লৱ-কুশৰ ৰামায়ণ কথন
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৮ অধ্যায়
লৱ-কুশৰ ৰামায়ণ কথন ।
লভি পাছে ৰামৰ আদেশ দুয়ো ভাই ।
দিলা ৰাগ ৰঙ্গে পৰি পঞ্চম উচ্ছাই ॥১
তাৰ ঘোৰ মন্দ্ৰ নাদে দুয়ো গীত গাৱে ।
একজনে তাল আউৰ জনে যন্ত্ৰ বাৱে ॥২
প্ৰথমে ধৰিলা আদিকাণ্ড ৰামায়ণ ।
কৈলা সূৰ্য্যবংশী যেন যেন ৰাজাগণ ॥৩
ইক্ষ্বাকু কাকুৎস্থ ৰঘু অজ নৃপবৰ ।
ভৈলা দশৰথ ৰাজা সূৰ্য্যৰ বংশধৰ ॥৪
বীৰ্য্যে বিষ্ণুসম সব শ্ৰমে মহেশ্বৰ ।
ক্ষমায়ে ধৰণী ধৈৰ্য্যে গম্ভীৰে সাগৰ ॥৫
প্ৰতাপত আদিত্য ক্ৰোধত যেন যম ।
নাই নুপজিবে ৰাজা দশৰথ সম ॥৬
শচীত অধিক তান তিনি পটেশ্বৰী ।
কৌশল্যা সুমিত্ৰা আৰু কৈকেয়ী সুন্দৰী ॥৭
তিনিত ভৈলন্ত পাছে চাৰিপুত্ৰ জাত ।
জ্যেষ্ঠ ৰামচন্দ্ৰ জাত ভৈলা কৌশল্যাত ॥৮
কৈকয়ীত ভৈলন্ত ভৰত উতপন ।
সুমিত্ৰাত লক্ষ্মণ কনিষ্ঠ শত্ৰুঘন ॥৯
জগতৰে জনক সম্যকে শ্ৰীৰাম ।
সংসাৰত আৰু গুণে নাহিকে উপাম ॥১০
সুবিনীত ভৰত লক্ষ্মণ শত্ৰুঘনে ।
কৰন্ত ভকতি নিতে জ্যেষ্ঠৰ চৰণে ॥১১
যেন নাৰায়ণ ৰাম গম্ভীৰে সাগৰ ।
ভৈলন্ত প্ৰদীপ প্ৰভু কাকুৎস্থ বংশৰ ॥১২
পৰম পুৰুষে সন্ত শীতল স্বভাৱে ।
ভৈলা লোক ৰঞ্জন প্ৰজাৰ বাপ মাৱে ॥১৩
পাইব কোন জনে তান মহিমাৰ পাৰ ।
গাৱে লৱকুশে আদিকাণ্ড কথা সাৰ ॥১৪
কোকিলৰ কণ্ঠে গাৱে তালে মানে ভেদি ।
শুনন্ত সমাজে আনভিতি চিত্ত নেদি ॥১৫
ৰামৰ চৰিত্ৰ গীত অমৃত পৰম ।
কৰ্ণ ভৰি শুনে প্ৰজা পৰিয়া নিজম ॥১৬
কিবা স্বপনতে কিবা শুনন্ত সচেতে ।
কিবা পৃথিবীত কিবা আছন্ত স্বৰ্গতে ॥১৭
ক্ষুধা তৃষ্ণা নলাগে নাহিকে একো জ্ঞান ।
শিশু দুইৰো গীততে লাগিল যেন ধ্যান ॥১৮
শুনা নিৰন্তৰে সবে ৰামায়ণ পদ ।
যাহাৰ কীৰ্ত্তনে তৰি সংসাৰ আপদ ॥১৯
কলিত সদ্গতি নাই বিনে ৰাম নাম ।
শঙ্কৰে ৰচিলা ডাকি বোলাঁ ৰাম ৰাম ॥২০
- ৯ অধ্যায় ।
- দুলৰি ।
শিশু দুইৰ গীত, পৰম অমৃত,
- সম্যকে ৰামে শুনিয়া ।
কিবা যে দিবন্ত, কিবা কৰিবন্ত,
- আনন্দে নধৰে হিয়া ॥১
মনত সন্তোষে, ভৰত ভ্ৰাতৃক,
- বুলিলা মাতি যতনে ।
ষাঠি কৌটি টঙ্কা, সুবৰ্ণৰ আনি,
- ইদুইক দিয়া এখনে ॥২
দাসী দাস দেশ, আসন অশেষ,
- বস্ত্ৰ অলঙ্কাৰে মণ্ডি ।
দিয়োক সত্বৰে, ভৰত কুমাৰে,
- আমাৰ বাক্য নখণ্ডি ॥৩
শুনিয়া ভৰতে, ভণ্ডাৰৰ হন্তে,
