সীতা আৰু হনুমন্তৰ কথোপকথন
ৰামায়ণ বৃত্তান্ত |
---|
|
- ১৭ অধ্যায়
সীতা আৰু হনুমন্তৰ কথোপকথন ।
শ্ৰীমন্ত মহাৰাজা দশৰথ নাম ।
তাহান তনয় শ্ৰেষ্ঠ ভৈলন্ত শ্ৰীৰাম ॥১
ৰাজা পাতিবাক দশৰথ সাজ ভৈলা ।
ছোট মাতৃ কৈকেয়ী ৰাজ্যক কাঢ়ি লৈলা ॥২
শুভক্ষণে ভৰতক ৰাজ্য দিল মাগি ।
ৰামক পাঠাইল ঘোৰ বনবাস লাগি ॥৩
ভ্ৰাতৃক ভাৰ্য্যাক ৰামে তুলে কৰি নিল ।
বন মধ্যে জানেকীক ৰাৱণে হৰিল ॥৪
এহি বুলি হনুমন্ত মৌনে থাকিলন্ত ।
প্ৰিয় কথা শুনি দেবী চৌভিতি চাইলন্ত ॥৫
পূব পশ্চিম দেবী উত্তৰো লখিল ।
দখিন দিশতো সতী কিছু নখলিল ॥৬
উৰ্দ্ধক চাহিল মাৱ ৰাম হাত তৰি ।
দেখন্ত বানৰ আছে কৃতাঞ্জলি কৰি ॥৭
সীতায়ে বোলন্ত প্ৰণামোহোঁ হৰিহৰ ।
প্ৰণামোহোঁ সূৰ্য্যক কুবেৰ পুৰন্দৰ ॥৮
বানৰৰ মুখে শুনোঁ যিসব বচন ।
স্বৰূপ স্বৰূপ হৌক নোহৌক স্বপন ॥৯
সীতায়ে বোলন্ত বাপু কৈৰহন্তে আইলে ।
মোহোৰ স্বামীৰ বাৰ্ত্তা কেনমতে পাইলে ॥১০
শিংশপাত বহি হনুমন্তে বোলে বাণী ।
তুমি নো কাহাৰ জীৱ কমন গোসাঁনী ॥১১
শিংশপাৰ মূলত কিসত আছা বসি ।
কি কাৰণে কান্দিয়া লোতক পৰে খসি ॥১২
বাসৱৰ শচী কিবা তুমি সোভাগিণী ।
কিবা আদিত্যৰ ছায়া চন্দ্ৰৰ ৰোহিণী ॥১৩
হৰিৰ লক্ষ্মীসি কিবা হৰৰ পাৰ্ব্বতী ।
বশিষ্ঠৰ ভাৰ্য্যা কিবা তুমি অৰুন্ধতী ॥১৪
হেন ৰূপ নৈয়ো দেখোঁ ভুবন মোহন ।
বিশাল নয়ন চন্দ্ৰ সমান বদন ॥১৫
আখৰেক মাতোহো স্বৰূপ যেবে কোৱা ।
তুমি দেবী জনকৰ জীউ হোৱা নোৱা ॥১৬
সীতা নাম তোমাৰ ৰামৰ পটেশ্বৰী ।
তোমাক কি ৰাৱণায়ে আনিলেক হৰি ॥১৭
সীতা সন্ধুক্ষন হুয়া দিলন্ত উত্তৰ ।
দশৰথ পুত্ৰবধু ভাৰ্য্যা শ্ৰীৰামৰ ॥১৮
কৌশল্যা মোহোৰ শ্বাশু লক্ষ্মণ দেৱৰ ।
সীতা নাম বোলে মোক জীউ জনকৰ ॥১৯
ৰাজ্য দিবে লাগি দশৰথ সজ ভৈলা ।
ছোট শ্বাশু কৈকেয়ী ৰাজ্যক কাঢ়ি লৈলা ॥২০
পুত্ৰ ভৰতক তেন্ত ৰাজ্য দিল মাগি ।
ৰামক পঠাইল ঘোৰ বনবাস লাগি ॥২১
কতোকাল আছে যেবে দণ্ডকা বনত ।
ৰাৱণে হৰিল মোক নিৰ্জ্জন থানত ॥২২
ৰাক্ষসী মধ্যত দুখ পাওঁ অতিৰেক ।
ইসব দুখত মোক যমেসে নিলেক ॥২৩
কৈৰ পৰা আইলে বাপু কহিয়ো প্ৰস্তুত ।
কিবা ৰাৱণৰ কিবা ৰাঘৱৰ দূত ॥২৪
কৰযোৰ কৰিয়া বোলন্ত হনুমন্ত ।
তোমাৰ যে স্বামী ৰাম কল্যাণে আছন্ত ॥২৫
বাৰ্ত্তাক নপায়া ৰামে খুজিলা বহুত ।
হনুমন্ত নাম মোৰ ৰাঘৱৰ দূত ॥২৬
সুমিত্ৰাৰ পুত্ৰ তেহে লক্ষ্মণ কুমাৰ ।
পৃথিবীতে সাৰ অকম্পন ধনুৰ্ধৰ ॥২৭
শোভন পুৰুষ তেন্ত লখমন নাম ।
হেৰা লোৱা মাৱ তান সন্দেশ প্ৰমাণ ॥২৮
