বালী - সুগ্ৰীৱৰ যুদ্ধ
ৰামায়ণ বৃত্তান্ত |
---|
|
৭ অধ্যায়
সম্পাদনা কৰকবালী-সুগ্ৰীৱৰ যুদ্ধ
সম্পাদনা কৰকদশৰথ পুত্ৰ দুই পাঞ্চটি বানৰে ।
কিষ্কিন্ধাক লাগি চলি গৈলা চপ কৰে ॥১
পাঞ্চ কপি বীৰ সমে শ্ৰীৰাম লক্ষ্মণে ।
কতো দূৰ থাকিলন্ত আৰ হুয়া বনে ॥২
পুত্ৰ বৈৰ বধ শুনি সূৰ্য্যে ৰঙ্গ পাইলা ।
দেৱযোগ্য অলঙ্কাৰ ক্ষেপিয়া পঠাইলা ॥৩
চিকিমিকি কৰয় উত্তম হেন মালা ।
সুগ্ৰীবৰ মাথাত পৰিয়া জ্বলে কালা ॥৪
মালাৰ প্ৰভাৱে আতি সুগ্ৰীৱ জ্বলন্ত ।
হেন দেখি তাঙ্ক ৰাম চন্দ্ৰে বুলিলন্ত ॥৫
শুনিয়ো সুগ্ৰীৱ মিত্ৰ গুছিল প্ৰমাদ ।
মিলিল মঙ্গল পাইলা সূৰ্য্যৰ প্ৰসাদ ॥৬
আউৰ কিবা চোৱা সখি ভৈল শুভক্ষণ ।
বালী বধিবাক শীঘ্ৰে কৰিয়ো গমন ॥৭
বালীৰ তোলায়া খঙ্গ কৰিয়ো গৰ্জ্জন ।
তিৰী চোৰা পাপীষ্ঠক মাৰোঁ এতিক্ষণ ॥৮
সুগ্ৰীৱ চলিল ৰঙ্গে ভয় পৰিহৰি ।
থাকিলন্ত ৰামচন্দ্ৰ হাতে ধনু ধৰি ॥৯
কিষ্কিন্ধাৰ দ্বাৰে গৈয়া লাগিল গৰ্জ্জিত ।
কিচ কিত লাগি গৈল বানৰ পুৰীত ॥১০
সুগ্ৰীৱৰ আতিশয় শুনি সিংহনাদ ।
স্বৰ্গ ফাটি গৈল বুলি দেৱৰ বিষাদ ॥১১
খণ্ড খণ্ড ভৈলা মেঘ মহা কোলাহলি ।
সুগ্ৰীৱৰ গালি শুনি ক্ৰোধি গৈল বালী ॥১২
ত্বৰিতে বজাইল বীৰ ওৱাৰিক ছাৰি ।
সূৰ্য্যৰ উদয় যেন মেঘগণ ফাৰি ॥১৩
ৰণক সম্মুখ ভৈলা প্ৰাণক বিছুই ।
প্ৰমাণত দেখিয় পৰ্ব্বত যেন দুই ॥১৪
আতি ক্ৰোধ নয়নে মাতয় বীৰ বালী ।
সুখে ৰাজ্য ভুঞ্জোঁ তোক দেশৰ নিকালি ॥১৫
তোহোক মাৰিলে দুষ্ট খণ্ডিবেক শাল ।
ৰাখন্তা নাহিকে তোক দশ দিকপাল ॥১৬
ইন্দ্ৰ চন্দ্ৰ কুবেৰ বৰুণ হুইবা সাক্ষী ।
সুগ্ৰীৱ ভৈয়াই হেৰা খাইলে দুই আখি ॥১৭
মই যাক খুজিবোঁ আপুনি আসি মিলে ।
পাপিষ্ঠক মাৰিবো চৱৰ লাঠি কিলে ॥১৮
সুগ্ৰীৱ বোলন্ত দদা এৰাঁ দম্ভ দৰ্প ।
জানিবাহা মইসে তোমাৰ কালসৰ্প ॥১৯
আজি যেবে জীয়া দৰ্প কৰিবাহা পাছে ।
