কৈকেয়ীয়ে ৰামক বৰৰ কথা কয়
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৮ অধ্যায়
কৈকেয়ীয়ে ৰামক বৰৰ কথা কয়
শুন পুত্ৰ ৰাম তই বোলোঁ তোত কাজ ।
হেন আজ্ঞা কৰন্ত তোমাক মহাৰাজ ॥১
দেৱাসুৰ যুদ্ধ মহা মিলিল পূৰ্ব্বত ।
দানবে জিনিল দেৱতাক সমৰত ॥২
ইন্দ্ৰে নিলা নৃপতিক কৰিয়া সন্মান ।
অসুৰক জিনিয়া আসিলা মোৰ থান ॥৩
তোমাৰ বাপক সেৱা কৰিলো বিস্তৰ ।
সিকলত ৰাজা মোক দিলা দুই বৰ ॥৪
এক বৰ লৈলোঁ ভৰতক দিবোঁ ৰাজ ।
তুমি বন যাইবাক বুলিলোঁ আৰ কাজ ॥৫
পিতৃ সত্য পালিতে আছয় যেবে মন ।
ৰাজাৰ আদেশ ভৈল চলি যাইয়ো বন ॥৬
ৰাজ্যৰ বাসনা এৰি চিৰ জটাধৰ ।
চৌধ বৰিষক লাগি বনবাস কৰ ॥৭
শুনিয়া ৰামৰ ভৈল ৰাজ্যত নৈৰাশ ।
হাস্য কৰি বোলন্ত যাইবোঁহো বনবাস ॥৮
ইসে কাৰ্য্যে মাৱ মোৰ দহে কলেৱৰ ।
আপুনি আদেশ নকৰিলা ৰাজেশ্বৰ ॥৯
ৰাঘৱে বোলন্ত মাৱ বাক্য শুনিয়োক ।
শীঘ্ৰ দূত পঠাই ভৰতক আনিয়োক ॥১০
যাৱে প্ৰাণ ধৰিয়া আছন্ত মহাৰাজ ।
অবিলম্বে ভৰতক আনি দিয়ো ৰাজ ॥১১
বাপক আশ্বাস বুলি পালিবেক জন ।
পিতৃ দ্ৰোহী ৰাম হেৰা চলি গৈলোঁ বন ॥১২
শুনিয়োক বাপদেৱ অজৰ নন্দন ।
পিতৃ দ্ৰোহী ৰাম হেৰা বোলয় বচন ॥১৩
অনাথিনী মাৱ মোৰ পালিব কেমনে ।
মই চলি যাওঁ হেৰা ঘোৰ তপোবনে ॥১৪
শুনিয়োক বাপ পৃথিবীৰ নিজনাহা ।
বদন কমল দেখোঁ মাথা তুলি চাহাঁ ॥১৫
দেখোহোঁ দুৰ্লভ পুনৰপি দৰিশন ।
আশীৰ্ব্বাদ কৰিয়োক চলি যাওঁ বন ॥১৬
কৈকেয়ী বোলে ৰাম বোলোহোঁ তোমাক ।
যাৱে থাকা তুমি তাৱে নুতুলিব মাথ ॥১৭
লজ্জা ভৈলা বিস্তৰ ৰাজাৰ মন দুঃখ ।
তুমি সত্য পালিলে ৰাজাৰ হৈবে সুখ ॥১৮
বুলিলি বচন হিত আনিবো ভৰত ।
তুমি বন গৈলেহে ৰাজাৰ বহে সত ॥১৯
কৈকেয়ীৰ বাক্য শুনি নিষ্ঠুৰ স্বভাৱ ।
হা ৰাম বুলি ৰাজা এৰিলন্ত গাৱ ॥২০
ক্ষণিকতে ৰাজাৰ মোহিত ভৈল মতি ।
আসনতে মূৰ্চ্ছা গৈলা অযোধ্যাৰ পতি ॥২১
দুঃখ দেখি ৰাজাৰ বুলিলা ৰামে কাজ ।
কৈকেয়ীক বুলিলা এৰিয়া মুখ লাজ ॥২২
আমাৰ নিষ্ঠুৰ বাপে নোবোলন্ত বাণী ।
হেৰ হাত যোৰো সুখে থাকিয়ো গোসানী ॥২৩
মোত নুবুলিলা তুমি ভৰতৰ কাজ ।
প্ৰাণ দিতে পাৰোহোঁ আছোক ধনৰাজ ॥২৪
মোৰ বনবাসত বাপক দিয়া দুখ ।
ইনো ৰাজ্য ভাৰ কত বৰ হুইবে সুখ ॥২৫