এহি বুলি মাথা গোট পৃথিবীত দিল ।
লক্ষ্মণৰ কথা যত সীতাত কহিল ॥২৯
যি দেখিলা মৃগ গুটি সুৱৰ্ণৰ কায়া ।
মৃগ নুই সিটো আই ৰাক্ষসৰ মায়া ॥৩০
আছিল মাৰীচ নামে এক নিশাচৰ ।
ৰামক নিলেক সিটো প্ৰায় দূৰন্তৰ ॥৩১
তাহাৰ শৰীৰে প্ৰহাৰিলা বান ঘাৱ ।
মৰন্তে কাঢ়িল সিটো ৰাঘৱৰ ৰাৱ ॥৩২
হেন শুনি তোমাৰ আসুখ বৰ কৰ ।
লক্ষ্মণকো পঠালাহা বুলি অনুত্তৰ ॥৩৩
লঙ্কেশ্বৰে দুয়ো ভাইক উপাযে গুচাই ।
তোমাক হৰিলে পাছে একেশ্বৰী পাই ॥৩৪
সীতায়ে বোলন্ত ৰাৱণায়ে আসি ভৈলে ।
পুনৰপি আসি মোক ছলিবাক লৈলে ॥৩৫
দূৰ গুচ পাপী আন জঞ্জাল নপাত ।
ৰাঘৱৰে বানৰৰে কিসৰ সঞ্জাত ॥৩৬
এক বেলি আসিছিলি ক্ষমা নাহি তৱ ।
কতেকনো সহিবো নীচৰ পৰাভৱ ॥৩৭
আমাক ছলিয়া তই কোন ফল পাইবে ।
অধৰ্ম্মৰ ফলে বেটা অধোগতি যাইবে ॥৩৮
মই শান্তী কন্যাৰ জানস আসি মৰ্ম্ম ।
হেন শুনি মাৰুতি সুমৰে ধৰ্ম্ম ধৰ্ম্ম ॥৩৯
শপি জোনো ভস্ম মোক কৰন্ত গোসাঁনী ।
মনত তৰাসে কপি বিনাৱন্ত বাণী ॥৪০
ৰাক্ষস নোহোওঁ আই হোওঁ ৰামদূত ।
তোমাক খুজিতে আইলো পৱনৰ সুত ॥৪১
শঙ্কা পৰিহৰি মাৱ ভাল মতেচাহাঁ ।
ৰাক্ষস নোহোওঁ ভালে সম্প্ৰত্যয় যাহাঁ ॥৪২
সীতায়ে বোলন্ত তেবে পাওঁ পৰমাণ ।
ৰাঘৱৰ ৰূপ গুণ কহ কেন ঠান ॥৪৩
কিমত চৰিত্ৰ কেন অন্তৰ মহত ।
লক্ষ্মণৰ ৰূপ গুণ কহ কেন মত ॥৪৪
মাৰুতি বোলন্ত মাৱ ভাল মতে শুন ।
যেন দেখিলোহোঁ কহোঁ ৰাঘৱৰ গুণ ॥৪৫
শ্যামল সুন্দৰ মুখ পূৰ্ণিমাৰ শশী ।
চক্ষু দুই জ্বলে যেন কমলৰ পাসি ॥৪৬
কম্বু গ্ৰীৱ শোভন নাসিকা দুই কৰ্ণ ।
উত্তম শৰীৰ মনোহৰ শ্যাম বৰ্ণ ॥৪৭
ছয় থান উন্নত উদৰ কণ্ঠ মুখ ।
দুই পান্তি দশন শুক্ল দেখিবাক সুখ ॥৪৮
ধনুৰ্ব্বেদ শাৰঙ্গ যাহাৰ হাতে থিত ।
চাৰি বেদ চতুৰ্দ্দশ শাস্ত্ৰত পণ্ডিত ॥৪৯
দীন দুখী খোৰা ভেঙ্গুৰাক অন্ধকক ।
পুত্ৰৰ সমান কৰি দৰিদ্ৰ পালক ॥৫০
সুমিত্ৰাৰ পুত্ৰ যিবা লক্ষ্মণ কুমাৰ ।
পৃথিবীত সাৰ অকম্পন ধনুৰ্ধৰ ॥৫১
শোভন পুৰুষ তান লখমন নাম ।
বিদগ্ধ শৰীৰ কাম দেৱৰ উপাম ॥৫২
ৰাঘৱৰে বানৰৰে মিত্ৰৱতি ভাৱ ।
সিয়ো কথা কওঁ শুনা জগতৰ মাৱ ॥৫৩
বালীৰাজা সুগ্ৰীৱ যৱঞ্জা দুই ভাই ।
কিষ্কিন্ধা নগৰে আছিলন্ত একে ঠাই ॥৫৪
ৰাজ্যৰ নিমিত্তে দুইৰো কন্দল লাগিল ।
দুইহানো যুদ্ধত বৃক্ষ পৰ্ব্বত ভাগিল ॥৫৫
ৰণ হাৰি সুগ্ৰীৱ পলাইল ৰাজ্য ছাৰি ।
বালী ৰাজা তাহান ভাৰ্য্যাক লৈল কাঢ়ি ॥৫৬
পাঞ্চগুটী বানৰক দেশৰ ডকায়া ।
সুখে ৰাজ্য কৰে সিটো ভাতৃবধু লৈয়া ॥৫৭
পাঞ্চগুটী বানৰে দেশৰ হন্তে যাই ।