জানিবাহা নিশ্চয় বৰতো বৰ আছে ॥২০
অনা অপৰাধে মোক ডাকিলা দেশৰ ।
ভ্ৰাতৃ বধু হৰি পাপ সাঞ্চিলা অপাৰ ॥২১
মিছাত আসিয়া মোক গৰ্জ্জিলাহা তোৰা ।
জিহ্বাখান মেলি চাহাঁ কলিয়া কি গোৰা ॥২২
আন কথা এৰি ঝাণ্টে যুজক আৰম্ভা ।
এক ভাগ সঞ্চা মাত্ৰ দশ ভাগ লম্ভা ॥২৩
মোক মাৰিবাহা তুমি কোনে পাতিয়াইব ।
তৃণৰ কি অগনিয়ে সাগৰ শুকাইব ॥২৪
নেত্ৰ ফুৰাই মাতিলন্ত ৰাজা বীৰ বালী ।
এবে তোৰ মুখৰ বজাইল বৰ গালি ॥২৫
অসমৰ্থ প্ৰাণীৰ বচন চাতুৰালী ।
সিংহৰ আগত যেন শৃগালৰ টালি ॥২৬
মোৰ পাটে ৰাজা ভৈলে নমাৰিলোঁ তয় ।
আৰ কত সহিবোঁ নীচৰ পৰাভয় ॥২৭
এহি বুলি শাল বৃক্ষ উপাৰি আনিল ।
সামৰ বুলিয়া সুগ্ৰীৱক প্ৰহাৰিল ॥২৮
সুগ্ৰীৱে দেখন্ত বৃক্ষ চাপিলন্ত কোলে ।
বাহুত চাপৰ দিয়া কৰিলা হাম্ফোল ॥২৯
কটাক্ষ নয়নে চাহিলন্ত আগ পাছ ।
মুঠিৰ প্ৰহাৰে ভাঙ্গিলন্ত শাল গছ ॥৩০
বৃক্ষ ভাঙ্গি সুগ্ৰীৱেও কৰন্ত আম্ফাল ।
শীঘ্ৰবেগে সুগ্ৰীৱে হানিল দুই শাল ॥৩১
দণ্ড দুইৰ পথ মানে বৃক্ষ ছানি যায় ।
সমৰত বসি বালী ৰাজা আছে চাই ॥৩২
দেখিলেক বালী বৃক্ষ ক্ষেপিলে আমাক ।
অদভূত শাল দুই হানিলেক তাক ॥৩৩
চাৰি বৃক্ষ এক ঠাই পৰি ভৈল চূৰ ।
অগনি কণিকা নিকালিল বহুদূৰ ॥৩৪
ৰাঘৱে বোলন্ত বাপু শুনিয়ো লখাই ।
অদভূত সমৰ কৰন্ত দুই ভাই ॥৩৫
হেন ৰণ নয়ো দেখো পৃথিৱী ভিতৰে ।
কৌতুক লভিয়া বালী মাৰোঁ একে শৰে ॥৩৬
ব্ৰহ্মা বিষ্ণু মহেশ্বৰ দেৱ পুৰন্দৰ ।
অশ্বিনী কুমাৰ আৰু জয়ন্ত কুমাৰ ॥৩৭
যামদগ্নি কুবেৰ বৰুণ শশধৰ ।
স্বকি স্বকি যানে চড়ি চাহন্ত সমৰ ॥৩৮
নিজ ৰথে সূৰ্য্যে যুদ্ধ চাহন্ত প্ৰবন্ধে ।
বাসৱে চাহন্ত যুদ্ধ ঐৰাৱত স্কন্ধে ॥৩৯
ইন্দ্ৰদেৱে দেখিলন্ত সুগ্ৰীৱৰ গলে ।
সূৰ্য্যে দিলা দিব্য মালা আতিশয় জ্বলে ॥৪০
বালীকো দিৱন্ত ইন্দ্ৰদেৱে দিব্যমালা ।
তাক পাই বালীৰ জ্বলয় আতি কালা ॥৪১
সূৰ্য্যৰ বীৰ্য্যত সুগ্ৰীৱৰ উতপতি ।
