ৰাৱণৰ কক্ষত সীতা

ৰামায়ণ বৃত্তান্ত
  1. আদিকাণ্ড - প্ৰথম অধ্যায়
  2. ৰামায়ণ বৃত্তান্ত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২
  3. ৰাক্ষসৰ কথা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯
  4. সূৰ্যবংশৰ বিৱৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০
  5. দশৰথৰ বিবাহ - কৌশল্যা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২
  6. দশৰথৰ বিবাহ - কৈকেয়ী - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২
  7. দশৰথৰ বিবাহ - সুমিত্ৰা আৰু অন্যান্য ৰাণী - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫
  8. শনিৰ দৃষ্টি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭
  9. শনিৰ বৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০
  10. সিন্ধু মুনি বধ আৰু অভিশাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২
  11. দশৰথৰ বৰ : কৈকেয়ীক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৬
  12. অপুত্ৰক দশৰথৰ চিন্তা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭
  13. ঋষ্যশৃঙ্গৰ কাহিনী - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮
  14. ঋষ্যশৃঙ্গৰ উপস্থিতিত যজ্ঞ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২
  15. দশৰথৰ গৃহত নাৰায়ণৰ অংশৰ স্থিত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৪
  16. পায়স ভক্ষণ আৰু সন্তান জন্ম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪০
  17. জনকৰ ঘৰত সীতাৰ জন্ম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৬
  18. গুহক চণ্ডাল - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৭
  19. ৰাক্ষস বধৰ উদ্দেশ্যে ৰাম - লক্ষণৰ আনয়ন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫০
  20. ৰাম - লক্ষণ আৰু বিশ্বামিত্ৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫২
  21. তাৰকা ৰাক্ষসীক বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫৪
  22. মাৰীচ বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫৬
  23. সীতা স্বয়ম্বৰলৈ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫৮
  24. কান্যকুজ্বৰ বিৱৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬৩
  25. উনপঞ্চাশত বায়ুৰ উত্পত্তি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬৪
  26. অহল্যাৰ শাপ - মুক্তি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬৫
  27. ৰামৰ হৰধনু ভঙ্গ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৭০
  28. স্বয়ম্বৰত যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৭৫
  29. দশৰথক আনিবলৈ কটকী প্ৰেৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৮০
  30. চাৰি ভাইৰ বিবাহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৮২
  31. ৰাম - পৰশুৰাম সংঘৰ্ষ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৮৫
  32. অযোধ্যাকাণ্ড - দ্বিতীয় অধ্যায়
  33. ৰামচন্দ্ৰৰ অযোধ্যালৈ আগমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯২
  34. ৰামচন্দ্ৰক যুৱৰাজ পতাৰ প্ৰস্তাৱ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৩
  35. ৰামচন্দ্ৰৰ অভিষেকৰ আয়োজন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৪
  36. মন্থৰাৰ কুমন্ত্ৰণা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৬
  37. কৈকেয়ীয়ে বৰ বিচাৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৭
  38. দশৰথৰ মনত দুখ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯০২
  39. কৈকেয়ীয়ে ৰামক বৰৰ কথা কয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০৪
  40. ৰাম বনলৈ যাবলৈ ওলায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০৪
  41. লক্ষণৰ ক্ৰোধ আৰু ৰামৰ প্ৰবোধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০৬
  42. বনবাসৰ কথা সীতাক জনায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১০
  43. লক্ষণো বনলৈ ওলায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৪
  44. ৰামচন্দ্ৰৰ বিদায় - প্ৰাৰ্থনা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৫
  45. ৰামচন্দ্ৰৰ বাকলি বস্ত্ৰ পৰিধাণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৭
  46. ৰাম - লক্ষণ - সীতাৰ বনবাস গমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৯
  47. ৰামচন্দ্ৰই প্ৰজাক শান্ত্বনা দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২২
  48. ৰামচন্দ্ৰ - গুহক সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২৩
  49. মন্ত্ৰী সুনম্তক বিদায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২৪
  50. ভৰদ্বাজ মুনিৰ আশ্ৰমত প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২৫
  51. দশৰথৰ মৃত্যু -গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩১
  52. ৰাণীসকলৰ বিলাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৩
  53. কৌশল্যাই কৈকেয়ীক ভৰ্ত্সনা কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৪
  54. ভৰতক মতাই আনে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৫
  55. ভৰতৰ খং - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৭
  56. কুঁজীৰ বিলাই - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৯
  57. কৌশল্যা আৰু ভৰতৰ কথা-বতৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪০
  58. দশৰথ ৰজাৰ প্ৰেতকাৰ্য্য - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪১
  59. ৰামক মাতি আনিবলৈ দিহা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৩
  60. ৰামক বিচাৰি ভৰতৰ যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৪