ঋষ্যমুখ পৰ্ব্বতে আছিলো এক ঠাই ॥৫৮
শ্ৰীৰাম লক্ষ্মণ ফুৰা তোমাক খোজন্তে ।
আমি সবে দেখিলোহোঁ পৰ্ব্বতৰ হতে ॥৫৯
সুগ্ৰীৱৰ বোলে বৃদ্ধ ব্ৰাহ্মণৰ বেশে ।
শুদ্ধি কৰিবাক গৈলো তাহান আদেশে ॥৬০
পৰিক্ষিয়া বাৰ্ত্তা লৈয়া ভৈলোঁ পৰিচিত ।
ৰাঘৱৰে সুগ্ৰীৱৰে কৰাইলো সখীত্ব ॥৬১
সত্য কৰিলন্ত দুয়ো থিৰ কৰি চিত্ত ।
বিপক্ষ জিনিয়া আগে ভাৰ্য্যা সমৰ্পিত ॥৬২
সত্য প্ৰতিপালি ৰামে বালীক মাৰিল ।
ভাৰ্য্যাকে ৰাজ্যকে সুগ্ৰীৱক আনি দিল ॥৬৩
সুগ্ৰীৱ প্ৰতিজ্ঞা কৰিলন্ত বিমৰিষ ।
কৌটি সংখ্যা দূতক পঠাইল দশোদিশ ॥৬৪
অঙ্গদক দক্ষিণ দিশক আদেশিল ।
বৰ বৰ বীৰক তাহান লগে দিল ॥৬৫
পাছে মোক শ্ৰীৰামে পাশক মাতি নিল ।
গলে ধৰি টান কৰি সাবটি জান্তিল ॥৬৬
সন্দেশক দিয়া মোক সাদৰি পঠাইল ।
তোমাক অনেক থানে খুজিয়া বেৰাইল ॥৬৭
সিকূল মানত পাইলো তোমাৰ উদ্দেশ ।
সাগৰ তীৰত ভৈলো পায়া উপদেশ ॥৬৮
সম্পাতি কহিল কথা আসি অঙ্গদত ।
ৰামৰ চৰিত্ৰ যত মিলিল বনত ॥৬৯
জটায়ুক যেই যতে ৰাৱণে মাৰিল ।
অঙ্গদে সি সব কথা পক্ষীত কহিল ॥৭০
কনিষ্ঠৰ কাৰ্য্যক সঙ্কলি পক্ষীৰাজ ।
তোমাক চাহিয়া বোলে আছা বনমাজ ॥৭১
সবেহন্তে আলোচিয়া আমাক পঠাইল ।
লঙ্কাত তোমাক আমি খুজিয়া নপাইল ॥৭২
আশোকাত আসিয়া তোমাক খুজি পাইলোঁ ।
আদি অন্ত কথা যত তোমাক কহিলোঁ ॥৭৩
হেৰা লৈয়ো মাৰ আতি কৰি মন তুষ্টি ।
ৰাম নাম লিখি আছে ৰামৰে আঙ্গুঠী ॥৭৪
এহি বুলি দেবীৰ হাতত নিয়া দিল ।
তাক দেখি গোসাঁনীৰ চেতন হৰিল ॥৭৫
কতো বেলি সীতা দেবী চেতনক পাইল ।
ৰামৰ আঙ্গুঠী নিয়া শিৰত চড়াইল ॥৭৬
হৰিসে উজ্জ্বল কিছু বদন নিৰ্ম্মল ।
ৰাহুত মুকুত যেন চন্দ্ৰৰ মণ্ডল ॥৭৭
কৌতুকে উজ্জ্বল মুখ হৰষিত ভাৱ ।
নসহে শৰীৰ বিপৰীত শোক ঘাৱ ॥৭৮
দুই নয়ন হন্তে বহি যাই নীৰ ।
কমল পত্ৰৰ যেন ঝৰয় শিশিৰ ॥৭৯
কিনো মোৰ আনন্দ উত্সুক কৰে মন ।
অমৃত সমান বাপ তোহোৰ বচন ॥৮০
তোমাৰ বচন সবে সম্প্ৰত্যয় গৈলোঁ ।
শোক দুখ এৰি মই সন্ধুক্ষণ ভৈলোঁ ॥৮১
সাৰ কৰি কথা মোত কহ হনুমন্ত ।
মোহোৰ কি স্বামী ৰাম কুশলে আছন্ত ॥৮২
আন কথা হনুমন্ত কহ তই পাছে ।
মোহোৰ কি দেৱৰ লক্ষ্মণ ভালে আছে ॥৮৩
কৌশল্যা সুমিত্ৰা কি আছন্ত ভাল মতে ।
কৈকেয়ী গোসাঁনী কি আছন্ত কেন সতে ॥৮৪
ভৰতৰ কথা আবে কহিয়োক আজি ।
মোক কি নিবন্ত চতুৰঙ্গ দলে সাজি ॥৮৫
বানৰৰ ৰাজ্য যে সুগ্ৰীৱ বুলি যাক ।
তাহান কি মনে আছে আমাক নিবাক ॥৮৬
একেসে কাৰ্য্যক বাপু সংশয় আমাৰ ।
কেন মতে তই সাগৰতে ভৈলে পাৰ ॥৮৭
