লক্ষণো বনলৈ ওলায়
ৰামায়ণ বৃত্তান্ত |
---|
|
- ১৩ অধ্যায়
লক্ষ্মণো বনলৈ যাবলৈ ওলায়
ৰাঘৱে বোলন্ত লক্ষ্মণৰ হাতে ধৰি ।
পালটা উমল বাপু গ্ৰহ পৰিহৰি ॥১
দুখী দুই মাৱ মোৰ বৰ শোক পাইব ।
কৈকেয়ীত মান সাৰি লঘনক পাইব ॥২
শুনিয়া লক্ষ্মণে পাচে বুলিলন্ত বাণী ।
লক্ষক পুষিতে পাবে কৌশল্যা গোঁসানী ॥৩
ধন জন সমন্বিতে গ্ৰাম দশ শত ।
তোমাত গৌৰবে তাঙ্ক পালিব ভৰত ॥৪
তুলত যাইবাক মোক নিৰোধাহা কিক ।
কিনো মন্দ চিন্তিলোঁ মোহোৰ আছোঁ ধিক ॥৫
প্ৰাণ মোৰ দহে আতি এতমান স্নেহ ।
হৃদয়ত খাণ্ডা হানি তেজিবোঁহো দেহ ॥৬
যেন অভিমত কৰ ভৈয়াই লক্ষ্মণ ।
শুযজ্ঞ দ্বিজক গৈয়া আন এতিক্ষণ ॥৭
বশিষ্ঠৰ পুত্ৰ তেহোঁ ৰাঘৱৰ মিত্ৰ ।
তেখনে লক্ষ্মণে আনি কৰিলা উপস্থিত ॥৮
সুযজ্ঞক ৰামদেৱে অৰ্চ্চনা কৰিলা ।
আপোনাৰ অলঙ্কাৰ তাঙ্ক দান দিলা ॥৯
ৰাঘৱক দেখিয়া সীতাৰ অভিমত ।
মিতিনীক আনি দিলা অলঙ্কাৰ যত ॥১০
শয়ন কমলি আৰু সিংহাসন খাট ।
ৰত্নৰ বাহুতি দিলা চতুৰ্ষষ্টি পাট ॥১১
পাট পট কুণ্ডল কঙ্কণ মণিহাৰ ।
নূপুৰ পাগুৰি দিলা নানা অলঙ্কাৰ ॥১২
কৌশল্যা সুমিত্ৰা আদি মাৱগণ যত ।
ব্ৰাহ্মণ প্ৰমুখ্যে আনো যত অনুগত ॥১৩
বন্ধুজন নট ভাট দাস দাসী জন ।
মনোৰথ পূৰি ৰামে বিলাইলন্ত ধন ॥১৪
পাচে বৃদ্ধ ব্ৰাহ্মণে ৰামক পাইলে ভেট ।
আমি পাঞ্চ বৰিষে ৰাজাত কৰি জ্যেষ্ঠ ॥১৫
শিশু সুত মোহোৰ বিস্তৰ পৰিজন ।
পুষিতে নপাৰি মোক কিছু দিয়া ধন ॥১৬
ৰাঘৱে বোলন্ত ধন আগে দিয়া গৈল ।
সহস্ৰেক চৰু তাৰ অৱশেষ ৰৈল ॥১৭
ৰাখিতে পাৰিবা যত আপুনি লৈয়োক ।
বিলম্ব নকৰি ঝাণ্টে লৈয়ো ধৰিয়োক ॥১৮
শুকাই গৈল চৰ্ম্মসম পাঞ্জি হেন কেশ ।
দৃঢ় কৰি গাঠি বান্ধি আগত প্ৰবেশ ॥১৯
হাতে চাৰু ধৰি চলিলাহা দ্বিজবৰ ।
পাৱ থিৰ নোহয় কাম্পয় কলেবৰ ॥২০
বাহুৰিয়ো গোঁসাই বুলি ৰামে দিলা ৰাৱ ।
পৰিহাস বুলিলোঁ লখিলোঁ কুট ভাৱ ॥২১
