সুগ্ৰীৱৰ প্ৰতি ৰামৰ সন্দেহ
ৰামায়ণ বৃত্তান্ত |
---|
|
- ১৮ অধ্যায়
- সুগ্ৰীৱৰ প্ৰতি ৰামৰ সন্দেহ ।
- পদ ।
প্ৰস্ৰৱণ নামে গিৰি নেত্ৰ অনুপাম ।
বাৰিষা কালত সিটো বঞ্চিবে উত্তম ॥১
লক্ষ্মণে নিৰ্ম্মিলা বাসা নদী সন্নিহিতে ।
দুই ভাই চাৰি মাস বঞ্চিলা তহিতে ॥২
শ্ৰাৱণ মাসত মুখ্য বাৰিষাৰ কাল ।
দিনান্তে আন্ধাৰ মহা মেঘে কোলাহল ॥৩
সুৰভি শীতল আতি দক্ষিণৰ ৰাৱে ।
কোকিলৰ কুহুনাদে নিদ্ৰাক যোগাৱে ॥৪
প্ৰমত্ত ভ্ৰমৰে যেন মালতীক শোষে ।
বিৰহিনী নাৰীৰ বিৰহ চিত্তে ত্বোষে ॥৫
মেঘৰ গৰ্জ্জন শুনি মৈৰা কৰে নাদ ।
সীতাক সুমৰি ৰামে কৰন্ত বিষাদ ॥৬
কৈক গৈল সীতা মোৰ বচন অমৃত ।
প্ৰাণেশ্বৰী অবিহনে নৰহয় চিত্ত ॥৭
স্বভাৱে বৰিষা কালে কাম আতিৰেক ।
এক গোটা দিনে যাই এক বৰিষেক ॥৮
ৰাঘৱে বোলন্ত লখাই নসহে পৰাণ ।
শৰীৰক দহে মদনৰ পঞ্চবাণ ॥৯
চম্পক মালতী গন্ধে হৃদয় নসহে ।
প্ৰাণ সঙ্কলয় যেন সীতাৰ বিৰহে ॥১০
লক্ষ্মণে বোলন্ত দাদা তেজিয়ো বিকল ।
আতিশয় শোকে হৈব শৰীৰ দুৰ্ব্বল ॥১১
বলিষ্ঠ ৰাৱণ স্থূল পৰ্ব্বত যেহেন ।
দুৰ্ব্বল শৰীৰে তাক যুঝিবাহা কেনে ॥১২
প্ৰবল অগনি যেন দহে তৃণবন ।
সহজে জ্বলন্ত সখা হোৱন্ত পৱন ॥১৩
দীপৰ অগনি নিমাৱন্ত সেহি বাৱে ।
সুহৃদ জনৰ হোৱে তেনেই স্বভাৱে ॥১৪
সন্তাপ এৰিয়া দদা নকৰিও শোক ।
অমৃত সমান ফল মূল ভুঞ্জিয়োক ॥১৫
বাৰিষাৰ প্ৰস্ৰৱণ গিৰিতে আছন্ত ।
সুগ্ৰীৱক নিতে হনুমন্ত চিৱৰন্ত ॥১৬
মাৰুতিয়ে বোলন্ত সুগ্ৰীৱ মহাৰাই ।
কাৰ্ত্তিক নিবৰ্ত্তি গৈল হেন নুযুৱাই ॥১৭
নৈয়ো আসি খোজন্তে আপুনি যেবে যাই ।
তেবেসে মিত্ৰৰ হন্তে কল্যাণক পাই ॥১৮
ৰাম মিত্ৰ ভৈল তিনি ত্ৰৈলোক্যৰ সাৰ ।
যাত হন্তে ভৈলা তুমি দুৰ্গতি উদ্ধাৰ ॥১৯
পটেশ্বৰীগণ পাইলা গুচিল বিপদ ।
যাহাৰ প্ৰসাদে তুমি পাইলা ৰাজপদ ॥২০
হিতবোল শুনাঁ এৰিয়োক ৰাজভোগ ।
সততে পাইবাহা নাৰীগণ উপযোগ ॥২১
সুখে দুখে যাহন্ত বীৰত্ব নুযুৱাই ।
ৰামে খেদি আসিলে ভালৰ চিহ্ন নাই ॥২২
সম্পদ সময়ে হিতাহিতক নজানি ।