শতেক যোজন পথ বৰু আলয় ।
গহীন গম্ভীৰ নীৰ ভয়ক জনয় ॥৮৮
হেনয় দুৰ্গম ঘোৰ সাগৰক তৰি ।
লঙ্কা নগৰীক লাগি আইলে কেন কৰি ॥৮৯
পৰম দুৰ্ব্বল তোৰ হ্ৰস্ব দেখোঁ বাৱ ।
মাৰুতি বোলন্ত শুনিয়োক সতী মাৱ ॥৯০
তোমাৰ প্ৰসাদে মোৰ পৱনত গহ ।
তোমাৰ স্বামীৰ চৰণৰ অনুগ্ৰহ ॥৯১
গোখোজ সমান কৰি তৰিলো সাগৰ ।
ইসব সংশয় মাৱ গুচায়ো মনৰ ॥৯২
সাৰ কৰি কথা মোত কহ হনুমন্ত ।
মোহোৰ কি স্বামী ৰাম কুশলে আছন্ত ॥৯৩
কিমতে শয়ন স্নান ভোজন কৰন্ত ।
কিবা চিন্তা কৰি মোৰ প্ৰভু সুমৰন্ত ॥৯৪
কিসক অশক্য কথা পুছিলা আমাত ।
শ্ৰীৰামৰ নিকাৰে মুখত নাই মাত ॥৯৫
মল পঙ্ক ধৰিয়া মাথাত জটাভাৰ ।
বছৰি দিনত একো দিন ফলাহাৰ ॥৯৬
মাত বোল নাহি কিছু মনত হৰিষ ।
একেক দিবস যাই একৈক বৰিষ ॥৯৭
তোমাক সুমৰি তান ধৃতি নাহি মনে ।
উত্ৰাৱল হুয়া খুজিলন্ত বনে বনে ॥৯৮
ৰামৰ নিকৰ শুনি জগতৰ আই ।
মহাশোকে কান্দিলন্ত ধৰণ নযাই ॥৯৯
সীতাৰ বিলাপ দেখি হনুমন্ত কপি ।
গোসাঁনীৰ দুই পাৱে মাথাগোট থাপি ॥১০০
শুনিয়ো গোসাঁনী আই এৰিয়ো বিকল ।
ৰামে বুলি পঠাইলন্ত বাৰ্ত্তা সুকুশল ॥১০১
শ্ৰীমন্ত ৰাঘৱদেৱ সাগৰ গম্ভীৰ ।
পৃথিবীত সাৰ বীৰ নিষ্কম্প শৰীৰ ॥১০২
কল্যাণে আছন্ত মাৱ তোমাক সুমৰি ।
ৰাত্ৰি দিন চিন্তা তান ভোগ পৰিহৰি ॥১০৩
হনুমন্ত বীৰৰ বচন হেন শুনি ।
আশেষ ৰামক লাগি কান্দিলা গোসাঁনী ॥১০৪
দুইহানো বিলাপে হনুমন্ত বীৰবৰ ।
আখৰেক বোলোঁ বুলিবাক লাগে ডৰ ॥১০৫
বিলাপ দেখিয়া মাৱ মোৰ বৰ শোক ।
সিকাৰণে বোলোঁ মাৱ যেন লাগে হৌক ॥১০৬
পিঠিত উঠিয়ো মাৱ লোমে ধৰ টানি ।
ৰামত ভেটাওঁ নিয়া জগত গোসাঁনী ॥১০৭
ৰামৰ চৰণে নিয়া তোমাক ভেটাওঁ ।
আজি ধৰি দুই হন্তৰে দুৰ্গতি খণ্ডাওঁ ॥১০৮
সীতায়ে বোলন্ত বানৰৰ মুখ চাই ।
নিকটেৰ পো গোটৰ এতমান টাই ॥১০৯
তুলা নিবে নোৱাৰয় ভাৰ বান্ধে শিলে ।
গুণ্ডকুৰি পৰুৱায়ে হাতী গোট গিলে ॥১১০
ঢোল হেন ডিমা পাৰে চুঙ্গাৰ বাদুলি ।
পিপিয়া চটকে পৰ্ব্বতক লৱে তুলি ॥১১১
ভয় এৰা মাৱ মই বীৰ হনুমন্ত ।
পাৰোঁ শত্ৰু জিনিতে বলৰ নাহি অন্ত ॥১১২
শুনিয়োক মাৱ মোৰ বাপ কেন বীৰ ।
প্ৰসিদ্ধ কাহিনী কহোঁ বীৰ কেশৰীৰ ॥১১৩
গন্ধমাদনৰ হন্তে ডেৱ কৰিলন্ত ।
গোকৰ্ণ গিৰিৰ শিখৰত পৰিলন্ত ॥১১৪
তাহান ক্ষেত্ৰত মোক জনিলন্ত বায়ু ।
অগনিৰ সথা যিটো জগতৰ আয়ু ॥১১৫
আছোক তোমাক পৃথিবীক পাৰোঁ নিতে ।
লঙ্কাখান নিবে পাৰোঁ সসৈন্য সহিতে ॥১১৬
মই দেখি আছো মাৱ তুমি যেন শান্তী ।
শিংশপা বৃক্ষত বসি আছিলো নমাতি ॥১১৭