গোৰক্ষে সহিতে গোসকল নিয়োক ।
আৰো যত ধন লাগে মোত মাগিয়োক ॥২২
যজ্ঞ কৰিবোঁহো বুলি মাগি লৈয়া ধন ।
ৰামক আশীষ কৰি চলিলা ব্ৰাহ্মণ ॥২৩
যত ধন দিয়া ৰামে কৰিলন্ত শেষ ।
অস্ত্ৰ আন লক্ষ্মণক কৰিলা আদেশ ॥২৪
বৰুণে পিতৃক দিলা ধনু দুই খান ।
তূণ দুই অক্ষয় সম্পূৰ্ণ যত বাণ ॥২৫
আৰো দিলা অভেদ কৱচ দুইখান ।
বিমল কৱচ দুই ঝাণ্টে গৈয়া আন ॥২৬
দিব্য ধনু মোহোৰ আছয় গুৰু ঘৰে ।
তাহাক আনিয়ো গৈয়া লক্ষ্মণ সত্বৰে ॥২৭
ৰাঘৱৰ আদেশ শিৰত কৰি লৈয়া ।
ত্বৰিতে লক্ষ্মণে ধনু আনিলন্ত গৈয়া ॥২৮
ৰাম সীতা লক্ষ্মণ ধনুক দান কৰি ।
ৰাজাক দেখিতে যান্ত থান পৰিহৰি ॥২৯
ওৱাৰিৰ নাৰী কান্দে সীতা পাৱে পৰি ।
কৈক যাহা মাৱ আমাসাক পৰিহৰি ॥৩০
নকৰিলোঁ পাপ অকালত মৃত্যু নাই ।
অন্তেষ পুৰৰ লক্ষ্মী এৰি কৈক যায় ॥৩১
পূৰুব কালত আছোঁ খণ্ড তপ কৰি ।
তাৰ ফলে সীতা মাৱ যান্ত পৰিহৰি ॥৩২
ধৱলীৱৰত পৰি কান্দে নাৰীজন ।
যেন হিম গিৰিত পৰিল তাৰাগণ ॥৩৩
ৰাজ পথে প্ৰজা যত আদি অন্ত নাই ।
চতুৰ্ভিতি বেঢ়িয়া ক্ৰন্দন কৰি যাই ॥৩৪
নিৰন্তৰে প্ৰজা যত কান্দয় চৌপথে ।
কিনো কৰ্ম্ম কৰিলে নৃপতি দশৰথে ॥৩৫
জানিলোঁহো ইহাঙ্ক আপদে আসি পাইল ।
সি কাৰণে প্ৰিয় পুত্ৰ বনক পঠাইল ॥৩৬
আমি সব ৰামৰ লগতে চলি যাইবোঁ ।
ইহান পাশতে গৈয়া নগৰী বসাইবোঁ ॥৩৭
নিৰন্তৰে লৈয়া যাইবোঁ পুত্ৰ পৰিবাৰ ।
ইতো শূন্য নগৰী কৈকেয়ীৰ হৌক সাৰ ॥৩৮
ৰাজাৰ কুমাৰী তুলিলন্ত বাপে মাৱে ।
প্ৰজাগণে দেখে সীতা যান্ত ভূমি পাৱে ॥৩৯
সুকোমলী সীতা দেৱী ভূমিত চৰণ ।
কিসক নভৈল বিধি আমাৰ মৰণ ॥৪০
নগৰী জনৰ বাক্য শুনি হেন কাণে ।
সিংহদ্বাৰ পাইলন্ত মনত অভিমানে ॥৪১
সুমন্ত্ৰক বোলন্ত জনোৱা মহাৰাজে ।
বাপৰ চৰণ দেখোঁ যাইবো বনমাজে ॥৪২
সংক্ষেপ কৰিয়া কহিলোঁহো ইটো কথা ।
দশৰথ নৃপতিৰ শুনিয়ো ব্যৱস্থা ॥৪৩