সীতাৰ অগ্নি পৰীক্ষা
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৫০ অধ্যায় ।
- সীতাৰ অগ্নি-পৰীক্ষা ।
- পদ ।
ৰামে দেখিলন্ত পলাই ভালুক বানৰ ।
সেৱতিয়া কোবায়া কৰিলা দূৰন্তৰ ॥১
ক্ৰোধিয়া বোলন্ত বানৰৰ দুঃখ জানি ।
ওৰা বিভীষণ মিত্ৰ হেন লঘুপ্ৰাণী ॥২
বানৰেসে বন্ধু মোৰ পিতৃ পিতামহ ।
যাত হন্তে এৰাইলোঁ দুৰ্গতি অনেকহ ॥৩
বানৰক মাৰিবাৰ কমন প্ৰস্তাৱ ।
আসম্বাক মাৰি মোৰ প্ৰাণে দেস ঘাৱ ॥৪
এহি কাৰ্য্যে মোহোৰ কৰিলা অসন্তোষ ।
পুত্ৰ সবে মাতৃক দেখিলে কিবা দোষ ॥৫
সবাক আনিয়ো ঝাণ্টে আশ্বাস কৰিয়া ।
সীতাক চাহোক সবে নয়ন ভৰিয়া ॥৬
যাহাৰ নিমিত্তে দুঃখ পাইল বহুতৰ ।
চাহিবাক মন কৰে ভালুক বানৰ ॥৭
বিবাহ ব্যবহাৰ যজ্ঞ অনুষ্ঠান কালে ।
অৱস্থাক নিৰূপণ স্বয়ম্বৰ শালে ॥৮
সভা আগমন ধৰ্ম্ম বিচাৰ নবোধ ।
সবহি দেখিব কিছু নাহিকে বিৰোধ ॥৯
বিভীষণে লাজ পাইলা ৰামৰ বচনে ।
সকল বানৰগণ আনাইলা তেখনে ॥১০
আদেশিলা ৰাঘৱে মনত মন্যু ভাৱে ।
ওৱাৰ গুছায়ো সীতা আসো ভূমিপাৱে ॥১১
ইঙ্গিততে ৰামৰ বচন অৱগাই ।
সকল প্ৰজায়ে আউৰক আউৰে চাই ॥১২
সজল নয়নে সবে ভূমি খছৱন্ত ।
সীতা গোসাঁনীক জানোঁ ৰাঘৱে এৰন্ত ॥১৩
বিভীষণে চৌদোলৰ গুছাইল ওৱাৰ ।
তৰাসে সীতাৰ নিকলিল লোহ ধাৰ ॥১৪
জনক জীৱৰ নয়নৰ নীৰ বহে ।
সব কপিগণে দেখি পৰাণে নসহে ॥১৫
মুখত কাপৰ দিয়া কান্দন্ত লক্ষ্মণ ।
ভূমি চায়া কান্দন্ত অঙ্গদ বিভীষণ ॥১৬
সুগ্ৰীৱ যে কান্দন্ত গবাক্ষ জাম্বৱন্ত ।
নল নীল কেশৰী পনস হনুমন্ত ॥১৭
গোসাঁনী কান্দন্ত দেখি নধৰন্ত বুক ।
আন ভিতি চাহি কান্দে বানৰ ভালুক ॥১৮
বিভীষণ আগে সীতা যান্ত ভূমি পাৱে ।
বুলন্তে দেখিয় ফুটি ৰুধিৰ বজাৱে ॥১৯
অলঙ্কাৰ শব্দ ৰুন ঝুন কৰি ভাষে ।
যেন লক্ষ্মী চলি যান্ত নাৰায়ণ পাশে ॥২০
ডাহিন সুবৰ্ণ যেন শৰীৰৰ কান্তি ।
শঙ্কৰ পাশ যেন দুৰ্গা দেবী যান্তি ॥২১