- অনাইলা তেখনে ধন ।
যতেক বুলিলা, ততোধিক দিলা,
- ৰাঘৱৰ পূৰি মন ॥৪
দেখি দুয়ো শিশু, হাসিয়া বোলন্ত,
- আত নাহি প্ৰয়োজন ।
আমি বনবাসী, বসন বাকলি,
- ফলেহে নিজ ভোজন ॥৫
আপুনি উদাষ, ইটো কালিদাস,
- কি কৰিবো বহুধন ।
শিশু দুইৰ বাণী, শুনি সবে প্ৰাণী,
- পৰম বিস্ময় মন ॥৬
তাসম্বাৰ মতি, দেখি ৰঘুপতি,
- পুছন্তে স্নেহে কথাক ।
কাহাৰ কবিতা, কোন গুৰুজন,
- শিকালে গীত তোমাক ॥৭
আকৃতি সুন্দৰ, কাহাৰ কুমাৰ,
- থাকিয়ো কমন দিশ ।
শুনি কুশলৱে, বুলিলা বিনয়ে,
- আমি বাল্মীকিৰ শিষ ॥৮
তাহান কবিতা, ৰামায়ণ গীত,
- শিখিলো শাস্ত্ৰ বিচাৰি ।
ঋষিৰ সন্মতে, সমস্তে দেশতে,
- হৰিষে ফুৰোঁ প্ৰচাৰি ॥৯
শুনি ৰাম দেৱে, আদৰিলা দুইকো,
- সাধু সাধু বুলি তথা ।
যথাত থাকিয়া, তৈৰে পৰা গাৱা,
- শুনু ৰামায়ণ কথা ॥১০
ৰামৰ আদেশে, শুনি কুশ লৱে,
- ৰঙ্গে তাল যন্ত্ৰ ঠুকি ।
ধৰিলন্ত গীত, ৰামৰ চৰিত,
- শুনন্তে লোক ইচ্ছুকী ॥১১
শুন পাছ কথা, দশৰথ তথা,
- আছন্ত ৰাজাৰ ঘাগী ।
যজ্ঞক ৰাখিবে, ঋষি বিশ্বামিত্ৰে,
- নিলন্ত ৰামক মাগি ॥১২
ৰাজায়ে নেদন্ত, ঋষিয়ে নেৰন্ত,
- নিলন্ত আতি আক্ৰোশে ।
ৰাম লক্ষ্মণক, ধনুৰ্ব্বেদ দিলা,
- শিখিলা দুয়ো সন্তোষে ॥১৩
প্ৰথমে পথত, ৰাক্ষসী তাড়কা,
- তাৰিলন্ত ৰঘুবৰে ।
সুবাহুক মাৰি, মাৰীচ বীৰক,
- উড়ুয়ালা একেশৰে ॥১৪
দেখিয়া ঋষিৰ, আনন্দ মিলিল,
- ৰামক নিলন্ত সঙ্গে ।
জানকীৰ তথা, শুনি স্বয়ম্বৰ,
- মিথিলাক গৈলা ৰঙ্গে ॥১৫
জনক নৃপতি, অনেক ভকতি,
- কৰিলন্ত সনমান ।
ৰামে উঠি ৰঙ্গে, ধনুক তেখনে,
- কৰিলন্ত দুইখান ॥১৬
সীতায়ো বৰিলা, সমৰ কৰিলা,
- ভঙ্গাইলা যত ৰাজাক ।
সভাৰ্য্যে ৰথত, চড়ি লৰি গৈল,
- ৰঙ্গে ৰামে অযোধ্যাক ॥১৭
শুনি ধনুৰ্ভঙ্গ, খঙ্গাইলা পৰশু,
- ৰাম মহা অহঙ্কাৰী ।
মনত বিচাট, ভেণ্টিলন্ত বাট,
- কান্ধত কুঠাৰ পাৰি ॥১৮
যাইবাক নেদন্ত, বিনতি বোলন্ত,
- পাৱে পৰি দশৰথ ।
ৰামে ধৰি শৰ, পৰশু ৰামৰ,
- ছেদিলন্ত স্বৰ্গপথ ॥১৯
অনেক উৎসবে, পাছে ৰামদেৱে,
- গৃহত ভৈলা প্ৰবেশ ।
আনন্দে তহিত, সীতায়ে সহিত,
- ভুঞ্জিলা ভোগ অশেষ ॥২০
- ১০ অধ্যায় ।
- ছবি ।
আদিকাণ্ড কথাসাৰ, সংক্ষেপে কহিয়া দুয়ো,
- অযোধ্যাকাণ্ডক গাইবে লৈলা ।
দশৰথ ৰাজা পাছে, পুত্ৰক সমৰ্থ দেখি,
