ৰাম - লক্ষণ আৰু বিশ্বামিত্ৰ
ৰামায়ণ বৃত্তান্ত |
---|
|
- ২৯ অধ্যায়
ৰাম লক্ষ্মণ আৰু বিশ্বামিত্ৰ
দশৰথ নৃপতিৰ শুনিয়া বচন ।
মহাকোপে কৰি বোলে গাধিৰ নন্দন ॥১
ৰঘুৰ বংশত তুমি ভৈলা উতপতি ।
ধৰ্ম্মশীল হুয়া অধৰ্ম্মত কৈলা ৰতি ॥২
পুত্ৰৰ স্নেহত মোক কৰস নৈৰাশ ।
মিছা মোহজালে পৰি কৰ ধৰ্ম্মনাশ ॥৩
নজানস কত গুণ আছয় ৰামত ।
বাহুবলে জিনিবাক পাৰে ত্ৰিজগত ॥৪
ৰাক্ষস মাৰিব ৰামে ইতো কোন কাজ ।
বিমুখ কৰহ ৰাজা দিয়া মোক লাজ ॥৫
কপটে ভাণ্ডিয়া মোৰ আশা কৰ ভঙ্গ ।
সবংশে নশিবে পুনু মোৰ ভৈলে খঙ্গ ॥৬
আছন্ত বশিষ্ঠ তোৰ মন্ত্ৰণাৰ বাস ।
তোৰ বোলে অপমান আমাক লগাস ॥৭
সত্যে সত্যে বোলোঁ ৰাজা মই নিষ্ঠ কৰি ।
নিদিলি ৰামক যাওঁ ক্ৰোধে পৰিহৰি ॥৮
নিষ্ঠুৰ বচন ৰাজা শুনিয়া মুনিৰ ।
পৃথিৱী কম্পয় যেন গাৱ নোহে স্থিৰ ॥৯
আছোক নৃপতি চৰাচৰ কম্পি গৈল ।
প্ৰলয়ৰ কাল যেন উপগত ভৈল ॥১০
ক্ৰোধে প্ৰকম্পিত বিশ্বামিত্ৰ মুনিবৰ ।
দেখি অন্তৰীক্ষ ধাতু ভৈল নিৰন্তৰ ॥১১
পাত্ৰ মিত্ৰ সমে দশৰথ মহাৰাই ।
ভয় ত্ৰাসে ভৈল যেন মৃতক পৰাই ॥১২
অনন্তৰে বশিষ্ঠে দেখিয়া তমোময় ।
ৰাজাক বোলন্ত শুনিয়োক মহাশয় ॥১৩
প্ৰথমে ঋষিক তুমি বুলিলা বচন ।
বুলিয়োক ঋষি কিবা সাধোঁ প্ৰয়োজন ॥১৪
কদাচিতো ব্যৰ্থ নাহি বচন তোমাৰ ।
এতেকে ৰামক দিতে ভৈল অঙ্গীকাৰ ॥১৫
সিটো অঙ্গীকাৰ আবে লাৰিবা কিমতে ।
তুমি সত্যৱন্ত হেন জানয় জগতে ॥১৬
নকৰিবা ৰাজা সত্য ধৰ্ম্ম পৰিহাৰ ।
তুমি সত্য লঙ্ঘিলে ৰাখন্তা নাই আৰ ॥১৭
সত্য সম ধৰ্ম্ম আৰ পুৰুষৰ নাই ।
জানি ঋষি সঙ্গে দিয়ো ৰামক পঠাই ॥১৮
তাঙ্ক নপঠাইলে বিশ্বামিত্ৰে দিব শাপ ।
গাধিৰ তনয় মহা প্ৰচণ্ড প্ৰতাপ ॥১৯
হেন জানি ৰামৰ নিমিত্তে এৰাঁ শোক ।
ঋষিৰ বচন ৰাখি ৰামক দিওক ॥২০
তাঙ্ক পাইলো ঋষিৰ সন্তুষ্ট হৈব চিত ।
নানা অস্ত্ৰে শস্ত্ৰে বিশ্বামিত্ৰ সুশিক্ষিত ॥২১
মুনি সবে অস্ত্ৰ শিক্ষা দিবন্ত ৰামক ।
তাকে লৈয়া ৰামে জিনিবেক ৰাক্ষসক ॥২২
বিশেষত বিষ্ণু ৰামৰূপে অৱতাৰ ।
ৰাক্ষসকুলক ৰামে কৰিব সংহাৰ ॥২৩
অনুমাত্ৰো চিন্তা নকৰিবা মহামানী ।