লাজ পায়া গোসাঁনী পৰম মহাশান্তী ।
সঙ্কুচিত ভাৱে মাৱ গাৱতে লুকান্তি ॥২২
লৱনু পুত্তলী যেন সুকোমল গাৱ ।
একোভিতি নচাই চলি যান্ত জগমাৱ ॥২৩
গোসাঁনীৰ ৰূপ দেখি বানৰ ভালুকে ।
পৰম আনন্দে চাহে হৰষিত বুকে ॥২৪
বোলে জানকীক চাই আনন্দক পাইলোঁ ।
আমি সবে সাৰ্থক ৰামৰ লগে আইলোঁ ॥২৫
বানৰ ভালুক সবে ৰাক্ষস বিস্ময় ।
সীতাৰ সুৰূপে সব জগত মোহয় ॥২৬
সীতাক দেখিয়া ৰাম অন্তৰ্গতে স্নেহ ।
ক্ষণে সকৰুণ ক্ষণে নিকৰুণ দেহ ॥২৭
দুঃখ দেখি ৰামৰ চক্ষুৰ পৰে পানী ।
ক্ৰোধ কৰি পুনঃ তাক ধৰে টানি ॥২৮
ধৰন্তে ধৰন্তে লোহ ধৰণ নযাই ।
শোক দুঃখ ক্ৰোধ সব ভৈলা এক ঠাই ॥২৯
সমীপ ছাপিলা দেবী স্বামী শ্ৰীৰামৰ ।
নমাতি থাকিলা ৰামে কৰি অনাদৰ ॥৩০
লাজে মাথা নতোলন্ত সঙ্কুচিত ভাৱে ।
ডৰে দেবী কাম্পন্ত কদলী যেন বাৱে ॥৩১
লাজ ভয় এৰিয়া স্বামীত বৰ স্নেহা ।
আপনাক শুদ্ধ জানি দৃঢ় কৰি দেহা ॥৩২
চিৰকালে দেখিবাক বৰ হাবিলাষে ।
মুখ চাহি কটাক্ষে থাকিলা এক পাশে ॥৩৩
সীতাক ৰাঘৱে চাহিলন্ত মাথা তুলি ।
আৰকত নয়ন হিয়াৰ গুল গুলি ॥৩৪
মহাক্ৰোধে বচন বুলিলা ৰঘুনাথে ।
জনকৰ জীৱ হেৰা বোলহোঁ তোমাতে ॥৩৫
ৰাৱণক মাৰিয়া এৰাইলোঁ লোকবাদ ।
তোমাক আনিলোঁ ৰাখি বংশৰ মৰ্য্যাদ ॥৩৬
লোকে বুলিবন্ত ৰাম হাৰিল অন্তৰে ।
সি কাৰণে তিৰী বৈৰী নমাৰিলা ডৰে ॥৩৭
নিন্দাক এৰাইলোঁ মই আপন বংশৰ ।
কুৎসা বাণী এৰাইলোহোঁ সমস্ত লোকৰ ॥৩৮
দৈব দোষে ৰাজা হৰি আনিলা তোমাক ।
পৌৰুষতা বলে আমি মলছিলোঁ তাক ॥৩৯
ৰাঘৱৰ অভিপ্ৰায় ইঙ্গিততে জানি ।
ঘামিলা কম্পিলা গাৱ ডৰিলা গোসাঁনী ॥৪০
শ্ৰীহানি ভৈলা মুখ মলিনতা চন্দ ।
মেঘে যেন ঢাকিলেক পূৰ্ণিমাৰ চান্দ ॥৪১
শুন মাতো জানকী তোহোত মই কায ।
প্ৰতিজ্ঞা সাফলি বিভীষণে দিলোঁ ৰাজ ॥৪২
প্ৰতিজ্ঞাক সাফলিলোঁ মাৰুতি বীৰৰ ।
মনোৰথ সিদ্ধি ভৈলা সুগ্ৰীৱ মিত্ৰৰ ॥৪৩
তোমাক লাগিয়া আমি নকৰিলো কায ।
