ঋষ্যশৃঙ্গৰ উপস্থিতিত যজ্ঞ
ৰামায়ণ বৃত্তান্ত |
---|
|
- ২০ অধ্যায়
- ঋষ্যশৃঙ্গৰ উপস্থিতিত যজ্ঞ
শুনিয়োক সুমন্ত্ৰ কথা কহিলা বিশেষ ।
যাইবোঁ মই লোমপাদ নৃপতিৰ দেশ ॥১
পাত্ৰ মিত্ৰ পুৰোহিত চলিয়ো সকল ।
এহি বুলি যাত্ৰা কৰিলন্ত মহাবল ॥২
বশিষ্ঠ প্ৰমুখ্যে পুৰোহিতগণ ৰঙ্গে ।
চলিলা হৰিষে সবে নৃপতিৰ সঙ্গে ॥৩
সুমন্ত্ৰ সহিতে আঠ পাত্ৰ চলি গৈলা ।
গজ বাজী ৰথ সেনা সাজি লগে লৈলা ॥৪
কাহালি মুহুৰি ভেৰী তৰল মৃদঙ্গ ।
ঢাক ঢোল দুন্দুভি শবদে টলবল ॥৫
চিন্ন চোণ্ডা ধ্বজদণ্ড গাহুল বম্বাল ।
নৃপতিৰ আগে পাচে চলিলা সকল ॥৬
কাঞ্চনে ৰচিত ৰথে চড়িল নৃপতি ।
কটকৰ ভৰে দলদপ বসুমতী ॥৭
ৰাজাৰ উপনে ছত্ৰ প্ৰকাশে ধৱল ।
আকাশে প্ৰকাশে যেন চন্দ্ৰৰ মণ্ডল ॥৮
ত্ৰিভুবন চমত্কাৰ ৰাজাৰ পয়ান ।
কম্পে সুৰাসুৰ যহ তৰতৰিমান ॥৯
হেন আড়ম্বৰে অঙ্গদেশে প্ৰবেশিলা ।
লোমপাদ নৃপতিৰ আশ্ৰমে মিলিলা ॥১০
দেখি লোমপাদৰ হৰিষ ভৈল মন ।
দশৰথ নৃপতিক কৰিলা বন্দন ॥১১
কৃতাঞ্জলি কৰি ধৰি প্ৰণতি প্ৰচুৰ ।
দশৰথ ৰাজাক নিলেক অন্তঃপুৰ ॥১২
সুবৰ্ণৰ সিংহাসন দিলা বসিবাক ।
পাদ্য অৰ্ঘ্য দিয়া পূজা কৰিলা ৰাজাক ॥১৩
বশিষ্ঠক আসন দিলন্ত মহাবীৰে ।
ধুয়ায়া চৰণ পাদোদক লৈলা শিৰে ॥১৪
দশৰথ নৃপতিক কৰে ৰাজা স্তুতি .
তযু আগমনে ভৈল থানৰ মুকুতি ॥১৫
আপুনি মিলিলা আসি মোহোৰ গৃহত ।
নজানোহো মই ভাগ্য কৰি আছোঁ কত ॥১৬
ত্ৰিভুবনে নাহি তুমি হেন মহাৰাজ ।
আদেশিয়ো মোক মই কৰোঁ কিবা কাজ ॥১৭
কিবা প্ৰয়োজনে হুয়া আছে আগমন ।
শুনি দশৰথে পাছে বুলিলা বচন ॥১৮
শুনিয়ো নৃপতি মোৰ নাহিকে সন্তান ।
ঋষ্যশৃঙ্গ মহামুনি আছে তযু স্থান ॥১৯
তেহে যজ্ঞ কৰাইলেসে হৈবেক তনয় ।
তাঙ্ক নিবে প্ৰতি আসি আছোঁ মহাশয় ॥২০
শুনি লোমপাদে ঋষ্যশৃঙ্গক আনিল ।
নমস্কাৰ কৰি দুয়ো ৰাজা সাদৰিল ॥২১
সুবৰ্ণৰ আসন ঋষিক আনি দিলা ।
দুয়ো ৰাজা বিস্তৰ ঋষিক সন্তোষিলা ॥২২
লোমপাদে বুলিলন্ত বচন বিনয় ।
এন্তে দশৰথ ৰাজা হুয়ো পৰিচয় ॥২৩
প্ৰাণসম এন্তে মোৰ বান্ধৱ বিচিত্ৰ ।
কত কোটি পুণ্যেসে ইহাঙ্ক পাইলোঁ মিত্ৰ ॥২৪
ইহানে দুহিতা শান্তা মাগিয়া আনিলোঁ ।
যত্ন কৰি আনিয়া তোমাত বিহা দিলোঁ ॥২৫