বালী ৰাজা ভৈলা ইন্দ্ৰদেৱৰ সন্ততি ॥৪২
দেৱবীৰ্য্যে জাত দুই হন্তৰো দিব্য কায়া ।
চিনন নযায় যেন দৰ্পণৰ ছাঁয়া ॥৪৩
সূৰ্য্যৰ লগত দেৱ ততেক আছয় ।
সুগ্ৰীৱ জিনন্ত বুলি কৰে জয় জয় ॥৪৪
বাসৱৰ লগে দেৱ আছে যত যত ।
বালী জিনন্তোক বুলি বাঞ্ছয় মনত ॥৪৫
দেৱতাৰ আশীৰ্ব্বাদে দুহানো উল্লাস ।
দুয়ো দিব্য মালা পিন্ধি কৰন্ত প্ৰকাশ ॥৪৬
অৱসান ভৈল যেবে বৃক্ষৰ সমৰ ।
তৰুবন ছন্ন ভৈল কত প্ৰদেশৰ ॥৪৭
লেঞ্জে মেৰাই পৰ্ব্বতক উপাৰি আনিলা ।
সুগ্ৰীৱক লাগি বীৰ বালীয়ে হানিলা ॥৪৮
শত্ৰুক দলিলোঁ বুলি ক্ষেপিলা পৰ্ব্বত ।
সুগ্ৰীৱ দেখন্ত গিৰি আসন্ত পথত ॥৪৯
লেঞ্জে মেৰাই ধৰিলন্ত মাতঙ্গৰ লীলা ।
সুগ্ৰীৱে হানিলা ৰঙ্গে গিৰি শৃঙ্গ শিলা ॥৫০
শিখৰে শিখৰে এক থান ভৈলা দুই ।
পৃথিবীত পৰি গৈলা চূৰ্ণীকৃত হুই ॥৫১
দুইহান্তকো দুইহন্তে চাহন্ত ক্ৰোধ দৃষ্টি ।
আথে বেথে কৰে দুয়ো পৰ্ব্বতৰ বৃষ্টি ॥৫২
শিখৰে শিখৰে পৰি উফৰিয়া যায় ।
শৰীৰত পৰি গৈয়া অগনি বজায় ॥৫৩
দেৱ বীৰ্য্যে কলেৱৰ বজ্ৰসে সাক্ষাত ।
পৰ্ব্বত পৰিয়া কি কৰিবে তাসম্বাত ॥৫৪
দেখিলন্ত সুগ্ৰীৱ পৰ্ব্বত গোট আসে ।
এক প্ৰহৰৰ পথ বেঢ়ি আগে পাছে ॥৫৫
আৰো প্ৰহৰৰ পথ হোৱয় চড়াৱে ।
লাঠি হানি সুগ্ৰীৱে ভাঙ্গিল বাম পাৱে ॥৫৬
সুগ্ৰীৱে পৰ্ব্বত গোট হানিলন্ত বলে ।
মন পৱনৰ বেগে গিৰি গোট চলে ॥৫৭
তেনয় দুইগোট বালী পৰ্ব্বতক লই ।
লেঞ্জে মেৰাই হানিলন্ত সুগ্ৰীৱক গই ॥৫৮
পৰ্ব্বতে পৰ্ব্বতে ভৈলা আকাশে আন্দোল ।
অগনি কণিকা জ্বলি গৈলা স্বৰ্গকোল ॥৫৯
ত্ৰিভুৱনে লাগি গৈলা অদ্ভুত শবদ ।
নৰ নাগ দেৱগণ ভৈ গৈলা তবধ ॥৬০
ভাগি আসি পৰিল শবদ কৰি দুই ।
আউৰ আউৰ থাকিলন্ত চমকিত হুই ॥৬১
ঠিৱ লেঞ্জ কৰি লাগি গৈল হিঞ্চাহিঞ্চি ।
বাহু দাম্ফি মাৰিয়া আন্দোল কিচাকিচি ॥৬২
থাক থাক মাৰোঁ বুলি উথলিল ৰোল ।