ৰাজভোগ এৰিয়া শুনিয়ো হিতবাণী ॥২৩
এহিমতে পাত্ৰগণে হিত বুলিলন্ত ।
কটাক্ষে সুগ্ৰীৱ বীৰে গৰ্ব্বে থাকিলন্ত ॥২৪
গৈল অগ্ৰাহয়ণৰ দিবস কতিপয় ।
অৰুণ নয়নে ৰামে ক্ৰোধিয়া বোলয় ॥২৫
দেখিলা লক্ষ্মণ ভাই বানৰৰ নয় ।
সবে গুণে পিঠি দিয়া এখনো নাসয় ॥২৬
আপুনি সুখতে আছে মোহোৰ বুৰিল ।
নিলাজ বানৰ সব গুণ পাসৰিল ॥২৭
মিত্ৰ খুজি পাইলোঁহো বনৰ পশুজন ।
জলে ৰেখা দিলে যেন গুছে তেতিক্ষণ ॥২৮
কিষ্কিন্ধাক লখাই তুমি কৰিয়ো পয়াণ ।
সহজে লটক বানৰক ধৰি আন ॥২৯
পণ্ডিত জনক যেন ভাণ্ডি গৈল বোৱে ।
বটালী নকাধে যেন বিনা হাঠুৰিয়ে ॥৩০
ৰামৰ বচন শুনি লক্ষ্মণৰ খঙ্গ ।
মাৰোঁ বানৰক আজি ক্ষুদ্ৰসে পতঙ্গ ॥৩১
তোমাক ভাণ্ডিল দাদা হেৰ আসো বুলি ।
কিষ্কিন্ধা নগৰী পাইয়া কৰয় ধুন্ধুলী ॥৩২
বালীক মাৰিলা তুমি সিটো ভুঞ্জে ৰাজ ।
তুমি ঘোৰ বনে সিটো ধৌলিৱৰ মাজ ॥৩৩
ধান্যক পীড়িয়া বিনাই বনে থাকে জৰি ।
গৃহস্থৰ গলে কণ্ঠা লাৰি কত পৰি ॥৩৪
স্বৰূপ বোলোঁহো নোবোলোঁহো মিছাবাজি ।
বানৰ কুলৰ যম হুইয়া যাওঁ আজি ॥৩৫
শৰে হানি পেলাইবোঁহো সুগ্ৰীৱক চেদি ।
বানৰ ৰুধিৰে বহাইবোঁহো ঘোৰ নদী ॥৩৬
শ্ৰীৰামে বোলন্ত লখাই শুন ৰাজনয় ।
গম্ভীৰ চৰিত্ৰে কায বেণ্টু নগনয় ॥৩৭
সৰসে টনকে যেবে নাসে মোৰ পাশ ।
নিষ্ঠুৰ বচনে লগাইবাহা গৰ্ভত্ৰাস ॥৩৮
যিটো শৰে বালীৰাই গৈলা যমপুৰ ।
বুলিবা সম্প্ৰতি তূণে আছে সেহি শৰ ॥৩৯
একে শৰে শ্ৰেষ্ঠ ভাই মৰিল তোহাৰি ।
তুমি পুনু মৰিবাহা পুত্ৰ পৰিবাৰি ॥৪০
- ১৯ অধ্যায়
- দুলৰি ।
ৰামক প্ৰণামি, লক্ষ্মণ কুমাৰ,
- চলিলা অন্তেষপুৰ ।
চৰণ প্ৰহাৰে, পৃথিবী কাম্পায়,
- মেদিনী মেলয় চিৰ ॥১
সক্ৰোধ নয়নে, সত্বৰ গমনে,
- অন্তেষপুৰক পাইলা ।
হাতে বৃক্ষ শিলা, পৰ্ব্বত ধৰিয়া,
- প্ৰচণ্ড বানৰে ধাইলা ॥২
নগৰীৰ মাজে, দাৰি দূৰি লাগি,
- বানৰৰ হূলস্থূলি ।
পাত্ৰ মেলেকক, অঙ্গদে পঠাইল,
- ৰাজাত জনাওঁ বুলি ॥৩
তাৰা দেৱী সঙ্গে, আছে মন ৰঙ্গে,
- ৰাজাক লাগ নপাইল ।
নগৰী ৰাখিবে, লাগি হনুমন্তে,