- ৰাজ্য জোকাৰিবে বাঞ্ছা ভৈলা ॥১
ৰাঘৱৰ অভিষেক, শুনিয়া আসিল লোক,
- সুমঙ্গল নাদৰ শবদে ।
জানিয়া কৈকেয়ী কথা, বিঘিনি পাতিল তথা,
- লৈলা ৰাজ্য ভৰতৰ পদে ॥২
ৰাজাক বচনে ছন্দি, সত্য জৰি কৰিবন্দী,
- গুচাইলন্ত ৰামক নিকালি ।
লক্ষ্মণ জানকী সঙ্গে, বনত বঞ্চিলা ৰঙ্গে,
- ৰাঘৱে পিতৃৰ বাক্য পালি ॥৩
বৃদ্ধ ৰাজা দশৰথ, পুত্ৰশোকে ভৈলা হত,
- নাহি আৰ চেতন গিয়ান ।
ৰামৰ বিয়োগ আসি, পৰে শৰীৰত লাগি,
- ছাৰিলন্ত সন্তাপতে প্ৰাণ ॥৪
ভৰতে নলৈলা ৰাজ, নৃপতিৰ প্ৰেতকায,
- কৰি খেদি গৈলন্ত জ্যেষ্ঠক ।
কাতৰ কৰিলা আতি, ৰামে ভৰতক মাতি,
- পলটাই পঠাইলা ৰাজ্যক ॥৫
শুনিয়োক সৰ্ব্বজন, পুণ্যকথা ৰামায়ণ,
- এৰাঁ আলজাল আনকাম ।
হৱৈ নিতে আয়ুপাত, চেতন নাহিকে গাত,
- সঘনে ঘুষিয়ো ৰাম ৰাম ॥৬
- ১১ অধ্যায় ।
- পদ ।
তালে মানে ভেদি দুয়ো ৰামায়ণ গাৱে ।
আজি যেন ভৈল গৈল কথাক দেখাৱে ॥১
কহিলা কাৰণ কথা ৰাজাৰ মৰণ ।
হাহাকাৰ কান্দে সমজ্যাৰ যত জন ॥২
আজি যেন দশৰথ গৈলা পৰলোক ।
কৰন্ত সন্তাপ আতি পাত্ৰ মন্ত্ৰীলোক ॥৩
শুনি ৰাম লক্ষ্মণ ভৰত শত্ৰুঘন ।
পিতৃশোক মকামকি কৰন্ত ক্ৰন্দন ॥৪
শুনিয়া কৌশল্যা সমে যত ৰাজ মাৱ ।
স্বামীৰ সন্তাপে হিয়ে হানে মুষ্টি ঘাৱ ॥৫
লুটিয়া ভূমিত কতো ধাকুৰন্ত নাথ ।
এৰিয়া আমাক গৈলা কৈক প্ৰাণনাথ ॥৬
আমাৰ সমান নাই নাৰী নিদাৰুণী ।
প্ৰাণ ধৰোঁ তোমাৰ মৰণ কথা শুনি ॥৭
এহি বুলি বিলাপ কৰন্ত অসংখ্যাত ।
ক্ৰন্দনৰ উৰ্ম্মি উথলিলা সমজ্যাত ॥৮
প্ৰবোধন্ত ৰামক সুগ্ৰীৱ বিভীষণ ।
শুনা পাছ কথা নাথ হুয়ো সন্ধুক্ষণ ॥৯
মিত্ৰ দুইৰ বচনত ৰাঘৱ জুৰাইল ।
ৰাজমাৱ সবক লক্ষ্মণে নিচুকাইল ॥১০
আঞ্চলে মুছিল মুখ নয়নৰ নীৰ ।
ভৰতে কৰিলা সবে সমজ্যাক থিৰ ॥১১
নিশবদ প্ৰজা শুনি ৰামৰ আদেশ ।
গাৱা পাছকথা শিশু শুনিবো বিশেষ ॥১২
অযোধ্যা কাণ্ডৰ কথা থৈলা এহিমানে ।
অৰণ্য কাণ্ডক গাইবে লৈলা তালে মানে ॥১৩
ধৰিলন্ত গীত লৱকুশে পূৰ্ব্বৱতে ।
চৌদ্দয় বৰিষ ৰামে বঞ্চিবা বনতে ॥১৪
নাই অন্ন পান পশু মাংসেহে আহাৰ ।
সীতাক দেখন্তে আতি ৰামৰ নিকাৰ ॥১৫
দুৰ্ঘোৰ সঙ্কট বৰ দণ্ডকাৰ বনে ।
কেৱলে সঙ্গতি তাত ভ্ৰাতৃ যে লক্ষ্মণে ॥১৬
আসি শূৰ্পনখী কামে বুলিলেক বাক ।
কাটিলা লক্ষ্মণে তাইৰ ধৰি কান নাক ॥১৭