  61. ভৰত-গুহৰ মিলন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৬
  62. গুহকৰ সাহায্য দান - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৯
  63. ভৰদ্বাজ মুনিৰ অতিথি সত্কাৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫০
  64. চিত্ৰকূটত ৰাম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫১
  65. ভৰতে ৰামক লগ পায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৩
  66. দশৰথৰ মৃত্যুৰ বাতৰিত শোক-প্ৰকাশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৩
  67. ৰামৰ পিণ্ড দান - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৫
  68. ঋষি আৰু মাতৃসকলৰ লগত ৰামৰ সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৫
  69. ৰামৰ খৰম লৈ ভৰতৰ প্ৰত্যাগমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৭
  70. সিংহাসনত খৰম স্থাপন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৮
  71. অৰণ্যকাণ্ড - তৃতীয় অধ্যায়
  72. অত্ৰি ঋষিৰ আশ্ৰমত ৰাম সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৯
  73. দণ্ডকাৰণ্যত ৰামৰ প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৪
  74. ৰামচন্দ্ৰ - সীতাৰ কথোপকথন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৭
  75. ৰামৰ আগত মাণ্ডকৰ্ণি মুনিৰ বৃত্তান্ত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৯
  76. অগস্ত্য মুনিৰ আশ্ৰমত প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৯
  77. জটায়ুৰ লগত সাক্ষাত্ আৰু শূৰ্পনখাৰ নাক - কাণ ছেদন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭১
  78. ৰাক্ষসৰ লগত যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭৫
  79. খৰ দুষণ বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭৬
  80. মাৰীচৰ মৃগৰূপ ধাৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৮৭
  81. ৰাৱণৰ তপস্বী বেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৮৭
  82. সীতাৰ আগত ৰাৱণৰ আত্ম পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯১
  83. ৰাৱণৰ গৰ্ব - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৪
  84. ৰাৱণে সীতাক হৰণ কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৫
  85. ৰামক মাৰিবলৈ ৰাক্ষস নিয়োগ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৮
  86. সীতাই ৰাৱণক অভিশাপ দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৯
  87. সীতাই ৰাৱণক ৰ্ভতসনা কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০০
  88. সীতাক বিচাৰি নেপাই ৰামৰ আক্ষেপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০২
  89. জটায়ুৱে সীতাৰ বাতৰি দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৩
  90. কৱদ্ধৰ লগত সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৫
  91. চম্পা সৰোবৰত ৰাম-লক্ষণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৬
  92. কিষ্কিন্ধ্যাকাণ্ড - চতুৰ্থ অধ্যায়
  93. ৰামৰ লগত সুগ্ৰীৱৰ মিত্ৰতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৯
  94. ৰামৰ আগত সীতাৰ অলঙ্কাৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১০
  95. বালী বধৰ আয়োজন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১০
  96. বালী - সুগ্ৰীৱৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১৪
  97. ৰামে বালীক বধ কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১৮
  98. বালীয়ে ৰামক তিৰস্কাৰ কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২১
  99. বালীৰ ভাৰ্য্যা তাৰাৰ বিলাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৩
  100. তাৰাৰ অভিশাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৪
  101. সুগ্ৰীৱৰ অভিষেক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৭
  102. সুগ্ৰীৱৰ প্ৰতি ৰামৰ সন্দেহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৮
  103. সুগ্ৰীৱৰ সৈন্য সংগ্ৰহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩২
  104. সসৈন্যে সুগ্ৰীৱ উপস্থিত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৩
  105. বালীপুত্ৰ অঙ্গদৰ দ্ধাৰা ৰাক্ষস বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৬
  106. বানৰ সৈন্যৰ স্বয়ংপ্ৰভা সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৭
  107. বানৰ সৈন্যৰ সমাবেশ : সাগৰ দৰ্শন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৮
  108. জটায়ুৰ মৃত্যুত সম্পাতিৰ শোক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪১
  109. সুপাৰ্শ্বই ৰাৱণ আৰু সীতাক দেখে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৩
  110. সুন্দৰাকাণ্ড - পঞ্চম অধ্যায়
  111. সাগৰৰ পাৰত বানৰ সৈন্যৰ মন্ত্ৰণা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৬
  112. হনুমন্তৰ পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৭
  113. হনুমন্তৰ লঙ্কা যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৯
  114. লঙ্কাৰ বিৱৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫১
  115. হনুমন্তই সীতাক বিচাৰি পায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৬
  116. ৰাৱণৰ কক্ষত সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৫৮
  117. সীতা আৰু হনুমন্তৰ কথোপকথন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৬৩
  118. হনুমন্ত আৰু ৰাক্ষসৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৬৯
  119. হনুমন্ত আৰু জম্বুমালীৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭০
  120. হনুমন্ত আৰু বিৰুপাক্ষৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭১
  121. হনুমন্ত আৰু অক্ষকুমাৰৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭২