এন্তে সে জানিবা নিজ শ্বশুৰ তোমাৰ ।
কৰিয়োক ঋষি আবে আঙ্ক উপকাৰ ॥২৬
মনত অসুখ আন নাহিকে তনয় ।
সিহেতু তোমাত ৰাজা কৰিলা আশ্ৰয় ॥২৭
শুনি মুনি ঋষ্যশৃঙ্গ ভৈলা সুপ্ৰসন্ন ।
শান্তা সমন্বিতে ভৈলা চলিবাক মন ॥২৮
শান্তাৰ কৌতুক অতি পিতৃক দেখিয়া ।
মাৱক দেখিতে দশ গুণে ভৈল হিয়া ॥২৯
দেখি লোমপাদক আশ্বাসি দশৰথ ।
শান্তা সমে ঋষিপুত্ৰ গৈলন্ত লগত ॥৩০
পাত্ৰ পুৰোহিত সৈন্য সমে নৃপবৰ ।
ত্বৰিত গমনে পাইলা অযোধ্যা নগৰ ॥৩১
শান্তা আসিবাৰ শুনি তিনি মহা দই ।
কৌশল্যা সুমিত্ৰা শান্তী সুন্দৰী কৈকেয়ী ॥৩২
হৰসফৰস কৰি আসিল বঝাই ।
গলাবান্ধি ধৰিলা শান্তাক লাগ পাই ॥৩৩
নিলন্ত গৃহক হৰিষৰ নাই পাৰ ।
শান্তা সতী কৰিলা মাতৃক নমস্কাৰ ॥৩৪
সবে মহাদই আসি শান্তাক বেঢ়িলা ।
অন্তঃপুৰ মাজে মহা আনন্দ মিলিলা ॥৩৫
সমস্তৰে আনন্দ শান্তাক লাগ পাই ।
তান্ত বিলে কাৰো আৰ পুত্ৰ জীউ নাই ॥৩৬
এতেকে শান্তাক পায়া সবে শত মাৱে ।
বস্ত্ৰ অলঙ্কাৰ আনি দিলা গাৱে গাৱে ॥৩৭
দশৰথ ৰাজা ঋষ্যশৃঙ্গক আনিয়া ।
কৰিলা বিস্তৰ পূজা পাদ্য অৰ্ঘ্য দিয়া ॥৩৮
আন্তে হন্তে হৈব মোৰ মনোৰথ সিদ্ধি ।
ভৈলন্ত আনন্দ যেন পায়া নৱ নিধি ॥৩৯
এহি বুলি অৰ্চ্চা কৰিলন্ত বহুতৰ ।
যেন বৃহস্পতিক পূজিলা পুৰন্দৰ ॥৪০
কৰিলন্ত নৃপতি অনেক সম্ভাষণ ।
পূজা পায়া ঋষিৰ হৰিষ ভৈল মন ॥৪১
অযোধ্যাতে ৰহিলন্ত শান্তাৰে সহিত ।
যেন দেৱগুৰু স্বৰ্গপুৰে ভৈলা থিত ॥৪২
অনন্তৰে নৃপতি যজ্ঞৰ ঘোঁড়া আনি ।
বিধিৱতে অভিষেক কৰি মহামানী ॥৪৩
ৰখিয়া কটক দিলা লগত অনেক .
মেলি দিয়া ঘোঁড়াক পালিলা বৰিষেক ॥৪৪
বসন্ত প্ৰবেশ ভৈলা গুচিয়া শিশিৰ ।
আৰম্ভিলা যজ্ঞ পায়া আদেশ মুনিৰ ॥৪৫
বশিষ্ঠে কহিলা যত যজ্ঞৰ সম্ভাৰ ।
অনেক দেশৰ দ্ৰব্য আনিলা অপাৰ ॥৪৬
সুমন্ত মন্ত্ৰীক দশৰথে আদেশিলা ।
অনেক দেশৰ দ্ৰব্য সুমন্ত্ৰ আনিলা ॥৪৭
সুবৰ্ণ ৰজত ৰত্ন অনেক ভাজন ।
কস্তুৰি কুমকুম লখি অগৰু চন্দন ॥৪৮
মুকুতা প্ৰবাল মণি মাণিক কৰ্পূৰ ।
দিব্য ব্যস্ত্ৰ অলঙ্কাৰ আনিলা প্ৰচুৰ ॥৪৯
আনো নানা দ্ৰব্য আনিলন্ত বহুতৰ ।
শুভক্ষণে যজ্ঞ আৰম্ভিলা নৃপবৰ ॥৫০
যজ্ঞৰ কথাক শুনি মনত হৰিষি ।
অযোধ্যাক আসিলা অনেক মহাঋষি ॥৫১
কাশ্যপ কপিল কাৰুকলু কাত্যায়ন ।