দুই ভাই দুহাঙ্কে ধৰিলা কোলে কোল ॥৬৩
দুই ভাই যুদ্ধ কৰে একপিণ্ড হুই ।
প্ৰমাণত দেখিয় পৰ্ব্বত যেন দুই ॥৬৪
যেহেন দিগ্গজ দুই পৰ্ব্বত ভেদয় ।
টলবল বসুমতী বাসুকি কম্পয় ॥৬৫
কৈলাসে চকিত আতি ভৈলন্ত ঈশান ।
সাগৰত ঢউ ভৈলা পৰ্ব্বত সমান ॥৬৬
মেৰুৰ শিখৰ ফুটি নিকলিল জল ।
দুয়ো ভাইৰ আন্দোলনে মেদিনী যায় তল ॥৬৭
পাতালত হূলস্থূল ভৈলা নাগগণ ।
ঘনে ঘনে কম্পি ভৈল অনন্তৰ ফন ॥৬৮
দেৱাসুৰ গন্ধৰ্ব্ব মনুষ্য বিদ্যাধৰ ।
চমত্কাৰে থাকি গৈলা ভুবন ভিতৰ ॥৬৯
তবধ নয়ন ভৈলা মনত বিস্ময় ।
কি কাৰণে ভৈল আসি অকালে প্ৰলয় ॥৭০
৮ অধ্যায়
সম্পাদনা কৰকঝুমুৰি
সম্পাদনা কৰকএহি মতে বীৰ দুই ।
যুজে এক পিণ্ড হুই ॥১
শৰীৰত উঠে জুই ।
বলে দুই ক্ষীণ নুই ॥২
বাহু বাহু বান্ধিলন্ত ।
পাৱে পাৱে ছান্দিলন্ত ॥৩
ফুৰি ফুৰি টানিলন্ত ।
গ্ৰীৱে গ্ৰীৱে জৰিলন্ত ॥৪
হিয়ে হিয়ে তাড়িলন্ত ।
তুলি তুলি পাৰিলন্ত ॥৫
ঘুণ্টা যেন লাগিলন্ত ।
আৰ্ত্তনাদ ছাৰিলন্ত ॥৬
ঘোড়া যেন লৱৰে ।
অসংখ্যাত চৱৰে ॥৭
হাত পাৱ বিহৰে ।
হস্তী যেন চিহৰে ॥৮
কিল ভুকু লাঠি হানি ।
ভুমিত আফালে আনি ॥৯
আঞ্জুৰি আনয় টানি ।
ফুৰে দুয়ো ছিদ্ৰ ছানি ॥১০
দুইকো দুয়ো পাৰে গালি ।
বাহুত মাৰয় তালি ॥১১
যুজয় সুগ্ৰীৱ বালী ।
দুয়ো বজ্ৰৰ বটালি ॥১২
৯ অধ্যায়
সম্পাদনা কৰকপদ
সম্পাদনা কৰকৰাঘৱে বোলন্ত কিবা কৰোঁ কৈক যাওঁ ।
সুগ্ৰীৱ মিত্ৰক মই হাতে হৰুৱাওঁ ॥১
কোন দৈববিধি মোক প্ৰবন্ধে ছলিল ।
শত্ৰু মিত্ৰ একো আকলিবে নোৱাৰিলোঁ ॥২
দুহানো শৰীৰ একে সম একে কালা ।
দুহানো গলত দেখোঁ সুবৰ্ণৰ মালা ॥৩
বালী বুলি মাৰো যেবে সুগ্ৰীৱ মৰিব ।
সংসাৰত মোৰ বৰ অখ্যাতি থাকিব ॥৪
কিনো কৰোঁ বিধি মোক মাৰিল বিছুহি ।
সংসাৰত পাপী কিনো ভৈলোঁ মিত্ৰদ্ৰোহী ॥৫
লক্ষ্মণে বোলন্ত দদা শুনিয়োক ৰাম ।
অসন্তোষে সাধিবাক নোৱাৰিবে কাম ॥৬