  122. ইন্দ্ৰজিত আৰু হনুমন্তৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭৩
  123. হনুমন্তৰ নেজত জুই আৰু লঙ্কা দাহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭৭
  124. হনুমন্তৰ প্ৰত্যাগমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮০
  125. বানৰ সৈন্যই মধুফল খায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৪
  126. হনুমন্তই ৰামক সীতাৰ বাতৰি দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৫
  127. ৰাম-লক্ষণৰ লঙ্কা যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৭
  128. ৰাৱণক বিভীষণৰ সজ উপদেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৯
  129. ৰাৱণৰ কুমন্ত্ৰণা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৯০
  130. বিভীষণক ৰাৱণৰ পদাঘাত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৯২
  131. লঙ্কাকাণ্ড - ষষ্ঠ অধ্যায়
  132. ৰামৰ সৈন্যবল সম্পৰ্কে জানিবলৈ ৰাৱণৰ আগ্ৰহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৯৮
  133. ৰাৱণৰ ছলনা আৰু সীতাৰ বেজাৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩০৩
  134. ৰাৱণক সজউপদেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩০৬
  135. সুবেল পৰ্বতত ৰাম-লক্ষণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩০৮
  136. ৰাম-লক্ষণৰ নাগপাশ মোচন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩১২
  137. ধুম্ৰাক্ষৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬২১
  138. সেনাপতি ব্ৰজদ্ৰংষ্ট - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৩
  139. প্ৰহস্তৰ যুদ্ধযাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৫
  140. অনেক ৰাক্ষসৰ যুদ্ধ আৰু পতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৭
  141. ৰাৱণৰ যুদ্ধ যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৮
  142. লক্ষণৰ হাতত ৰাৱণৰ পৰাজয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৯
  143. কুম্ভকৰ্ণৰ যুদ্ধ - যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৩৫
  144. কুম্ভকৰ্ণৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৩৮
  145. ৰাম-লক্ষণৰ হাতত কুম্ভকৰ্ণৰ পতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৪৩
  146. অতিকায় ৰাক্ষসৰ যুদ্ধ আৰু পতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৪৬
  147. ইন্দ্ৰজিতৰ যুদ্ধ : ৰাম-লক্ষণ অচেতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫১
  148. হনুমন্তই ঔষধ আনি জীৱন দান দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৩
  149. বানৰ সৈন্যৰ আক্ৰমণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৪
  150. কুম্ভ নিকুম্ভৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৬
  151. ইন্দ্ৰজিতৰ পুনৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৯
  152. ৰামক বিভীষণৰ প্ৰবোধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৬২
  153. ইন্দ্ৰজিত বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৬৫
  154. ৰাৱণৰ ক্ৰোধ আৰু সীতাক হত্যা কৰিবলৈ উদ্যত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৭৩
  155. লক্ষণৰ শক্তিশেল - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৭৯
  156. হনুমন্তৰ গন্ধমাদন আনয়ন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৮৫
  157. গন্ধমাদন পুনৰ থৈ আহে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৮৮
  158. ৰাম ৰাৱণৰ যুদ্ধ : ৰাৱণ বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৯০
  159. ৰামৰ আগত সীতাৰ উপস্থিতি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৯৯
  160. সীতাৰ অগ্নি পৰীক্ষা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪০২
  161. ৰামৰ অযোধ্যালৈ যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪০৭
  162. অযোধ্যাত ৰামৰ প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪১০
  163. ৰামচন্দ্ৰৰ ৰাজ্যাভিষেক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪১৬
  164. হনুমন্ত প্ৰভৃতিৰ অযোধ্যা ত্যাগ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪১৭
  165. উত্তৰা কাণ্ড - সপ্তম অধ্যায়
  166. সীতাৰ বনবাস - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২০
  167. বাল্মীকিৰ আশ্ৰমত লৱ-কুশৰ জন্ম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২১
  168. ৰামৰ অশ্বমেধ যজ্ঞ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২২
  169. লৱ-কুশৰ ৰামায়ণ কথন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২৭
  170. হনুমন্তৰ জন্ম পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৩৩
  171. লৱ-কুশৰ পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৩৬
  172. সীতাক আনিবলৈ হনুমন্তক প্ৰেৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৩৭
  173. ৰামৰ ৰাজসভাত সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪১
  174. সীতাৰ বেজাৰ আৰু পাতাল প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪২
  175. পৃথিৱীৰ প্ৰতি ৰামৰ ক্ৰোধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪৬
  176. পাতালত সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪৭
  177. ভৰতৰ পুত্ৰক ৰাজ্য দান - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪৮
  178. ৰামৰ লক্ষণ বৰ্জন - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৫২
  179. লক্ষণক বিচাৰি ৰামৰ বন যাত্ৰা - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৫৮
  180. ৰামচন্দ্ৰৰ স্বৰ্গযাত্ৰা - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৬৪