চৌদ্দয় সহস্ৰ সেনা ৰাক্ষসে সহিতে ।
খৰ দূষণক ৰামে মাৰিলা তহিতে ॥১৮
শুনি আইল ৰাৱণ কৰিয়া আটি মুটি ।
আসিল মাৰীচ সুবৰ্ণৰ মৃগগুটি ॥১৯
দেখি খেদি গৈলা ৰাম লক্ষ্মণে তাহাক ।
দশগ্ৰীৱে নিৰ্জ্জনত হৰিলে সীতাক ॥২০
ৰাৱণক ভয়ে দেবী গাৱতে লুকান্তী ।
পাছে পাঞ্চ গুটি বানৰক দেখিলন্তি ॥২১
কাঢ়ি তাৰ খাৰু শৰীৰৰ হেমহাৰ ।
তাসম্বাৰ মাজত ক্ষেপিলা অলঙ্কাৰ ॥২২
অশোকাৰ বনে থৈয়া ৰাৱণ দুৰ্ব্বাৰ ।
অনেক ৰাক্ষসী ৰক্ষা দিলেক সীতাৰ ॥২৩
লোতকৰ নাই ছেদ ফুকন্তে কান্দন্তে ।
দণ্ডে যুগ সীতাৰ ৰামক সুমৰন্তে ॥২৪
মৃগ মাৰি আসি ৰামে নেদেখি সীতাক ।
জানকী,জানকী বুলি দিয়া দীৰ্ঘ ডাক ॥২৫
দুভায়ো দণ্ডকাবনে ফুৰন্ত বিচাৰি ।
হা সীতা হা সীতা বুলি নিশ্বাস ফোকাৰি ॥২৬
ফুৰন্তে ভ্ৰমন্তে ৰাম সীতাৰ নিদানে ।
বিৰাধ কবন্ধ দুইকো বধিলন্ত প্ৰাণে ॥২৭
সীতাক ৰাখন্তে পক্ষী জটায়ু মৰিল ।
ৰাম লক্ষ্মণে প্ৰেত কাৰ্য্য সঙ্কলিল ॥২৮
কৰিলা অৰণ্যকাণ্ড কথা সমাপতি ।
গাইবাক লাগিলা ৰঙ্গে কিষ্কিন্ধা সম্প্ৰতি ॥২৯
ৰাম লক্ষ্মণে দুয়ো দণ্ডকাৰ হন্তে ।
ঋষ্যমুখ পাইলা দুয়ো সীতাক চাহন্তে ॥৩০
সুগ্ৰীৱক দিলা ৰাজ্য কৰি বালী বধ ।
যুৱৰাজ ভৈলা পাছে কুমাৰ অঙ্গদ ॥৩১
ৰাজভোগে পাশৰিল সুগ্ৰীৱে ৰামক ।
সময় বুজিয়া নাসে বানৰ লটক ॥৩২
তৰ্জ্জিলা অনেক তাঙ্ক লক্ষ্মণ কুমাৰ ।
দেখাইলন্ত নিয়া বালী বধ যেই শৰ ॥৩৩
কম্পিল শৰীৰ দেখি সু্গ্ৰীৱ ৰাজাৰে ।
অনেক বানৰ সেনা অনাইলা হাঙ্কাৰে ॥৩৪
পৃথিবীৰ বানৰ ভালুক আসি ভৈল ।
সীতাক খুজিবে দ্বীপ দ্বীপান্তৰ গৈল ॥৩৫
এহিমানে কিষ্কিন্ধাকাণ্ডৰ কথা গৈলা ।
সুন্দৰকাণ্ডক পাছে দুয়ো গাইবে লৈলা ॥৩৬
কহিলন্ত সম্পাতি যথাত সীতা আছি ।
নপাইলন্ত লঙ্কাক যাইবাক বীৰ বাছি ॥৩৭
পাছ মাৰুতিৰ জন্ম কৈলা জাম্বৱন্ত ।
সাগৰ লঙ্ঘিলা তেৱে বীৰ হনুমন্ত ॥৩৮
অশোকাৰ বনে গৈয়া দেখিলা সীতাক ।
কহিলা প্ৰণামি প্ৰভু ৰামৰ কথাক ॥৩৯
ৰাঘৱৰ দিলা নিয়া হাতৰ আঙ্গুষ্ঠি ।
দেখিয়া হানিলা হিয়া শোকে সীতা মুষ্ঠি ॥৪০
অনেক কান্দিলা দেবী স্বামীক সুমৰি ।
হনুমন্তে প্ৰবোধিলা দান্তে তৃণ ধৰি ॥৪১
অল্পতে নিবন্ত ৰামে পৰিহৰাঁ খেদ ।
হুইবে সবান্ধৱে দশানন কন্ধছেদ ॥৪২
কপিৰ বচনে জুৰাইলন্ত সীতা দেবী ।
মাৰুতি মেলানী পাইলা গোসাঁনীক সেবি ॥৪৩