যাক প্ৰতি ভৈল প্ৰভু তোমাৰ প্ৰবন্ধ ।
সহস্ৰ যুগত তাৰ পৰিবেক স্কন্ধ ॥৭
তিনিয়ো জগত যদি একত্ৰ হোৱয় ।
তথাপি তোমাৰ মিত্ৰ হুইব ৰণজয় ॥৮
বালী নৃপতিৰ হাত সুগ্ৰীৱে এৰাইল ।
কঙ্কালত ধৰিয়া বালীক আলগাইল ॥৯
হুংবুলি আফালিল পৃথিবীক লাগি ।
বোম্বালে ৰুধিৰ বহে কুম্ভ স্থলি ভাগি ॥১০
বালী মূৰ্চ্ছা গৈল বুলি ইন্দ্ৰে কৰে শোক ।
শুভ শুভ জয় জয় কৰে সূৰ্য্যলোক ॥১১
কতো বেলী বালী ৰাজা চেতনক পাইলা ।
আসৰিশ ক্ৰোধ কৰি সুগ্ৰীৱক ধাইলা ॥১২
যেহেন হস্তীক সিংহে পেলাইলে নিঢালি ।
সুগ্ৰীৱক সেহি মতে আকলিলা বালী ॥১৩
ত্ৰিশূলৰ সমান নখৰ চোট ঘালি ।
সুগ্ৰীৱৰ শৰীৰক পেলাইলা বখালি ॥১৪
চেতন হৰিয়া গৈল সুগ্ৰীৱ বীৰৰ ।
বোম্বালে ৰুধিৰ বহি যায় শৰীৰৰ ॥১৫
চেতন লভিয়া বোলে নোহোঁ সমশৰ ।
থাকিলন্ত বেশ ধৰি যেন মৃতকৰ ॥১৬
বালী ৰাজা দেখয় নিৰ্জ্জান ভৈল দান্ত ।
বিমৰিষি বোলে ভৈল বৈৰৰ উপান্ত ॥১৭
ভুবন দহিয়া যেন বহ্নি ভৈলা শান্ত ।
প্ৰহাৰ নকৰি ক্ষণেতেক জিৰাইলন্ত ॥১৮
শুনা সমাজিক জন ৰামৰ চৰিত ।
কলি মল বিনাশন পৰম অমৃত ॥১৯
দেখিয়ো ৰামৰ কেনে লীলা বিপৰীত ।
বনৰ বানৰ সমে কৰিলা সখিত্ব ॥২০
শৰণ মাত্ৰকে প্ৰভু একো নবাচন্ত ।
হেনসে কৃপালু দেৱ ৰাম ভগৱন্ত ॥২১
জানিয়া ৰামৰ পাৱে পশিয়ো শৰণ ।
দুৰ্লভ মনুষ্য তনু পৰে কেতিক্ষণ ॥২২
নিসীম জনম শত কোটিৰ অন্তৰে ।
কত ভাগ্য বশে জীৱে নৰ দেহা ধৰে ॥২৩
ব্ৰাহ্মণ শৰীৰ তাতো মহাশ্ৰেষ্ঠতৰ ।
হেন জনমক নপালয় যিটো নৰ ॥২৪
কেবল পালয় মাত্ৰ ইন্দ্ৰিয়ক নিত ।
কৰিলেক আপোনাক আপুনি বঞ্চিত ॥২৫
দুৰ্ল্লভ অমৃত যেন লভিয়া হাতত ।
আপুনি ঠেলিয়া পেলাইলেক প্ৰমাদত ॥২৬
হেন জানি ৰাম পাৱে পশিয়ো শৰণ ।
ৰামৰেসে সেৱা নৰতনুৰ পালন ॥২৭
ৰাম কথা শুনাঁ হৌক জন্মৰ সাফল ।
বোলোঁ ৰাম ৰাম মহা মিলোক মঙ্গল ॥২৮
১০ অধ্যায়
সম্পাদনা কৰকছবি
সম্পাদনা কৰকধীৰে ধীৰে চক্ষু মেলি, বালীক আগত দেখি,