পৌৰুষতা আচৰি গুছাইলো সব লাজ ॥৪৪
দশোদিশ প্ৰসন্ন মেলিয়া চক্ষু চাহাঁ ।
তোমাক এৰিলোঁ সীতা যথা মন যাহাঁ ॥৪৫
চিৰকাল হৰি তোক নিলেক ৰাৱণে ।
তই শুদ্ধ ভাৱ হেন পতিয়াইব কোনে ॥৪৬
সান্তোষ মেলিবে কোনে শিলা বান্ধি বুকে ।
কমন মুগুধে আৰ সম্বৰিব তোকে ॥৪৭
ৰাৱণৰ গৃহত আছিলা চিৰকাল ।
পুনৰপি তোমাক নিবাক নুহি ভাল ॥৪৮
তোমাক আনিলে বৰ কুযশ লভিবোঁ ।
জন অপবাদ হেতু তোমাক নেনিবোঁ ॥৪৯
লক্ষ্মণত ভজ নুহি ভজ ভৰতত ।
বিভীষণ ভজ নোহে ভজ সুগ্ৰীৱত ॥৫০
ত্ৰৈলোক্য সুন্দৰী হেন জানিয়া তোমাক ।
ৰাৱণে ক্ষমিব হেন পতিয়াস কাক ॥৫১
স্বামীৰ বচন হেন শুনিয়া নিষ্ঠুৰ ।
লাজে ভয়ে গোসাঁনীৰ হিয়া ধুৰ ধুৰ ॥৫২
দুৰ্ব্বাৰ বচন শালে শালিলেক হিয়ে ।
ধীৰে ধীৰে বুলিলন্ত জনকৰ জীয়ে ॥৫৩
উত্তম কুলত আমি জনম লভিলো ।
মহন্ত কুলত মোক বাপে বিহা দিল ॥৫৪
আমাক ইতৰ নাৰীসম দেখিলাহা ।
নটৰ নটিনী যেন আনক বিলাহা ॥৫৫
পাপিষ্ঠ ৰাৱণে মোক আনিলেক হৰি ।
তিৰী জাতি পৰাধীন নহোঁ স্বতন্তৰি ॥৫৬
অন্তৰ্গত মনক পালিলোঁ নিয়মিত ।
ৰাত্ৰিয়ে দিবসে মোৰ তোমাতেসে চিত্ত ॥৫৭
তুমি যেন শঙ্কি আমি নহোঁ হেন ঠান ।
দেৱ ধৰ্ম্ম সাক্ষী হুইবা পৃথিবী প্ৰমাণ ॥৫৮
অন্তৰ্গত শুদ্ধ আমি হোওঁ মহা শান্তী ।
ইতৰ পুৰুষে যেন লঘু বোল মাতি ॥৫৯
যৈসানি খুজিত মোক আইলা হনুমন্তে ।
হেনয় বচন বুলি পঠাইলাহা হন্তে ॥৬০
পাৰান ত্যজিলোঁ হন্তে তাহাৰ আগতে ।
সব সেনা কিক প্ৰয়াসিব হেন মতে ॥৬১
নসুমৰা মোৰ এক দিবসৰ গুণ ।
নিৰ্দ্দয় পুৰুষ জাতি কিনো নিদাৰুণ ॥৬২
ভাগি গৈলা লোহা আউৰ গঢ়ন নযাই ।
ইকালে ঔষধ চিন্তোঁ যেহেন উপায় ॥৬৩
শুনিয়ো লক্ষণ মাতে আলখনী সীতা ।
ঝাণ্ট কৰি বাপু তই সাজি দেহ চিতা ॥৬৪
আপনি কৰিবোঁ আপনাৰ প্ৰতিকাৰ ।
অগণিত ঝাস কৰোঁ কি কাৰ্য্য জীবাৰ ॥৬৫
হেন শুনি লক্ষণে ৰামৰ ভিতি চাইল ।
চক্ষু নিমিষতে ৰাঘৱৰ আজ্ঞা পাইল ॥৬৬