লঙ্কাত পশিলা পাছে কৃত্য কৃত্য হুই ।
বিধ্বসিলা মধুফল উভতাই ৰুই ॥৪৪
লীলায়ে কৰিলা অক্ষ কুমাৰক নাশ ।
ইন্দ্ৰজিতে আসিয়া হানিলা নাগপাশ ॥৪৫
চিতলি পৰিলা বন্দী বীৰ হনুমন্ত ।
ৰাৱণৰ আগে ইন্দ্ৰজিত যোগাইলন্ত ॥৪৬
লাঞ্জত লগাইল জুই কাপৰ মেঢ়াই ।
দিলা ডেৱ ৰঙ্গে নাগপাশ হোঁসকাই ॥৪৭
পৰম আটোপে পাছে কপি মহামানে ।
নগৰ যুৰিয়া জুই লগাইলা আম্ফালে ॥৪৮
সকলে ৰাক্ষসে ভৈল ভয়তে তবধ ।
লগাইল চমক লঙ্কা কৰিল দগধ ॥৪৯
সাগৰ তৰিয়া দুনাই পৃথিবীক আইল ।
সীতাৰ দুঃখৰ কথা ৰামত জনাইল ॥৫০
যেন মতে তেন্তে ৰাখিলন্ত শান্তি পুণ্য ।
নিবেদিলা জানকীৰ যতেক কাৰুণ্য ॥৫১
কহিলা সঙ্কেত কথা যত হনুমন্ত ।
সীতাক সুমৰি ৰামচন্দ্ৰ কান্দিলন্ত ॥৫২
ভূমিত পৰিল শোকে জমক উদ্ধাইল ।
সুগ্ৰীৱ লক্ষ্মণে ধৰি ৰামক জুৰাইল ॥৫৩
এভো তেবে সীতাক নপাইবে কৰা শঙ্কা ।
চমকা চমক কৰি আনি দিবো লঙ্কা ॥৫৪
ৰাক্ষসৰ শোনিতে ভুঞ্জাইবো কাক গৃধ্ৰ ।
হেন জানি কাৰ্য্য আসি সবে ভৈলা সিদ্ধ ॥৫৫
সুগ্ৰীৱৰ শুনিয়া অনেক পৌঢ়ি বাদ ।
গুচিল চিত্তৰ কিছু ৰামৰ বিষাদ ॥৫৬
সাগৰত পন্থ পাছে মাগিলন্ত মাজে ।
ৰামক নেদন্ত দেখা গৰ্ব্বে সিন্ধুৰাজে ॥৫৭
ক্ৰোধে ধৰিলন্ত ৰাম বিদাৰিবো হিয়া ।
উজোৰিল জলজন্তু পলাই ফাট দিয়া ॥৫৮
কম্পি গৈল সাগৰতো লাগিল চমক ।
পাদ্য অৰ্ঘ দিয়া স্তুতি বুলিলা ৰামক ॥৫৯
দিলো মাজে পন্থ প্ৰভু চলিয়োক লঙ্কা ।
বান্ধিয়োক সেতু তল যাইবে নাহি শঙ্কা ॥৬০
বানৰ নৃপতি পাছে কপিসেনা লৈই ।
বান্ধিলন্ত সেতু পৰ্ব্বতক কান্ধে বৈই ॥৬১
দীৰ্ঘে দশযোজন পঠালি পাঞ্চযুৰি ।
পাৰ ভৈলা সেনা সব সেতু ভৰি পূৰি ॥৬২
সীতা সমৰ্পিবো বুলিলন্ত বিভীষণ ।
উঠিয়া মাৰিল লাঠি দুন্দুৰ ৰাৱণ ॥৬৩
পশিল শৰণ আসি ৰাঘৱত বৰি ।
তাঙ্ক লঙ্কাৰাজ্য ৰামে দিলা অঙ্গী কৰি ॥৬৪
লৱে কুশে কথাৰ ভাৰণা লগাই গাৱে ।
আজি সম্পজিল যে হাততে দেখাৱে ॥৬৫
সুন্দৰাকাণ্ডৰ কথা থৈলা এহি মানে ।
লঙ্কাকাণ্ড কহিবে লাগিলা বিদ্যমানে ॥৬৬
সুবেল পৰ্ব্বতে ৰামে সসৈন্যে জিৰাইয়া ।
প্ৰভাতে বেঢ়িলা লঙ্কা কটকে যোৰাইয়া ॥৬৭
ৰাখিল লঙ্কাৰ গড় ৰাক্ষস সমস্ত ।
যুদ্ধতে পৰিল পাছে প্ৰথমে প্ৰহস্ত ॥৬৮
দেৱান্তক নৰান্ত ৰণত পৰিল ।
শুনিয়া সসৈন্যে সাজি ৰাৱণ লৰিল ॥৬৯
মেঘে যেন গৰ্জ্জিয়া জঙ্কাৰি দশমাথ ।