বিমৰিষি আছন্ত সুগ্ৰীৱ ।
আৰু যেবে বালীৰাজা, দুনাই প্ৰহাৰে মোক,
তেবে মোৰ সঙ্কলয় জীৱ ॥১
এহিবুলি তেতিক্ষণে, বিজুলী চটক যেনে,
দেখ নেদেখ বেগ উঠি ।
দুই হাত তুলি ধৰি, বজ্ৰৰ সদৃশ কৰি,
কুম্ভ স্থলে বসাইলেক মুঠি ॥২
বালীৰ কপাল ভাঙ্গি, বোম্বালে ৰুধিৰ বহে,
মহাবীৰ সুগ্ৰীৱে দেখিল ।
বালীক মূৰ্চ্ছিত জানি, পৱন সঞ্চাৰে টানি,
ঠিয় লেঞ্জ কৰি লৰ দিল ॥৩
ৰামৰ দিশক চাই, সক্ৰোধ নয়ন কৰি,
ঘনে ঘনে পাছ চান্তে যান্ত ।
কতো বেলি বালী ৰাই, পাছে চেতনক পাই,
চক্ষু মেলি সুগ্ৰীৱক চান্ত ॥৪
সুগ্ৰীৱ পলাই যায়, কোপে কম্পমান কায়,
উঠি মহাবেগে খেদা দিলা ।
ঋষ্যমুখ গিৰি মানে, খেদি গুৰি নপাইলাগ,
নিবৰ্ত্তিয়া কিষ্কিন্ধ্যা পশিলা ॥৫
ঋষ্যমুখ গিৰি পায়া, পৰিয়া সুগ্ৰীৱ বীৰে,
মহা চোটে কেঙ্কাইবাক লইলা ।
শ্ৰীৰাম লক্ষণ দুই, নলনীল হনুমন্ত,
আসি সুগ্ৰীৱক বেঢ়ি ৰইলা ॥৬
কতো বেলি চেতনক, লভিয়া সুগ্ৰীৱ বীৰে,
ৰামক আগত দেখিলন্ত ।
ঘাৱৰ বিষত আতি, ক্ৰোধে ৰাঘৱক চাই,
গৰিহা বচন বুলিলন্ত ॥৭
কোৱা ৰামচন্দ্ৰ মই, তোমাৰ কমন শত্ৰু,
কেনে হেন কপট কৰিলা ।
মোৰ প্ৰাণ বৈৰী বালী, তাহাৰ হাতত নিয়া,
কি কাৰ্য্যত মৰাইতে চাহিলা ॥৮
জানা ৰাম মই যেবে, বালীক শকত তেবে,
পলাই কিয় আছোঁ পৰ্ব্বতত ।
আণ্টাব নোৱাৰোঁ জানি, তথাপি যুজিবে গৈলো,
তোমাৰ পৌৰুষ বচনত ॥৯
বালীৰ হাতত মোৰ, অস্থি মজ্জা চূৰ ভৈল,
তুমি ৰঙ্গ চাহিয়া আছিলা ।
বালীক আগত পাই, শৰ প্ৰহাৰিয়া তুমি,
কি কাৰ্য্যে বালীক নমাৰিলা ॥১০
কিনো নিদাৰুণ তুমি, দশৰথ পুত্ৰ ৰাম,
তযু বিনে মন্দ মতি নাই ।
এহি সি কাৰ্য্যত তুমি, নিজ ভাৰ্য্যা হৰুৱায়া,
বনে বনে ফুৰা দুই ভাই ॥১১
ব্ৰহ্মবধ সুৰাপান, গুৰুৰ ভাৰ্য্যাক হৰে,
মহাপাপ সুবৰ্ণ হৰণ ।
ৰাজবধ পিতৃবধ, গুৰু তিৰী মাৰে আনো,
আতৰে যতেক পাপগণ ॥১২