১৫ অধ্যায়


ৰাৱণৰ কক্ষত সীতা ।
দুলৰি ।

কতো দূৰ হন্তে,       ৰাৱণে মাতই,

সীতাৰ মুখানি চাই ।

লাজ পৰিহৰি,       ত্ৰৈলোক্য সুন্দৰী,

এথানে পুৰুষ নাই ॥১

তোৰ ৰূপ দেখি,       ব্যামোহ ভৈলোহোঁ,

থিৰ নোহে মোৰ গাৱ ।

এতো কি তোমাৰ,       খণ্ডিয়া নগৈল,

হৰিবাৰ ভঙ্গ ভাৱ ॥২

মুখ তুলি মাত,       সৰস বদনী,

দেখোঁ মই চন্দ্ৰোদয় ।

অন্তৰ্গত মোৰ,       ত্বৰিতে খণ্ডোক,

দাৰুণ এ তমোময় ॥৩

তোমাৰ ৰূপক,       কোনে বৰ্ণাইবেক,

সকল গুণ সম্পন্নী ।

তিনিয়ো ভুবনে,       আমি নৈয়ো দেখোঁ,

তোৰ ঠান বিতোপনী ॥৪

তুমিযে সুন্দৰী,       ভূমিত আছাহা,

মন্দোদৰী ৰত্ন শয্যাত ।

তথাপি তোমাৰ,       সদৃশ নোহয়,

দেৱগৰ্ভে তুমি জাত ॥৫

তোৰ অঙ্গ ভাগে,       শোভা কৰৈ আতি,

বিনা সব অলঙ্কাৰে ।

দেৱ যোগ্য যেবে,       মণ্ডিত হোৱয়,

কেনে সহে কাম ধাৰে ॥৬

বনবাসী জটী,       তপসিক এৰি,

সীতা দেৱী মোক ভজাঁ ।

তোমাৰ বাপযে,       জনক পাতিবোঁ,

পৃথিবী মণ্ডলে ৰাজা ॥৭

তেহোঁ সে আমাৰ,       শ্বশুৰ ভৈলন্তে,

দেখিবা কেন মহত ।

পৃথিবীৰ ৰাজা,       সকলে খাটোক,

জনকৰ চৰণত ॥৮

ৰাৱণক লাজে,       ভয়ে পিঠি দিয়া,

সীতায়ে দিলা উত্তৰ ।

ব্ৰহ্মাৰ নন্দন,       পুলস্তিৰ নাতি,

তুমি ৰাজা লঙ্কেশ্বৰ ॥৯

চৌধয় শাস্ত্ৰত,       আপুনি পাৰ্গত,

বুজিয় ধৰ্ম্ম অধৰ্ম্ম ।

অযোগ্য বচনে,       শান্তী যে কন্যাৰ,

কিসক জনিয় মৰ্ম্ম ॥১০

কুনয় এৰিয়া,       ৰাজা লঙ্কেশ্বৰ,

ধৰ্ম্মক ধৰাঁ মনত ।

মোক নিয়া তুমি,       ঝাণ্ট কৰি দিয়া,

ৰাঘৱৰ চৰনত ॥১১

প্ৰভুত ভকতি,       লীলায়ে সাধিয়া,

নিৰ্ভয় কৰাইবোঁ তোক ।

ৰামৰ প্ৰসাদে,       চিৰকাল ভুঞ্জ,

অকণ্টক তিনি লোক ॥১২

নুহি পৰদাৰা,       হৰিবাৰ ফল,

অবিলম্বে তই পাইবে ।

প্ৰভুৰ সুবৰ্ণ,       পুঙ্খীয়া শৰত,

সবান্ধবে মৰি যাইবে ॥১৩

সপুত্ৰ বান্ধৱে,       ছন হৈব তোৰ,

পিণ্ডকো নথৈব সঞ্চ ।

এভো চক্ষু নখা,       পাপিষ্ঠ ৰাৱণা,

মোহোৰ স্বামী নবঞ্চ ॥১৪

মোক কাম ভাৱে,       চাহন্তে ৰাৱণা,

চক্ষুয়ো বাজ নভৈল ।

ৰামৰ ভাৰ্য্যাক,       লাঘৱ বোলন্তে,

জিহ্বায়ো খসি নগৈল ॥১৫

আমাৰ প্ৰভুকি,       ঠাৱত নাহিকা,

তোহোৰ ভাগ্যক পাই ।

শপি ভগ্ন তোক,       আজি নকৰাওঁ,

ধৰ্ম্মৰ পথক চাই ॥১৬

সীতাক চাহিয়া,       ৰাৱণ বোলয়,

হাওঁৰে দুখুনী ছাৰী ।

নিৰ্ভয় স্বৰূপে,       মাতন্তে আছহ,

জানস স্ত্ৰীক নমাৰি ॥১৭

মোৰ মুখ চাই,       উনৰ কৰস,

হাওঁৰে দুৰ্জ্জনী জনী ।

আগম পুৰাণ,       মোক বুজাৱস,

কোন যে সাধ্বী ৰমণী ॥১৮

স্বৰ্গ মণ্ডলক,       পৃথিবী জিনিয়া,