বানৰক মাৰে ৰণ কৰে লঙ্কানাথ ॥৭০
খঙ্গে খেদি যান্ত ৰাম সাধোঁ মান বুলি ।
দেখিয়া কান্ধত লৈলা হনুমন্ত তুলি ॥৭১
দিশ পাশ ছানি ৰামে বৰিষিলা শৰ ।
ভেদিলন্ত হৃদয় নিৰ্দ্দয় ৰাৱমৰ ॥৭২
টোল ৰাম ধনু ধ্বজ ৰথ হয় চাৰি ।
কাটিলা তিনত চোটে আটোপে মুৰাৰি ॥৭৩
এহি মুখে ফুৰ কপি কটক কোপিতি ।
কেশে সমে ৰামে তাৰ কাটিলা কিৰীটি ॥৭৪
নমাৰিলা বিৰথী বিধনু দেখি তাক ।
দিলন্ত মেলানি গৈলা ৰাৱণ লঙ্কাক ॥৭৫
জগাই কুম্ভকৰ্ণক পঠাইলা দশগ্ৰীৱ ।
ঘোৰ শৰে ৰামে তাৰ ছৰাইলন্ত জীৱ ॥৭৬
কুম্ভ নিকুম্ভ মহা পাৰ্শ্ব মহোদৰ ।
ব্ৰজদংষ্ট্ৰ দুষ্ট মেঘনাদৰ সোদৰ ॥৭৭
অসংখ্য ৰাক্ষস আনো ৰণত পৰিল ।
জানি ইন্দ্ৰজিতো ক্ৰোধে যুদ্ধক লৰিল ॥৭৮
ৰাক্ষসক লৈয়া কোপে আটোপে কপটে ।
যজ্ঞ আৰম্ভিলা আসি নিকুম্ভিলা বটে ॥৭৯
বিভীষমে কহিলেক সকল সম্ভেদ ।
লক্ষ্মণে কৰিলা পাছে তাৰ কন্ধচ্ছেদ ॥৮০
পুত্ৰশোকে অনেক কান্দিলা লঙ্কানাথ ।
সাজিয়া বজাইল কোপে জঙ্কাৰন্ত মাথ ॥৮১
ৰাৱণে মাৰিল আসি অসংখ্যাত শৰ ।
সাত দিন সাত ৰাতি কৰিলে সমৰ ॥৮২
তাৰ শৰে ৰাঘৱৰ নোছোয়ে শৰীৰ ।
বাৰে বাৰে ৰামে তাৰ কাটিলন্ত শিৰ ॥৮৩
তথাপি নমৰে দশগ্ৰীৱ হেন জানি ।
লৈলা পাছে প্ৰাণ তাৰ ব্ৰহ্ম অস্ত্ৰে হানি ॥৮৪
জগতৰে ধুম্ৰকেতু গৈলা যমালয় ।
স্বৰ্গ মৰ্ত্ত্য পাতালতো কৰে জয় জয় ॥৮৫
আপন পৌৰুষে ৰামে সঙ্কলিলা কায ।
মিত্ৰ বিভীষণত সম্পিলা লঙ্কাৰাজ ॥৮৬
অগ্নিত পৰীক্ষা আনি দিলন্ত সীতাক ।
কৰিলন্ত ব্ৰহ্মা তুতি ৰাম দেৱতাক ॥৮৭
দশৰথ আসিলা স্বৰ্গৰ পৰা চলি ।
দুই পুত্ৰ সহিতে লাগিল গলাগলি ॥৮৮
ৰণত বঞ্চিলা বাপ মোৰ বাক্য পালি ।
ৰামক প্ৰশংসে কৈকেয়ীক পাৰি গালি ॥৮৯
পতিব্ৰতা সীতা শান্তী জগতে প্ৰখ্যাত ।
কিসক পুতাই আন্ত নযাস সঞ্জাত ॥৯০
নাই একো শঙ্কা আঙ্ক খেদি দিয়া কিক ।
পাছে পিতৃবাক্য সম্বৰিলা জানকীক ॥৯১
ভাৰ্য্যা ভ্ৰাতৃ সমে ৰামে বিমানত চড়ি ।
পৰম আনন্দে আইলা অযোধ্যা নগৰী ॥৯২
ভালুক বানৰ আৰু ৰাক্ষস অনেক ।
আইলা সঙ্গে ৰঙ্গে দেখিবাক অভিষেক ॥৯৩
শুনা ৰামায়ণ মন কৰাঁ উপশাম ।
সমস্ত সমাজে বেঢ়ি বোলোঁ ৰাম ৰাম ॥৯৪
- ১২ অধ্যায় ।
- ছবি ।
শুনিয়োক পাছ কথা, ৰামক দেখিয়া তথা,
- ভৰতে এৰাইলা হৃদি খেদ ।
ভৈলা আনি একঠাই, নন্দি গ্ৰামে চাৰিভাই,