ভাৱত লক্ষ্মণ বুলিলেক হাতযোৰ ।
কতেক বা বুলিল ৰাৱণ মুখপোৰ ॥১১৮
নিৰ্ভয় স্বৰূপে তাত পাৰ ভৈলা মাৱ ।
মেৰু কি টলয় অল্প বিচনৰ বাৱে ॥১১৯
মই যি দেখিলো শ্ৰীৰামত তাকে কহোঁ ।
আপোনাৰ দুই কৰ্ণে যেন শুনিলোহোঁ ॥১২০
যেন মতে সম্প্ৰত্যয় হোৱয় সীতাৰ ।
ভূমিত পৰিয়া ভৈলা পৰ্ব্বত আকাৰ ॥১২১
পুনৰপি সঙ্কোচিত কলেৱৰ হৈয়া ।
সীতাক প্ৰণামি বৃক্ষে চড়িলন্ত গৈয়া ॥১২২
সীতায়ে বোলন্ত বাপ হোস ৰামদূত ।
আশেষ গহন বন পৱনৰ সুত ॥১২৩
শতেক যোজনক আইলে নাহিকে সংশয় ।
কৌটি যোজনক যাইবে পাৰস নিশ্চয় ॥১২৪
আমাক নিবেক তই পাৰস আপুনি ।
আখৰেক বোলোহোঁ চাহিয়ো মনে গুনি ॥১২৫
ইঠাৱৰ পৰা কি কাৰ্য্যক নিবে মোক ।
ৰাঘৱৰ বল বীৰ্য্য হাসিবেক লোক ॥১২৬
সৰ্ব্বজনে বুলিবে ৰাঘৱে যুজ হাৰি ।
জিনি নিবে নোৱাৰিল আপোনাৰ নাৰী ॥১২৭
স্ত্ৰীচোৰা পাপীষ্ঠ মুনিষ হেন জানি ।
সিকাৰণে জানকীক চুৰি কৰি আনি ॥১২৮
মই শান্তী কন্যা হেন জানয় জগতে ।
পৰ পুৰুষৰ অঙ্গ ছুইবো কেন মতে ॥১২৯
বুলিবি ৰাৱণ যিটো আনিলেক হৰি ।
স্ত্ৰীজাতি পৰাধীন নোহে স্বতন্তৰী ॥১৩০
ইটো শঙ্কাচয় মনে গুচিল আমাৰ ।
অপাৰ সাগৰ কেন মতে ভৈলে পাৰ ॥১৩১
যাৱে মোৰ শৰীৰত আছয় গিয়ানে ।
ঝাণ্ট কৰি গৈয়া ৰাম লক্ষ্মণক আন ॥১৩২
মোহোৰ আজ্ঞায়ে চলি যাইয়োক সত্বৰে ।
শিংশপাৰ তলে বসি আছো একেশ্বৰে ॥১৩৩
কি কাৰণে হৈবোঁ মই ৰাক্ষসৰ ভক্ষী ।
মাসেক থাকিবো মই স্বামীক উপেক্ষি ॥১৩৪
তথাপি নাসন্ত যদি ৰাম মোৰ স্বামী ।
আত্মাঘাত কৰি তেবে মৰিবোহোঁ আমি ॥১৩৫
শ্ৰীৰামত বাৰ্ত্তা বাপ জনাইবে সকলে ।
যেন মতে আছো মই শিংশিপাৰ তলে ॥১৩৬
ৰাক্ষসিনী লোকে মোক পৰাভৱ কৰে ।
আমাকো দণ্ডিব এহি মাসেক অন্তৰে ॥১৩৭
ইসব নিকাৰ মই কিমতে এৰাওঁ ।
ৰাঘৱৰ পাশক সত্বৰে কেনে পাওঁ ॥১৩৮
মাৰুতি বোলন্ত চিন্তা কৰাঁ পৰিহাৰ ।
হেন জানা ৰাৱণ সসৈন্যে গৈল মাৰ ॥১৩৯
অসংখ্যাত সেনাবল বানৰ অপাৰ ।
লক্ষেক হস্তীৰ বল পৰ্ব্বত আকাৰ ॥১৪০
মই সম বীৰ কতো শতো উপাধিক ।
শঙ্কা পৰিহৰাঁ নিৰুত্সাহ হোৱা কিক ॥১৪১
অসংখ্যাত সেনায়ে সুগ্ৰীৱ কপিৰাজে ।
সাগৰক তৰিব ভূষিত সব সাজে ॥১৪২
শ্ৰীৰাম লক্ষ্মণ চপকৰে আসিবন্ত ।
ৰাৱণক মাৰি ৰামে তোমাক নিবন্ত ॥১৪৩
যেন মতে ৰাঘৱৰ পাতিয়াইবা চিত ।
সঙ্কেত কহিয়ো আন জন অবিদিত ॥১৪৪
সঙ্কেত আছয় কিবা তোমাৰে ৰামৰে ।
সেহি কথা কোৱা চলি যাইবোহোঁ সত্বৰে ॥১৪৫
জানেকী বোলন্ত শুনাঁ বায়ুৰ নন্দন ।
কহিবো তোমাৰ আগে সঙ্কেত বচন ॥১৪৬
ৰামৰ সীতাৰ যত সঙ্কেত কাহিনী ।