পাতাল কৰিলো বশ ।

ত্ৰিদশ আসিয়া,       মোক সেৱা কৰে,

তপসিৰ গুণ কস ॥১৯

এতিখনে তোৰ,       স্বামী দেৱৰক,

মাৰি পেশোঁ একেশ্বৰে ।

ৰাজ্য হৰুৱাই,       বিপাঙ্গে পৰিয়া,

জীয়োক বন গোচৰে ॥২০

সীতায়ে বোলন্ত,       দুৰ্জ্জন ৰাৱণা,

নমাত গৰ্ব্ব বিস্তাৰ ।

শান্তী কন্যা হৰি,       আনিবাৰ ফলে,

দুখ পাইবি বহুতৰ ॥২১

প্ৰভুৰ আগত,       তই থিৰ হুইবে,

ভালে জানোঁ তোৰ গহ ।

মোহোৰ আগত,       ঢঙ্কুৱা নফাৰ,

আনত ভাবনা কহ ॥২২

স্বামী দেৱৰক,       পৰোক্ষত মূঢ়া,

মুনিসাই পৰিহৰি ।

লাজ বৈলখক,       ধোবাক দিলেহে,

আনিলেক চুৰি কৰি ॥২৩

ৰাঘৱ স্বামীৰ,       আমি ধৰ্ম্মপত্নি,

জ্বলস মোহোৰ শোক ।

স্বামীৰ ইঙ্গিত,       পাইলে এতিখণে,

শপি ভষ্ম কৰোঁ তোক ॥২৪

নিৰ্ভয় নাৰীৰ,       আগত ৰাৱণা,

মেলস আটাই টাই ।

নিলাজ ভৈলেসে,       বৰ সুখে জীৱে,

কৈতো ভাত কঠা নাই ॥২৫

নাক কাটিবাৰ,       গুণেক আছই,

সুখে বহে খৰবাহা ।

তোহোৰ বীৰত্ব,       বাম পাৱে মলছো,

হাণ্ডি বান্ধি মৰিবে যাহাঁ ॥২৬

জয় জয় ৰঘু-       বংশ শিৰোমণি,

ৰামচন্দ্ৰ কৃপাসিন্ধু ।

তোমাৰ চৰণ,       পঙ্কজৰ মাগো,

কৃপা মকৰন্দ বিন্দু ॥২৭

তযু নাম মোৰ,       মুখে নছাৰোক,

চৰণ নেৰোক মনে ।

তেজি আন কাম,       বোলাঁ ৰাম ৰাম,

যত সামাজিক জনে ॥২৮


১৬ অধ্যায়


পদ ।

সীতাৰ শুনিয়া হেন নৈৰাশ বচন ।

ক্ৰোধে দশগ্ৰীৱ ভৈলা ৰকত নয়ন ॥১

উৰু দুই কম্পাৱয় পিশে হাতে হাত ।

কটাক্ষে ক্ৰোধিয়া আঞ্চোৰয় দশ মাথ ॥২

গঞ্জ কৰি বোলয় ৰাখোক আসি ৰাম ।

আজি খণ্ডাইবোঁ তোৰ সীতা শান্তী নাম ॥৩

বলে ধৰোঁ পাপিষ্ঠীক পৃথ্বী হুইবা সাখি ।

মোক স্বামী নবৰে ফুটিল দুই আসি ॥৪

গৌৰৱ প্ৰাণীসে উচিতত লৱে ঠাৱ ।

হটিলেসে নীচ জন হোৱে শুদ্ধ ভাৱ ॥৫

গঞ্জ কৰি যাইল লঙ্কানাথ নিশাচৰ ।

দেখি ক্ৰোধ জ্বলি গৈল বায়ুৰ পুত্ৰৰ ॥৬

মনে মনে গৰ্জ্জন্ত নসসে তান বুক ।

পাপিষ্ঠ ৰাক্ষসে আজি গোঁসানীক ছোক ॥৭

মনে মনে বোলন্ত থাকিবি লাৰি কৈক ।

হোওঁ বায়ু পুত্ৰ আজি দিবোঁ তোক সেক ॥৮

পাৱত পাৱক দিয়া আজুৰিবোঁ ভিৰি ।

আৰৱ পাৱত ধৰি পেলাইবোহোঁ চিৰি ॥৯

লাঠি মাৰি ভাঙ্গি এৰো দশ মাথা খুলি ।

নুহি আজি মাৰি এৰো পাঞ্জৰক ঘুলি ॥১০

ৰাঘৱৰ বৈৰ আজি নিদলি পেলাওঁ ।

লাঞ্জে বান্ধি সাগৰত ভুবুৰি পকাওঁ ॥১১

গঞ্জ কৰি চলয় লঙ্কাৰ মহাৰাজ ।

মন্দোদৰী বোলয় আসজ ভৈল কায ॥১২

পূৰ্ব্বকালে শপি আছে নল যে কুবেৰে ।

স্ত্ৰীবলে ধৰিলে মোহোৰ স্বামী মৰে ॥১৩

আগ বাঢ়ি মন্দোদৰী কৰিল প্ৰবোধ ।

স্ত্ৰী সকলত প্ৰভু নুযুৱাই ক্ৰোধ ॥১৪

তোমাৰ ক্ৰোধক নসহন্ত দেৱগণে ।

পুৰণি কাহিনী প্ৰভু নপৰয় মনে ॥১৫