- কৰিলা শিৰৰ জটা ছেদ ॥১
কৌশল্যা সুমিত্ৰা শান্তী, পুত্ৰক গলত বান্ধি,
- কান্দিলন্ত অনেক কাৰুণ্যে ।
সীতায়ো বৰ্ণায় দুঃখ, ভৈলা সলোতক মুখ,
- নমিলন্ত তেসম্বো চৰণে ॥২
পাছে সম দোলেৰাম, অযোধ্যাক লৰি গৈলা,
- তুলি দণ্ড বাৱে বাদ্যভণ্ড ।
ৰাক্ষস বানৰ নৰ, ভালুকৰ আন্দোলতে,
- তলবল কৰে মহীখণ্ড ॥৩
পদুলী পদুলী কল, দ্বীপ ঘট ফুল ফল,
- পুতিলন্ত যাত্ৰাৰ তোৰণ ।
জাতিকাৰ নৰনাৰী, প্ৰশংসিয়া সাৰি সাৰি,
- প্ৰণামন্ত ৰামৰ চৰণ ॥৪
শুভ সময়ত ৰামে, পাটত বসিলা প্ৰজা,
- কৰে শুভ মঙ্গল অনেক ।
চাৰি সাগৰৰ জল, যোগাইলা বানৰ বল,
- বশিষ্ঠে কৰিলে অভিষেক ॥৫
দুই ভাই দুই পাশে, চামৰ বিঞ্চন্ত লাসে,
- ভৰতে ধৰিলা ছত্ৰ তুলি ।
শবদতে কাণ ফাৰে, প্ৰজায়ে জোকাৰ পাৰে,
- জয় জয় ৰাম ৰাজা বুলি ॥৬
মেঘৰ গৰ্জ্জন যেন, মত্তহস্তী চিহৰয়,
- আম্ফালে বজায় গজঘণ্টা ।
পাইলা দুঃখ সমৰত, ভালুক বানৰ যত,
- দিলা ৰামচন্দ্ৰে তাকো বণ্টা ॥৭
ৰাজাৰ সন্মান পাই, আনন্দৰ সীমা নাই,
- গৈলা দেশে আদেশে ৰামৰ ।
ভ্ৰাতৃ সব সমৰাজে, ৰাজ্যভোগ ভুঞ্জিলন্ত,
- পাছে দশ হাজাৰ বৎসৰ ॥৮
ভৈলা মহাদৈ সীতা, স্বামীৰ চৰণচিন্তা,
- কৰন্ত একান্তে প্ৰতিনিতি ।
অযোধ্যাৰ দেৱভোগ, ভুঞ্জিলন্ত ভুকুতি ভোগ,
- ৰামৰে বাঢ়ন্তে যাই প্ৰীতি ॥৯
পূৰ্ব্বকথা আপোনাৰ, শুনি ৰাম দেৱতাৰ,
- পৰম হৰিষ সবে ভৈল ।
সমজ্যায়ো একচিত্ত, কুশলৱে গাৱে গীত,
- লঙ্কাকাণ্ড এহিমানে থৈল ॥১০
- ১৩ অধ্যায় ।
- দুলৰি ।
উত্তৰা কাণ্ডক, ধৰিলা গাইবাক,
- সীতা সুত কুশলৱ ।
এহিমতে পাছে, মাৰি ৰাৱণক,
- ভৈলন্ত ৰাজা ৰাঘৱ ॥১
অযোধ্যাক পাছে, অগস্তি আসিলা,
- অৰ্চ্চিলা ৰামে হৰিষি ।
লঙ্কাৰ দগধ, ৰাৱণৰ বধ,
- সুধিলা ৰামত ঋষি ॥২
ৰামে অগস্তিত, সমস্তে কহিলা,
- যি ভৈল বৃত্তান্ত তথা ।
ঋষিয়ো কহিলা, হৰিষে ৰামত,
- ৰাৱণৰ জন্মকথা ॥৩
উপজিয়া যেন, মতে দশস্কন্ধ,
- কৰিলা কৰ্ম্ম অদ্ভূত ।
হৰৰ কৈলাস, আলগাই তুলি,
- নৈকেষী ৰাক্ষসীসুত ॥৪
স্বৰ্গ মৰ্ত্ত্যলোকে, পাতাল পুৰতো,
- ডৰতে কম্পাইল আতি ।
কৰিলা ইন্দ্ৰকো, বন্দী মন্দ মতি,
- সিটো পুলস্তিৰো নাতি ॥৫
দেৱ মনুষ্যৰ, যতেক সুন্দৰী,
- হৰি নিলে মহাচান্দ ।
তিনিয়ো লোকত, হুন্টুৰি ফুৰিলে,
- যেন উদয়াৰ যান্দ ॥৬
ৰামে বোলন্ত, শুনিয়ো অগস্তি,