দশৰথ ৰাজা বশিষ্ঠৰ শুনি বাণী ॥২৪
পাইলন্ত ভাৰসা তান শান্ত ভৈল হিয়া ।
জিজ্ঞাস কৰন্ত ৰাজা ৰামক আনিয়া ॥২৫
আসি আছে বিশ্বামিত্ৰ তোমাক নিবাক ।
ৰাক্ষসক মাৰি ৰাম যজ্ঞ ৰাখিবাক ॥২৬
শুনি ৰামচন্দ্ৰৰ হৰিষ ভৈল মনে ।
পিতৃক বোলন্ত ৰামে প্ৰসন্ন বদনে ॥২৭
কত ভাগ্যে ইসব কাৰ্য্যক পায় লাগ ।
মোক প্ৰতি চিন্তা নকৰিবা মহাভাগ ॥২৮
পুত্ৰ হুয়া নপালয় পিতৃৰ বচন ।
চিৰকালে নৰকত পচে সিটো জন ॥২৯
প্ৰচণ্ড প্ৰতাপ মুনি গাধিৰ কুমাৰ ।
তাহান কাৰ্য্যত চিন্তা কৰাঁ পৰিহাৰ ॥৩০
ৰামৰ বচনে ৰাজা ভৈলা হৰষিত ।
মৰাৰ মুখত যেন পৰিল অমৃত ॥৩১
ঋষিৰ হাতত ৰাজা পুত্ৰ সমৰ্পিল ।
নমস্কাৰ কৰি ৰাজা বচন বুলিল ॥৩২
ৰামে মোৰ ধন জন জীৱ মন প্ৰাণ ।
ৰাম বিনে গতি মোৰ নাহি নাহি আন ॥৩৩
পাইলোঁহো ৰামক পুত্ৰ কত তপস্যায় ।
আবে জ্ঞান গুণ জানিবেক তযু ঠাই ॥৩৪
কিছুৱে নজানে ৰাম ছৱাল চঞ্চল ।
জানিবে অস্ত্ৰৰ সন্ধি তোমাত সকল ॥৩৫
তোমাৰ সেৱক ৰাম ভৈল আজি ধৰি ।
নিজ দাস বুলি পালিবাহা যত্ন কৰি ॥৩৬
ৰাঘৱক পায়া মুনি ভৈলন্ত সন্তোষ ।
পুষ্প বৰষিলা দেৱে কৰি জয় ঘোষ ॥৩৭
সেহি বেলা যোৰহাতে উঠিলা লক্ষ্মণ ।
ৰামক বুলিলা কৰি চৰণে বন্দন ॥৩৮
মোক সঙ্গে নিয়ো প্ৰভু জগতৰ পতি ।
তোমাৰ চৰণ বিনে মোৰ নাহি গতি ॥৩৯
যথা তথা যাইতে নাথ নেৰিবা আমাক ।
দাস হুয়া সেৱা প্ৰভু কৰিবোঁ তোমাক ॥৪০
হাসে ৰাজা লক্ষ্মণৰ শুনিয়া বচন ।
ৰামৰ সঙ্গত চলি যাইবন্ত লক্ষ্মণ ॥৪১
দুই পুত্ৰ দিলা ৰাজা ঋষিৰ লগত ।
যাত্ৰা সুমঙ্গল কৰিলন্ত যত যত ॥৪২
আপোনাৰ অস্ত্ৰ যত লৈয়া দুয়ো জন ।
দুই ভাই বশিষ্ঠক কৰিলা বন্দন ॥৪৩
পিতৃক মাতৃক কৰিলন্ত নমস্কাৰ ।
দশৰথে দুইকো শিক্ষা দিলা বাৰে বাৰ ॥৪৪
পালিবাহা দুই ভাই ঋষিৰ বচন ।
থাকিবাহা সদাই ঋষিৰ বুজি মন ॥৪৫
ঋষিৰ ক্ৰোধত সবে বংশে হৈবোঁ নাশ ।
সৰ্ব্বদাই থাকিবা ঋষিৰ পালি আশ ॥৪৬
এহি বুলি পুত্ৰ দুইকো সাৱটি ধৰিলা ।
শিৰঘ্ৰাণি দুইহন্তোৰ মুখে চুমা দিলা ॥৪৭
কৌশল্যা সুমিত্ৰা দুয়ো পুত্ৰক ধৰিয়া ।
কৰিলা চুম্বন চক্ষু সজল কৰিয়া ॥৪৮
অন্তঃপুৰ মাজত আছয় যত প্ৰাণী ।