আগ বাঢ়ি মন্দোদৰী বুলিলেক বাণী ।

হস্তীক অঙ্কুশে যেন পলটাই টানি ॥১৬

ৰাৱণে বোলয় শুনাঁ ৰাক্ষসিনীলোক ।

যেন তেন মতে সীতা বৰাই দিয়া মোক ॥১৭

মাসা দুইক লাগি দিলোঁ মই দিন ক্ষান্তি ।

ইহাৰ ভিতৰে যেন সীতা বশ্য যান্তি ॥১৮

সেন তল কুপতি বুলিয়ো সমুদায় ।

যেন তেন মতে ভজে চিন্তিয়ো উপায় ॥১৯

এতেক উপায় যেবে বৰাইতে নপাৰি ।

সৱে হন্তে মিলিয়া সীতাক খাহাঁ মাৰি ॥২০

ৰাক্ষসী লোকক ৰাজা কৰিয়া আদেশ ।

কন্যাগণ সমে গৈয়া গৃহত প্ৰবেশ ॥২১

আশা ভঙ্গে লঙ্কেশ্বৰে পৰিৱৰ্ত্তি গৈল ।

সীতাক ৰাক্ষসীলোকে ডৰাইবে লৈল ॥২২

কেহো বোলে ধৰ ধৰ কেহো বোলে মাৰ ।

আলখনী ছাৰীক ৰাখিয় কিক আৰ ॥২৩

ভজিবি বা নভজিবি বোল ঝাণ্ট কৰি ।

চিৰিবোহোঁ নখে তোৰ হৃদয় বিদৰি ॥২৪

মাথাত কামোৰ দিয়া চিন্তি এৰো শিৰ ।

নুহি তেটু চিণ্ডি পিওঁ তপত ৰুধিৰ ॥২৫

এইতো মানুষী নাৰী সবাতো কোমল ।

আশেষ তৃপিতি পাইবো গাৱে হৈব বল ॥২৬

সৰমা ৰাক্ষসী বোলে সীতা দেৱী শুন ।

মই তোৰ জানো যত পতিব্ৰতা গুণ ॥২৭

ৰাঘৱৰ আশাক দূৰতে পৰিহৰ ।

এহি পতিব্ৰতা ধৰ্ম্ম ৰাৱণত কৰ ॥২৮

বিবিধ অঙ্গতে তোৰ লাগা অলঙ্কাৰ ।

ৰূপত আমোদ তিনি ভুবনত সাৰ ॥২৯

ৰাঘৱৰ আশাক দূৰত পৰিহৰি ।

ৰাজাত ভজিলে হুইবে ত্ৰৈলোক্য ঈশ্বৰী ॥৩০

তাই যেবে এতেক বচন বুলি গৈল ।

তাত পাছে বিকটা ৰাক্ষসী আসি ভৈল ॥৩১

লোকৰে খোকৰে জানকীক পাৰে গালি ।

ৰাৱণত ভজ তই মোৰ বোল পালি ॥৩২

পুনৰপি বোলে তই সীতা কি কৰস ।

ৰাম ৰাম বুলি তই মিচাত মৰস ॥৩৩

সিপাৰৰ পৰা হৰি আনিলে ৰাৱণে ।

সাগৰক তৰি তোক নিব কোন জনে ॥৩৪

তোৰ কায কাৰণে মোহোৰ উঠে হাসি ।

ৰাৱণক এৰি তপসিক মন যাসি ॥৩৫

সুৱৰ্ণৰ এৰিয়া পিন্ধস কাচ কাণ্ঠী ।

সোন এৰি সীতা তোৰ সলিয়াত গান্থি ॥৩৬

ত্ৰৈলোক্যৰ নাথ এৰি তপসিক চাস ।

পকা কণ্টকিক এৰি ডহাফল খাস ॥৩৭

তাই যেবে এতেক বচন বুলি গৈল ।

হয়মুখী নামে নিশাচৰী আসি ভৈল ॥৩৮

চিউৰ তলক লাগি ওলমিল ওঠ ।

মৌবাস যেন ওলমিল পেট গোট ॥৩৯

শুনিবি জানকী সীতা বোলোঁ হয়মুখী ।

তুমি আমি এতকাল হুয়া আছোঁ দুখী ॥৪০

আমাৰ দুৰ্গতি খণ্ড পুণ্যক সঞ্চস ।

মন্যু পৰিহৰি মাৱ লোতক মলছ ॥৪১

হিত বোল বোলোঁ মই সীতা তই শুন ।

ৰাৱণত ভজিলে অনেক হৈব গুণ ॥৪২

শত সহস্ৰ কন্যা পাইবে অধিকাৰ ।

ৰাৱণা অধীন হৈব নিচয়ে তোমাৰ ॥৪৩

হিত বোল নুশুনস ক্ৰোধ বৰ পাইবো ।

হৃদয় বিদাৰি তোৰ অগ্ৰমাংস খাইবো ॥৪৪

মাথাত কামুৰি মৰমৰিয়া চোবাইবো ।

হেন মতে সীতা তোক বিগুতিয়া খাইবো ॥৪৫

তাই যেবে এতেক বচন বুলি গৈল ।

বক্ৰমুখী নামে নিশাচৰী আসি ভৈল ॥৪৬

হাতে শূল ধৰি আসি বোলে ক্ৰোধকৰি ।

বিভঞ্জিয়া খাওঁ আসা খণ্ড খণ্ড কৰি ॥৪৭