ৰামদেব দেৱল দুৰ্ব্বাসা তপোধন ॥৫২
ৰাম পৰাশৰ ভৃগু ভাৰ্গৱী গৌতম ।
অত্ৰি বিশ্বামিত্ৰ ত্ৰিতমুনি নৰোত্তম ॥৫৩
মৰীচি চ্যৱন চন্দ্ৰাবিন্দু ভৰদ্বাজ ।
অঙ্গিৰস অগস্তি নাৰদ ঋষিৰাজ ॥৫৪
সনক সনন্দ কন্দ সনতকুমাৰ ।
পুলস্তি পুলহ সনাতন বেদসাৰ ॥৫৫
অস্তিসেন মুনি মাৰ্কন্দেয় সিদ্ধেশ্বৰ ।
ইসব প্ৰমুখ্যে মহামুনি নিৰন্তৰ ॥৫৬
আসিলা কৌতুকে নৃপতিৰ যজ্ঞ স্থান ।
দশৰথে সবাকো কৰিলা বহুমান ॥৫৭
ঋষি ঋষ্যশৃঙ্গে পাচে হুয়া শুদ্ধচিত ।
ৰাজাক কৰিলা মহা যজ্ঞত দীক্ষিত ॥৫৮
অভিষেক হুয়া ৰাজা পাত্ৰক বৰিলা ।
বস্ত্ৰ অলঙ্কাৰ গন্ধ চন্দনে অৰ্চ্চিলা ॥৫৯
কুশহস্ত হুয়া ৰাজা বিষ্ণুক সুমৰি ।
সভাৰ্য্যে বসিলা চিত্ত সাৱধান কৰি ॥৬০
আঠ পাত্ৰ বসিলা ৰাজাৰ অনুক্ৰমে ।
যাৰ যেন কাৰ্য্য তাক চিন্তন্ত নিয়মে ॥৬১
ঋষ্যশৃঙ্গ মন্ত্ৰ পঢ়ি যজ্ঞ আৰম্ভিলা ।
নৃপতিৰ পুত্ৰ হেতু সঙ্কল্প কৰিলা ॥৬২
মন্ত্ৰ পঢ়ি মুনি সবে কৰিলা আহ্বান ।
দেৱে সমে পশুপতি আইলা যজ্ঞথান ॥৬৩
বিভাণ্ডে দেখন্ত ঋষ্যশৃঙ্গ নাই ঘৰে ।
ধ্যান কৰি তেখনে জানিলা মুনিবৰে ॥৬৪
দশৰথ ৰাজা মোৰ নিলেক তনয় ।
পুত্ৰ প্ৰয়োজনে যজ্ঞ কৰে মহাশয় ॥৬৫
ধ্যানে জানি পাচে বিভাণ্ডক মহাঋষি ।
অযোধ্যাক আসিলন্ত পৰম হৰিষি ॥৬৬
বিভাণ্ডক ঋষিক দেখিয়া নৰেশ্বৰ ।
পাদ্য অৰ্ঘ্য দিয়া তাঙ্ক কৰিলা সাদৰ ॥৬৭
বিভাণ্ডক দেখিয়া সকলে মুনিগণ ।
সাদৰিলা বুলি তাঙ্ক মধুৰ বচন ॥৬৮
কৰিলন্ত বিভাণ্ডকে প্ৰশংসা ৰাজাক ।
পুত্ৰ সমে বসিলন্ত যজ্ঞ কৰিবাক ॥৬৯
কৰন্ত হৰিষে যজ্ঞ যত মুনিগণ ।
থানে থানে কৰিলন্ত দ্ৰব্য নিৰূপণ ॥৭০
হুয়া ব্ৰহ্মচাৰী মন সাৱধান কৰি ।
ভৈলা শুদ্ধ প্ৰথমতে বিষ্ণু বিষ্ণু স্মৰি ॥৭১
মূল মন্ত্ৰ উচ্চাৰিয়া ব্ৰাহ্মণ সকল ।.
নিৰন্তৰে উচ্চাৰিলা স্বস্তি সুমঙ্গল ॥৭২
সাঙ্গোপাঙ্গে পূজিলন্ত যজ্ঞ পুৰুষক ।
দশৰথ ৰাজা মনে চিন্তয় পুত্ৰক ॥৭৩
পুত্ৰ মন্ত্ৰ জপ ৰাজা কৰে মনে মনে ।
অগ্নি প্ৰস্থাপন কৰিলন্ত শুভক্ষণে ॥৭৪
অনন্তৰে দ্বিজগণে আহুতি কৰিল ।.
মূৰুখ মাধৱে আদিকাণ্ড বিৰচিল ॥৭৫
নমো নমো নাৰায়ণ চৰণত ধৰি ।
দশৰথ গৃহে ৰামৰূপে অৱতৰি ॥৭৬
নিজ গুণে জগতৰ পূৰিলাহা মন ।
বোলোঁ ৰাম ৰাম সবে সভাসদগণ ॥৭৭