তেতিক্ষণে সুমিত্ৰাৰ হৃদয় নন্দনে ।
চিতা খান নিৰ্ম্মিলন্ত আগৰ চন্দনে ॥৬৭
ৰামৰ চৰিত্ৰ শুনা সাৱধান কৰি ।
নিৰন্তৰে নৰে ডাকি বোলাঁ হৰি হৰি ॥৬৮
- ৫১ অধ্যায় ।
- ছবি ।
চিতাত অগনি কুণ্ড, জ্বালিলন্ত লখমণে,
- হাণ্ডি হাণ্ডি ঢালিলন্ত ঘৃত ।
জাজ্জ্বল্য সমান কৰি, বহ্নিকুণ্ড জ্বলি গৈলা,
- সীতাদেবী ভৈলন্ত সম্ভৃত ॥১
ৰাঘৱৰ হৃদয়ত, শেল যেন পশি গৈলা,
- আথাকে নয়নে জল বহে ।
সকল সেনাৰ দেখি, হাহাকাৰ লাগি গৈলা,
- মহাশোকে পৰাণ নসহে ॥২
হেট মাথে ৰাঘৱক, ফুৰি প্ৰদক্ষিণ কৰি,
- প্ৰণামি যুৰিলা দুই কৰ ।
জন্মে জন্মে তুমি মোৰ, টীকৰ সুস্বামী হুইবা,
- লক্ষ্মণেসে হুইবন্ত দেৱৰ ॥৩
দশৰথ নৃপতিসে, শ্বশুৰ হৈবন্ত মোৰ,
- কৌশল্যা হৈবন্ত মোৰ শ্বাশু ।
হৰি হৰি গোসাঁনীক, দৰশন নভৈলোহোঁ,
- হেৰা মৰোঁ সীতা পৰবাসু ॥৪
হাতযোৰে ত্ৰিদশক, নমস্কাৰ কৰিয়া যে,
- অগনিক কৰিয়া প্ৰণাম ।
স্বপনে গিয়ানে মই, আনকিছো নজানওঁ,
- অহৰ্নিশে সুমৰিলোঁ ৰাম ॥৫
কায়বাক্য মনে পাপ, নিমিষকো নজানওঁ,
- আছিলোহোঁ শান্তি পুণ্য ৰাখি ।
হেন জানি অগ্নি মোক, উচিত ফলক দিবা,
- তুমি দেৱ জগতৰ সাক্ষী ॥৬
আপনাক শুদ্ধ হেন, জানিয়া নিশঙ্কভাৱে,
- মুখ ভৈলা হৰিষ সৰস ।
স্বৰ্গতো দেৱতা বৰ্গ, সবে চাহি আছিলন্ত,
- সীতা দিলা অগনিত ঝাস ॥৭
লঙ্কা নগৰীত যত, বাল্য বৃদ্ধ যুবা জন,
- অসংখ্যাত সেনা নিকলিল ।
শোকে দুঃখে অপমানে, হাহাকৰা শব্দ উঠি,
- মহাৰোলে গগন পূৰিল ॥৮
তিনি লোক ভুবনত, চাহি চাহি আছিলন্ত,
- আকাশ পৃথিবী খণ্ড ছানি ।
বানৰ ভালুকগণ, হৰি হৰি বিষাদত,
- স্বৰ্গক পৰ্য্যন্তে গৈলা ধ্বনি ॥৯
হাহা সীতা শান্তী মাৱ, বুলি বুলি কন্যাগণে,
- বেঢ়ি বেঢ়ি সবে প্ৰসংসন্ত ।
স্বৰ্গত দেৱতা সবে, শোকত পাগল ভৈলা,
- ধৰ্ম্ম ধৰ্ম্ম সবে সুমৰন্ত ॥১০
ব্ৰহ্মা মহেশ্বৰ হৰি, দেৱৰাজ আদি কৰি,
- আপোন আপোন ৰথে চড়ি ।