প্ৰঘষা বোলয় মাৰোঁ কণ্ঠক মুচৰি ।

ৰাজাত জানাইবো গৈল আপুনিয়ে মাৰি ॥৪৮

মৰিবাৰ নাও শুনি নৃপতি ৰাৱণে ।

বুলিলন্ত ভুঞ্জা গৈয়া ৰাক্ষসিনীগণে ॥৪৯

এহি বুলি জানকীৰ ক্ৰোধে চায়া মুখ ।

তেবেসে গুচয় মোৰ ৰাখিবাৰ দুখ ॥৫০

অজমুখী বোলে এইক বিভঞ্জিয়া খাওঁ ।

অমদ্যত সানিয়া তৃপিতি বৰ পাওঁ ॥৫১

শূৰ্পনাসা বোলৈ মোৰ হেনয় সমত ।

অজমুখী যি বুলিলে লাগিল মনত ॥৫২

উচিত কাৰ্য্যকসে বিশিষ্ট বুলি মানি ।

সীতাৰ মাংসক নিয়া অমদ্যত সানি ॥৫৩

নিকুম্ভিলা বোলে সখী এই কাৰ্য্য কৰ ।

সীতা যেবে পটেশ্বৰী নুহি ৰাৱণৰ ॥৫৪

ৰাক্ষসী লোকৰ শুনি বচন প্ৰহাৰ ।

ভয়ে তৰসিয়া গাৱ কম্পয় সীতাৰ ॥৫৫

শিংশপা বৃক্ষৰ তলে জানকী গোসাঁনী ।

তাসম্বাক সম্বুধিয়া বুলিলন্ত বাণী ॥৫৬

হাওঁৰে লাৰিকি জীয়া অধম বৰ্ব্বৰ ।

সুখ দুখ নজানস তিনিয়ো লোকৰ ॥৫৭

প্ৰাণীৰ বধত খানিতেকো নাহি মৰ্ম্ম ।

তুমি কেনে জানিবাহা পতিব্ৰতা ধৰ্ম্ম ॥৫৮

কিনো মই পাপী মন্দ কোন কৰ্ম্ম কৰোঁ ।

বিনে ৰাম এতকাল কেনে প্ৰাণ ধৰোঁ ॥৫৯

প্ৰভু নজানন্ত মোক আনিলেক হৰি ।

সিকাৰণে ৰাৱণে আছয় প্ৰাণ ধৰি ॥৬০

মোহোক যৈসানি হৰি আনিল ৰাৱণে ।

ইটো কথা নজানন্ত শ্ৰীৰাম লক্ষ্মণে ॥৬১

সিকাৰণে জীৱন্তে আছয় লঙ্কেশ্বৰ ।

তিৰি চোৰা পাপিষ্ঠ অধম বৰবৰ ॥৬২

তাপসৰ বেশ প্ৰভু হোন্ত জটাধাৰী ।

বনবাসী দুখী প্ৰভু হোৱন্ত নিকাৰী ॥৬৩

তথাপিতো প্ৰভু মোৰ পৰম দেৱতা ।

মই শান্তী পতিব্ৰতা নাৰী বিবাহিতা ॥৬৪

কৈসানি দেখিবো লঙ্কাখানি পুৰি যাইব ।

ৰাক্ষসিনীগণকে শৃগালে বেঢ়ি খাইব ॥৬৫

চক্ষু পূৰি কৈসানি দেখিবো আনন্দক ।

ৰাক্ষসিনী লোকে স্বামী বুলি কান্দিবেক ॥৬৬

ত্ৰৈলোক্যৰ ৰাজা হোৱে যদ্যপি ৰাৱণ ।

তথাপি ছায়াত তাৰ নেদিবো চৰণ ॥৬৭

সবে হন্তে মিলি মোক মাৰিয়া খাইবাহাঁ ।

ইহাত অধিক আৰ কিনো কৰিবাহাঁ ॥৬৮

ত্ৰিজটা জাগিয়া বোলে বৃদ্ধাযে ৰাক্ষসী ।

কুপিত নয়নে মাতৈ শয্যা মাজে বসি ॥৬৯

হাওঁৰে লাৰিকি জীয়া কিবা দেখিলাহাঁ ।

সীতাক নখাহাঁ তুমি আপনাক খাহাঁ ॥৭০

হা হা আই সীতা তই সুকোমলী নাৰী ।

তোহোক নিষ্ঠুৰ হেন বুলিতে নোৱাৰি ॥৭১

ৰখিলোঁ ৰখিলোঁ আই ভয় পৰিহৰ ।

তোহোৰ দুৰ্গতি গৈল প্ৰায় দুৰন্তৰ ॥৭২

লঙ্কাৰ আপদ ভৈল ৰাক্ষসৰ ক্ষয় ।

ৰাৱণ বিনাশ দেখো ৰাঘৱৰ জয় ॥৭৩

গোসাঁইক দেখিলোঁ মই স্বপনৰ হন্তে ।

সসাগৰা পৃথিবীক আসয় গিলন্তে ॥৭৪

আৰু হেন দেখিলোঁ ৰাঘৱ মহাবীৰ ।

মহা কৌতূহলে তেন্ত পিয়ন্ত ৰুধিৰ ॥৭৫

ৰথখান দেখিলোহোঁ গজদন্তময় ।

সহস্ৰেক দন্তালে একত্ৰ হুয়া বয় ॥৭৬

তাতে চড়ি ৰামদেৱ অন্তৰীক্ষে যান্ত ।

দিব্য অলঙ্কাৰে শৰীৰক মণ্ডিলন্ত ॥৭৭