হনুমন্ত আগে কহে জানকী গোসাঁনী ॥১৪৭
চিত্ৰকূটে শুইল মোৰ উৰুত সিথানে ।
কাকে মোৰ তনে ঘাৱ কৰিলেক টানে ॥১৪৮
তাক লাগি হানিলন্ত ইষিকাৰ বাণ ।
সিকাৰণে কাকৰ দক্ষিণ চক্ষু কাণ ॥১৪৯
মানস শিলাৰ ফোট কপালত দিল ।
সাবটি ধৰিল পাছে গাৱে সঞ্চাৰিল ॥১৫০
তাক দেখি দুইহন্তেনে হানিলোহো টানে ।
গুণি চাহান্তোক তাক আন কোনে জানে ॥১৫১
যি কথা কহিলা মাৱ কহিবোহোঁ যাই ।
কিছুমিছু বস্তু আছে দিয়া যাওঁ খাই ॥১৫২
ৰামে যেন পতিয়ান্ত গুণি চোৱা মাৱে ।
যেন মতে তযু স্বামী পতিয়ান যাৱে ॥১৫৩
জয় নমোঁ ৰঘুপতি অগতিৰ গতি ।
তোমাৰ চৰণে মোৰ নিমজোক মতি ॥১৫৪
তযু গুণ নাম মোৰ মুখে নুগুচোক ।
তোমাৰ কথাক কৰ্ণে সতত শুনোক ॥১৫৫
তেবেসে আমাৰ সিদ্ধি হোৱৈ মন কাম ।
সকল সমাজে ডাকি বোলাঁ ৰাম ৰাম ॥১৫৬
- ১৮ অধ্যায়
- দুলৰি ।
জয় নমোঁ ৰাম, ৰঘুৰ নন্দন,
- ত্ৰিভুৱনে বীৰ সাৰ ।
জয়তি লক্ষ্মণ, পুৰুষ উত্তম,
- সুমিত্ৰা দেৱী কুমাৰ ॥১
জয় হনুমন্ত, বায়ুৰ নন্দন,
- কপি বীৰ মহামতি ।
বোলন্ত কন্দলী, আন গতি নাই,
- ৰামৰ চৰণে গতি ॥২
- ১৯ অধ্যায়
- ৰাৱণৰ মধুবন ধ্বংস ।
- ছবি ।
সঙ্কেত বাৰ্ত্তাক মই, যতমানে আনিলোহোঁ,
- সবে কথা কহিবোহোঁ সাৰ ।
মধুফল আনি দিওঁ, ভুঞ্জিয়ো তৃপিত হুয়ো,
- সন্দেশ দিবোঁ আৰ বাৰ ॥১
জনক জীৱ আইৰ, মধুফল পায়া হাতে,
- বায়ুপুত্ৰে মুখে আনি দিল ।
আঠ গুণ প্ৰাণ আতি, দশ গুণ তেজ বল,
- তেতিখনে তান সম্পজিল ॥২
ইটো মধুফল মাৱ, কমন থানত আছে,
- তাৰ কথা কহিয়ো আমাত ।
এহি তোৰণত পশি, ক্ষেত্ৰযে বিক্ষত কৰি,
- বাৰ্ত্তা কহি যাইবোহোঁ তোমাত ॥৩
ইটো মধুফল কথা, তোমাত কহিলে বাপ,
- সৰ্ব্ব কাৰ্য্য কৰিবে বিনাশ ।
এক এক বৃক্ষতাৰ, কোটি ৰাক্ষসেহে ৰাখে,
- কেমনে লঙ্ঘিবে তাৰ পাশ ॥৪
সকলে ৰাক্ষসে মিলি, তোক মাৰি পেলাইবেক,
- ৰামে তৈত বাৰ্ত্তাক নপাইব ।
আজি আসৈ কালি আসৈ, বুলি বাট চাহিবন্ত,
- আমি ঐত বৰ দুখ পাইব ॥৫
এহি বুলি সীতা দেবী, দিব্য মনি গোট আনি,
- কাঢ়ি দিল চেলাৰিৰ হন্তে ।
প্ৰদক্ষিণে সাদৰিয়া, দেৱীক প্ৰণাম কৰি,
- হাত পাতি লৈলে হনুমন্তে ॥৬
আছিয়ো গোসাঁনীমাৱ, এৰিয়োক শোকভাৱ,
- ৰাঘৱক দিবো মণি নিয়া ।
আপোন পৌৰুষবল, প্ৰকাশ কৰিয়া যাইবো,
- ৰাৱণক সন্দেশক দিয়া ॥৭
এহি বুলি হনুমন্তে, কতো দূৰ গৈয়া পাছে,
- মনে মনে গুণন্ত বহুত ।
এক যে কাৰ্য্যক আসি, অনেক কাৰ্য্য কৰে,
- সেহিসে উত্তম হোৱে দূত ॥৮
ৰণক হৰিষ মোৰ, হাত পাৱ চুলুকয়া,
- কণ্ডু আতি কৰে নিৰন্তৰ ।