স্নেহে সবে লোকৰ চক্ষুৰ পৰে পানী ॥৪৯
যাত্ৰা লৈয়া ৰাজ ভৈলা শ্ৰীৰাম লক্ষ্মণ ।
দুইকো লৈয়া বিশ্বামিত্ৰ কৰিলা গমন ॥৫০
আগ ভৈলা ঋষিৰাজ হৰিষ মনত ।
মাজত চলিল ৰাম লক্ষ্মণ পিচত ॥৫১
উৰ্দ্ধমুখে চাহিয়া থাকিল সৰ্ব্বজন ।
ৰামৰ লগতে গৈল সমস্তৰে মন ॥৫২
ঝঁইয়া পৰিল লোক বিয়োগে ৰামৰ ।
শুনা যেন ভৈল সিতো অযোধ্যা নগৰ ॥৫৩
শ্ৰীৰামৰ বিয়োগে আকুল ভৈল চিত ।
সূৰ্য্য অস্ত গৈলে যেন কমল মুদিত ॥৫৪
চলি যান্ত দুয়ো ভাই পিচত ঋষিৰ ।
গজেন্দ্ৰ জিনিয়া দুইৰো গমন গম্ভীৰ ॥৫৫
যেন শিশু সিংহ লীলাগতি চলিযান্ত ।
অমৃত বৰিষে যেন যিদিশক চান্ত ॥৫৬
সুৰাসুৰে সেৱা কৰে যাৰ চৰণত ।
হেন ৰাম চলি যান্ত ঋষিৰ পিচত ॥৫৭
পৰম কোমল পদ গমন মধুৰ ।
আতি সুকুমাৰ তনু লাৱণ্য প্ৰচুৰ ॥৫৮
ৰত্নে বিৰচিত শোভে পিঠিত চোখৰ ।
কাখত খৰগ দুইৰো হাত ধনুশৰ ॥৫৯
প্ৰকাশে শৰীৰ ৰত্নময় অলঙ্কাৰ ।
দেখন্তা লোকৰ মন হৰন্ত সবাৰ ॥৬০
পৰম হৰিষে দুয়ো যান্ত ঋষি সঙ্গে ।
আঢ়ৈ প্ৰহৰৰ পন্থ বহি গৈলা ৰঙ্গে ॥৬১
ৰামৰ দেখিয়া মুখ হৰিষ ঋষিৰ ।
অনন্তৰে পাইলা গৈয়া সৰযুৰ তীৰ ॥৬২
দেখি ৰামচন্দ্ৰৰ হৰিষ ভৈলা মন ।
বিশ্বামিত্ৰে বুলিলন্ত ৰামক বচন ॥৬৩
সৰযু নদীৰ কথা শুনিয়োক ৰাম ।
পৰম নিৰ্ম্মল জল তীৰ্থ অনুপাম ॥৬৪
কৰিয়োক স্নান দুয়ো সৰযুৰ জলে ।
বাঢ়িবেক বল শ্ৰম গুচিবে সকলে ॥৬৫
ত্ৰিভুবন মধ্যে ৰাম পুৰুশ উত্তম ।
মহাবলশালী হৈবা বিপুল বিক্ৰম ॥৬৬
ক্ষুধা তৃষ্ণা একো জ্বৰ ব্যাধি নিপীড়িব ।
গুচিব আয়াস যশে জগত জুৰিব ॥৬৭
ত্ৰৈলোক্যেৰ অধিপতি তুমিসে ঈশ্বৰ ।
ইতো জগতৰ হৈবা এক দণ্ডধৰ ॥৬৮
ঋষিৰ বচন শুনি হৰিষ মনত ।
বিধিৱতে স্নানিলন্ত সৰযু জলত ॥৬৯
ঋষিও কৰিলা স্নান সন্ধ্যা যত যত ।
বসিলা তিনিও সেই নদীৰ কূলত ॥৭০
বুলিলন্ত ঋষি ৰঙ্গে ৰামক বচন ।
দিওঁ মহামন্ত্ৰ বিদ্যা লৈয়ো দুয়োজন ॥৭১
যাহাক জানিলে শ্ৰম গুচয় সকল ।
হোৱে মহাধনৱন্ত বাঢ়ে তেজবল ॥৭২
এহি বুলি দুয়ো ভাইত মন্ত্ৰ কহিলন্ত ।
ত্ৰিভুবনে সাৰ বিদ্যা দুভাইক দিলন্ত ॥৭৩
মন্ত্ৰ পায়া দুয়ো ভাইৰ হৰিষ মিলিল ।
ঋষি সঙ্গে ৰঙ্গে তথা ৰজনী বঞ্চিল ॥৭৪