সমুদ্ৰে যোগাইল নিয়া শুকুল পৰ্ব্বত ।

শ্ৰীৰাম লক্ষ্মণ সীতা আৰ ওপৰত ॥৭৮

ৰাজ চিহ্ন ধৰিলেক ছত্ৰেক ধৱল ।

মেৰুৰ উপৰে যেন চন্দ্ৰৰ মণ্ডল ॥৭৯

পুষ্পক যানত মই দেখিলো ৰামক ।

ৰামে সীতা দেবী ডাহিনত লক্ষ্মণক ॥৮০

তাতে চড়ি পাম দেৱে লঙ্কাক আসিলা ।

তুমি সমে দেখিলোহোঁ একস্থান ভৈলা ॥৮১

ৰাৱণক দেখিলো নিশূন্য মুণ্ড লণ্ডা ।

গলত দাদৰি দিয়া আজোৰে চামুণ্ডা ॥৮২

পুষ্পক যানৰ পৰা পেলাইলা খসাই ।

দক্ষিণ দিশক লাগি লৈযাই খসাই ॥৮৩

কতোহো দূৰৰ পথ যমপুৰ গৈয়া ।

তহিতে পৰিল গৈয়া আউঠানি খায়া ॥৮৪

কাউ বাউ কৰে বীৰে দোঙ্গাদুঙ্গি পাৰে ।

হাত ভৰি খোৰা যেন উঠিতে নোৱাৰে ॥৮৫

দেখিলোহো কুম্ভকৰ্ণ গৰ্দভত চড়ি ।

দক্ষিণ দিশক লাগি যাই দৰদৰি ॥৮৬

অসংখ্যাত নৃত্য গীত কৰয় যোগিনী ।

ৰাক্ষসৰ তেজ খায়া কিল কিল ধ্বনি ॥৮৭

ইসব লক্ষ্মণে তোৰ দুৰ্গতি খন্দয় ।

তোহোৰ বৈৰক মাৱ দৈবেসে দণ্ডয় ॥৮৮

বাম নয়ন ঊৰু বাম কলেৱৰ ।

প্ৰত্যক্ষ দেখয় সীতা কাম্পৈ বামকৰ ॥৮৯

ইসব মঙ্গলে তোৰ স্বপনৰ ফলে ।

অবিলম্বে স্বামীকোল পাইবে অবিকলে ॥৯০

ডালত বসিয়া মুখ চায়া ৰড়ৈ কাক ।

স্বামীৰ বাৰ্ত্তাক তোৰ আইল জনাইবাক ॥৯১

ত্ৰিজটাৰ স্বপ্নক কৰিয়া বিমৰিশ ।

দুখতে খানিক দেবী ভৈলন্ত হৰিষ ॥৯২

ত্ৰিজটাৰ বচনে নিচেষ্ট সবে ভৈল ।

ৰাক্ষসিনী লোক যত পৰি নিদ্ৰা গৈল ॥৯৩

বেঢ়িয়া শুইলেক আউৰক আউৰে জৰি ।

কতোজনী অচেতন পাৰয় ঘোঙ্ঘৰি ॥৯৪

আদি অন্তে কথা যত সমস্তে আকল ।

শুনিতে লাগিল হনুমন্ত মহাবলী ॥৯৫

সাৰ্খক যে মই পৃথিবীত উপজিলোঁ ।

শান্তী সীতা গোসাঁনীক প্ৰত্যক্ষ দেখিলোঁ ॥৯৬

ৰামৰ বিপতি নিতে ইহাঙ্ক সুমৰি ।

মই দেখিলোহো সীতা পৰম ঈশ্বৰী ॥৯৭

সহস্ৰ সংখ্যাত কোটি ভালুক বানৰে ।

পৃথিবীৰ অন্ত সবে খোজে নিৰন্তৰে ॥৯৮

মোহোৰ কাৰ্য্যৰ সমাপতি হৌক কেনে ।

ৰাক্ষসিনীলোকে মোক নাজানয় যেনে ॥৯৯

ইসবে জানিলে বৰ হুইবেক আনুলি ।

মোক বন্দি কৰাইবেক ৰাৱণত বুলি ॥১০০

সীতাক নমাতি মোৰ যাইবে নুযুৱাই ।

কোন মতে মাতো মই নজানো উপাই ॥১০১

আগত পৰিয়া যেবে মাতো এতিক্ষণে ।

বুলিব ছলিতে আইলা আৰকা ৰাৱণে ॥১০২

সীতাক নমাতি যেবে এহিমতে যাওঁ ।

ৰাঘৱৰ চিত্ত কেনমতে পতিয়াওঁ ॥১০৩

বুলিবন্দ বানৰায়ে আমাক ভাণ্ডায় ।

সীতাক নেদেখি আসি দেখিলো বোলয় ॥১০৪

মোৰ মনে যেন যুৱাই কৰিবোহো গহা ।

ৰামকাৰ্য্য সাধন্তে ত্ৰিদশে হুইবা সহা ॥১০৫

ধীৰে ধীৰে পঢ়িবোহো সঙ্গীত যে বাণী ।

যেন মতে পতিয়ান্ত জানকী গোসাঁনী ॥১০৬

নুহি তেবে আন উপায়ক কৰোঁ পাছে ।

হেন শুনি অল্পকায় কৰিলন্ত গাছে ॥১০৭

হাত যোৰ কৰিয়া সীতাক নমিলন্ত ।

আতি অল্প কৰিয়া বচন বুলিলন্ত ॥১০৮