সীতাদেবী অগনিত, প্ৰবেশ ভৈলন্ত দেখি,
- সবেয়ো আসিলা দৰদৰি ॥১১
দেৱতা সবক দেখি, কৃতাঞ্জলি কৰি উঠি,
- চিন্তিয়া থাকিলা ৰঘুনাথে ।
আকাশত থাকি সবে, ৰাঘৱক বুলিলন্ত,
- উচ্ছায়া দক্ষিণ তুলি হাত ॥১২
শ্ৰেষ্ঠায়ে পুৰুষ তুমি, জ্ঞানময় মহৌষধি,
- দেৱকাৰ্য্যে আসিলা ভূমিক ।
সীতাদেৱী অগনিত, প্ৰবেশ ভৈলন্ত দেখাঁ,
- উপেখি আছিলা তুমি কিক ॥১৩
আমি সবে ভাল জানোঁ, এহেঁ পতিব্ৰতা শান্তী,
- হেন নাৰী নাহি সীতা সম ।
আপনাক নিচিনিয়া, হেন কৰ্ম্ম কৰিলাহা,
- মুনিয়ো হৱয় মতিভ্ৰম ॥১৪
দেৱতাক সম্বুধিয়া, ৰঘুনাথে বুলিলন্ত,
- সবেয়ো বখানা মোৰ গুণ ।
প্ৰতি প্ৰতি কৰিতেবে, পৰিচয় কৰায়োক,
- আমিনো দেৱতা হওঁ কোন ॥১৫
হেন জানো দশৰথ, নৃপতিৰ পুত্ৰ মই,
- কৌশল্যা যে দেবীৰ তনয় ।
মানুষৰ ৰূপ ধৰি, নৰ অৱতাৰ কৰি,
- শত্ৰুগণ কৰিলোহোঁ ক্ষয় ॥১৬
অমোঘ স্তুতিক কৰি, ব্ৰহ্মাদেৱে বুলিলন্ত,
- তুমি নাৰায়ণ মহা হৰি ।
উৎপত্তি মৰণ হন্তে, অসুৰক সংহৰণ,
- শঙ্খ চন্দ্ৰ গদা পদ্ম ধৰি ॥১৭
মুনিগণে তোমাকেসে, স্থূলৰূপে চিন্তে প্ৰভু,
- মোক্ষৰূপে নিৰ্ণয় নজানি ।
দাৰিদ্ৰ্য দুঃখক খণ্ডি, তযু হৃদি মণ্ডলিনী,
- সীতাদেবী লক্ষ্মীনী গোসাঁনী ॥১৮
ৰাৱণ মাৰিতে লাগি, ত্ৰিদশৰ বোকে স্বামী,
- মৰ্ত্তত ভৈলাহা অৱতাৰ ।
তুমিসি সংসাৰ সেতু, উৎপত্তি প্ৰলয় হেতু,
- অসন্তক কৰাহা সংহাৰ ॥১৯
এতহন্তে অগ্নি আসি, পুৰুষ মূৰ্ত্তিক ধৰি,
- জানকীক কোলে তুলি লৈলা ।
সেহি বস্ত্ৰ অলঙ্কাৰে, দশগুণ তেজকান্তি,
- ৰামৰ আগত নিয়া থৈলা ॥২০
শুনিয়োক সৰ্ব্বজন, পুণ্যকথা ৰামায়ণ,
- মনোহৰ ৰামৰ চৰিত্ৰ ।
কৰাঁ কৰ্ণাঞ্জলি পান, মন কৰাঁ সাৱধান,
- দিয়া ৰাম চৰণত চিত্ত ॥২১
যত মহাপাপ চয়, খণ্ডিৱন্ত কৃপাময়,
- সুখে পাইবা বৈকুণ্ঠত থান ।
জানি সভাসদ জাক, ৰাম বুলি ছাৰ ডাক,
- হৌক সব পাপৰ নিৰ্বাণ ॥২২
- ৫২ অধ্যায় ।
- পদ ।