মিত্ৰদ্ৰোহ মহাপাপ, সবাহাতে গুৰুতৰ,
ইহাক আচৰে যিটো নৰ ।
জানিবা নিশ্চয় ৰাম, নৰক ভুঞ্জিয়া মৰে,
যাৱে থাকে চন্দ্ৰ দিবাকৰ ॥১৩
হেন মিত্ৰদ্ৰোহ পাপ, কৰিবাক লাগি ৰাম,
জানিলো তোমাৰ হৈল মন ।
সূৰ্য্যৰ বংশত তুমি, জনম লভিলা কিক,
ধিক ধিক তোমাৰ জীৱন ॥১৪
নিষ্ট কৰি পূৰ্ব্বকালে, বুলিলাহা হন্তেৰাম,
মইতো নমাৰোঁ বালীৰাই ।
তেবে কি কাৰণে মই, মাৰিবাক লাগি ৰঙ্গে,
বালীক যুঝিলো হন্তে যাই ॥১৫
বালীৰ প্ৰহাৰে মোৰ, সৰ্ব্ব অঙ্গ চূৰ ভৈল,
ক্ষত বিক্ষত ভৈলা কায়া ।
কতবা কালক লাগি, শৰীৰত পীড়া ৰৈল,
তুমি ৰঙ্গ আছিলাহা চায়া ॥১৬
ৰঘুবংশ শিৰোমণি, সাক্ষাত ঈশ্বৰ দেৱ,
তুমি সমে কইলো মিত্ৰৱতি ।
একেশৰে ত্ৰিভুৱন, জিনিবাক পাৰা তুমি,
তেবে মোৰ হেনসে বিপত্তি ॥১৭
সুগ্ৰীৱৰ বাক্যে প্ৰভু, আতিশয় হুয়া লাজ,
বুলিলন্ত সুগ্ৰীৱক চাই ।
যতেক বুলিলা মিত্ৰ, বুলিতে উচিত হুই,
কিন্তু শুনা কহোঁ অভিপ্ৰাই ॥১৮
তোৰা দুই ভাইৰ দেখোঁ, সমতুল্য কলেৱৰ,
সূৰ্য্য যেন জ্বলে মনোহৰ ।
দুই হন্তৰো শিৰে দিব্য, সুবৰ্ণৰ মালা জ্বলে,
নিচিনিয়া নকৰিলো শৰ ॥১৯
শত্ৰুবুলি মাৰো যোনু, মিত্ৰৰ বিনাশ হোৱে,
শুনি মন্দ বুলিলেক লোক ।
লক্ষ্মণে সহিতে চিন্তি, নপাইলো উপায় মই
জানি সখি নিনিন্দিবা মোক ॥২০
ক্ষমিয়োক মোৰ দোষ, নকৰিবা অসন্তোষ,
বালিক বধিবো সাৰে সাৰ ।
আপোনাৰ অলঙ্কাৰ, পৰিহৰি তুলসীৰ,
মালা তুমি পিন্ধিয়ো আমাৰ ॥২১
দিন চাৰি থাকিয়োক, ঘাৱসব পালম্পোক,
পাছে সবে কিষ্কিন্ধাক যাওঁ ।
ইবাৰ বালীক দেখি, মাৰি যেবে নপঠাওঁ,
তেবে ব্ৰহ্মবধ পাপ পাওঁ ॥২২
এহি বুলি ৰঘুনাথে, অমৃত সমান হাতে,
মাৰ্জ্জিলন্ত মিত্ৰৰ শৰীৰ ।
পূৰ্ব্বত অধিক কৰি, শতগুণ তেজবল,
লভিলা সুগ্ৰীৱ মহাবীৰ ॥২৩
শুনিয়োক সৰ্ব্বজন, পুণ্যকথা ৰামায়ণ,
ইসে মহা ধৰ্ম্ম অনুপাম ।
গুচিবে সংসাৰ দুঃখ, লভিবা পৰম সুখ,
নিৰন্তৰে বোলা ৰাম ৰাম ॥২৪