- অনেক সৈন্য চলাইল ॥৪
একোহো বানৰ, পয়ানে চলিল,
- হস্তীৰ যেন প্ৰমাণ ।
কতোহো শতেক, কতো সহস্ৰেক,
- বানৰে কৰে পয়ান ॥৫
হাতে বৃক্ষ শিলা, উপাৰি ধৰিলা,
- কোটি অসংখ্যাত ধাইল ।
লক্ষ্মণ বীৰৰ, মূৰ্ত্তিক দেখিয়া,
- বানৰ ভাগি পলাইল ॥৬
কতো ভয় হন্তে, থমকি থাকিল,
- কেহো বোলে লওঁ প্ৰাণ ।
কেহো বোলে আক, দিওঁ বৃক্ষ জাক,
- পৰ্ব্বত শিখৰ মান ॥৭
ধনুত টঙ্কাৰ, কৰিয়া লক্ষ্মণে,
- বানৰ বল ডাকিল ।
সিংহ দৰশনে, মৃগ হুয়া যেন,
- বানৰ বল ভাগিল ॥৮
পাত্ৰ মন্ত্ৰীগণে, ইঙ্গিতে জানিয়া,
- ৰাজাত গৈয়া জনাইল ।
আনো কেহো নহে, খৰতৰ বেগে,
- লক্ষ্মণ বীৰেসে আইল ॥৯
হনয়ো বোলন্ত, তৈসানি বুলিলো,
- আপুনি চলি যাইয়োক ।
সদ বুদ্ধি মানে, আশু নফলিল,
- তাহাৰ ফল পাইয়োক ॥১০
সুগ্ৰীৱে বোলন্ত, শুন হনুমন্ত,
- শুনা সবে কপিগণ ।
ইন্দ্ৰকো জিনিবে, সামৰ্থ আছয়,
- আছোক ৰাম লক্ষ্মণ ॥১১
সাতো পৃথিবীৰ, ভালকু বানৰ,
- যোগাৱে মানিক গন্ধ ।
আগক চাহন্তে, গুনন্তে গাঠন্তে,
- পাছক চাহন্তে আন্ধ ॥১২
আছোক পৃথিবী, সপত সাগৰ,
- বাসুকি ছানিবে পাৰি ।
কিন্তু মিত্ৰ ভাৱ, কমনে বঞ্চিবো,
- ৰাম বৰ উপকাৰী ॥১৩
অমাৰ ওপৰে, লক্ষ্মণ আসিলা,
- কাৰ্য্যৰ শঙ্কট পুছু ।
মোক সদবুদ্ধি, দিয়ো হনুমন্ত,
- আগ বাঢ়ো পাচ গুছো ॥১৪
কৰ যোৰ কৰি, বচন বোলন্ত,
- বায়ু সুত হনুমান ।
স্বৰূপ বুলিলা, তোমাৰ সদৃশ,
- বলৱন্ত নাহি আন ॥১৫
ৰাঘৱৰ শৰে, সাত তাল ভেদি,
- পশিল গৈয়া পাতাল ।
পৰ্ব্বত ভেদিয়া, তূণত পশিল,
- সিটো আছে যমকাল ॥১৬
হেন ৰাম তযু, সখীত্ব ভৈলন্ত,
- কতবা জন্মৰ ফলে ।
বালীক মাৰিয়া, পটেশ্বৰী সম্পিলা,
- ৰাজ্য ভুঞ্জা অবিকলে ॥১৭
যাহাৰ প্ৰসাদে, পাইলা ৰাজশ্ৰীক,
- তাহাঙ্ক দিয়া পোথান ।
বানৰৰ লোকে, অচেতন ভৈলাহা,
- চক্ষু আচন্তেহি কাণ ॥১৮
লাজত বিমুখ, নুহিয়া নৃপতি,
- মোৰ বাক্য মন কৰা ।
ৰামৰ চৰণে, লক্ষ্মণে খঙ্গিল,
- তানে চৰণত ধৰা ॥১৯
বিনয় কাকুতি, বুলি আগ বাঢ়ি,
- লক্ষ্মণে লৈয়ো শৰণ ।
তেহে ৰাখিলন্তে, জানিবা শিলাত,