অগনি বোলন্ত শুনা জগতৰ বাপ ।
মই ভালে জানহোঁ সীতাত নাহি পাপ ॥১
সংসাৰ মাজত নাহি মোত অবিদিত ।
সত্যে সত্যে জানকীৰ তোমাতেহে চিত ॥২
ভাৱবাক্য টনকে বুলিলা জানকীক ।
বিচনিৰ বাৱে মেৰু টলিৱন্ত কিক ॥৩
আপনি জানাহা প্ৰভু সীতা ব্যৱহাৰ ।
সম্বৰিয়ো গোসাঁই বিলম্ব কিক আৰ ॥৪
ৰাঘৱে বোলন্ত তুমি শুনিয়ো অগনি ।
সীতা যেন শান্তী আমি ভাল মতে জানি ॥৫
নজানা সীতাক পৰিক্ষিলো যি কাৰণে ।
জনত থাকিব ৰাম হেন লঘু জনে ॥৬
চিৰকাল আছিলা ৰাৱণ ওৱাৰিত ।
স্ত্ৰীজাতি উত্ৰাৱল জগতে বিদিত ॥৭
হেনসে ৰাঘৱ তেহোঁ অনুচিতকাৰী ।
অশোধনে সম্বৰিলা আনি হেন নাৰী ॥৮
অগনিত উত্তৰিল জগতে গোচৰ ।
কুল্যা বাণী এৰাইলোহোঁ সমস্ত লোকৰ ॥৯
দেৱতা সবৰ হেন থাকে অনুৰোধ ।
এবে সীতা সম্বৰিবোঁ নাহিকে বিৰোধ ॥১০
ব্ৰহ্মায়ে বোলন্ত প্ৰভু হুয়ো পৰিচিত ।
দশৰথ আসিলন্ত তোমাক দেখিত ॥১১
তুমি পুত্ৰে তৰাইলা পাইলন্ত স্বৰ্গলোক ।
পৰম বিভৱে আদৱন্ত দেৱলোক ॥১২
হেন শুনি ৰঘুনাথে মাথা তুলি চাইল ।
পাছে দিব্য বিমানে বাপক ভেট পাইল ॥১৩
চৰণ বন্দিলা আথে বেথে গাৱ চালি ।
দশৰথে আনন্দে ধৰিলা আঙ্কোৱালি ॥১৪
সীতা দেখি তাসম্বাৰ আনন্দ মিলিল ।
পাৱ হন্তে লক্ষ্মণক তুলি সাবটিল ॥১৫
ৰামক দুইহাতে ধৰি কোলাত বৈসাইল ।
তিনিকো দেখিয়া বৰ কৌতূহল পাইল ॥১৬
ৰাঘৱক সম্বুধি বোলন্ত দশৰথ ।
আজিসে আছওঁ মই সপ্তম স্বৰ্গত ॥১৭
কৈকেয়ীৰ বচনক নপাসৰোঁ ভালে ।
অদ্যাপিয়ো হিয়াক শালিল যেন শালে ॥১৮
পাপিষ্ঠীৰ বচনে পঠাইলোঁ বনে তোক ।
প্ৰাণক ত্যজিলোঁ পাই নিদাৰুণ শোক ॥১৯
সাৰ্থক কৌশল্যা দেবী সহিলেক শোক ।
বন হন্তে গৈলে দেখিবন্ত দুই পোক ॥২০
সাফল জনম পাইব অযোধ্যাৰ লোকে ।
শ্ৰী সিংহাসনে বাপ দেখিবন্ত তোকে ॥২১
সীতা সম্বৰিয়ো বাপ জগতৰ আই ।
স্বপ্নে জ্ঞানে মনে থাকে তোমাক ধিয়াই ॥২২
আমাৰ বংশৰ বাপ তুমি দীপখেৱ ।
ৰাৱণক মাৰি উদ্ধাৰিলা যত দেৱ ॥২৩