- যেন কথা শুনো তাৰ ।
সিকালত তেবে, কহিত নাচিল,
- এক বীৰ বলিয়াৰ ॥৭
অগস্তি বোলন্ত, শুনিয়ো ৰাঘৱ,
- যৈত তাৰ ভৈল ভঙ্গ ।
কিষ্কিন্ধাত সিটো, সমৰ মাগিল,
- বালীৰ তোলাইয়া খঙ্গ ॥৮
তাক লৈয়া বালী, সন্ধ্যা কৰিলন্ত,
- কাখে দাবতিয়া তুলি ।
বালীত শৰণ, পশিলা ৰাৱণ,
- হাৰিলো হাৰিলো বুলি ॥৯
সহস্ত্ৰ অৰ্জ্জুনে, নাৰীগণ সঙ্গে,
- নৰ্ম্মদাত খেলে খেৰি ।
তাহাতো সমৰ, মাগিয়া নিস্খলে,
- ৰাৱণায়ে লাজ এৰি ॥১০
বান্ধে ৰণে জিনি, সহস্ৰ অৰ্জ্জুনি,
- নিল নগৰক লাগি ।
পুলস্তি আসিয়া, ৰাজাত প্ৰাৰ্থিয়া,
- মেলালন্ত ভিক্ষা মাগি ॥১১
তথাপি সমৰ, মাগিয়া ফুৰয়,
- ৰাৱণৰ নাহি লাজ ।
পাতাল পুৰতো, পশিল সাজিয়া,
- বলিৰ যৈতে সমাজ ॥১২
দুৱাৰত গৈয়া, দেখে পুৰুষেক,
- সুন্দৰ ৰুচিৰ শ্যাম ।
ৰত্নৰ কিৰীটি, বলয় কঙ্কন,
- পীতবস্ত্ৰে অনুপাম ॥১৩
হাৰ কেয়ূৰ, নুপুৰে ৰঞ্জিত,
- কৰে দিব্য গদা লৈই ।
কটিত মেখলা, গলে বনমালা,
- নমাতি আছিলা ৰৈই ॥১৪
- ১৪ অধ্যায় ।
- ছবি ।
দেখি ৰাৱণৰ তনু, জাত জাত শিহৰয়,
- টেৰ কৰি আছিলেক চাই ।
বলিৰাইৰ অভ্যন্তৰে, প্ৰবেশিলা লঙ্কেশ্বৰে,
- সিটো পুৰুষক নোবোলাই ॥১
ৰাৱণক দেখি বলি, বসিবাক থান দিলা,
- নবসি বলিত পুছে কায ।
তোমাৰ দুৱাৰে ইটো, পুৰুষেক আছে কোন,
- সত্ত্বৰে কহিয়ো দৈত্যৰাজ ॥২
বলি বোলে লঙ্কেশ্বৰ, নিচিনহ বৰ্ব্বৰ,
- এহেন্তে তোমাৰ অন্তকাৰী ।
সুৰাসুৰে কৰে সেৱ, আমাৰ পৰম দেৱ,
- আঙ্কে বোলো ঈশ্বৰ মুৰাৰি ॥৩
লঙ্কানাথে শুনি আছি, লৱৰিলেক কাছি,
- এহি বিষ্ণু বুলি বৰ ৰাগে ।
ধৰিবাক যাই চাহি, দেখি হৰি তুলি হাসি,
- দিলা লাঠি চৰণৰ আগে ॥৪
পাতাল পৃথিবী ছাৰি, লঙ্কাত উফৰি পৰি,
- মূৰ্চ্ছা গৈল দুৰ্জ্জয় ৰাৱণ ।
ৰাক্ষসে ফুকন্তে পাছে, কথমপি ধাতু আইল,
- ব্ৰহ্মা বৰ দিবাৰ কাৰণে ॥৫
এহিমতে ঋষিবৰ, কহিলন্ত নিৰন্তৰ,
- যতেক তাহাৰ গুণগ্ৰাম ।
শুনন্তে পৰম ৰঙ্গ, ৰাৱণৰ জয় ভঙ্গ,
- শুনিয়া হাসন্ত প্ৰভুৰাম ॥৬
নমোঁ নমোঁ ৰঘুনাথ, তিলক বিষ্ণুৰ অংশ,
- শ্ৰীৰামচন্দ্ৰ সীতাপতি ।
জন্মে জন্মেৰামে গতি, ৰামত কৰোক মতি,
- ৰাম পাৱে থাকোক ভকতি ॥৭
কৃষ্ণৰ কিঙ্কৰে ভণে, শুনিয়োক সৰ্ব্বজনে,
- কলিত কীৰ্ত্তন ধৰ্ম্মসাৰ ।
এৰি ভাষ ভুষ কাম, ডাকি বোলোঁ ৰামৰাম,
- পাপত লাগোক বুন্দামাৰ ॥৮