- হানিলে নাহি মৰণ ॥২০
ধনুৰ টঙ্কাৰ, কৰিয়া লক্ষ্মণে,
- বানৰ সৈন্য ভঙ্গাইল ।
মাণিকে মণ্ডিত, নগৰী যাহন্তে,
- সিংহ দুৱাৰক পাইল ॥২১
সপত বেৱন্ধা, এৰাই অনন্তৰে,
- অভ্যান্তৰে পয়োসাৰ ।
মহাদই গণ, দেখিলা লক্ষ্মণ,
- অলঙ্কাৰে জাতিষ্কাৰ ॥২২
ৰত্নে বিৰচিত, জ্বলে থান থান,
- হাসো হাসো যেন কৰে ।
পটেশ্বৰী সম- ন্বিতে সুগ্ৰীৱ,
- দেখিলা খাট উপৰে ॥২৩
লক্ষ্মণ বীৰক, দেখিয়া সুগ্ৰীৱ,
- ত্বৰিতে চাহিলা গাৱ ।
সষ্টাঙ্গে প্ৰণাম, কৰি তিন জনে,
- ভৈলা অৱনত ভাৱ ॥২৪
ডাহিন পাঞ্জৰে, লোমা পটেশ্বৰী,
- যেহেন ৰূপে পাৰ্ব্বতী ।
বামে সুন্দৰী, তাৰা বসি আছে,
- একো অঙ্গে নাহি ক্ষতি ॥২৫
লক্ষ্মণ বীৰক, দেখি সেহি ঠাৱে,
- ভৈগৈল মলিন চান্দ ।
ৰাহুক দেখিয়া, যেহেন মলিন,
- ভৈল পূৰ্ণিমাৰ চান্দ ॥২৬
পাদ্য অৰ্ঘ আচ- মন দিলা ৰাজা,
- আৰু মধুপৰ্ক দান ।
সুৱৰ্ণৰ ঘাট, মাথে নিয়া দিল,
- কৰি অতি বহুমান ॥২৭
ৰামৰ কনিষ্ঠে, বোলন্ত দূতৰ,
- নুহি হেন ব্যবহাৰ ।
দাদা বুলিবাৰ, কাৰ্য্য নসাধিলে,
- নলৈবোহো সতকাৰ ॥২৮
হাওঁৰে বানৰা, মিত্ৰক বিঞ্চিলি,
- অজ্ঞান গাধৱ পশু ।
ভৃত্য হুয়া তেল, কূঢ বোলৱস,
- গৃহস্থৰ গাৱে খসু ॥২৯
সিংহ হৰিণক, মাৰিল শৃগাল,
- পশুৰ বৰ উঠানি ।
ঈশ্বৰ পিয়াসে, মৰয় ইতৰে,
- ভুঞ্জয় ডাবৰ পানী ॥৩০
ৰামৰ কাৰ্য্যক, হেলা কৰি তই,
- মোক কৰ সতকাৰ ।
দুষ্টৰ বিনয়, যতেক বোলস,
- মোত নিবিকাস আৰ ॥৩১
পৰ্ব্বতক পিঠি, দিলি মূঢ় তই,
- শুনৰে নিলাজ চাৰ ।
শৰে হানি তোৰ, প্ৰাণ কাঢ়ি লইবো,
- ত্ৰৈলোক্যে নাহি নিস্তাৰ ॥৩২
হেনয় জানিবি, হিতক চিনিলি,
- পাচে উপকাৰ কৰে ।
কুলীন পৰাণি, ভৈলে ভালে তাৰ,
- মনে সদবুধি ধৰে ॥৩৩
দাদাৰ আসয়, শুনৰে বানৰা,
- চেতন লভ মনত ।
যিটো শৰে হানি, বালীক মাৰিল,
- অদ্যাপি আছে তূণত ॥৩৪
দাদা বুলিলন্ত, দুষ্ট বানৰত,
- মোহোৰ আদেশ কহ ।
নতো সঙ্কোচ, প্ৰকটে আছয়,
- বালী মাৰিবাৰ পহ ॥৩৫
সুগ্ৰীৱে আপনে, বন্ধুগণ সমে,
- চলি যাহা বালী পথে ।
তোৰ ধিতিঙ্গালি, মোত নিবিকাৱে,