ত্ৰৈলোক্য বিজয় ৰাম পূৰ্ব্বে জানো তোক ।
সিংহাসন ৰাজ্য দিবে চাহিলোহোঁ তোক ॥২৪
জ্যেষ্ঠত ভকত লখাই ধন্যতো জীৱন ।
যাহাৰ কীৰিতি গৈলা তিনিয়ো ভুবন ॥২৫
সাৰ্থক জানকী কুল বহাৰী আমাৰে ।
সীতা শান্তি পতিব্ৰতা বিদিত সংসাৰে ॥২৬
ৰঘুৰ বংশৰ ভৈলা বৰ যশকাৰী ।
জনক নন্দিনী গুণৱতী মহানাৰী ॥২৭
ৰাম তুমি ভালমতে কৰাঁ প্ৰতিপাল ।
তোমাৰ বিয়োগে দুঃখ পাইলা চিৰকাল ॥২৮
তোমাৰ কনিষ্ঠ ৰাম ভৰতক পাল ।
তোমাত ভকতে দুঃখ সহে চিৰকাল ॥২৯
শত্ৰুঘন পালিবাহা কুমাৰ নিষ্পাপ ।
জ্যেষ্ঠ ভাই হৈলে হৱে কনিষ্ঠৰ বাপ ॥৩০
ৰাঘৱে বোলন্ত বাপ বচন নবাধোঁ ।
এখানি গোচৰ তযু চৰণত সাধোঁ ॥৩১
বুলিলা পাপিষ্ঠী আৰ নচাহিবোঁ তোক ।
কৈকেয়ী মাৱৰ দোষ সব দিয়া মোক ॥৩২
তোমাৰ মনত যদি হেনয় সন্তোষ ।
সমস্ত এৰিলোঁ কৈকেইৰ যত দোষ ॥৩৩
এহি বুলি দশৰথ স্বৰ্গক গৈলন্ত ।
শ্ৰীৰাম লক্ষ্মণ সীত আকুল ভৈলন্ত ॥৩৪
দশৰথ গৈলা যদি দেৱৰ ভুবন ।
বাসৱে ৰামক চাহি বুলিলা বচন ॥৩৫
ৰাৱণ মাৰিলা মহা বৈৰী জগতৰ ।
যেন অভিমত প্ৰভু মোত লৈয়ো বৰ ॥৩৬
শ্ৰীৰামে বোলন্ত মোক যেবে দিবা বৰ ।
জীয়ায়া দিয়োক মোৰ ভালুক বানৰ ॥৩৭
দাৰুণ সংগ্ৰামে যত বানৰ মাৰিল ।
তাৰা সবে জীলে মোক সবে বৰ দিল ॥৩৮
সুস্তৰৰ বন্ধু বৰ্গ বানৰ আমাৰ ।
মোক পাই এৰিলেক পুত্ৰ পৰিৱাৰ ॥৩৯
অদ্যাপিয়ো ধৰিবে নোৱাৰোঁ শোকে বুক ।
জীয়ায়া দিয়োক মোক বানৰ ভালুক ॥৪০
অমৃতৰ বৃষ্টি কৰিলেক দেৱৰাজ ।
শ্ৰীৰামৰ হিত চিন্তি সংগ্ৰামৰ মাজ ॥৪১
দাৰুণ সমৰ মাজে যতেক মৰিল ।
নিদ্ৰাৰ জাগিয়া যেন উঠিয়া বসিল ॥৪২
মনত পৰিলা সবে ৰণে মৰণক ।
সষ্টাঙ্গে প্ৰণাম পৰি কৰিলা ৰামক ॥৪৩
শুনা সভাসদ সব ৰামৰ চৰিত্ৰ ।
পাপৰ অগনি ইটো কৰ্ণৰ অমৃত ॥৪৪
জানিয়া সংসাৰ তৰিবাৰ কৰাঁ কাম ।
পাতেক ছাৰোক ডাকি বুলি ৰাম ৰাম ॥৪৫
মাধৱ কন্দলী কহে আন কাম এৰি ।
নিৰন্তৰে নৰে ডাকি বোলোঁ হৰি হৰি ॥৪৬