহি যোগ ।
দুই ভাই মিলি নকৰিলো ৰাজ্য ভোগ ॥৭০
হৰি হৰি বান্ধৈ মোৰ তাৰা পটেশ্বৰী ।
বিপাঙ্গে মৰিলো তাৰ বচন নধৰি ॥৭১
বালীৰ কাৰুণ্য শুনি কান্দন্ত সুগ্ৰীৱে ।
হাকলে বিকলে মুঠি হানিলন্ত হিয়ে ॥৭২
কি কৰিলো পাপী মই অধমত শ্ৰেষ্ঠ ।
ৰাজ্য লোভে হেৰুৱাইলো পিতৃসম জ্যেষ্ঠ ॥৭৩
দাদা বোলো মুণ্ড তুলি চাহা মোৰ মুখ ।
প্ৰাণ মোৰ সঙ্কলে তোমাৰ দেখি দুখ ॥৭৪
হেন বুলি দুই ভাই ধৰি কোলে কোলে ।
নগৰী ব্যাপিল দুইৰো ক্ৰন্দনৰ বোলে ॥৭৫
থাকিলন্ত সুগ্ৰীৱ বালীক মন্যু কৰি ।
আৰ্ত্তনাদ শুনিলন্ত তাৰা পটেশ্বৰী ॥৭৬
হিয়ে মুঠি হানিয়া স্বামীৰ পাশে যায় ।
বানৰী সহস্ৰে বেঢ়ি লগতে বজায় ॥৭৭
স্বামী পাশে চলয় বিকলে দিশ চাই ।
দেখন্ত নগৰ মাজে বানৰ পলায় ॥৭৮
পলাই দাৰি দুৰি কৰি মনত বিভঙ্গে ।
থাৰে থোৰে কহে কথা বানৰৰ সঙ্গে ॥৭৯
ঝাম্প দিয়া কতহোঁ বৃক্ষৰ আগে চৰে ।
বৃক্ষ এৰি কতো কতো গহ্বৰত পৰে ॥৮০
কিচ কিচ কৰিয়া বানৰে পাৰে উকি ।
ৰামে পাইলে বুলি দেয় নিকুঞ্জত লুকি ॥৮১
তাৰায়ে বোলন্ত শুনিয়োক কপিগণ ।
স্বামীৰ বাৰ্ত্তাক কহিয়োক এতিক্ষণ ॥৮২
কি কাৰণে পলাই সবে বানৰ বিপুল ।
অথিৰ চৰিত্ৰ দেখোঁ চিত্ত বিয়াকুল ॥৮৩
পটেশ্বৰী আই তুমি বাৰ্ত্তাক নপাইলা ।
ৰাম ৰূপে কাল হুয়া দ্ৰাসিবাক আইলা ॥৮৪
হেন বীৰ নতো দেখি নতো শুনি কাণে ।
অপাৰ সাগৰ বল গগন সমানে ॥৮৫
ত্ৰিভুবনে কাম্পয় বালীৰ পদভৰে ।
হেন বীৰ মাৰিলেক একে পাত শৰে ॥৮৬
স্বামী তোৰ নিজীৱন্ত কৈক লাগি যাস ।
অঙ্গদ পুত্ৰক নিয়া মৰাইবাক চাস ॥৮৭
পৰবৰ্ত্তি আস মাৱ কিষ্কিন্ধ্যা নগৰ ।
ৰাজা পাতিয়োক নিয়া অঙ্গদ কুমাৰ ॥৮৮
কিষ্কিন্ধা ৰাখিতে পাৰা তান বুদ্ধিবলে ।
আন কপিগণ মৰে নৃপতি বিকলে ॥৮৯
স্বামীৰ বাৰ্ত্তাক যেবে নিশ্চয় পাইলন্ত ।
হিয়ে মুটি হানি তাৰা দেবী কান্দিলন্ত ॥৯০
বানৰী সকলে বেঢ়ি প্ৰবোধ বোলন্ত ।
স্বামীৰ পাশক ডৰ ডৰি আণ্টাইলন্ত ॥৯১
শুনাঁ সভাসদ ৰাম কথা অনুপাম ।
পাপৰ কঠিয়া পেলাই বোলা ৰাম ৰাম ॥৯২