লঙ্কানগৰীত পশি, খলমলি লগাই পাছ,
- চৰণ প্ৰণামো ৰাঘৱৰ ॥৯
মোৰ বল মহিমাক, নজানি জানকীমাৱ,
- মতে আতি কৰন্ত সংশয় ।
আহানে আগত মই, এক মায়া ধৰি আজি,
- যেন মতে যাহন্ত প্ৰত্যয় ॥১০
এহিগুণি হনুমন্তে, তেখনে সীতাৰ আগে,
- ধৰিলন্ত ব্ৰাহ্মণৰ বেশ ।
হাতত কৰণ্ডী কুশ, ছৱৰি খোখৰা ছাতি,
- সন পাঞ্জি হেন ভৈল কেশ ॥১১
আপোন লাঙ্গুলেতান, কান্ধৰ লগুন ভৈল,
- জকজক কৰে ফোট দান্ত ।
থিৰ নযাই হাত ভৰি, বৃদ্ধ ব্ৰাহ্মণৰ বেশ,
- দেখি সীতা হাসি তুলিলন্ত ॥১২
জানকী বোলন্ত মাতি, গুণবাণ হনুমন্ত,
- তুষ্ট বৰ কৰাইলেহে মোক ।
লঙ্কাৰ চৌৰাশি হাটী, ঘৰে ঘৰে ফুৰি আস,
- ৰাক্ষসেনো কি কৰিবে তোক ॥১৩
অনন্তৰে হনুমন্তে, ব্ৰাহ্মণৰ বেশে গৈয়া,
- পশিলন্ত ৰাজাৰ আবাস ।
কালি গৈল একাদশী, আজি ভৈল দোৱাদশী,
- লঘনতে ভৈলোহো হতাশ ॥১৪
শৰীৰৰ অগ্নি মোৰ, জাকে জাকে নিকলয়,
- পালনা কৰিতে আশকত ।
এক গুটি মধুফল, ভুঞ্জিয়া তৃপিতি হুয়া,
- বেদ পঢ়ো ৰাজাৰ আগত ॥১৫
সৌৰাষ্ট্ৰ দেশৰ আমি, মহাবেদগৰ্ব্ব্য দ্বিজ,
- আসি ভৈলোঁ ৰাজাৰ দুৱাৰে ।
এক গুটি মধুফল, ভুঞ্জিয়া তৃপিতি হুয়া,
- কীৰ্ত্তি কহি যাইবোহোঁ ৰাজাৰে ॥১৬
অধিকাৰী সবে বোলে, ভণ্ডাৰত ফল নাই,
- খুজি লুৰি চাহিলোঁ বিস্তৰে ।
বেদ বিদ ব্ৰাহ্মণক, ৰিক্তহস্তে নপাঠায়া,
- খুজি লৈয়ো বাৰিৰ ভিতৰে ॥১৭
হেন শুনি হনুমন্তে, লাখুটিত ভিৰ দিয়া,
- পশিলা গৈয়া বাৰিৰ ভিতৰে ।
ধুতি কৰণ্ডী তামি, ছৱৰি বোকণ্ডী থৈয়া,
- চড়িলাহা বৃক্ষৰ উপৰে ॥১৮
লহনা লহন কৰি, মধুফল লাগি আছে,
- তাক দেখি কৌতুক বিস্তৰ ।
সকলহি মধুফল, ভুঞ্জিয়া তৃপিতি হুয়া,
- পাছে যুদ্ধ কৰোঁ লঙ্কেশ্বৰ ॥১৯
বায়ুসুত হনুমন্ত, মনে মনে গুনিলন্ত,
- বৃক্ষৰ ডালত গৈয়া চড়ি ।
দিব্য বিচিত্ৰ ফল, সুৰস অমৃতময়,
- অদেৱ ভুঞ্জিবোঁ কেন কৰি ॥২০
এক প্ৰহৰৰ পথ, ৰাম লক্ষ্মণক দিল,
- কতোদূৰ সুগ্ৰীৱ নৃপতি ।
আৰো কত দূৰ মানে, সীতাক উত্সৰ্গি দিল,
- ৰাঘৱত যাহাৰ ভকতি ॥২১
অঙ্গদক আদি কৰি, যত কপিগণ আছে,
- একে থানে কৰিয়া সন্মান ।
এক গাছ দুই গাছ, নাম কৰি উত্সৰ্গিল,
- বায়ুসুত বীৰ হনুমান ॥২২
অশোক বনিকা খান, ৰাৱণৰ প্ৰিয় থান,
- বায়ুসুতে তাক গৈয়া পাইল ।
আজোৰ বিজোৰ কৰি, ডাল সব ভাঙ্গি মুৰি,
- সমস্তে কলমৌ ফল খাইল ॥২৩
গণ্ডগলিত কৰি, মধুফল ভুঞ্জি বীৰে,
- ঠিস্ ঠিস্ কৰিলন্ত পেট ।
গৰ্ভৰ পুৰিষ জলে, খখাৰে সিঙ্গুনে বান্তি,
- দুৰ্গম কৰিল সবে হেঠ ॥২৪
বৃক্ষ সব উভৰিয়া, উভট কৰিয়া ৰুইল,