- ফল দিবো ভাল মতে ॥৩৬
এতিক্ষণ দাদা, তৈত আছন্তোক,
- মই পুনু তাহান দূত ।
অন্তৰ মলিন, শৰীৰ তোহোৰ,
- কৰিবোহো চূৰ্ণীকৃত ॥৩৭
বানৰ গোটৰ, এতমান সাস্,
- মাৰোঁ পাঞ্জৰক ফুলি ।
লক্ষ্মণ বীৰৰ, তেবেসে পলাই,
- হৃদয়ৰ গুলগুলি ॥৩৮
হেৰ আসো বুলি, আমাক ভাণ্ডিল,
- চাৰি মাস গৈল বহি ।
ভই ইঠাৱত, ৰাজ ভোগাৱস,
- দাদাৰ নিকাৰ তহি ॥৩৯
হাওঁৰে বানৰা, মুণ্ডি তুলি চাহা,
- দেখবে দাৰুণ শৰ ।
এহি শৰে হানি, প্ৰাণ তোৰ লৈবো,
- পঠাই দিবো যমঘৰ ॥৪০
এতেক কহন্তে, সুগ্ৰীৱ ৰাজাৰ,
- বুক দুৰ দুৰ কৰে ।
কটাক্ষ নয়নে, সঙ্কুচিত মনে,
- জোনু হানি এৰে শৰে ॥৪১
সিংহ দৰশনে, মৃগ যুথ যেনে,
- শৰীৰ বৰে কম্পাৱে ।
সম্পুট অঞ্জলি, কৰি তিনি জনে,
- নমিলা লক্ষ্মণ পাৱে ॥৪২
দুই পটেশ্বৰী, সহিতে নৃপতি,
- যোৰ হাতে ভৈল থিৱ ।
মিনতি বচন, বুলিবে লাগিলা,
- তাৰা সুষেণৰ জীৱ ॥৪৩
শুনিয়ো লক্ষ্মণ, দশৰথ সুত,
- ৰামৰ কনিষ্ঠ ভাই ।
অসোধনে কেনে, স্বামীক নিন্দাহা,
- আমাৰ কৰ্ম্মক পাই ॥৪৪
আতিশয় তুমি, কোপ নকৰিবা,
- নকৰিবা আতি খেদ ।
বিষ বৃক্ষ যদি, আপুনি ৰোৱয়,
- তাক নকৰিয়ো ছেদ ॥৪৫
তোমাৰ ক্ৰোধত, ইয়ো স্বামী মৰিব,
- তেবে কোন যশ পাইব ।
বিড়ালীৰ যদি, দোষক ধৰিয়া,
- নিতেহি হাণ্ডি পেলাইব ॥৪৬
অনেক আমাৰ, বচন আছয়,
- চৰণে প্ৰভু তোমাৰ ।
সুগ্ৰীৱে আমাৰ, ক্ৰূৰ নোহন্ত,
- সন্ত মহন্তৰ সাৰ ॥৪৭
গুণীগণ মাজে, যাহাক লেখিবা,
- খড়ি মাটি ধৰি আগে ।
হেনয় স্বামীক, নিন্দন্তে আছাহা,
- আমাৰ বৰ অভাগে ॥৪৮
স্বপনে গিয়ানে, ৰামে মাত্ৰ গতি,
- দেৱ নজানন্ত আন ।
কেন মতে ৰামে, সীতাক পাইবন্ত,
- হেনসে যোগ ধিয়ান ॥৪৯
দশোদিশ লাগি, দূতক পাঞ্চিল,
- ভালুক বানৰ আনি ।
ৰামৰ পাশক, যাহা চপকৰে,
- কালৰ প্ৰমাণ জানি ॥৫০
শুনাঁ সভাসদ, ৰামায়ণ পদ,
- দেখিয়ো কেনে আসুখ ।
ঈশ্বৰ ৰামক, সখিত্ব কৰিয়া,
- তথাপিতো পাৱে দুখ ॥৫১
সকামী প্ৰাণীৰ, দুঃখ নুগুছয়,
- আক ভাল মতে জানি ।
সকাম ত্যজিয়া, ৰামক ভজিয়া,
- বোলাঁ ৰাম ৰাম বাণী ॥৫২