- ৰণ্ড ভণ্ড কৰিলন্ত বন ।
বিশ্বকৰ্ম্মে নিৰ্ম্মিলন্ত, মাণিক সুবৰ্ণ থান,
- ছন্ন ভৈল ক্ৰীড়াৰ ভুৱন ॥২৫
স্বৰ্গৰ দিশক লঙ্ঘে, আম জাম কণ্টকিয়ে,
- খিৰি আৰু দশনৈয়া কল ।
অপূৰ্ব্ব বিচিত্ৰ আতি, সৰস মধুৰ স্বাদ,
- হনুমন্তে ভোগাইল সকল ॥২৬
সুগন্ধ শীতল জল, ৰাজাক লাগিয়া থৈল,
- নিশেষ কৰিয়া তাক পিল ।
যত যত দীঘী সব, ক্ৰীড়াৰ ভুৱন সব,
- খলমল কৰিয়া পুতিল ॥২৭
অশোকা বনিকা খান, হনুমন্তে ভাঙ্গিলন্ত,
- শবদ মিলিল কোলাহল ।
যতেক ৰাক্ষস লোক, চমত্কাৰে পৰি গৈল,
- কাহাৰো কৰ্ণত দিল তাল ॥২৮
স্বৰ্গৰ সদৃশ থান, গন্ধৰ্ব্ব ভুৱন সম,
- ৰাৱণৰ মুখ্য ক্ৰীড়া থান ।
আজোৰ পিজোৰ কৰি, ক্ষত যে বিক্ষত কৰি,
- ছন্ন কৰিলন্ত হনুমান ॥২৯
বিপৰীত শৰীৰেক, বানৰক দেখি সবে,
- মহাভয়ে পলাই দৰদৰি ।
আগ ভেটি হনুমন্ত, লাঠি ভুকু উসাসন্ত,
- চক্ষু ঢেলেকা হাকো ঘোঙ্ঘৰি ॥৩০
কতো কতো লাগপায়া, আঞ্চোৰন্ত কামোৰন্ত,
- সমুদায়ে নমাৰন্ত তাক ।
বানৰৰ প্ৰহাৰত, বিপৰীত চোট পায়া,
- ৰাক্ষস পলাই জাকে জাক ॥৩১
নমোঁ নমোঁ ৰঘুপতি, তুমি অগতিৰ গতি,
- সুৰাসুৰে আৰাধে যাহাক ।
তোমাৰ অভয় দুই, চৰণে শৰণ লৈলোঁ,
- দাস বুলি ধৰিয়ো আমাক ॥৩২
তযু গুণনাম যশে, মোহোৰ জীৱন হৌক,
- তেবে মন পূৰয় আমাৰ ।
কৰাঁ কৃপা কৃপাময়, যত সমাজিক চয়,
- ৰাম বুলি তৰিয়ো সংসাৰ ॥৩৩
- ২০ অধ্যায়
- পদ ।
কতো ৰাক্ষসিনী বোলে জনকৰ জীউ ।
ইটো বানৰক দেখি উৰি গৈল জীউ ॥১
তুমি সমে কথায়ে আছিলা নিৰন্তৰ ।
তুমি জানাহা ইটো কোথেৰ বানৰ ॥২
সীতা বোলে নজানোহোঁ কোথেৰ বানৰ ।
মোক ছলিবাক আইল মায়া ৰাক্ষসৰ ॥৩
হৰি আনিলেক মোক ৰাৱণ কপটী ।
তোহোৰাসে জানা সবে আসুটি কুসটি ॥৪
নাথুকাৰ কৰিলা জনক জীউ সীতা ।
কতো ৰাক্ষসিনী গৈল ৰাৱণৰ ভিতা ॥৫
আদেশিয়ো গোসাঁই উদ্যান গৈল ক্ষয় ।
বানৰৰ কাৰণে ৰাক্ষসী নিজীৱয় ॥৬
বানৰেক আসি ভৈল পৰ্ব্বত আকাৰ ।
আশোকা বনিকা ছন্ন কৰিল তোমাৰ ॥৭
দীঘি সব পুখুৰি আছিল ভৰি জলে ।
তাকো সবে পুতিল গৰ্ভৰ খশ মলে ॥৮
তোমাত কহিলো কৰিয়োক প্ৰতিকাৰ ।
উপদ্ৰৱ সহন নযাই বানৰৰ ॥৯
তুমি অভিলাষে হৰি আনিলা যাহাক ।
কাহাৰ শকতি আছে মাতিবে তাহাক ॥১০
সীতা গোসাঁনীৰ যত সমীপৰ বন ।
দুষ্ট বানৰায়ে তাক কৰিলেক ছন ॥১১
কিবা বাসৱৰ চৰ কিবা কুবেৰৰ ।
সীতাক খুজিতে আইল দূত ৰাঘৱৰ ॥১২
হেন শুনি ক্ৰোধত জ্বলিল লঙ্কেশ্বৰ ।
মাতিয়া পঠাইল দূত অনেক কিঙ্কৰ ॥১৩
অসংখ্যাত ৰাক্ষস তুলত যাহা সাজি ।
বেঢ়ি গৈয়া বানৰাক বান্ধি আন আজি ॥১৪